মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ঢেঁকীবোৰ এলাগী হ’ল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঢেঁকীবোৰ এলাগী হ’ল :

ঢেঁকীবোৰ এলাগী হ’ল, সেই বিষয়ে লিখা হৈছে ।

 

একালত ঢেঁকী অসমীয়া সমাজ তথা সংস্কৃতিৰ সৈতে নিবিড়ভাৱে জড়িত গ্ৰাম্য জীৱন যাত্ৰাৰ এবিধ অত্যাৱশ্যকীয় আৰু অপৰিহাৰ্য আহিলা আছিল। প্ৰতিঘৰ অসমীয়া লোকৰে আছিল একো একোখন সুন্দৰ ঢেঁকীশাল। সাতামপুৰুষীয়া অসমীয়া সমাজ জীৱনৰ ঢেঁকীৰ প্ৰভাৱ আছিল অপৰিসীম। অসমীয়া সমাজৰ বিয়া-বাৰু, বিহু তথা পাৰস্পৰিক জনবিশ্বাসৰ লগত একালত নিবিড়ভাৱে সংপৃক্ত হৈ আছিল এই ঢেঁকী। প্ৰতিখন গাঁৱতে ৰাতি পুৱাইছিল ঢেঁকীৰ মাতত। বিহুৰ কিছু দিন আগৰে পৰাই ঢেঁকীৰ মাতত সমগ্ৰ গাঁও ৰজনজনাই গৈছিল। বিয়া-বাৰু আদি ঘৰুৱা উৎসৱৰ আগতো ‘সান্দহ’ খুন্দা এটি বিশেষ লোকাচাৰ আছিল, যি আজিও পৰম্পৰাগতভাৱে চলি আহিছে যদিও ঢেঁকীৰ অবৰ্তমানত কিন্তু এইবোৰ ৰং-ৰহইচেৰে ভৰা লোকাচাৰ আজি সংকটৰ সন্মুখীন হৈছে। বৰ্তমান যুগৰ বিজ্ঞান-প্ৰযুক্তিৰ অভূতপূৰ্ব উত্থানে ঢেঁকীক আজি বাৰুকৈয়ে এলাগি কৰি পেলাইছে।

কিছুদিন আগলৈকে ঘৰুৱা ঢেঁকীত বনা বিশেষ পুষ্টি গুণসম্পন্ন চাউল-চিৰাৰ এক বিশেষ আদৰ আছিল। কিয়নো ঘৰুৱাভাৱে ঢেকীত খুন্দা চাউলৰ উপকাৰিতা আৰু খাদ্য বা পুষ্টিমূল্য মিলৰ চাউলৰ বিপৰীতে বহুত বেছি। সেয়ে আজি ঘৰে ঘৰে মিলৰ চাউলৰ বহুল ব্যৱহাৰৰ বাবে দেশৰ শিশু-কিশোৰৰ বহুতৰে অপুষ্টিজনিত ৰোগত আক্ৰান্ত হোৱাৰ মূল কাৰণ বুলি চিহ্নিত হৈছে।

এসময়ত গাঁৱৰ জীয়ৰী-বোৱাৰীকে ধৰি সকলো মহিলাই নিয়মিতৰূপে ঢেঁকী ব্যৱহাৰ কৰিছিল বা ঢেঁকী দিছিল। নিয়মিতৰূপে ঢেঁকী দিয়া মহিলাৰ দেহশ্ৰী নিৰোগী আৰু সুন্দৰ-সুঠাম আছিল। তেওঁলোক মেদবহুলতাৰ পৰা মুক্ত হ’ব পাৰিছিল। গাঁৱলীয়া জীয়ৰী-বোৱাৰীবিলাকৰ ঢেঁকীশালেই হাঁহি-ধেমালি তথা অৱসৰ-বিনোদনৰো অঘোষিত চ’ৰাস্বৰূপ আছিল, য’ত লগ হৈ তেওঁলোকে সুখ-দুখৰ বতৰা বিনিময় কৰাকে ধৰি বহুতেই সময়ে সময়ে উৎসৱ-পাৰ্বণৰ বিশেষ মুহূৰ্তত একেলগে সমস্বৰে গীত গাই গাই ঢেঁকী দি পৰিৱেশ জিপাল কৰি তুলিছিল।

আজি সহজ-সৰম গ্ৰাম্য জীৱনশৈলীতো নগৰীয়া, মহানগৰীয়া মানসিকতাৰ অনধিকাৰ প্ৰৱেশ ঘটাত গ্ৰামাঞ্চলৰ মহিলাসকলৰ অনেকেই আৰামপ্ৰিয়, কথা চহকী আৰু কৃত্ৰিম হৈ পৰিল। তেওঁলোকে ঢেঁকী দি ধান বানিবলৈ লাজ কৰা হ’ল। সময় নোপোৱা হ’ল। ফলত দেহৰ বাবে অত্যাৱশ্যকীয় নিম্নতম শাৰীৰিক পৰিশ্ৰমখিনিও কৰিবলৈ হেলা কৰা হ’ল। শ্ৰমবিমুখী মানসিকতাৰ বাবে সকলোৱে আজি মেদবহুলতা, মধুমেহ, ৰক্তচাপ আদি নানা ৰোগ-ব্যাধিৰ চিকাৰ হ’ব ধৰিছে। সেই কথা আজি কোনোবাই জানো গমি চাইছে? এইবোৰ গমি-পিটি চাই জীৱন ধৰ্মী মানসিকতাৰে জীৱনৰ বাট বুলাৰ কিন্তু সময় আহি পৰিছে।

লেখক: ভুৱনেশ্বৰ ডেকা(অসম বাণী)

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top