মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / তাঁতশাল আৰু বিহুৱান :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তাঁতশাল আৰু বিহুৱান :

তাঁতশাল আৰু বিহুৱানৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ জাতি-জনজাতি তথা অসমীয়া শিপিনীসকলৰ বাবে তাঁতশালখনৰ এক বিশেষ ভুমিকা আছে। অসমীয়া জীয়াৰী-বোৱাৰীসকলৰ বাবে তাঁতশালখন অতিকৈ মৰমৰ, অতিকৈ সাদৰৰ হিয়াৰ আমঠু। তাঁতশালখন অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা এক বহুমুলীয়া সম্পদ।

আমাৰ মনত প্ৰশ্ন হয়- তাঁতশালখন কেনেকৈ আৰু কেতিয়াৰ পৰা ব্যৱহৃত হৈছিল? কিন্তু তাঁতশালখনৰ প্ৰচলনৰ বিষয়ে যদিও সঠিক উত্তৰ ক’ব নোৱাৰি, তথাপি শংকৰদেৱ-মাধৱদেৱৰ দ্বাৰা পৰিচালিত তাঁতিকুছিত (বৰপেটা) সৃষ্টি হোৱা পৃথিৱীৰ ভিতৰত তাঁত শিল্পৰ শ্ৰেষ্ঠ নিদৰ্শন বৃন্দাৱনী বস্ত্ৰখনৰ পৰাই অনুমান কৰিব পাৰি যে এই শিল্প প্ৰায় পাঁচশ-ছশ বছৰ আগৰ পৰাই প্ৰচলিত আছিল। (এই বস্ত্ৰৰ তিনি কুৰি হাত পুতল), ছকুৰি হাত দীঘল)।

তাঁতশালখনৰ সা-সৰঞ্জামবোৰ বাঁহ আৰু কাঠেৰে নিৰ্মিত। ইয়াত ব্যৱহৃত অতি লাগতিয়াল বস্তুবোৰ হ’ল- ভলুকা বাঁহ বা শালকাঠৰ চাৰিটা খুঁটা, গাৰি, মুঠি, মকৰা, চেৰী, ফুল চেৰী, মহুৰা, যঁতৰ, গৰকাবাৰী, চেৰেকী, বলন দিয়া, ববিন, সৰুকাঠি, কাৰ্নি আদি। (এইবোৰ নহ’লে তাঁতশালখনত কাপোৰ ব’ব নোৱাৰি) ইয়াৰ উপৰি তাঁতশালখন ব’বলৈ শিপিনীসকলে বিভিন্ন প্ৰকাৰৰ সুতা ব্যৱহাৰ কৰে। সেইবোৰ হ’ল মাচৰাইচ, বালাম, কৰিতলা, পোন্ধৰতলা, তেৰ’তলা , দহতলা, পকোৱা সুতা আদি।

ঘৰৰ সাতবন কাতি কৰি মাঘ-ফাগুনৰ পৰাই জীয়াৰী-বোৱাৰীসকলে বিহুৱানখনৰ বাবে নেৰানেপেৰাকৈ তাঁতশালখন ব’বলৈ উঠিপৰি লাগে। বিহুৱান মানে গামোচা। গামোচাখনক দুইহতীয়া বুলিও কয়। এই গামোচাখনেই আমাৰ অসমীয়াৰ দৈনন্দিন জীৱনত গা-মচাৰ পৰা হাত ভৰি-মুখ মচালৈ আমি সকলোৱে ব্যৱহাৰ কৰি আহিছোঁ। বৰপেটা সমাজত বিহুৱানখনিক ‘বিহৈজা’ বুলি কয়। বিহুৱানবোৰ ব’বলৈ হ’লে পোন্ধৰতলা সুতা অলপ আটা আৰু পানীৰে পগাই মাৰ কৰি দি ৰ’দত শুকাই ববিনত সুতাবোৰ লয়।

বৰপেটা অঞ্চল বিহুৱানবোৰৰ বোৱা-কটা কামবোৰ ফাগুন মাহতে শেষ কৰে। যদি কেতিয়াবা চ’ত মাহত বিহুৱান ব’ব লগা হয়, তেতিয়া চ’ত মাহৰ পানী সুতাবোৰত ব্যৱহাৰ নকৰে। ফাগুন মাহতে তুলি থোৱা দমকল বা কুঁৱাৰ পানী বিহুৱানবোৰত ব্যৱহাৰ কৰে। পানী বিহুৱানত ব্যৱহাৰ কৰিব নাপায় বুলি বিশ্বাস কৰে। ইয়াৰ উপৰি অনাকটা গামোচা বা বিহুৱান বওঁতে সদায় দিন-বাৰ চাই বাতি কাঢ়ে। শনি আৰু মঙলবাৰে বাতি কাঢ়িব নাপায় বুলি আজিও মানি আহিছে। অনাকটা গামোচা বা বিহুৱানখন এখন বা দুখনকৈ খুব সাৱধানে বাতি কাঢ়ি লয়। জীয়াৰী-বোৱাৰীসকলে এই কাপোৰখনৰ সুতা এডালো নিছিঙাকৈ বা ব্লেড আদি ব্যৱহাৰ নকৰাকৈ খুব আলফুলে তাঁতশালত বই লয়। ইয়াকে ‘অনাকটা’ কাপোৰ বা অনাকটা গামোচা বুলি কয়। অনাকটা কাপোৰ বা গামোচাখন বন্ধুবৰ্গ, জী-জোঁৱাই, নাতি-নাতিনী, বিয়া-বিহু, পুজা-পাতল, শুভ কাম-কাজ, জন্ম হোৱা কেঁচুৱাক অনাপৰা গামোচা আদি, মুঠতে এশ এবুৰি কামত পৰম্পৰাগতভাৱে ব্যৱহৃত হৈ আছে বৰপেটা অঞ্চলত। সেয়েহে এই অনাকটা কাপোৰখনক ‘কৱচ’ বুলিও কোৱা হয়।

অসমীয়া জীয়াৰী-বোৱাৰীয়ে নিজহাতে তাঁতশালখনত বোৱা বিহুৱানখনক লৈ যিটো আনন্দ অনুভৱ কৰে তাক ভাষাৰে বুজাব নোৱাৰি। নিজহাতে বই লোৱা কাপোৰখনৰ সমান অইন একো হ’ব নোৱাৰে। তাঁতশালখন আমাৰ শিপিনীসকলৰ বাবে এৰাব নোৱাৰা সম্বন্ধ। আৰ্থিক দিশত ভাগি পৰা বহুতো শিপিনীয়ে তাঁতশালখনৰ জৰিয়তে ঘৰ এখন সুন্দৰভাৱে চলাই আছে।

তাঁতশালত বোৱা গামোচাখনিয়ে অসমীয়া জনজীৱনত সুন্দৰ সুকীয়া আসন এখন দখল কৰি আছে। ফুলাম গামোচাখনি আমাৰ অসমীয়া সংস্কৃতিৰ পতহৰত এক বহুমুলীয়া সম্পদ বুলি ক’ব পাৰি। বিহুৱানবোৰ নানা ৰঙৰ সুতাৰে ব’ব পাৰি। যেনে- দীঘে-বাণিয়ে ৰঙীন, পখৰা আৰু বিহুৰ বাবে বিহুৱানখনি ৰঙা পাৰি আৰু দীঘে-বাণিয়ে বহুআ সুতাৰে বই লয়।

বিহুৱানৰ বাহিৰেও আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰৰ বাবে নানা ধৰণৰ কাপোৰ শিপিনীসকলে তাঁতশালত বই কাটি লয়। যেনে-চাদৰ-মেখেলা, লুঙী, ৰুমাল, তলপাৰা, মুৰত বন্ধা, পুজা-পাতলৰ গোসাঁই কাপোৰ, চেলেং চাদৰ, পানী গামোচা, কঁকাল বন্ধা, টঙালি বন্ধা, তামোল বন্ধা, হাঁচতি আদি।

বাঁহৰ ফুলচেকী লৈ তাঁতশালত জীয়াৰী- বোৱাৰীয়ে নিপুণ হাতেৰে ফুলাম গামোচা বই লৈ ডাঙৰসকলক সন্মানেৰে উপহাৰ দি গৌৰৱ অনুভৱ কৰে। সঁচাকৈয়ে ফুলাম বিহুৱানখনেই আমাৰ অসমবাসীৰ সংস্কৃতিৰ মানৰ আপুৰুগীয়া সম্ভাৰ।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসম ভ্ৰমণলৈ আহি অসমীয়া শিপিনীৰ তাঁতশালৰ নিপুণ হাতৰ ফুল তোলা দেখি আচৰিত হৈ কৈছিল- অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে।

বিহুগীতত তাঁতশালখনৰ বিষয়ে বহুতো গুণা-গঁথা পোৱা যায়।

তাঁতৰ পাতত বহি

ভৰি গৰকাতে

তই চেনাই আহিবি

এইবাৰ ব’হাগতে।

তাঁতশালত বহি গাভৰু –জীয়াৰীয়ে মৰমৰ দীঘ-বাণিৰে বোৱা হেঁপাহৰ বিহুৱানখনি তেওঁৰ আপোনজনক দিবলে অতিকৈ আদৰেৰে বই লৈছে। আৰু চেনাইক ব’হাগত আহিবলৈ অনুৰোধ কৰিছে। অনুমান কৰিব পাৰি যে তাঁতশালৰ লগত বিহুগীতবোৰো জড়িত হৈ আছে। অসমৰ জাতি-ধৰ্ম নিৰ্বিশেষে পহাৰ-ভৈয়ামৰ অসমীয়া জাতি-জনগোষ্ঠীসকলৰ বাবে তাঁতশালখন দৈনন্দিন জীৱনত এবিধ লাগতিয়াল অতিকৈ মৰমৰ সম্পদ।

লেখিকা: ছায়াৰাণী মেধি (দেওবৰীয়া সুকন্যা)

2.85
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top