মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / দৰঙীয়া লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদ ঢেপাঢুলীয়া আৰু চেৰাঢেক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৰঙীয়া লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদ ঢেপাঢুলীয়া আৰু চেৰাঢেক

দৰঙীয়া লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদ ঢেপাঢুলীয়া আৰু চেৰাঢেকৰ বিষয়ে লিখা হৈছে ।

লোকসংস্কৃতিৰ ক্ষেত্ৰত দৰং অতীতৰে পৰা চহকী৷ দৰঙৰ লোক-কৃষ্টি অবিহনে অসমৰ লোকসংস্কৃতিৰ ক্ষেত্ৰখন আধৰুৱা৷ অতীতৰ পৰা চলি অহা এই লোককৃষ্টিসমূহ মুখে মুখে প্ৰচলিত হৈ আহি বৰ্তমান কিছুসংখ্যকে লিখিত ৰূপ পাইছে আৰু কিছুসংখ্যক কালৰ সোঁতত উটি-ভাহি গৈছে৷ এটা জাতিৰ, এটা সম্প্ৰদায় বা এখন সমাজৰ চিন্তা-চৰ্চা , বিশ্বাস -পৰম্পৰা, আচাৰ- ব্যৱহাৰ, উৎসৱ – পাৰ্বণ, বেশভূষা, ধৰ্ম আদি লোকসংস্কৃতিয়ে প্ৰতিফলিত কৰে৷ সেইবাবে ইয়াক সংৰক্ষণ কৰা অতি প্ৰয়োজন৷

দৰঙী লোককৃষ্টিসমূহৰ ভিতৰত ‘ঢেপাঢুলীয়া’এক আপুৰুগীয়া সম্পদ৷ আমি জানো যে ঢুলীয়া তিনিপ্ৰকাৰৰ — বৰঢুলীয়া, দেবঢুলীয়া বা জয়ঢুলীয়া আৰু ঢেপাঢুলীয়া৷ বৰঢুলীয়া আৰু জয়ঢুলীয়াৰ বিষয়ে নজনা মানুহ নাই৷ কিন্তু ঢেপাঢুলীয়াৰ বিষয়ে মানুহে কমকৈ জানে৷ পূৰ্বতে ঢেপাঢুলীয়া বিবাহ, সভা-সমিতি, দেউল- উৎসৱ, উপনয়ন, চূড়াকৰণ আদিত পৰিবেশন কৰা হৈছিল৷ অতীতত বিবাহ উৎসৱত এইবিধ উৎসৱ অপৰিহাৰ্য আছিল যদিও বৰ্তমান সেই ঠাই বেণ্ডপাৰ্টিবোৰে দখল কৰিছে৷
ঢেপাঢুলীয়াত ব্যৱহাৰ কৰা ঢোলবোৰ দুই-তিনিফুট হ’ব পাৰে৷ এটা মূৰ সৰু আৰু আনটো মূৰ ডাঙৰ –দুহাত মেলি বজাব পাৰি৷ ঢোলটোৰ ভিতৰত পানী ভৰাই মুখখন বন্ধ কৰি দিয়া হয় বাবে বাদি মাৰিলে ‘ঢেপ’ ‘ঢেপ’ শব্দ হয়৷ যাৰ বাবে ইয়াক ঢেপাঢুলীয়া বুলি কোৱা হয়৷ ঢোলটোৰ এমূৰে হাতেৰে বাদি মাৰে আৰু আনটো মূৰত মাৰিৰে বাদি মাৰে৷ হাতৰ বাদিৰ লগত মাৰিৰে কোবোৱা বাদিৰ মিল থাকিব লাগে৷ ঢুলীয়া পৰিবেশন কাৰ্যৰ অংগ তিনিটা হ’ল — নাচন, গান বা গাহন আৰু বাদি৷
ঢেপাঢুলীয়াৰ বাদিসমূহৰ ভিতৰত খান্দেনী বাদী, দেওবাদি, মুখবাদি আদি৷ বাদিসমূহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা ভাষাটো মনকৰিবলগীয়া৷ থলুৱা ভাষাৰ পয়োভৰে বাদিসমূহ আকৰ্ষণীয় কৰি তোলে৷ ঢুলীয়াৰ যুঁজবোৰত নিন্দাপদৰ সময়ত মুখবাদি বেছি মৰা দেখা যায়৷
“আৰে
আমি আইছো ঢোল কুবাবা
ৰাইজ আইছি চাবা
অমুক ঢুলীয়া আইছি
পিলিং পালাং কৰবা৷ ৷ “
ঝুমুৰি বাদিও বৰ মনোমোহা৷ এই বাদি শুনিলে দেহ-মন শিহৰিত হৈ উঠে৷
“আৰে
ঘৰতেই গিনি ঘিতেই গিনি
গিনতেই ঘিতিতেই তেই
গিনি গিনি
খিতেই এগিন খিতেই তেই ঘিট
তেই তেই তিতেই
আনিতেই তেই৷ ৷ “
ঢেপাঢুলীয়াৰ নাচনসমূহ ক্ৰমে সৰকিনাচন, গৰীয়া নাচন বা একপকীয়া নাচন , পঘাঘূৰেণি নাচন, বাঘদেৱা নাচন আদি উল্লেখযোগ্য৷ ঢেপাঢুলীয়াত কেইবাজনো শিল্পী থাকে –আগঢুলীয়া, পাছঢুলীয়া, আগতালুৱে, পাছতালুৱে, কালীয়া আদি৷
ঢেপাঢুলীয়াৰ গীতবোৰত লোকজীৱনৰ কথা, লোকবিশ্বাস, উৎসৱ-পাৰ্বন, পৰম্পৰা, উপহাস আদিৰ কথাই বেছি প্ৰাধান্য পাইছিল৷ ইয়াত লোকসমাজৰ সুন্দৰ প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা দেখা যায় ৷
দৰঙৰ লোকসংস্কৃতিৰ অন্তৰ্গত বৰ্তমান সোঁৱৰণী হ’বলৈ ধৰা এবিধ লোকগীত হৈছে ‘চেৰাঢেক’৷ বিয়াহৰ ওজাপালি বা সুকনান্নী ওজাপালিৰ ৰাগ বা ঢেকৰ আধাৰত ‘চেৰাঢেক’ৰ জন্ম৷ ‘ঢেক’ শব্দটোৰ অৰ্থ হৈছে ‘ৰাগ’ বা ‘ডিগাৰ’৷ দৰঙৰ থলুৱা মুছলমান সমাজত প্ৰধানত বিবাহ অনুষ্ঠানত সুললিত কণ্ঠৰে সুৰ টানি টানি উচ্চস্বৰে, একপ্ৰকাৰ চিঞৰি চিঞৰি গোৱা গীতবোৰক ‘ঢেক’ বোলা হয়৷ ‘চেৰা’ শব্দটোৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰণে দিছে৷ কিছুমানৰমতে ‘চেৰা’ মানে হ’ল ‘গতি’ বা এটা স্থানৰ পৰা আন এটা স্থানলৈ যাত্ৰা৷ বাদ্যযন্ত্ৰহীন এই ঢেক গীতসমূহ চুটি চুটি৷ চাৰি শাৰীযুক্ত ‘ঢেক’ গীতসমূহত কথাংশতকৈ ৰাগ-ৰাগিনী সম্বলিত এক বিশেষ শ্ৰেণীৰ সুৰ দেখিবলৈ পোৱা যায়৷ ১৮৯৪ চনৰ দৰঙৰ ‘কৃষক বিদ্ৰোহ’ বা ‘পথৰুঘাটৰ ৰণ’ৰ পূৰ্বৰে পৰা ‘ঢেক’ প্ৰচলন হৈ আহিছে বুলি জনা যায়৷
মুছলমান সম্প্ৰদায়ৰ লোকে বিবাহ অনুষ্ঠানৰ লগতে মহৰমৰ সময়ত, মৃতকৰ ঘৰত চল্লিশ দিনলৈকে, ৰমজান মাহৰ সময়ত এই গীতসমূহ পৰিবেশন কৰা দেখা যায়৷ ইয়াৰ বাহিৰেও হালোৱা, গৰখীয়া, গৰু-ম’হৰ গাড়ী চলাওঁতে, ধান কাটোতে, হাল বাওঁতে এই ‘ঢেক’সমূহ গোৱা হৈছিল৷
আগতে বিবাহ অনুষ্ঠানত পৰিবেশন কৰা ‘ঢেক’ৰ সমূহত দুটা ‘ঢেকুৱৈ’ দল আছিল৷ এটা কইনা পক্ষৰ আৰু আনটো দৰা পক্ষৰ৷ একোটা দলত ন্যূনতম চাৰি-পাঁচজনৰ পৰা আঠজনলৈকে সদস্য থাকে৷ দলটোৰ নেতাজনক ‘মুখ্য ঢেকুৱৈ’ বা ‘ওজা’ আৰু আনসকলক ‘সহ ঢেকুৱৈ’ বা ‘পালি’ বোলা হয়৷ ঢেকুৱৈজনে এখন ইছলামধৰ্মীয় কাহিনী পুথি আগত লৈ সুৰ লগাই গাবলৈ আৰম্ভ কৰে আৰু সহঢেকুৱৈ সকলে সুৰৰ তালে তালে চাপৰি বজাই ‘ঢেক’ বা দীঘলীয়া সুৰ টানে৷ এবাৰ দৰাপক্ষৰ দলে আৰু আনবাৰ কইনা পক্ষৰ দলে সলনা সলনিকৈ ‘ঢেক’ মাৰি যায়৷ পুথি বা কিতাপ আগত লৈ এই ঢেক গোৱা হয় বাবে ইয়াক ‘কিতেবী ঢেক’ বা ‘কিতাপ চোৱা’ বাবে ‘কিতাপ পঢ়া’ বুলিও কোৱা হয়৷ এনে কেইখনমান কিতাপ হৈছে ধৰজ আলী ফন্দিৰ ‘পথৰুঘাটৰ ধাৱা’, ‘বৰভূইকঁপ’, ‘কানীয়াৰ বিলৈ ‘ ইত্যাদি৷
সাধাৰণতে ঢেক পৰিবেশন কৰা সময়ত মুখ্য ঢেকুৱৈক ঘেৰি ঘূৰণীয়াকৈ এখন ভৰি পাৰি আনখন ভৰি কোঁচাই আঠুটো থিয়কৈ ৰাখি পাটি বা খাটত বহি এখন হাতেৰে কাণত সোপা দি ধৰাৰ ভংগীৰে ঢেক মাৰিবলৈ ধৰে৷ গাই থাকোঁতে তেওঁলোকে তালৰ ছন্দে ছন্দে সন্মুখলৈ হাউলি মূৰ আৰু দেহ নচুৱাই এক বিশেষ সাংগীতিক লয়ৰ সৃষ্টি কৰে৷ এইখিনিতে ‘কাৱালী’ গীতৰ লগত ইয়াৰ সাদৃশ্য মনকৰিবলগীয়া৷ ঢেকুৱৈ সকলে কামিজ চোলা, পায়জামা, নাইবা লুঙী পিন্ধিছিল, ডিঙিত গামোচা লৈছিল নতুবা বিহুৱা দলৰ দৰে মূৰত গামোচা মাৰিছিল৷
‘চেৰাঢেক’ অৰ্থৰ ফালৰ পৰা কেইবাটাও ভাগত ভগাব পাৰি — বন্দনা গীত, কাহিনী গীত, নিন্দা গীত, সাধাৰণ বৰ্ণনা গীত আদি৷
‘ঢেক’ সমূহৰ দুটা অংশ ক্ৰমে – গীতাংশ আৰু বাকী অংশ ঢেক বা ৰাগজাতীয় দীঘলকৈ টনা সুৰ৷ মূল ‘ঢেক’ মৰাৰ আগতে ঢেকুৱৈ দলে এইদৰে বন্দনা কৰে —
“ আচ্ছালামু আলাইকুম
দৰুদ চালাম
প্ৰথমে চালাম কৰো
আল্লাৰ ওপৰ
আচ্ছালামু আলাইকুম
দ্বিতীয়ই চালাম কৰো
পৱিত্ৰ কোৰান
আচ্ছালামু আলাইকুম
কাহিনী গীতঃ
হাচান -হুছেন দুই ভাই ৰণৰ মাঝে চলি যায়
কাৰবালা কাৰবালা মস্তো কাৰবালাই
হে বকুল ফুলোৰ চন্দন মালা কতে পৰিল জ্বালা
নতুন গাছোৰ (গছৰ ) ফুল হে ফুলৰ পাহে পাহে
হে বিয়া সাজিলৰে
নিন্দাগীতঃ
বৰোৰ আগোত মমবাতি
কইনাৰ আগোত ঝপা
পুৱাৰাতি মোল্লা আহে
পাৰা খাৱা হাপা৷
বৰ্তমান সময়ত ‘চেৰাঢেক’ ৰ পৰিবেশন নাই বুলিবই পাৰি৷ বিবাহ অনুষ্ঠানবোৰত আধুনিকতাৰ পৰশ লাগি এইবিধ লোকগীত বৰ্তমান বিলুপ্তিৰ পথত৷ নতুন প্ৰজন্মই চেৰাঢেক’ৰ বিষয়ে নাজানে৷ একেদৰে ঢেপাঢুলীয়াৰ বিষয়ে বহুতে কমকৈ জানে৷ ছিপাঝাৰ অঞ্চলত কেইটামান ঢেপাঢুলীয়াৰ দল আছে৷ সময় থাকোতেই নৱপ্ৰজন্মই এইবোৰ শিকি নললে ই আমাৰ লোকসমাজৰ পৰা নোহোৱা হৈ যাব৷ বিবাহ বা অন্যান্য অনুষ্ঠানৰ লগত জড়িত দুয়োবিধ কৃষ্টিয়েই আমাৰ আপুৰুগীয়া সম্পদ৷

লেখক :- কলচুম বিবি

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top