মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / নাওখেল : দক্ষিণ কামৰূপৰ এক পৰম্পৰাগত লোক-উৎসৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাওখেল : দক্ষিণ কামৰূপৰ এক পৰম্পৰাগত লোক-উৎসৱ

বেহা-বেপাৰ , যুদ্ধ-বিগ্রহ, যাতায়ত আদি বিভিন্ন কামত নাওৰ ব্যৱহাৰৰ কথা ইতিহাসৰ পাতত পোৱা যায় ।

বিৱৰণ

বেহা-বেপাৰ , যুদ্ধ-বিগ্রহ, যাতায়ত আদি বিভিন্ন কামত নাওৰ ব্যৱহাৰৰ কথা ইতিহাসৰ পাতত পোৱা যায় । কিন্তু নাওখেলৰ আৰম্ভণি ক'ত কেনেকৈ কেতিয়া হৈছিল এই সম্বন্ধে ইতিহাসৰ পাতত বিতৎ বিৱৰণ পোৱা টান। দক্ষিণ কামৰূপৰ নাওখেলৰ পৰম্পৰা অতি পুৰণি। কোৱা হয়, চান্দ সদাগৰে চান্দৰ খেৱাত অর্থাৎ ছাগলচাৰী পর্বতৰ দাঁতিৰে বৈ অহা কুলশী নৈত প্রথমে নাওখেলৰ প্রতিযোগিতা পাতি উপভোগ কৰিছিল আৰু পিছলৈ চান্দ সদাগৰে কুলশী নৈৰ দক্ষিণে থকা কলহী নৈত নাওখেল পাতিবলৈ লয়। কলহীনৈৰ পাৰ কুকুৰমাৰা অঞ্চলৰ এই নাওখেলকে অসমৰ সর্বপ্রথম নাওখেল বুলি বহুতে ঠাৰ ৱৰ কৰে। কিয়নো বৰপেটা,নলবাৰী আদি ঠাইত শংকৰদেৱৰ দিনৰ পৰাহে নাওখেল প্রচলন হোৱা বুলি পোৱা যায়।

দক্ষিণ-কামৰূপ অঞ্চলৰ নাওখেল

দক্ষিণ-কামৰূপ অঞ্চলৰ অধিকাংশ ঠাই নৈ, বিল, পুখুৰী, জলাহ আদিৰে পৰিপূর্ণ হোৱা বাবে এই অঞ্চলৰ গাঁৱৰলোকসকল কম-বেছি নাও চলোৱাত আৰু বৈঠা মৰাত পাকৈত। যাৰ বাবেই আজিও কলহী নৈৰ পাৰত প্রাচীন কালৰে পৰা আজিলৈ পুৰণিকলীয়া কৃষ্টি নাওখেল জীয়াই আছে। এই অঞ্চলত নাওবোৰ সাধাৰণতে দুইধৰণৰ -গাছ নাও আৰু ডিঙি নাও। আগতে গাছ নাৱৰ খেল হৈছিল যদিও বর্তমান ডিঙি বা সৰু নাৱৰ খেল হয়। খেললৈ নিয়াৰ আগতে খেলৰ নাওবোৰৰ বিভিন্ন ধৰণৰ ৰঙেৰে সজাই-পৰাই লোৱা হয়। খেললৈ যোৱাৰ আগমুহূর্তত নাওখনত গামোচা এখন দি ধূপ-ধূনা, নৈৱেদ্যৰে সেৱা লৈ খেলুৱৈসকল নাওত উঠে আৰু এজনে হৰিধ্বনি দিয়াৰ পিছত নাওখনত বৈঠাত মাৰিবলৈ আৰম্ভ কৰা হয় আৰু এনেকৈ নাওখন গন্তব্যস্থানলৈ গতি কৰে। দক্ষিণ কামৰূপৰ অন্তর্গত কুকুৰমাৰাৰ লগতে জীয়াকুৰ, ৰামপুৰ, নহিৰা, সাতপখলী, গুমী, কুলশী, কর্দৈগুৰি, বেজৰটাৰী, কালাৰদিয়া, পুৰণি কটহী, দগাঁও আহি গাঁওবোৰৰ পৰা নাও লৈ আহি ভাদ-আহিন মাহত পৰাম্পৰাগতভাৱে নাওখেল অনুষ্ঠিত কৰে। বিশেষকৈ আহিন মাহৰ বিজয়া দশমী দিনা বা দুর্গা পূজাৰ অন্তিম দিনা কলহীনৈত অনুষ্ঠিত কৰা নাওখেল প্রতিযোগিতা বিশেষভাৱে জনপ্রিয়। যিটো নাওখেল উপভোগ কৰাৰ বাবে এতিয়াও বহু ঠাইৰ মানুহ প্রতিযোগিতা স্থলীত উপস্থিত হোৱা দেখা যায়।

ব'ঠাৰ ছেৱে ছেৱে গীত


নাৱৰীয়াসকলৰ ব'ঠা মৰা কষ্ট বহুত। এই কষ্ট লাঘৱ কৰাৰ বাবে নাৱৰীয়াসকলে ব'ঠাৰ ছেৱে ছেৱে যি গীত গাই সেয়াই নাৱৰীয়া গীত বা নাওখেলৰ গীত। (কর্মৰ লগত জড়িত বাবে নাওখেলৰ গীতবোৰ কর্ম বিষয়ক গীতৰ অন্তর্গত,ই অসমীয়া লোক-সাহিত্যৰ এক মূল্যৱান সম্পদ। নাওখেলৰ গীতবোৰক "নাৱৰ জুনা" বুলি কোৱা হয়।) ব'ঠাৰ ছেৱে ছেৱে নাৱৰীয়াসকলে গাই যোৱা গীতবোৰ শুনিবলৈ শ্রুতিমধুৰ । কীর্তন-ভাগৱত, বেউলা-লখিন্দৰৰ কাহিনীৰ লগতে সমাজ-জীৱনক লৈ নাৱৰীয়াবোৰে গীত গায় ।

মুখনি

কিন্তু, ভাৰতৰ এক থলুৱা খেল ৰূপে স্বীকৃতি পোৱা নাওখেলে এতিয়া মৃত্যুৰ ক্ষণ গণিছে। বিজয়া দশমীত অনুষ্ঠিত হোৱা নাওখেল খনটোও বর্তমান প্রতিযোগীৰ সংখ্যা কমি আহিছে। হয়তো এনেকে এদিন নাওখেল মাথো সাধুকথাৰ কথাৰ দৰেই হৈ পৰিব আমাৰ বাবে আৰু হেৰায় যাব নাৱৰ জুনাৰদৰে বহুবোৰ অসমীয়া সমাজৰ গুৰুত্বপূর্ণ সম্পদ। সেয়েহে সময় থাকোতেই এইবিধ পৰাম্পৰাগত কৃষ্টিৰ প্রতি আমি আটায়েই গুৰুত্ব দিয়া উচিত।

লেখক- চিন্ময়ী দাস

উৎস : জোনাকীৰ বাটেৰে(ই-আলোচনী)

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top