মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / নাম প্ৰসংগ আৰু আমাৰ সুস্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাম প্ৰসংগ আৰু আমাৰ সুস্বাস্থ্য :

নাম প্ৰসংগ আৰু আমাৰ সুস্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

‘শ্ৰীমন্ত শংকৰ হৰি ভকতৰ

জানা যেন কপ্লতৰু

তাহান্ত বিনাই নাহি নাহি

আমাৰ পৰম গুৰু’।

সৰ্বগুণাকৰ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ‘প্ৰৱৰ্তিত ধৰ্ম, দৰ্শন, সমাজ-সংস্কৃতি জগত সভাত আজি সমাদৃত হৈছে।

শ্ৰীমন্ত শংকৰদেৱৰ প্ৰৱৰ্তিত নৱ-বৈষ্ণৱ ধৰ্মত প্ৰকৃত মানুহ হ’ব পৰা সকলো গুণেই অন্তনিএহিত হৈ আছে। অসমৰ জাতীয় জীৱনৰ এনে এটা ক্ষণ নাই, য’ত গুৰুজনাৰ মহান আদৰ্শই প্ৰতিভাত কৰা নাই।

বিশেষকৈ সামাজিক-সাংস্কৃতিক-আৰ্থিক আদিৰ দিশৰ উত্তৰণৰ লগতে তেৰাই ভৰক বৈষ্ণৱৰ কাৰণে শৰীৰ চৰ্চা, যোগ-ব্যায়াম সাধন প্ৰক্ৰিয়াৰ লগতে খাদ্যাভ্যাসৰ এক অনুপম চানেকিৰে ভকত বৈষ্ণৱক অনুপ্ৰাণিত কৰিছিল।

শংকৰ গুৰুৱে শোষিত-বঞ্চিত সকলো অৱহেলিত লোককে নামঘৰৰ মজিয়াত একেখন ঢাৰিতে বহুৱাই ‘হৰি নাম ৰসে বৈকুন্ঠ প্ৰকাশে, বহে প্ৰেম অমৃতৰ নদী’ৰ সোঁত বোৱাইছিল।

মানুহৰ সেৱা, মানুহৰ প্ৰতি দয়া-ক্ষমা পৰোপকাৰ ভাবেৰে ঈশ্বৰ কৃষ্ণৰ ভক্তি মাৰ্গৰ মাধ্যমেৰে এখন সুস্থ কৰি সমাজ গঠন কৰাত অৰিহণা যোগাইছিল।

মানুহৰ দেহ-মন সুস্থ হৈ থাকিবলৈ অতীৱ প্ৰয়োজন, আহাৰ, বিশ্ৰাম, ব্যায়াম আৰু ঈশ্বৰ ভক্তি। জগত গুৰুজনাই নাম প্ৰসংগৰ জৰিয়তে ভক্তি মাৰ্গৰ যি এক মাধ্যম প্ৰৱৰ্তন কৰিলে, ইয়ে আমাৰ দেহ-মন সবল কৰি ঈশ্বৰ ভক্তি জগাই তোলে।

নাম-প্ৰসংগ -

সুস্থ্য দেহ-মনৰ সাধনা হৈছে নাম-প্ৰ্সংগ। নাম-প্ৰসংগৰ জৰিয়তে ভকত বৈষ্ণৱৰ এক উৎকৃষ্ট ব্যায়াম হয়। তাল বজোৱা, হাতচাপৰি বজোৱা, নাম গোৱা আদিৰ যোগেদি মানুহজনৰ শৰীৰটোৰ অংগ-প্ৰত্যংগ সঞ্চালন হয়।

যেতিয়া হাত-চাপৰি বজোৱা হয়, শৰীৰটোৰ জোকাৰণি হয় আৰু তেতিয়া শৰীৰৰ ৰক্ত সঞ্চালন সক্ৰিয় হয়।

সিৰা-উপসিৰাবোৰৰ ৰক্ত প্ৰবাহ সঠিকভাৱে হয়। নাম প্ৰসংগ কৰা ভকত খুব কমেই হোৱা দেখা যায়। ধৰ্ম-চৰ্চা কৰা বা ইতিবাচক চিন্তাই ঠাই লয়।

তেতিয়া মানুহৰ হতাশা, উদ্বেগ আদি আঁতৰি যায়। সেইবাবে ভকত বৈষ্ণৱৰ নাম কীৰ্তন শ্ৰেষ্ঠতম ব্যায়াম বুলি কব পাৰি।

শ্ৰীমন্ত শংকৰ গুৰু জনাই ধৰ্ম-নীতি, সমাজনীতি আদিৰ উত্তৰণৰ লগতে আমাৰ খাদ্যনীতি সম্পৰ্কেও বিশেষকৈ আমাক উপদেশ দি গৈছে।

আমাৰ হৈছে আমাৰ জীৱনী শক্তি। আহাৰ খাই মানুহ জীয়াই থাকে। গতিকে এই আহাৰ আমাৰ কেনে ধৰণৰ হ’ব লাগিব, তাক সুন্দৰভাৱে উল্লেখ কৰা হৈছে।

আহাৰ হৈছে তিনি প্ৰকাৰৰ -

ক)সাত্বিক আহাৰ,

খ)ৰাজসিক আহাৰ,

গ)তামসিক আহাৰ।

এই আহাৰকে অন্ন বুলি কোৱা হয়। আমাৰ যুগ চাৰিটাৰ কথা এনেদৰে কোৱা হৈছে-

ক)সত্য যুগত মানুহৰ প্ৰাণ আছিল মজ্জাগত।

গ)দ্বাপৰ যুগত মাংসগত।

ঘ)ত্ৰেতা যুগত অস্থিগত।

ঙ)সম্প্ৰতি কলি যুগত প্ৰাণ অন্ন নিৰ্ভৰশীল।

সেয়েহে গীতাত কোৱা হৈছে ‘অন্নাদ ভৱন্তি ভূটানি’।

গতিকে আহাৰ যিহেতু তিনি শ্ৰেণীৰ- ইয়াৰ ভিতৰত সাত্বিক আহাৰেগ স্বাস্থ্যৰ বাবে অতি উত্তম। আমিষ আহাৰৰ লগত হিংসাৰ ভাব জড়িত থাকে।

সেই কাৰনে বৰগীতত শ্ৰীমন্ত শংকৰদেৱে কৈছে-

য’ত জীৱ জগত জঙ্গম কীট পতঙ্গম

অগ নগ জগ তেৰি কাষা

সবকহু মাৰি পৰত শুহি উদাৰ

নাহি বাৰত ভূত দায়া

য’ত মানে কীট-পতংগ আছে সকলো জীৱই ভগৱানৰ অংশ বুলি কৈছে। সেইবাবে ধৰ্মীয়ভাৱে সাত্বিক আহাৰেই শ্ৰেষ্ঠ।

কিয়নো জীয়াই থাকিবলৈ আহাৰ খোৱা উচিত। গতিকে আহাৰ খাই জীয়াই থকা উদ্দেশ্য তিনিটা। শৰীৰ-মন আৰু আহাৰৰ সহায়ত জীয়াই থাকোঁ।

ইয়াৰে প্ৰত্যেকটোৱে কিন্তু গুৰুত্বপূৰ্ণ। সেয়েহে আমাৰ শৰীৰ-মন আত্মাৰ উৎকৰ্ষ সাধন কৰাৰ বাবে নাম-প্ৰসংগৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

শৰীৰ-মন আত্মাৰ যোগেদি প্ৰকাশ পোৱা জীৱনটো আমাৰ আচল আৰু সুন্দৰ জীৱন। বাস্তৱিক জীৱন। য’ত আমাৰ ধৰ্ম-চৰ্চাৰ লগতে দেহ-মনৰ উৎকৰ্ষ সাধন হয়।

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে ৫৫০ বছৰ আগতে নামঘৰত বা ধৰ্মীয় অনুষ্ঠানত জলপান আৰু নাম-কীৰ্তন কৰি ভকত বৈষ্ণৱৰ আশীৰ্বাদ পোৱাৰ পৰম্পৰা বৰ্তমানলৈ আমাৰ সমাজত চলি আহিছে।

জলপান -

অসমীয়া সমাজ জীৱনত সমাজ নীতি অৰ্থনীতিৰ লগতে ধৰ্মীয় আদৰ্শৰে নাম-প্ৰসংগৰ ব্যৱস্থা কৰা হৈছিল।

এই ধৰ্মীয় অনুষ্ঠানত বিশেষকৈ ভকত বৈষ্ণৱক জলপানেৰে আপ্যায়ন কৰা হয়। এই জলপান হৈছে বৰাচাউল, গুড়, দৈ, কল আদিৰ মিহলি খাদ্য।

ইয়াৰ বৰা চাউলত প্ৰোটিন আৰু কাৰ্বোহাইড্ৰেট পোৱা যায়। ই দেহৰ পুষ্টিসাধন কৰে। গুড় খালে মানুহৰ শক্তি বৃদ্ধি হয়।

দৈ হৈছে জীৱনী শক্তিদায়ক আৰু কল হৈছে বৰ পুষ্টিদায়ক। এই জলপানে মানুহক সুস্থ-সবল কৰি বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে।

শৰাই ভাগি:

শৰাই ভাগিত থাকে মগুমাহ, বুটমাহ, আৰৈ চাউল, মিহিকৈ কুট আদা আৰু নিমখ। মগুমাহ বৰ পুষ্টিকৰ। বুটমাহ হৈছে শক্তিদায়ক, আৰৈ চাউলে হজমশক্তি বঢ়ায় আৰু নিমখে খোৱাৰ ৰুচি বঢ়ায়।

ফল-মূল:

শৰাইখনত বিভিন্ন ফল-মূল দিয়া হয়। ফল-মূলৰ ভিতৰত পকা কল, নাৰিকল, মাটিকঠাল, আপেল, মধুৰিয়াম, কুঁহিয়াৰ, তিয়হ, সুমথিৰা টেঙা, কঠাল আদি দিয়া হয়।

এই আটাইবোৰৰে আছে ঔষধি গুণ, যিয়ে আমাৰ দেহ-মন সুস্থ কৰি ৰাখিব পাৰে।

মাহ-প্ৰসাদৰ ঔষধি গুণ -

মগুমাহ:

কফ-পিত্ত নাশক। চকুৰ জেউতি বঢ়ায়। দৃষ্টিশক্তি প্ৰখৰ কৰে।

বুটমাহ:

*তেজবৰ্ধক,

*বাতবিষ নিবাৰক,

*ৰক্তদোষ নাশক।

ইয়াৰ প্ৰোটিন আৰু ভিটামিন ‘এ’, ‘ডি’, ‘ই’ গুণ থাকে। বুট-মাহ খালে শক্তি বৃদ্ধি হয়। মানুহৰ গাৰ ৰং উজ্জ্বল হয়।

আৰৈ চাউল:

ই অম্লৰোধ কাৰক। বেমাৰৰ ভাইৰাচ নাশ কৰে। ইয়াত ক্লৰিণৰ কিছু অংশ থাকে। হাড়ৰ বেমাৰৰ পৰা ৰক্ষা কৰে।

কল:

পকা কলত ভিটামিন ‘এ’, ‘বি’, ‘চি’ আৰু নিয়াচিন থাকে। তদুপৰি ইয়াত কেলচিয়ামো থাকে। কল শুক্ৰ বৰ্ধক, বলকাৰক আৰু শক্তিবৰ্ধক।

আদা:

*গুৰু,

*তীক্ষ্ণ বীৰ্য,

*বাত আৰু

*কফ নাশক।

ই হজম শক্তি বৃদ্ধি কৰে, কুষ্ঠ, পাণ্ডুৰোগ আৰু দাঁতৰ ৰোগ নিৰাময় কৰিব পাৰে।

নাৰিকল:

গুৰুপাকী। পুষ্টিকৰ শীতবীৰ্য গুণকাৰী। পিত্তজনিত ৰোগ নাশ কৰে।

তিয়হ:

তিয়হত আছে পটাছিয়াম। ই দেহৰ সংক্ৰামক ৰোগ নাশ কৰে। শৰীৰৰ বিষ নাশ কৰাৰ লগতে কোষ্ঠকাঠিন্য দূৰ কৰে। চৰ্মৰোগ, স্নায়বিক দুৰ্বলতা, পেট চলা ৰোগ উপশম কৰিব পাৰে।

মাটি কঠাল:

কৃমি নাশক, হজম শক্তি বৃদ্ধি কৰে। পুষ্টিকৰ আৰু ভোক বঢ়ায়।

কুঁহিয়াৰ:

কুঁহিয়াৰে প্ৰস্ৰাৱ নিয়মীয়া কৰে। কুঁহিয়াৰৰ ৰস খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা ৰোগ নাশ কৰে।

মধুৰিয়াম:

প্ৰসাদত মধুৰিয়াম নৈবৈদ্যত দিয়া হয়। ই বৰ পুষ্টিকৰ আৰু শক্তিবৰ্ধক। ভিটামিন ‘এ’, ভিটামিন ‘চি’ আদি থাকে। উপৰি মধুৰিয়ামত থিয়াচিন, কেলচিয়াম, আয়ৰণ, পটাচিয়াম আদি পোৱা যায়। বুকুৰ ৰোগ, ছাল শোটোৰা পৰা, হাঁপানি আৰু বন্ধ্যাত্ব আদি ৰোগ নিৰাময় কৰিব পাৰে বুলি কোৱা হয়।

আপেল:

আজিকালি মাহ-প্ৰসাদত উপকৰণ হিচাপে আপেল দিয়া হয়। আপেল শক্তিবৰ্ধক পুষ্টিকৰ ফল।

সুমথিৰা টেঙা:

নাম প্ৰসংগত সুমথিৰা টেঙা দিয়া হয়, উপকৰণ হিচাপে ইয়াত ভিটামিন যথেষ্ট পৰিমাণে পোৱা যায়। খোৱাৰ ৰুচি বঢ়ায় আৰু দেহ-মন সুন্দৰ কৰে।

সি যি কি নহওক, এই মাহ প্ৰসাদবোৰ পৰিষ্কাৰ পানীত তিয়াই তাক ভালদৰে পৰিৱেশ কৰি নিতান্তই প্ৰয়োজন।

‘পৰম কৃপালু শ্ৰীমন্ত শংকৰে

লোকক কৰিয়া দয়া

হৰিৰ নিৰ্মল ভকতি প্ৰকাশ

কৰিলা শাস্ত্ৰৰ ছায়া’।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top