মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / নৱগ্ৰহ মন্দিৰৰ বিষয়ে কিছু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নৱগ্ৰহ মন্দিৰৰ বিষয়ে কিছু কথা

ইয়াত নৱগ্ৰহ মন্দিৰৰ বিষয়ে কিছু কথা বৰ্ণনা কৰা হৈছে

নৱগ্ৰহ মন্দিৰৰ ইতিহাস-

 

উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ একমাত্ৰ গ্ৰহপূজাৰ মন্দিৰ হিচাপে নৱগ্ৰহ মন্দিৰ তথা জ্যোতিষ চৰ্চাৰ কেন্দ্ৰস্বৰূপে আজিও নিজ অস্তিত্ব বহন কৰি আহিছে। ইতিহাস মতে সৃষ্টিৰ পাতনি মেলাৰ সময়ত ভগৱান বিষ্ণুৰ আদেশক্ৰমে সৃষ্টিকৰ্তা ব্ৰহ্মাই পৱিত্ৰ স্থান বিচাৰি উজ্জ্বল আভাৰে জ্যোতিষ্মান অসম মুলুকলৈ আহি এই ঠাইতেই তপস্যা আৰম্ভ কৰিছিল আৰু অপস্যাৰ অন্তত কেতবোৰ জ্যোতিষ্কৰ আৱিৰ্ভাৱ হ’ল আৰু সেইবোৰেই হ’ল গ্ৰহ। ব্ৰহ্মাই সেই নৱগ্ৰহবোৰৰ পৰা নটা গ্ৰহক বিশেষভাৱে নিৰ্বাচন কৰি নৱগ্ৰহৰূপে এই স্থানত স্থাপন কৰি ব্ৰহ্মাই নিজ তপস্যাৰ ফলত পোৱা জ্ঞানখিনি দি পূজা অৰ্চনা আগবঢ়াই থাকিবলৈ উপদেশ দিয়াৰ পৰিপ্ৰেক্ষিতত পুৰণি প্ৰাগজ্যোতিষপুৰত অসুৰৰ ৰাজত্বৰ সময়ত শিলৰ মন্দিৰ নিৰ্মান কৰি পূজা-অৰ্চনা আৰম্ভ হৈছিল। কিন্তু পৰৱৰ্তী কালত নানা প্ৰাকৃতিক দুৰ্যোগত এই শিলৰ মন্দিৰ ধ্বংসপ্ৰাপ্ত হোৱাত আহোম ৰাজত্বৰ সময়ত ১৬৭৪ শক অৰ্থাৎ ১৭৫২ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পোৰা ইটাৰে মন্দিৰটো বৰফুকন তৰুণ দুৱৰাৰ হতুৱাই নিৰ্মাণ কৰাইছিল। নৱগ্ৰহ দেৱালয়ৰ সন্মুখত যিখন শিলালিপি খোদিত আছে সেইখনত এইখিনি কথা স্পষ্টভাৱে লিখা আছে বুলি নৱগ্ৰহ মন্দিৰৰ তদানীন্তন দলৈ প্ৰয়াত প্ৰিয়নাথ শৰ্মা দলৈৰ মুখৰপৰা শুনিছিলোঁ। অতি পৰিতাপৰ বিষয় যে নৱগ্ৰহ মন্দিৰৰ সন্মুখত থকা শিলালিপিখন সংৰক্ষণৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম হৈছে।উল্লেখ কৰিব পাৰি যে যদিও নৱগ্ৰহ মন্দিৰ অতি প্ৰাচীন এই মন্দিৰ পৰিচালনাৰ আনুষ্ঠানিকতা আৰম্ভ হয় ১৯৩১ চনত। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই উজ্জয়িনীৰপৰা অনা প্ৰথমগৰাকী পুৰোহিত আছিল অচ্যুতানন্দ দেৱশৰ্মা। বৰ্তমান নৱগ্ৰহ মন্দিৰত প্ৰায় ৬০ গৰাকী পূজাৰীয়ে পাল পাতি পূজা-অৰ্চনা কৰাৰ লগতে জ্যোতিষচৰ্চাও কৰি আছে বুলি জানিব পৰা গৈছে। এইসকল পূজাৰী প্ৰথমগৰাকী পূজাৰী অচ্যুতানন্দ দেৱশৰ্মাৰ বংশধৰ। আমাৰ মনত পৰা মতে নৱগ্ৰহ মন্দিৰলৈ যাবলৈ পথ দুটা আছিল- এটা উজান বজাৰৰ ভেটেৰিনাৰী হাস্পতালৰ সমীপেৰে আৰু আনটো শিলপুখুৰী হৈ ‘ৱাৰ চিমেট্ৰী’ৰ সমীপেৰে। দুয়োটা পথেই আছিল অতি ঠেক, কেঁচা আৰু লুংলুঙীয়া। সেই সময়ত মন্দিৰলৈ অকল খোজকাঢ়িহে যাব লাগিছিল।কিন্তু সময়ৰ সোঁতত দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে ভেটেৰিনাৰী হাস্পতালৰ সমীপেৰে যোৱা পথটো মন্দিৰলৈ যান-বাহন চলাচল কৰাৰ সুবিধাৰ বাবে উপযোগী কৰি তোলা হয় ৬০ দশকমানত। ২০১০ চনত এই পথটো গড়কাপ্টানি বিভাগে আটকধুনীয়াকৈ নিৰ্মাণ কৰে।

নৱগ্ৰহ মন্দিৰৰ বৰ্ণনা-

 

নটা গ্ৰহৰ বিগ্ৰহ মন্দিৰটো দৰ্শন কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ উপৰি দেশ-বিদেশৰ দৰ্শনাৰ্থীৰ সংখ্যা দিনক দিনে বাঢ়ি অহা পৰিলক্ষিত হৈছে। তৎসত্ত্বেও ৰাজ্য চৰকাৰৰ ফালৰ পৰা নৱগ্ৰহ মন্দিৰক পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ বিশেষ কোনো ব্যৱস্থা লোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। বৰ্তমানৰ নতুন মন্দিৰটো ১৯৭৫-৭৮ চনত চৰকাৰী সাহায্য আৰু ৰাইজৰ দান-বৰঙণিৰে সজা হয় আৰু ১৯৭৯ চনৰ ২৭ জুনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই মন্দিৰটো নিৰ্মাণ কৰাত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া তথা তদানীন্তন দলৈ প্ৰয়াত প্ৰিয়নাথ শৰ্মা দলৈৰ লগতে প্ৰয়াত সতীশ চন্দ্ৰ কাকতি, প্ৰয়াত শৰৎ চন্দ্ৰ গোস্বামী, প্ৰয়াত হৰেন্দ্ৰ নাথ বৰুৱা আদিৰ দৰে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ অৱদান উল্লেখ কৰিব লাগিব। ১৯৩১ চনৰপৰা মন্দিৰ পৰিচালনাৰ আনুষ্ঠানিকতা আৰম্ভৰ আগতে মন্দিৰৰ পূজাৰীসকলে নানা কষ্ট ভোগ কৰি দেৱালয়ত স্থাপিত গ্ৰহ-নক্ষত্ৰসমূহ চোৱা-চিতা কৰিছিল। সেই সময়ত এই অঞ্চলটো আছিল ডাঠ হাবিৰে পৰিপূৰ্ণ আৰু নানা জন্তুৰ আশ্ৰয়স্থলী। ক্ৰমে মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা বাঢ়িবলৈ ধৰাত মন্দিৰৰ দায়িত্বও বাঢ়িল। সেয়েহে মন্দিৰ পৰিচালনাৰ বাবে গঠন কৰা হ’ল নৱগ্ৰহ মন্দিৰ পৰিচালনা কমিটী আৰু সৃষ্টি কৰা হ’ল ‘দলৈ’ পদৰ। মন্দিৰৰ প্ৰথমজন দলৈ আছিল লক্ষ্মীকান্ত দেৱশৰ্মা। লক্ষ্মীকান্ত দেৱশৰ্মা দলৈৰ মৃত্যুৰ পিছত দলৈ পদটোৰ বাবে প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুস্থিত হৈছিল। এই নিৰ্বাচনত কামিনী মোহন শৰ্মা মন্দিৰৰ দলৈ নিৰ্বাচিত হৈছিল। কিন্তু বিশেষ কাৰণত কামিনী মোহন শৰ্মাই পদত্যাগ কৰাত প্ৰিয়নাথ শৰ্মাই দলৈৰ দায়িত্বভাৰ গ্ৰহণ কৰি মন্দিৰটোৰ সৰ্বতোপ্ৰকাৰে উন্নতি কৰি আজিৰ এই অৱস্থালৈ অনা বুলি ক’লেও ভুল কৰা নহ’ব। প্ৰিয়নাথ শৰ্মা দলৈৰ মৃত্যুৰ পিছত প্ৰতাপ শৰ্মা দলৈ হিচাপে নিৰ্বাচিত হয়। তাৰ পিছত বিমল শৰ্মা দলৈ হিচাপে নিৰ্বাচিত হয়। বিমল শৰ্মাই বৰ্তমানেও দলৈ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বৰ্তমান কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক সভাপতি হিচাপে লৈ নৱগ্ৰহ মন্দিৰ পৰিচালনা সমিতি এখন আছে যদিও সমিতিখনে কোনো বিশেষ ভূমিকা লোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। দৰ্শনাৰ্থীসকলে নৱগ্ৰহ মন্দিৰৰ দৈনন্দিন পূজা-পাতল বিশেষকৈ গ্ৰহ পূজাৰ সন্দৰ্ভত বিভিন্ন সময়ত অভিযোগ কৰি আহিছে। আমাৰ বোধেৰে মন্দিৰ পৰিচালনা সমিতিত দুই-এজন জ্যেষ্ঠ স্থানীয় লোকৰ লগতে নৱগ্ৰহ পথ চেনিকুঠী হিলছাইড নাগৰিক সমিতিৰ বিষয়ববীয়াক অন্তৰ্ভূক্ত কৰিলে নৱগ্ৰহ মন্দিৰৰ দৈনন্দিন কাম-কাজ তথা মন্দিৰৰ পৰিচালনা সূচাৰুৰূপে সম্পন্ন হোৱাত নিশ্চয় সহায় হ’ব বুলি আমাৰ দৃঢ় বিশ্বাস।

২০১৪ চনত অঞ্চলটোৰ যুৱক প্ৰণৱ বৰুৱাই অঞ্চলটোৰ দুই-এক বাসিন্দাৰ সহযোগত অশেষ কষ্ট স্বীকাৰ কৰি নিজস্ব কিছু আৰ্থিক সাহায্যত মন্দিৰ প্ৰাঙ্গনটোৰ বিশেষ উন্নতি সাধিছিল। তদুপৰি মহানগৰীৰ মাৰোৱাৰী সন্মিলন মহিলা সমিতিয়ে ২০১৪ চনৰ মাজভাগত দৰ্শনাৰ্থীৰ সুবিধাৰ্থে বিশুদ্ধ খোৱা পানীৰ বাবে এটা ‘ৱাটাৰ কুলাৰ’ স্থাপন কৰি দিছে। ২০১৫ চনত মন্দিৰটোৰ মেৰামতি তথা অন্যান্য কামৰ বাবে মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে গড়কাপ্টানি বিভাগৰ জৰিয়তে এক কোটি টকা ধাৰ্য কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ হেমাহিৰ বাবে প্ৰাচীন মন্দিৰটোৰ নিৰ্মাণত ব্যৱহ্ৰত পোৰা মাটিৰ ইটা, শিলসমূহ অ’ত-ত’ত পৰি ইতিমধ্যে লুপ্তপ্ৰায় হৈছে।আমাৰ বোধেৰে ৰাজ্য চৰকাৰৰ পুৰাতত্ত্ব বিভাগে অৱশিষ্ট পোৰা ইটা, শিল আদিৰ লগতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৫২ চনত খোদিত কৰা শিলালিপি(যিখন উপযুক্ত সংৰক্ষণৰ বাবে প্ৰায়ে নষ্ট হোৱাৰ উপক্ৰম হৈছে)খন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।

মূল মন্দিৰৰ প্ৰৱেশদ্বাৰৰ সোঁকাষে গণেশ, শিৱ, বিষ্ণু, লক্ষ্মী দেৱীৰ বিগ্ৰহ স্থাপন কৰা হৈছে আৰু মন্দিৰৰ বহি: বেৰত বিষ্ণুৰ দশ অৱতাৰকে ধৰি বিভিন্ন মূৰ্তি খোদিত কৰা হৈছে।

মূল মন্দিৰত সূৰ্য(ৰবি)ক কেন্দ্ৰ কৰি অগ্নিকোণত চন্দ্ৰ, দক্ষিণত মঙল নৈঋত কোণত ৰাহু, পশ্চিমত শনি, বায়ু কোণত কেতু, উত্তৰত বৃহস্পতি, ঈশান কোণত বুধ আৰু পূব দিশত শুক্ৰ গ্ৰহ স্থাপন কৰা আছে।

উৎস:দৈনিক অসম(প্ৰদীপ কাকতি)

3.07692307692
মনিকা ডেকা Dec 01, 2018 07:07 PM

মহাশয় গ্ৰহ বোৰ কাম বিতংকৈ জনা বোছোন

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top