অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৌষ মেলা

পৌষ মেলা

কল্পনা কৰক- এখন বিশাল প্ৰাংগন, বৰ্তমান সংকুচিত জজ খেল পথাৰৰ মোটামুটি দহগুণ আৰু তাত অনুষ্ঠিত অখন বাৰেৰহণীয়া মেলা, য’ত দৈনিক পদাৰ্পণ ঘটে লক্ষাধিক লোকৰ। প্ৰতি বছৰে ৭ পুহৰ দিনা খন চুবুৰীয়া পশ্চিমবংগৰ শান্তি নিকেতনত আৰম্ভ হোৱা এই মেলাৰ আনুষ্ঠানিক বিস্তৃতি তিনি দিন যদিও পোহাৰী সকলে গোটেই মাহটোৱেই পোহাৰ মেলে। ইয়াৰ সমান্তৰাল ভাৱে চলে গান-বাজনা, সাংগীতিক অনুষ্ঠান আৰু স্বাভাৱিক অবিচ্ছেদ্য অংগ বাউল গান।

এই দিনটোতেই অৰ্থাৎ ২১ ডিচেম্বৰ, ১৯৪৩ খ্ৰীষ্টাব্দত (৭ পুহ ১২৫০ ভাস্কৰাব্দ) দেবেন্দ্ৰ নাথ ঠাকুৰে বিছ জন অনুগামী সহ ৰাম চন্দ্ৰ বিদ্যাবাগিশৰ পৰা ব্ৰাহ্ম ধৰ্মত দীক্ষিত হৈছিল। সেয়াই শান্তি নিকেতনত এই পৌৰ উৎসৱৰ পুচ্ছপট।

২১ ডিচেম্বৰ, ১৮৯১ খ্ৰীষ্টাব্দত (৭ পুহ ১২৯৮ ভাস্কৰাব্দ) শান্তি নিকেতনত এটি ব্ৰাহ্ম মন্দিৰ স্থাপিত হয়। ১৮৯৪ খ্ৰীষ্টাব্দত ইয়াৰ স্থাপনাৰ বৰ্ষপুৰ্তি অনুষ্ঠান উদ্‌যাপন কৰিবলৈ মন্দিৰৰ বিপৰীত দিশৰ পথাৰ খনত সৰুকৈ মেলা এখন অনুষ্ঠিত হৈছিল। সেইদিনা সন্ধ্যা আৰতিৰ পিছত আতচবাৰ্জীৰে এই উৎসৱ উদ্‌যাপন কৰা হৈছিল। সেইদিনাৰ আপাততঃ ঘৰুৱা মেলা খনেই প্ৰতি বছৰে অনুষ্ঠিত হৈ কালক্ৰমত কেৱল বীৰভূম জিলাৰেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্ব বাসীকেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মেলাৰ প্ৰসাৰ ঘটাৰ লগে লগে পূৰ্বপল্লীৰ পথাৰলৈ ইয়াক স্থানান্তৰিত কৰা হয়।

মেলাৰ প্ৰথম দিনা অৰ্থাৎ ৭ পুহত ব্ৰহ্মোপাসনাৰে কাৰ্যসূচীৰ সূচনা কৰা হয়। পূবে ঢলফাট দিয়া সময়ত চেহনাইৰ কোমল সাংগীতিক লহৰত সমগ্ৰ শান্তি নিকেতন আশ্ৰমবাসী সাৰ পাই উঠে। আশ্ৰমিক সকালৰ ভাষাত এয়া পৌষ উৎসৱৰ সপ্তমী। প্ৰথমে প্ৰৱেশ ঘটে বৈতালিক গোটৰ, যিসকলে গান গাই গাই আশ্ৰম প্ৰংগন পৰিভ্ৰমণ কৰে। তাৰ পিছতেই ছাতিমতলাত অনুষ্ঠিত হয় এখন প্ৰাৰ্থনা সভা। প্ৰাৰ্থনা সভাৰ অন্তত সমগ্ৰ উপস্থিত বৃন্দই স্ত্ততিগীত গাই গাই উত্তৰায়নলৈ গমন কৰে।

বক্তৃতা, স্মৃতি তৰ্পণৰ সমান্তৰালভাৱে চলে সাংস্কৃতিক অনুষ্ঠান। ভাৰতৰ বিভিন্ন ৰাজ্যৰ উপৰি বাংলাদেশৰ শিল্পীৰ অংশ গ্ৰহণেৰে সৃষ্টি হয় বৰ্ণময় উৎসৱমুখৰ পৰিস্থিতি। থাকে বাউল-ফকিৰ সকলৰ গান।

কলকাতাৰ পৰা ১৮০ কিলোমিটাৰ উত্তৰে অৱস্থিত বীৰভূম জিলাৰ বোলপুৰ চহৰৰ শান্তি নিকেতন অঞ্চলটো এসময়ত জমিদাৰ ভূৱন সিংহৰ নামানুসাৰে ভুবডাঙ্গা নামে পৰিচিত আছিল। এই সিংহ পৰিয়ালৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতা মহৰ্ষি দেৱেন্দ্ৰ নাথ ঠাকুৰৰ বিশেষ ঘনিষ্ঠতা আছিল। এবাৰ তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ৰায়পুৰ অভিমুখে কৰা এটা নোঔকা যাত্ৰাৰ কালত ভুবনডাঙ্গাতে নিশা নামি আহিল। সেয়া আছিল এটি জোনাক নিশা। দেবেন্দ্ৰ নাথ ঠাকুৰে ৰঙা মাটি আৰু জোনাকৰ স্নিগ্ধা আলোকত জিলিকি উঠা সজীৱ সতেজ সেউজীয়া ধাননিৰে পৰিপূৰ্ণ এখন বিস্তৃত পথাৰৰ সৌন্দৰ্যত বিমোহিত হৈছিল। শাৰী শাৰী ছাতিম গছ আৰু খেজুৰ গছৰ পৰা তেওঁ চকু আঁতৰাই আনিব পৰা নাছিল। তেওঁ তাত নাও বান্ধিলে। এই নৈসৰ্গিক দৃশ্যত অভিভূত হৈ ১৮৬৩ চনৰ ৩১ মাৰ্চত তেওঁ একুৰি বিঘা ভূমি পাঁচ টকাত কিনিয়েই পেলালে। আৰু তাত তেওঁ ভালেমান গছ পুলি ৰুলে আৰু সৰু ঘৰ এটা সাজি ল’লে। এই কুটীৰৰ তেওঁ নাম থ’লে শান্তি নিকেতন। খুব কম সময়তে শান্তি নিকেতন এটি আধ্যাত্মিক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিল, য’ত সকলো ধৰ্মৰ লোককেই ধ্যান তথা প্ৰাৰ্থনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। ১৮৬৩ চনত ইয়াক এখন আশ্ৰম বুলি আনুষ্ঠানিক ভাবে ঘোষণা কৰা হয় আৰু দেবেন্দ্ৰ নাথ ঠাকুৰে ব্ৰাহ্ম সমাজৰ কাম-কাজত অগ্ৰণী ভূমিকা পালন কৰি যায়।

ইয়াতেই পৰৱৰ্তী কালত ৰবীন্দ্ৰ নাথ ঠাকুৰে ‘পাঠ ভৱন’- তেওঁৰ সপোনৰ বিদ্যালয় খন আৰম্ভ কৰে। ইয়াৰ মূল ধাৰণা আছিল প্ৰাকৃতিক পৰিৱেশত বা প্ৰকৃতিৰ মাজত শিক্ষা গ্ৰহণ- যিটো হ’ব অত্যন্ত আনন্দ জনক আৰু লাভ দায়ক তথা সম্পূৰ্ণ আৰু বহু গুণে বেছি স্থায়িত্ব সম্পন্ন। ১৯১৩ চনত ন’বেল বঁটা লাভ কৰাৰ পাছত ইয়াৰ ক্ৰমাগত প্ৰসাৰ সাধি ১৯২১ চনত পূৰ্ণংগ বিশ্ববিদ্যালয়ৰ ৰুপ দিয়া হয়।

মেলাৰ বাণিজ্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ মূল অনুষ্ঠানটি হয় বিশ্ব ভাৰতীৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সমীপৰ পথাৰত। ১৯৫১ চনত বিশ্ব ভাৰতীয়ে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা পোৱাৰ লগে লগে আম কাৰ্যক্ৰমৰ লগতে মেলাৰো শ্ৰী বৃদ্ধি ঘটে। ১৯৬১ চনত মেলা স্থানান্তৰিত হয় পূৰ্ব পল্লীৰ বিশাল পথাৰলৈ। কিন্ত প্ৰকৃত পক্ষে পৌষ মেলা গোটেই শান্তি নিকেতনতেই ব্যাপ্ত হৈ পৰে।

পৌষ মেলাৰ মূল আকৰ্ষণ হ’ল বাংলা লোক সংগীতৰ, বিশেষকৈ বাউল গীতৰ, মঞ্চ পৰিবেশন। লোক সংগীত, লোকনৃত্য আৰু জনজাতীয় খেল ধেমালিও ইয়াত প্ৰদৰ্শিত হয়। এই মেলাত ৰাজ্য খনৰ প্ৰকৃত ঐতিহ্যৰ এটি ঝলক পোৱা যায়। শান্তি নিকেতনৰ বিদ্যাৰ্থী সকলেও বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰি উৎসৱক অনন্য মাত্ৰা প্ৰদান কৰে আৰু উপস্থিত সকলক দিয়ে অনাবিল আনন্দ। উৎসৱৰ প্ৰতিটো দিনেই বেলেগ বেলেগ কাৰ্যসূচীৰে পৰিপূৰ্ণ হৈ থাকে। মেলাৰ শেষৰ দিনটো শান্তি নিকেতনৰ সৈতে জড়িত সকলৰ নাম উছৰ্গিত।

মেলাত অংশ লোৱা ষ্টলৰ সংখ্যাই ১৫০০ ৰ অধিক। আকৌ সমান সংখ্যকেমাটিতেই অস্থায়ী পোহাৰ মেলি বহে। এই তিনিদিনীয়া মূল উৎসৱৰ কালত ইয়াত অহা বিদেশী দৰ্শনাৰ্থীৰ সংখ্যা প্ৰায় ১০,০০০। কোনো দিনত দেশী-বিদেশী মুঠ পৰ্যটকৰ সংখ্যাই ৪০,০০০ অতিক্ৰম কৰে। অৱশ্যে ৮৫ টা অতিথি গৃহত মুঠ ১৬৫০ জন লোককহে থকাৰ সুবিধা দিব পৰা হোৱা বাবে পূৰ্বৰে পৰা ব্যৱস্থা কৰি নহা সকলে শান্তি নিকেতনৰ আশ্ৰম আশ্ৰম লগা পৰিৱশত পুৱাৰ মোহনীয় ৰুপৰ পৰা বঞ্চিত হ’ব লগা হয়।

এই মেলাৰ এটা বিশেষত্ব বংগৰ হস্ত শিল্প তথা গ্ৰামীণ কৃষ্টি। ঐতিহ্য তথা আধুনিকতাৰ সংমিশ্ৰণৰ প্ৰতিটি দ্ৰব্যই বিশেষ দৃষ্টি আকৰ্ষণ কৰে। বিভিন্ন ৰাজ্যৰ ক্ষুদ্ৰ তথা কুটিৰ শিল্প বিভাগক অংশ গ্ৰহণৰ বাবে আমন্ত্ৰণ কৰা হয়। ইয়াত থাকে অগণন মৃৎশিল্প, ডোকৰা শিল্প, বাঁহী, ডুগডুগী, একতাৰা। বিশ্ব ভাৰতী আৰু শ্ৰী নিকেতনৰ ষ্টলত পোৱা যায় কিতাপ, বস্ত্ৰ আৰু চৰ্ম জাত সামগ্ৰী। কুটিৰ শিল্পৰ ক্ষেত্ৰত শ্ৰীনিকেতনৰ ভূমিকাৰ নিদৰ্শন পোৱা যায় এই মেলাতেই।

চহৰৰ প্ৰৱেশ পথতেই এখন বিশাল তোৰণে যেন সকলোকেস্বাগতম জনাইছে।

বিশ্ব ভাৰতী প্ৰকৃত পক্ষে দুটা মূল ভাগত বিহক্ত- শান্তি নিকেতন আৰু শ্ৰী নিকেতন। শান্তি নিকেতন হ’ল কলা বিভাগৰ শিক্ষা গ্ৰহণৰ অনুষ্ঠান সমূহৰ চৌহদ আৰু শ্ৰী নিকেতন হ’ল প্ৰয়োগিক শিক্ষাৰ কেন্দ্ৰ। ইয়াৰ চৰণ পখালি দক্ষিণলৈ বৈ গৈছে এখন নৈ।

শান্তি নিকেতনৰ ধ্যেয় বাক্য- যত্ৰ বিশ্বং ভবেত্যকনীড়ম- যাৰ অৰ্থ হ’ল য’ত সমগ্ৰ পৃথিৱী খনেই এটা বাহতেই ঘৰ সাজে। শান্তি নিকেতনৰ প্ৰাক্তন বিদ্যাৰ্থী সকলৰ ভিতৰত বিশ্ব বন্দিত কেইজন মান হ’ল- অমৰ্ত্য সেন, সত্যজিত্ ৰায় আৰু ইন্দিৰা গান্ধী। কবিগুৰুও স্বয়ং ইয়াতেই শিক্ষা লাভ কৰোতা সকলৰ ভিতৰত এজন।

১৮৮৮ চনৰ ৮ মাৰ্চত দেবেন্দ্ৰ নাথে ট্ৰাষ্টি চুক্তিৰ জৰিয়তে শান্তি নিকেতনক সকলোৰে বাবে মুকলি কৰি দিয়ে। তাৰ পিছত তাতেই ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০১ চনত বিদ্যালয় প্ৰতিষ্ঠা কৰে যদিও মূল উদ্যোক্তা আছিল বলেন্দ্ৰ নাথ ঠাকুৰহে। এই বিদ্যালয়ৰ প্ৰথম অধ্যক্ষ হিচাপে আছিল ব্ৰহ্মাবান্ধৱ উপাধ্যায় আৰু ছাত্ৰ আছিল গৌৰ গোবিন্দ গুপ্ত, প্ৰেম কুমাৰ গুপ্ত, অশোক কুমাৰ গুপ্ত, সুধীৰচন্দ্ৰ, গিৰীন ভট্টাচাৰ্য, যোগানন্দ মিত্ৰ, ৰথীন্দ্ৰ নাথ ঠাকুৰ আৰু শমীন্দ্ৰ নাথ ঠাকুৰ।

ইয়াৰ উত্তৰায়ন কমপ্লেক্সত থকা ঘৰ কেইটাৰ নাম উদয়ন, কোনাৰ্ক, শ্যামলী, পুনশ্চ আৰু উদিচী। ৰবীন্দ্ৰনাথে সময়- সুযোগ পালেই এইকেইটাত থাকি লৈছিল। তেওঁৰ অসংখ্য কালজয়ী লেখাৰ সৃষ্টি ইয়াতেই। অৱশ্যে ছবি তোলা নিষেধ। আৰু আছে বিচিত্ৰা বা ৰবীন্দ্ৰ ভৱন- যি আপাত দৃষ্টিত এটা যাদুঘৰেই। এই ভৱনৰ নক্সা আঁকিছিল কবি পুত্ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ ওচৰতেই ৰঙীণ বেলজিয়াম কাঁচ আৰু মাৰ্বল পাথৰেৰে চাৰিও দিশ অলংকৃত উপাসনা গৃহ যিটো ১৮৬৩ চনত দেবেন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কাৰিছিল। প্ৰতিদিন সন্ধিয়া অসংখ্য মমবাতি জ্বলাই দিলে এটি অপাৰ্থিব দৃশ্যৰ অৱতাৰণা হয়। শান্তি নিকেতনৰ আটাইতকৈ প্ৰাচীন ভৱনটিৰ নামও পিছে শান্তি নিকেতন। ৰবীন্দ্ৰনাথে তেওঁৰ পত্নী মৃণালিনী দেৱীৰ সৈতে থকা আবাসটোৰ নাম হ’ল দেহলী।

ইয়াত আছে এটা ‘কালো বাড়ি’ অৰ্থাৎ ক’লা ঘৰ। এইটো মাটিৰে তৈয়াৰী আৰু দেৱালত বিভিন্ন কাৰু-কাৰ্য কৰা। ইয়াত সাধৰণতে বিশ্ব ভাৰতীৰ চূড়ান্ত বৰ্ষৰ বিদ্যাৰ্থী সকল থাকে।

লেখক: বিবেকানন্দ চৌধুৰী, দৈনিক অসম।

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top