অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰম পুৰুষ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘কীৰ্তন’ত এইদৰে ভগৱান বিষ্ণুৰ কৃষ্ণ অৱতাৰৰ বৰ্ণনা আৰম্ভ কৰিছে|

কৃষ্ণৰুপে দৈৱকীত ভৈলা অৱতাৰ|

শংখ চক্ৰ গদা পদ্ম কৰত তোহ্মাৰ||

 

ভাৰত ভূমিত প্ৰচলিত বৈষ্ণৱ ধৰ্ম

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘কীৰ্তন’ত এইদৰে ভগৱান বিষ্ণুৰ কৃষ্ণ অৱতাৰৰ বৰ্ণনা আৰম্ভ কৰিছে| বিষ্ণুৰ দশ অৱতাৰত কৃষ্ণক সম্পূৰ্ণ অৱতাৰ বুলি বিবেচনা কৰা হয়| বৈষ্ণৱ ধৰ্মত কৃষ্ণ-বিষ্ণু-নাৰায়ণ একেজনাই উপাস্য দেৱতা| মহাপুৰুষজনাই প্ৰৱৰ্তন কৰা এক শৰণীয়া নাম ধৰ্মতো কৃষ্ণকেই পৰমেশ্বৰৰ মৰ্যাদা দিয়া হৈছে| তেৰাৰ ৰচিত ‘কীৰ্তন’ আৰু ‘দশম’ পুথিত কৃষ্ণৰ মানৱী লীলা অতি মনোমুগ্দ্ধকৰ ভাষাৰে বৰ্ণনা কৰা হৈছে| কৃষ্ণৰ নাম শ্ৰৱণ আৰু কীৰ্তনতেই মহাপুৰুষজনাই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে|

অতি প্ৰাচীন কালৰে পৰা ভাৰত ভূমিত প্ৰচলিত বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা বিষ্ণু| ঋক বেদত বিষ্ণুক সূৰ্য্যৰ পৰা উদ্ভৱ হোৱা দেৱতা বুলি উল্লেখ কৰা হৈছে| এওঁ শিপিৱিষ্ট অৰ্থাৎ ৰশ্মি পৰিহিত, এওঁৰ ‘ময়ুখ’ অৰ্থাৎ ৰশ্মিয়ে সমস্ত জগতকে আৱৰি আছে| বিষ্ণু ত্ৰিভুৱনৰ পালন কৰ্তা দেৱতা ত্ৰিবিক্ৰম| তিনিও ভুৱন তেওঁৰ চৰণ তলত-এখন চৰণ পৃথিৱীত, এখন আকাশত আৰু এখন পৰমপদ বৈকুণ্ঠত-যি সকলো জীৱৰেই আকাংক্ষিত অন্তিম গন্তব্যস্থান| ঋক্‌ বেদৰ বিষ্ণুৱে ইন্দ্ৰৰ লগত অসুৰৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিল| শতপথ ব্ৰাহ্মণৰ মতে বিষ্ণুৱেই দেৱতা সকলৰ শক্তি, তেৱেই যজ্ঞ আৰু যজ্ঞপুৰুষ| ঐতৰেয় ব্ৰাহ্মণৰ মতে বিষ্ণুৱে যজ্ঞকৰ্তাক যজ্ঞ সম্পাদনত হ’ব পৰা সকলো ক্ৰুতিৰ পৰা ৰক্ষা কৰে| তৈত্তিৰীয় আৰণ্যকৰ মতে বিষ্ণু সৰ্বোত্তম দেৱতা| মৈতিৰি উপনিষদৰ মতে বিষ্ণুৰ পৰম পদ মানৱ জীৱনৰ অন্তিম লক্ষ্যস্থান, চিৰন্তন শান্তিৰ আলয়|

পুৰাণৰ কাহিনীবোৰত বিষ্ণুৱে ক্ষীৰ সাগৰত অনন্ত বা শেষ নাগৰ শয্যাত শয়ন কৰি থকা ৰুপৰ বৰ্ণনা পোৱা যায়| এয়া বিষ্ণুৰ পাৰ্থিৱ ভাবমূৰ্তি| অনন্ত শয্যাত শায়িত বিষ্ণুৰ শৰীৰ ঈষৎ নীলবৰ্গ (বৰষুণ দিবলৈ প্ৰস্তুত মেঘৰ বৰণৰ দৰে), চতুৰ্ভুজ মূৰ্তি, শংখ-চক্ৰ-গদা-পদ্ম ধাৰী আৰু পাদদেশত লক্ষ্মী দেৱী| আধ্যাত্মিক ভাবত বিষ্ণু বৈকুণ্ঠ ধামত বিৰাজ কৰে| জীৱাত্মাই ব্ৰহ্মপ্ৰাপ্তি হ’লে পৰমানন্দময় বৈকুণ্ঠত স্থান পায় আৰু পুনৰ্জন্মৰ বন্ধনৰ পৰা মুক্তি পায় বুলি সনাতন ধৰ্মৰ বিশ্বাস| বিষ্ণু আৰু শিৱ অভিন্ন বুলি অতি প্ৰাচীন কালৰ পৰাই ধাৰণা চলি আহিছে| কেৰালাৰ তিৰুৱন্তপুৰমস্থিত সুপ্ৰাচীন আৰু বিশ্বপ্ৰসিদ্ধ শ্ৰী পদ্মনাভ স্বামী মন্দিৰৰ বিগ্ৰহ অনন্ত শয্যাত শায়িত বিষ্ণুৰ সোঁহাতে শিৱলিংগ থকাও এই ধাৰণাৰ সাক্ষ্য| মাৰ্কণ্ডেয় পুৰাণৰ কাহিনী মতে বিষ্ণুৱে যি শক্তিৰে ব্ৰহ্মা আৰু জগতৰ সৃষ্টি আৰু পালন কৰে, সেই শক্তি দেৱী মহামায়া|

ভাগৱত পুৰাণৰ মতে

ভাগৱত পুৰাণৰ মতে পোহৰ আৰু তাপৰ অধিষ্ঠাতা, সূৰ্য্য দেৱতা দৰাচলতে বাৰজন আদিত্য| এওঁলোক যথাক্ৰমে বৰুণ, মিত্ৰ, আৰ্যম, ভগ, অংশুমান, ধাতা, ইন্দ্ৰ, পৰ্জন্য, ত্বষ্ট, বিষ্ণু, পুষ্য আৰু বিৱস্বন| প্ৰত্যেক মাহতেই একোজনা আদিত্যই সূৰ্য্যৰুপে বিৰাজ কৰে| বিষ্ণু পুৰাণতো বাৰজন আদিত্যৰ নাম পোৱা যায়| বিষ্ণু এওঁলোকৰ মুখ্য, বিষ্ণুৰ শক্তিয়েই সূৰ্য্যৰুপে প্ৰকাশিত হৈ জগতক পালন-পোষণ কৰে| এই পুৰাণৰ মতে সূৰ্যই আঠমাহ ধৰি পৃথিৱীৰ পচা ৰস শোষণ কৰি বাকী চাৰি মাহত সেই ৰস পুনৰায় পানীৰুপে বৰ্ষণ কৰে| এই বৰষুণৰ পানীয়ে উৎপন্ন কৰা অন্ন (শস্য)ৰ দ্বাৰা জগত পালিত হয়| পুৰাণৰ এনে বৰ্ণনাৰ লগত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ভাৰত উপ-মহাদেশত বৰ্তমান কালতো প্ৰধানকৈ চাৰিমাহ ধৰি বৰষুণ হোৱা তথ্যৰ সাদৃশ্য মন কৰিবলগীয়া| সূৰ্যৰ গতি অনুসাৰেই সময়ৰ ভাগবোৰ, যেনে- সৌৰমাহ, ঋতু, উত্তৰায়ণ, দক্ষিণায়ন, বছৰ, যুগ ইত্যাদি প্ৰৱৰ্তিত হৈছে| এইদৰে বিষ্ণুৱেই স্বয়ং সময় বা কাল আৰু সময় গণনাৰ ভিত্তি|

বৈদিক যুগৰ

বৈদিক যুগৰ আড়ম্বৰপূৰ্ণ আৰু ঔপচাৰিকতা পূৰ্ণ যজ্ঞ, পশুবলি আদিৰ দ্বাৰা বিভিন্ন দেৱতাক সন্তুষ্ট কৰা উপাসনা পদ্ধতিয়ে বৈদিক সমাজৰ সকলো বৰ্গকে আকৃষ্ট কৰিব পৰা নাছিল| মুণ্ডক উপনিষদৰ নিচিনা ৰচনাৰ যোগেদি বহুতো চিন্তাশিল পণ্ডিতে যাগ-যজ্ঞ, পশুবলি ইত্যাদিৰ যথাৰ্থতাৰ বিষয়ত প্ৰশ্ন তুলিছিল| এনেধৰণৰ চিন্তাৰ পৰিণতি স্বৰুপে উদ্ভৱ হোৱা মতবাদৰ প্ৰৱৰ্তক আছিল বৃষ্ণিবংশীয় বাসুদেৱ আৰু তাৰ কেইবা শতিকা পিছত শাক্যবংশীয় সিদ্ধাৰ্থ আৰু জ্ঞাতৃক বংশীয় বৰ্দ্ধমান- অহিংসা আৰু উপনিষদ ভিত্তিক দাৰ্শনিক মতবাদৰ পৃষ্ঠপোষক| বাসুদেৱ কালক্ৰমত বিভিন্ন উপনিষদত বিষ্ণুৰুপে পৰিচিত হ’ল| পুৰানৰ কাহিনী বোৰৰ মতে বিষ্ণুৱে ভাৰত ভূমিত ধৰ্মৰ প্ৰতিষ্ঠাৰ  বাবে সময়ে সময়ে অৱতাৰ ধৰিছিল| এই অৱতাৰ বোৰৰ ভিতৰত কৃষ্ণ অৱতাৰ সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়| পণ্ডিতসকলৰ মতে, কৃষ্ণ এজন ঐতিহাসিক পুৰুষ হোৱাৰ লগতে বিষ্ণুৰ দৰে এজন দৈৱীশক্তি সম্পন্ন পুৰুষ|

মহাভাৰত আৰু  বিভিন্ন পুৰাণ শাস্ত্ৰত

মহাভাৰত আৰু  বিভিন্ন পুৰাণ শাস্ত্ৰত সাত্বত-যাদৱ বৃষ্ণি বংশোদ্ভৱ বাসুদেৱ কৃষনক সকলো দেৱতাৰ ঊৰ্দ্ধত পৰমেশ্বৰৰ স্থান দিয়া হৈছে আৰু ভাগৱৎ, সাত্বত বা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰোতা বুলি সম্বোধন কৰা  হৈছে| মহাভাৰতৰ শান্তিপৰ্ব আৰু ভগৱদ্‌ গীতাত ভাগৱতী ধৰ্ম পূৰ্বে সূৰ্য্যৰ পৰা উৎপত্তি হোৱা বুলি উল্লেখ কৰা হৈছে| আকৌ মহাভাৰত আৰু ভগৱদ্‌ গীতাতেই উল্লেখ আছে যে সেই সময়ত কৃষ্ণকেই সকলো দেৱতাৰ ঊৰ্দ্ধত বুলি মানি নোলোৱা মতবাদ এটাৰো প্ৰচলন আছিল| প্ৰাক্‌ বৌদ্ধ যুগতে ৰচিত ছান্দোগ্য উপনিষদত কৃষ্ণ-দৈৱকী পুত্ৰক ঋষি অংগিৰসৰ শিষ্য বুলি উল্লেখ কৰা পোৱা যায়| পতঞ্জলিৰ মহাভাষ্যতো বাসুদেৱ কৃষ্ণৰ উল্লেখ আছে| পণ্ডিত সকলে ভগৱদ্‌ গীতাৰ বহুতো তত্ব ছান্দোগ্য উপনিষদ, কথোপনিষদ, তৈত্তিৰীয় উপনিষদ ইত্যাদিৰ তত্বৰ লগত সাদৃশ্য থকা পাইছে| ভগৱদ্‌ গীতাৰ দশম অধ্যায়ত নিজৰ বিভূতি বৰ্ণনত কৃষ্ণই নিজকে আদিত্য সকলৰ ভিতৰত শ্ৰেষ্ঠ বিষ্ণু (আদিত্যনাম অহং বিষ্ণুঃ) আৰু জ্যোতিষ্ক সকলৰ ভিতৰত অংশুমান সূৰ্য (জ্যোতিৰাং ৰবিৰংশুমান্‌) বুলি পৰিচয় দিছে| আকৌ পঞ্চদশ অধ্যায়ত সমস্ত জগতক প্ৰভাৱিত কৰা আদিত্যৰ শক্তি (যদাদিত্য গতং তেজ্জা জগৎ ভাসয়তে অখিলম্‌) তেওঁৰেই, পৃথিৱীত আৱিষ্ট হৈ সকলো প্ৰাণীকেই তেওঁ ধাৰণ কৰি আছে| (গাম্‌ আৱিশ্য চ ভূতানি ধাৰয়ামি অহম্‌ ওজসা) আৰু তেৱেই সকলো পুৰুষৰ উৰ্দ্ধত পুৰুষোত্তম বুলি জানিবলৈ দিছে| ভাগৱত পুৰান, বায়ু পুৰাণ, হৰিবংশ আদি শাস্ত্ৰত বৰ্ণনা কৰা কৃষ্ণ জীৱনৰ আদিছোৱাৰ কাহিনীবোৰৰ লগত বৈদিক যুগৰ বিষ্ণুৰ সম্পৰ্ক দেখা যায়| ঋক বেদৰ গোপ আৰু গোবিন্দ বধায়নৰ ধৰ্ম সূত্ৰৰ দামোদৰৰ লগত গোকুলৰ কৃষ্ণৰ চৰিত্ৰৰ মিল দেখা যায়|

দক্ষিণ ভাৰতত প্ৰৱৰ্তিত শ্ৰী বৈষ্ণৱ মতবাদ

দক্ষিণ ভাৰতত প্ৰৱৰ্তিত শ্ৰী বৈষ্ণৱ মতবাদৰ প্ৰতিষ্ঠাতা ৰংগনাথ মুনিৰ উত্তৰসুৰী ৰামানুজাচাৰ্যই বিশিষ্ট অদ্বৈতবাদৰ ভিত্তিত ব্যাসদেৱৰ ব্ৰহ্মসূত্ৰৰ পাণ্ডিত্যপূৰ্ণ বিশ্লেষণ কৰা শ্ৰী ভাষ্যত প্ৰতিপন্ন কৰিলে যে নাৰায়ণ তথা বিষ্ণুৱেই সৰ্বোত্তম দৈৱিক সত্তা, পৰম ব্ৰহ্ম| তিৰুপতিত শ্ৰী বৈষ্ণৱ ধৰ্মৰ কেন্দ্ৰস্থল স্থাপন কৰি ৰামানুজে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ ভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্মৰ জনপ্ৰিয়তা বঢ়ালে|

বিষ্ণু পৰম ব্ৰহ্মৰুপে প্ৰতিষ্ঠিত

বিষ্ণু পৰম ব্ৰহ্মৰুপে প্ৰতিষ্ঠিত হোৱাৰ লগে লগে কৃষ্ণ আৰু বিষ্ণুৰ ভেদ নাইকিয়া হৈ পৰিল| কৃষ্ণ অৱতাৰত বিষ্ণুই মথুৰাৰ অত্যাচাৰী ৰজা কংসৰ ভগ্নী দৈৱকীৰ পুত্ৰ ৰুপে উপজিল| দৈৱকীৰ অষ্টম গৰ্ভই কংসক নিপাত কৰিব বুলি পূৰ্বে হোৱা আকাশবাণীৰ পৰা সাৱধানতা লৈ কংসই বসুদেৱ-দৈৱকীক কাৰাগাৰত বন্দী কৰি থ’লে আৰু দৈৱকীৰ ছয় পুত্ৰক জন্মৰ পিছতেই বধ কৰিলে| কিন্তু সপ্তম সন্তান বলৰাম আৰু অষ্টম সন্তান কৃষ্ণ গোপনে বৃন্দাবনত নন্দ গোপৰ ঘৰত পালিত হৈ থাকিল| বৃন্দাবনত শিশু কৃষ্ণই নানা ঘটনাৰ মাজেদি তেওঁৰ দৈৱী শক্তি প্ৰদৰ্শন কৰা লীলা কাহিনীবোৰ বিভিন্ন পুৰাণত বৰ্ণিত আছে| কিশোৰ বলৰাম আৰু কৃষ্ণই কংসৰ দ্বাৰা আয়োজিত ধনুৰ্যজ্ঞ সমাৰোহত যোগ দিবলৈ অহা সময়ত কংসই তেওঁলোকক বধ কৰিবলৈ বহু চেষ্টা কৰিও বিফল হ’ল| মুক্ত প্ৰাংগনতেই কৃষ্ণই অত্যাচাৰী কংসক বধ কৰি বন্দীশালৰ পৰা কংসৰ পিতৃ উগ্ৰসেনক উলিয়াই আনি মথুৰাৰ সিংহাসনত প্ৰতিষ্ঠিত কৰিলে|

মহাভাৰতত পাণ্ডৱৰ মিত্ৰৰুপে আৰু অৰ্জুনৰ সখাৰুপে ধৰ্মৰ জয়

ঐতিহাসিক পুৰুষ কৃষ্ণই মহাভাৰতত পাণ্ডৱৰ মিত্ৰৰুপে আৰু অৰ্জুনৰ সখাৰুপে ধৰ্মৰ জয় সাব্যস্ত কৰিলে| কুৰুক্ষেত্ৰ যুদ্ধৰ আদিতে আত্মীয় নিধনৰ সম্ভাৱনাত বিষণ্ণ হৈ পৰা অৰ্জুনক পুনৰায় যুদ্ধৰ বাবে সাজু কৰাবলৈ শুনোৱা তত্ব কথা ভগৱদ্‌ গীতাত নিবন্ধিত| গীতাৰ উপদেশৰ সময়ত অৰ্জুনে কৃষ্ণক বৃষ্ণি কুলোদ্ভৱ বাৰ্ষ্ণেয়, বাসুদেৱ, পৰম ব্ৰহ্ম ইত্যাদি বুলি সম্বোধন কৰিছে| উপদেশৰ অন্তত অৰ্জুনৰ সংশয় আঁতৰ কৰি কৃষ্ণই তেওঁৰ বিশ্বৰুপ প্ৰদৰ্শন কৰি নিজৰ দৈৱী মহিমা প্ৰতিপন্ন কৰিলে| এইদৰে কৃষ্ণ বিষ্ণুৰেই অৱতাৰ বুলি স্বীকৃত হ’ল যদিও পৰৱৰ্তী কালত বিষ্ণু আৰু কৃষ্ণৰ উপাসনা পৃথকভাৱেও হ’ব ধৰিলে| শ্ৰীচৈতন্যৰ ‘ৰাধাকৃষ্ণ’ৰ বিষ্ণুৰ লগত কোনো সম্পৰ্ক নাই| তেনেকৈ স্বামীনাৰায়ণ বৈষ্ণৱ সম্প্ৰদায়ৰ বাবেও বাবেও কৃষ্ণই স্বয়ং পৰমপুৰুষ ভগৱান|

কৃষ্ণভক্তিৰ আধ্যাত্মিক প্ৰভাৱ

কৃষ্ণভক্তিৰ আধ্যাত্মিক প্ৰভাৱ কেৱল উপাসনাতেই আবদ্ধ নাথাকি ভাৰতীয় সাহিত্য, সংগীত আৰু কলাক্ষেত্ৰতো গভীৰভাৱে পৰিছে| দক্ষিণ ভাৰতত খ্ৰীঃ ষষ্ঠ-সপ্তম শতিকাত আলৱাৰ কবি সকলে বিষ্ণুৰ মহিমা বৰ্ণনা কৰা ভক্তিগীত বোৰে বৈষ্ণৱ ধৰ্মৰ ভেটি গঢ়ি তুলিছিল| ভাগৱত পুৰাণ ভাৰতৰ প্ৰায় সকলো ভাষালৈ অনুবাদ হৈ গৈছে| ভাৰত নাট্যম, ওডিচি, কুচিপুড়ি, মণিপুৰী, সত্ৰীয়া আদি সকলো বিধ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশৈলীতেই কৃষ্ণলীলা ভিত্তিক কাহিনী বোৰৰ মোহনীয় প্ৰদৰ্শনে আজিও শ্ৰদ্ধালু দৰ্শকক আপ্লুত কৰি ৰাখে| মীৰা বাইৰ ভজন বোৰৰ মূল ভাব আধ্যাত্মিকতাপূৰ্ণ কৃষ্ণপ্ৰেম| শংকৰদেৱ-মাধৱদেৱ ৰচিত কৃষ্ণভিত্তিক অংকীয়া নাটসমূহ অসমীয়া কলা-সংস্কৃতিৰ অনুপম বৈশিষ্ট|

কৃষ্ণৰ জীৱনকাল

বিভিন্ন শাস্ত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত পণ্ডিত সকলে কৃষ্ণৰ জীৱনকাল খ্ৰীঃ পূৰ্বাব্দ ৩২২৮-৩১০২ বুলি ঠাৱৰ কৰিছে| কুৰুক্ষেত্ৰ যুদ্ধৰ ছয়ত্ৰিশ বছৰ পিছত সমস্ত যদুকুলৰ নিপাতৰ লগতে কৃষ্ণৰো ইহসংসাৰ ত্যাগৰ লগে লগে দ্বাপৰ যুগৰ অন্ত পৰি কলিযুগৰ আৰম্ভ হোৱা বুলি জ্যোতিষ শাস্ত্ৰই কয়| কৃষ্ণৰ জন্মতিথি উপলক্ষে পালিত কৃষ্ণ-জন্মাষ্টমী উৎসৱ বৈষ্ণৱ ধৰ্মাৱলম্বী সকলৰ বাবে অতি মহত্বপূৰ্ণ| এই উৎসৱ পালনৰ সূত্ৰপাতৰ বিষয়ে কৃষ্ণই যুধিষ্ঠিৰক কোৱা বুলি ভবিষ্যেত্তৰ পুৰাণত এটা কাহিনী পোৱা যায়|

মথুৰাৰ অত্যাচাৰী ৰজা কংসক বধ কৰি তেওঁৰ পিতৃ উগ্ৰসেনক পুনৰায় সিংহাসনত প্ৰতিষ্ঠিত কৰি কৃষ্ণ বলৰামে পিতৃ মাতৃ বসুদেৱ দৈৱকীক প্ৰণাম জনালে| কংসৰ নিধনত হৰ্ষোল্লাসিত মথুৰাবাসীয়ে এই যুৱকদ্বয়ৰ পৰিচয় জানিব বিচাৰিলে| তেতিয়া কৃষ্ণই পৰিচয় দি ঘোষণা কৰিলে কংসৰ বন্দীশালত ভাদ মাহৰ অষ্টমী তিথি, ৰোহিনী নক্ষত্ৰত দৈৱকীৰ গৰ্ভত জন্ম পোৱা বুলি| আনন্দিত মথুৰাবাসীয়ে কৃতজ্ঞতাৰ চিনস্বৰুপে এই তিথিক কৃষ্ণ জন্মাষ্টমী বুলি পালন কৰাৰ সিদ্ধান্ত ল’লে| তেতিয়াৰ পৰাই কৃষ্ণ জন্মাষ্টমী বৈষ্ণৱ সকলে অতি উলহ-মালহেৰে পালন কৰাৰ পৰম্পৰা চলি আহিছে|

লেখক:- কুমুদ চন্দ্ৰ ভট্টাচাৰ্য,

উৎস:- দৈনিক অসম

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top