মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বড়ো জনজাতিৰ খাদ্য সংস্কৃতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বড়ো জনজাতিৰ খাদ্য সংস্কৃতি

বড়ো জনজাতিৰ খাদ্য সংস্কৃতিৰ বিষয়ে লিখা হৈছে

আমাৰ বিনন্দীয়া অসমত থকা ভিন্ন জাতি-জনজাতি এ আমাৰ ঐক্য আৰু সমৃদ্ধিৰ পৰিছয় ৷ এই আটাইবোৰৰ ভিতৰত বড়ো-কছাৰী জনজাতিৰ অবদান অনন্য ৷কছাৰী সকলৰ কেইবাটাও ঠালৰ ভিভৰত বড়ো সকল মুখ্য ৷নিজস্ব ভাষা সংস্কৃতি আৰু খাদ্য সম্ভাৰে বড়ো সকলক এটা সুকীয়া পৰিছয় দিছে ৷ আদিম যুগৰ এই ভূমিপুত্ৰ সকলে বিভিন্ন সংঘাট পাৰ কৰিও নিজৰ স্বকীয়তা বজাই ৰাখিছে ৷ বড়ো সকলে প্ৰধান কৃষিজিৱী ৷ কুকুৰা পালন ,গাহৰি পালন ,পুখুৰীত মাছ পোহা আদিৰ লগত ধান ,সৰিয়হ ,মৰপাট আদিৰ খেটি প্ৰচুৰ পৰিমানে কৰে ৷ আগৰ সময়ত কিছুপৰিমানে চিকাৰ ও কৰিছিল ৷ সৰু সুৰা বন্য জন্তু বা চৰাই ইত্যাদি ৷ ইয়াৰ উপৰিও বাৰিষা কালত পথাৰত মাছ,কেকোঁৰা,পানীত থকা আান কিছু জীৱ এতিয়াও খাদযৰূপে গ্ৰহন কৰে ৷ চৰকাৰী নিয়ম আৰু সমাজৰ পৰিবৰ্তনৰ লগত মিলাই জীৱ জন্তু ৰ চিকাৰ এতিয়া নগন্য ৷ বড়ো সমাজৰ খাদ্য প্ৰনালী ত সম্পুৰ্ন ৰুপে এই কাৰক বোৰৰ প্ৰভাৱ পৰে ৷ বড়ো সমাজৰ উৎসৱ পাৰ্বন , ধৰ্মীয় কাৰ্য ,সকাম আদিৰ ক্ষেত্ৰত সুকীয়া খাদ্যৰ প্ৰচলন আছে ৷ উদাহৰন স্বৰুপে মৃতকৰ শ্ৰাদ্ধ (ভোজ) ৰ সময়ত তেওলোকে শুকটাৰ (মৰাপাটৰ শুকান পাত) আঞ্জা এখন বনাই যাতে তিতা খাই ৰাইজে মৃতকৰ লগত সম্পৰ্ক চেদ কৰে ৷ আদিম সময়ৰ পৰা চিকাৰজীবী বাবে বড়ো খাদ্য প্ৰনালীত আন জনজাতি সমুহৰ দৰে তেল, মছলাৰ প্ৰভাৱ বহুত কম ৷ বিশেষকৈ মাছ, মাংস ৰ’দত শুকাই বা ধোৱা চাংত থৈ বহুদিলৈ সংৰক্ষণ কৰে ৷ কল গছৰ বাকলিৰ পৰা তৈয়াৰ কৰা ক্ষাৰ(kharwi -বড়ো ভাষাত) প্ৰায় খাদ্যত ব্যবহাৰ কৰা হয় ৷ ইয়ৰ উপৰিও বিভিন্ন শাক পাছলি , টেঙা ,বন শাক আদি বড়ো খাদ্য সম্ভাৰৰ মুল উপাদান জন্ম আৰু কৰ্ম সুত্ৰে বড়ো সমাজৰ লগত মোৰ সম্পৰ্ক বেছি৷ বিশেষ কৈ আলহী শুশ্ৰষা কৰাত বড়ো সকলৰ অতীজৰ এ পৰা নাম আছে ৷ বিশেষকৈ বড়ো গাওঁ বোৰত আলহী আহিলে ঘৰৰ জীয়ৰী-বোৱাৰী এ বৰ আন্তৰিকতাৰে আপ্যায়ন কৰে ৷ আজি বড়োসকলৰ বিশাল খাদ্য সম্ভাৰৰ কিছু অংশ ত আমি অলপ আলোকপাঠ কৰিম Wngkham (ভাত) – বড়ো সমাজৰ মুখ্য খাদ্য ৷ ইয়াৰ উপৰিও বিভিন্ন পিঠা পনা ও বহুত বিধৰ বনাই ৷ (thelt fitha) তেল পিঠা , টেকেলি পিঠা আদি অনতম ৷এটা কথা বহুতে নেজানে চাগে আমি সধাৰন অসমীয়া ভাষি মানুহে খাদ্যৰূপে গ্ৰহন কৰা উখোৱা চাউল বেছি ভাগ বড়ো সকলে গ্ৰহন নকৰে ৷ তেও লোকে বিশ্বাস কৰে যে ধান উতলাই চাউল প্ৰস্তুত কৰিলে ধানৰ জীউ (জীৱ)তো মৰি যায় ৷ সাধাৰনতে মিহি কোমল চাউলোতো বেছি পচন্দ কৰে৷ইয়াৰ উপৰিও চাউনৰ গুৰি এবিধ আঞ্জা (oldla) বনাই তেওঁলোকে মাংস ,বাঁহৰ গাজ ,বা আন আন পাছলিৰ লগত৷ Bedor (মাংস): অধিকাংশ বড়ো লোকে মাংস অন্যতম প্ৰিয় খাদ্য ৰূপে গ্ৰহন কৰে ৷পুৰ্বৰ চিকাৰ কৰা বা পোহনীয়া জন্তু বা চৰাই মুখ্যত মাংস হিছাবে ব্যবহাৰ কৰে ৷ মুখ্যত গাহৰি (oma),কুকুৰা (dwao),ছাগলী (khasi) ইত্যাদি ৷ সৰু সুৰা জন্তু বা চৰাইৰ মাংস ও খাদ্য তালিকাত থাকে ৷ মাংসৰ কেইবিধ মান মুখ্য ৰেছিপীৰ ভিতৰত (ক) Daaw jwan alu wngkhree ( আলু পিয়াজেৰে কুকুৰাৰ মাংস) (খ) Ondla jwng daau jwng (চাউলৰ গুৰিৰে কুকুৰা মাংস) (গ) Sabai Jwng oma Gwran jwng (শুকান গাহৰিৰ লগত মাহৰ দাইল ) (ঘ) Narz jwng oma jwng ( শুকুতাৰ লগত গাহৰি ) ইয়াৰ উপৰিও ছাগলি মাংসৰ আলুৰ লগত আঞ্জা ,বগা কোমোৰাৰ লগত হাঁহ ,মেছেঙা টেঙাৰে গাহৰি বা কুকুৰা ,লাই শাকৰ লগত গাহৰি ভাজি ,লফা শাকৰ লগত কুকুৰা /গাহৰিৰৰ বইল কৰি বনোৱা আঞ্জা ৷ এনে বহুবিধ আৰু আছেমাছ (naa) কেকোঁৰা (khangkhari) ,গান্জিমা পোক আাদি জলজ জীৱ ৷পলু (emphow) ,আমৰলি ৰ টোপ (khwjwmani bidwi) এই বোৰ পৰম্মৰাগত বড়ো খাদ্যত অন্তৰ্গত ৷ বহাগ বিহু (bwisagu) ত আমৰলিৰ টোপ ভাজি খাই আৰু পলুৰ লেটা ও অন্য এবিধ জনপ্ৰিয় খাদ্য৷ লেটা বোৰ পানীত সিজাই ওপৰৰ বাকলি তো এৰুৱাই কম তেলত ভাজি বৰ তৃপ্তিৰে খাই৷ নাফাম:”নাফাম ” শুকান মাছ( Naa gwrnna)ৰ ছাটনিক কয় ইয়াৰ গোন্ধ অতি তীব্ৰ ৷ কঠাল গছৰ পাত আৰু অন্য শাকৰ লগত খুন্দি বাহৰ চুঙাত ভৰাই গোবৰদামত পুতি থোৱা হয় ৩ মাহ মান পিছত খোৱাৰ উপযুক্ত হয় আৰু লোক-বিশ্বাস মতে মেলেৰিয়া জ্বৰৰ প্ৰতিশেধক বোলা হয়৷৷ মাছ সাধাৰনে শুকাই থৈ দিয়া হয় ৷খাল বিলত পৰা বাৰিষা মাছ মাৰি ৰ’দত নাইবা চালঙিত দি জুইৰ তাপত শুকুৱাই লয় ৷বহু দিনলৈ থাকে ৷ আন এবিধ হল khangkhari bathwn ( কেকোঁৰা ৰ বটা) কেকোঁৰা পুৰিলৈ সৰহকৈ জলকীয়া নহৰু দি ইয়াক প্ৰস্তুত কৰা হয় ৷ ইয়াৰ উপৰিও Maitha jwng naa jwng (মেচেঙাৰে মাছৰ টেঙা ) , thasso jwng naa jwng ( কচুৰ লগত মাছ) আদি বহুত মাছৰ ব্যঞ্জন আছে৷ অন্যহাতে শাকপাছলি ও বিভিন্ন ধৰনৰ খা্দ্যত ব্যবহাৰ হয় ৷ নানা ধৰনৰ বনৰীয়া শাকৰ উপৰিও লাই ,লফা ,বাহক তিতা ,কচু ,কলমৌ ,মেচেঙা ,মাৰপাট ৰ আগ , ইত্যাদি ৷ লগতে খেটিৰ পৰা পোৱা বেঙেনা ,আলু,কবি,জিকা,ভোল ইত্যাদি . কচুৰ বিভিন্ন অংশ পাত ,ঠাৰি ,নলা ,আলু আটাইবোৰ খাদ্য ৰূপে ব্যবহাৰ কৰা হয় ৷ Thasso aithing wangakhree ( কচু নলৰ আঞ্জা) অতিকে জনপ্ৰিয় পাছলি ইয়াৰ উপৰি Kharokhandai Bibaar Ewnai ( তিতা ফুলৰ ভাজি ) অন্য এবিধ পৰম্পৰাগত খাদ্য ৷ আৰু আগত উল্লেখ কৰা শুকটা ( narzi) আন এবিধ পৰম্পৰাগত খাদ্য ৷ বড়োসকলে বাহঁগাজ ব্যৱহাৰ কৰি বনোবা আন এবিধ খাদ্য হৈছে বাঁহগাজৰ লগত খাহী গাহৰিৰ আঞ্জা ইয়াৰ কাৰণে তেওঁলোকৰ গাহৰিৰ মাংসৰ বিভিন্ন পদ্ধতিৰ ভিতৰত চকল চকল কৈ কটা বাঁহগাজৰ লগত ৰন্ধা আঞ্জা খন বহুতৰ প্ৰিয় ৷ বড়ো জনজাতিৰ আইতা কেইগৰাকী মানৰ পৰা শিকা এই আঞ্জাৰ উপকৰনঃ – গাহৰি মাংস ৫০০ গ্ৰাম , মজলীয়া আলু ২ টা , চকল চকল কৈ কটা বাহঁগাজ কেইটুকুৰা মান ৷ পিয়াজ ৩ টা ,বিলাহী ডাঙৰ এটা , আদা-নহৰু বটা ,জিৰা ধনীয়া গুৰি , শুকান জলকীয়া ,জাবৰাং,গোটা জালুক ,নিমখ আৰু তেল প্ৰনালীঃ প্ৰথমে কেৰাহী গৰম কৰি শুকানকৈ ৫ টা মান শুকান জলকীয়া ,জাবৰাং আৰু গোটা জালুক কেইটা ভাজি ললো তেল নিদিয়া কৈ ৷ তাৰ পিচত ধুনীয়া গোন্ধ ওলোৱাত নমাই পেস্ট কৰিব লাগে ৷ কেৰাহীত তেল গৰম কৰি ৰঙচুৱাকৈ পিয়াজ ভাজি লৈ মাংস খিনি দিব লাগে ৷ অলপ ভাজি আদা-নহৰু পেস্ট আৰু বাকী মচলা খিনি দি আকৌ অলপ ভাজিব লাগে ৷ আলু আৰু বাহঁগাজৰ টুকুৰা কেইটা দি ৫ মিনিট মান ভাজি তাত শুকান জলাৰ পেস্ট আৰু বিলাহী টুকুৰা কেইটা দি লগত নিমখ দি সামান্য ভাজিব লাগে৷ সুগন্ধী ওলাব আৰম্ভ কৰিলে পানী দি ৪০ মিনিট মান সিজিব দিব লাগে ৷ জুমাই (rice beer): জু বা জুমাই ( rice beer)হল বড়ো সমাজৰ পৰম্পৰাগত পনীয়৷ অসমৰ আন বোৰ জনজাতিৰ দৰে ইয়াক চাউল পছাই থলুৱা বনঔষধীৰ সহায় তৈয়াৰ কৰা হয় ৷বড়ো সমাজৰ মুখ্য আৰোধ্য দেৱতা বাথৌ বুঢ়াৰ পুজাত ও এইবিধ পনীয় ব্যবহাৰ কৰা হয় ৷ জুমাই দুই প্ৰকাৰৰ আছে Gishi ( wet) আৰু gwran ( dry) সোৱাদ ফৰাছী ৱাইনৰ সমতুল্য ৷ ইয়াৰ উপৰিও “চেৰেপ” ( rice whisky) আন এবিধ চোকা পনীয় ও ইয়াৰ আওতাত আহে কিন্তু ইমান বৈচিত্ৰময় বড়ো খাদ্য কিন্তু প্ৰচাৰৰ অভাৱত আজি পৰিচয়বিহীন হৈ আছে ৷চৰকাৰ বা আমি ৰাইজৰ সদইচ্ছাৰ অভাৱ ও মুল এটা কাৰন ৷ আহক আমি একেলগ হৈ এই সহজ সৰল মানুহ সকলৰ সুস্বাদু খাদ্য সমুহ বিশ্ব দৰৱাৰলৈ লৈ যাও ৷

উৎস-কৃষক বন্ধু,মানস জৌতি মিশ্ৰ জিলা কৃষি বিভাগ , বাগছা জিলা

3.02941176471
বড়ো জনগোষ্ঠীর ফল মুল May 15, 2019 08:05 AM

বড়ো জনগোষ্ঠীর ফল মুল

দিপ্তী সোনোৱাল Mar 24, 2019 08:48 PM

সোনোৱাল কছাৰী সকলৰ বিয়াৰ ৰীতি নীতি প্রায় 4000 শব্দৰে এটি আলোচনা

সঞ্জয় বৰ্মন Mar 11, 2019 07:33 PM

ৰাভা জনগোষ্ঠী আৰু লোকনৃত্যৰ বিষয়ে চমু আভাষ

সঞ্জয় বৰ্মন Mar 11, 2019 07:30 PM

বড়ো সকলৰ খাদ্য সম্ভাৰ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top