মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বসন্ত কালীন লোকউৎসৱ ভঠেলি আৰু সুঁৱৰি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বসন্ত কালীন লোকউৎসৱ ভঠেলি আৰু সুঁৱৰি

বসন্ত কালীন লোকউৎসৱ ভঠেলি আৰু সুঁৱৰিৰ বিষয়ে লিখা হৈছে ।

 

বসন্ত কাল অৰ্থাৎ সমস্ত প্ৰকৃতি ৰঙীণ। বসন্তৰ পৰশত যেন সাৰ পাই উঠে নৈ-নিজৰা, পৰ্বত-পাহাৰ, চৰাই-চিৰিকতি, পথাৰ, গছ-গছনি। বিহুগীতত কোৱাৰ দৰে মনবোৰ যেন কমোৱা তুলাৰ দৰে উৰিবলৈ ধৰে।

এই বসন্ত কালতেই গোটেই অসমজুৰি নানা উৎসৱ-পাৰ্বনৰ আয়োজন কৰা হয়। ব’হাগ মাহত উৎযাপন কৰা প্ৰায়বোৰ উৎসৱ-পাৰ্বনেই সাধাৰণতে ব’হাগ বিহুক কেন্দ্ৰ কৰিয়ে গঢ় লোৱা।

পুৰণি কামৰূপ জিলাৰ এটি উল্লেখযোগ্য বসন্তকালীন উৎসৱ হৈছে ভঠেলি। প্ৰথম ব’হাগৰ পৰাই একেবাৰে শেষ ব’হাগলৈকে জিলাখনৰ বিভিন্ন ঠাইত ভঠেলি উৎসৱ অনুষ্ঠিত কৰা হয়। ভূঁইথলী, ভস্থলিকা, মভংস্থলী, ভাটিয়ালী আদি শব্দৰ পৰা ভঠেলি শব্দৰ উদ্ভৱ হোৱা সন্দৰ্ভত বিভিন্ন মতবাদ পোৱা যায়। ভঠেলি উৎসৱৰ প্ৰধান দিশ দুটা।

ইয়াৰ এটা হৈছে পাৰ বা পাউৰা আৰু আনটো হৈছে ভঠেলি ঘৰ। ভঠেলিৰ পাউৰা বা পাৰবাঁহ জাতিবাঁহেৰে সাজে। গাঁৱৰ ৰাইজে ডাঙৰ-দীঘল, নিখুঁত জাতিবাঁহ এডাল কাটি আনি তাক চাঁচি-চুৰুকি তাত নানা ৰঙৰ কাপোৰ মেৰিয়ায়। এই কাপোৰবোৰক ‘পাৰৰ কাচ’ বোলে। পাৰ-বাঁহত বগা-ক’লা চোঁৱৰ বান্ধি দিয়া হয়। ভঠেলিত দুটাকৈ পাউৰা বা পাৰবাঁহ তোলা দেখা যায়। তাৰে এটা মতাপাৰ বা দৰা আৰু আনটো মাইকী পাৰ বা কইনা। মতাপাউৰাত চোঁৱৰ বান্ধে কিন্তু মাইকী পাউৰাত চোঁৱৰ নাবান্ধে। উল্লেখযোগ্য যে মতাপাৰটোক ওখকৈ আৰু মাইকীপাৰটোক চাপৰকৈ পোতা হয়। সাধাৰণতে যিখন গাঁৱত ভঠেলি পতা হয় সেইখন গাঁৱতেই মতাপাৰ প্ৰতিষ্ঠা কৰি ওচৰৰে কোনোবা ঠাইৰ পৰা মাইকীপাৰ অনা হয়। পাউৰা তোলাৰ সময়ত কিছুমান গীত গোৱা হয়। তেনে এটি গীত হ’ল,

এতদিনে পাউৰা দেৱে

আছিলা বাঁহৰে মাজতে

গৰখীয়া ছলিক লাগল পাই উঠিয়া কান্ধতে।

পাৰুৱা পাৰুৱা সবাতো কৰি সৰুৱা

নপৰিবা হালিহে।

পাৰুৱা তোলা ছলিগিলাই

ধৰিব তুমাকে দাঙিহে।।

আকৌ ভঠেলি ঘৰ বা ভঠেলিটো কলপটুৱাৰে সাজে। এই ঘৰটো ঘূৰণীয়া বা চাৰিকোণীয়া আৰু ক্ৰমে তলৰ পৰা ওপৰলৈ জোঙা। ভঠেলি ঘৰৰ ভিতৰত সিকি, আধেলি বা টকা ৰখা হয়। ইয়াত বুট, মাহ, চাউল, ফল-মূল আদি উপকৰণ থৈ গঞা-ৰাইজে নাম-কীৰ্তন কৰে। ভঠেলি উৎসৱৰ শেষত গাঁৱৰ এজাক ডেকাল’ৰা আহি ভঠেলি ঘৰটো ভাঙি তাৰ ভিতৰৰ পৰা পইচাখিনি লৈ যায় আৰু নৈবদ্যখনো ভগাই খায়। ইয়াকে ‘ভঠেলি ভঙা’ বোলে। আকৌ ডেকাহঁতে পুতি থোৱা পাৰকেইটা উঠাই ৰং-ধেমালি কৰি নিজ গাঁৱলৈ লৈ যায়। ইয়াৰ লগে লগে দিনটোৰ ব্যস্ততাৰ অন্তত সন্ধিয়া ভঠেলি উৎসৱৰ সামৰণি পৰে।

আনহাতে, সুঁৱৰি হৈছে দক্ষিণ কামৰূপত পালন কৰা বসন্তকালীন সামাজিক উৎসৱ। উৎসৱ উপলক্ষে সেই অঞ্চলৰ নিৰ্দিষ্ট কোনো স্থান সুন্দৰকৈ সজাই-পৰাই তুলি সেই স্থানলৈ বিভিন্ন দেৱ-দেৱীৰ বিগ্ৰহবোৰ গাখীৰ-পানী আৰু ফুল-তুলসী আদিৰে ধুৱাই, সজাই-পৰাই পৰম্পৰাগত ধৰ্মীয় আচাৰ আৰু নীতি-নিয়মেৰে লৈ আনি যথাস্থানৰ নিৰ্দিষ্ট বেদীত স্থাপন কৰে। বিভিন্ননে নিজৰ মঙ্গল কামনাৰ অৰ্থে দেৱ-দেৱীলৈ ফুল-তুলসীসহ নৈবদ্য আগবঢ়ায়।

স’ৰি বা সুঁৱৰি উৎসৱৰ বাবে নিৰ্দিষ্ট স্থানত কলৰ দোনাৰে এটি দধিমথনৰ মণ্ডপ তৈয়াৰ কৰা হয়। বেদীত মথনিমাৰি পাঁচডাল স্ধাপন কৰে। ইয়াৰ ওচৰতে পকা কলৰ থোক, গাখীৰ, মাখন আদিৰ কলহ আঁৰি থোৱা হয়। পৰৰ্বপ্ৰচলিত ৰীতি অনুসৰি পুৰুষে গোপীবেশ ধাৰণ কৰি দধিমথনৰ অভিনয় কৰে যদিও বৰ্তমান ছোৱালীয়েও এই ভাও দিয়ে। দথিমথনৰ ভাও শেষ হোৱাৰ পাচত পালন কৰা আন এটি অনুষ্ঠান হ’ল ডলা দিয়া বা ঠগী দিয়া। এই অনুষ্ঠানত কৃষ্ঞ-বলোৰামৰ উপৰি নন্দ-যশোদা, বাৰগোপাল, নাৰদ, গৰ্গমুণি আৰু বান্দৰৰ ভাও দিয়া চৰিত্ৰকেইটিমান থাকে। এওঁলোকে ৰভাৰ তলত নিৰ্দিষ্ট আসনত বহৈ আৰু ভক্তসকলে তেওঁলোকলৈ নৈবদ্য আগবঢ়াই তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে।

আকৌ সুঁৱৰি উৎসৱৰ আন এটি বিশেষত্ব হ’ল হাঁনাঘোঁৰা আৰু পাৰবাঁহ নৃত্যৰ প্ৰদৰ্শন। সাধাৰণতে বকো, গোলাইহাট আদি অঞ্চল বিশেষত উদ্‌যাপিত হোৱা সুঁৱৰি উৎসৱত উৎসৱটিৰ ধৰ্মীয় দিশৰ লগত সঙ্গতি ৰাখি এনেবোৰ নৃত্য প্ৰদৰ্শন কৰা হয়। গধূলিৰ লগে লগে ৰভাতলীলৈ অনা বিগ্ৰহবোৰ গাঁও ফুৰাবলৈ নিআ হয় আৰু তেতিয়াই স’ৰি উৎসৱৰ সামৰণি পৰে।

এনেদৰে জাতি-বৰ্ণ, ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে মনৰ ভেদা-ভেদ পাহৰি সমভাবে ভঠেলি আৰু সুঁৱৰি আদি উৎসৱসমূহত অংশ গ্ৰহণ কৰি মনত বিমল আনন্দ লাভ কৰে। সাম্প্ৰতিক কালত মানৱ-সমাজৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা ঐক্য আৰু সমন্বয় স্থাপন কৰাত এই লোকউৎসৱসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

লেখিকা: মমী শৰ্মা

উৎস: সাহিত্য.অৰ্গ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top