মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিভিন্ন জনগোষ্ঠীৰ গামোচাৰ পৰম্পৰা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন জনগোষ্ঠীৰ গামোচাৰ পৰম্পৰা :

বিভিন্ন জনগোষ্ঠীৰ গামোচাৰ পৰম্পৰাৰ বিষয়ে লিখা হৈছে ।

‘গামোচা গামোচা গামোচা

গুটি ফুলৰ গামোচা’

এই গুটি ফুলৰ গামোচাখন প্ৰতি জনগোষ্ঠীৰ অতি আদৰৰ অতি হেঁপাহৰ, অতি সন্মানৰ সম্পদ। অসমত বসবাস কৰা প্ৰতিটো জাতি-গোষ্ঠীৰ লোকৰে নিজা নিজা বৈশিষ্ট্যপূৰ্ণ অতি আদৰৰ গামোচা আছে। এনে গামোচাক একোটা জাতিৰ চিনাকি সূত্ৰ আৰু জাতি সত্তাৰ মূলাধাৰ বুলি কোৱা হয়। প্ৰতিটো জাতি-গোষ্ঠীৰ বিভিন্ন ৰঙৰ গামোচাক বিভিন্ন নামেৰে জনা যায়।

গামোচাত লিখি থ’লো

তোমাৰে নাম

তোমাক গামোচা দিবলৈ

কেতিয়াকৈ পাম।

এনেদৰে বিহুগীতত গামোচাৰ কথা পোৱা যায়। সি যি কি নহওক, অসমীয়া সমাজত গামোচা দুই ধৰণৰ। এবিধ হৈছে কৰাই সূতাৰে বোৱা, আনবিধ হৈছে ধলাই বা মাছৰাজ সূতাৰে বুটা বছা ফুলেৰে বোৱা গামোচা। ধলাই সূতাৰে বোৱা গামোচাবোৰ ঘৰত ডেকাসকলে বা বয়োজ্যেষ্ঠ লোকে পিন্ধে। কিন্তু বুটা বছা ফুলাম গামোচাবোৰ মূৰত বন্ধা, কঁকালত বন্ধাৰ উপৰি ডিঙিত লয়। এনেবোৰ গামোচা শৰাই, জাপি আদিৰ ছবিবোৰ ৰঙা আঁচুৰে ফুল তুলি অতি সুন্দৰকৈ বৈ উলিওৱা হয়। ইয়াৰ উপৰি আন এবিধ গামোচা অসমীয়া সমাজত অপৰিহাৰ্য- আনাকাটা গামোচা। আনাকাটা মানে হৈছে এখন মাত্ৰ তিনি হাত দীঘল, দুহাত বহলকৈ বোৱা গামোচা। গামোচাখনৰ মূৰৰ সূতাবোৰ দীঘলকৈ ৰাখি সুন্দৰকৈ গুঁঠি দিয়া হয়।

গামোচা সাধাৰণতে চাৰি প্ৰকাৰৰ পোৱা যায় -

১)আনাকাটা গামোচা

২)ফুলাম গামোচা

৩)শুচিসূচক গামোচা

৪)সাধাৰণ ঘৰত পিন্ধা গামোচা।

আনাকাটা ডঁহি থকা -

এই গামোচাখন ডাঙৰ, আঢ়ৈ হাত বহল, চাৰি হাত দীঘল ইয়াক কৰাই সূতাৰে বা মাছৰাজ পাট সূতাৰেও বোৱা হয়। এই গামোচাখন মাংগলিক কামত ব্যৱহাৰ কৰা দেখা যায়।

ফুলাম গামোচা -

বিভিন্ন লাজি সূতাৰে ফুল বছা ফুলাম এই গামোচাখন সভা-সমিতিৰ উপৰি মানাজনক সন্মান স্বৰূপে আগবঢ়োৱা হয়।

শুচি গামোচা:

এইবিধ গামোচাত ৰঙা আঁচুৰে কৃষ্ণ কৃষ্ণ ৰাম ৰাম আদি আৰ্হিৰে ফুল তুলি নামঘৰৰ থাপনাত থোৱা হয়।

সাধাৰণ গামোচা -

সাধাৰণ গামোচা সকলো জনগোষ্ঠীৰ লোকে পিন্ধা বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। বিভিন্ন কামত বা ঘৰত থাকোতে এই সাধাৰণ গামোচাখন পিন্ধি থাকে। গাঁও অঞ্চলত অকল অসমীয়াসকল নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকে এই সাধাৰণ গামোচাখন পিন্ধিয়ে কাম-কাজ কৰে। ফুলাম গামোচাখন বিহুত অপৰিহাৰ্য। ডেকা-গাভৰুৰ প্ৰেম, ভালপোৱাৰ অপূৰ্ব চানেকি বিহুৱানখন। সেয়েহে বিহুগীতত কোৱা হয় এইদৰে-

‘মৰমৰ দীঘ দি চেনেহৰ বাণী বৈ

হেঁপাহৰ আঁচুৰে বোৱা

সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান

মন দি এবেলি লোৱা’।

বিহুতলীত লাজৰ আৱৰণ খুলি বিহুবলিয়া ডেকাৰ কন্ঠৰে যেন নিগৰি ওলায়-

‘কেলৈনো বই কানি বিহুৱান লগাইছ/আছে কোন পিন্ধোৱা তোৰ, মাৰে বাপেৰে কিমান দিন তৰাব/কিয়নো নেপাত যোৰ’

বিহুৰ তাঁতশাল, গাভৰু আৰু বিহুৱানখনৰ যেন আছে এটা নিবিড় সম্পৰ্ক। ‘ৰাতি দুপৰলৈ কাটি সূতা লাহি ধনলৈ বিহুৱান ব’লো, ৰঙা আঁচুৰ বাছি পাণেকটা টিপতে লুকুৱাই থ’লো’।

বড়োসকলৰ আৰনাই -

বড়োসকলেও বিভিন্ন ৰং-বিৰঙৰ আঁচু সূতাৰে গামোচা বয়। এই গামোচা(আৰনাই) বড়ো কছাৰীসকলে সভা-সমিতিত দিয়াৰ উপৰি খেৰাই, বাগৰুম্বা আদি নৃত্য-গীতত ডিঙিত মেৰিয়াই লয়। কিছুমান গীত-মাতৰ সময়ত কঁকালত এই গামোচাখন বান্ধিও লয়। বড়ো, কছাৰী এটা গামোচাখন অতি আদৰৰ, জাতীয় বৈশিষ্ট্য আৰু জাতিটোৰ চিনাকি। ৰামধেনুৰ সাতো ৰঙৰ সমাৱেশেৰে বিভিন্ন ৰঙৰ আঁচু সূতাৰে বৈ উলিওৱা আৱণাইখন বড়ো জাতিক এটা স্বকীয় মহিমাৰে উজলাই তুলিবলৈ সক্ষম হৈছে।

শৰণীয়া কছাৰীৰ ‘মুকচা’:

শৰণীয়া কছাৰীসকলে গামোচাক মুকচা বুলি কয়। মুকচাত দুয়ো মূৰে বুটা বছা ফুল তুলি বগা মাছৰাজ লাহি সূতাৰে বৈ লৈছিল। এই গামোচা ডিঙিত লোৱাৰ উপৰি ডেকা(চেংৰা)সকলে পিন্ধেও। সম্প্ৰতি শৰণীয়া কছাৰীৰ মুকচাবোৰ সেউজীয়া ৰঙৰ, দুয়ো মূৰে বাঁহ গোসাঁইৰ ছবি বগা সূতাৰে তুলি অতি সুন্দৰ কৰি তৈয়াৰ কৰা। সেউজীয়া ৰংটো শৰণীয়া কছাৰীসকলে বৰ ভাল পায়। সেউজীয়া ৰঙৰ সৈতে ৰজিতা খুৱাই সেউজীয়া সাজ-পোছাক ব্যৱহাৰ কৰাটো শৰণীয়া কছাৰী জাতিটোৰ বৈশিষ্ট্য। ই হৈছে জাতিটোৰ সাংস্কৃতিক ঐতিহ্যবয়ন শিল্পৰ অপূৰ্ব চানেকি।

ৰাভাসকলৰ ‘পাজাৰ’ -

ৰাভা জনগোষ্ঠীটোৰ গামোচাখনক জনা যায় ‘পাজাদ’ বুলি। ই প্ৰায় এক ফুট বহল আৰু তিনি-চাৰি ফুটমান দীঘল বিভিন্ন ৰঙৰ আঁচুৰে বোৱা হয়। গামোচা বা পাজাৰ সাধাৰণতে হালধীয়া, ৰঙা, বেঙুণীয়া, বগা, ক’লা আচুৰে বোৱা হয়। দুয়ো মূৰে সুন্দৰকৈ দহি সূতা দীঘলকৈ ৰাখি বিভিন্ন বুটা বছা চানেকিৰে বোৱা দেখা যায়।

এই গামোচা(পাজৰ সভা-সমিতিত সম্বৰ্ধনা হিচাপে দিয়াৰ উপৰি নৃত্য আদিত এই পাজৰ কঁকালত আৰু ডিঙিত মেৰিয়াই লোৱা দেখা যায়। পাহাৰ ৰাভা জনগোষ্ঠীৰ অতি আদৰৰ আৰু সন্মানৰ প্ৰতীক।

মদাহি কছাৰীৰ ‘আলন’:

মদাহি কছাৰী জনগোষ্ঠীৰ গামোচা ‘আলন’। ই ৰঙা ৰঙৰ আঁচুৰে বোৱা আৰু দুয়ো মূৰে হালধীয়া আঁচুৰ ফুল তোলা। আলনৰ দুয়ো কাষ হালধীয়া পাৰ দি বোৱা। তেওঁলোকে বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আদিত ডিঙিত ‘আলন’ লয়। মহিলাসকলেও নৃত্য আদিত এই আলন লৈ নৃত্য কৰা দেখা যায়।

কোচ-ৰাজবংশীৰ ‘আওচাই’ -

কোচ-ৰাজবংশীসকলে গামোচাক আওচাই বুলি কয়। আওচাই প্ৰায় ডেৰ ফুটমান বহল আৰু তিনি-চাৰি ফুট দীঘল হালধীয়া ৰঙৰ। সাধাৰণতে কোচ-ৰাজবংশীসকলৰ পোটনিয়ে হওক বা আওচাই হওক হালধীয়া আঁচুৰে বৈ কাষত হালধীয়া সূতাৰে পাৰি দিয়ে। আওচাইৰ মূৰত সেউজীয়া আঁচু সূতাৰে ফুল তুলি সুন্দৰকৈ বোৱা হয়।

লেখক: ধনেশ্বৰ হুজুৰী(অসম বাণী)

2.89285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top