মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিষ্ণু ৰাভাৰ ইটো-সিটো
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিষ্ণু ৰাভাৰ ইটো-সিটো

বিষ্ণু ৰাভাৰ ইটো-সিটো

১) স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনৰ পিছত কোকৰাঝাৰ চহৰত এদিন হাহাকাৰ লাগি গ’ল- বিষ্ণু ৰাভা সপত্নীক গ্ৰেপ্তাৰ হৈছে। দতমা অঞ্চলৰঘিলাগুৰি গাঁৱত। এদিন খবৰ ওলাল ধুবুৰী-বঙ্গাইগাঁও চাটল ট্ৰেইনেৰে তেওঁক ধুবুৰীলৈ চালান দিয়া হ’ব। কোকৰাঝাৰ ষ্টেচন মানুহেৰে ঠাহ খাই পৰিছে। চন্তৰীবাহিনীৰ পহৰাৰে দুয়োৰে হাতত এডাল ৰচিৰে হেণ্ডকাফ লগাই মধ্যম শ্ৰেণীৰ দবা এটাত তুলি দিয়া হ’ল। গাড়ীৰ খিৰিকিয়েদি মুখখন উলিয়াই ৰাভাদেৱে ৰাইজক সম্বোধিলে- “ম‍ই খুনী নহয়, ডকাইতো নহয়। ম‍ই বিপ্লৱী, ম‍ই শিল্পী। ম‍ই ৰাইজৰ সেৱক। মোৰ জীৱন কাহিনী বিপ্লৱী শিল্পীৰ।” মানুহৰ মাজত গুণগুণনি উঠিল-“এৱেঁই নেকি বিষ্ণুৰাভা! এই সুন্দৰ-সুঠাম দেহা, সদা হাস্য মুখ, মনোমোহা মাত কথাৰে এইজন খুনী-ডকাইত হ’ব পাৰেনে বাৰু? এৰা!! এইজনা মেধী ডাঙৰীয়াৰ দিনত আৰু কত যে সঁচাই-মিছাই শুনিম!!” ইপিনে ৰাভাদেৱে কৈ গ’ল-“ম‍ই কোনো অপৰাধ কৰা নাই। ময়ো এই সমাজৰে মানুহ। সমাজ জীৱনৰ স্বাভাৱিক নিয়মমতে ম‍ই বিদ্ৰোহ কৰিছোঁ মাথোন।” গাড়ী প্লেটফৰ্ম এৰি গুছি গ’ল। মানুহবোৰে অতি আপোনজনক বিদায় দিয়াৰ দৰে ব্যথা-বেদনাহত দৃষ্টিৰে চাই ৰ’ল।
[উৎস: মণি ভৌমিকৰ “কমৰেড বিষ্ণুৰাভা অমৰ ৰহে”। গ্ৰন্থ: সৈনিক শিল্পী বিষ্ণুৰাভা]

(২) “১৯৬২ চনত চীনা আক্ৰমণৰ আশংকাত তেজপুৰবাসী যেতিয়া সন্ত্ৰস্ত হৈ পৰিছিল, দেশৰক্ষা আৰু ৰাইজক সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দোতে মাতৃহীন দুটি শিশুক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিছে তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি সাতমাহ সুদূৰ উৰিষ্যাত কাৰাৰুদ্ধ কৰি ৰাইজৰ সেৱাৰপৰা বঞ্চিত কৰিবলৈ বিচাৰিছিল। কিন্তু বিচলিত হোৱা নাছিলোঁ। পাইছিলোঁ নতুন বল।” -মৃত্যুৰ এমাহমান আগতে ১৫ মে’ তাৰিখে বিষ্ণুৰাভাই কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্যিক শাখাৰ ৰূপালী জয়ন্তী উপলক্ষে লিখা শুভেচ্ছাবাণীত এনেদৰে লিখিছিল।
[উৎস: মণি ভৌমিকৰ “কমৰেড বিষ্ণুৰাভা অমৰ ৰহে”। গ্ৰন্থ: সৈনিক শিল্পী বিষ্ণুৰাভা]

(৩) চেঁচামুখত অনুষ্ঠিত সভা এখনৰ কথা। সভা আৰম্ভ হোৱাৰ আগতে এঘৰ মানুহৰ চোতালত গঞা-ৰাইজৰ সমাগম হৈছে। ৰাভাক অনুৰোধ কৰা হ’ল- স্বৰচিত গান শুনাব লাগে। হাৰমণিয়ামটো আগত লৈ তেওঁ গান জুৰিলে-“মোৰ কবিতাৰ চন্দ লাগি মোৰ সোণৰ সপোন ভাঙেনে?” হিয়া উজাৰি গোৱা ৰাভাৰ কণ্ঠ‍ই উপস্থিত গঞাৰ কলিজা স্পৰ্শ কৰিলে। সকলোৱে নিস্তব্ধ হৈ গান শুনি তাৰ প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ সভাস্থলীত গৈ ঠাই  ল’লে।
[উৎস: কমলা মজুমদাৰৰ “মোৰ দৃষ্টিত বিষ্ণুপ্ৰসাদ ৰাভা”। গ্ৰন্থ: সৈনিক শিল্পী বিষ্ণুৰাভা।]

(৪) প্ৰায়েই ৰাইজৰ মাজত, ৰাইজৰে এক অংশ হৈ থকা বিষ্ণুৰাভাক বহুতেই “বিষ্টু ৰাভা” বুলিহে মাতিছিল। বহুতৰ কাৰণে তেওঁ আকৌ বড়ো ভাষাত “আদা ৰাভা”(ৰাভা ককাইদেউ)হে আছিল। সেই সকলক ৰাভাদেৱে আগৌই (মোৰ ভাইটি) বুলি সম্বোধন কৰিছিল।
[উত্‍সঃ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ “বিষ্ণু ৰাভাৰ সান্নিধ্যৰ ৰূপৰেখা”। গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা।]

(৫) বহুগুণাকৰ ৰাভাদেৱে নগাপাহাৰ অসমৰ পৰা বিচ্ছিন্ন হওঁতে দুখ কৰি কৈছিল-“আগাই, মোক আজি অসম চৰকাৰে দায়িত্ব দিয়ক, ম‍ই ভূপেন হাজৰিকাহঁতক লৈ এটি প্ৰতিনিধি দলৰূপে গৈ অসমৰ লগত নগা ৰাইজক একলগ কৰি ৰাখিবলৈ চেষ্টা চলাম।”
[উৎস: ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ “বিষ্ণু ৰাভাৰ সান্নিধ্যৰ ৰূপৰেখা”। গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা।]

(‍৬) ৰাভাই অৰ্থদান কৰিছিল মানুহৰ পূজাতহে। সোণৰ চামুচ মুখত লৈ পৃথিৱীৰ পোহৰলৈ আহিছিল বিষ্ণু ৰাভা। পিতৃৰ অবিহনেও সমৃদ্ধিৰ মাজতে চলিব পৰাকৈ থৈ গৈছিল ২৫০০ বিঘা মাটিৰ বিৰাট জমিদাৰী, লগতে থৈ গৈছিল চৰকাৰৰ ঘৰত ভাল চাকৰি পোৱাৰ সুযোগ। চৰকাৰে মাতি নি পুলিচ বিভাগত ভাল চাকৰিও যাচিছিল যাক তেখেতে প্ৰত্যাখ্যান কৰিলে। স্বৰ্গীয় অমিয় কুমাৰ দাসদেৱে শিক্ষা বভাগৰ মন্ত্ৰী হৈ থাকোঁতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভাল চাকৰি এটা দিয়াৰ বাবে ৰাভাৰ লগত কথা হৈছিল। ল’বলৈ মান্তি হৈয়ো পাছত তেখেতে তাকো নলৈ কাগজতে এক বিবৃতি দি প্ৰত্যাখ্যান কৰিলে।
[উৎস: চন্দ্ৰধৰ গোস্বামীৰ “জনতাৰ শিল্পী বিষ্ণু ৰাভা মানুহজন”। গ্ৰন্থ: সৈনিক শিল্পী বিষ্ণুৰাভা। ]

(৭) বিষ্ণুৰাভাই প্ৰায় সদায় পুৱা গাইছিল- শৃন্বন্তু বিশ্ব অমৃতস্য পুত্ৰাঃ অৰ্থাত্‍ শুনা বিশ্বজন তোমালোক অমৃতৰ সন্তান। কলাৰ প্ৰায়বোৰ দিশতেই বষ্ণুৰাভাৰ দক্ষতা আছিল। কিন্তু তেওঁৰ খেয়ালি মনে যেতিয়াই যিটোত মন যায়, তাতেহে লাগি পৰিছিল। সেয়ে কলাৰ কোনো এটা দিশতেই তেওঁ একাণপটীয়াকৈ লাগি থাকিব নোৱাৰিছিল। তেজপুৰৰ বাহিৰত দিহিঙে-দিপাঙে ঘূৰি হিয়া বিচাৰি ফুৰা বাবেই বাণ থিয়েটাৰৰ লগত জড়িত হৈয়ো বৰ বেছি অৱদান যোগাব পৰা নাছিল। বাণ থিয়েটাৰত তেওঁ বিশেষ গুৰুত্ব দিয়া দিশটো আছিল সংগীত।

১৯৩৫ চনৰ সপ্তমী পূজাৰ নিশা মঞ্চস্থ হোৱা ’কাৰেঙৰ লিগিৰী’ নাটকত সুদৰ্শনৰ চৰিত্ৰটোৰ যোগেদি তেওঁ অভিনয় প্ৰতিভাৰ প্ৰমাণ দিছিল। সুন্দৰ অভিনয় আৰু “মোৰে জীৱনৰে সখা কৃষ্ণ” গীতটোৰে তেখেতে দৰ্শকৰ মনত এক গভীৰ ৰেখাপাত কৰিছিল।
ঐতিহাসিক বা পুৰাণিক নাটকৰ চৰিত্ৰ ৰূপায়িত কৰাত তেখেত আছিল সুনিপুণ। ’দিগ্‌বিজয়’ নাটকত ’নাদিৰ শ্বাহৰ’ চৰিত্ৰৰ অভিনয়ৰে ফুটাই তুলিছিল মানিৰ শ্বাহৰ দেশ জয়ৰ উন্মাদনা। সেইদৰে ’কংস’ নাটকত ’কংস’ চৰিত্ৰৰ নিষ্ঠুৰতা আৰু দুৰ্দান্ততা সুন্দৰভাৱে প্ৰকাশ কৰিছিল।
[উৎস: চন্দ্ৰধৰ গোস্বামীৰ “জনতাৰ শিল্পী বিষ্ণু ৰাভা মানুহজন” । গ্ৰন্থ: সৈনিক শিল্পী বিষ্ণুৰাভা।]

(৮) বিষ্ণুৰাভাৰ প্ৰথম সামাজিক নাটকৰ অভিনয় হ’ল শ্বৰ্গীয় ফণী শৰ্মা ৰচিত Satire ব্যঙ্গ নাটক ’গঙ্গাটোপ’ত গেঠুৰ চৰিত্ৰ। এই চৰিত্ৰটোত বিষ্ণুৰাভাই ইমানেই সুন্দৰ অভিনয় কৰিছিল যে দৰ্শকসকল আপ্লুত হৈ পৰিছিল। এই নাটকখনক পিছলৈ শৰ্মাদেৱে MLA নামকৰণ কৰে আৰু পিছত পূৰ্ণাঙ্গ নাটকত পৰিণত কৰি ’কিয়’ নাম দিয়ে।

এই নাটক সম্পৰ্কীয় আড্ডাতেই থিয়েটাৰৰ ওপৰত এদিন আলোচনা হ’ল আৰু ডেকাচামৰ থিয়েটাৰ-নাটকৰ প্ৰতি অনীহা দেখি বিষ্ণুৰাভা, ফণী শৰ্মা আৰু চন্দ্ৰধৰ গোস্বামীদেৱে থিৰাং কৰিলে যে তেওঁলোকে এটা অনুষ্ঠান খুলিব আৰু ভৱামতেই “নাট্যসংঘ”ৰ জন্ম হ’ল। এই সংঘৰ জৰিয়তে তেওঁলোকে ’কিয়’ নাটকখন লৈয়েই বিভিন্ন প্ৰান্তত অভিনয় কৰিবলৈ ধৰিলে। আৰু আচৰিত যে গেঠুৰ চৰিত্ৰত বিষ্ণুৰাভা, ’ৰত্নেশ্বৰ বৰুৱা’ৰ চৰিত্ৰত ফণী শৰ্মা আৰু মুখ্য চৰিত্ৰ ’প্ৰদীপ’ৰ চৰিত্ৰত চন্দ্ৰধৰ গোস্বামীৰ বাহিৰে আনবোৰ চৰিত্ৰ স্থানীয় শিল্পীৰ দ্বাৰাই অভিনীত হ’ল। নাটকখনত ’গেঠু’ৰ চৰিত্ৰটো এক সাধাৰণ চৰিত্ৰ আছিল যদিও অসাধাৰণ অভিনয়েৰে ৰাভাদেৱে ৰাইজক মুহি পেলাইছিল। সৰু চৰিত্ৰ বুলি তেওঁ কোনোদিনে আপত্তি কৰা নাছিল।

এই প্ৰচেষ্টাত সফল হোৱাত, ৰাইজৰ মাজত নাট্যপ্ৰীতি জগাই তোলাত সফল হোৱাত এইবাৰ শৰ্মা আৰু ৰাভাদেৱে উপাৰ্জনৰ আশা মনত লৈ “চিৰাজ” নাটকখন লৈ ওলাল। এইবাৰো তেওঁলোকে “আঘোণা”ৰ চৰিত্ৰত বিষ্ণুৰাভা আৰু “চিৰাজ”ৰ চৰিত্ৰত ফণী শৰ্মাৰ বাহিৰে আনবোৰ চৰিত্ৰত স্থানীয় শিল্পীকেই ল’লে। এইবাৰো তেওঁলোক সফল হ’ল। এনেকৈ নাট্যজগতৰ লগত জড়িত হৈ আছিল বিষ্ণুৰাভা।

[সমল গ্ৰন্থ: সৈনিক শিল্পী বিষ্ণুৰাভা ।]

৯) চীনা যুদ্ধৰ সময়। পুহ কি মাঘ মাহ। বৰমাৰ ফালৰ পৰা এজন মস্ত মানুহ লাইন বাছৰ শেষ চিটত বহি আছে। পিচৰ হেন্দিমেনজনে তেওঁৰ লগত নেচনেল হাইৱেৰ কথা পাতি গৈ আছে।

বৰমাৰ পৰা অলপমান আগত টালি-টোপোলা লৈ কেইগৰাকীমান তিৰোতা মানুহ বাছখনত উঠিল। ঘগ্ৰাপাৰৰ ফালে যাব। এজনী মাইকী মানুহ এজন ভদ্ৰলোকৰ গাতে ঠেলা-হেচা সহিব নোৱাৰি পৰি গ’ল। মানুহজন গেৰগেৰাই উঠিল। কিবা কৰি পৰিস্থিতি শান্ত হ’ল। পাচে অলপ পাচত আন এগৰাকী মহিলাইহে অথন্তৰটো লগালে। দিলে নহয় তেওঁ গাড়ীতে বমি কৰি। ওচৰত থকা মানুহকেইজনৰ চুলিৰ আগে খঙ উঠিল। তেওঁলোকে এবাৰ মানুহজনীক এবাৰ হেন্দিমেনক উধাই-মুধাই গালি পাৰিবলৈ ধৰিলে। উপায়তো নাই। হেন্দিমেনজনে গাড়ী ৰখাই ৰাস্তাৰ কাষৰ বালি আনিবলৈ লৰ দিলে।

তেনেতে আহিল ডাঙৰ মূৰৰ মানুহজন। তেওঁৰ গাত থকা এৰী চাদৰখনেৰে বমি কৰা চিটটো আৰু চিটিকি পৰা বমিবোৰ মচি পুনৰ সেইখনকে গাত মেৰিয়াই গাড়ী চলাবলৈ দিলে। ড্ৰাইভাৰে গাড়ী চলাই দিলে। হেন্দিমেনজনো কোনোমতেহে আহি দৌৰি উঠিলহি। প্ৰকাণ্ড মূৰৰ মানুহজনলৈ সকলোৱে তভক মাৰি চাই ৰ’ল। ইজনে সিজনৰ মুখলৈ চোৱা-চুই কৰিব ধৰিলে। হেন্দিমেনজনে বমিৰ গোন্ধ কমাবলৈ গাড়ীৰ দুৱাৰখন মেলি ধৰিলে।

এনেতে গলগলীয়া মাতেৰে মানুহজনে চিঞৰিলে, ৰাখি দিয়ক। গাড়ীৰপৰা নামি প্ৰকাণ্ড মূৰৰ মানুহজনে সৰিয়হতলীলৈ যোৱা বাটটোৰে মিলিটেৰী বেগত যাবলৈ ধৰিলে। সকলো যাত্ৰীৰ দৃষ্টি মানুহজনৰ ওপৰত।
ড্ৰাইভাৰজনে ওচৰৰে মানুহ এজনক সুধিলে- এইজন কোন চিনিছেনে?

-নাই, কোন?-

বিষ্ণু ৰাভা।

একেলগে কেবাজনো মানুহৰ কণ্ঠৰপৰা ওলাল : বিষ্ণু ৰাভা !! অ’ কমিনিচ বিষ্ণু ৰাভা !! কোনোৱাই কৈ উঠিল: নহয়, কমৰেড বিষ্ণু ৰাভা !!

বিষ্ণুৰাভাৰ মূৰত তেতিয়া গ্ৰেপ্তাৰী পৰোৱানা। পুলিচে বিচাৰি ফুৰা বিষ্ণুৰাভা এইজনেই বুলি জানি ঘগ্ৰাপাৰ অভিমুখী তিৰোতাকেইগৰাকীয়ে কান্দিয়েই পেলালে।

(কাহিনীভাগৰ অনুলেখক: সমীন্দ্ৰ হুজুৰী, সৈনিক শিল্পী বিষ্ণু ৰাভা)

(১০) ১৯৬৭ চনৰ কোনো এটা দিন। অসম বিধানসভাৰ কথা। শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ বিপক্ষে বিৰোধী দলে নানা তথ্যপাতি উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ দিছে — চৰকাৰ পক্ষয়ো উত্তৰ দিলে। বিধানসভা উত্তেজিত হৈ উঠিছে। অধ্যক্ষৰ আসনত হৰেশ্বৰ গোস্বামীদেৱ। বিধায়ক ৰাভাদেৱে থিয় হৈ অধ্যক্ষ মহোদয়ক সম্বোধি ক’লে –“ৰজা-প্ৰজা, পিতা-পুত্ৰ সম্বন্ধ –এতিয়া ৰজা নাই যিহেতু ভাৰত এখন গনতান্ত্ৰিক দেশ। চৰকাৰেই ৰজা –এতিয়া আমাৰ চৰকাৰ কংগ্ৰেছ চৰকাৰ –কংগ্ৰেছেই আমাৰ পিতা। এই পিতাই আগতে আমাক বৰ মৰম কৰিছিল। তেতিয়া আমি মাতিলে মাতিছিল। সুখ-দুখত আমাৰ প্ৰতি যত্ন লৈছিল। চোৱা-চিতা কৰিছিল। এতিয়া আমি মাতিলেও নেমাতে, মাতবোল নিদিয়ে, মৰমো নকৰে। হাত-ভৰি নলৰে লৰ-চৰো নকৰে। নাকত শ্বাস-প্ৰশ্বাসো নাই, চকুও নেমেলে, কাণেৰেও নুশুনে। কথা কি হ’ল? গাত হাত দি চাওঁ শৰীৰ জঠৰ হৈছে। কংগ্ৰেছ চৰকাৰ –আমাৰ পিতাৰ মৃত্যু হৈছে। অধ্যক্ষ মহোদয়, আপুনিও আহক –পিতাৰ মৃতদেহ গেলি-পচি দুৰ্গন্ধ নোলোৱাতে আমি সকলোৱে ধৰাধৰি কৰি বৰ লুইতৰ বুকুত উটাই দিওঁ।” বিধানসভাত হৰ্ষধ্ধনিৰে হাত চাপৰিৰ জাউৰি উঠিল। কিন্তু সংখ্যাগৰিষ্ঠ বিধায়কৰদ্বাৰা গঠিত চৰকাৰ হেতুকে অনাস্থা প্ৰস্তাৱ নাকচ হ’ল। সিদিনাৰ বিধানসভাৰ বিৰতিৰ পিচত বাহিৰত চৰকাৰ পক্ষৰ প্ৰবীণ কংগ্ৰেছী বিধায়ক মাননীয় শ্ৰীদেৱেশ্বৰ শৰ্মাই ৰাভাদেৱৰ গাত থপৰিয়াই ধন্য ধন্য বুলি প্ৰশংসা কৰিছিল।

[সৈনিক শিল্পী বিষ্ণুৰাভা, ধূপাৰাম বসুমতাৰীৰ লিখি পঠোৱা ৰচনাৰ পৰা লোৱা হৈছে]

(১১) ভেশচন কৰাত ৰাভা মহা পাকৈত আছিল। এদিনৰ কথা, বাৰিষাকাল ৰাভা ৰোষত পৰি আত্মগোপন কৰি আছেহি নলবাৰীৰ উত্তৰে পাগলাদিয়া নদীৰ পশ্চিম পাৰে এঘৰ মানুহৰ ঘৰত। চৰকাৰৰ আৰক্ষী বাহিনীয়ে গম পাই গোটেই ৰাতি সশস্ত্ৰ পহৰা দি আছে, ৰাতি পুৱালেই তেওঁক আটক কৰিব। তেতিয়া বাৰিষা কাল। পাগলাদিয়া নদী পানীৰে উপচি পৰিছে। দোকমোকালিতে কান্ধত এখন নাঙল, মূৰত জাপি, হাতত এডাল লৰু, গাত এটা ফটা চোলা আৰু আঁঠুৰ ওপৰৰ পৰা এখনি পুৰণা গামোচা কঁকালত পিন্ধি এজন বড়ো কছাৰী জনজাতীয় খেতিয়কৰ বেশত এহাল গৰু খেদি পহৰাত থকা আৰক্ষী বাহিনীৰ আগেৰে ৰাভা ওলাই গ’ল। আৰক্ষী বিষয়া এজন মুখামুখি হোৱাত বিষয়াজনে তেওঁক ৰাভাৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিলে- “আমি খব নাফাৰং কুনি বিষ্ণু ৰাভা” বুলি কৈ আগেৰে ৰাভা গুছি গ’ল। আৰক্ষী বিষয়াই ততকে ধৰিব নোৱাৰিলে। কিছুদূৰ গৈয়ে সুযোগ সুবিধা বুজি গৰুহাল, কান্ধৰ নাঙল আৰু মূৰৰ জাপি থিতাতে থৈ ফেনে ফোটোকাৰে বাঢ়ি অহা পাগলাদিয়া নৈ পাৰ হৈ পূৱ পাৰত উঠি এখন নিৰাপদ ঠাইত আশ্ৰয় ললেগৈ।
-ধূপাৰাম বসুমতাৰী, সৈনিক শিল্পী বিষ্ণুৰাভা

(১২) জন্ম ১৯০৯ চনত ঢাকাত। দেউতাক ইষ্টাৰ্ণ ৰাইফলৰ চুবেদাৰ মেজৰ; তেতিয়াৰ পূৰ্ববঙ্গ আৰু অসমৰ গবৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা। তেজপুৰৰ পৰা মেট্ৰিক পাছ কৰি কলিকতাৰ ছেণ্ট পলছ কলিজত নাম লগালেগৈ ৰাভাই। তাৰপৰা আই,এছ,ছি পাছ কৰি ৰিপন কলিজলৈ গ’ল। কিন্তু কিছুদিন পিছত ৰিপন কলেজ এৰি থৈ কোচবেহাৰৰ  ভিক্টোৰিয়া কলেজলৈ আহিল আৰ্টছ পঢ়িবলৈ। কলেজীয়া জীৱনত ৰাভা আছিল দক্ষ খেলোৱাৰ। কোচবেহাৰত থাকোঁতেই ৰাভা আকৃষ্ট হ’ল স্বদেশী আন্দোলনৰ প্ৰতি আৰু ক্ৰমে তেওঁ ছাত্ৰ সমাজৰ নেতা হৈ উঠিল, সেই সময়ত কোচবেহাৰত দুজন বিষয়াৰ বিৰুদ্ধে জন-বিক্ষোভৰ সৃষ্টি হৈছিল। এজন আছিল হাকিন্সন আৰু আনজন আছিল ৰাজদেৱান খাস্তগীৰ হঠাৎ এদিন পুৱা ৰাজপ্ৰসাদৰ প্ৰধান দুৱাৰত দেখা গ’ল আঠা মাৰি থোৱা এখন কাগজ। লিখা আছিল-

ৰাজ্যে আছে দুইটি পাঠা

একটি কালো একটি সাদা

ৰাজ্যেৰ যদি মঙ্গল চাও

দুইটি পাঠাই বলি দাওঁ।।

এজন অসমীয়া ছাত্ৰই বঙালীত এনে সুন্দৰ ছড়া লিখি প্ৰহৰীৰ চকুত ধূলি মাৰি একেবাৰে যে ৰাজদুৱাৰত লগাই থৈ আহিব পাৰে তেনে কথা কোনে ভাৱিব পাৰে? যিয়েই নহওক কোচবেহাৰৰ পৰা ৰাভা বিতাড়িত হব লগা হ’ল।
[উত্‍স: সৈনিক শিল্পী বিষ্ণুৰাভা, অসমৰ শিল্পী সৈনিক: বিষ্ণু প্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস]

সংগ্ৰাহকঃ ধ্ৰুৱজ্যোতি শৰ্ম্মা

2.98387096774
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top