মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিহুগীতত ঢোলৰ প্ৰাসংগিকতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিহুগীতত ঢোলৰ প্ৰাসংগিকতা

জাতীয় জীৱনৰ সকলো উচ্ছাস , আশা-আকাংক্ষা , ৰং-আনন্দ , আৱেগ-অনুভূতি জড়িত বিহু আমাৰ অসমীয়া জাতিৰ প্ৰাণ ।‌

বিৱৰণ

জাতীয় জীৱনৰ সকলো উচ্ছাস , আশা-আকাংক্ষা , ৰং-আনন্দ , আৱেগ-অনুভূতি জড়িত বিহু আমাৰ অসমীয়া জাতিৰ প্ৰাণ ।‌ বিহুত অসমীয়া জাতিৰ প্ৰাণৰ প্ৰতিটো স্পন্দন, প্ৰতিটো নিশ্বাস-প্ৰশ্ৱাস , প্ৰতিটো অনুভূতি , জীৱনৰ কামনাবাসনা , আগ্ৰহ হেঁপাহ চিৰ প্ৰবাহিত, চিৰ প্ৰতিফলিত হৈ আহিছে ।‌ বিহুৰ লগত অসমীয়া জাতিৰ প্ৰাণ এনেভাৱে সাঙোৰ খাই আছে যে বিহুক বাদ দিলে অসমীয়া জাতিৰ কৃস্টি-সংস্কৃতি, সভ্যতা আনকি সাহিত্যৰ বৰ মজিয়াখনো উৰুঙা হৈ পৰিব ।‌বসন্তৰ পৰশ লাগি জাতিষ্কাৰ হৈ উঠা প্ৰকৃতিৰ বুকুত অসমীয়া মানুহে প্ৰাণৰ হেঁপাহেৰে গীত গায়, বাদ্য বজায় আৰু সমজুৱাকৈ নৃত্য কৰে ।‌ বিহুৰ আগমনত নাৰী পুৰুষ উভয়েই আনন্দত উৰুলিকৃত হৈ ৰচনা কৰে জাতে জাতে বিহুগীত ।‌ উন্মুক্ত হৃদয়ৰ আৱেগে পাহি মেলে ।‌ হৃদয়ৰ আকুলতা প্ৰকাশক অসংখ্য বিহুগীত অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে ।‌ সেই গীতসমূহত মনৰ বিচিত্ৰ অনুভূতিৰ প্ৰকাশ লক্ষ্য কৰিবলগীয়া ।‌সমাজৰ নানা ৰীতি-নীতি , আচাৰ-ব্যৱহাৰ আৰু জীৱন-যাত্ৰাৰ ছবিৰ মাজত মানব মনৰ বহুতো কল্পনা ,সুখ দুখৰ অনুভৱ আৰু ব্যক্তিগত জীৱনৰ পোৱা নোপোৱা , মিলন বিৰহৰ কথাৰে বিহুগীতবোৰ সমৃদ্ধ ।‌ বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত ৰচিত হোৱা বিহুগীতবোৰ অধ্যয়ন কৰিলে মানৱ মনৰ বিচিত্ৰ প্ৰকৃতিৰ উমান পোৱা যায় ।‌মানব মন কেতিয়াবা হৈ পৰে আৱেগ বিভোৰ , কেতিয়াবা বুদ্ধিদীপ্ত , কেতিয়াবা আকৌ শোক বিহ্ৱল ।‌ এনেধৰণে বিহুগীতৰ মাজেদি হৃদয়ৰ ভাব অনুভূতিৰ চিত্ৰ বিচিত্ৰ ৰূপ প্ৰকাশ পোৱা দেখা যায় l

দ'ল যেন নাহৰৰ চূড়াবৰত ফুল ফুলাৰ লগে লগে বিহুলৈ যে সৰহদিন নাই সেই কথা যেন কোনেও ক'ব নালাগে।‌ তাতে আকৌ ধিনিকি-ধিন-দাও ঢোলৰ মাত শুনি মনৰ আৱেগ ৰোধিব নোৱাৰি গাই-

"চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি

নাহৰ ফুল ফুলিবৰ বতৰ,

ফুল পানী ছিগাত গৈ ঢোলৰ মাত শুনি

থেকেছি ভাঙি যাওঁ যঁতৰ ।‌"


অতীজৰে পৰা অসমীয়া সমাজ মুখৰিত হৈ অহা গীত মাতসমূহৰ মাজত বিহুগীত অন্যতম ।‌ ঢোল নহ'লে বিহু নপকে।‌ ঢোলৰ চাপৰিত গা উঠে, এপাক নাচিবলৈ মন যায় ।‌ ঢোলৰ মাতত মন ৰাঁই-জাঁই কৰে ।‌ গা নাচি উঠে ।‌ বিহুতলীত ঢোলৰমাত শুনি ভাত কাঁহীতে থৈ ঢাপলি মেলে ।‌

" ঢোলত চাপৰ মাৰি ঢুলিয়া ওলালে

বহি বৈ আছিলো তাত

টোপোলাৰে সেন্দুৰ টোপোলাতে থাকিল

খাবলৈ নেপালো ভাত ।‌"

 

ঢোল সম্পৰ্কত বিভিন্ন জুনা(মালিতা)

ঢোল সম্পৰ্কত বিভিন্ন জুনা(মালিতা) পোৱা যায়।‌ অতীতৰ মংগো-অষ্টিকসকলৰ মতে শস্যৰ ওচৰত বাদ্য বজাই নৃত্য কৰিলে উৰ্বৰা শক্তি বৃদ্ধি পায় ।‌ এয়াই ঢোলৰ বিশেষত্ব বঢ়াই আৰু ই সময়ৰ সোঁতত অসমীয়া সংস্কৃতিৰ এপদ সম্পদহৈ পৰে ।‌


"ইফালে ঢোলৰ মাত সিফালে ঢোলৰ মাত

মাজত সোৱণশিৰি নৈ

মুগা ৰিহা পিন্ধি নাচিবলৈ ধৰিবি

থাকিব নোৱাৰোঁ ৰৈ ।‌"

 

ঢোলৰ বিশেষত্ব

সাধাৰণতে কাঠ, বাঁহ, মাটি অথবা কোনো ধাতুৰ ফোপোলা খোল বা গাঁঠনিৰ দুয়োমূৰে কোনো জন্তুৰ ছাল আবৃত বাদ্যযন্ত্টি হাতেৰে অথবা মাৰিৰে আঘাত কৰি সাংগীতিক ধ্বনি সৃষ্টি কৰে ।‌ এয়েই ঢোল ।‌ ঢোল বিভিন্ন প্ৰকাৰৰ আছে ।‌বিহুঢোলৰ আকৃতি মজলীয়া ।‌ ইয়াক নিৰ্মাণৰ বাবে আম-কঁঠালৰ মাজ অংশ বিশেষ উপযোগী।‌ বিহুঢোল দীঘলে প্ৰায় ৪৫ ছে মি আৰু ব্যাস প্ৰায় ৩০ছে মি বা তাতকৈ কিছু বেছি হোৱা প্ৰয়োজনন।‌ ইয়াৰ মাৰিৰে বজোৱা সোঁফালটো গৰুৰ ছালৰ আৰু হাতেৰে বজোৱা বাওঁফালৰ অংশ ছাগলীৰ ছালৰ।‌ ঢোলৰ বাওঁফালৰ বহল অংশক 'তালি' আৰু সোঁফালটোক 'কোবা' বা 'কোবনি' বোলে, এই অংশটো বাওঁফালতকৈ এক ইঞ্চিমান ঠেক।‌ মিহি আৰু সৰু বৰতিৰে তলি আৰু কোবনিক টনাটনি কৰি,কমেও ৩২ডাল বৰতিৰে ঘনকৈ বন্ধা হয়। বৰতি লৰিলে সৰ লৰে।‌ ঢোল চোৱা ছাল দুখনৰ নাম চাৱনি বা ছোৱা চাল।‌ বিহুঢোলৰ ডাঙৰফালে কাটনি ছাল লগোৱা হয়।‌ এডাল ১০ইঞ্চিমান দীঘল বাঁহৰ মাৰিৰে ঢোল বজোৱা হয়।‌

"চামগুৰি হাটতে ঢোলে গিৰগিৰাই

ঢোলৰে কি কি নাও,

এটা আমৰে এটা চামৰে

বাঁহৰ মাৰি সাজি বাওঁ ।‌"

 

"ঢোলৰ নাম উৰুলি ঢোলৰ নাম কুৰুলি

ঢোলতো বিন্ধিলে ঘুণে;

মৰাণৰ মুচিয়া ঘৰত নাইকিয়া

ঢোলে চাই দিব কোনে!"

 

ঢোল অসমীয়া এক পবিত্ৰ দেৱবাদ্য স্ৱৰূপ

ঢোল অসমীয়া এক পবিত্ৰ দেৱবাদ্য স্ৱৰূপ।‌ ঢোল শব্দৰ মূল সংস্কৃত ঢোলঃ (পুংলিঙ্গ) শব্দ।‌ ইয়াৰ লগত নৈসৰ্গিক জগতৰো সম্পৰ্ক থকা বুলি কোৱা হয়।‌ অতীতৰে পৰা বিহুনামত ঢোলৰ বিশেষত্ব ধুনীয়াকৈ দেখা যায়।‌ ঢোলৰ মাত শুনিলেই গাত বিহু বিহু লাগে।‌ বিহুগীত যিদৰে লোক-কৃস্টিৰ এক অমূল্য সম্পদ।‌ ঠিক সেইদৰে বিহুগীতত ঢোলৰ উপযোগিতা বহুল।‌ বিহুগীতত কোৱা হয়- "ঢোলটি বাবৰে তিনিটি আঙুলি

মাজৰে আঙুলি লৰে

পুৰুষৰ আঙুলি যতেকে লৰিব

ততেকে জেউতি চৰে ।‌"

ঢোল পুৰুষৰ জেউতি চৰোৱা অসমীয়া আপুৰুগীয়া সম্পদ।‌ বিহুৱতীৰ ঢোলৰ শুনিলে যঁতৰ ভাঙিবৰ মন যায়।‌ ঢোলৰ ছেৱে নাচনীৰ গাত দেওধ্ৱনি তোলে।‌

"ঢোলৰ ছেৱে ধৰি বাবি ঐ ঢুলীয়া
ঢোলৰ ছেৱে ধৰি বাবি;

খৰকৈ নেবাবি উদাকৈ নেবাবি

নাচনীৰ ছেৱতে বাবি।‌"


চ'তমহীয়া বিহুঢোলৰ চাপৰত গা উঠিলে ন বোৱাৰীয়েও যেন পানীঘাটত লুকাই-চুৰকৈ এপাক মাৰে! "ঢোল বজাইহে যেনেকৈ, নেনাচিনো থাকো কেনকৈ?" ঢোলৰ ছেৱে ছেৱে বিহু নাচিলে হেনো মূৰফুৰণি ভাগে ।‌

"ঢোলৰ মাতে বলিয়া কৰে সমনীয়া

ঢোলৰ মাতে বলিয়া কৰে,

ঢোলৰ মাতে শুনি ৰ'বকে নোৱাৰো

হাতৰ কাম বন সৰি পৰে।‌"

বিহুগীতৰ এক এৰাব নোৱাৰা অবিচ্ছেদ্য বাদ্য হৈছে ঢোল।‌ ঢোলৰ চাপৰ শুনিলেই ল'ৰাৰ পৰা বুঢ়া-মেথালৈ সকলোৱে এপাক নাচি উঠে।‌

"ঢোলত চাপৰ মাৰি ঢুলিয়া ওলালে

পেঁপাইও টিহিটি কৰে,

ঢোল পেঁপাৰ মাত শুনি ৰ'বকে নোৱাৰো

দেহা মন কেনেবা কৰে।‌"

 

বিহুগীতৰ লগত  ঢোলৰ মধুৰ সম্পৰ্ক

বিহুগীতৰ লগত আছে ঢোলৰ এৰাব নোৱাৰা এক মধুৰ সম্পৰ্ক।‌ অসমীয়া বাপতিসাহোন বিহুৰ প্ৰাকক্ষণত ঢোলৰ গুমগুমনিয়ে সোণৰ অসমখনি কঁপাই ৰাখে।‌ ঢোলটি কান্ধত লৈ ঢুলীয়াই গাই উঠে-

"ঢোলেবাই ঢুলিয়া গাত নাই চুৰিয়া

গেলামাছ পাত দি খাই,

বুকু ফিন্দাই ঢুলিয়া ঢোলত চাপৰ মাৰে

মোৰ মান ঢুলিয়াই নাই।‌"

মূলতঃ ঢোলক বিহুগীতৰ পৰা আতৰ কৰিলে বিহুগীত বিহুগীতহৈ নাথাকিব।‌ ঢোল বিহুগীতৰ প্ৰাণে প্রাণে আছে । ঢোল যেতিয়া দূৰণিৰ ক'ৰবাৰ পৰা ভাহি আহে ঢোলৰ মাত, ৰাই-জাই কৰা মনে কয়,"এৰা, বিহু আহিল" আৰু মুখেৰে ওলাই আহে বিহুগীতৰ কলি।

"স্ৱৰ্গদেউ ওলালে বাটচ'ৰা মুখলৈ

দুলীয়াই পাতিলে দোলা,

কাণত জিলিকিলে নৰা ঐ জাঙেফাই

গাতে গোমেচেঙৰ চোলা।‌"

 

ঢোল, বিহুৰ বিহুগীতৰ বিশেষত্ব

ঢোল, বিহুৰ বিহুগীতৰ বিশেষত্ব।‌ এয়া আমাৰ সংস্কৃতি ।‌ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰ কৰি তোলে অসমী আইৰ শীতল বুকু; কঁপাই তোলে আকাশ বতাহ।‌ বিহুৰ ৰমনীয় অনুভূতি বৈ যায় অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বুকুৰে।‌ ইজনে সিজনৰ সাংস্কৃতিক অনুভূতিক শ্ৰদ্ধা জনাই একেলগে ব'হাগৰ বতৰত ঢোলত চাপৰ দিয়ে আৰু গায়-

 

"বিহুৰ বিৰিণা পাতে সমনীয়া

বিহুৰে বিৰিণা পাত,

বিহু থাকে মানে বিহুকে বিনাবা

বিহু গ'লে বিনাবা কাক?"

লেখক : চিন্ময়ী দাস

উৎস : জোনাকীৰ বাটেৰে(ই-আলোচনী)

3.20512820513
মুন Aug 17, 2017 03:57 PM

ঢোলৰ মালিতা বিষয়ে অধিক জানিব বিচাৰো

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top