মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিয়ানামবোৰ হেৰাই যাব নেকি ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিয়ানামবোৰ হেৰাই যাব নেকি ?

বিয়ানামবোৰ হেৰাই যাব নেকি ?

“বিয়া” বা “বিবাহ” এক সামাজিক অনুষ্ঠান। বিবাহৰ জৰিয়তে এহাল যুৱক-যুৱতী সামাজিক ভাবে স্বামী-স্ত্ৰী হিচাবে স্বীকৃতি পোৱাৰ লগতে দুখন ঘৰৰ মাজত প্ৰীতিৰ বান্ধোন আৰু সম্বন্ধ স্থাপন কৰিবলৈ সুযোগ পায়। অসমীয়া সমাজ-জীৱনত বিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু এক অতি বাংময় আৰু আনন্দ, ৰং-ধেমালিৰ উৎসৱ হিচাবে পৰিগণিত হৈছে। পৃথিৱীৰ প্ৰতিখন দেশতেই আৰু প্ৰতিটো জাতিৰ মাজত “বিয়া” বা “বিবাহ” নামৰ এই ঘৰুৱা আৰু সামাজিক অনুষ্ঠান আছে। এই বিবাহ উৎসৱত দেশ বা ঠাই বিশেষে আনন্দ, স্ফূৰ্তি, ৰং-ৰহইচৰ লগতে বিভিন্ন আচাৰ-অনুষ্ঠান, ৰীতি-নীতি পালন কৰা হয়। ঠিক সেইদৰে অসমীয়া সমাজতো ছোৱালীৰ তোলনি বিয়াকে আৰম্ভ কৰি ডেকা-গাভৰুৰ বৰবিয়ালৈকে ৰং-তামাচাৰ লগতে বিভিন্ন আচাৰ-অনুষ্ঠান থাকে। অসমীয়া বিয়াৰ লগত জড়িত বিবিধ নীতি-নিয়ম, আচাৰ-অনুষ্ঠানত পুৰুষতকৈ সাধাৰণতে মহিলাসকলে আগভাগ লোৱা দেখা যায়। এইবিলাক আচাৰ-অনুষ্ঠানৰ ভিতৰত ঘৰৰ দুৱাৰ মুখত, ৰভাতলিত বা পদূলিমুখৰ কলপুলিত আমডালি গাঁথি অঁৰা; গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, দৰা-কইনাক গা ধুৱাবৰ বাবে বা নোৱাবৰ বাবে বেই সজা, দৰা-কইনা সজোৱাৰ ওচৰত মৰল বনোৱা, দুণৰিত চাউল-বন্তি ভৰোৱা, দৰা-কইনাক নোওৱা-গা ধুওৱা, পানী তোলা, সুৱাগুড়ি তোলা, কুলাবুঢ়ী নচা, দৰা-কইনা আদৰা, বাহী বিয়াত আঙঠি লুকুওৱা, বাটি ঘূৰোৱা খেল আদি উল্লেখযোগ্য। এইবিলাক লোক-সংস্কৃতিৰ বাহক। অসমীয়া সমাজৰ বিয়াৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ এবিধ উপাদান হৈছে “বিয়ানাম”। বিয়ানাম সাধাৰণতে মহিলাসকলে গায়। দৰা-কইনা উভয়ৰ বিয়াতে আয়তীসকলে বিভিন্নধৰণৰ বিয়ানাম গাই স্ফূৰ্তি কৰে। বিয়ানামবোৰ কেৱল আনন্দ বা ৰং-ধেমালিৰ গীত এনে নহয়; এইবিলাকৰ জড়িয়তে ঈশ্বৰ, দেৱ-দেৱী আদিক স্তুতি কৰা, দৰা-কইনাক আশীৰ্বাদ দিয়া, ভৱিষ্যতে যাতে সুখে-শান্তিৰে যুগ্ম জীৱন অতিবাহিত কৰিব পাৰে তাৰবাবেও দিহা পৰামৰ্শ আগবঢ়োৱা হয়। অসমীয়া হিন্দু সমাজৰ এখন বিয়াত বিয়ানামে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। বিয়া নামৰ সুললিত সুৰে এখন বিয়াঘৰ প্ৰাণৱন্ত কৰি ৰাখে। ইয়াতেই বিয়াৰ প্ৰকৃত সৌন্দৰ্য লুকাই থাকে। বিয়ানাম নথকা বিয়াঘৰ এখনত বিয়াৰ প্ৰকৃত ৰূপ-সৌন্দৰ্য বহুখিনি ম্লান পৰি থাকে। বিয়াঘৰত বিয়ানামেহে গাম্ভীৰ্যতা বঢ়ায়। বিয়ানামে দৰা-কইনাৰ হৃদয় পৰশি আবেগৰ ধল বোওৱাৰ লগতে বিয়াঘৰীয়া মানুহৰো মন পুলকিত কৰে।


আগৰ দিনত তোলনি বিয়াই হওক বা বৰবিয়াই হওক, বিয়াত অন্যান্য অনুষ্ঠানৰ লগতে জাউৰিয়ে জাউৰিয়ে বিয়ানাম গোৱা আৰু মাজে মাজে ‘উৰুলি’ দিয়া নিয়ম আছিল। এইবিলাকে বিয়াঘৰখন মুখৰিত কৰি ৰাখিছিল। সাধাৰণতে বৰবিয়া এখনত বিয়াৰ যো-জা চলাৰে পৰা অৰ্থাৎ আঙঠি পিন্ধোৱা, জোৰোণ দিয়াৰ পৰা আৰম্ভ কৰি বিয়াৰ দিনা দৰা কইনাঘৰলৈ গৈ হোম-যজ্ঞ বা আন ধৰ্মীয় পৰম্পৰাৰে বিয়া শেষ কৰি কইনা আনি দৰাঘৰ সুমুওৱালৈকে বিয়াৰ বিভিন্ন প্ৰকাৰৰ আচাৰ-অনুষ্ঠানৰ সমান্তৰালভাবে অনুষ্ঠানৰ লগত ৰজিতা খোৱা বিভিন্ন প্ৰকাৰৰ বিয়ানাম গোৱা হয়। এইবিলাক হৈছে-মূৰত তেল দিয়া নাম, পানীতোলা নাম, চালত পানী দিয়া নাম, নোৱাওতে গোৱা নাম, বেইতলত নোৱাওতে বা গা-ধুৱাওতে গোৱা নাম, দৰাঘৰৰ পৰা জোৰোণ ওলাওঁতে গোৱা নাম, জোৰোণ আদৰি আনোতে গোৱা নাম, হোমৰগুৰিত গোৱা নাম, দৰা বা কইনা ঘৰত গোৱা বিয়া নাম, কইনা পিতৃগৃহৰ পৰা বিদায় লোৱা মুহূৰ্তত গোৱা নাম, নোৱাই-তোলনি বিয়াৰ নাম আৰু যোৰা-নাম আদিয়েই প্ৰধান। বিয়ানামবোৰে অসমীয়া জাতীয় জীৱনৰ এখন সুন্দৰ ছবি দাঙি ধৰে। সহজ-সৰল, প্ৰাঞ্জল থলুৱা ভাষাত ৰচিত বিয়ানামবোৰ কোনো ব্যাকৰণৰ গণ্ডীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব নোৱাৰি। এইবোৰ পৰম্পৰাগতভাবে মৌখিক বা লিখিত ৰূপত নিৰ্দিষ্ট ঠাঁচত গঢ় লৈ উঠিছে। বিয়ানাম বিলাক সাধাৰণতে গাঁৱৰ জীয়ৰী-বোৱাৰীৰ মুখে মুখে চলি আহিছে; নতুবা একে ধৰণে কিছুমান নতুনকৈ ৰচিত হৈছে। সুৰ-সঞ্চাৰ, তাল-মান-লয়ও পৰম্পৰাগত ভাবে চলি আহিছে। বিয়ানামৰ আটাইতকৈ আমোদজনক দিশটো হৈছে- যোৰা নাম বা খিচাগীত। সাধাৰণতে দৰা আহি কইনাঘৰৰ পদূলিমুখ পালে, দৰা গাড়ীত বহি থকাৰ পৰা কইনাঘৰৰ নামতীসকলে দৰাক জুৰি, দৰাধৰা সখিয়েকক জুৰি বা অন্যান্য সকলক উদ্দেশ্যি কিছুমান ধেমালিসূচক নাম গায়; সেইবোৰেই হ’ল যোৰা-নাম। দৰা আদৰাৰ পিছত দৰা ৰভাতলীত হোমৰগুৰিত বহাৰ পিছতো দৰাঘৰীয়া আৰু কইনাঘৰীয়া নামতীৰ মাজত যোৰানামৰ কটা-কটি চলে। এইবোৰ নিতান্তই ধেমালি-সূচক। কইনা হোমৰগুৰিত উলিওৱাৰ পিচতো দৰা কইনাক লৈ বিভিন্ন বিয়া নাম গোৱা দেখা যায়। কইনা পিতৃগৃহৰ পৰা বিদায় লৈ দৰাৰ লগত যাবলৈ ওলাওঁতে যি বিয়া নাম গোৱা হয়, সেয়া শুনিলে কইনা কিয়, কইনাৰ মাক-বাপেক আদি কৰি অন্যান্যসকলৰো চকুলো বৈ আহে।

কিন্তু পৰিতাপৰ বিষয় যে আমাৰ সমাজত পৰম্পৰাগত ভাবে আগৰে পৰা চলি অহা বিয়ানাম, যোৰানামবোৰ ক্ৰমে লোপ পাই আহিছে। আজিকালি বিয়াত বিয়ানাম গোৱা প্ৰায়ে শুনিবলৈ পোৱা নাযায়। অলপতে আমি দুখন দৰাৰ বিয়াত উপস্থিত আছিলোঁ। এখন মোৰ বন্ধুৰ খুলশালিৰ বিয়া আৰু এখন মোৰ যোৰহাটৰ ভতিজাৰ বিয়া। দুয়োখন বিয়াতে বৰযাত্ৰী হোৱাৰো সৌভাগ্য হৈছিল। দৰা-কইনা মিলি চাৰিখনকৈ বিয়াঘৰত উপস্থিত থাকি এটিও বিয়ানাম শুনিবলৈ নাপালোঁ; যোৰানাম শুনাতো দূৰৰে কথা। আমি জনাত আগৰ দিনত বিয়াঘৰত বিয়ানাম গোৱাটো অপৰিহাৰ্য আছিল; কিয়নো বিয়াঘৰত বিয়ানাম নাগালে দৰা-কইনাৰ কাণ কলা হয় বুলি বিশ্বাস আছিল। আজিকালি বিয়ানাম গাব জনা জীয়ৰী-বোৱাৰী প্ৰায় নাইকিয়াই হ’ল। দুই একে গালেও উপলুঙা কৰাহে পৰিলক্ষিত হয়। দুই এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ মুখত শুনিলেও সেয়া এপাচি শাকত এটা জালুকৰ দৰে। ঠায়ে ঠায়ে দুই এখন কেছেট বা চিডি-ত দুই এটা বিয়ানাম (বিশেষকৈ যোৰানাম) শুনিবলৈ পোৱা যায় যদিও সেয়াই বিয়া এখনৰ প্ৰকৃত সৌন্দৰ্য ফুটাই তুলিব নোৱাৰে। পুৰণি দিনৰে পৰা চলি অহা অসমৰ লোক-সংস্কৃতিৰ বাহক এই সোণসেৰীয়া বিয়ানামবোৰ আমাৰ মাজৰ পৰা হেৰাই যাবনেকি; ই আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন। সেয়ে সময় থাকোঁতেই বিয়ানামবোৰ যাতে আমাৰ মাজৰ পৰা হেৰাই নাযায় তাৰ দিহা কৰা, বিয়ানামবোৰ সংগ্ৰহ কৰা, প্ৰচাৰ আৰু প্ৰসাৰৰ দিহা কৰাটো আমাৰ সকলোৰে কৰ্ত্তব্য হোৱা উচিৎ। এইবিলাকৰ চৰ্চ্চা বা অনুশীলন কৰা আৱশ্যক। নৱ-প্ৰজন্মক এই বিয়া নামৰ প্ৰতি আকৰ্ষিত কৰি বিয়াৰ বিভিন্ন সময়ত গোৱা বিভিন্ন বিয়ানামবোৰৰ সম্যক জ্ঞান দি নিৰ্দিষ্ট সুৰত গাব পৰাকৈ অভিজ্ঞ লোকৰ হতুৱাই কৰ্মশালাৰ জড়িয়তে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰয়োজন সাপেক্ষে গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা বিভিন্ন প্ৰকাৰৰ বিয়ানামবোৰ বুটলি আনি সংগৃহীত ৰূপত কিতাপ আকাৰে প্ৰকাশ কৰাৰ দিহা কৰা উচিত, যাতে কালৰ কুটিল গতিত এই আপুৰুগীয়া সম্পদ খিনি চিৰদিনৰ বাবে লুপ্ত হৈ নাযায়।

লিখক: লক্ষেশ্বৰ হাজৰিকা

2.89393939394
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top