মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ব্ৰহ্মপুত্ৰ আৰু গঙ্গা উপত্যকাৰ ঋতুগীত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰহ্মপুত্ৰ আৰু গঙ্গা উপত্যকাৰ ঋতুগীত

 

(১)

প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক চিৰন্তন। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ৰমবৰ্দ্ধমান প্ৰভাৱ তথা নগৰীয়া সভ্যতাৰ প্ৰসাৰে দুয়োৰে মাজত এক প্ৰকাৰৰ প্ৰাচীৰ থিয় কৰিলেও বছৰৰ বাৰ মাহৰ সময়ে এই কৃত্ৰিম প্ৰাচীৰ উপেক্ষা কৰি মানুহে সহজাত ৰুচি – অভিৰুচি, আশা – আকাংক্ষাৰ অনুকূল প্ৰকৃতিৰ অকৃত্ৰিম পৰিৱেশৰ ওচৰ চাপি আহে।

সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত প্ৰকৃতিয়ে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰত বৈদিক সাহিত্যৰে পৰা প্ৰকৃতিয়ে বিশেষ স্থান দখল কৰি অহা পৰিলক্ষিত হয়। লিখিত সাহিত্যতকৈ মৌখিক সাহিত্যৰ ক্ষেত্ৰত এই কথা আৰু অধিক প্ৰযোজ্য। প্ৰকৃতিয়ে মৌখিক সাহিত্যত বিবিধ সমল যোগায়। প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনে মানৱ মনলৈ অনা পৰিৱৰ্তন লোক – সাহিত্যত স্পষ্ট পৰিলক্ষিত হয়। লোক – গায়কে সেয়েহে প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা কৰি কৰি ক’ব নোৱাৰাকৈয়ে নিজৰ মনৰ অৱস্থাৰ কথা কৈ পেলায়গৈ।

বছৰৰ বিভিন্ন ঋতুৰ পৰিপ্ৰেক্ষিতত মানৱ মনত সৃষ্টি হোৱা বিভিন্ন মানসিক অৱস্থাৰ স্বতস্ফূৰ্ত প্ৰকাশ স্বৰুপে ভাৰতৰ লোক – সমাজত মৌখিক পৰম্পৰাত এক বৃহৎ সংখ্যক গীতৰ প্ৰচলন আছে। বিভিন্ন ঋতুৰ লগত সম্পৰ্ক জড়িত হোৱাৰ কাৰণে এনে গীত সমূহক ঋতুগীত আখ্যা দিব পৰা যায়।

বিভিন্ন প্ৰকাৰৰ লোক – সাহিত্যৰ ভিতৰত গীতৰ বিভাগটো গতিশীল আৰু লোক – সমাজত অধিক প্ৰভাৱিত কৰা বিভাগ। নিত্য পৰিৱৰ্তিত সমাজ জীৱনৰ পৰিৱৰ্ত্নৰ লগত তাল মিলাই লোকগীতে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সমৰ্থ হৈছে। এই ক্ষেত্ৰত আকৌ বিভিন্ন প্ৰকাৰৰ লোক গীতৰ ভিতৰত ঋতু গীত সমূহ অগ্ৰগণ্য। মানুহে সমস্ত উৎসৱ – পাৰ্বণ, ৰীতি – নীতি, পৰম্পৰা, আচাৰ – অনুষ্ঠানক এৰাই চলিলেও প্ৰকৃতিক সম্পূৰ্ণ এৰাই চলিব নোৱাৰে – সম্ভৱতঃ ইয়ে তাৰ কাৰণ। অন্য প্ৰকাৰে ক’বলৈ গ’লে সমাজৰ পৰিৱৰ্তন আৰু বিবৰ্তনক প্ৰয়োজন অনুসাৰে ধাৰণ কৰি লোৱাৰ বাবেই এক বৃহৎ সংখ্যক ঋতুগীত আজিৰ একবিংশ শতিকাৰ ভাৰতীয় সমাজৰ বহিষ্কৃত নহয়; বৰঞ্চ অঙ্গীভূত হৈ আছে। সমাজ শব্দৰো বিশেষ তাৎপৰ্য পূৰ্ণ অৰ্থ আছে। … সম উপসৰ্গৰ অৰ্থ হ’ল সম্যক বা সামগ্ৰিক আৰু মজ্‌ ধাতুৰ অৰ্থ হ’ল গতি কৰা বা অগ্ৰসৰ হোৱা। অৰ্থাৎ সামগ্ৰিক বা পৰিপূৰ্ণ বিকাশৰ কাৰণে গতি কৰা বা সগ্ৰসৰ হোৱা সংগঠনেই যেন সমাজ। বিভিন্ন জাতিৰ, বিভিন্ন স্ংস্কৃতিৰ সমলৰ সংহতি সাধনেৰে ভাৰতীয় লোক – সমাজ গঠিত হৈছে। এখন সমাজত সাংস্কৃতিক উপকৰণ যিমানে বেছি হয়, সেই সমাজৰ সংহতিও সিমানেই দৃঢ় হোৱাৰ আশা কৰিব পাৰি। বাহিৰৰ পৰা একো গ্ৰহণ নকৰি স্বকীয়তা ৰক্ষাৰ নামত কেৱল পৰম্পৰাগত পুঁজিৰ ওপৰতে নিৰ্ভৰশীল হৈ থকা সমাজ বেছি দিন তিষ্ঠি থাকিব নোৱাৰে। ভাৰতীয় লোক – সমাজে ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা বৰ্তমান তথ্য – প্ৰযুক্তিৰ যুগলৈকে বিভিন্ন জাতি – উপজাতিৰ পৰা নিত্য নতুন উপাসনা নিজৰ সমাজৰ উপযোগী কৰি গ্ৰহণ কৰি পৰিপূৰ্ণ বিকাশৰ দিশত অগ্ৰসৰ হৈ আহিছে। স্বকীয় বৈশিষ্ট্য অটুট ৰাখিও যুগে যুগে বিচিত্ৰ সাংস্কৃতিক উপকৰণেৰে সমৃদ্ধ হৈ বিবৰ্তনক স্বীকাৰ কৰি লোৱা ভাৰতীয় লোক – সমাজক প্ৰতিফলিত কৰা বিচিত্ৰ ধৰ্মী লোক – সাহিত্যৰ অন্তৰ্গত লোকগীতৰ বিবিধ বিভাগৰ ভিতৰত ঋতুগীতৰ প্ৰবাহ গঙ্গা – ব্ৰহ্মপুত্ৰৰ প্ৰবাহৰ দৰেই নিৰৱিচ্ছিন্ন আৰু বিশাল। দুয়োপাৰৰ অসংখ্য জনস্ৰোতে কঢ়িয়াই অনা জলৰাশি গঙ্গা – ব্ৰহ্মপুত্ৰই নিজৰ লগত মিলাই লোৱাৰ দৰেই ঋতুগীত সমূহেও প্ৰেম আৰু প্ৰকৃতিৰ মূলসুঁতিৰ লগত সময়ে সময়ে অসংখ্য অন্য উপসুঁতিও সামৰি লৈছে। ব্ৰহ্মপুত্ৰ উপত্যকাই হওক বা গঙ্গানদীৰ দুয়োপাৰৰ উত্তৰ ভাৰতৰ বিস্তৃত ভুমিৰে হওক। লোক – সমাজৰ মূলশিপা প্ৰাক্‌বৈদিক কাল অথবা তাৰো আগৰ অতল তলিত সোমাই আছে হয়তো। কিন্ত যুগে যুগে ইয়াক নতুন ডাল – পাত, ফুল – ফল ওলাইছে। পুৰণি সৰিছে, নতুন বিকশি উঠিছে। কেতিয়াবা পুৰণি ডালতেই নতুন কুঁহিপাত ওলাইছে। ব্ৰহ্মপুত্ৰ আৰু গঙ্গা উপত্যকাৰ ঋতুগীতৰ জগত খনতো এইদৰেই চিৰবসন্ত বিদ্যমান।

গঙ্গা উপত্যকাই উত্তৰ ভাৰত আৰু ব্ৰহ্মপুত্ৰ উপত্যকাই উত্তৰ – পূব ভাৰতৰ অধিক অঞ্চলৰ প্ৰতিনিধিত্ব কৰে। পশ্চিমে ৰাজস্থানী ভাষাৰ পৰা ধৰি ভোজপুৰী, মৈথিলী, মগধী, অঙ্গিকা, বজ্জিকা, অৱধী, ব্ৰজ আদি উত্তৰ ভাৰতত প্ৰচলিত বিভিন্ন ভাষা – উপভাষাৰ লোকগীত সমূহ একে পৰম্পৰাৰ অন্তৰ্গত। আনকি কিঞ্চিৎ ভাষিক প্ৰভেদেৰে অনেক ক্ষেত্ৰতে প্ৰায় একে বিলাক লোকগীতৰে প্ৰচলনো পৰিলক্ষিত হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকগীতৰ পৰম্পৰাই দুই ধাৰাত বিভক্ত – আৰ্য্যমূলীয়া অসমীয়া ভাষাগোষ্ঠীৰ মাজত প্ৰচলিত আৰু আৰ্যেতৰ বিভিন্ন ভাষাগোষ্ঠীৰ মাজত প্ৰচলিত। কিন্ত এই দুই ধাৰাৰ গীতৰ ক্ষেত্ৰত কোনোবা এটাক বাদ দি আনটো বাহ্যিকেই হওক বা আন্তৰিক লক্ষণৰ আলোচনা নিস্ফলপ্ৰায়।

বসন্ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ গীতিমুখৰ ঋতু। গঙ্গা উপত্যকাত বসন্ত আৰু বৰ্ষা দুয়োটা সমানেই আনন্দ দায়ক। কিন্ত গীতৰ মাধ্যমেৰে আনন্দ প্ৰকাশৰ ক্ষেত্ৰত উত্তৰ ভাৰতত বসন্ততকৈ বৰ্ষা ঋতুৰ গুৰুত্ব বেছি। বসন্ত কালত ফচল নিজৰ ভঁৰালত থাকে। সেয়া বাস্তৱ। কিন্ত বৰ্ষা কালত হালিজালি নাচি থকা লহপহীয়া পথাৰ ডৰাই কৃষকৰ মনত সপোন জগায়। সপোন সদায় বাস্তৱতকৈ অধিক মোহনীয়, অধিক আশাপ্ৰদ। সম্ভৱতঃ এই কাৰণতে গঙ্গা উপত্যকাত বৰ্ষাকালৰ কজৰী গীতৰ ভাব তথা সুৰৰ উল্লাস বসন্ত কালীন হোলী বা চৈতী গীতত পৰিলক্ষিত নহয়। ইয়াৰ বিপৰীতে অসমৰ জনজীৱনে ৰিমঝিম বৰষাৰ সপোন ৰচাৰ পৰিৱৰ্তে মুখামুখী হ’ব লগীয়া হয় কৰাল মূৰ্তিৰে হিলদল ভাঙি অহা প্ৰবল বৃষ্টি আৰু বানপানীৰে সৈতে। আশা ভঙ্গৰ আশংকাত ক্ষণে ক্ষণে বুকু দুৰু দুৰু কঁপি থকাৰ অৱস্থাত গীতৰ স্বতঃস্ফূৰ্ত প্ৰকাশৰ অৱকাশেই বা ক’ত? অসমৰ প্ৰাণ ভোমোৰাই সেয়ে চ’ত – ব’হাগতে মনভৰি গুণগুণায়। বছৰৰ ছয় ঋতুৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য্য তথা তাৰ পৰিপ্ৰেক্ষিতত মনঃস্থিতিৰ বৰ্ণনা সম্বলিত বনগীত (গৰখীয়া নাম) পথাৰত কাম কৰোঁতে, গৰু চৰাওঁতে, দৈনন্দিন জীৱনৰ যিকোনো কামৰ সময়ত বছৰৰ যিকোনো সময়তে গোৱা হয়। ভালেসংখ্যক বনগীত বিহুগীতৰ ৰুপতো গোৱা হয়।

গঙ্গা উপত্যকাৰ ‘বাৰহমাসা’ আৰু অসমৰ বাৰমাহী বছৰৰ বাৰমাহৰ প্ৰাকৃতিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত প্ৰোষিতপতিকা নায়িকাৰ বৰ্ণনা থকা ‘ছৌমাসা’ আৰু ‘চৌমাসা’ নামৰ গীত উত্তৰ ভাৰতৰ বিভিন্ন ভাষা সমূহত প্ৰচলিত।

ওপৰত উনুকিওৱা সমস্ত গীততে ঋতু বিশেষৰ প্ৰাকৃতিক পৰিৱেশক অৱলম্বন স্বৰুপে লৈ প্ৰেমিক – প্ৰেমিকাৰ মনত সৃষ্টি হোৱা ভাবৰ বৰ্ণনা পোৱা যায়। বিহুৰ লগত সংযুক্ত হৈ থকা হুঁচৰি গীতৰ ভালেখিনিত ভক্তি মূলক বৰ্ণনা থকা সত্ত্বেও এই বিলাকো অনিবাৰ্য্য ভাৱে বসন্ত কালীন উৎসৱ ব’হাগ বিহুৰ লগত সম্পৰ্ক জড়িত হোৱাৰ বাবে প্ৰত্যক্ষ ৰুপতে ঋতুৰ লগত জড়িত। এইদৰে চাবলৈ গ’লে ব্ৰহ্মপুত্ৰ আৰু গঙ্গা নদীৰ দুই পাৰৰ বিস্তৃত অঞ্চলত প্ৰচলিত এক বৃহৎ সংখ্যক লোকগীতে প্ৰকৃতি আৰু মানৱৰ অবিচ্ছিন্ন সম্বন্ধৰ সাক্ষ্য দাঙি ধৰে।

(২)

হোলী আৰু চৈতী উত্তৰ বসন্ত কালীন গীত। হোলী গীত একেনামৰে উৎসৱ অৰ্থাৎ ফাকুৱা উৎসৱ কেন্দ্ৰিক। অসমৰ বিহু আৰু হুঁচৰি গীতো বসন্ত কালীন উৎসৱ বিহু কেন্দ্ৰিক। হোলী গীতৰ গায়ন মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনা আৰম্ভ হয়। উৎসৱৰ ৰুপত হোলী উত্তৰ ভাৰতৰ অতি গুৰুত্ব পূৰ্ণ উৎসৱ। এই উৎসৱৰ প্ৰধান কাৰ্য্যক্ৰম হোলিকা দহন আসমৰ মাঘ বিহুৰ মেজিৰ লগত সাদৃশ্য যুক্ত। সাংকেতিক হোলী উৎসৱৰ গুৰুত্ব জনজীৱনত অপৰিসীম। উৎসৱৰ নামৰ লগত সঙ্গতি ৰাখিয়ে এই গীত সমূহক ‘হোলী’ তথা ফাগুনা মাহত উৎসৱটি অনুষ্ঠিত হোৱাৰ কাৰণে ‘ফাগ’ বা ‘ফাগুৱা’ গীতো আখ্যা দিয়া হয়। গায়নৰ দৃষ্টিৰে হোলী গীত প্ৰধানকৈ পুৰুষে গোৱা গীত যদিও ঠায়ে ঠায়ে কিশোৰী আৰু যুৱতী সকলেও দল বান্ধি গোৱা দেখা যায়। ঢোল, কৰতাল, ঝাল আদি বাদ্যযন্ত্ৰৰ লগত দলবদ্ধ ভাৱে গোৱা এই গীত মণ্ডলাকাৰে বহি লৈ বা থিয় হৈ হুঁচৰি নামৰ দৰে নাচি – বাগি গোৱা হয়। কেতিয়াবা গায়ক সকল দুটা দলত বিভক্ত হৈও গায়। তেনেকৈ গাঁৱতে প্ৰথম মাটিত বহি গাবলৈ আৰম্ভ কৰাৰ পাছত ভাবৰ আবেশত আঁঠুত ভৰ দি উঠি লয়।

চৈতী গীত গোটেই চ’ত মাহ ধৰি গোৱা হয়। সমগ্ৰ চ’তৰ মাহ ব্ৰহ্মপুত্ৰ উপত্যকা গীত – বাদ্য – নৃত্যৰে মুখৰিত হৈ থাকে। ঘাটো চৈতী নামৰ গীত গায়ক সকলে দুই দলত বিভক্ত হৈ গায় আৰু সাধাৰণ চৈতী এজন গায়ক অথবা এদল গায়কে গায়। ঢোল আৰু ঝাল চৈতী গীতৰ প্ৰধান বাদ্য।

কজৰী বা কজলী গঙ্গা উপত্যকাত প্ৰচলিত বৰ্ষা ঋতুৰ সৰ্বাধিক প্ৰচলিত গীত। ক’বলৈ গ’লে উত্তৰ ভাৰতৰ সমস্ত ঋতু গীতৰ ভিতৰত এই গীতৰ গুৰুত্ব সৰ্বাধিক। এই গীতত কেৱল নাৰীয়ে ভাগ লয়। মুকলি পথাৰ, আহল – বহল বাগিচা অথবা নৈৰ পাৰৰ মুকলি । ঠাই কজলী গায়কৰ স্থান। এইবিধ গীতৰ লগত ঝুলনাৰ অনিবাৰ্য্য সম্পৰ্ক আছে। গছৰ ডালত ৰছী লগাই ঝুলনা বান্ধি ঝুলনাত উঠা আৰু কাষত ৰৈ থকা মহিলা সকলে সমস্বৰে এই গীত গায়। কেতিয়াবা কজলী গীতৰ লগত ঢোল বাদ্যও সঙ্গত কৰা হয়।

বাৰহমাসা, ছৌমাসা আৰু চৌমাসা গীতত বছৰৰ বিভিন্ন মাহৰ বৰ্ণনা থাকিলেও এই বিলাক গীতো উত্তৰ ভাৰতত বৰ্ষাকালতে গোৱা হয়। কিন্ত অসমীয়া বাৰমাহী গীতৰ গায়নৰ সময় বৰ্ষাকালত নিৰ্দিষ্ট নহয়। উত্তৰ ভাৰতৰ বাৰহমাসা গীতৰ বৰ্ণনা সাধাৰণতে চ’ত অথবা আহাৰ মাহৰ পৰা আৰম্ভ কৰা হয়। কিন্ত অসমীয়া বাৰমাহী গীতৰ আৰম্ভণি সাধাৰণতে আঘোণ মাহৰ পৰা হয়। অৱশ্যে ব’হাগ মাহৰ পৰা আৰম্ভ হোৱা প্ৰসিদ্ধ সীতা বাৰমাহীকে ধৰি কোনো কোনো ব্যতি ক্ৰমো নোহোৱা নহয়। পুৰুষ আৰু নাৰী উভয়ে গোৱা বাৰমাহী গীতৰ প্ৰচলন বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অংশতহে আছে। হাবিত হাতী ধৰিবলৈ যাওঁতে তথা ওজাপালিৰ গীতাংশৰ লগতো বাৰমাহী গীতৰ অংশ গোৱা হয়।

(৩)

হোলী গীত সমূহত আনন্দ – উল্লাসৰ অভিব্যঞ্জনাৰ লগতে মিলন আকাংক্ষা, মান – অভিমান, জোৰ – জবৰদস্তী, অতৃপ্ত বাসনা, লাহ – বিলাহ আদি শৃংগাৰ মূলক বিষয়ে অধিক স্থান লাভ কৰে। স্বকীয় আৰু পৰকীয়া দুয়োবিধৰ নায়িকাই স্থান লাভ কৰা হোলী গীতত সম্ভোগ – শৃংগাৰৰ কিছুমান বৰ্ণনাৰ আধিক্য পৰিলক্ষিত হয়। কেতিয়াবা প্ৰতীকৰ সহায়তো এনে বৰ্ণনা কৰা হয়। এনে এটি হোলী গীতত পৰকীয়া প্ৰেমৰ বৰ্ণনা কৰি কোৱা হৈছে যে বাট এৰি অবাটে যোৱা নায়িকাৰ ভৰিত কেতেকী ফুলৰ কাঁইট সোমাল। কেতেকী ফুলত সুগন্ধ তথা সৌন্দৰ্য্যৰ লগতে কাঁইটো থকাৰ দৰেই পৰকীয়া প্ৰেমৰ বাটতো আনন্দ থাকিলেও সি বিপদ সঙ্কুল। এতিয়া নায়িকাই তেওঁৰ স্বামী আৰু দেওৰে ভৰিৰি কাঁইট উলিয়াই বিপদমুক্ত কৰাৰ আশা পোষণ কৰিছে। অন্য এটা গীতত স্বামী সজাগ নেথাকিলে প্ৰিয়তমাৰ যৌৱন ৰস চুৰি হোৱাৰ সম্ভৱনাৰ কথা প্ৰতীকাত্মক ৰুপত বৰ্ণনা কৰি কোৱা হৈছে যে হোলীৰ সময়ত অনেক ৰসলোভী চৰাই উৰিবলৈ ধৰে। বাগিচাৰ ৰখীয়াজন সজাগ হৈ নাথাকিলে ফুল – ফলৰ চুৰি হোৱাটো নিশ্চিত।

ফুল আৰু ভোমোৰাৰ প্ৰতীকেৰে যৌৱনৰ সুৰক্ষাৰ বাবে অসমীয়া বিহুগীত এফাকিতো একেদৰেই সাৱধান বাণী কৰা হৈছে :

গোলাপ ফুলৰ বাগিচা

যতনেৰে ৰাখিবা

অচিনাকি ভোমোৰা সোমাবলৈ নিদিবা।

ফুলৰে ৰেণু চুহি খায়

সেই কাৰণে গোলাপ ফুল কলিতে মৰহি যায়।

অৱশ্যে অসমীয়া গীত ফাকিত যুৱতীক নিজকে সজাগ থাকিবলৈহে কোৱা হৈছে। উল্লেখযোগ্য যে গঙ্গা উপত্যকাত প্ৰচলিত বিভিন্ন গীতত পৰকীয়া প্ৰেমৰ বিভিন্ন প্ৰসঙ্গৰ বৰ্ণনা আছে। কিন্ত ইয়াৰ বিপৰীতে অসমীয়া গীতত পৰকীয়া প্ৰেম আৰু বিবাহোপৰান্ত দাম্পত্য প্ৰেমৰ কোনো বৰ্ণনা নাই। বৰঞ্চ অবিবাহিত যুৱক – যুৱতীৰ মিলন, বিৰহ, মিলনত বাধা তথা ভৱিষ্যৎ দাম্পত্য জীৱনৰ বিবিধ কল্পনাই অসমীয়া গীতত অধিক স্থান লাভ কৰিছে।

চ’ত মাহৰ প্ৰাকৃতিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত অলস – অৱস ভাব, পতি – পত্নীৰ প্ৰেমকলহ, মিলন – বিৰহ আদি প্ৰেমৰ বিবিধ ব্যঞ্জনাৰ লগতে চৈতী গীত সমূহত ৰাম – সীতা, কৃষ্ণ – গোপী আৰু পৌৰাণিক পাত্ৰৰ প্ৰেম প্ৰসঙ্গ তথা ৰাম আৰু ভাতৃ সকলৰ পৰস্পৰ প্ৰীতি ভাৱ, ৰাম – জন্মোৎসৱ, গীতা – স্বয়ম্বৰ আদি জনমানসত প্ৰভাৱ বিস্তাৰ কৰা বিবিধ পৌৰাণিক প্ৰসঙ্গইও স্থান লাভ কৰিছে। মোৰি চুনৰিয়া সৈয়াঁ তোৰি পগৰিয়া একহি ৰঙ্গ ৰঙ্গায়ব হো ৰামা বুলি প্ৰেমিকৰ লগত একাত্ম স্থাপনৰ কল্পনা কৰা চৈতী গীতৰ নায়িকাই অলস – অৱস লাগি শোৱাপাটী এৰিবলৈ মন নোযোৱা চ’ত মাহৰ ৰাতিপুৱা শোৱাৰ পৰা জগাই প্ৰিয়তমাৰ সপোন ভাঙি দিয়াৰ বাবে সখীয়েকক ভৎসৰ্না কৰিছে :

সুতলা মেঁ কাহে লা, জগৈল হো ৰামা

ভোৰে হী ভোৰে।

ৰস কে সপনমা মেঁ হলই মঁখিয়া ডুবল হো ৰাম

ভোৰে হী ভোৰে।

অঙ্গ হী অঙ্গ অলসাৰে হো ৰামা

ভোৰে হী ভোৰে।

চৈতী গীতৰ ‘ৰতিয়া কে দেখলোঁ সপনৱাঁ’ৰ দৰে বিহুগীততো প্ৰেমিক – প্ৰেমিকাৰ মনোবাঞ্ছা সপোনত পূৰ্ণ হোৱাৰ বৰ্ণনা পোৱা যায় :

অ’ ৰুপা ৰুপা ঐ কালি নিশা সপোনত

অ’ ৰুপা ৰুপা ঐ আকাশলৈ গৈছিলোঁ

থুপি থুপি তৰাবোৰ হাতে ঢুকি পাইছিলোঁ।

মানুহে নিজৰ মনৰ অৱস্থাৰ অনুকূলে প্ৰাকৃতিক পৰিৱেশৰো ব্যাখ্যা কৰি লয়। সেয়েহে কুলিৰ কুহুঁ কুহুঁ মাতত বিৰহৰ বিননি শুনিবলৈ পাই গঙ্গাপৰীয়া নায়িকাই নিজৰ প্ৰিয়তমাৰ অনুপস্থিতিৰ বেদনা অনুভৱ কৰিছে –

কৈলৰি মোহে বিৰহী সুনাই আয়ী

লুইতপৰীয়া বিৰহীৰো অৱস্থা তদনুৰুপ –

অ’ সৰুমাই শুনিছানে কুলি – কেতেকীৰ বিননি

সেই বিননিত সোমাই আছে তোমাৰ আমাৰ কাহিনী।

সেই বিননি শুনি চালে ওলাইনো চকুপানী।

গঙ্গা উপত্যকা বাসীয়ে হওক বা ব্ৰহ্মপুত্ৰ উপত্যকা বাসীয়ে, মনৰ মণিকোঠাত বিবিধ পৌৰাণিক প্ৰসঙ্গ তথা চৰিত্ৰই ঠাহ খাই আছে। সেয়েহে যি ঋতুতেই, যি পৰিৱেশতেই নহওক, কিবা এটা গুণগুণাবলৈ ল’লেই জিভাৰ আগত আপোনা – আপুনি আহি সেই বিলাক বিষয়ে ঠাই লয়হি। হোলীৰ আনন্দ – উল্লাসৰ পৰিৱেশত দশৰথৰ ৰাজমহলৰ হোলী উৎসৱৰ কথা লোক গায়কৰ মনলৈ আহিছে:

দশৰথ কে দ্বাৰ মচল হোৰী

আয়ল বসীট, সঙ্গ দ্বিজ মোহে, কেসৰ তিলক

অবীৰ কী ঝোৰী।

ইয়াৰ বিপৰীতে বিৰহৰ ক্ষণতো গীতৰ মাজেৰে ব্ৰজবাসীয়ে ভোগ কৰা কৃষ্ণ – বিৰহৰ প্ৰসঙ্গ প্ৰকাশ পাইছে :

জেহি দিন তজিকে গয়া হো বনবাৰী

ওহি দিন আল লগী বৃজ মেঁ।

অসমীয়া বিহু গায়কৰো নিজৰ প্ৰেম – বিৰহৰ প্ৰসঙ্গত শ্ৰীকৃষ্ণ আৰু গোপী সকলৰ প্ৰেম প্ৰসঙ্গ আপোনা – আপুনি মনলৈ আহিছে :

ষোলশ গোপীয়ে যমুনাত গা ধোঁওতে

বস্ত্ৰহৰণ কৰিছিলে শ্ৰীকৃষ্ণ গোসাঁয়ে

তুমি হ’বা ৰাধিকা, মইনো হম কৃষ্ণ

মোৰ বাঁহীৰ মাত শুনিলে ঢপলিয়াই আহিবা।

এই জনমত প্ৰেমিকাক লাভ কৰাৰ সৌভাগ্য প্ৰেমিকৰ নঘটিল। এনে ভাবৰ হাত ধৰিও পুনৰ জনম লাভ কৰা সত্যবানৰ পৌৰাণিক কাহিনী বিহু গায়াকৰ মনলৈ আহিছে :

সত্যবান মই নহ’লো পুনৰ জনম ল’বলৈ ঐ

ভাগ্যবান মই নহ’লো তোমাৰ মৰম পাবলৈ ঐ।

(৪)

পৌৰাণিক কাহিনীত অনুচিত কাৰ্য্যকৰা ব্যক্তি সকলক ঋতু গীততো ক্ষমা কৰা হোৱা নাই :

ৰামজীকে বনসা পোঠোল হো ৰামা

কঠিন তোৰ জিয়ৰা।

ৰামক বনলৈ যাবলৈ কোৱাৰ নিচিনা কঠোৰ বচন মুখলৈ অনাৰ আগতে মৰিনো নগ’লি কিয় বুলি লোক গায়কে ৰাণী কৈকেয়ীক ভৎসৰ্না কৰিছে :

মৰিয়ো ন গেলই কৈকেইয়ানিৰদইয়া

জাৰে মুখ কটিন বচনম।

কৈকেয়ীকেই কিয়, সাক্ষাৎ পৰম পুৰুষ ৰামকো অকাৰ্য্যৰ বাবে অসমীয়া লোকমানসে ক্ষমা নকৰাৰ কথা হুঁচৰি গীতত স্পষ্ট হৈছে :

ৰামচন্দ্ৰ গোঁসাই তুমি অকাৰ্য্য কৰিলা

সীতা মাতৃ গৰ্ভৱতী বনতে এৰিলা।

বাৰহমাসা আৰু বাৰমাহী গীতত ৰামায়ণৰ প্ৰসঙ্গই বিশেষ স্থান লাভ কৰা পৰিলক্ষিত হয়। সেইদৰে কজৰী গীতত কৃষ্ণৰ প্ৰম প্ৰসঙ্গৰ লগত জড়িত বৰ্ণনা অধিক :

ঝুলা লাগে কদম কে ভৰিয়া, ঝুলে কৃষ্ণ মুৰাৰি না

কান্‌হা ঝুলই হিংডোলৱা, ৰাধা মাৰই পেঙ্গৱা না।

শুদ্ধ প্ৰাকৃতিক বৰ্ণনাইও দুয়ো উপত্যকাৰে ঋতু গীতত বিশেষ স্থান লাভ কৰিছে। আমে পাত সলালে / চামে পাত সলালে / সলালে নেম্মুৱে পাত বা নৈৰ পানী বাঢ়িলে ঐ / গছে পাত সলালে ঐ, আদি ধৰণৰ বিহুগীতত থকা বৰ্ণনাৰ নিচিনা আয়ে বসন্ত কহো হৰ সোঁ / বৌৰে আম, ফুলী হৈ সৰসোঁ / ফুলৈ কমল বা চৈত মাসে অমৱা বউৰলেঁ / অমৱা বউৰলেঁৱ ফৰেলেঁ টিকোৰৱা / ডাৰপাত ভইলেঁ মতৱলা আদি ধৰণৰ বৰ্ণনা উত্তৰ ভাৰতৰ ঋতু গীতত পোৱা যায়।

গাৰ্হস্থ্য জীৱন আৰু সমসাময়িক বিষয় পোনপটীয়াকৈ ঋতু সম্পৰ্কীয় গীতৰ বিষয় নহয় যদিও লোক মানস কোনো সময়তে এইকেইটা বিষয়ৰ পৰা আঁতৰি থকা সম্ভৱ নহয় বাবে এন বিষয় সমূহেও ঠায়ে ঠায়ে দুয়ো অঞ্চলৰে ঋতু গীতত ভূমুকি মাৰিছেহি। শহুৰৰ বঙলা / দেখিবলৈ শুৱলা দুৱাৰত ইংৰাজী লিখা অথবা তোমাৰ ভনীৰ নিচিনা / মোৰো ভনী আছিলে / দুলীয়াজানৰ পিকেটিঙত চি. আৰ. পি. য়ে মাৰিলে’ আদি জাতীয় বিহুগীতে তাৰে সাক্ষ্য দাঙি ধৰে।

(৫)

ঋতু বিশেষৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক শোভা তথা অনুকূল শৃঙ্গাৰ বৰ্ণনাই এই গীত সমূহৰ মুখ্য বিষয়। শৃঙ্গাৰৰ ক্ষেত্ৰতো বিপ্ৰলম্ভ শৃঙ্গাৰৰ গুৰুত্ব বেছি। দুয়ো অঞ্চলৰে ভালেসংখ্যক গীতত অনেক পৌৰাণিক প্ৰসঙ্গ আৰু কেতিয়াবা লৌকিক চৰিত্ৰ তথা প্ৰসঙ্গতে পৌৰাণিক চৰিত্ৰৰ নামোল্লেখ মাত্ৰ কৰা হৈছে। ৰসৰ ক্ষেত্ৰত ঋতু গীত সমূহ শৃঙ্গাৰ ৰসেই মুখ্য ৰস। কোনো গীতত কৰুণ ৰসৰ প্ৰাদুৰ্ভাবো ঘটিছে। গঙ্গা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকমানসক ধৰ্ম মূলক বিষয়ে আচ্ছন্ন কৰি ৰখাৰ কাৰণে কেতিয়াবা প্ৰেম আৰু প্ৰকৃতি মুখ্য বিষয়ৰ ৰুপত থকা ঋতু গীততো ধাৰ্মিক বিষয়ে অনধিকাৰ প্ৰ্ৱেশ কৰিছেহি।

সামগ্ৰিক ৰুপত ক’বলৈ গ’লে গঙ্গা আৰু ব্ৰহ্মপুত্ৰ দুয়ো উপত্যকাৰে ঋতু গীত সমূহত মানৱীয় ভাৱনাৰ নিৰাভৰণ প্ৰকাশ ঘটিছে। প্ৰেম আৰু প্ৰকৃতিৰ সূত্ৰে ধৰি নিজৰ নিজৰ অঞ্চলৰ লোক জীৱনৰ প্ৰায় সমস্ত দিশ এই গীতসমূহৰ যোগেদি ইন্মোচিত হৈছে। গঙ্গা উপত্যকাৰ গীতত থকা পৰকীয়া প্ৰেমৰ বৰ্ণনাৰ বহুলতাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ গীতত তাৰ অভাৱ মন কৰিবলগীয়া। সেইদৰে পৰিয়ালৰ বিভিন্ন সদস্যৰ পাৰস্পৰিক সম্বন্ধকে ধৰি গাৰ্হস্থ্য জীৱনৰ ক্ষেত্ৰতো গঙ্গা উপত্যকাৰ গীত অধিক মুখৰ। সেইবুলি এই কথাও কিন্ত ঠিক যে যি নাই বিহুগীতত সি নাই অসমত।

 

লেখক : ড° নীৰাজনা মহন্ত বেজবৰা।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top