মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বৰপেটাৰ কীৰ্তন ঘৰত মহিলা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰপেটাৰ কীৰ্তন ঘৰত মহিলা

মহাপুৰুষ মাধৱদেৱে ঐতিহাসিক বৰপেটা সত্ৰ স্থাপন কৰিছিল আৰু এই সত্ৰৰ মূল কীৰ্তন ঘৰত নাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা আছে|

চমু বিৱৰণ

মহাপুৰুষ মাধৱদেৱে ঐতিহাসিক বৰপেটা সত্ৰ স্থাপন কৰিছিল আৰু এই সত্ৰৰ মূল কীৰ্তন ঘৰত নাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা আছে| এই নিষেধাজ্ঞা সম্পৰ্কত ১৯১৯ চনৰ পৰা যুক্তিযুক্ততা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈ আহিছে আৰু শেহতীয়াভাৱে এই স্পৰ্শকাতৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে| মূল কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ নিষেধ কৰা কাৰ্যই একাংশ মহিলাক প্ৰতিবাদী হবলৈ বাধ্য কৰিছে| কাৰণ বিষয়টোৱে আত্মসন্মানত আঘাত হনাটো অনুভৱ কৰিছে| যদিও এই বিষয়টোৰ ক্ষেত্ৰত দীৰ্ঘ সময় চৰ্চা হৈ আছে, সপক্ষে-বিপক্ষে যুক্তিৰ অৱতাৰণা হৈছে, কিন্তু নিষেধাজ্ঞাৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱা নাই|

বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰত মহিলাৰ প্ৰবেশৰ নিষেধৰ আঁৰৰ কথা

বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰত মহিলাৰ প্ৰবেশৰ নিষেধক পৰম্পৰাগত ভাৱে মানি আহিছে| মহাপুৰুষ মাধৱদেৱে মহিলাৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা বুলি কোৱা হয় আৰু সেই নিষেধাজ্ঞাকে সত্ৰ পৰিচালনা সমিতিয়ে বাহাল ৰাখিছে| বৰপেটা সত্ৰৰ ভক্ত সকল উদাসীন কাৰণে মহিলাৰ প্ৰৱেশ নিষেধ কৰিছিল যাতে ভকত সকলৰ কাম কাজত বাধা নহয়| আনহাতে পুষ্পিতা হোৱাৰ আগতে ছোৱালীয়ে আৰু বিয়াৰ পিছত দৰা-কইনা শৰণ লোৱাৰ সময়ত কীৰ্তন ঘৰত প্ৰবেশত বাধা নাই|

বৰপেটাৰ কীৰ্তন ঘৰত নাৰীৰ প্ৰৱেশ নিষেধৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিষয়টোক কেন্দ্ৰ কৰি বিশেষ ভাৱে চৰ্চা হোৱা কাৰণে যোৱা সাত আগষ্টত বৰপেটা সত্ৰ পৰিচালনা সমিতেয়ে ৰাজহুৱা সভাৰ আহ্বান কৰিছিল আৰু উপস্থিত সকলে সপক্ষে-বিপক্ষে মতামত দিছিল| আনহাতে, সত্ৰ পৰিচালনা সমিতিয়ে নিষেধাজ্ঞা বাহাল ৰাখে আৰু অৰ্থ একেই ৰাখি ‘মহিলাৰ প্ৰবেশ নিষেধ’ৰ সলনি ‘পূৰ্ব পৰম্পৰা অনুসৰি মূল কীৰ্তন ঘৰত মহিলাই প্ৰৱেশ নকৰে বুলি লিখাৰ সিদ্ধান্ত কৰে|

সত্ৰ পৰিচালনা সমিতিয়ে নিষেধাজ্ঞাৰ সপক্ষে কোৱাসকলৰ বক্তব্যক অগ্ৰাধিকাৰ দিছে| উক্ত সভাত একাংশ মহিলাই দৃঢ়তাৰে কয় যে কোনোবা মহিলাই মূল কীৰ্তন ঘৰত প্ৰৱেশ কৰিব বিচাৰিলে বাধা দিব|

বৰপেটাৰ মূল কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ নিষেধৰ বিষয়টো পৰম্পৰা অনুসৰিহে পালন কৰি আহিছে| মহাপুৰুষ মাধৱদেৱে কৈছিল অৰ্থাৎ গুৰুৱে কোৱা কাৰণে ভংগ কৰিব বিচৰা নাই| বিষয়টো বৰ্তমান সময়ত প্ৰাসংগিক হয় নে নহয় যুক্তিৰে বিশ্লেষণ কৰিবলৈ যেন সত্ৰ পৰিচালনা সমিতি আগ্ৰহী নহয়| সাধাৰণতে যিসকলৰ ধৰ্মীয় দিশৰ প্ৰতি গভীৰ অনুৰাগ থাকে তেওঁলোকে যুক্তিৰে বিচাৰ কৰিব নিবিচাৰে|

বৰপেটা সত্ৰৰ মূল ঐতিহ্য আৰু বৈশিষ্ট কি?

মূল কীৰ্তন ঘৰত মহিলাক প্ৰৱেশ কৰিব নিদিয়াটোৱে ঐতিহ্য আৰু বৈশিষ্ট্য কিয় হ’ল?

উদাসীন ভকত, মহিলাৰ প্ৰৱেশ নিষেধৰ সন্দৰ্ভতো প্ৰশ্নৰ অৱতাৰণা হৈছে| বৰপেটা সত্ৰত হেনো প্ৰথমে উদাসীন ভকত নাছিল আৰু গুৰুজনায়ো মহিলাৰ প্ৰৱেশত নিষেধ আৰোপ কৰা নাছিল|

শাস্ত্ৰীয় বা ধৰ্মীয় ৰীতি-নীতিৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে বিশেষ কৌতুহল বা গুৰুত্ব আৰোপ কৰিব নিবিচাৰে| পৰম্পৰাগত ভাৱে বা এই বিষয়ত বিজ্ঞ বুলি ভবাজনৰ পৰামৰ্শ অনুসৰি কাৰ্য কৰে| কিন্তু কোনোবাই যুক্তিযুক্ততা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে আৰু তেতিয়া সংঘাতৰো উদ্ভৱ হয়| এতিয়া বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰত যদিহে কোনো মহিলাই প্ৰৱেশ কৰিব বিচাৰে তেতিয়া যুঁজ আৰম্ভ হ’ব| তেতিয়া এই যুঁজখনক কি অভিধা দিয়া হ’ব? ধৰ্ম ৰক্ষাৰ যুঁজ নে অধিকাৰ সাব্যস্ত কৰাৰ যুঁজ|

বৰপেটাৰ মূল কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ নিষেধৰ মূল কাৰণ কি?

উদাসীন ভকতৰ মানসিক সন্তুলন নে কীৰ্তন ঘৰৰ পবিত্ৰতা?

উদাসীন ভকতৰ মানসিক স্থিৰতা বৰ্তাই ৰাখিবলৈ যদিহে মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে তেতিয়াহ’লে সঁচাকৈয়ে পৰিতাপৰ কথা| বৰপেটা সত্ৰলৈ যোৱা মহিলাসকলে সদাশিৱৰ ধ্যান ভংগ কৰিবলৈ শ্ৰী কৃষ্ণই ধাৰণ কৰা মোহিনী ৰুপৰ দৰে সাজসজ্জা পৰিধান কৰি নাযায়| আনহাতে, তেনে অভিপ্ৰায়েৰেও নাযায়| আকৌ কোনো  ভকতে মানসিক সন্তুলন বৰ্ত্তাই ৰাখিব নোৱাৰাৰ ক্ষেত্ৰত মহিলাক দোষাৰোপ কৰা উচিত হ’বনে? ধৰ্মীয় চিন্তা চেতনা আৰু গুৰুৰ আধ্যাত্মিক দৰ্শনে যদিহে গভীৰ ভাৱে প্ৰভাৱিত কৰি ৰাখিছে তেতিয়া মহিলাৰ উপস্থিতিয়ে চিত্ত চঞ্চল কৰিব নোৱাৰে|

আনহাতে, কীৰ্তন ঘৰৰ পবিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত মহিলাৰ মাহেকৰ নিৰ্দ্দিষ্ট সময়ৰ কথা কোৱা হৈছে| মাহেকৰ নিৰ্দ্দিষ্ট সময়খিনিত মহিলাই নিজকে অশুচি অনুভৱ কৰে আৰু পৃথকে থাকে| চলন-ফুৰণত কিছু শিথিলতা থাকিলেও পবিত্ৰ স্থানৰুপে চিহ্নিত ঠাইলৈ কেতিয়াও নাযায়| ঘৰৰ মন্দিৰ, গোঁসাই ঘৰত প্ৰৱেশ নকৰাৰ পিছত কীৰ্তন ঘৰত প্ৰৱেশ কৰিব বুলি কিয় ভবা হৈছে?

বৰপেটা সত্ৰৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশৰ সম্পৰ্কত মহিলাৰ মাজতে মতবিৰোধ আছে| গুৰুৰ নিৰ্দেশ পালন কৰি পৰম্পৰা ভংগ কৰিব নিবিচাৰে আৰু আন এটি পক্ষই যুক্তিযুক্ততা উত্থাপন কৰি প্ৰৱেশ কৰিব বিচাৰে| নিষেধৰ বিৰোধিতা কৰা সকলৰ যুক্তি এয়ে যে যিসকলে প্ৰৱেশ কৰিব নিবিচাৰে সেইটো তেওঁলোকৰ নিজা কথা, কিন্তু যিসকলে বিচাৰে বাধা দিব নালাগে|

যোৱা সাত আগষ্টৰ সভাত নিষেধ সম্পৰ্কীয় বাক্যশাৰী পৰিৱৰ্তন কৰি ‘পূৰ্ব পৰম্পৰা অনুসৰি মহিলাই কীৰ্তন ঘৰত প্ৰৱেশ নকৰে’ বুলি লিখিবলৈ কৰা সিদ্ধান্তই সকলো মহিলাৰ চিন্তাধাৰাকে প্ৰতিফলিত নকৰিব জানো? কিন্তু পৰম্পৰা অটুট ৰাখিবলৈ সত্ৰ পৰিচালনা সমিতিৰ কৌশলে সত্ৰখিনিৰ মৰ্যাদা ৰক্ষা কৰিবনে? আনহাতে, এই বিষয়টোৰ সন্দৰ্ভত সৰৱ হোৱা কেইগৰাকী মানৰ বিৰুদ্ধে কোটি টকাৰ গোচৰ ৰুজুৰ সিদ্ধান্ত কৰিছে যদিহে সেই সকলে ভুল স্বীকাৰ কৰি ক্ষমা নোখোজে| এইটো অগণতান্ত্ৰিক সিদ্ধান্ত আৰু সত্ৰ খনৰ গৰিমাত আঘাত হানিব| অসমৰ কিছুসংখ্যক তীৰ্থস্থানত জীৱ-জন্তুক বলি দিয়া কাৰ্য সম্পন্ন হয় আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো হৈ আছে| কিন্তু কৌটি টকাৰ মানহানি গোচৰৰ ভাবুকি দিয়া সম্পৰ্কে জ্ঞাত হোৱা নাই|

বৰপেটা সত্ৰ স্থাপনৰ সময়ৰ সমাজ ব্যৱস্থা আৰু বৰ্তমানৰ সময়ৰ সমাজ ব্যৱস্থাৰ পাৰ্থক্য আছে| আনহাতে এই সত্ৰখন এটি নিৰ্দ্দিষ্ট ধৰ্মীয় দৰ্শনত বিশ্বাসী সকলৰে পবিত্ৰ স্থান নহয়, অসমৰ পৰ্যটনৰ এটি গুৰুত্বপূৰ্ণ সমলৰুপে চিহ্নিত হৈছে| ইয়ালৈ দেশী-বিদেশী পৰ্যটক আহে আৰু কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ নিষেধে বিৰুপ বাৰ্তাও কঢ়িয়াই নিয়ে|

ধৰ্মৰ মূল দিশ হৈছে মানৱতাবাদ| যেতিয়া মানুহ অজ্ঞ আছিল তেতিয়া সমাজক সুশৃংখল কৰি ৰাখিবলৈ ৰীতি-নীতি প্ৰৱৰ্তন কৰিছিল| কিন্তু এতিয়াৰ শিক্ষিত আৰু প্ৰগতিশীল সমাজে অযুক্তিকৰভাৱে বা পৰম্পৰাগতভাৱে মানি চলাটো উচিত হ’বনে?

পৰম্পৰা মতে মূল কীৰ্তন ঘৰত মহিলাই প্ৰৱেশ কৰিলে ‘পবিত্ৰতা বিনষ্ট’ হ’ব পাৰে| আনহাতে, সত্ৰ খনৰ চৌহদত মহিলাৰ প্ৰৱেশত বাধা নাই| সত্ৰৰ চৌহদ পবিত্ৰ স্থান নহয় নেকি বাৰু?

বৰপেটাৰ নাগৰিক সমাজে এই স্পৰ্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত মুক্ত আলোচনাৰ আৰম্ভণি কৰে যেন| বিষয়টোৰ ক্ষেত্ৰত মুক্ত আলোচনাৰ আৰম্ভণি কৰে যেন| বিষয়টোৰ ক্ষেত্ৰত সুস্থ, সুস্থিৰ আলোচনা হোৱা উচিত| কিয়নো অস্থিৰতাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি| এই বিষয়টোৰ সৈতে পৰম্পৰা বৰ্তাই ৰখাৰ হেঁপাহৰ বিপৰীতে অধিকাৰ সাব্যস্ত কৰাৰ হাবিয়াসো জড়িত আছে| আনহাতে, অন্যৰ সৈতে তুলনাৰে যুক্তিযুক্ততাক সাব্যস্ত কৰিবলৈ প্ৰয়াস কৰিব নালাগে| এইখন হৰা জিকাৰ খেল হোৱা উচিত নহয়| নাৰী সবলীকৰণ আৰি নাৰীৰ প্ৰতি আস্থা, বিশ্বাস ৰাখি নিষেধাজ্ঞাৰ সংশোধনৰ বিষয়ে ভাবিব নোৱাৰোনে?

লেখক:- কৰেন্দ্ৰ চক্ৰৱৰ্তী

উৎস:- দৈনিক অসম|

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top