মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ভৈয়াম-কাৰ্বিৰ লোক-নৃত্য আৰু লোক-বাদ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভৈয়াম-কাৰ্বিৰ লোক-নৃত্য আৰু লোক-বাদ্য

ভৈয়াম-কাৰ্বিৰ লোক-নৃত্য আৰু লোক-বাদ্যৰ বিষয়ে লিখা হৈছে

অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত কাৰ্বি জনগোষ্ঠীটোও এটি অন্যতম জনগোষ্ঠী। তেওঁলোক মংগোলীয় নৃ–গোষ্ঠী আৰু তিব্বত–বৰ্মীয় ভাষিক লোক। আজি কাৰ্বি সকলৰ সৰহ খিনি লোকেই অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা দুখনত বাস কৰে। অৱশ্যে মিচিং আৰুৰ্তিৱা লোক সকল যেনেকৈ পাহাৰ–ভৈয়াম উভয়তে বাস কৰে, তেনেকৈ কিছু সংখ্যক কাৰ্বি লোকো নগাঁও, মৰিগাঁও, কামৰুপ, শোণিতপুৰ, গোলাঘাট, মেঘালয় আদি জিলাৰ বিভিন্ন অঞ্চলত বসবাস কৰি আহিছে। কামৰুপ জিলাৰ পাহাৰ বা ভৈয়াম উভয়তে বাস কৰা কাৰ্বি খিনিকে সাধাৰণতে ভৈয়াম কাৰ্বি বোলা হয়। কোনো কোনোৱে তেওঁলোকক ডুমৰালিও বোলে। ভৈয়াম কাৰ্বি মানে এটি সুকীয়া জনগোষ্ঠী নহয়, ভৈয়ামত বাস কৰে কাৰণেহে তেওঁলোকক ভৈয়াম কাৰ্বি ৰুপে জনা যায়।

ব্যক্তিৰ সমষ্টিয়েই সমাজ আৰু সামাজিক আচৰণৰ সামূহিক প্ৰকাশেই হ’ল সংস্কৃতি। ক’বলৈ গ’লে সমাজ আৰু সংস্কৃতি ইটো আনটোৰ পৰিপূৰক। সমাজৰ জীৱন নিৰ্বাহ পদ্ধতিতে সংস্কৃতিয়ে গঢ় লৈ উঠে আৰু সংস্কৃতিয়ে সমাজ এখনক গৌৰৱান্বিত কৰি তোলে। কাৰ্বি সংস্কৃতিও তেওঁলোকৰ জীৱন নিৰ্বাহ পদ্ধতিতে গঢ় লৈ উঠিছে। সেই জীৱন নিৰ্বাহ পদ্ধতিত আকৌ বিভিন্ন জনগোষ্ঠীৰ সামূহিক সাংস্কৃতিক উপাদানো বিৰাজমান।

পাহাৰ কাৰ্বিৰ নিচিনাকৈ ভৈয়ামত বাস কৰা কাৰ্বি খিনিও তেনেই সংগীতময় আৰু সংগীতপ্ৰিয় জনগোষ্ঠী। তেওঁলোকৰ এনে এটি অনুষ্ঠান নাই, য’ত লোকনৃত্য এটি নানাচিব বা লোকবাদ্য এটি নবজাব। আনকি মৃত ব্যক্তি এজনৰ শৱদেহৰ কাষতো ‘অচেপী’ এগৰাকীয়ে বিননি বা সুৰ তুলি কন্দাৰ নিয়ম।

কাৰ্বি সকলৰো সৰহ খিনি অনুষ্ঠানেই কৃষিৰ লগত জড়িত অনুষ্ঠান, সেয়া লাগিলে ‘চক্‌ কাৰ্টাপ আৰ্ণামে’ই হওক, ‘ৰেত্‌ আৰ্ণামে’ই হওক, ‘মনু কি এনে’ই হওক বা ‘দেহাল আৰ্ণামে’ই, ‘অছ’ দ’মাহীয়েই হওক বা ‘দ’মাহীপে’ই হউক।

ভৈয়াম কাৰ্বিত ‘কিকান’ মানে নৃত্য। বিভিন্ন অনুষ্ঠানৰ লগত জড়িত নৃত্যবোৰ হ’ল:

 

ৰেত কিনং কিকান:

গছ–বন কাটি তাত জুই জ্বলাই পুৰি কোদালি কৰা পাহাৰীয়া খেতিটোকে আৰ খেতি বা ‘ৰেত্‌’ বোলে। ভৈয়াম কাৰ্বি খিনিয়েও এই খেতিটো কম–বেছি পৰিমাণে আজিও কৰি আহিছে। ডিমৰীয়া অঞ্চলত এই ঝুম খেতিটো কৰাক লৈ এটি প্ৰৱচনেই আছে – ‘এজন কাৰ্বিৰ জন্মত সাত খন পাহৰে কান্দে’ বুলি। ডেকা–গাব হৰুৱে নৃত্য কৰি কৰি তলৰ পৰা ওপৰলৈ আৰতলীৰ বুকু কুৰি যায়। ইয়াত ‘চেংবে’ (ঢুলীয়া)– জনে ‘লুনআপে’ৰ ভূমিকাও গ্ৰহণ কৰে। গায়ক ‘লুনআপে’জনে গোৱা গীত আৰু ঢোলৰ ছেৱে ছেৱে ডেকা–গাভৰু সকলে গীতৰ শেষৰ অংশ ধৰি যায়। আঁৰ কৰি কৰি গোৱা হয় কাৰণে এই নৃত্যটিক আৰকোৰা নৃত্য বা ৰেত্‌কিনং কিকান বোলে।

দমাহী কিকান:

কাৰ্বি আংলঙৰ মাজত বিহুৰ উলহ–মালহ পৰিলক্ষিত নহয়। তেওঁলোকে পূৰ্বপুৰুষৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ‘চমাংকান’ অনুষ্ঠানটিহে উলহ–মালহেৰে পাতে। আনহাতে, অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ মাজত থাকিয়েই ভৈয়াম কাৰ্বি সকলে অসমৰ বিহু তিনিটা নিজস্ব পৰম্পৰাৰে পালন কৰি আহিছে। বৰবিহু ‘দ’মাহীপে’ত তেওঁলোকে প্ৰতিঘৰৰ চোতালে চোতালে গৈ বিহুগীত ‘দ’মাহ আলুন’ গাই নৃত্য কৰে। গীতবোৰ মুৰীত বা কালিৰেহে বেছিকৈ গোৱা হয়। তেনে এটি ‘দ’মাহী আলুন’ৰ নমুনা এনেকুৱা:

বং ছালৱুক চালৱুকপে

বং ছালৱুকপে

আলাং আলং হৰপিনে

ৰিছ’কা ভুলেপে

(ৰাজেন্দ্ৰ টুমুঙৰ পৰা সংগৃহীত)

ভাবাৰ্থ: মদ্‌ চেকি তিতা লাউত ভৰালি, মদৰ লোভত ডেকাবোৰ তোমাৰ ওচৰ চাপিল, মদ খুৱাই তুমি ডেকাবোৰৰ মন জয় কৰিলা।

চোতালত নাচোঁতে ‘কাৰ্লেক কিকান’ বা কেৰ্কেটুৱা নৃত্য, ফুউককি–এফি কিকান বা কলগছ–নৃত্য, টিকে চৰং কিনেপ কিকান বা বাঘে গৰু ধৰা নৃত্য, ৱ পৰ্চিৰচু কিকান বা কুকুৰা যুঁজ, চং–নক্‌ কিকান’ বা ঢাল–তৰোৱাল নৃত্য, চং কিচন কিকান’ বা তৰোৱাল নৃত্য কৰি ৰং–তামাচা কৰে।

টিকে কিকান:

বাঘে জীৱ–জন্তু আৰু মানুহ মাৰি উৎপাত কৰিলেহে কাৰ্বি ৰাইজে বাঘ চিকাৰ কৰে। ঢোল – তাল বজাই–চঙিয়াই বাঘক জালৰ সন্মুখলৈ খেদি আনে। বাঘ জালত পেলাই মাৰি উঠাৰ পাছতে ৰাইজে হাবিৰ পৰা বাঘটো ‘আজি ৰজাৰ পুতেকক মাৰিলোঁ ঐ বুলি তাৰাং হেম’ বা  ডেকাচাঙলৈ আনে। তাতে ৰাইজে ছাল খনৰ লগত বাঘৰ মূৰটো সম্পূৰ্ণকৈ ৰাখি বাঘৰ ছালখন চেলায়। আৰু ডেকা চাঙতে ছালখন শুকুৱায়। ছালখন শুকাই উঠাৰ পাছত বাঘ মৰা গাঁওখনে ডাঙৰ উছৱ এটি পাতিব লগীয়া হয়। এই উছৱটোক ‘টিকে কিকান’ বুলি কোৱা হয়। উছৱৰ দিনাখন বাঘৰ ছালখন বাঁহৰ চাঙিত বাঘৰ নিচিনাকৈ সজাই বাঘ দেৱতালৈ মদ – ভাত আগ বঢ়াই চাৰিওফালে ঘূৰি ঘূৰি গীত গাই গোটেই ৰাতিটো নাচে। বাঘ – নৃত্যত গোৱা গীতবোৰকে ‘টিকে কিকান আলুন’ বোলে। ‘টিকে কিকান’ উছৱ পাতিব পৰাতো এখন কাৰ্বি গাৱৰ ৰাইজে বৰ গৌৰৱৰ কথা বুলি ভাবে।

আমৈ মৈ কিকান:

পকা ধান কাটিবলৈ পথাৰত নমাৰ আগমুহূৰ্তত ‘মনু কি এন’ নামৰ লক্ষ্মী পূজা আদি ভৈয়াম কাৰ্বি সকলে পতা দেখা যায়। পূজাৰ আগ দিনাখন ধানৰ টোপোলা এটা পানীৰ দোভাত পেলাই থৈ আহেগৈ। পাছদিনাখন নতুন সাজ – পাৰ পিন্ধি সৰু ছোৱালী এজনীয়ে দোন এটিত  নতন কাপোৰ এখন লৈ নিজৰাটিৰ পাৰত থিয় হৈ থাকেগৈ। তাৰ পাছত ‘কাঠাৰ’ (পূজাৰী)– জনে নিজৰাত বুৰ মাৰি ধানৰ টোপোলাটি কিছু বালিৰে স’তে পাৰলৈ তুল আনি ছোৱালি জনীয়ে মূৰত লৈ থকা দোনটিত মন্ত্ৰ মাতি থৈ দিয়ে। নৃত্য – গীত কৰি এই অকুমাৰী ছোৱালী জনীক দেহাল থানলৈ আনে। আদৰি আনোতে ‘আহন আপংচী’ বজায়। গধূলি দেহালত গাভৰু ছোৱালীয়ে মূৰত ওঅৰণি লৈ নাচে। এই নৃত্যটিকে ‘আমৈ মৈ কিকান’ বোলে।

লোকবাদ্য

 

চেংপে (ডাংৰ ঢোল):

ষোল–ওঠৰ ইঞ্চিমান দীঘল, দহ – বাৰ ইঞ্চিমান ব্যাসৰ কাঠৰ খোলাৰে চেংটো তৈয়াৰ কৰে। ঢোলটো (চেং) এফালে ডাঙৰ, এফালে সৰু। ঢোলৰ কোবনি খন গৰুৰ ছালৰ আৰু তালী খন ছাগলী ছালৰ। কাৰ্বিত কোবানি তালিক ‘আবংতালি’ বোলে। দোৱানকেইডাল গৰুৰ ছালৰ হ’ব লাগিব। ঢোলটো এফালে মাৰিৰে বজোৱা হয়। ঢোলৰ মাৰি ডাল বাঁহৰ বা বেতৰ লয়। বেতৰ ঢোলৰ মাৰি ডালৰ আদৰ বেছি। এই মাৰি ডাল হেৰুৱালে ঢুলীয়া জনে দায় ভৰিব লগীয়া হয়। এই ঢোলটি আৰকোৰা ‘ৰেত কিনং’ অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ উপৰি দ’মাহী, দেহাল পূজা, টিকে কিকান, ডেকা চাঙৰ বৰ খুঁটাটো চাঙৰ থলীলৈ নৃত্য–গীতেৰে আদৰি আনোতে বজোৱা হয়।

দাংদৰ (এমুখীয়া ঢোল):

এই ঢোলটি ঢোলীয়াই কঁকালত বান্ধি লৈ বিহুৰ সময়ত ‘চেংপে’ৰ স’তে বজায়। ইয়াক দুখন হাতত ঢোলৰ মাৰি লৈ বজায়।

কিথি কাৰহি আচেং:

গাঁৱত কোনো লোকৰ মৃত্যু হ’লে একে দিনৰ ভিতৰতে ঢোল কাটি, তাত চাম্‌ৰা বৰতি লগাই মৃতকৰ চোতালত যিটো ঢোল বজাই নাচিব লগীয়া হয়, সেই ঢোলটিকে ‘কিথি কাৰহি আছেং’ বোলে।

আহন আপংশী:

বৰ বাঁহীক ভৈয়াম কাৰ্বিত ‘আহন আপংশী’ বোলে। ই আঠোটা ফুটাযুক্ত বাঁহী। ওপৰৰ ফুটাটোত মুখ থৈ বজাব লাগে। কৃষি দেৱতাৰ পূজা ‘ৰেত্‌ আৰ্ণাম’, ‘আমৈ মৈ কিকান’, দেহাল পূজাত বাঁহ নৃত্য ‘ক্লক্‌ ক্লকচৰ কিকান’, ডেকা চাঙত মেল বহা দিনা খন কোনোবা গৃহস্থৰ মাংগলিক অনুষ্ঠানত এই বৰবাঁহীটো বজায়।

তুৰৱীত:

তুৰৱীত মানে হ’ল ওঁঠেৰে বজোৱা বাঁহী। এই বাঁহীটো গৰখীয়া সকলে বজায় কাৰণে ইয়াক গৰখীয়া বাঁহীৰুপেও জনা যায়। এই বাঁহৰ বাঁহীটোৰ দুটা মাত্ৰ ফুটা। গৰখীয়া সকলে গৰু মেলাৰ সময়ত গৰখীয়াতলীত ইয়াক বজায়। মন কৰিব লগীয়া কথা যে বনদেৱতা ‘ইংলং আৰ্ণাম’ পাটীত উঠাৰ পাছতহে বাঁহীটো বজাব পাৰে।

আহন মুৰীত(বৰকালি):

এই কালিটো বৰ সন্মানীয়। ইয়াৰ তল খণ্ডটো পিতলৰ। আনহাতে, ইয়াৰ যোৰা নাই, অংশ এটাই। ফুটা সাতোটা (ছটাও থাকে)। কালিটোত মাইকী হাঁহৰ পাখীত নৰা দি বজায়। দ’মাহী, দেওশাল, ‘আৰ্ণাম কিপন’, গাভৰু সকলে দিহাল পূজাৰ সময়ত পিঠাগুড়ি খুন্দাতে, ডেকা চাঙৰ বৰখুঁটাটো আনোতে বজায়। কালিটোক সস্ন্মানে ‘বাংথে’ৰ ঘৰত ৰখা হয়।

মুৰীত য’ৰা:

এই কালিটোত ভালে কেইটা যোৰা থাকে কাৰণে মুৰীত য’ৰা বোলে। ইয়াত সাতটা ফুটা থাকে। সাধাৰণতে এই কালিটো দেহাল পূজা বা দ’মাহীত ব্যৱহাৰ নহয়। উপায় নাথাকিলে বজাব লগীয়া হয়। এই দুটা অনুষ্ঠানৰ বাহিৰে আন সকলো অনুষ্ঠানতে মুৰীত য’ৰাটো বজাব পাৰে।

মুৰীত জাংকেক্‌:

এই পেঁপাটো বনবাঁহৰ আগলিৰে বনোৱা হয়। ফুটা সাতটা। ইয়াক হাধাৰী খেলোঁতে, পাহাৰলৈ যাওঁতে, গৰু চৰাওঁতে বজোৱা হয়।

পাম্‌ প্ৰপ্‌:

পাম প্ৰপ্‌ নামৰ বাঁহৰ চুঙাৰ বাদ্য এবিধ ‘আমৈমৈ কিকান’ত বজায়।

গেং গেং:

দুটা মূৰত গাঁঠি থকা এপবীয়া বাঁহত চেচুক টানি টোকাৰীত থকা ঘোঁৰাটোৰ নিচিনা এপাত ঘোঁৰা সুমুৱাই তাৰ পৰা গিগিং গিগিং কৰি এটি সুৰ উলুয়ায়।

তাল বা হাৰ্লিং:

কাৰ্বি সমাজত তালৰ ব্যৱহাৰ নাই বুলিয়ে ক’ব পাৰি। মাথোন বাঘ মাৰি পতা অনুষ্ঠান ‘টিকে কিকান’তহে তালৰ ব্যৱহাৰ হয়।

কাঁহ বা সান:

নতুনকৈ আৰ খেতি বা ঝুম খেতিত নমাৰ আগতে বৰ বাংথেৰ ঘৰত ‘আৰ বিদায়’ পূজা কৰে। সেই সময়ত গোৱা গীত আৰু নৃত্যত কাঁহ এখন বজোৱা হয়। মন কৰিব লগীয়া কথা যে ইয়াৰ পাছত পাহাৰত আৰ কোৰাৰ সময়ত গোৱা গীত বা নৃত্যত কাঁহ বজোৱা নহয়।

লেখক : মুৰুলীধৰ দাস(লোক – সংস্কৃতিৰ সঁফুৰা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top