মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মিচিং পোছাক মিবুগালুক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মিচিং পোছাক মিবুগালুক

মিচিং পোছাক মিবুগালুকৰ বিষয়ে লিখা হৈছে

অসমৰ মিচিং জনগোষ্ঠীৰ লোক সকলে মিবুগালুকনপৰিধান কৰে। ইয়াক দেওধাই চোলা বুলিও ক’ব পাৰি। মিবুগালুকৰ অৰ্থ, মিবু অৰ্থাৎ দেওধাই (পুৰোহিত), গালুক অৰ্থাৎ চোলা বা কামিজ। মিবুগালুক মিচিং জনগোষ্ঠীৰ জাতীয় সাজপাৰৰ ভিতৰত পৰে। হস্ত তাঁত শিল্পত পাৰদৰ্শী মিচিং শিপিনীয়ে কপাহী সূতাৰে কাপোৰ বৈউলিয়াই হাতেৰে চিলাই পুৰুষ সকলৰ বাবে জেকেটৰ দৰে মিবু গালুক প্ৰস্তুত কৰে। সাধাৰণতে মুগা আৰু ক’লা (পৰম্পৰা বহনকাৰী) এই দুয়ো ৰঙৰ মিবুগালুক দেখিবলৈ পোৱা যায়। মুগা বা ক’লা যি ৰঙৰেই কাপোৰ বোৱা হয় সেই কাপোৰত একে ৰঙৰ সূতাৰে দীঘ আৰু বাণি দিয়া থাকে। মিবুগালুকত বগা, ৰঙা, ক’লা, হালধীয়া আৰু সৰিয়হ ফুলীয়া এই পাঁচ বিধ ৰঙৰ সমাবেশ ঘটোৱাটো বাধ্যতা মূলক। শিপিনী সকলে বিশেষ কলা – নৈপুণ্যৰে মিবুগালুক বাছি উলিওৱা ফুলৰ নক্সাবোৰ বৰ্ণাঢ্য। তেওঁলোকে প্ৰকৃতিৰ পৰা আহৰণ কৰা চন্দ্ৰ – সূৰ্য্য, ফুল, তৰা, কাৰ্‌পুম্‌পুলি (জুপিতৰা), ঙ্‌চিক (মাছৰ বাকলি), চৰাই চিৰিকটিৰ পাখি মিবুগালুকত বাছি উলিয়াই নান্দনিক ৰুপ দিয়ে। মিবুগালুক প্ৰস্তুত কৰণৰ প্ৰণালীবোৰৰ ভিতৰত শিপিনী সকলে প্ৰথমেই তাঁত লগাই শালত দঙাৰ পাচত ভাতৰ মাৰ দি অথবা বিহমনা গছৰ গুটি সিজাই হাতেৰে ফেনেকি তাঁতৰ সূতাত কুচিৰে তাহোন দি লয়। এনে কৰিলে কপাহী সূতাৰ আঁহ নোহোৱা হয় আৰু তাঁত ববলৈ মিহি হোৱাৰ লগতে অকৃত্ৰিম মুগা বৰণ এটা (বগা সূতাৰ ক্ষেত্ৰত প্ৰযোজ্য) তাঁতৰ সূতাত জিলিকি উঠে। যিটোক মিবুগালুকৰ পৰম্পৰা বহনকাৰী ৰং বুলি কোৱা হয়। মিবুগালুকৰ সন্মুখ ফালে নাভিৰ পৰা যৎকিঞ্চিৎ তলত পৰাকৈ কঁকালত তৃগৰ (গাঁৰি) দিয়া থাকে। সন্মুখ ভাগ ধৰি ৰাখিব পৰাকৈ বৰা গাহৰিৰ দাঁত বা খাগৰি প্ৰায় এক ইঞ্চি জোখত দীঘলীয়াকৈ কাটি বুটাম প্ৰস্তুত কৰি সোঁফালে নিৰ্দিষ্ট দূৰত্বত ৰাখি তাৰ ঠিক পোনে পোনে বাওঁফালেও এডাল পকোৱা সূতাৰ ৰছীৰে গাঁঠি দি বুটামটো সুমুৱাব পৰাকৈ সুৰুঙা ৰখা হয়। পিঠি ফাল এঠিক কান্ধত পৰাকৈ প্ৰায় চাৰি ইঞ্চি জোখত দুয়োকাষে কংগাৰ (কাষৰি) – ৰ শাৰীৰে ডাঠকৈ এশাৰি প্ৰধান ফুল বছা হয়। এই ফুলৰ লগতে কান্ধৰ দুয়োকাষে ওলমি পৰাকৈ দুডাল গৰ্গে (ৰছী) গুঁঠী উলিওৱা হয়। পিঠি ফালৰ ফুল শাৰীৰ তলতে শিপিনী সকলে এটা নিৰ্দিষ্ট প্ৰতীক বাছি উলিয়ায়। লোক বিশ্বাস মতে দঃঞি – পঃলৰ সন্তান পঃ (চন্দ্ৰ) – ক পিতৃ আৰু দঃঞি (বেলি) – ক মাতৃ বুলি বিশ্বাস কৰা মিচিং জনগোষ্ঠীৰ লোক সকলে প্ৰতীকটোৰ ওপৰ ফালে তেওঁলোকৰ তালেংউই (ওপৰ দেৱতা) দঃঞি (বেলি) – ৰ অৰ্ধৰুপ আৰু তলৰ ফালে দুখন য়কচা (হেংদাং) ব্যৱহাৰ কৰে। তলৰ য়ক্‌চা দুখনে ওপৰৰ বেলিটোৰ তলৰ অংশ ঢাকি ৰখা যেন লাগে। মৌখিক সাহিত্য, কিংবদন্তি আৰু ইতিহাসৰ ভিত্তিত ক’ব পাৰি : ত্ৰয়োদশ শতিকা অৰ্থাৎ চুতীয়া বংশৰ ৰাজত্বৰ শেষৰ ফালে বৃহৎ মংগোলীয় গোষ্ঠীৰ মিচিং লোক সকলে তেওঁলোকৰ পূৰ্বৰ বাসস্থান অসমৰ উত্তৰে থকা পাহাৰলানি (তাহানিৰ নেফা অঞ্চল) অৰ্থাৎ বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ ছিয়াং আৰু সোৱণশিৰি জিলাৰ পাহাৰত পৰা খেতি মাটিৰ অভাৱ, দলীয় সংঘৰ্ষ আদি বিভিন্ন কাৰণত পাহাৰৰ হাবি – জংঘল কাটি পথ উলিয়াবৰ বাবে য়ক্‌চা ব্যৱহাৰ কৰিছিল। কোনো কোনোৰ মতে, শ্ৰমজীৱী জীৱনত তেওঁলোকে কামৰ আহিলা স্বৰুপে য়ক্‌চা ব্যৱহাৰ কৰে। উল্লেখযোগ্য যে, মিচিং লোক সকলৰ মিবু অৰ্থাৎ দেওধাই বা পুৰোহিত সকলে নিজৰ কাম – কাজত য়ক্‌চা ব্যৱহাৰ কৰে। এনেবোৰ কাৰণতে হয়তো মিবুগালুকৰ প্ৰতীকত দুখন য়ক্‌চা ব্যৱহাৰ কৰে বুলি ধাৰণা কৰিব পাৰি। মিচিং লোক সকলে উৎসৱ – পাৰ্বণ, মাংগলিক অনুষ্ঠান, নৃত্য – গীত পৰিবেশনৰ সময়ত মিবুগালুক পৰিধান কৰে। তদুপৰি তেওঁলোকৰ এই পোছাক বিধ আত্মীয় – স্বজন আৰু অতিথিক উপহাৰ স্বৰুপে দিয়াৰো নিয়ম আছে।

অসমলৈ অহা বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্যটক সকলে মিচিং শিপিনীৰ মিবু গালুকৰ সুন্দৰ কলা – কৌশল আৰু জনগোষ্ঠীটোৰ অন্যান্য মনোৰম সাজ – পাৰ্ দেখি অভিভূত হোৱাৰ খবৰ ইতিমধ্যে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰিত হৈছে। বৰ্তমান সময়ত গ্ৰাম্য, জিলা ভিত্তিক আৰু ৰাজ্যিক প্ৰৰ্য্যায়ৰ বাণিজ্যিক মেলা, প্ৰদৰ্শনীত মিবু গালুকৰ বজাৰৰ চাহিদা বৃদ্ধিয়ে মিচিং শিপিনী সকলৰ মনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। মিচিং শিপিনী সকলৰ বিভিন্ন সাজপাৰৰ ভিতৰত অন্যতম কলা – নৈপুণ্যৰ পৰিচয় মিবুগালুকৰ অন্যান্য দিশবোৰ আলোচনা কৰাৰ লগতে আৰু এটি দিশ বিশেষ ভাৱে লক্ষ্যণীয়। অতীতৰ মিবু গালুকৰ তুলনাত বৰ্তমান সময়ৰ মিবুগালুকত বহু খিনি নতুনত্বৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। আধুনিক সময়ত মানুহ বিভিন্ন সাজ – সজ্জাৰে সজ্জিত হ’লেও নিজৰ জাতীয় সাজপাৰৰ পৰম্পৰা অটুট ৰখাটো নিতান্তই প্ৰয়োজনীয়। আমি দেখা পোৱা বৰ্তমান সময়ৰ মিবুগালুকৰ নতুনত্ববোৰ তলত উল্লেখ কৰা হ’ল।

*অতীতৰ মিবুগালুক কপাহী সূতাৰে কপোৰ বৈ হাতেৰে চিলাই প্ৰস্তুত কৰাৰ পৰিৱৰ্তে বৰ্তমান শিপিনী সকলে মিবুগালুক ঊণেৰে বৈ মেছিনেৰে চিলাই প্ৰস্তুত কৰা দেখা গৈছে।

*কপাহী সূতাত ভাতৰ মাৰ দি অথবা বিহমনা গছৰ গুটি সিজাই হাতেৰে ফেনেকি কুচিৰে তাহোন দি কাপোৰ ব’বলৈ মিহি কৰা আৰু সেই গছৰ গুটিৰ পৰা অকৃত্ৰিম মুগা ৰং তৈয়াৰ কৰা পদ্ধতিও বৰ্তমানে দেখা নাযায়।

*পূৰ্বতে মিবুগালুকৰ সন্মুখ ভাগ ধৰি ৰাখিবৰ বাবে বৰা গাহৰিৰ দাঁত, খাগৰি কাটি বুটাম তৈয়াৰ কৰা হৈছিল। বৰ্তমানে উল্লিখিত বুটামৰ সলনি নমে (Nome) ৰছীৰে বন্ধাৰ ব্যৱস্থা কৰাৰ লগতে সহজলব্ধ ভাৱে প্ৰস্তুত কৰা বজাৰৰ বুটাম অথবা চেইন ব্যৱহাৰ কৰা দেখা গৈছে। যিটোৱে জাতীয় ঐতিহ্য পূৰ্ণ পোছাকটোৰ প্ৰকৃত সৌন্দৰ্য্য খিনি বহু পৰিমাণে নোহোৱা কৰিছে।

*তাহানিৰ শিপিনী সকলে প্ৰকৃতিৰ পৰা আহৰণ কৰা চন্দ্ৰ, সূৰ্য্য, তৰা, জুপিতৰা, মাছৰ বাকলি, চৰাই – চিৰিকটিৰ পাখি আৰু ফুল মিবুগালুকত সুন্দৰকৈ বাছি উলিওৱাৰ লগতে নিৰ্দিষ্ট প্ৰতীক দ:ঞিৰ অৰ্ধৰুপ আৰু দুখন য়ক্‌চা ব্যৱহাৰ কৰাও বৰ্তমানে কমকৈহে দেখা পোৱা যায়। সম্প্ৰতি ইয়াৰ পৰিৱৰ্তে মিচিং শিপিনী সকলে আধুনিকতাৰ আঁচোৰত তাজমহলৰ প্ৰতীক আৰু অপ্ৰাসংগিক ৰঙৰ উৎসৰে সস্তীয়া চিনেমাৰ প্ৰতীক আদি ব্যৱহাৰ কৰিবলৈ লোৱাৰ লগতে কেতিয়াবা কোনো ধৰণৰ প্ৰতীক ব্যৱহাৰ নকৰাকৈ কেৱল গাঁৰি দি ফুল বাছিয়েই মিবুগালুক প্ৰস্তুত কৰা দেখা গৈছে।

*অতীত পৰম্পৰা বহনকাৰী মুগা আৰু ক’লা ৰঙৰ মিবুগালুকৰ পৰিৱৰ্তে বৰ্তমান উজনি অসমৰ ধেমাজি নগৰৰ লগতে নগৰাঞ্চলৰ আশে – পাশেও সেউজীয়া ৰঙৰ (পৰম্পৰা নহয়) মিবুগালুক বৈ পৰিধান কৰা দেখা গৈছে। এনে হোৱাটো অত্যন্ত দুঃখ জনক বুলিয়েই ভাবিব পাৰি। সভ্যতা – সংস্কৃতিৰ অন্যতম পথ নিৰ্দেশক হৈছে সাজপাৰ। সকলো জাতি – জনগোষ্ঠীৰে জাতীয় সাজপাৰৰ কিছুমান নিজস্ব বৈশিষ্ট্য থাকে। এইবোৰৰ স্বকীয়তাৰ পৰিৱৰ্তন ঘটাব নালাগে। কিয়নো সংস্কৃতিৰ মিশ্ৰণৰুপ থাকিলেও পদ্ধতিগত ভাৱে পৰিৱৰ্তন নঘটালে জাতীয় সংস্কৃতি হেৰুৱাৰ আশংকাই অধিক বুলি ভাবিব পাৰি।

লেখক : ৰজনীকান্ত বৰদলৈ(লোক – সংস্কৃতিৰ সঁফুৰা)

2.88
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top