মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / লোক অধ্যয়নৰ প্ৰয়োজনীয়তা, এটি বিন্দু বিশ্লেষণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক অধ্যয়নৰ প্ৰয়োজনীয়তা, এটি বিন্দু বিশ্লেষণ :

লোক অধ্যয়নৰ প্ৰয়োজনীয়তা, এটি বিন্দু বিশ্লেষণৰ বিষয়ে লিখা হৈছে ।

 

ভাষা হ’ল মানৱ মগজুৰ অদ্বিতীয় বিকাশ৷ যি আমাক বুজাত, কথনভংগীৰ সৃষ্টি আৰু প্ৰকাশত সহায় কৰে৷ মান্যভাষাৰ লগত উপভাষা আৰু লোকভাষাৰ তুলনা কৰিলেই লিখিত আৰু কথিত ভাষা হিচাপে চিহ্নিত হ’ব৷ অৱশ্যে বিশ্লেষণৰ পাছত সকলোৱেই বুজিব, লোকভাষাই ব্যাকৰণৰ পৰিধি নামানে৷ ড° বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে এই বিষয়ে বিশদ আলোচনা কৰি গৈছে৷ অশিক্ষিত গ্ৰাম্য অঞ্চলৰ মানুহৰ মুখেৰে কথিত ৰূপত লোকভাষাই স্বকীয় গৰিমা অটুট ৰাখিছে৷ ৰসবোধ, চিত্ৰকল্প, মনোমোহা ছন্দৰে লোকভাষাই লোকসাহিত্যৰ সমানে অসমীয়া ভাষা, সংস্কৃতিৰ ভঁৰালো গজগজীয়া কৰিছে৷

মই আলোচনা কৰিব বিচৰা বিষয়টোলৈ আহোঁ৷ অসমৰ প্ৰায়বোৰ ঠাইতে ভিন ভিন ৰূপত লোকভাষাই নানা ৰূপ গ্ৰহণ কৰিছে৷ অসমীয়া মান্যভাষা প্ৰতিষ্ঠা হোৱা শিৱসাগৰ জিলাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহেও আনকি  লোকভাষাৰ মনোৰম জগতখনৰ মাজত ডাঙৰ দীঘল হৈছে৷

আমি বৃত্তিত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হোৱাৰ সৌভাগ্যৰে উজনি অসমৰ কেইবাখনো গ্ৰামাঞ্চলৰ মানুহৰ সতে ভাৱ বিনিময় কৰিবলৈ সুবিধা পাইছিলো৷ সেই ব্যক্তিগত অভিজ্ঞতাৰে বিন্দুটো আলোচনা কৰিবলৈ মানস কৰিলোঁ৷

অসমৰ গ্ৰাম্য অঞ্চলৰ প্ৰায়বোৰ প্ৰাথমিক বিদ্যালয়ত অসমীয়া ভাষাটো দ্বিতীয় ভাষা (language 2) হিচাপেহে ব্যৱহাৰ কৰি অহা হৈছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল অসমত ২২ টা জনজাতি আছে আৰু তেওঁলোকৰ প্ৰায় ৬০ টা মাতৃভাষা, ৪০ টা ভাষিক গোটৰ অন্তৰ্ভুক্ত৷ এই জনগোষ্ঠীসমূহে যিটো প্ৰভাৱশালী ভাষাৰ সংস্পৰ্শত থাকে সেই ভাষাটোকে ব্যৱহাৰ কৰাও পৰিলক্ষিত হয়৷ উদাহৰণস্বৰূপে কুৰুখভাষীসকল যেতিয়া ঔপনিবেশিক ইংৰাজৰ সময়ত চাহ বাগিচাৰ কামত আহিছিল তেতিয়া তেওঁলোক আন জনজাতীয় বৈবাহিক সম্বন্ধৰ ফলশ্ৰুতিত দ্বিভাষিক পৰিস্থিতিৰ সমস্যাই দেখা দিছিল৷ তাৰোপৰি জনজাতীয় সম্প্ৰদায়ৰ মাজত এটাকৈ অধিক গুৰুত্বপূৰ্ণ ভাষা থকাৰ ফলশ্ৰুতিত জনজাতিসকলৰ মাজত অসমস্বত্ব (heterogeneous) ভাষিক গঠনেও প্ৰভাৱ বিস্তাৰ কৰে৷

গৱেষণাৰ পৰাও পোৱা গৈছে যে, দ্বিতীয় ভাষাজ্ঞান আহৰণ এক জটিল প্ৰক্ৰিয়া আৰু ইয়াৰ সৈতে পৰস্পৰ সম্বন্ধ থকা বহু উপাদান জড়িত হৈ থাকে৷ তাৰে ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ তথা সুবিধাজনক পদ্ধতিটো হ’ল, স্বাভাৱিক পৰিবেশ আৰু ইজনে সিজনৰ সৈতে মত বিনিময় কৰিব পৰা পৰিবেশ৷

সাধাৰণতে গ্ৰাম্য অঞ্চলত সকলো শিশুৱে প্ৰথমভাষাৰূপে স্থানীয় লোকভাষাৰ লগতে পৰিচয় হয়৷ প্ৰাথমিক বিদ্যালয়লৈ আহিহে দ্বিতীয় ভাষা আয়ত্ব কৰে তথা শিক্ষা আহৰণৰ ক্ষেত্ৰত আগবাঢ়ি যায়৷ প্ৰাথমিক বিদ্যালয়সমূহত সেইবাবেই ভিন ভিন লোকভাষাৰ প্ৰয়োভৰ নুই কৰিব নোৱাৰি৷ সেইক্ষেত্ৰত দ্বিতীয় ভাষাজ্ঞান প্ৰদানত আহুকালে দেখা দিয়ে৷ পৰিবেশটো সহজ হৈ নুঠে৷ আমি ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছো, সেই আহুকাল সমূহে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত লিখিত ভাষা হিচাপেও ধৰা দিয়ে৷ উদাহৰণ স্বৰূপে-

ল’ৰাজনী ( ল’ৰাটো), খাই পেনি আহিলো ( খাই আহিলো), যাং (যাম), খাং (খাম), এইদিগে (এইফালে) ইত্যাদি ইত্যাদি৷ সেই সকলোৰে মাজতে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দ্বিতীয় ভাষাজ্ঞান দিয়া তথা সামগ্ৰিক গুণগত শিক্ষা প্ৰদান কৰিবলৈ যথেষ্ট অসুবিধা আহি পৰে৷ শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীৰ স্থানীয় লোকভাষাটো ক’বলৈ চেষ্টা কৰিলে বা সেই ভাষাতে তেওঁলোকক  বুজাই দিব পাৰিলেহে ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় ভাষা আহৰণ  তথা অন্য বিষয়সমূহো সহজে আয়ত্ব কৰিব পাৰে৷ তেনেক্ষেত্ৰত  স্থানীয় শিক্ষক সকলৰ বাদে অন্য ঠাইৰ শিক্ষকসকলে অসুবিধাত পৰে৷ ভাষাবৈষম্যৰ ফলত ছাত্ৰৰ মনোগ্ৰাহী শিক্ষা প্ৰদান কৰিবলৈ অক্ষম হোৱা দেখা যায়৷ স্থানীয় লোকভাষাৰ অধ্যয়ন আৰু প্ৰয়োগে এইক্ষেত্ৰত ফলপ্ৰসূ ভুমিকা গ্ৰহণ কৰিব৷

এইখিনিতে ব্যক্তিগত অভিজ্ঞতা এটা আছে৷ আমি কিছুদিনৰ কাৰণে মাজুলীৰ চাপৰি ঠাইত কেইদিনমান প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ সুবিধা পাইছিলো৷ দুখজনক মোৰ বাবে এয়ে, সেই বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ বাহিৰে কোনেও “এইফালে আহা, সৌটো দিয়া, সৌ তাত বহা “ইত্যাদিবোৰ কথায়ে বুজি পোৱা নাছিল৷ তেনেকৈয়ে শিক্ষা প্ৰদান প্ৰায় অসম্ভৱ আছিল৷ সেইমূহুৰ্তত স্থানীয় লোকভাষাৰ অজ্ঞতাই মোক অস্বস্তিত পেলাইছিল৷

ভাষা বা সাহিত্যৰ অধ্যয়নত “লোকভাষা” বিষয়টো একেষাৰে অৱহেলিত বুলি ক’ব নোৱাৰিলেও আজিও ইয়াৰ প্ৰসাৰ বা অধ্যয়ন খুব সীমিত৷ অঞ্চলভেদে ইয়াৰ ৰূপ,ধ্বনি ইত্যাদি সমলবোৰ অতিকৈ প্ৰয়োজনীয় উপাদান৷ লোকসংস্কৃতিৰ কোঁহে কোঁহে সোমাই থকা লোকভাষাৰ সমলৰ জগতখন খুব মনোগ্ৰাহী৷ এটা শব্দৰেই ঠাইভেদে লোকভাষা অনুযায়ী ভিন্নৰূপে শব্দ ভাণ্ডাৰৰ জ্ঞান বৃদ্ধিৰ লগতে লোকসমাজজীৱনক ওচৰৰ পৰা বুজাত সহায় কৰে৷ বৃত্তিগতভাৱে এই কথা সদায় অনুভৱ কৰো যে, শিশু এগৰাকীয়ে জন্মগত বা পৰিৱেশগতভাৱে পোনপ্ৰথমে আহৰণ কৰা ভাষাটোৱেই লোকভাষা৷ তাৰ পাছতহে মান্যভাষা বা সমাজবিজ্ঞানভাষা শিশুৰ ওচৰ চাপে৷ সেয়ে চাগৈ সমাজবিজ্ঞান ভাষাৰ প্ৰভাৱতকৈ লোকভাষাৰ প্ৰভাৱ চহা জীৱনত বেছি৷

লোকভাষাৰ অন্য প্ৰয়োজনীয়তাৰ বিষয়ে এতিয়া আলোচনা কৰিব বিচৰা নাই৷ থোৰতে ক’বলৈ হ’লে, ভিন ভিন লোকভাষাৰ অধ্যয়নে তথা ভাষাজ্ঞানে বৈচিত্ৰ্য অসমভূমিৰ ভিন্ন জাতি জনজাতিৰ লোক সাহিত্য, লোক সংস্কৃতিৰ আকৰ্ষণীয় সুবাস আহৰণৰ সুবিধা কৰি দিয়ে৷

লেখক: চন্দনজ্যোতি ভূঞা

উৎস: সাহিত্য.অৰ্গ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top