মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / লেছেৰি বোটলা আৰু ন-খোৱা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লেছেৰি বোটলা আৰু ন-খোৱা

লেছেৰি বোটলা আৰু ন-খোৱা

অসমীয়া সমাজ জীৱনত বাৰ মাহৰ ভিতৰত বৈশিষ্ট্যপূৰ্ণ মাহ ‘আঘোণ’। প্ৰাচীন কালৰেপৰা কেৱল আঘোণৰ পথাৰৰ স্বাস্থ্যি নিৰুপণ কৰি আহিছে অসমীয়াৰ অৰ্থনৈতিক সমৃদ্ধিৰ লেখডালৰ উচ্চতা-দৈৰ্ঘ্য। মাঘ বিহু ভোগালীৰ ব্যাপকতাৰো আগজাননী দিয়ে আঘোণেই। আঘোণ সপোন দিঠকত পৰিণত কৰাৰ মাহ, আঘোণ ৰাগী লগা মাহ। আঘোণক শুভ্ৰ বুকুৰ আঁচলেৰে সাৱটি ৰাখে কুঁৱলীয়ে। সেউজীয়া গছ বননিত ওলমি থকা নিয়ৰৰ সৰু সৰু টোপোলাবোৰে পুৱাৰ ৰ’দৰ কিৰণত মুকুতাৰ দৰে চিকমিকাই উঠে। আঘোণে প্ৰতিজন কৃষকৰ মুখলৈ হাঁহি আৰু মনলৈ আনে নতুন আশা, উৎসাহ-উদ্দিপনা। সোণোৱালী শস্যৰে ভৰপুৰ পথাৰখন দেখি অসমীয়া ৰাইজে সকলো দুখ-কষ্ট পাহৰি, নতুন উদ্যমেৰে আকৌ খেতি কৰিবলৈ আগবাঢ়ে। আঘোণে কঢ়িয়াই আনে প্ৰতিজন খেতিয়কৰ ঘামৰ ফচল সোণবৰণীয়া শস্য, যি জীৱন-ধাৰণৰ একমাত্ৰ সম্বল। অসমৰ কৃসক সকলে ধান চপোৱাৰ আগে আগে লখিমীক পথাৰৰ পৰা ঘৰলৈ আদৰি অনা প্ৰথা অতীজৰে পৰা চলি আহিছে। ধান কটাৰ প্ৰথম দিনটোক আগ অনা বা লখিমী আদৰা বোলা হয়। অসমীয়া মানুহে বিভিন্ন নীতি-নিয়মৰ মাজেৰে এই কাৰ্য্য সম্পাদন কৰে। যি জন মানুহে আগ আনিব তেওঁ পুৱা গা-ধুই পথাৰলৈ যায় আৰু নিজৰ ধান খেতিৰ পূব ফালৰ পৰা একে উশাহতে তিনি গোছা ধান কাটি আগলি কলপাতত লৈ নতুন গামোছা এখন আৰু থুৰিয়া তামুল-পাণ এযোৰ দি আই লক্ষ্মী বুলি জ্ঞান কৰি সেৱা-সৎকাৰ জনাই মূৰত তুলি ঘৰলৈ লৈ আহে। ঘৰলৈ লখিমী অনাৰ দিনা আনোতাই বাটত কাকো মাত বোল কৰিব নাপায় আৰু পিছলৈও উভতি চাব নাপায়। ধান খিনি পিছত নিকা ভঁৰাল ঘৰত থোৱাৰ নিয়ম। আঘোণৰ এটা পৰম্পৰা ‘লেছেৰি বোটলা’। দৱনীয়ে খৰ ধৰকৈ ধান দাই যাওঁতে বা মুঠি বান্ধোতে ধানৰ শীহ দুই-চাৰি ডাল ছিগি সৰি পৰে। ধান দাই যাওঁতে নৰাৰ মাগত পৰি যোৱা ধানৰ শীহকে বোলে লেছেৰি আৰু বিচাৰি উলিওৱা প্ৰক্ৰিয়াক কোৱা হয় ‘লেছেৰি বোটলা’। ‘লেছেৰি বোটলা’ সৰু ল’ৰা-ছোৱালীৰ আকৰ্ষণীয় কাম। বৰ্তমান লেছেৰি বোটলা পৰম্পৰা কমি আহিছে। আঘোণৰ আন এটি পৰম্পৰা হ’ল সউৰী দিয়া বা হাউৰী মতা। এই উৎসৱ টোৰ নামো স্থান বিশেষে পৃথক হয় যদিও আচৰণ বিধি সাধাৰণতেই একেই। কোনো খন পথাৰত যদি কোনো এঘৰ গৃহস্থৰ ধান ভালেখিনি কাটিবলৈও থাকি যায়, তেতিয়া দহ-বাৰ জন গঞা-জ্ঞাতিক মাতি একে দিনাই ধান খিনি কাটি পেলোৱা হয়। ধান দাই শেষ হ’লে ৰাতিলৈ গৃহস্থৰ ঘৰত সকলোৱে ৰ্ং-ধেমালি কৰি ভোজ ভাত খায়। আঘোণত কোনো গৃহস্থৰ ঘৰত বিয়া-বাৰু পাতিব লগা থাকিলেও সোনকালে ধান কটা শেষ কৰিবলৈ সাউৰী মতা দেখা যায়। অৱশ্যে, অৱস্থা সম্পন্ন গৃহস্থই গঞা ৰাইজক এসাঁজ খুৱাও বুলিও সাউৰী মাতে। এই আঘোণ মাহৰ গুৰুত্ব পূৰ্ণ বৈশিষ্ট্য তথা উল্লেখযোগ্য উৎসৱ হ’ল- ‘ন-খোৱা’। গ্ৰাম্য কৃষকৰ বানে ন-খোৱা এটা ডাঙৰ উৎসৱ। নতুন ধান সোমোৱাৰ পিছত আঘোণতে পতা হয় ‘ন-খোৱা’। ঠাই বিশেষে ন-খোৱা প্ৰথা বেলেগ বেলেগ। ন-খোৱা উৎসৱৰ লগত জড়িত আন এক পৰম্পৰা হ’ল- আঘোণ মাহৰ চুঙা পিঠা। অসমীয়া লোক-সামাজত প্ৰচলিত বিশ্বাসৰ ভিতৰত এটা হ’ল আঘোণ মাহত প্ৰতি জন অসমীয়াই নতুন চাউলেৰে বনোৱা চুঙা পিঠা খাব লাগে। ‘এন্দুৰৰ গাঁত খন্দা পৰম্পৰা’ : এন্দুৰ হেনো পথাৰৰ গৃহস্থ। পথাৰৰ পকা ধানৰ ওপৰত প্ৰথম হক এন্দুৰৰ। এন্দুৰে এই অধিকাৰ পূৰা মাত্ৰাই সাব্যস্ত কৰে। পথাৰৰ মাজত থকা এন্দুৰৰ গাঁত খান্দি ধান সংগ্ৰহ কৰা প্ৰথাক এন্দুৰৰ গাঁত খন্দা বোলা হয়। বৰ্তমান কালৰ কুটিল গতিত সোণোৱালী আঘোণৰ এই পৰম্পৰা বোৰ বিলুপ্তিৰ মুখলৈ আগবঢ়া পৰিলক্ষিত হৈছে।

লেখক: দিব্যজ্যোতি ভূঞা।

3.04761904762
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top