মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / শালগ্ৰাম-শিলাৰ বিজ্ঞান ৰহস্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শালগ্ৰাম-শিলাৰ বিজ্ঞান ৰহস্য :

শালগ্ৰাম-শিলাৰ বিজ্ঞান ৰহস্যৰ বিষয়ে লিখা হৈছে ।

 

আধুনিক বিশ্বৰ মানৱসমাজত বহুতো পুৰণি চিন্তা, প্ৰচলিত আচাৰ-আচৰণ, ধ্যান-ধাৰণা, পূজা-অ‌ৰ্চনা ইত্যাদি বিজ্ঞানৰ নিৰীক্ষণত আলোচ্য হৈ পৰিছে। পুৰাতন প্ৰবাহৰ মৌলসূত্ৰ বা কাৰণ উদ্ধাৰৰ এই যে বৈজ্ঞানিক প্ৰচেষ্টা, ইয়াৰ মূলতেই আছে এটা সত্যপলব্ধি- “বিজ্ঞানহীন জ্ঞানৰ, ৰহস্যময় বিজ্ঞানৰ আৰু মানুহৰ অনায়ত্ত ৰহস্যৰ কোনো অস্তিত্বই নাই’ এই উপলব্ধি কেবল আধুনিক মনতেই নহয়, ভাৰতীয় দ‌ৰ্শনৰ সুপ্ৰাচীন চিন্তাতো ইয়াৰ সন্ধান পোৱা যায়। ভাগবততেই আছে-

“জ্ঞানাং মে পৰমং গুহ্যং ষদ্বিজ্ঞান সমন্বিতম্‌।

সৰহস্যং তদঙ্গং চ গৃহাণ গদিতং ময়া” ।।

যেনে, হিন্দুসকলৰ শিবলিংগ পূজা। ই প্ৰকৃততে শিৱ-দু‌ৰ্গাৰ মিলিত যৌন অংগৰ প্ৰতীক পূজা। যি সামাজিক কৃষ্টিৰ বিচাৰত গোপনীয়, যাৰ অবাধ প্ৰকাশ অশালীন, তাকেই পূজা কৰে অগণিত নাৰী-পুৰুষে প্ৰাণভৰা ভক্তিত- সকলো স্তৰৰ সকলো শ্ৰেণীৰ মানুহে। কিয় কৰে? নেজানে, জানিবলৈকো ইচ্ছা নাই, যেন জনাৰ কোনো প্ৰয়োজনেই নাই।

অথচ, অকণমান মুকলি মনেৰে বিচাৰ কৰি চালেই বুজা যায়, স্ত্ৰী-পুৰুষৰ যৌনাংগৰ সমাহাৰত নাৰী-গ‌ৰ্ভত যি বিস্ময়কৰ প্ৰাণৰ সঞ্চাৰ, যি ভ্ৰুণবৃদ্ধি আৰু শিশুৰ জন্ম, প্ৰকৃতিৰ সেই চিৰন্তন ইন্দ্ৰজাল বা মেজিকে প্ৰাক-সভ্যতাৰ কালৰে পৰাই আজিলৈকে প্ৰত্যেক মানুহকেই বিস্মিত শিহৰিত কৰি আহিছে।

আৰু সেয়েহে, সেই ৰহস্য-সৃষ্টিৰ মূলত যি লিংগ, তাৰ পূজাৰ প্ৰচলনো মোহগ্ৰস্ত মানুহৰ মাজত বিস্তাৰলাভ কৰিছিল অতি সহজেই। অনুৰূপ চিন্তাৰ সংগতি দেখা যায় কৃষ্টি-সংস্কৃতিৰ উন্মেষৰ বেলিকাও। অনা‌ৰ্য্সকলৰ কৃষি ব্যৱস্থাই আৰ্য্সকলৰ ওপৰত গভীৰ প্ৰভাব পেলাইছিল। তাতো, হল-ক‌ৰ্ষণ আৰু বীজ ৰূপনত প্ৰকৃতিৰ উৎপাদন প্ৰক্ৰিয়া বা প্ৰজননৰ যাদুৱে (মেজিকে) মানুহক বিমোহিত কৰিছিল। সেই ভয়-ভীতি-সমীহৰ পৰাই প্ৰতীক পূজাৰ প্ৰচলন।

কিন্তু শিৱদূ‌ৰ্গাৰ লিংগ পূজাৰ বৈজ্ঞানিক বিশ্লেষণৰ সুযোগ প্ৰাচীন কালত নাছিল। আ‌ৰ্য্-ব্ৰাহ্মণ্য আচাৰত কোনো মূ‌ৰ্ত্তি বা প্ৰতীক পূজাৰ অস্তিত্ব পৰিলক্ষিত হোৱা নাই, সেয়েহে পৰৱ‌ৰ্তীকালত লিংগপূজাক সংস্কৃত ভাষাৰ জলশুদ্ধিৰে শোধন কৰা হৈছে পুৰোহিত তন্ত্ৰৰ কৃপাত। শিৱ-দূ‌ৰ্গাৰ মিলনক লৈ বহুতো মনোৰম কাহিনী ৰচনা কৰা হৈছে যাতে কোনেও ভুলতো নেভাবে যে এইয়া অশোভন পূজা, অপবিত্ৰ পূজা। শিৱপুৰাণ, স্কন্দপুৰাণ, ব্ৰহ্মবৈব‌ৰ্ত পুৰাণত অতি চমৎকাৰ অতীন্দ্ৰিয় বোধৰ কাহিনীৰ মাধ্যমতো এই পূজাৰ মাহাত্ম্য প্ৰচাৰ কৰা হৈছে।

আৰু ঠিক এনেকুৱাই কৰা হৈছে শালগ্ৰামশিলা বা নাৰায়ণশিলা পূজাৰ বেলিকাও। ই হ’ল বিষ্ণু বা নাৰায়ণৰ প্ৰতীক পূজা। হিন্দুসকলৰ যি কোনো পূজা বা ধ‌ৰ্মীয় আচাৰত এই শিলাৰ উপস্থিতি অপৰিহা‌ৰ্য্য। প্ৰায়-গোলাকাৰ শিলাভূত নাৰায়ণ, তাৰ গাত লিপিট খাই আছে তুলসী, অৰ্থাত্ লক্ষ্মী। স্বচ্ছ দৃষ্টিৰে চালে ই মাথোন একখণ্ড প্ৰস্তৰ (আৰু তাৰ গাত এখিলা পৰিচিত উদ্ভিদৰ পাত), যাৰ পূজাৰ মূলসূত্ৰক ঢাকি ৰাখিবলৈ নানান পুৰাণকাহিনী ৰচনা আৰু প্ৰচাৰ কৰি আহিছে পুৰোহিত শ্ৰেণীয়ে।

প্ৰাচীন ভাৰতৰ লোকায়ত অনা‌ৰ্য অথবা দ্ৰাবিড় সভ্যতাৰ বহুতো উপাদান আ‌ৰ্য-ব্ৰাহ্মণ্য আচাৰ-অনুষ্ঠানৰ সৈতে স্বতস্ফূ‌ৰ্তভাবে মিহলি হৈ গৈ ব্যাপক ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল। দেখা যায় যে, যি আ‌ৰ্যগোষ্ঠীয়ে ভাৰতভূমিত সোমাই ক্ৰমশ তেওঁলোকৰ ক‌াৰ্তৃত্ব প্ৰতিষ্ঠা কৰিছে, প্ৰভাব বিস্তাৰ কৰিছে, তেওঁলোকৰ ধ‌ৰ্মাচৰণত কোনো শিলা, মূ‌ৰ্ত্তি বা প্ৰতীক পূজাৰ স্থান নাই। নাৰায়ণশিলাৰ পূজা নিশ্চয়কৈ এক অনা‌ৰ্য আচাৰ। বৈদিক সাহিত্যৰ ক’তোৱেই ‘নাৰায়ণ’ নামটো পাবলৈ নাই।

তেতিয়াৰ ৰজা-মহাৰজাসকলে তেওঁলোকৰ ক্ষমতা বিস্তাৰৰ লগে লগে প্ৰাক্‌-আ‌ৰ্যকুলত ৰমণীসকলকো কৰায়ত্ত কৰি ৰাজপাটত বহুৱাইছিল। বৈবাহিক সমন্ধৰ উপৰিও নানাবিধ সংস্কৃতিৰ মিশ্ৰণ ঘটিছে। ফলত বহু ‘অমা‌ৰ্জিত’ লোকাচাৰৰ ৰাজ-অন্ত:পুৰত প্ৰবেশ ঘটিছে,  অৰ্থাৎ লিংগ-যোনি পুজা ইত্যাদিৰ অনুপ্ৰবেশ ঘটিছে।

এই জাতীয় ‘অমাৰ্জিত’ ‘কু-চিকৰ’ আচাৰ-অনুষ্ঠানক মা‌ৰ্জিত ৰূপ প্ৰদান কৰাৰ বাবে প্ৰয়োজন হৈছে পুৰোহিত তন্ত্ৰৰ। ক‌ৰ্তাভজা পুৰোহিতগণে পুৰাণ ৰচনাৰ মাধ্যমেৰে লিংগ আৰু শিলা পূজাৰ দৰে অনা‌ৰ্য আচাৰক ঐশ্ব‌ৰ্যময় সংস্কৃত ভাষাৰ সহায়ত ৰুচিকৰ কৃষ্টিময় প্ৰতীকপূজা বুলি প্ৰচাৰ চলাবলৈ ধৰিলে।

ৰচিত হ’ল শিৱ-দূ‌ৰ্গাৰ মিলন কাহিনী, নাৰায়ণ-তুলসীৰ প্ৰেমোপাখ্যানৰ। এতিয়া এই নিবন্ধত নাৰায়ণশিলাৰ বাস্তৱ ৰহস্য আৰু তাৰ সৈতে পুৰাণ-উক্তিৰ সংগতি বিচাৰিবলৈ আমি যত্ন কৰিম। শাস্ত্ৰত কোৱা হৈছে যে নাৰায়ণশিলা বা শালগ্ৰামশিলা পূজাত অব্ৰাহ্মণৰ কোনো অধিকাৰ নাই, কোনো নাৰীৰ অধিকাৰ নাই, আনকি ব্ৰাহ্মণ-কন্যাৰো সেই অধিকাৰ নাই। ধাতু, প্ৰস্তৰ, কাঠ বা মাটিৰে এই বিষ্ণুবিগ্ৰহ নি‌ৰ্মাণ কৰিব নোৱাৰিব, এই শিলা স্বয়ং উদ্ভূব হ’ব লাগিব। উত্তৰ ভাৰতৰ তুষাৰপুষ্ট নৈ এখন হ’ল গন্ডক বা গন্ডকী।

নেপালৰ পা‌ৰ্বত্য উপত্যকাৰ পৰা প্ৰবাহিত এইখন অতি প্ৰাচীন নদী। পুৰাণত এই নদীৰ নাম ‘সদানীৰা’, নেপালত ‘শালিগ্ৰামী। হিমালয়ৰ কোলাত আশ্ৰিত এই গন্ডক নৈতেই পোৱা যায় শালগ্ৰামশিলা। নৈ-খনিৰ নেপালী নাম ‘শালিগ্ৰামী’-ৰ পৰাই শিলাটোৰ সেই নাম।

বিষ্ণু-অবতাৰৰ এই প্ৰতীকশিলাৰ বিভিন্ন ৰূপ থাকিলেও সৰহভাগেই কিন্তু প্ৰায়-গোলাকাৰ, ওপৰে-তলে অলপ চেপেটা। ইয়াৰ উপৰিও কণীৰ নিচিনা, তিনিকোণীয়া, শংকু আকৃতিৰ, বিভিন্ন আকাৰৰ এই শিলা পোৱা যায়। সৰহ ক্ষেত্ৰতেই ই হয় কৃষ্ণব‌ৰ্ণ, কিন্তু ধূসৰ বা ৰঙচুৱা-হালধীয়া বৰণৰ শিলাৰ উল্লেখো পোৱা যায় (দ্ৰষ্টব্য : শিলাচক্ৰ বোধিনী- হৰকুমাৰ সংগ্ৰহ)। কিন্তু মাথোন তেনেকুৱা আকৃতি আৰু বৰণ থাকিলেই নহ’ব, আৰু কিছুমান লক্ষণ থাকিলেহে সি পূজনীয় হ’ব।

প্ৰত্যেক নাৰায়ণ শিলাৰ মাজত এটা গাঁত থাকে। শাস্ত্ৰানুসাৰে, এই গাঁত হ’ল বিষ্ণুৰ নাভিকমল বা নাভিমূল। বিষ্ণুৰ পাষাণবৎ নি‌ৰ্বিকল্প অবস্থাত এই নাভিমূলৰ পৰাই জন্ম হৈছিল ব্ৰহ্মাৰ। সাধাৰণতে এই শিলাৰ গাটো মসৃণ, কিন্তু ভালদৰে লক্ষ্য কৰিলে নাভিগহ্বৰৰ ভিতৰত কিম্বা তাৰ চাৰিওকাষে কিছুমান গোল গোল চক্ৰচিহ্ন দেখা যায়;  পাকখাই থকা স্প্ৰীঙৰ ছাপ যেনেকুৱা, এই চক্ৰচিহ্নবোৰ দেখিবলৈ তেনেকুৱাই।

শিলাৰ ৰূপ-বৈচিত্র্যৰ মাজত আৰু আছে স্বৰ্ণাভৰণ, কিন্তু সেইটো এটা অতি বিৰল নিদৰ্শন। প্রথমপ্রাপ্তিৰ দিনৰে পৰাই কিছুমান শিলাৰ গাত সোঁনৰ গুড়ি সনা আছিল বুলি কোৱা হয়, যেন বিষ্ণু-অৱতাৰ স্বৰ্ণখচিত পাষাণ ৰূপে ধৰাত অৱতীৰ্ণ হৈছে। এনেকুৱা দুৰ্লভ স্বৰ্ণখচিত বিগ্রহৰ প্রতিষ্ঠা য’ত হৈছে, তাৰ মৰ্য্যদা স্বাভাবিকতেই অধিক হৈছে।

সেয়া আছিল ধৰ্মগ্রন্থ আৰু ধৰ্মবিশ্বাসীসকলৰ শালগ্রামশিলাৰ ৰূপবৰ্ণনা। এতিয়া ভূ-বিজ্ঞানীসকলে কি লক্ষ্য কৰিছে, তাক চাওঁ আহক। নেপালৰ ‘সপ্ত গন্ডকী’ অৰ্থাৎ সাতখন গন্ডকী নৈ মিলিত হৈছে দক্ষিণত, তাৰ পৰা মিলিত ধাৰা বা গন্ডকী বা গন্ডক নামেৰে ভাৰতত প্রবাহিত গংগাৰ সৈতে মিলিত হৈছে পাটনাৰ কাষত।

সেই সাতখন নৈৰ সকলোতকৈ পূৱত আছে ত্রিশূলী গন্ডকী আৰু সকলোতকৈ পশ্চিমত আছে কালীগন্ডকী বা কৃষ্ণাগন্ডকী,  যিখনক শালিগ্রামী নৈ বুলিও কোৱা হয়।

আকৌ, সেই কালীগন্ডকীৰ শেষৰ অংশটিক নাৰায়ণী নৈ আখ্যা দিয়া হয়;  নামকৰণৰ সংগতি ইয়াত স্পষ্ট (এই নৈখনিয়েই কঢ়িয়াই আনে শালগ্রাম শিলা, অন্য গন্ডকীয়ে নহয়)।

কালীগন্ডকী নৈখনি হিমালয়ৰ দুই পৰ্বত অন্নপূৰ্ণা আৰু হিমালয়ৰ মাজৰ গভীৰ গিৰিখাতৰ মাজেদি প্রবাহিত। দীৰ্ঘ্য পাহাৰীয়া পথেৰে নামি অহাৰ সময়ত গন্ডকে কঢ়িয়াই আনিছে এমোনাইট (ammonite) নামৰ একধৰণৰ প্রাক-ঐতিহাসিক সামুদ্রিক প্রাণীৰ কৃষ্ণবৰণৰ জীৱাশ্ম বা ফচিল (fossil), প্রচুৰ সংখ্যাত। এইবিলাকেই হল শালগ্রাম শিলা। বহুতখিনি শাঁমুকৰ নিচিনা কঠিন খোলাযুক্ত প্ৰাণী।

কোনো পোক গোল হৈ সংকুচিত হলে যেনেকুৱা হয়, এমোনাইট তেনেকুৱাই দেখিবলৈ, কিন্তু আকাৰত বহুত ডাঙৰ। কোটি কোটি বছৰৰ আগতে সিহঁতে সাগৰৰ বুকুত ঘূৰি ফুৰিছিল। কালক্ৰমত সিহঁতৰ মৃতদেহ সাগৰৰ তলিত পৰি তিল তিল কৰি জীৱাশ্মলৈ পৰিৱ‌ৰ্তন হৈছিল।

তাৰপাছত কোনো এক সময়ত, ভূ-প্ৰাকৃতিক আলোড়নত সমুদ্ৰতলি ওপৰলৈ উঠি আহিছিল। তাৰো পাছত পাহাৰ বা ভূ-স্তৰৰ পৰা সেই ফচিল এৰাই আহি নদীবাহিত হৈ নামি আহিছে সমতললৈ।

বিচিত্ৰ সুন্দৰ চেহেৰা এই এমোনাইট ফচিলৰ। সমগ্ৰ শৰীৰত অসংখ্য গোল গোল চক্ৰাকাৰ দাগ অঁকা। প্ৰথম দ‌ৰ্শনতেই সমীহ ওপজে, যেন সামান্য শিলাখণ্ড কোনো এক অদৃশ্য শিল্পীত হাতৰ পৰশত এক নিপুণ শিল্পক‌ৰ্মত পৰিণত হৈছে। দুৰ্বল ধৰ্মভীৰু মানুহ সদায় অতিপ্রাকৃত শক্তিৰ কাষত আত্মসমৰ্পণৰ বাবে সাজু হৈ থাকে।

দুষ্প্রাপ্য চমকপ্রদ কিবা পালেই তাত তৎক্ষণাত দেৱ-দেৱীৰ চিন্তা আহি যায়। সেইটো কাৰণতেই এমোনাইটৰ আকৰ্ষণীয় ৰূপে তাক স্থান দিছে দেৱালয়ত, দেৱতাৰ প্রতীক মূৰ্তি হিচাপে। প্রাচীনকালত সেয়াই আছিল স্বাভাবিক। সেয়েহে সামুদ্রিক পোক এটাৰ জীৱাশ্ম হৈ পৰিছিল বিষ্ণু-অবতাৰ নাৰায়ণৰ প্রতীক শিলা। লগে লগে কিন্তু প্রশ্ন উঠিব, এই সিদ্ধান্তৰ বাবে বাস্তৱ সমৰ্থন কি?

হয়, মাথোন অনুমান-নিৰ্ভৰ হলেই নহ’ব, ইয়াৰ বাবে প্রয়োজন তুলনামূলক পৰ্যালোচনা। প্রাচীন গ্রন্থত কি কোৱা হৈছে, আৰু আধুনিক জীৱাশ্ম-বিজ্ঞানীয়ে (paleontologist) কি কয়, এই দুটি দিশ আমি বিবেচনা কৰি চাব লাগিব।

এমোনাইট প্ৰাণী প্ৰায় ছয়কোটি বছৰৰ আগতেই পৃথিৱীৰ পৰা সম্পূৰ্ণভাবে বিলুপ্ত হৈ গৈছে। বৈজ্ঞানিক বিচাৰত ইহঁত চেফালোপোডা (cephalopoda) শ্ৰেণীৰ অন্তৰ্ভূক্ত আছিল। কুণ্ডলীৰ দ পাক খাই থকা কঠিন খোলাটোৰ গাত আছিল  অসংখ্য চক্ৰাকাৰ দাগ। প্ৰায় ১৮ কোটি বছৰ আগতে জুৰাচিক যুগত (Jurasic Age) ইহঁতৰ চূড়ান্ত সংখ্যা বৃদ্ধি ঘটিছিল সাগৰৰ বুকুত। সেইবাবেই বৰ্তমানে যিকোনো জুৰাচিক গঠনৰ ভূ-স্তৰতেই এমোনাইটৰ ফচিল পোৱাৰ সম্ভাৱনা থাকে।

গন্ডক নৈৰ বাহিৰেও দেশ-বিদেশৰ বহুতো নদ-নদীত এমোনাইটৰ ফচিল বা সেই শিলা পোৱা যায় (যেনে, নৰ্মদা নৈৰ বুকুত),যদিও এই বিলাক গণ্ডকশিলাৰ দৰে সাধাৰণতেই কৃষ্ণবৰ্ণৰ নহয়। জীৱাশ্মটোৰ উৎপত্তি এক বিশেষ ধৰণৰ ভূ-স্তৰত হলেহে তাৰ বৰণ ক’লা হয়। তেনে ভূ-স্তৰৰ নাম স্পিটি (spiti shale)।

হিমালয়ৰ উত্তৰ-পূৱত সংলগ্ন হৈ থকা স্পিটি উপত্যকাৰ পৰাই এই নামকৰণটি আহিছে। কালীগন্ডক নৈৰ ধাৰা উৎসৰ পৰা নেপালৰ মাজেদি বৈ অহাৰ সময়ত স্পিটি স্তৰৰ ওপৰেদি প্ৰবাহিত হয়, আৰু সেয়েহে এই নৈত পোৱা গন্ডক বা শালগ্ৰামশিলাৰ ৰং ক’লা (এইখিনিতে এটা কথা মনকৰিবলগীয়া, হৰকুমাৰৰ শিলাচক্ৰ বোধিনী গ্ৰন্থত ক’লাৰ বাহিৰেও পাণ্ডুৰ বা ৰঙচুৱা-হালধীয়া বিগ্ৰহ-শিলাৰো উল্লেখ আছে, তাৰ আৰাধনাৰ কথাও কোৱা হৈছে।

অৰ্থাৎ, স্পিটি-শিলাৰ বাহিৰেও অন্য ফচিলো এইভাবে পূজিত হ’ব পাৰে)। এই প্ৰসংগত আকৌ এবাৰ পুৰণি আলোচনাটো মনত পেলাই লওঁ, য’ত কোৱা হৈছিল বিভিন্ন আকাৰৰ, বিভিন্ন আকৃতিৰ প্ৰতীক-শিলাৰ কথা।

ইয়াৰ লগত খাপ খাই পৰিছে সেই বৈজ্ঞানিক তথ্য, য’ৰ পৰা বুজা গৈছিল যে এমোনাইট প্ৰাণী বিভিন্ন চেহেৰাৰ আৰু বিভিন্ন আকাৰৰ আছিল; গোল, চেপেটা, তিনিকোণীয়া, শংকু আকৃতিৰ, কণীৰ আকাৰৰ ইত্যাদি।এমোনাইটৰ দেহটো গোল স্প্ৰীঙৰ দৰে পকোৱা, সেয়েহে মাজ-অংশত গাঁত থকাটো স্বাভাবিক। বিষ্ণুবিগ্ৰহ শিলাৰ মাজত

দেখা যায় নাভিমূল (যিটোক বহুতো ভুলতে শিলাৰ মুখ বুলি ভাবে)। অবশ্যে ফচিলবোৰ যুগ যুগ ধৰি শিলৰ স্তৰৰ ভিতৰতেই সোমাই থাকে, সেয়েহে মাজ অংশৰ সেই গাঁতটো সৰহ ক্ষেত্ৰতেই সোপা খাই বন্ধ হৈ থাকে। সেই কাৰণে বহুত ক্ষেত্ৰতেই তেনে শিলাৰ নাভিমূল বৰ এটা স্পষ্টকৈ দেখা নেযায়, মাথোন আঙুলিৰে টিপা মাৰিলে হোৱা দাগৰ দৰে থাকে।

এইখিনিতেই উল্লেখ কৰা যায়, যি কোনো মূল্যবান দুষ্প্ৰাপ্য বস্তুৰ যেনেকৈ নকল থাকে, হিন্দু-উপাস্য এই ‘পবিত্ৰ’ শিলাৰো তেনে নকল বজাৰত পোৱা যায়। অনেক পূজাৰীৰ (বোধহয় অধিকাংশ) হাতত এনেকুৱা নকল শিল দেখা যায়।

এই লিখকেই এটা ‘ভাল’ শালগ্ৰাম শিলাৰ  সন্ধান কৰিবলৈ গৈ দহবাৰমান ঠগ খাইছে, অনেক মন্দিৰ / আশ্ৰমলৈ গৈ নকল দেৱতা দৰ্শন কৰি হতাশ মনেৰে উভতি আহিবলগীয়া হৈছে। ক’লা ৰঙৰ শিল হলেইতো আৰু শালগ্রামশিলা নহয়; তাৰ বিশেষ লক্ষণসমূহহে গুৰুত্বপূৰ্ণ। অথচ বহু ক্ষেত্রতেই ক’লা বৰণৰ বেচাল্ট শিলৰ গোলাকাৰ টুকুৰা বাট-পথৰ পৰা বুটলি আনি বঢ়িয়াকৈ নাৰায়ণশিলা বুলি চলাই দিয়া হয়।

আনকি অনেক সময়ত কঠিন শলা বা গঁজালেৰে শিলৰ গাত গাঁত কৰি নাভিমূল এটা সৃষ্টি কৰি অন্ধবিশ্বাসী মানুহক ঠগোৱা হয়। আৰু আছে চক্রচিহ্নৰ কথাটো। আমি দেখোঁ যে সৰহভাগ নাৰায়ণশিলাৰেই গাটো অত্যন্ত মসৃণ।

যি দুই এটা চক্রচিহ্ন দেখা যায়, সেইকেইটা শিলৰ গাত অন্য ক’তো নেথাকে, থাকে নাভিৰ মুখত। অথচ, এমোনাইটৰ সমগ্র শৰীৰতেই থাকে চক্রদাগ, অসংখ্য। তেনেহলে? প্রথমতে কথাটোত উজুটি খোৱা যেন লাগিলেও, ইয়াতো কোনো বিসংগতি নাই। মন্দিৰত কিম্বা ব্রাহ্মণ-পূজাৰীৰ ওচৰত পূজা কৰা তেনে শিলাবোৰ নতুন নহয়। পুৰুষানুক্রমে এইবোৰৰ পূজা কৰি অহা হৈছে। প্রত্যেক দিনা নাৰায়ণদেৱক তেল-পানীৰে স্নান কৰোৱা হয়, সযত্নে গা মচি

পৰিস্কাৰ কৰি চন্দনচৰ্চিত কৰা হয়। কেইবা পুৰুষধৰি, অৰ্থাৎ কেইবা শ বছৰ ধৰি যদি এইদৰে শিলটোক ধোৱা-পখলা হয়, তেনেহলে এমেনাইট ফচিলৰ সেই সুদৃশ্য চক্রদাগবোৰ থাকিব জানোঁ? নে সকলো মচি গৈ চিক্‌চিকীয়া মসৃণ দেহ এটাহে থাকিবগৈ? এইটোৱেই হয়গৈ।

চক্রকাৰ দাগবোৰৰ যদি দুটামানে পৰিত্রাণ পাই থাকে, তেন্তে সেইকেইটা থাকে মাজৰ গাঁতটোৰ ভিতৰত বা তাৰ চাৰিওকাষে, কাৰণ সেইখিনিত ঘহনি কমকৈ লাগে।ইয়াৰ পাছত আহিল বিষ্ণুৰ স্বৰ্ণখচিত বিৰল ৰূপৰ কথা। গন্ডক নৈৰ আশে-পাশে বা অন্য ক’ৰবাত যদি সোঁনালী গুড়ি সনা শালগ্রামশিলা কোনো ধৰ্মপ্রাণ পথিকৰ চকুত পৰে, আৰু তেওঁ যদি সেই অপূৰ্ব সুন্দৰ শিলাটোক স্বৰ্গলোকৰ পৰা মৰ্ত্যত অৱতীৰ্ণ স্বৰ্ণমণ্ডিত দেৱতা বুলি প্রাণভৰি বিশ্বাস কৰে, তেনেহলে তেওঁক জানোঁ কোনোবাই বুজাব পাৰিব যে সেইবোৰ প্রকৃততে স্বৰ্ণ-চূৰ্ণ নহয়, পাইৰাইট (pyrite) নামৰ এক ধৰণৰ খনিজ পদাৰ্থহে।

এইটো একেবাৰে পৰীক্ষিত বৈজ্ঞানিক  সত্য, তথাপি কথাটো ধৰ্মান্ধ মানুহে মানি নলয়। পাইৰাইট হ’ল আকৰিক লোহাৰ ছালফাইড যৌগ। ইয়াৰ গুড়ি নানা ধৰণৰ শিলৰ গাত লাগি থকা দেখিবলৈ পোৱা যায়। পানীয়ে-বায়ুৱে জাৰিত (oxidized) হৈ পাইৰাইটৰ বৰণ হৈ পৰে পিতলৰ নিচিনা

উজ্জ্বল সোঁনালী। অজ্ঞ লোকে ইয়াকে সোন বুলি ভুল কৰে, যাৰ কাৰণে ইয়াৰ ইংৰাজী উপনাম

‘Fool’s Gold’। এতিয়া স্বৰ্ণখচিত বিষ্ণুবিগ্ৰহৰ সৈতে এই কথাটোৰ তুলনা কৰি চাওঁকচোন !

এই প্ৰসংগত আৰু এটি মতো পোৱা যায়। পুৰণি অভিযাত্ৰীসকলৰ বৰ্ণনাৰ মতে, হিমালয়ৰ কেইখনমান নৈত বালিৰ কণিকাৰ সৈতে সোনৰ গুড়িও ভাঁহি আহিছিল। এইবোৰেই শিলৰ গাত লাগি বা ছিদ্ৰমুখত জমা হৈ বিস্ময়ৰ উদ্ৰেক কৰিছে। শিল দেৱতা হোৱাৰ এইটোও এটা কাৰণ হ’ব পাৰে, পুৰাণ-কাহিনী সংযাজিত হৈছে পাছত।

এইয়া হ’ল এমোনাইট প্ৰাণীৰ জীৱাশ্মৰ সৈতে পূজিত দেৱশিলাৰ চৰিত্ৰগত, লক্ষণগত সাদৃশ্য। প্ৰকৃততে বিৰল কোনো বস্তুৰূপৰ বিস্ময় আৰু ৰহস্যই প্ৰাচীন মনস্তত্ত্বক সহজতেই দেৱকল্পনাৰ দিশত আকৰ্ষণ কৰিছিল, আজিও কম-বেচি পৰিমাণে কৰে। শালগ্ৰাম শিলাৰ সুদৃশ্য চক্ৰচিহ্নময় ৰূপৰ পৰা নাৰায়ণৰ সুদৰ্শন চক্ৰৰ কথা কল্পনালৈ অনাটো জানোঁ বৰ কষ্টকৰ (চিত্ৰ ১ আৰু চিত্ৰ ২)?

কেবল হিন্দু-চিন্তাতেই নহয়, দেৱতাৰ ৰূপকল্পনাক বাস্তৱ অভিজ্ঞতাৰ সৈতে সংযুক্ত কৰাৰ প্ৰবণতা অ-হিন্দু পুৰাণতো দেখা যায়। যেনে, এমোনাইট নামটো আহিছে মিচৰীয় দেৱতা Ammon-ৰ নামৰ পৰা। এম’ন দেৱতাৰ শিৰৰ মুকুটত আছিল ভেৰাৰ পাক খাই থকা শিং (চিত্ৰ ৩). দেখিবলৈ প্ৰায় কটকটীয়াকৈ পকোৱা শিঙৰ দৰে হ’ল কাৰণেই, নৈৰ পাৰত পোৱা সেই জীৱাশ্ম অংগীভূত হৈ পৰিল দেৱৰাজ এম’নৰ ৰূপকল্পনাৰ সৈতে।

প্ৰাচীন ধৰ্মাচাৰত শালগ্ৰাম শিলাৰ পূজা প্ৰচলিত হোৱাৰ মূলতেই হয়তো এই জাতীয় মনস্তত্বই প্ৰাথমিকভাবে ক্ৰিয়া কৰিছিল, যদিও ইয়াৰ কোনো প্ৰামাণিত তথ্য নাই। থকাটো সম্ভবো নহয়, কিয়নো এই ধৰ্মবিশ্বাস আগবাঢ়িছে লৌকিক চিন্তাৰ নানাবিধ বিবৰ্তনৰ মাজেদি, ঐতিহাসিক দলিল এনে ক্ষেত্ৰত পোৱা নেযায়।এইসমূহ উল্লিখিত বস্তুগত সূত্রৰ বাহিৰেও, শিলাৰ আকাৰ-আকৃতি আৰু পূজা-প্রবৃত্তিৰ অন্তৰালত কোনো গূ‌ঢ়, গভীৰ মৌলিক সূত্র লুকাই আছে যেন ধাৰণা হয়।

যুক্তিনিৰ্ভৰ বাস্তৱ ব্যাখ্যাৰে সেই সাম্ভাব্য কাৰণ অনুসন্ধানৰ চেষ্টা কৰিবলৈ যাওঁতে আমি দৃষ্টি দিব লাগিব প্রাচীন হিন্দু সমাজৰ পুৰুষতান্ত্রিক মনৰ দিশটোলৈ।শিৱদুৰ্গাৰ লিংগযোনীৰ প্রতীক-পূজাৰ মাজত নাৰীগৰ্ভত মানৱ-শিশুৰ বিস্ময়কৰ সৃষ্টি কিম্বা কৰ্ষণ-কাৰ্যৰ ৰোমা‌ঞ্চকৰ শস্য উৎপাদনৰ মনস্তত্ত্ব প্রতিফলিত হৈছিল, আৰু তেনে পূজা-অৰ্চনা কৰা হৈছিল। ক্রমাৎ পুৰুষতান্ত্রিক বোধ বিস্তাৰৰ লগে লগে সমাজমননৰ স্রোতো সলনি হৈছিল। তেতিয়া এনে ধাৰণা আহিছিল যে নতুন প্রাণৰ জন্মত পুৰুষৰ শুক্রৰেই মুখ্য ভূমিকা, তাৰ সক্রিয়তাতহে নতুন প্রাণৰ স‌ঞ্চাৰ হোৱাটো সম্ভৱ। অৰ্থাৎ, পুৰুষৰ অণ্ডকোষেই (testis) হ’ল প্রাণসৃষ্টিৰ মূল আধাৰ, কিয়নো তাৰ ভিতৰতেই স‌ঞ্চিত হৈ থাকে সৃষ্টিৰ বীজ শুক্রকোষ (sperm cells)।

সৃষ্টি-বিস্ময়ত মোহাবিষ্ট মানুহৰ এই নতুন চিন্তাৰ পৰাই অণ্ডকোষৰ প্রতীক ডিম্বাকৃতি শিলাক পূজা কৰা ৰীতিৰ প্রচলন হৈছিল বুলি ধাৰণা হয়। পুৰাণ সাহিত্যত (ব্রহ্মবৈবৰ্ত পুৰাণ আদিত) পূজাপ্রকৰণৰ উৎসধাৰাবোৰ নিৰপেক্ষ আৰু স্বচ্ছ মনেৰে বিচাৰ কৰিলে এই বক্তব্যৰ সমৰ্থন পোৱা যাব। এটা উদাহৰণ চোৱা যাওঁক। শিলাৰ্চনা গ্রন্থৰ ৬৯ পৃষ্ঠাত আছেঃ ত্রম্বকঃ স তু বিজ্ঞয়ঃ যো বিন্দুত্রয় ভূষিতঃ শূলাকাৰা তথা ৰেখা গত পুংস্ত্ব প্রদায়কঃ ‌।।

অৰ্থাৎ, ত্রম্বক-লক্ষণসম্পন্ন নাৰায়ণশিলাৰ পূজা কৰিলে, যিজনৰ অণ্ডকোষৰ শক্তি নষ্ট হৈ গৈছে, তেওঁ সেই শক্তি পুনৰুদ্ধাৰ কৰে। তান্ত্রিক-চিন্তাৰ প্রবৰ্তকসকলৰ এই উপদেশৰ আঁৰত সক্রিয় হৈ থকা মানসিকতাটো জানোঁ স্পষ্ট নহয়?

এই প্রসংগত আৰু এটা কথা মনত ৰখা উচিত, নাৰায়ণশিলা পূজাৰ অধিকাৰ কোনো নাৰীৰ নাই, স্পৰ্শ কৰাও নিষেধ। ব্যাখ্যা নিষ্প্রয়োজন।

কিন্তু আপাত-কু-চিকৰ অনাৰ্য আচাৰক জাতততো তুলিব লাগিবই! ৰাজাজ্ঞা পাই পুৰোহিতসকল সেয়েহে উঠি-পৰি লাগিল। প্রচাৰ কৰা হ’ল, পুৰুষজাতিৰ মাজত ব্রহ্মায়েই শ্রেষ্ঠ। তেখেতেই যাৱতীয় মানৱৰ সৃষ্টিবিধাতা। গতিকে যি-কোনো  সংস্কাৰগত অনুষ্ঠানত সেই কোষবৎ গ্রন্থিৰ প্রতীক শিলাখণ্ডৰ উপস্থিতি লাগিবই লাগিব; সমস্ত সৃষ্টিয়েইতো নাৰায়ণত নিহিত !

ইয়াৰ লগত ৰচিত হ’ল নানা ৰমণীয় পুৰাণ-কাহিনী, যাৰ কথা আগতেই কোৱা হৈছে।শিলৰ গাত তুলসীৰ পাত লগাই পূজাপদ্ধতিৰ প্রচলন হ’ল। হিন্দুধৰ্মত দেৱ-দেৱীৰ মিলনৰ, লক্ষ্মী-নাৰায়ণৰ সংযুক্তিৰ বিস্তৰ আচাৰ-অনুষ্ঠান প্রচলিত হৈ আহিছে।

মূলগতভাবে ইয়াক আৰ্য-অনাৰ্য সভ্যতাৰ মিলনৰ কিম্বা পিতৃতান্ত্রিক-মাতৃতান্ত্রিক সমাজৰ মিলনৰ প্রতিচ্ছবি বুলি ক’ব পাৰি। দুই পৃথক চৰিত্রৰ সমাজ ব্যবস্থাৰ এই সমন্বয় আৰু বুজাবুজি ভাৰতীয় সমাজ বিকাশৰ ধাৰাৰ এক অন্যতম বৈশিষ্ট্য আছিল। কিন্তু ইমান গছ থাকোতে অকল তুলসী গছৰ পাত কিয়? কি বৈশিষ্ট্যৰ কাৰণে তুলসীৰ পাত ব্যাপকভাবে মানুহৰ ওচৰত গ্রহণীয় হ’ল?

ইয়াৰো কোনো লৌকিক সূত্রৰ সন্ধান পাব পাৰি। আয়ুৰ্বেদ অনুসৰি তুলসীৰ ভেষজ গুণ বহুত। তুলসী গছৰ পাতে শ্লেমা আঁতৰ কৰিব পাৰে। ই অতি চমৎকাৰ প্রতিষেধক। পুৰণি কাঁহতো ই কাম দিয়ে। তুলসীৰ বীজে মূত্রযন্ত্র আৰু জননযন্ত্রৰ অভ্যন্তৰীণ কষ্ট দূৰ কৰে।

ই মেলেৰিয়াৰো উত্তম  ঔষধ। ইয়াৰ পাতৰ ৰস গাত সানিলে মহৰ কামোৰৰ পৰা হাত সাৰিব পাৰি। তুলসীৰ কাঁঠ ঘঁহি তাক সানিলে (চন্দনৰ দৰে) বিছাৰ হুলৰ বেদনা কমে;  ইত্যাদি বহুতো কবিৰাজী বিধান আছে তুলসী গছৰ। সেয়েহে বহু প্রাচীনকালৰে পৰাই যে মানুহে তুলসীৰ উপকাৰী গুণৰ কথা জানিছিল আৰু তাত গুৰুত্ব দিছিল, সেইটো সহজেই অনুমান কৰা যায়।

আৰু সেই মাংগলিক চিন্তাৰ পৰাই পূজা-অনুষ্ঠানত তুলসীৰ উপস্থিতি আহিছে বুলি বোধ হয়।যি কি নহওঁক, একখণ্ড শিলা আৰু তুলসী গছৰ পাতৰ পূজাক সুৰুচি-সভ্যতাৰ আচৰণ হিচাপে প্রতিষ্ঠিত কৰাৰ মানসেৰে নাৰায়ণ-তুলসীৰ উপাখ্যানো ৰচিত হ’ল (মনত ৰাখিব লাগিব, ‘নাৰায়ণ’ আৰু ‘তুলসী’ এই শব্দ দুটিৰ ব্যুৎপত্তি হৈছে অনাৰ্য বা দ্রাবিড় গোষ্ঠীৰ ভাষাৰ পৰা, বৈদিক সূত্রৰ পৰা নহয়).

ব্রহ্মবৈবৰ্ত পুৰাণৰ এটি উপাখ্যানেৰে এই নিবন্ধটো শেষ কৰোঁ।

দৈত্যৰাজ শংখচূড় হ’ল নিপুণ যোদ্ধা। দেৱতাসকল তেওঁৰ ভয়ত কঁপে। এইহেন যুদ্ধবাজ শংখচূড়ক এদিন ছলে-বলে-কৌশলে  হত্যা কৰিলে নাৰায়ণে। হত্যা কৰি মৃতদেহটো পেলাই দিলে সাগৰত। মৃত দৈত্যৰ দেহৰ পৰা জন্ম ললে শংখই।

এই শংখচূড়ৰ পত্নী আছিল তুলসী। তুলনাহীন সুন্দৰী। নাৰায়ণ তেওঁৰ ৰূপত আকৃষ্ট হৈছিল; কিন্তু তুলসী যিমান সুন্দৰী, সিমানেই সতীও। স্বামী শংখচূড় যিদিনা যুদ্ধলৈ ওলাইছিল, সেইদিনাৰ পৰাই তুলসীয়ে বাটলৈ চাই ৰৈ আছিল, যুদ্ধজয় কৰি স্বামী উভতি আহিব বুলি। অবশেষত আহিল, কিন্তু স্বামী নহয়, নাৰায়ণহে। অবিকল শংখচূড়ৰ দৰে ৰূপ ধাৰণ কৰি নাৰায়ণ আহিল তুলসীৰ কাষলৈ। আনন্দত উচ্ছ্বসিত তুলসীয়ে ছদ্মবেশী নাৰায়ণক সৰল মনেৰে গ্রহণ কৰিলে।

যুদ্ধজয়ৰ বৃত্তান্ত শুনিবলৈ বিচাৰিলে। চতুৰ নাৰায়ণেও লগে লগে শুনাই দিলে মনেসজা বিজয়ৰ কাহিনী। তাৰপাছত, যথাসময়ত নিভৃত মিলনত তুলসীৰ সৈতে ৰমণত প্ৰবৃত্ত হ’ল নাৰায়ণ, যিটোৰ কাৰণেই আছিল তেওঁৰ ইমান ছল-চাতুৰী। কিন্তু কেনেবাকৈ সন্দেহ উপজিল তুলসীৰ মনত। সতীত্বৰ গুণেৰেই তেওঁ গম পাই গ’ল, এই ব্যক্তিগৰাকীতো তেওঁৰ স্বামী নহয়! ক্ৰোধত ক’ব নোৱাৰা হৈ পৰিল তুলসী। ধৰা পৰি গৈ নাৰায়ণেও সকলো কথা খোলাখুলিকৈ কৈ পেলালে। খং-দুখত তুলসীয়ে ক’লে, “উঃ আপুনি ইমান নিষ্ঠুৰ ! কিমান নিৰ্দয় পাষাণ হৃদয় !

মই অভিশাপ দিছোঁ, আপুনি পাষাণ হৈ যাওঁক, শিলাৰূপ লৈ থাকক চিৰকাল”. নাৰায়ণে মিচিকিয়া হাঁহি মাৰি কলে, “দেৱী ! তোমাৰ শাপ-মুক্তিৰ কাৰণেই মোৰ এই আচৰণ। তুমি আগৰটো জন্মত আছিলা মোৰেই শক্তিস্বৰূপ লক্ষ্মীৰ অংশ। বৈকুণ্ঠত আছিলা লক্ষ্মী আৰু শ্ৰীবৃন্দাবণত আছিলা শ্ৰীৰাধাৰ অংশ। সুদামাৰ অভিশাপত তোমাৰ মৰ্ত্য লোকত জন্ম। আজি আকৌ আমাৰ মিলন হ’ল। তুমি মোক পাষাণ কৰিলা।

কিন্তু, তথাপিও, তোমাৰ-মোৰ সদায়েই মিলন হৈ থাকিব। সেই কাৰণেই ময়ো তোমাক অভিশাপ দিছোঁ, তুমি তুলসী নামেৰেই এক বৃক্ষ হৈ পৰিবা। তোমাৰ পাতত, তোমাৰ ফুলত, তোমাৰেই অংগস্পৰ্শতেই হ’ব মোৰ সুখ, হ’ব অবিৰাম বিশ্ৰাম”।সেয়েহে বিধান হ’ল, সকলো সময়তেই নাৰায়ণশিলাৰ গাত তুলসীৰ পাত লগাই ৰাখিবই লাগিব।

লেখক: শ্ৰীকৃষ্ণচৈতন্য ঠাকুৰ / অশোক বন্দ্যোপাধ্যায়

উৎস: সাহিত্য.অৰ্গ

 

 

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top