মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / শ্ৰী শ্ৰী পখলা গোসাঁইদেৱৰ ইতিবৃত্ত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শ্ৰী শ্ৰী পখলা গোসাঁইদেৱৰ ইতিবৃত্ত :

শ্ৰী শ্ৰী পখলা গোসাঁইদেৱৰ ইতিবৃত্তৰ বিষয়ে লিখা হৈছে ।

(বি:দ্ৰ: শ্ৰী শ্ৰী পখলা গোসাঁইদেৱৰ ধাম বৰপেটা জিলাৰ বৰবিলা গাঁৱত। গোসাঁইৰ এই ইতিবৃত্ত কেৱল আখ্যান নহয়, বৰং ঐতিহাসিক তথ্যসম্বলিত দস্তাবেজ।এই ইতিবৃত্তত পূব বৰপেটা (বাউসী অঞ্চল বুলি জনাজাত)ৰ ইতিহাসৰ সূত্ৰও পোৱা যায় আৰু ইয়াৰ লোকসংস্কৃতি তথা জনবিশ্বাসৰ আভাস পোৱা যায়।

এই কাহিনীত তথ্যৰ লগতে মুখ বাগৰি চলি অহা লোকগাথাৰ প্ৰভাৱো চেগা-চোৰোকাকৈ দেখা যায়। কিন্তু কথাতে কয়, বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ- জনসাধাৰণৰ এই অফুৰন্ত, অচলা ভক্তি আৰু বিশ্বাসেই পখলা গোসাঁইদেৱৰ মাহাত্ম্যক দূৰ দূৰণিলৈ বিয়পোৱাত সহায় কৰিছে।

এই সংখ্যাৰ সাহিত্য.অৰ্গৰ থীমৰ লগত খাপ খোৱাকৈ গোসাঁইৰ এই কথা সময়োপযোগী হ’ব বুলি ৰাইজলৈ আগ বঢ়ালোঁ। জয় পখলা গোসাঁইদেৱক চিন্তি হৰি বোলো হৰি বোলো হৰি বোলো……)

বৰপেটা চহৰৰ পৰা ১০ কি:মি: পূবে আৰু গুৱাহাটীৰ প্ৰায় ৯০ কি:মি: পশ্চিমে অৱস্থিত বৰবিলা গাঁও। প্ৰত্যেক বছৰে কাতি মাহৰ ১০, ১১, ১২ তাৰিখে এই গাঁও জনসমুদ্ৰত পৰিণত হয়। কাৰণটো হৈছে পখলা গোসাঁইদেৱৰ স্থাপনাদিৱস ‘বৰবিলাৰ সভা’ মহোৎসৱ।

গোসাঁইৰ কীৰ্ত্তনঘৰৰ ভঁৰাল আৰু বেদী নৈৱেদ্য আৰু ভোগ-প্ৰসাদেৰে ভৰি পৰে। বিৰ দি বাট নোপোৱা অৱস্থা। ইফালে নাম-কীৰ্তন, ওজাপালি, আৰু মন্ত্ৰধ্বনিৰে মুখৰিত কীৰ্তনঘৰৰ প্ৰাংগণ। মুঠতে এক ভক্তিময়, দৈৱিক পৰিৱেশ। কিন্তু এই পখলা গোসাঁই দেৱ আৰম্ভণিৰে পৰা বৰবিলা গাঁৱত নাছিল।

আমাৰ বৰবিলা গাঁওখন এশ বছৰতকৈ অধিক পুৰণি। এটা প্ৰবল ভূমিকম্পত ইয়াত আগতে থকা এখন বিল মৰি এই গাঁৱৰ সৃষ্টি হৈছিল। সেয়েহে এই গাঁৱৰ নাম বৰবিলা। ইয়াৰ বৰ্তমান বাসিন্দাসকলৰ বেছিভাগেই ওচৰৰ বাগোদী নামৰ গাঁওখনৰ পৰা উঠি অহা।

যাহওক, এই বাগোদী গাঁৱত কামৰূপৰ বিখ্যাত বৰুৱা বংশৰ এজন বৰুৱাৰ ঘৰত এটা ধান বনা পখলি আছিল। সেই পখলিটো তেওঁলোকৰ পূৰ্বপুৰুষ সকলৰ দিনৰে পৰা চলি আহিছিল আৰু কোনোৱে ইয়াৰ বিষয়ে একো চিন্তা কৰা নাছিল।

কিন্তু এদিন বৰুৱাই সপোন দেখিলে। সেই সপোনত এজন শুভ্ৰবস্ত্ৰ পৰিধান কৰা ব্ৰাহ্মণ ৰূপে মহাপ্ৰভূৱে তেওঁৰ ওচৰত দৰ্শন দিলেহি আৰু তেওঁক (পখলিটোক) অনতিপলমে নি সেই গাওঁখনৰে পশ্চিমে থকা বৃহৎ পাকুৰি গছকেইজোপাৰ তলত থ’বলৈ কলে।

কিন্তু মহাভিমানী বৰুৱাই এই কথালৈ একো গুৰুত্ব নিদিলে। ইয়াৰ পিছতো কেইবাবাৰো একেটা সপোনকে বৰুৱাই দেখা পালে। কিন্তু একো লাভ নহ’ল। তেতিয়া মহাপ্ৰভুৱে দুষ্টক দমন কৰিবলৈ নিজ মূৰ্তি ধাৰণ কৰিলে আৰু কিছুদিনৰ ভিতৰতে বৰুৱাত বাদে ঘৰৰ সকলোৰে অস্বাভাৱিক মৃত্যু হ’ল (জনবিশ্বাস)।

সকলোকে হেৰোৱাৰ পিছত বৰুৱাৰ মানস চক্ষুত জিলিকি উঠিল সেই পখলিটোৰ কথা। সেয়ে জেদী বৰুৱাই ওচৰৰ ছাগমাৰা বিলতে ভবিষ্যতলৈও কোনোৱে গম নোপোৱাকৈ পখলিটো নি পানীত বুৰাই দিলে। কিন্তু ভগৱানক কোনে বন্ধনত ৰাখিব পাৰে! আমাৰ গোসাঁইৰো সেয়ে হ’ল। এই বিলতে ইজাৰ-দাৰে মাছ মাৰিবলৈ গৈ দেখিলে যে সকলোবোৰ জাল পানীৰ তলৰ কিবা এটা বস্তুত লাগি ৰৈ যায়। হাজাৰ চেষ্টা কৰিও একো লাভ নহ’ল। মাছমৰীয়াসকলে পানীত নামি গৈ দেখিলে যে এটি শিলৰ তলিত আটাইবোৰ জাল গৈ একগোট হৈছে। সন্ধিয়া পৰ্যন্ত একো নোহোৱা দেখি সকলো দিহা-দিহি গ’ল। ৰাতি শোৱাৰ পিছত ইজাৰ-দাৰে বৰুৱাই দেখা সপোনটোকে দেখিলে। পিছদিনা তেওঁ প্ৰবল গতিত বলা ধুমুহা, শিলাবৃষ্টিকো নেওচি, নাম-কীৰ্ত্তন আৰু হৰিধ্বনিৰে মুখৰিত কৰি মহপ্ৰভুক নি গছ কেইজোপাৰ তলত নিবিষ্ট কৰিলেহি।

ইয়াৰ পিছত আৰু বহুত ঘটনা। সেই গছকেইজোপাৰ ওচৰৰে কোনোবা এঘৰত এটি কলী-মুগী গাই গৰু আছিল। সেই গাইজনীয়ে পোৱালি জগোৱা দিনাৰ পৰা গৃহস্থৰ ঘৰত পোৱালিটোক গাখীৰ দিয়া নাছিল। এদিন গৰখীয়া ল’ৰাবোৰে দেখিলে যে গাইজনীয়ে সেই পাকুৰিকেইজোপাৰ তলত থকা কেইজোপামান বিৰিণাৰ মাজত পোৱালিটোক পিবলৈ দিছে।

গৰখীয়াসকলে দুই-তিনিদিন লক্ষ্য কৰিলে যে একেখিনি ঠাইতে পোৱালিটোক সদায় পিবলৈ দিছে। কথাটো গম পালত গৃহস্থই চাবলৈ গৈ দেখে যে তাত এটা তিনিফালে বিষ্ণুৰ প্ৰতিকৃতি অংকিত শিলৰ পখলি আছে।

যেতিয়া গৃহস্থই কথাটো গাঁৱৰ মানুহৰ আগত বিবৰি ক’লে। গঞাই তাত এটি সৰু কীৰ্তন ঘৰ সাজি চাকি-বন্তি জ্বলোৱাৰ দিহা কৰিলে। সেই সময়ৰ পৰাই মহাপ্ৰভুৰ উদ্দেশ্যে কৰা নিত্য নৈমিত্তিক কাৰ্যাৱলীৰ কোনো ব্যতিক্ৰম হোৱা নাই।

তাৰ পৰবৱৰ্তী কালছোৱাত (ইতিহাসপ্ৰদত্ত তথ্য অনুসৰি ১৩০৪ ভাস্কৰাব্দ (বৰ্তমান ১৪২০ ভাস্কৰাব্দ চলি আছে) বুলি বিশ্বাস; ইংৰাজীৰ ১৮৯৭ চনৰ ১২ জুনৰ বৰ ভূইকঁপ) এটা প্ৰবল ভূইকঁপত ভাৰত তথা সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ যথেষ্ট ভৌগোলিক পৰিৱৰ্তন ঘটে। এই ভুমিকম্পতে বৰ বিল মৰি সৃষ্টি হয় আমাৰ মৰমৰ বৰবিলা গাঁও। ইয়াৰ কিছুসময় পাছত বাগোদী গাঁৱৰ পৰা কেইঘৰমান মানুহ এই নতুন গাঁৱলৈ উঠি আহে।

তাৰে এজনক প্ৰভুৱে সপোন দেখুৱায় যে তেওঁক (পখলিটোক) এই গাঁৱত আনি থাপিব লাগে। সেই সময়ত প্ৰভুৰ মহিমা উপলব্ধি কৰি আন চুবুৰীয়া গাঁৱৰ মানুহেও গোসাঁইক আনিবলৈ গৈছিল কিন্তু বিফল হৈছিল (জনবিশ্বাস)।তেতিয়া এই গাঁৱৰে সংস্কৃত পণ্ডিত (স্বৰ্গীয়) দীননাথ শৰ্মা আৰু সেই সপোন দেখোঁতা পালাধৰীয়া বাতিয়া (তেখেতৰ উপাধি এতিয়া জনা নাযায়)ই প্ৰভুক আনি বৰবিলা গাঁৱত স্থাপন কৰে।

এয়া হ’ল মহাপ্ৰভুৰ বৰ্ত্তমান অৱস্থালৈ অহা ৰূপ বিৱৰ্তন। ১৩১১ ভাস্কৰাব্দৰ (ইং ১৯০৪ চন) ভাদ্ৰ মাহত প্ৰভুক বৰ্ত্তমান থকা ঠাইত স্থাপন কৰা হয়। আজিও গোসাঁই সেই ঠাইতে আছে অলৰ-অচৰভাবে নিজ মহিমা প্ৰচাৰ কৰি। ভাদ্ৰ মাহটোত খেতিয়ক সকল খেতি বাতিত ব্যস্ত থাকে আৰু বানপানীও শাম নাকাটে, সেয়েহে সৰ্বসন্মতভাৱে কাতিমাহৰ ১০, ১১, ১২ তাৰিখে গোসাঁইৰ স্থাপনা পুণ্যতিথি পালন কৰাৰ সিদ্ধান্ত লোৱা হয়।

আন এটা কাৰণ, কাতি মাহত বতৰো ফৰকাল থাকে, নাতিশীতোষ্ণ বাতাৱৰণ হয়। চাওতে চওতে এই বৰবিলাৰ সভা উৎসৱে ৪৫ বছৰ পাৰ কৰিলে, ইংৰাজী ২০১৭ চনত গোসাঁইৰ এই স্থাপনা দিৱসৰ সোণালী জয়ন্তী উদযাপিত হ’ব।

গোসাঁইৰ মাহাত্ম্য অসীম। ইয়াত আন্তৰিকতাৰে মানস কৰিলে, সঁচা ভক্তি ৰাখিলে ভকতৰ মনোৰথ নিশ্চিতভাৱে পূৰণ হয়। সেয়েহে এই কীৰ্ত্তনঘৰৰ মনিকূটৰ প্ৰৱেশদ্বাৰত লিখা থকা ‘মানস কৰিলে সিদ্ধি হয়’ আপ্তবাক্যশাৰী ভক্তবৃন্দৰ মুখে মুখে এতিয়া দূৰ-দূৰণিলৈকে বিয়পি পৰিছে।

পখলা গোসাঁইদেৱৰ প্ৰস্তৰ প্ৰতিকৃতিৰ স্ৰষ্টা কোন সেই বিষয়ে জনা নাযায়। কোন ৰজাৰ দিনত কোন নিপুণ শিল্পীয়ে এই পখলিটোৰ ওপৰত শ্ৰীবিষ্ণুৰ প্ৰতিকৃতিৰ নিৰ্মাণ কৰিছিল সেয়া নিশ্চয় পুৰাতাত্বিক দিশৰ পৰা বিচাৰ্য্য।

চমুকৈ এয়াই শ্ৰী শ্ৰী পখলা গোসাঁইদেৱৰ ইতিবৃত্ত। গোসাঁইৰ ইতিহাস কোৱাৰ আমাৰ সামৰ্থ্য নাই সেয়েহে দায়-দোষ হ’লে গোসাঁইয়ে নিজগুণে ক্ষমা কৰে যেন।

লেখক: হিতেন্দ্ৰ শৰ্মা

উৎস: সাহিত্য.অৰ্গ

 

 

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top