অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বপংয়ঙ মানাও পয়

স্বপংয়ঙ মানাও পয়

চিংফৌ ভাষাত ‘মানাও’ শব্দৰ অৰ্থ হৈছে নৃত্য আৰু পয় হৈছে উৎসৱ। এই জাতীয় উৎসৱ আৰম্ভ হয় উৎসৱৰ প্ৰতীকস্বৰূপ ‘স্বাদুং’ প্ৰতিষ্ঠা বা মুকলিৰ পিছত।

তিব্বতৰ ‘মজইচিংৰা বুম’ৰ পৰা ইতিহাস আৰম্ভ হোৱা চিংফৌসকল আজি বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে। অসম আৰু অৰুণাচলত বসবাস কৰি থকা প্ৰাচীন জনগোষ্ঠী চিংফৌসকল নিজৰ ঐতিহ্যৰে চহকী। চিংফৌসকলৰ উপৰিপুৰুষ স্বপংয়ঙৰ স্মৃতিচাৰণ অৰ্থে তথা মাঠুম মাঠাইৰ আশিস বিচাৰি প্ৰতি বছৰে পালন কৰি অহা চিংফৌ জাতীয় উৎসৱ ‘স্বপংয়ঙ মানাও পয়’ এই বৰ্ষতো অসমৰ শিৱসাগৰ জিলাৰ লাকুৱাত উলহ-মালহেৰে আয়োজন কৰা হয়। প্ৰতি বছৰে ১২, ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত পালন কৰি অহা এই জাতীয় উৎসৱ আৰু অৰুণাচল প্ৰদেশত বসবাস কৰি থকা চিংফৌসকলে এক গোট হৈ এটি স্থানত উদ্‌যাপন কৰি আহিছে। ১৯৮৫ চনৰ পৰা জাতীয় উৎসৱটি দুয়োখন ৰাজ্যৰ চিংফৌসকলে পালন কৰি আহিছে। ১৩ ফেব্ৰুৱাৰীৰ পুৱাই আফু ৰাজীৱ নিংখী আৰু অমিয় নিংদাসহ উপস্থিত হৈছিলো উৎসৱস্থলীত। উপস্থিত হৈ দেখা পাইছিলো এটা মনোৰম পৰিৱেশৰ মাজত স্বপংয়ঙ মানাও পয়ৰ আয়োজন কৰা হৈছে। ফৰকাল বতৰ, ফাগুনৰ আগলি বতৰা দি এজাক বতাহে আমাৰ মনটো সজীৱ কৰি তুলিলে।

ভাৰতৰ পূৰ্বতম প্ৰান্তত শান্ত আৰু নীৰৱ জীৱন-যাপন কৰা, উন্নত সংস্কৃতিৰ অধিকাৰী চিংফৌসকলৰ বিষয়ে অসমৰ মানুহে খুব কম কথাহে জানে, জানিবলৈ আগ্ৰহ অনুভৱ কৰে। স্বপংয়ঙ মানাও পয় উৎসৱস্থলীত উপস্থিত হৈয়ে লগ পালো বিছা গাম বিছা নং চিংফৌৰ (চিংফৌ ৰজা)। তেওঁৰ লগত কিছু সময় কথা-বতৰা চলিল। বিছা ৰজা বিছা নং চিংফৌয়ে জানিবলৈ দিলে যে এই উৎসৱত অংশ ল’বলৈ একে শিপাৰ লাওচ, ম্যানমাৰ, থাইলেণ্ড, ইংলেণ্ড আৰু মিজোৰামৰ পৰা কেইবাজনো অতিথি পৰ্য্যটক উপস্থিত হৈছে। উল্লেখ্যযোগ্য যে এইবাৰ ৩১ জন চিংফৌ পৰ্য্যটক ঐতিহাসিক ষ্টিলৱেল পথেদি আহি অসমৰ পুৰণি ৰাজধানী শিৱসাগৰত ভৰি দিয়ে। স্বপংয়ঙ উৎসৱটো সম্পৰ্কে তেওঁৰ বক্তব্য এনেধৰণৰ- টিংলিঙৰ পিতা আছিল স্বপংয়ঙ। পুত্ৰ টিংলিয়ঙে পিতা স্বপংয়ঙ আৰু বিশ্বৰ সৃষ্টিকৰ্তা পৰম পিতা স্বপংয়ঙ আৰু বিশ্বৰ সৃষ্টিকৰ্তা পৰম পিতা মাঠুম মাঠাইৰ পৰা আশিস লাভাৰ্থে চিকনগুংন্দন পয় (গুণানুকীৰ্তন উৎসৱ) পালন কৰিছিল। কিন্তু কালক্ৰমত এই উৎসৱ পূৰ্বপুৰুষ স্বপংয়ঙৰ স্মৃতি ৰক্ষাৰ্থে আয়োজিত এই উৎসৱ বিৱৰ্তনৰ মাজেৰে আহি বৰ্তমানৰ পৰ্য্যায় পাইছেহি। চিংফৌ ভাষাত ‘মানাও’ শব্দৰ অৰ্থ হৈছে নৃত্য আৰু ‘পয়’ হৈছে উৎসৱ। এই জাতীয় উৎসৱ আৰম্ভ হয় উৎসৱৰ প্ৰতীকস্বৰূপ ‘স্বাদুং’ প্ৰতিষ্ঠা বা মুকলিৰ পিছত। এই স্বাদুং হৈছে কেইডালমান দণ্ডৰ সমষ্টি। ঠিক মাজভাগত সমউচ্চতাৰ দণ্ড দুডালক মুখ্য কৰি কেইবাটাও দণ্ড থাকে মাজৰ সম উচ্চতাৰ এখনক ‘দুংলা’ আৰু আনখনক ‘দুংবি’ বোলা হয়। এই ‘দুংলা’ আৰু ‘দুংবি’ ক্ৰমে পুৰুষ, মহিলা বা প্ৰকৃতিক সূচায়। দুয়োৰে ওপৰৰ অংশত সূৰ্য আৰু চন্দ্ৰৰ চিহ্ন অংকন কৰে। তেওঁলোকৰ মাজত বিশ্বাস আছে যে চন্দ্ৰ-সূৰ্য্য সৃষ্টিৰ পিছত এই বিশ্বত জীৱ-জন্তু, গছ-গছনি, ফল-মূলে ভৰি পৰিছিল। ধনেশ পক্ষীৰ চিহ্নও এই স্বাদুঙত অংকিত থাকে। ইয়াৰ অন্তৰালত এটি লোকবিশ্বাস প্ৰচলিত হৈ আছে। পক্ষীকুলে এই পৃথিৱীত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ গছ-গছনিৰ ফল-মূলৰ স্বাদ গ্ৰহণ কৰি আনন্দত আত্মহাৰা হৈ পৰিছিল। এনে ক্ষণত পক্ষীৰাজ ধনেশৰ নেতৃত্বত পক্ষীকুলে মাঠুম মাঠাইৰ গুণানুকীৰ্তন কৰি নৃত্য উৎসৱৰ আয়োজন কৰিছিল। পক্ষীকুলে আয়োজন কৰা এই আনন্দৰ উৎসৱত ‘মাংদিংয়াউ’ নামৰ এজন মানৱ সন্তানে অংশ লোৱাৰ সৌভাগ্য লাভ কৰিছিল। সেই মানৱ সন্তানে পক্ষীকুলৰ পৰা শিকি অহা নৃত্য পিছত চিংফৌসকলে আয়ত্ত কৰে।

উৎসৱৰ আগতে উৎসৱস্থলী সজাই পৰাই তোলা হয়। স্বাদুঙৰ মুখামুখিকৈ এটা চিংফৌ জনগোষ্ঠীয় আৰ্হি গৃহ নিৰ্মাণ কৰা হয়, য’ত অতিথিসকল বহে, য’ত বহি বৃদ্ধলোকে সাধু কয়, লোকগীত গায়, খন্তেক সময়ৰ বাবে নিজকে হেৰুৱাই পেলায়। এই গৃহৰ চাৰিবেৰ তেতিয়া প্ৰাণ পাই উঠে, যেতিয়া দপদপকৈ জ্বলি থকা জুইকুৰাৰ চাৰিওফালে বহি ফালাপৰ (চাহ) জুতি লয়। এই উৎসৱত ভাগ ল’বলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহে। সকলোৱে মিলি নৃত্য আৰু গীতৰ জৰিয়তে স্বপংয়ঙক স্মৰণ কৰাৰ লগতে পৰম পিতা মাঠুম মাঠাইৰ কৃপাদৃষ্টি প্ৰাৰ্থনা কৰে। এনেদৰে দিনে-ৰাতিয়ে চলি থাকে উৎসৱ, গীত-নৃত্যৰ প্ৰতিযোগিতা। পূৰ্বতে এই মানাওপায় বিভিন্ন বলি-বিধান, পানীয় ব্যৱহাৰ মাজেৰে পালন কৰা হৈছিল। বৰ্তমানে অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰি থকা চিংফৌসকল বৌদ্ধধৰ্মৰ অনুগামী। সেয়েহে ধৰ্মীয় পৰম্পৰাক ৰক্ষা কৰি বলি-বিধান সম্পূৰ্ণৰূপে ত্যাগ কৰা হৈছে। স্বাদুঙৰ মুখামুখিকৈ অতি আটোমটোকাৰিকৈ নিৰ্মাণ কৰা চিংফৌ জনগোষ্ঠীয় আৰ্হি চাং ঘৰটোত উঠি চালো। ভিতৰলৈ আদৰি নিলে দুজনী ধুনীয়া চিংফৌ গাভৰুৱে আৰু দপ্‌দপকৈ জ্বলি থকা জুহালৰ কাষতে বহিবলৈ দিলে। জুহালত বহি আছিল কেইবাজনো জ্যেষ্ঠ চিংফৌ লোক। তাৰ মাজত মোৰ চিনাকি আছিল জৈৱিক চাহেৰে বিশ্ব দৰবাৰত নাম উজলাবলৈ সক্ষম হোৱা তথা অসম আৰু মাৰ্ঘেৰিটাক এটা সুকীয়া পৰিচয় দিয়া ৰাজেশ চিংফৌ, জনগোষ্ঠী উন্নয়ন পৰিষদৰ সভাপতি মানজেলা, অৰুণাচল বিশিষ্ট সমাজকৰ্মী পবিত্ৰ নিংদা, জাতীয়তাবাদী নেতা সঞ্জীৱ উলুপ, বিশিষ্ট চিত্ৰশিল্পী দেৱানন্দ উলুপ আদি। উৎসৱ সম্পৰ্কীয় কথাৰ আড্ডা চলি আছিল। এনেতে দুজনী চিংফৌ জনগোষ্ঠীয় সাজ পৰিহিতা যুৱতীয়ে ‘ফালাপ’ আৰু ‘দনতেপ’ (এবিধ পিঠা) আগবঢ়াই দিলে। ‘ফালাপ’ ৰ পিয়লাত চুমুক দি সতেজতা লাভ কৰিলোঁ।

পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়ি আহোতে চিংফৌ জাতীয় উৎসৱটিয়ে বিগত দশকৰ পিছত এটি নতুন ধাৰা সংযুক্ত হৈ গতিশীলতা লাভ কৰা পৰিলক্ষিত হৈছে। সেয়া হৈছে সাংস্কৃতিক পৰ্য্যটনৰ ধাৰা। অতীতৰে পৰা সীমান্ত অঞ্চলত বসবাস কৰি থকা অসমৰ চাহ ইতিহাসৰ নেপথ্যৰ জনগোষ্ঠী চিংফৌসকলৰ আচাৰ-ব্যৱহাৰ, গীত-নৃত্য, উৎসৱ-পাৰ্বণ, খাদ্য-আভাস, বোৱা-কটা আদিৰ দৰে চহকী পৰম্পৰাক চাবলৈ বহু দেশী-বিদেশী পৰ্য্যটকৰ ভিৰ বাঢ়িবলৈ ধৰিছে। ১৯৮৫ চনত অৰুণাচল প্ৰদেশৰ মিয়াও চহৰত সমূহীয়াভাৱে আয়োজিত উৎসৱটি ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি ৩১ তম বৰ্ষত ভৰি দিছে। এই উৎসৱ পূৰ্বপুৰুষ ‘স্বপংয়ঙ’ স্মৰণ কৰাই নহয় জাতীয় জীৱনৰ প্ৰয়োজনীয় সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি সকলো দিশৰ সম্পৰ্কে আলোচিত হয়। নিশালৈ দেশী-বিদেশী বহু শিল্পীৰ সমাহাৰেৰে সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয়।

লিখক: মানস প্ৰতীম গগৈ, দৈনিক অসম।

2.88679245283
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top