মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / হুঁচৰি: এটা আলোচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হুঁচৰি: এটা আলোচনা

হুঁচৰি: এটা আলোচনা

‘ৰাইজৰ পদূলিত

গোন্ধাইছে মাধুৰী’

বা

‘ৰাইজেই লক্ষ্মী শুকুলী পাৰৈ

ফুৰে ঘৰে ঘৰে গৈ’

‘হুঁচৰি এ হাওঁ’- এইবুলি ঘোষা গাই বছৰটোৰ পহিলা দিনটোতে ব’হাগ বিহুৰ ৰং সিঁচিবলৈ আৰু বছৰটোৰ বাবে গৃহস্থৰ মঙ্গল কামনাৰে হুঁচৰি গোৱা গৃহস্থৰ চোতাল গচকিলে। ভক্তপ্ৰাণ গৃহস্থই সপৰিয়ালে আহি হুঁচৰি গোৱা ৰাইজৰ আগত ভক্তিভাৱে মূৰ দোঁৱাই আশীৰ্বাদ বিচাৰিলে। গঞা ৰাইজে(হুঁচৰি দলে) মূৰৰ চুলি ছিঙি গৃহস্থক বছৰটোলৈ আশিসবচন দিলে-

‘গৃহস্থৰ কুশলৰ অৰ্থে

জয় হৰি বোলা

জয় ৰাম বোলা’

গৃহস্থই আশীৰ্বাদ ল’লে আৰু হুঁচৰি দলে হুঁচৰি গীত গোৱা আৰু আশীৰ্বাদ দিয়াৰ বিনিময়ত মাননি লৈ গৃহস্থৰ চোতাল এৰিলে।

হয়, মই অসমীয়া জাতিক এক সাংস্কৃতিক পৰম্পৰাৰে বিশ্বমানসত পৰিচয় দিব পৰা এক সংস্কৃতি অধুনা বিলুপ্তপ্ৰায় হুঁচৰি গীত সংস্কৃতিৰ কথাই কৈছোঁ। হুঁচৰি, বিহুগীত আৰু বিহুনাচ এক অঙ্গাংগী সম্বন্ধ। বিহু হুঁচৰিত হুঁচৰি দলে সদলবলে ৰাইজৰ ঘৰে ঘৰে গৈ গৃহস্থৰ মঙ্গলাৰ্থে কুশল কামনাৰে নাচে, গীত গায় আৰু গৃহস্থই সাষ্টাংগে প্ৰণিপাত কৰি আশীৰ্বাদ গ্ৰহণ কৰি টকা শিকি গামোচা আদি উপহাৰ দিয়ে।

বিহু গীতবোৰৰ তুলনাত হুঁচৰি বহুত পিছৰ সৃষ্টি বুলি অনুমান কৰিব পাৰি। নিশ্চিতভাৱে এয়া আহোম ৰজাসকলৰ আমোলতহে আৰম্ভ হোৱা সংস্কৃতি। অৱশ্যে বিহু, ব’হাগ আৰু হুঁচৰি ইটোৰ-সিটোৰ লগত সম্পৃক্ত।

বিহু কৃষিৰ লগত জড়িত উৎসৱ। ব’হাগ বিহু আকৌ ৰং, আনন্দ আৰু প্ৰেমৰ উৎসৱ। গছৰ তল, পথাৰ, নৈৰ পাৰ, নিশাৰ উৎসৱ। সেয়েহে ইয়াৰ মনোৰম ইতিহাসৰ সাক্ষী চিৰি লুইতৰ পাৰ বা চতাই পৰেবতৰ বুকুত সমুজ্জ্বল। উদং পথাৰ শস্য গৰ্ভা কৰাৰ সোণালী মানসেৰে এই ৰঙালীতে টঙালি বান্ধি অসমীয়া কৃষকে হাতত নাঙল তুলি লয়।

তেৰ শতিকাৰপৰা আহোম স্বৰ্গদেউসকলে অসমৰ শাসনৰ বাঘজৰী হাতত ল’লে। তেওঁলোকে অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতিও আকৃষ্ট হ’ল আৰু গ্ৰহণো কৰিলে। অসমৰ বিহুক সুকীয়া মৰ্যাদা দিয়াৰ উদ্দেশ্যে ৰংপুৰত ‘সাত বিহু উৎসৱ’ পালন কৰিলে আৰু জাতীয় সংস্কৃতি ৰূপে স্বীকৃতি দিলে। ৰাজকীয় পৃষ্ঠপোষকতা পাই উজনি অসমত বিহু অসমীয়াৰ জাতীয় প্ৰতীক হৈ পৰিল। ইয়াৰ ফল স্বৰূপে পথাৰৰ বিহু, গছৰ তলৰ বিহু, নৈৰ পাৰৰ বিহুৱে ৰাজসভা শুৱনি কৰিবলৈ সক্ষম হ’ল- মঞ্চ শুৱনি কৰাৰ সংকেত পালে।

ইয়াত সংযোজন হ’ল বিহু হুঁচৰিৰ। হুঁচৰি ব’হাগ বিহুৰ আন এটা জনপ্ৰিয় অনুষ্ঠান হৈ পৰিল। এই অনুষ্ঠানত হুঁচৰি দলে সদল-বলে বিহুৱা পোছাকত গৃহস্থৰ ঘৰে ঘৰে গৈ নৃত্য-গীত কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে-

‘ৰাধাই বোলে কৃষ্ণাই মোকে পাৰ কৰা

এই যমুনাৰ জল ঐ গোৱিন্দাই ৰাম’।

কলাগুৰু বিষ্ণুৰাভাৰ মতে হৌ-চৰি-চৰি অৰ্থাৎ হুঁচ নোহোৱাকৈ মাটিত বাগৰি বাগৰি নচাৰ পৰাই হুঁচৰি শব্দৰ উৎপত্তি।

আপাত দৃষ্টিত বিহুগীত আৰু বিহু হুঁচৰি একেযেন লাগিলেও বিহু গীতৰ লগত হুঁচৰি গীতৰ পাৰ্থক্য আছে। বিহুগীতৰ ডেকা-গাভৰুৰ মুক্ত উন্মাদনা, ৰং সুৰভি হুঁচৰি গীতত নাই। হুঁচৰি গীতত দেখা যায় ঘৰুৱা মাৰ্জিত ৰূপ, প্ৰাপ্ত বয়স্কৰ অংশগ্ৰহণ-

‘ঠনৰ ঠনৰ কৰি ভাগে বুকুখনি

যেন বিৰিষৰে ডাল’।– বিহুগীত

‘ন ঘৰ ঐ পুৰণি কামি

‘হুঁচৰি গাবলৈ আহিছোঁ আমি’- হুঁচৰি গীত।

হুঁচৰি অনুষ্ঠান ৰাজঘৰীয়া ডা-ডাঙৰীয়াৰ সন্মানাৰ্থে উদযাপন হোৱা বুলি অনুমান হয়। ‘দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী’ বা ‘দেউতাৰ বৰে ঘৰ দেখাতেই ভয়ঙ্কৰ’ ইত্যাদি যোজনাত ব্যৱহাৰ কৰা ‘দেউতা’ শব্দটো এই অৰ্থত ব্যৱহাৰ হোৱা যেন অনুমান হয়। পিছলৈ এই পৰম্পৰা গাঁৱৰ মুখিয়াল লোক, গাঁওবুঢ়া বা অন্য ধনী-মানি ব্যক্তিৰ ঘৰতে হুঁচৰি গোৱা দেখা যায়-

‘ৰজালৈ এটকা দিয়া মোৰ দেউতা

প্ৰজালৈ দুটকা দিয়া’। ইত্যাদি

হুঁচৰি গীতবোৰৰ মাজেৰে গাঁৱৰ প্ৰচলিত সমাজখনৰ এটা প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা দেখা যায়। অসমীয়া মানুহৰ অতিথিপৰায়ণতা, ভাতৃত্ববোধ, সম্প্ৰীতিৰ এনাজৰীৰ প্ৰতীক হৈছে হুঁচৰি অনুষ্ঠান।

হুঁচৰি গীতৰ এক সুকীয়া বৈশিষ্ট আছে। এই গীতবোৰ ঢোলৰ ছেওৰ লগত মিলি যোৱাকৈ ৰচা হয়। ইয়াৰ যোজনাবোৰ য’ৰ ত’ৰপৰা আনি গীতত লগোৱা হয়। ‘আয়ৈ হালি জালি’, ‘জুইচলা পাত, তেপৰ পাত’। ইত্যাদি। এই গীতবোৰৰ কোনো ভাষাগত অৰ্থ নাই, কিন্তু সুমধুৰ আৰু সকলোৰে সমাদৃত গীত। হুঁচৰিৰ অন্য এটা বৈশিষ্ট্য হৈছে অসমীয়া বিয়া নামৰ কইনাঘৰীয়া আৰু দৰা-ঘৰীয়াৰ মাজত হোৱা খিচা গীতৰ লেখিয়া হুঁচৰি দলেও কেতিয়াবা গৃহস্থলৈ শৰ মাৰিব লগা হয়। ভবা মতে মাননিৰ হেৰফেৰ হোৱা যেন অনুমান হ’লে হুঁচৰি দলৰ যোজনাত ওলায়।–

‘গেলা কোমোৰাৰ পানী

চাৰি অনা পইচা কেলেই লাগিছে

শিয়ালে লৈ য’ক টানি’।

আকৌ,

‘ধনৰে টোপোলা ডাঙৰে দেখিলা

ৰাইজক দেখিলা সৰু’। ইত্যাদি

লগে লগে গৃহস্থই পাণ-তামোল, শৰাইৰে মাননি লৈ আহি হুঁচৰি দলৰ আশীৰ্বাদ বিচাৰি প্ৰণিপাত কৰিলে আৰু ৰাইজে(হুঁচৰি দলে) বছৰটোৰ বাবে গৃহস্থৰ মঙ্গলাৰ্থে আশীৰ্বাদ দিলে।

হুঁচৰি দলৰ গৃহস্থৰ ঘৰে ঘৰে হুঁচৰি গাই এটা মোটা অংকৰ মাননি সংগ্ৰহ হয়। অনুষ্ঠান সামৰাৰ পিছত সেই মাননিৰ ধনেৰে কোনো কোনোৱে ভোজভাত খায় আৰু কোনো কোনোৱে গাঁৱৰ ভাঙি-ছিঙি যোৱা নামঘৰ, স্কুলঘৰ, পুখুৰী খন্দা বা অন্য সামাজিক কামত ব্যৱহাৰ কৰে।

অসমৰ এই প্ৰাচীন জনপ্ৰিয় লোক-সংস্কৃতি অধুনা বিলুপ্তপ্ৰায়। ইয়াৰ পৰিচয় আজি কেৱল বিহু মঞ্চবোৰতহে মাজে মাজে দেখা পোৱা যায়। হুঁচৰি সংস্কৃতিত আছে গীত-নাচেৰে সমৃদ্ধ নান্দনিক উপভোগ দৃশ্য। ভক্তি ৰসৰ প্ৰাচুৰ্য আৰু সম্প্ৰীতিৰ এনাজৰী। সেয়েহে বিহু গীতৰ দৰে হুঁচৰি গীতো অসমীয়াৰ বাপতি-সাহোন। এটা সময়ত হুঁচৰি আছিল ব’হাগ বিহুৰ এটা এৰাব নোৱাৰা অঙ্গ। আজি ইয়াৰ ৰং সুৰভি ম্লান হৈ গৈছে। বিলুপ্তপ্ৰায়। হুঁচৰি পুনৰ উদ্ধাৰ কৰি সমাজত প্ৰতিষ্ঠিত কৰিব পাৰিলে ইয়ে অসমীয়া লোক সংস্কৃতিৰ সোণত সুৱগা চৰাব।

লেখক:সত্যেন তালুকদাৰ

3.09375
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top