মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ৰংপুৰীয়া স্বৰ্গদেউৰ কাহিনী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰংপুৰীয়া স্বৰ্গদেউৰ কাহিনী :

ৰংপুৰীয়া স্বৰ্গদেউৰ কাহিনীৰ বিষয়ে লিখা হৈছে ।

 

ৰংপুৰীয়া স্বৰ্গদেউৰ কাহিনী অসমৰ ইতিহাসপ্ৰসিদ্ধ ঠাইসমূহৰ বিষয়ে কিবা এটা লিখিবলৈ হ’লে প্ৰথমে ৰংপুৰৰ নামেই আহিব লাগে৷ কিয়নো ছয়শ বছৰীয়া আহোম ৰাজত্বকালৰ পাঁচখন ৰাজধানীৰ ভিতৰত স্থাপত্য- ভাস্কৰ্য আৰু প্ৰশাসনৰ দিশেদি ৰংপুৰে আজিও ৰিঙিয়াই আছে৷ আহোম ৰাজত্বকালৰ স্বৰ্ণিল ইতিহাসৰ সাক্ষ্য বহন কৰি ৰংপুৰত আজিও থিয় হৈ আছে অজস্ৰ দৌল-দেৱালয়, মন্দিৰ, ৰংঘৰ, কাৰেংঘৰ ইত্যাদিবোৰ৷ ৰংপুৰত ৰাজধানী পতাৰ আৰম্ভণিৰ সময়ৰ পৰা যোৰহাটলৈ উঠাই নিয়ালৈকে প্ৰায় এশটা বছৰত সৰ্বমুঠ ছয় জন ৰজাই ৰংপুৰত বহি শাসন কৰিছিল আৰু এই সময়খিনিত বিভিন্ন দৌল-দেৱালয়, পুখুৰী, গড়, আলিবাট আদি নিৰ্মাণ কৰিছিল৷ এই ৰংপুৰ নগৰখন পূবফালে বগীদ’লৰ ওচৰৰ সিংহদোৱাৰৰ পৰা পশ্চিমে গৌৰীসাগৰৰ ওচৰৰ মাছখোৱা গড়লৈকে তথা উত্তৰে দিখৌ নদীৰ পৰা দক্ষিণে নামদাং নদীলৈকে বিস্তৃত হৈ আছিল৷ এই সীমাৰ ভিতৰত থকা ৰাজনগৰীৰ মাটিকালি হ’ল ৪২৩ পুৰা ৩ বিঘা ২ কঠা ৮ লোচা৷ স্থাপত্য-ভাস্কৰ্যৰ এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা এই ৰংপুৰ নগৰৰ পৰা ৰাজ্যৰ শাসনভাৰ চলোৱা ছয় জন স্বৰ্গদেৱৰ বিষয়ে থুলমূলকৈ জানিবলৈ এই লেখাটোৰ মাধ্যমেৰে এটি প্ৰয়াস কৰা হৈছে৷

আহোম ৰাজত্বকালৰ ২৯ সংখ্যক ৰজা স্বৰ্গদেউ গদাধৰ সিংহ ১৬৯৫ চনত স্বৰ্গগামী হোৱাৰ পাছত তেখেতৰ বৰপুত্ৰ চুখ্ৰুংফাই ৰূদ্ৰসিংহ নাম লৈ ৰাজসিংহাসনত উপৱিষ্ট হয়৷ শাসনভাৰ গ্ৰহণ কৰিয়েই ৰূদ্ৰসিংহই মাতৃ জয়মতীক শাস্তি দিয়া জেৰেঙা পথাৰৰ ঠাইখিনিক কেন্দ্ৰ কৰি জয়সাগৰ পুখুৰী খন্দায় আৰু পুখুৰীৰ উত্তৰপাৰে কাৰেংঘৰ সাজি তাতে বাহৰ পাতি লয়৷ এই বাহৰৰ পৰাই জয়সাগৰ পুখুৰীৰ উত্তৰপাৰত কেশৱৰাই বিষ্ণু দ’ল নিৰ্মাণ কৰি বিষ্ণুৰ বিগ্ৰহ স্থাপন কৰি ইয়াৰ পৰিসৰতে গণেশ আৰু সূৰ্যৰ মন্দিৰ নিৰ্মাণ কৰে৷ একেদৰে এই পুখুৰীৰ পাৰতে দেৱীদ’ল আৰু শিৱদ’ল পাতি উচৰ্গা কৰে৷ ইয়াৰ পাছৰ সময়খিনিত কাৰেঙৰ পৰা পুখুৰীলৈ যোৱা পথটিৰ কাষত ৰঙ্গনাথ শিৱ মন্দিৰ আৰু মাতৃৰ স্মৃতিত ফাকুৱা দৌল সাজে৷ এইজনা ৰজাই বিচিত্ত জীৱজন্তু পোহপাল দিয়াৰ হেতু পহুগড় নিৰ্মাণ কৰাৰ লগতে বিভিন্ন খেল ধেমালিৰ বিকাশৰ বাবে কাঠেৰে এটা ৰংঘৰ সাজিছিল৷ ইয়াৰ উপৰিও যাতায়তৰ সুবিধাৰ বাবে তেখেতে খৰিকটীয়া আলি, দুৱৰীয়নী আলি, মেটেকা আলি ইত্যাদিবোৰ আলি বন্ধাইছিল৷ ইয়াৰ উপৰি এইজনা ৰজাই দিখৌ নদীৰ ওপৰত দুখনকৈ পকী দলং নিৰ্মাণ কৰে৷ এইজনা ৰজাই সাহিত্য, সংস্কৃতি, শিল্প, ভাস্কৰ্যৰ মাধ্যমেৰে অসমক ভাৰতৰ সৈতে জড়িত কৰাৰ হেতু বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰে৷ মুঠ ১৪ বছৰ ৬ মাহ দিন ৰাজত্ব কৰা এইজন ৰজাৰ ১৭১৪ চনত মৃত্যু হয়৷

স্বৰ্গদেউ ৰূদ্ৰসিংহৰ মৃত্যুৰ পাছত তেখেতৰ বৰপুত্ৰ শিৱসিংহই ৰজা হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে৷ এইজনা ৰজাই ফুলেশ্বৰীক বৰৰাণী পাতে আৰু তেৱেঁই গৌৰীসাগৰ পুখুৰী খন্দাই তাৰ পাৰত শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল নিৰ্মাণ কৰে৷ এইগৰাকী ৰাণীয়ে কালুগাঁৱত বৰপাত্ৰ দ’ল আৰু পুখুৰী সজোৱাৰ লগতে ধাইমাকৰ নামত শিৱসিংহই ধাইআলি নিৰ্মাণ কৰে আৰু পানীদিহিঙত ধাই পুখুৰী খন্দুৱালে৷ ৰাণী ফুলেশ্বৰীয়ে তাঁতশাল পাতি ডা-ডাঙৰীয়াৰ ছোৱালী বিলাকক বোৱা-কটা শিকাইছিল৷ ফুলেশ্বৰী কুঁৱৰীৰ অকাল মৃত্যুৰ পাছত শিৱসিংহই ফুলেশ্বৰী কোঁৱৰীৰ ভগ্নী অম্বিকাক বিয়া পাতি বৰৰাণী কৰে৷ ৰাজধানী চহৰ ৰংপুৰৰ উত্তৰে থকা কলঞ্চুপাৰ গোহাঁই গাঁৱত (এতিয়াৰ শিৱসাগৰ চহৰ) অম্বিকাই শিৱসাগৰ পুখুৰী খন্দাই তাৰ দক্ষিণ দিশত একেটা পৰিসৰতে শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল নিৰ্মাণ কৰায়৷ শিৱসিংহ ৰজাই নিজৰ শাসনকালত উজনিৰ লগতে নামনিৰ বিভিন্ন ঠাইত ভালেকেইটা মন্দিৰ আৰু দৌল-দেৱালয় সজায়৷ পৰ্বতীয়া গোঁসাই কৃষ্ণানন্দ ভট্টাচাৰ্যৰ শিষ্য এইজনা স্বৰ্গদেউ ১৭৪৪ খৃষ্টাব্দত স্বৰ্গগামী হয়৷

শিৱসিংহৰ মৃত্যুৰ পাছত তেখেতৰ ভাতৃ প্ৰমত্ত সিংহ ৰাজপাটত বহে৷ ৰজা হোৱাৰে পৰা প্ৰায় সাত বছৰ দিন জীয়াই থকা এইজন ৰজাই পূৰ্বৰ কাঠৰ ৰংঘৰৰ ঠাইত একে আৰ্হিতে পকী ৰংঘৰ সজাৰ লগতে পূৰ্বৰ ৰাজধানী গড়গাঁৱৰ কাৰেঙঘৰ পকীকৈ সজায়৷ ইয়াৰ উপৰি তেখেতে নিজৰ ৰাজত্বকালত গুৱাহাটীত শুক্ৰেশ্বৰ দেৱালয়, ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ৰুদ্ৰেশ্বৰ দেৱালয় সজোৱাৰ লগতে কামৰূপত মাটিৰ পিয়ল কৰায়৷

প্ৰমত্ত সিংহৰ পাছত তেখেতৰ ভাতৃ ৰাজেশ্বৰ সিংহই ১৭৫২ চনত ৰাজ-সিংহাসনত বহে৷ অতি শান্তিপ্ৰিয় আৰু সংস্কৃতিবান এইজনা স্বৰ্গদেৱে নিজৰ শাসনকালত স্থাপত্য-ভাস্কৰ্যৰ অজস্ৰ নিদৰ্শন ডাঙি ধৰে৷ তেখেতে কামৰূপত মণি কৰ্ণেশ্বৰ দৌল সজোৱাৰ লগতে বশিষ্ট আৰু নৱগ্ৰহত দৌল সজাই সেইবোৰ পৰিচালনাৰ দায়িত্ব পুৰোহিতক দিয়াৰ লগতে ব্ৰহ্মোত্তৰ-দেবোত্তৰ ভূমি দান কৰে৷ নেঘেৰিটিঙৰ বিখ্যাত শিৱদৌলো তেখেতেই সজাইছিল৷ ৰাজেশ্বৰ সিংহৰ পাছৰ সময়খিনিত আহোম বিষয়াতন্ত্ৰত বহু বাদ-বিসম্বাদ হয়৷ মোৱামৰীয়া বিদ্ৰোহ এই সময়খিনিতে আৰম্ভ হয়৷

ইয়াৰ অন্তত ৰূদ্ৰসিংহৰ কণিষ্ঠ পুত্ৰ লক্ষ্মীসিংহ ৰজা হয় যদিও তেওঁৰ শাসনকালত আহোম ৰাজত্বকালত অনেকখিনি আলৈ আহুকালে দেখা দিলে৷ এইসমূহৰ অন্ত পৰাৰ পাছত এইজনা ৰজাই পশ্চিম দিশৰ ভটিয়াপাৰত পিতৃ ৰূদ্ৰসিংহৰ নামত পুখুৰী খান্দি তাৰ পাৰত দৌল সজালে যদিও ১৭৮০ চনত তেখেতৰ মৃত্যু হয়৷

লক্ষ্মীসিংহৰ মৃত্যুৰ পাছত তেখেতৰ পুত্ৰ গৌৰীনাথ সিংহ ৰজা হয় যদিও মোৱামৰীয়াৰ দ্বিতীয় আৰু তৃতীয় বিদ্ৰোহত আহোমৰ প্ৰশাসনযন্ত্ৰ আকৌ অচল হৈ পৰে৷ এই সময়খিনিতে ৰাজসভাৰ এজন দক্ষ বিষয়া পূৰ্ণানন্দ বুঢ়াগোঁহায়ে ইংৰাজ কোম্পানীৰ কেপ্টেইন ৱেলছৰ সহায়ত ৰংপুৰত মোৱামৰীয়াৰ বিদ্ৰোহ দমন কৰে যদিও এই স্থানত থাকি ৰাজধানী চলোৱাত বহু অসুবিধা হয়৷ সেয়ে ১৭৯৪ চনত ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰা হয়৷ মুঠ ছয়জন ৰজাৰ শাসনকালৰ ইতিহাস সামৰি তেতিয়াৰ ৰংপুৰ আৰু এতিয়াৰ শিৱসাগৰে গৌৰৱোজ্জ্বল আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহন কৰি আহিছে৷

লেখক: ভাস্কৰজ্যোতি দাস

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top