মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ৰঙালী বিহু- আদিমৰ পৰা আধুনিকতালৈ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰঙালী বিহু- আদিমৰ পৰা আধুনিকতালৈ

ৰঙালী বিহু- আদিমৰ পৰা আধুনিকতালৈ, সেই বিষয়ে লিখা হৈছে ।

অসমীয়াৰ বাপতিসাহোন -

অসমীয়াৰ বাপতিসাহোন এই উৎসৱটি তাহানিৰে পৰাই অসমীয়া জাতিৰ হাড়ে হাড়ে, সিৰাই সিৰাই শিপাই আছে৷ কুলিৰ মাতত বসন্ত আহে৷ সেউজীয়া কোমল কুঁহিপাতে বহাগৰ আগজাননী দিয়ে৷ কপৌফুল থোকে পখিলা উৰাদি উৰা নাচনীৰ খোঁপাত জুতিবলৈ হিয়ালি জিয়ালিকৈ সাজু হয়৷ সকলোৰে মনত ৰঙালীৰ উলাহে নধৰা হয়৷

অসমীয়াৰ আদৰৰ, অসমীয়া জাতিৰ চিনাকি তিনিটি বিহুৰ ভিতৰত ৰঙালী বিহুটিয়েই হ’ল প্ৰতিজন অসমীয়াৰেই প্ৰাণস্বৰূপ৷ ৰঙালী বিহুটি যেন আমাৰ বৰ আপোন, বৰ মৰমৰ৷

কঙালী আৰু ভোগালী বিহুৰ লোকাচাৰ সমূহখেতি-বাতিৰ সৈতে বেছি জড়িত থকাৰ বিপৰীতে ৰঙালী বিহুটিৰ লোকাচাৰ সমূহ নতুন সৃষ্টিৰ বাবে, প্ৰকৃতিৰ নিয়ম মানি মিলনোন্মুখ জীৱৰ হেতু পালন কৰা হয়৷ সমাজৰ বাবেপ্ৰজন্ম আৰু প্ৰজন্মৰ বাবে শস্যৰ কৰ্ষণ, এই সময়চোৱাতেই এই দুয়োকুল জীৱৰেই অংকুৰণৰ যো-জা কৰা হয়৷

বিহু হ’ল চহা জীৱনৰসৈতে সম্পৰ্ক থকা এটি উৎসৱ৷ সাধাৰণভাৱে চালেই দেখা যায় যে বিহুৰ লোকাচাৰ সমূহ প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷

থোৰতে কব পাৰি যে এই বিহুৱেই হ’ল অসমীয়া চহা সমাজ জীৱনৰ একজীৱন্ত দলিল৷ দেখা যায় যে বিহুৰ বাদ্যসমূহতো ধাতুৰ ব্যৱহাৰ একেবাৰে কম৷

আম, চাম বা কঠাল গছৰ পৰা ঢোলৰ খোলাটো তৈয়াৰ কৰি জন্তুৰ ছালেৰে দুইমুৰ ঢাকি বিহুত বজোৱা ঢোল তৈয়াৰ কৰা হয়৷

খাগৰি বা নলেৰে পেঁপাসাজি তাত গেৰা (গেঞাঁ) মহৰ শিং খটুৱাই বিহুৰ আন এক অন্যতম বাদ্য মহৰ শিঙৰপেঁপা তৈয়াৰ কৰা হয়।

বাঁহগছৰ পৰা বাঁহী,টকা,গগনা ইত্যাদি বাদ্য তৈয়াৰকৰা হয়৷ কুমাৰ মাটিৰে তৈয়াৰ কৰা এটি সৰল বাদ্য হ’ল সুতুলি৷ বিহুনৃত্যত ব্যৱহাৰ হোৱা খুটিতাল যোৰহে ধাতুৰে নিৰ্মিত৷ আনহাতে অসমীয়া শিপিনীয়ে বোৱা বস্ত্ৰ সম্ভাৰো জগত বিখ্যাত৷

অসমীয়াই চোমনিত মুগাপলু পুহি, লেটা চপাই সোণালী মুগা সুতা কাটি বোৱা মুগাসুতা, ঘৰতে এৰী পলুৰ পৰা এৰী সুতা, কপাহৰ জোলা নিজে কাটি সুতা পকাই নিজে তাঁতত বৈ উলিওৱা চুৰিয়া, চাপকন, এঙা চোলা, ৰিহা, মেখেলা, চাদৰ পিন্ধি জাকত জিলিকা হৈ এই উছৱৰ বতৰত বিহু নাচি আনন্দ কৰিছিল৷

বিহুৰ প্ৰতিটো ৰীতিতেই চহা জীৱনৰ অন্ত:স্ৰোত লুকাই আছে৷ আদিৰে পৰা মুখ্যতঃ কৃষিজীৱী লোকৰ বাসস্থানৰূপে পৰিগণিত হৈ অহা অসম নামৰ এই ভূমিখণ্ডত কৃষিকাৰ্য্যৰ বাবে উত্তম জলবায়ু, সাৰুৱা মাটি ইত্যাদি নানা ধনাত্মক প্ৰাকৃতিক আধানৰ সমাহাৰে এক অনন্য মৰ্য্যদা দিছে৷

ফলস্বৰূপে বিভিন্ন লোকাচাৰত কৃষিকাৰ্য্যত ব্যৱহাৰ হোৱা জীৱ-জন্তুৱেও বিহুত মানুহৰ সমানেই গুৰুত্ব পায়৷ ৰঙালী বিহুত মানুহে পুৰণি বস্ত্ৰ সলাই নতুন বস্ত্ৰ লয়৷

নিজে তাঁতশালত বোৱা গামোছা,চেলেং, চাদৰ উপহাৰ দি ডাঙৰক সেৱা, সৰুক মৰম প্ৰীতি যাচে৷ কিন্তু সবাতোকৈ আগতে চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়৷

কৃষিকাৰ্য্য -

কৃষিকাৰ্য্যৰ এক মুখ্য উপাদান গৰু-ম’হক এই ক্ষেত্ৰত মানুহতকৈ আগস্থান দিয়াতো পৰিলক্ষিত হয়৷ গৰুবিহুৰ দিনা গোহালি চাফ-চিকুণ কৰি, জনবিশ্বাসমতে লাও-বেঙেনা খুৱাই, গৰুক গাধুৱাই নতুন পঘা দিয়ে৷

মহ, ডাঁহ গুচিবলৈ পদুলি, চোতাল আৰু গোহালিত জাগ দিয়াহয়৷ গৰু বিহুৰ পিছদিনাহে মানুহ বিহুৰ লোকাচাৰখিনি পালন কৰা হয়৷

কৃষিকাৰ্য্যৰ বাবে অত্যন্ত দৰকাৰী কৃষকৰ দেহাটি সুস্থ-সৱল ৰাখিবলৈ ৰঙালীবিহুৰ সময়ত সাতশাক বা ঠাই বিশেষে এশ এবিধ শাক খোৱাটো নিয়ম আছিল আৰু বৰ্তমানেও ঠাইবিশেষে এই প্ৰথা বিদ্যমান হৈ আছে।

বিহুৰ আৰম্ভণিৰ কোনো নিৰ্ভৰযোগ্য ইতিহাস পাবলৈ নাই৷ হয়টো সেইবাবেই বিহু হ’ল অসমীয়াৰ মনৰ কোঁহে কোঁহে সোমাই থকা এটি সত্বাৰ নাম৷ বহু শতিকা আগতেএদিন নিভৃতত কোনোবা ডেকাই মনৰ উলাহত এফাঁকি গীত জুৰিছিল৷

মিলনৰ বাবেউন্মুখ কোনোবা ডেকা-গাভৰুৱে মন খুলি কথা কব নোৱাৰি গীতৰ মাজেৰেই প্ৰকাশকৰিছিল মনৰ কথা৷ তৰাভৰা কোনোবা এটা ৰাতি, পাহোৱাল ডেকা এপাল আৰু যৌৱনমতী যুৱতী এজাকে নাচি-বাগি, গীত গাই আনন্দ কৰিছিল৷

নাচ গানৰ ৰঙেৰে জীপাল হৈ পৰা সেই ক্ষণটিতে বহুতে জীৱনৰ সুখ-দুখৰ লগৰী বিচাৰি লৈছিল৷ প্ৰকৃতিৰ নিয়মমানি নাচ গানেৰে মতলীয়া হৈ সকলোৱে আনন্দ প্ৰকাশ কৰিছিল৷ সংস্কৃতিৰ এইপ্ৰবহমান ধাৰাটো হয়টো সন্তপৰ্ণে অথচ নিয়াৰিকৈ এনেদৰেই আগবাঢ়িছিল৷

বহু যুগৰ আগৰ সেই আদিম সমাজখনৰ বাবে সেই কালচোৱা আছিল হয়তো সমাজৰ বাবে প্ৰকৃতিৰ চিৰপ্ৰৱাহিনী সৃষ্টিৰ একমধুৰ ক্ষণ৷ সমাজৰ সকলোৱে নতুন জীৱনক আদৰাৰ বাবে সাজু হ’বৰ হোৱা এটি মধুৰক্ষণ।

এই ভূখণ্ডত বসবাস কৰা এমুঠি লোকৰ দৈনন্দিন জীৱন-প্ৰবাহত ব্যাকৰণহীন, অবাধ্য, নিৰ্ভেজাল, অদম্য, শৃংখলাবিহীন, আদিমৰূপত লাহে লাহে সংস্কৃতিৰ বীজ এটি শিপাইছিল ৷ এই ভূ-খণ্ড আদি অৱস্থাত নৃতাত্বিক ভাৱে অষ্ট্ৰিক আৰু মংগোলীয় মূলৰ মানুহৰ বাসভূমি আছিল৷ অষ্ট্ৰিকআৰু মংগোলীয় গোষ্ঠীৰ নৃতাত্ত্বিক বিশ্লেষণ কৰিলে দেখা যায় যে এই দুই নৃতাত্ত্বিক গোষ্ঠীৰ প্ৰধান কৰ্ম আছিল কৃষি৷ প্ৰকৃতিৰ ৰেহৰূপ চায়েই এই ভূ-খণ্ডৰ অধিবাসীসকলে কৃষিকৰ্মৰ বাবে সাজু হবলৈ শিকিলে৷

শীতকাল শেষ হৈ বসন্তৰ আগমনে বাৰিষাৰ আগলি বতৰা কঢ়িয়াই আনে৷ চৰাই-চিৰিকটিৰ পৰা গছৰ কুঁহিপাতলৈ সকলোৱে আগজাননী দিয়ে যে খেতিৰ বাবে সাজু হ’বৰ হ’ল৷ চহা জীৱনৰ একাকী, অনবদ্য অংগস্বৰূপ জীৱ-জন্তুবোৰক সাজু কৰিবৰ হ’ল৷

খেতিৰ বাবে সঁজুলিবোৰ যোগাৰ কৰিবৰ হ’ল৷ সেয়ে খেতিৰ বতৰত হ’বলগীয়া অপৰিসীম দৈহিক আৰুমানসিক কষ্টৰ আগেয়ে নাচ-গানেৰে মনৰ আন্ধাৰবোৰ দূৰ কৰি মনবোৰ জীপাল কৰিবলৈ সকলোৱে চেষ্টা কৰিবলৈ ধৰিলে৷ সংগীত আৰু নৃত্য, এই দুই কলাই মানুহক মানসিকভাৱে সু-স্বাস্থ্যৱান কৰি তোলাত যুগ যুগ ধৰি সহায় কৰি আহিছে৷

কাজেই এই সময়চোৱাত সমাজ জীৱনৰ সকলো স্তৰতেই সংগীত আৰু নৃত্যৰ পৰশ পৰি সমাজখনৰ সকলোৱেই মনৰ এলান্ধু আঁতৰাই ৰঙে-ৰসে জাতিষ্কাৰ হ’ল৷ এই সময়তে সকলোৱে এক মিলনাত্মক পৰিণতিৰ বাবে সাজু হয়৷ মনে মিলা ডেকা-গাভৰুৱে নিভৃতে কথা পাতে৷কোনোবাই সেই আদিম সমাজখনৰ ৰীতি-নীতিৰ মাজতে গীত জুৰে, বিবিধ বাদ্য বজাই প্ৰকৃতিৰ সতে একাত্ম হব খোজে৷

সেই কালৰ বেছিভাগ গীত, নৃত্যই আদি ৰসাত্মকআছিল৷ স্বনামধন্য লেখক লীলা গগৈয়ে ‘বিহু-এটি সমীক্ষা’ত লিখিছিল – “ তাহানিৰ আদিম মানুহৰ ধাৰণা, নাচোনৰ গিৰিপনিত পৃথিৱী শস্যসম্ভৱা হয়, গীতৰমৃদু মধুৰ মূৰ্চ্ছনাত লখিমী গৰ্ভসম্ভৱা হয়৷

সেয়ে ধাননিৰ কাষে কাষে যৌৱনে গৰকা ডেকা-গাভৰুৱে গীত গাই, বাদ্য বজাই, নাচি নাচি লখিমীৰ উৎপাদিকা শক্তিবঢ়াবলৈ আয়োজন কৰে৷” হয়তো সেয়াই আছিল বিহুৰ উৎপত্তি৷

সময় বাগৰিল৷ এই ভূখণ্ডৰ অধিবাসী সকলৰ গাতো লাহে লাহে সভ্যতাৰ ৰেঙণি লাগিল৷ সময়ৰ সোঁতত বিহু লাহে লাহে অসমীয়া সমাজ জীৱনৰ ভিতৰুৱা হল৷ আদিম সভ্যতাৰ আদি ৰসাত্মক গান-নাচবোৰ লাহে লাহে ইংগিতবাচক হ’ল৷

বিহুক সমাজৰ সকলোৱে নিজৰ বুলি আদৰি লবলৈ ল’লে৷ অসমৰ ইতিহাসৰ এক উজ্জল সময়ৰূপে পৰিগণিত হোৱা আহোমসকলৰ ৰাজত্বৰ কালচোৱাতেই বিহুৱে এক সুন্দৰ সামাজিক আৰু ৰজাঘৰীয়া স্বীকৃতি লাভ কৰে৷

বুৰঞ্জীমতে ১৬৯৮-৯৯ চনত আহোমস্বৰ্গদেও ৰুদ্ৰ সিংহই দিখৌৰ পাৰত নতুনকৈ এখন নগৰ নিৰ্মাণ কৰি ৰংপুৰ নামদিয়ে৷ এই নৱৰ্নিমিত নগৰখনলৈ স্বৰ্গদেও ৰুদ্ৰসিংহই গড়গাওঁৰ পৰা ৰাজধানী স্থানান্তৰ কৰি আনি ৰাজকাৰ্য্য চলাবলৈ লয়৷

এই ৰংপুৰ নগৰীতে স্বৰ্গদেৱে ৰজা আৰু প্ৰজাৰ মনোৰঞ্জনৰ বাবে নিৰ্দিষ্ট কৰা এটি ‘ৰংচোৱা ঘৰ’ বা ‘ৰংঘৰ’ পাতে৷ প্ৰথমতে কাঠ-বাঁহেৰে নিৰ্মান কৰা এই ‘ৰংচোৱা ঘৰ’টি পাচলৈ স্বৰ্গদেওপ্ৰমত্ত সিংহই ইটাৰে পকীকৈ নিৰ্মান কৰে৷

একালৰ ৰূপে, ৰঙে, ৰসে ভৰপুৰ ৰংপুৰ নগৰীৰ এই ৰংঘৰটিয়েই হ’ল অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক বুৰঞ্জীৰ এটি উল্লেখযোগ্য কীৰ্ত্তিস্তম্ভ৷ এইখিনি সময়ৰ আহোম শাসনৰ অন্যতম বৈশিষ্ট আছিলযে সকলো জাতি, ধৰ্ম, গোষ্ঠীৰ নিজা কৃষ্টি-সংস্কৃতিক সন্মান প্ৰদৰ্শন কৰা৷

সেয়ে ৰংঘৰৰ বাকৰি কোনো বিশেষ ধৰ্ম বা জাতি-জনগোষ্ঠীৰ বাবে সংৰক্ষিত নহৈ সকলোৰে নিজা কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ বাবে এক উমৈহতীয়া মঞ্চৰূপে পৰিগনিত হৈ পৰিছিল৷ এই ৰংঘৰৰ বাকৰিতে বিভিন্ন খেল-ধেমালীৰ লগতে বিভিন্ননৃত্য-গীতো পৰিবেশন কৰা হৈছিল৷

ৰংঘৰৰ বাকৰিত আমোদ-প্ৰমোদৰ বাবে প্ৰদৰ্শিত হোৱা খেল-ধেমালী, নৃত্য-গীতসমূহ ৰজাঘৰীয়া, ডা-ডাঙৰীয়া আৰু প্ৰজাসকলে একেলগে উপভোগ কৰিবলৈ পৰা কথাটোৱেই হয়টো বৃহত্তৰ অসমীয়া সমাজ এখন গঢ়াত বহুলাংশে সহায় কৰিছিল৷

আনকালে চহা ডেকা-গাভৰুৱে গছৰ তলত নচা  বিহুনাচ স্বৰ্গদেউ ৰূদ্ৰসিংহৰ আমোলতেই মাৰ্জিতভাৱে ৰংঘৰৰ বাকৰিত প্ৰদৰ্শিত হৈছিল৷ আজিৰ বিহুৰ এই ৰূপৰ কঠীয়া সেই আমোলতে ৰোৱা হৈছিল৷

এইজনা স্বৰ্গদেউৰ দিনতেই ৰাজকাৰেঙলৈ ৰাইজক হুঁচৰি গাবলৈ নিমন্ত্ৰণ কৰি হুঁচৰি দলৰআগত আঠু লৈ আশীৰ্বাদ লোৱাৰ পৰম্পৰা প্ৰতিষ্ঠা হৈছিল৷ লাহে লাহে ডা-ডাঙৰীয়া, মুখিয়াল তথা সকলোৰে ঘৰৰ চোতালত ৰাইজৰ হুঁচৰিৰ দলৰ পৰা গৃহস্থই আশীৰ্বাদ লোৱাৰ পৰম্পৰাটি ঠন ধৰি উঠিল৷

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাইজেবিহুৰ দিনা সকলোৰে ঘৰৰ পদূলি গচকি আশীৰ্বাদ দিয়া কথাটোত এই মুলুকৰ সাতামপুৰুষীয়া সংস্কৃতিৰ ডোলডাল যেন আৰু সুদৃঢ় হৈ পৰিল৷ ইয়াৰ পৰাই অসমীয়ামানুহে বিশ্বৰ সমুখত চিনাকি দিব পৰা এটি সাংস্কৃতিক যাত্ৰাৰ আৰম্ভ হ’ল৷এটা কথা অনস্বীকাৰ্য যে এই ঘটনাটিয়ে বিহুক এক অনন্য মৰ্য্যদা দিলে৷

বিহুহৈ পৰিল ৰাজকীয় স্বীকৃতি পোৱা এটি অনুষ্ঠান যিটো প্ৰজাৰ পৰা ডাঙৰীয়ালৈ সকলোৱে একেলগে মিলি একেদৰে উদযাপন কৰিবলৈ পাৰে৷

এইখিনি সময়তে বিহু-উৎসৱে সকলোকে এক স্বকীয়তা প্ৰদান কৰিলে৷ বিহু কোনো জাতি বা ধৰ্মবিশেষৰ হৈ নাথাকিল৷ বিহুক সমাজৰ সকলো শ্ৰেণীয়ে সমানে আদৰি ল’বলৈ ল’লে৷

লাহে লাহে কালৰ সোঁতত আহোমৰ ৰাজত্বৰ সেই সোণসেৰীয়া দিনবোৰ জহি খহি গ’ল৷ইয়াণ্ডাবু সন্ধিৰ অচিলা লৈ অসমৰ শাসনভাৰ বৃটিছৰ হাতলৈ গ’ল৷

বৃটিছসাম্ৰাজ্যৰ আগ্ৰাসনৰ লগে লগে অসমীয়া সমাজজীৱনত নতুনকৈ চাহাবী আদৱ-কায়দাশিকা কিছু অসমীয়া ডা-ডাঙৰীয়াই বৃটিছ বিষয়াৰ ওচৰত আৰ্জি পেচ কৰিলে যে বিহুকনিষিদ্ধ ঘোষণা কৰিব লাগে৷ তেখেতসকলৰ মতে ‘বিহু হ’ল ইতৰ প্ৰাণীৰ নাচ-গান’৷

সেই সময়ত, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে কেইজনমান মুষ্টিমেয় হিতৈষী অসমীয়াৰ উদ্যোগত লোৱা সামুহিক প্ৰচেষ্টাৰ বাবেই সেইবাৰলৈ বিহুটি এলাগী হোৱাৰ পৰা ৰক্ষা পৰিল৷

লাহে লাহে অসমতো পশ্চিমীয়া ধৰণে মঞ্চ ব্যৱহাৰ কৰি বিভিন্ন সাংস্কৃতিক কাৰ্য্যক্ৰমপ্ৰদৰ্শন আৰম্ভ হ’ল৷ ঠিক এনে এক সময়তে মহেশ্বৰ নেওগৰ দৰে কেইজনমান বিশ্ব-বিশ্ৰুত অসমীয়াই ১৯৪১ চনত শিৱসাগৰত বিহুক মঞ্চলৈ আদৰি আনে৷ গছতলৰপৰা ৰংঘৰৰ বাকৰি, ৰাজহাউলী, প্ৰজাৰ চোতাল গৰকা বিহুটি মঞ্চমুখী হোৱাৰ বাটসূচনা হ’ল৷

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাই ১৯৫১ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত মঞ্চ বিহুৰ শুভাৰম্ভ কৰে৷

সেই যে বিহু মঞ্চত উঠিল, আৰু পাচলৈ চাব লগা হোৱা নাই তেতিয়াৰ পৰা৷ প্ৰকৃতিৰ মাজত স্বতঃস্ফুৰ্তভাৱে নচা বিহু নাচত ব্যাকৰণৰ চাপ পৰিল৷ সকলোবোৰ ব্যাকৰণমতে চলা হ’ল।

ৰঙালী বিহুৰমঞ্চত বিহুৰ উপৰিও নানা সাংস্কৃতিক উপাদানে বিহুক সমৃদ্ধ কৰিলে৷ ঝুমুৰ, ৰাভা নৃত্য, বাগুৰুম্বা, খেৰাই, দেওধনী আদি নানা নৃত্য মঞ্চলৈ আহিল৷

অসমৰবিখ্যাত গায়ক গায়িকাসকলেও বিহুৰ মঞ্চখনক নিজৰ গীতসমূহ দৰ্শক তথা শ্ৰোতাৰওচৰলৈ নিবলৈ বিহুৰ মঞ্চখনো ব্যৱহাৰ কৰিছিল৷ এই ক্ষেত্ৰত প্ৰথমেই নাম ল’বলাগিব সকলো অসমবাসীৰে হিয়াৰ আমঠু স্বৰূপ ড: ভূপেন হাজৰিকাৰ৷ বিহুৰমঞ্চখন অতি সফলভাৱে ব্যৱহাৰ কৰি তেখেতে বিহুক এক অনন্য মৰ্য্যদা দিছিল৷

বিহুৰ মঞ্চৰ আন বৰেণ্য জনপ্ৰিয় লোকশিল্পী কেইগৰাকীমানৰ নাম এইখিনিতে উল্লেখ কৰিছো – ঢোলৰ যাদুকৰ মঘাই ওজা, জয়ন্ত হাজৰিকা, খগেন মহন্ত-অৰ্চনামহন্ত যুটী, দ্বীপেন বৰুৱা, সন্ধ্যা মেনন, ৰিদিপ দত্ত, জিতেন ডেকা, চাৰুগোহাঁই, মহানন্দ মজিন্দাৰ বৰুৱা, জে পি দাস, অৰুণ দাস, মনীষা হাজৰিকা, সমৰহাজৰিকা ইত্যাদি৷ এইসকলৰ কেইজনমানে এতিয়াও বিহুৰ মঞ্চ শুৱনি কৰি আছে৷

এইসকলৰ বাহিৰেও আন বহুজনে নিজা নিজা প্ৰতিভাৰে বিহুক সমাদৃত কৰি থৈ গৈছে৷তাৰ ভিতৰত উল্লেখযোগ্য হ’ল পুৰুষোত্তম দাস, যিজন মহান অসমীয়াই “শ্ৰীময়ীঅসমীৰ শীতল বুকুত…” নামৰ বিহুৰ সংগীত ৰচনা কৰি বিহুক এক স্বকীয়তা প্ৰদানকৰি গৈছে৷

‘ভায়ামামা’ৰ দৰে বহু শিল্পীয়ে কৌতুক অভিনয়েৰে বিহু মঞ্চখনক এক অনন্য মাত্ৰা দিছিল  ৰাজনৈতিক, সামাজিক ক্ষেত্ৰখনৰ লক্ষ্যনীয় কথাবোৰ কৌতুকৰ মাধ্যমেৰে মনোগ্ৰাহীকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰত ‘ভায়ামামা’ আছিলআগৰণুৱা ৷

এই ৰঙালীৰ বতৰতে নতুন প্ৰজন্মৰ বহু জনপ্ৰিয়শিল্পীয়ে বিহুৰ মঞ্চ শুৱনি কৰি দৰ্শকৰ মনোৰঞ্জন কৰি আশীষ বোটলে৷ বৰ্তমান বিহুমঞ্চত বহু ইলেক্ট্ৰনিকবাদ্যযন্ত্ৰ, পোহৰ প্ৰক্ষেপণ যন্ত্ৰ, উচ্চ মানদণ্ডৰ শব্দ-যন্ত্ৰ, বিভিন্ন অত্যাধুনিক যন্ত্ৰ–পাতিৰো সমাহাৰ ঘটিছে৷ বিহু মঞ্চত এনেবোৰ প্ৰযুক্তি ব্যৱহাৰ কৰি জুবিনগাৰ্গ, অংগৰাগ মহন্ত, জিতুল সোণোৱালৰ দৰে জনপ্ৰিয় শিল্পীয়ে বিহুৰ মঞ্চক এক অনন্য স্বকীয়তা প্ৰদান কৰিছে৷

নতুন প্ৰজন্মৰ বহু শিল্পী যেনে তৰালী শৰ্মা, জুবলী, প্ৰিয়ংকা ভৰালী, ময়ুখ হাজৰিকা, অনুপম শইকীয়া, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, মানস ৰবীন, বিদ্যাসাগৰ, বৰ্ণালী কলিতা, দীক্ষু, সীমান্তশেখৰ, ভিতালী দাস প্ৰমুখ্যে বহুতেই এনে বহাগৰ বতৰতে অসমৰ ৰাইজৰ আগত বিভিন্নবিহু মঞ্চত কণ্ঠসুধা নিগৰাই বিখ্যাত হৈছে৷

আশাকৰা হৈছে যে এইবাৰোএখেতসকলৰ উপৰিও নানা ন-পুৰণি শিল্পীদলৰ লগতে প্ৰতিভাৱান কিশোৰী কণ্ঠশিল্পী নাহিদৰ সুৰীয়া কণ্ঠই সকলো বিহুতলীতে সুধা নিগৰাব৷

পিছে বৰ্তমানৰ বিহুৰ কিছুমান বিতৰ্কিত কথাই সকলোকে আঘাত দিয়ে৷ সহজ সৰলকৈ ৰীতি-নীতি মানি বিহু পতাৰ সলনি বহুতেই জোৰ জুলুমকৈ চান্দা তুলি বিহু পতাদেখা যায়৷

বহুজাতিক ক’ম্পেনীৰ সামগ্ৰীৰ বিজ্ঞাপনৰ বাবে অসমীয়াৰ হিয়াৰ আমঠু বিহুটিক দৃষ্টিকটুভাৱে ব্যৱহাৰ কৰাটো পৰিলক্ষিত হয়৷

পুৰণি গীত গোৱাৰ নামত সেই তাহানি লোকচক্ষুৰ আঁৰত, নিজানত কোনোবা গৰখীয়া ল’ৰাই লগৰ সমনীয়াৰ আগত গোৱা আদি-ৰসাত্মক, অশ্লীল গীতসমূহো আজিকালি বিহুৰ মঞ্চত জনপ্ৰিয় শিল্পীয়ে গোৱা দেখা যায় ৷

আগৰ কালত চেৰাবিহু মানে সাতবিহুৰদিনাৰ পৰা সাত বা এঘাৰদিন পাছৰ এদিনত গাওঁৰ ডেকা-ডেকেৰীয়ে পথাৰৰ গছ এজোপাৰতলত মনৰ হেপাঁহ পলুৱাই বিহু মাৰি শেষ কৰি গছৰ ডাললৈ ঢোলৰ মাৰিডাল নাইবা বাঁহৰ টকা এটা ভাঙি দলিয়াই দি পিছলৈ ঘুৰি নোচোৱাকৈ ঘৰলৈ ঘুৰি আহিছিল৷ ইয়াকে ‘বিহু উৰুৱা’ বুলি কোৱা হৈছিল৷

সিদিনাৰ পৰাই সকলোৱে বিহু সামৰি নিজৰ প্ৰধান কৰ্মসমূহত মন দিছিল৷ ‘বিহু উৰুৱা’ৰ পাছত সকলো কৃষিজীৱী লোকে অনাগত বাৰিষাৰ বাবে পথাৰ সাজু কৰা কামত ব্যস্ত হৈ পৰিছিল৷

পিছে আজিকালি আহাৰ-শাওন মাহলৈ বিহু পাতি, সাংস্কৃতিক সন্ধিয়াৰ নামত কৰা অতপালিবোৰে বিহুৰ মৰ্য্যদা যথেষ্ট হানি কৰা যেন অনু্ভৱ হয়৷

নানাজাতি, জনজাতি, ভাষা, ধৰ্মৰ সংমিশ্ৰণেৰে ব্যাপ্ত বিশাল অসমীয়া সমাজক একতাৰ ডোলেৰে অতীজৰে পৰা বৰ্তমান পৰ্য্যন্ত  বান্ধি ৰখাৰ ক্ষেত্ৰত বিহুৰ অৱদান সাগৰ সদৃশ৷

বৰ্তমান বিহু অকল অসমতে আবদ্ধ হৈ থকা নাই৷ দেশে-বিদেশে জীৱন আৰু কৰ্মৰ সন্ধানত ব্ৰতী হৈ থকা প্ৰৱাসী অসমীয়া সকলকো এই বিহুৱেই এক কৰি ৰাখিছে৷

প্ৰযুক্তিৰ সদব্যৱহাৰ কৰি  ইন্টাৰনেটৰ যোগেৰে অসমৰ বিহুতলীত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ অনুষ্ঠান বিশ্বৰ চুকে-কোণে সিচঁৰতি হৈ থকা অসমীয়া লোকসকলে উপভোগ কৰে আৰু এই উছবৰ বতৰত অসমৰ বাতাবৰণৰ লগত একাত্ম হয়৷

আদিম অবস্থাৰ পৰা বৰ্তমানলৈ নানা ৰূপান্তৰিত অৱস্থাৰ মাজেৰে বিহুৰ উৎসাহ উদ্দীপনাৰ লানি নিচিগা ফল্গুধাৰা বৈ গৈছে৷ বিহুৰ এই বোৱঁতী ধাৰা অনন্তকাললৈ যেন অক্ষত থাকে, তাৰেই কামনা কৰিলো ৷

লেখক: জ্যোতিৰূপম দত্ত

উৎস: সাহিত্য.অৰ্গ

 

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top