মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ৰামদিয়া অঞ্চলৰ লোকভাষাগত কিছু কথা আৰু শব্দ সম্ভাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰামদিয়া অঞ্চলৰ লোকভাষাগত কিছু কথা আৰু শব্দ সম্ভাৰ

ৰামদিয়া অঞ্চলৰ লোকভাষাগত কিছু কথা আৰু শব্দ সম্ভাৰৰ বিষয়ে লিখা হৈছে ।

লোকভাষা -

কোনো এটা ভাষাৰ সামগ্ৰিক তথা বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণৰ বাবে সেই ভাষাটোৰ অন্তৰ্গত লোকভাষাবোৰ অধ্যয়নৰ আৱশ্যকতা নুই কৰিব নোৱাৰি৷ কিয়নো মূল ভাষা একোটাৰ প্ৰকাশিকা-শক্তি আৰু প্ৰাচুৰ্য বহুপৰিমাণে লোকভাষাবোৰ জৰিয়তে আহৰণ কৰিব পাৰি৷

সেয়েহে লোকভাষাৰ অনুচিত মূল্যায়ন এটি ভাষাৰ বাবে অতি ক্ষতিকাৰক বিষয়৷ এনেবোৰ কাৰণতে ভাষাবিজ্ঞানী পণ্ডিত সকলে লোকভাষাৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়৷

হিন্দু আৰু ইচলাম ধৰ্মী উভয় সম্প্ৰদায়ৰ প্ৰায় চৈধ্য হাজাৰ মান লোকৰ বাসস্থান ৰামদিয়া প্ৰধানভাৱে কৃষিপ্ৰধান গাঁও৷ প্ৰায় ৫৪, ৩৪৯ বিঘা মাটিৰে আবৃত গাঁওখন দীঘে-প্ৰস্থে প্ৰায় ৪ কি: মি: আৰু ২.৫ কি: মি: জুৰি বিস্তৃত৷

হিন্দু সম্প্ৰদায়ৰ ব্ৰাহ্মণ, গোসাঁই, কেওঁট, কলিতা, বৈশ্য, কোঁচ. নাপিত, হীৰা আদি জাতিৰ লোকেই প্ৰধান বাসিন্দা৷

ভাষাগত অৱস্থানৰ পৰা কামৰূপী লোকভাষাৰ অন্তগৰ্ত ৰামদিয়া অঞ্চলৰ ভাষাৰ কেতবোৰ বিশেষ বৈশিষ্ট্য দেখা যায়৷ সচৰাচৰ একে এলেকাভুক্ত অঞ্চলৰ ভাষাৰ ক্ষেত্ৰত ভাষাগত বৈশিষ্ট্যৰ সমতা দেখা যায় যদিও এই ক্ষেত্ৰত ৰামদিয়াৰ ভাষাত কিছু ব্যতিক্ৰম পৰিলক্ষিত হয়৷

বিভিন্ন অঞ্চলৰ প্ৰব্ৰজনকাৰী লোকৰ বসতি অঞ্চল হোৱাটোৱে হয়তো ইয়াৰ অন্যতম কাৰণ৷ এই দৃষ্টিকোণৰপৰা বিচাৰ কৰিলে দেখা যায় যে কামৰূপী লোকভাষাৰ এটা স্থানীয় ৰূপ হিচাপে ৰামদিয়াৰ ভাষাৰ এক সুকীয়া স্থান আছে৷

ভাষাৰ মুখ্য সম্পদ শব্দ৷ ইয়াৰ ওপৰতে ভাষাৰ ঐশ্বৰ্য্য নিৰ্ভৰশীল৷ অসমীয়া ভাষাও শব্দ-সম্ভাৰত চহকী৷ সচৰাচৰ মান্য অসমীয়া আৰু কামৰূপীত ব্যৱহৃত শব্দৰাজিয়ে ৰামদিয়া অঞ্চলতো প্ৰচলিত৷

শব্দৰ ক্ষেত্ৰত ৰামদিয়া অঞ্চলত কেতবোৰ স্থানীয় ৰূপো পোৱা যায়৷ উৎসৰ ফালৰপৰা এই অঞ্চলৰ শব্দবোৰ তৎসম, অৰ্ধতৎসম, অদ্ভৱ, দেশী আৰু বিদেশী মূলৰ অন্তৰ্গত৷ জঁতুৱা ঠাঁচ, খণ্ডবাক্য আদিৰ ক্ষেত্ৰতো কিছু সুকীয়াত্ব দেখা যায়৷ তলত তাৰ চমু চানেকি দাঙি ধৰা হ’ল –

  • চখ(চচমা),
  • লঠে(ডাঙৰ),
  • লুচুনি(নেচা),
  • শিয়েৰ (শিপা),
  • সৰঙা(বিন্ধা),
  • সখিৰাম(মধুৰিআম),
  • হাড়গিল্লে/হাড়গিল্লা(বৰটোকোলা),
  • ধিনদিয়া(জগা),
  • মান্নাত(জহনী),
  • পুৰুতকৰে(তৎক্ষনাত),
  • তিথখনাত(শীঘ্ৰে),
  • পুলি(কোঠা),
  • বৰগছ(বটকছ),
  • গোপ্তা(গোবাট),
  • হাতে(খোজকাঢ়ি),
  • বন্নিচাউল(বৰাচাউল),
  • সেকুনতেনি(সেইকাৰণে),
  • আলাউহৰ গোন্ধ নাপোৱা(ভূ নোপোৱা),
  • একেৰ কাই বোটলা(অলপকৈ ঘনে কৰা লাভ),
  • খোটাদে(অশলাগ কৰা বাবে বেজাৰ দেখুওৱা),
  • গৰলাগা/গললাগা(অসমান হোৱা),
  • চুৱহৱা(ৰজস্বলা হোৱা),
  • ভদ ধোৱা (প্ৰসাব কৰা),
  • ভাই মোলা(অতি সৰল),
  • কৰেধৰে গৰে নাম পোৱা(কৰি ধৰি নাম নোপোৱা),
  • কটিত নাই চাল বাকেলি মদ খায় তিন টেকেলি/গঠিত নাই ধন বৰ সবাহলৈ কৰে মন,
  • নালগা তামোলিত জেং বান্ধা(নলগা জেঙত লগা),
  • মাতাধৰা (তামোলে গাত ধৰা),
  • কটিক কটি অহা (পিছে পিছে অহা),
  • কৰধৰা(কলি ওলোৱা)৷

উল্লিখিত শব্দমালা, জতুৱা -ঠাঁচ, খণ্ডবাক্য এই অঞ্চলৰ ভাষাৰ কেতবোৰ নমুনাহে৷ ইয়াৰ বাহিৰেও দৈনন্দিন ব্যৱহাৰিক নানা প্ৰসংগত ব্যৱহাৰ কৰা আৰু ভালেমান এনে ৰূপৰ বাক্য দেখা পোৱা যায়৷

এই নিবন্ধত ৰামদিয়াৰ লোকভাষাৰ শব্দৰ ক্ষেত্ৰত থকা ভাষাগত বৈশিষ্ট্যৰ বিৱৰণ দিবৰ যত্ন কৰা হৈছে৷ বিষয়বস্তুৰ স্পষ্টতা আৰু তুলনামূলক বিচাৰৰ আৱশ্যকতা সাপেক্ষে কোনো কোনো ক্ষেত্ৰত মান্য অসমীয়া আৰু কামৰূপীৰ উপভাষাৰ বৈশিষ্ট্যৰ কথাও অৱতাৰণা কৰা হৈছে৷ ড° উপেন্দ্ৰ নাথ গোস্বামীয়ে তেখেতৰ গৱেষণা গ্ৰন্থ ’A study on Kamrupi, A dialect of Assamese “ অত কামৰূপী উপভাষাক তিনিটা প্ৰধান আঞ্চলিক ৰূপত ভাগ কৰিছে — নলবাৰী কেন্দ্ৰিক মধ্য অঞ্চল, বৰপেটা কেন্দ্ৰিক পশ্চিম অঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰক সামৰি সমগ্ৰ কামৰূপজিলাৰ দক্ষিণ অঞ্চল৷

মধ্য অঞ্চলৰ অন্তৰ্গত ৰামদিয়া, শুৱালকুছি, বামুণ্দী আদি অঞ্চলৰো ভাষাৰ কিছু সুকীয়া বিশেষত্বৰ বিষয়ে ড° গোস্বামীয়ে গ্ৰন্থখনত চমুকৈ আলোচনা কৰিছে৷ অৱশ্যে সামগ্ৰিকভাৱে অবিভক্ত কামৰূপ জিলাক সামৰি আলোচনা কৰা বাবে ইয়াত ৰামদিয়াৰ উপভাষাৰ বৈশিষ্ট্যৰ বিশদ বিৱৰণ পাবলৈ নাই, কিছু সুকীয়া বৈশিষ্টৰ কথাহে উল্লেখ কৰিছে৷ তেওঁৰ ’Foundation Language’ গ্ৰন্থত উল্লেখ কৰা মন্তব্য প্ৰণিধানযোগ্য –“উপভাষাবোৰৰ ব্যাপক অধ্যয়ন অবিহনে এটা ভাষাৰ অনুসন্ধান অসম্পূৰ্ণ বুলি আমি নি: সন্দেহেৰে ক’ব পাৰোঁ৷

“ প্ৰায় অনুৰূপ মন্তব্য দি Leornard Bloomfield — এ কৈছে, “ মান্য অথবা অৰ্ধমান্য ভাষাৰ মূল আৰু বুৰঞ্জী আঞ্চলিক উপভাষাবোৰৰ যোগেদিহে পাব পাৰি (Language)৷ “ এই দিশৰপৰা মান্য অসমীয়া তথা কামৰূপী উপভাষাৰ অধ্যয়নৰ ক্ষেত্ৰত ৰামদিয়াৰ উপভাষাৰ গুৰুত্বও কম নহয়৷

উপভাষা সম্পৰ্কীয় কথাখিনি এইবাবেই তুলি ধৰা হ’ল যে উপভাষাৰ তুলনাত লোকভাষাৰ আলোচনা খুব কম, কিন্তু দুয়োটা বিষয় নিকটাত্মীয় বাবে লোকভাষাৰ সম্যক ধাৰণা এটি উপৰোক্ত কথাখিনিৰ পৰা পাব পাৰি৷ ৰামদিয়াৰ উপভাষাত সোমাই থকা লোকভাষাৰ সমলসমূহৰ আলোচনাৰ বাবেই কথাখিনি আৱশ্যকীয়৷

ভাষাৰ অধ্যয়ন -

ভাষাৰ অধ্যয়ন এক জটিল বিষয়৷ বিশেষকৈ একে এলেকাভুক্ত অঞ্চলৰ ভাষাৰ ৰূপভেদে ভাষাৰ অধ্যয়ন অধিক জটিল কৰি তোলে৷ ওপৰৰ আলোচনাত ৰামদিয়া অঞ্চলৰ লোকভাষাৰ বৈশিষ্ট্যসূচক কিছু আভাস মাত্ৰহে দিয়া হ’ল, ই অঞ্চলটোৰ ভাষাৰ পূৰ্ণাংগ বা সামগ্ৰিক পৰিচয় নহয়৷ অৱশ্যে বৰ্তমান আধুনিক শিক্ষা-দীক্ষাৰ প্ৰসাৰতা, বিভিন্ন ঠাইৰ লোকৰ সৈতে মিলা-মিচা, যাতায়ত ব্যৱস্থাৰ সূচলতা, প্ৰচাৰ মাধ্যমৰ লগত পৰিচয় আদি নানা কাৰণবশত: এই অঞ্চলৰ লোকভাষাই স্বকীয়তা পৰিহাৰ কৰি মান্য অসমীয়াৰ ভালেমান বৈশিষ্ট্য গ্ৰহণ কৰাৰ প্ৰৱণতা পৰিলক্ষিত হৈছে৷ ভাষাৰ পৰিবৰ্তনশীলতাই ইয়াৰ অন্যতম কাৰণ৷

মান্যভাষাৰ বিষয়ে সম্যক জ্ঞান তথা তাৰ বিকাশৰ বুৰঞ্জী অধ্যয়নৰ ক্ষেত্ৰত লোকভাষাসমূহৰ গুৰুত্ব অপৰিসীম৷ ভাষাৰ অখণ্ডতাৰূপৰ বৰ্ণময় জ্ঞানৰ পৰিপূৰকস্বৰূপ লোকভাষাসমূহৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত অধ্যয়নেহে ভাষাৰ অধ্যয়ন সম্পূৰ্ণ কৰে৷ এই দৃষ্টিকোণৰপৰা মান্য অসমীয়া ভাষাৰ সম্যক পৰিচয়ৰ বাবে লোকভাষাৰ বিষয়েও বিজ্ঞানসন্মত ভাবে আলোচনা কৰাৰ আৱশ্যকতা আছে৷

লেখক: ধীৰেন্দ্ৰ নাথ মেধি

উৎস: সাহিত্য.অৰ্গ

3.75
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top