অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নামেৰী ৰাষ্ট্ৰীয় উদ্যান

নামেৰী ৰাষ্ট্ৰীয় উদ্যান

 

অসমত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে।বিভিন্ন দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ বহু পৰ্যটনস্থলী অসমত আছে।তাৰ ভিতৰত নামেৰী অন্যতম।নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত।অৰুণাচল পাহাৰৰ নৈসগিক শোভাই নামেৰীলৈ যেন অধিক ৰুপ-লাৱণ্য কঢ়িয়াই আনিছে।গুৱাহাটীৰ পৰা তেজপুৰ হৈ নামেৰীলৈ মুঠ দুৰত্ব প্ৰায় ২১৫ কি:মি:।নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ২০০ বৰ্গ কি:মি:।নামেৰী প্ৰথমতে সংৰক্ষিত  বনাঞ্চল আছিল।১৯৭৮ চনৰ ১৭ অক্টোবৰত নামেৰীক সংৰক্ষিত বনাঞ্চল ৰুপে ঘোষণা কৰা হয়।পিছলৈ নদুৱাৰ বনাঞ্চলৰ পৰা ১৩৭ বৰ্গ কি:মি: ফালি আনি ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত নামেৰী অভয়াৰণ্য হিচাপে মুকলি কৰা হয়।পুনৰ বৰদিকৰাই বনাঞ্চললৈকে ৭৫ বৰ্গ কি:মি: যোগ কৰি মুঠ ২১২ বৰ্গ কি:মি: সামৰি ১৯৯৮ চনৰ ১৫ নৱেম্বৰত নামেৰীক ৰাষ্ট্ৰীয় উদ্যানৰুপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।নামেৰী ৰাষ্ট্ৰীয় উদ্যানে উত্তৰ দিশে অৰুণাচল প্ৰদেশৰ পাখুই বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত মিলিত হৈছে।নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষেৰে জীয়া-ভৰলী নদী বৈ গৈছে।নামেৰী চাহ-বাগিচাও ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন।নামেৰী ৰাষ্ট্ৰীয় উদ্যান বহু আপুৰুগীয়া গছ-গছনি,বাঁহেৰে ভৰপুৰ।ইয়াত ৬০০ বিধ বিৰল বাঁহৰ প্ৰজাতি পোৱা যায়।তাৰ ভিতৰত অজৰ,অগৰ,আমেৰি,ৰুদ্ৰাক্ষ,বনজলকীয়া,ভেলৌ আদি প্ৰধান।নামেৰীত বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।নামেৰীক হাতীৰ সংৰক্ষিত বনাঞ্চল বুলিও কোৱা হয়।ইয়াত হাতী ছাফাৰীৰো ব্যৱস্থা আছে।নামেৰীৰ আন উল্লেখযোগ্য বন্যপ্ৰাণীসমুহ হ’ল-বিভিন্ন প্ৰজাতিৰ বাঘ,মাটিয়া ভালুক,ক’লা ভালুক,বিভিন্ন প্ৰজাতিৰ পহু,পখিলা,টুপীমুৰীয়া বান্দৰ,বনৰীয়া গাহৰি,ঢৌল (এছিয়াৰ বনৰীয়া কুকুৰ),বিভিন্ন সৰীসৃপ ,সিংহ,এশিঙীয়া গঁড়,বনৰীয়া ম’হ আদি প্ৰ্ধান।বন্যপ্ৰাণীসমুহৰ উপৰি নামেৰী বহু বিৰল আৰু বিলুপ্তপ্ৰায় পক্ষীৰ বিচৰণস্থলী।তাৰ ভিতৰত দেওহাঁহ,ধনেশ পক্ষী,বৰটোকোলা,বিভিন্ন প্ৰজাতিৰ চৰাই প্ৰধান।শেহতীয়াকৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হৈছে।

পৰ্যটকক আকৰ্ষণ কৰিব পৰা নামেৰীৰ আন এটা উল্লেখযোগ্য দিশ হৈছে নামেৰীৰ-জীয়া-ভৰলী নদীৰ ওপৰত ৰিভাৰ ৰাফটিং কৰাৰ সুবিধা।বহু দেশী-বিদেশী পৰ্যটকে জীয়া-ভৰলী নদীত ৰিভাৰৰ ৰাফটিং কৰে।ইয়াত মাছ ধৰাৰো সু-ব্যৱস্থা আছে।নামেৰীত ট্ৰেকিং কৰাৰো আমেজ ল’ব পাৰে।নামেৰীৰ বিভিন্ন নদীত পোৱা এবিধ সুস্বাদু মাছ হৈছে শিলঘৰীয়া মাছ,এই মাছ জীয়া ভৰলী নদীত পোৱা যায়।বিভিন্ন পৰ্যটকে নামেৰীলৈ আহিলে শিলঘৰীয়া মাছেৰে এসাঁজ জুতি লগাকৈ খাই যাব পাৰে।ইয়াত জীপ ছাফাৰীৰো ব্যৱস্থা আছে।নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ স্থানীয় লোকসকলেও পৰ্যটকসকলক বিভিন্ন সা-সুবিধা প্ৰদান কৰে।ইয়াত থকা-খোৱাৰ সুন্দৰ ব্যৱস্থা আছে।নামেৰী ৰাসট্ৰীয় উদ্যানলৈ অহাৰ উপযুক্ত সময় হৈছে নৱেম্বৰৰ পৰা মাৰ্চ মাহ।ইয়ালৈ প্ৰতি বছৰে বনভোজ দলৰ আগমন ঘটে।প্ৰতি বছৰে নামেৰীলৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমন হয়।নামেৰীলৈ আহিবলৈ সুন্দৰ ব্যৱস্থা আছে।নামেৰীৰ নিকটতম বিমান বন্দৰ হৈছে তেজপুৰৰ শালনী বিমানকোঠ।তেজপুৰৰ পৰাও যাত্ৰী পৰিবাহী বাহন নামেৰীলৈ অহা-যোৱা কৰি থাকে।গতিকে আপুনিও এবাৰ নামেৰীলৈ আহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি যাবহি পাৰে।

লেখক:সৌৰভজ্যোতি ফুকন (ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate