অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অপাৰেটিং চিষ্টেম

সংজ্ঞা

আমি আগতেই পাই আহিছোঁ যে চফ্টৱেৰ ঘাইকৈ দুটা ভাগত বিভক্ত। যেনে- ‘চিষ্টেম্ চফ্টৱেৰ’ আৰু ‘এপ্লিকেশ্যন্ চফ্টৱেৰ’। ইয়াৰে প্ৰথমবিধ, অৰ্থাত্, চিষ্টেম্ চফ্টৱেৰৰ দ্বাৰা আমি কম্পিউটাৰটো বুট্ কৰি লওঁ আৰু তাৰ পাছত আমি আমাৰ প্ৰয়োজনীয় এপ্লিকেশ্যন্ চফ্টৱেৰ ব্যৱহাৰ কৰি কম্পিউটাৰটো ব্যৱহাৰ কৰোঁ। গতিকে, আমি ক’ব পাৰোঁ যে উল্লেখিত দুটা ভাগৰ ভিতৰত চিষ্টেম্ চফ্টৱেৰৰ গুৰুত্ব অধিক। ইয়েই কম্পিউটাৰৰ মূল চালিকা শক্তি। অপাৰেটিং চিষ্টেম হ’ল এবিধ চিষ্টেম্ চফ্টৱেৰৰ উদাহৰণ বা চিষ্টেম্ চফ্টৱেৰৰ আন এটা নামেই হ’ল- অপাৰেটিং চফ্টৱেৰ।

আচলতে, ই হ’ল কেতবোৰ পূৰ্ব্বে উল্লেখিত (প্ৰি-ডিফাইণ্ড্) প্ৰোগ্ৰামৰ সমষ্টি, যাৰ জৰিয়তে আমি কম্পিউটাৰটো বুট কৰি ল’ব পাৰোঁ। সেয়েহে, অপাৰেটিং চিষ্টেমক আমি এটা পেকেজ বুলিহে কোৱাটো সমীচিন হ’ব। ই হ’ল কম্পিউটাৰ আৰু ব্যৱহাৰ কৰ্ত্তাৰ মাজৰ যোগসূত্ৰ।

বজাৰত পোৱা বহুবিধ অপাৰেটিং চিষ্টেমৰ ভিতৰত ঘাইকৈ তলত উল্লেখিত বোৰেই প্ৰধান।

DOS, Windows, OS/2, OS/4, Novell Netware, Unix, Linux ইত্যাদি।

অৱশ্যে এইবোৰৰ ভিতৰত বৰ্ত্তমান সৰ্ব্বাধিক জনপ্ৰিয় তথা প্ৰচলিত অপাৰেটিং চিষ্টেমবোৰ হ’ল- DOS, Windows, Unix আৰু Linux.

ডিস্ক্ অপাৰেটিং চিষ্টেম্ (DOS)

ডিস্ক্ অপাৰেটিং চিষ্টেম্ বা DOS হ’ল অপাৰেটিং চিষ্টেমৰ এটা উদাহৰণ। ইয়াৰ দ্বাৰা আমি কম্পিউটাৰটো বুট্ কৰিব পাৰোঁ। বজাৰত পোৱা আটাইতকৈ জনপ্ৰিয় আৰু সৰ্ব্বাধিক চাহিদাযুক্ত অপাৰেটিং চিষ্টেমবোৰৰ ভিতৰত ই এটা। ইয়াক ব্যৱহাৰ কৰিবলৈও অতি সহজ। যেনেদৰে নামটোতে অৰ্থটো লুকাই আছে। ই এখন ডিস্ক্ বা ফ্লপীত জমা হৈ থাকে বাবে ইয়াৰ নামটো ডিস্ক্ অপাৰেটিং চিষ্টেম্ (DOS) দিয়া হৈছে। সাধাৰণতে ই দুই ধৰণৰ। যেনে- PC-DOS আৰু MS-DOS। কিন্তু ইহঁত দুয়োৰে ভিতৰত MS-DOS টোহে বেছি জনপ্ৰিয় আৰু সৰ্ব্বাধিক প্ৰচলিত।

MS-DOS

MS-DOS-ক আমেৰিকাস্থিত ‘মাইক্ৰ’চফ্ট ইনফ’ৰমেশ্যন্’ নামৰ সংস্থা (কোম্পানী)-টোৱে প্ৰস্তুত কৰি উলিওৱা বাবে ইয়াৰ নামটো ‘মাইক্ৰ’চফ্ট ডিস্ক্ অপাৰেটিং চিষ্টেম্’ বা চমুকৈ MS-DOS  বুলিও জনা যায়। ই হ’ল পৃথিৱীৰ সৰ্ব্বাধিক প্ৰচলিত আৰু জনপ্ৰিয় অপাৰেটিং চিষ্টেম্।

যদিও MS-DOS বজাৰত ৰেডীমেড্ চফ্টৱেৰ হিচাবে পোৱা যায়, কেতিয়াবা কেতিয়াবা প্ৰয়োজন সাপেক্ষে ইয়াৰ প্ৰতিলিপি এটা নিজেও প্ৰস্তুত কৰি ল’ব পৰা যায়। ইয়াৰ বাবে প্ৰয়োজন মাথোঁ এখন ব্লেঙ্ক চি.ডি. বা ব্লেঙ্ক ফ্ল’পী-ৰ আৰু তাৰ লগত প্ৰয়োজন হয় তিনিটা প্ৰধান ফাইলৰ। এই তিনিটা ফাইলৰ নাম হ’ল- COMMAND.COM, IO.SYS আৰু MSDOS.SYS। এই তিনিটা ফাইলৰ পাছৰ দুটাক ‘হিডেন্ ফাইল’ বুলি কোৱা হয়, কিয়নো, যেতিয়া আমি DOS-ত থকা ফাইলৰ তালিকাখন চাওঁ, তেতিয়া এই ফাইল দুটাৰ নাম উক্ত তালিকা বা লিষ্টখনত নাথাকে। ইহঁতক চাবলৈ এটা বিশেষ কমাণ্ডৰ প্ৰয়োজন হয়। এই ফাইল দুটা চিষ্টেম্ ফাইল বুলি জনা যায় আৰু ইহঁতে কম্পিউটাৰটো বুট্ কৰাৰ বাবে প্ৰয়োজন হোৱা কাৰ্য্য সম্পাদন কৰে। আনহাতে, প্ৰথমটো ফাইল, অৰ্থাত্, COMMAND.COM-এ DOS-ত কাম কৰোঁতে ব্যৱহৃত হোৱা এক শ্ৰেণীৰ কমাণ্ডসমূহ ধাৰণ কৰি ৰাখে।

DOS-ৰ অন্তৰ্গত কমাণ্ডসমূহ মুখ্যতঃ দুটা ভাগত ভগাব পাৰি। যেনে-

(১) Internal DOS Commands আৰু

(২) External DOS Commands।

(১) Internal DOS Commands : DOS-ৰ অন্তৰ্গত COMMAND.COM নামৰ ফাইলটোৰ অধীনত এই শ্ৰেণীৰ কমাণ্ডবোৰ জমা হৈ থাকে। কম্পিউটাৰটো বুট কৰাৰ লগে লগে এই কমাণ্ডবোৰ COMMAND.COM ফাইলৰ পৰা ওলাই গৈ কম্পিউটাৰৰ মেম’ৰীত জমা হৈ ৰয় আৰু অস্থায়ীভাৱে তাত থাকি আমাৰ প্ৰয়োজনীয় কাৰ্য্যসমূহ সম্পাদন কৰে। সেয়েহে, এই শ্ৰেণীৰ কমাণ্ডসমূহক ‘টেম্প’ৰাৰী মেম’ৰী ৰেচিডেণ্ট্ কমাণ্ড’ বা ‘টি.এম.আৰ.চি.’ বুলিও কোৱা হয়। এই কমাণ্ডবোৰ চলাবলৈ (এক্টিভেট্) আমাক, সেয়েহে, DOS Disc-খনৰ প্ৰয়োজন নহয়, কিয়নো কমাণ্ডবোৰ ইতিমধ্যে অস্থায়ীভাৱে মেম’ৰীত সঞ্চিত হৈ আছেই। ইহঁতক পোনপটীয়াকৈ মেম’ৰীৰ পৰাই চলাব (এক্টিভেট্) পাৰি। ইয়াৰ বাবে কেৱল উক্ত কমাণ্ডটোৰ নামটো লিখি এণ্টাৰ কী-টো প্ৰেচ্ কৰি দিলেই হ’ল। কিছুমান Internal DOS Commands-ৰ নাম (উদাহৰণ)- CLS, DIR, DATE, TIME, VOL, VER, COPY, TYPE, DEL (or ERASE), RENAME (or REN), COPY CON, EDIT, EXIT, MD (or MKDIR), CD (or CHDIR), RD (or RMDIR) ইত্যাদি।

(২) External DOS Commands : DOS-ৰ অন্তৰ্গত দ্বিতীয় শ্ৰেণীৰ কমাণ্ডবোৰক External DOS Commands বুলি কোৱা হয়। ইহঁত DOS Disc-খনত একো একোটা পৃথক পৃথক ফাইল হিচাপে ষ্ট’ৰ হৈ ৰয়। সেয়েহে, ইহঁতক চলাবলৈ (এক্টিভেট্) DOS Disc-খন Disc Drive-ৰ ভিতৰত উপস্থিত থকাটো বাঞ্চনীয়। অন্যথাই DOS –এ ‘Bad Command or file name’-নামৰ Error Message এটা দেখুৱাব। উপলব্ধ External DOS Command-বোৰৰ ভিতৰত তলত দিয়াবোৰেই প্ৰধান। যেনে- FORMAT, DISKCOPY, LABEL, PRINT, TREE, CHKDSK, DISKCOMP, DEFRAG, SCAN, UNDELETE ইত্যাদি।

বিভিন্ন কমাণ্ডৰ থুলমূল ব্যাখ্যা

Internal DOS Command

CLS-এই Internal DOS Command টোৰ দ্বাৰা আমি স্ক্ৰীণ্ এখনত লিখা থকা সকলো ইনফ’ৰমেশ্যন্ মচি দি এখন পৰিষ্কাৰ স্ক্ৰীণ্ পাব পাৰোঁ। ইয়াৰ সম্পূৰ্ণ নাম হৈছে- ক্লিয়াৰ্ স্ক্ৰীণ্। ইয়াক ব্যৱহাৰৰ বাবে আমি তলত দিয়া চিনটেক্সটো ব্যৱহাৰ কৰিব পাৰোঁ-

<dr.name>CLS¿

উদাহৰণ- c:\>CLS¿

বিঃদ্ৰঃ-“dr.name”-মানে কাৰ্য্যক্ষম active drive name-টো, যত DOS DISK-খন সোমাই থাকে আৰু  ¿-হ’ল এণ্টাৰ কী-ৰ প্ৰতীক চিহ্ন।

DIR-এই কমাণ্ডটোৰ জৰিয়তে আমি কোনো এখন ডিস্ক্ বা ফ্ল’পীৰ ভিতৰত সঞ্চিত হৈ থকা ফাইল বা ডাইৰেক্ট’ৰীৰ নামসমূহ চাব পাৰোঁ। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে- DIRectory। ইয়াক ব্যৱহাৰৰ বাবে চিনটেক্সটো হ’ল এনে ধৰণৰ-

<dr.name>DIR¿

উদাহৰণঃ- A:\>DIR¿

বিঃদ্ৰঃ- DIR-ৰ লগত আমি কিছুমান উপসৰ্গ লগাব পাৰোঁ। এই উপসৰ্গবোৰৰ দ্বাৰা আমি ডিস্ক্ বা ফ্ল’পীৰ অন্তৰ্গত ফাইল বা ডাইৰেক্ট’ৰীৰ নামবোৰৰ তালিকাখন বিভিন্ন ধৰণেৰে, যেনে- পৃষ্ঠা অনুযায়ী, পথালিকৈ, ফাইল প্ৰস্তুত কৰা তাৰিখ অনুযায়ী, নাম অনুযায়ী- ইত্যাদি বিভিন্ন ধৰণেৰে চাব পাৰোঁ। কিছুমান উপসৰ্গ-

DIR/P- তালিকাখন পৃষ্ঠা অনুযায়ী চাবলৈ।

DIR/W- তালিকাখন পথালিকৈ চাবলৈ।

DIR/L- তালিকাখন ‘ল’ৱাৰ কেচ্ লেটাৰ’ অনুযায়ী চাবলৈ।

DIR/S- তালিকাখন চাব্ ডাইৰেক্ট’ৰী অনুযায়ী চাবলৈ।– ইত্যাদি।

DATE- এই কমাণ্ডটোৰ দ্বাৰা আমি কম্পিউটাৰৰ মেম’ৰীত সঞ্চিত হৈ থকা শেহতীয়া তাৰিখটো চোৱাৰ উপৰিও ইয়াক সংশোধন কৰিবও পাৰোঁ। ইয়াৰ জৰিয়তে আমি কোনো এটা বছৰৰ যিকোনো এটা তাৰিখ চাব পাৰোঁ। ইয়াৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় চিনটেক্সটো হ’ল-

<dr.name>DATE¿

উদাহৰণঃ- A:\> DATE ¿

বিঃদ্ৰঃ- কম্পিউটাৰত তাৰিখটো mm/dd/yy ফ’ৰ্মেট্ মতেহে দেখা যায়। ইয়াত mm-মানে মাহ, dd- মানে তাৰিখ আৰু yy- মানে বছৰ বুজাইছে। যদিহে আমি তাৰিখটো সংশোধন কৰিব নোখোজোঁ, তেন্তে কেৱল এণ্টাৰ কী-টো প্ৰেচ্ কৰি তাৰ পৰা ওলাই আহিব পাৰোঁ।

টাইম্ঃ- এই কমাণ্ডটোৰ দ্বাৰা আমি কম্পিউটাৰৰ মেম’ৰীত সঞ্চিত হৈ থকা শেহতীয়া সময়টো চোৱাৰ উপৰিও ইয়াক সংশোধন কৰিবও পাৰোঁ। ইয়াৰ জৰিয়তে আমি যিকোনো এটা মুহূৰ্ত্তৰ সময় চাব পাৰোঁ। ইয়াৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় চিনটেক্সটো হ’ল-

<dr.name>TIME¿

উদাহৰণঃ- A:\>TIME¿

বিঃদ্ৰঃ- কম্পিউটাৰত সময়টো hh:mm:ss ফ’ৰ্মেট্ মতেহে দেখা যায়। ইয়াত hh-মানে ঘণ্টা, mm- মানে মিনিট আৰু ss- মানে ছেকেণ্ড বুজাইছে। যদিহে আমি সময়টো সংশোধন কৰিব নোখোজোঁ, তেন্তে কেৱল এণ্টাৰ কী-টো প্ৰেচ্ কৰি তাৰ পৰা ওলাই আহিব পাৰোঁ। আনহাতে, কম্পিউটাৰত সময়টো সদায় ২৪ ঘণ্টাৰ হিচাপত গণনা কৰা হয়। অৰ্থাত্, মধ্যাহ্নৰ ১২ বজাৰ পিছত সময়টো ১৩, ১৪, ১৫,............২৪-লৈ এণ্টাৰ্ কৰা হয়। কিন্তু, কম্পিউটাৰে আমাক মধ্যাহ্ন ১২ বজাৰ পাছতো সময়টো ১, ২, ৩,................১২ লৈকেই দেখুৱাব। মাথোঁ, সময়ৰ শেষত এ.এম. বা পি.এম. শব্দটো দেখা যাব।

VOL- এই Internal Dos Command-টোৰ দ্বাৰা আমি কোনো এটা ছেকেণ্ডেৰী মেম’ৰী ডিভাইচৰ ক্ৰমিক সংখ্যাটো আৰু Volume  নামটো চাব পাৰোঁ। ইয়াৰ সম্পূৰ্ণ নামটো হৈছে- VOLume। ইয়াক ব্যৱহাৰ কৰিবলৈ আৱশ্যক হোৱা চিনটেক্সটো হ’ল-

<dr.name>VOL¿

উদাহৰণঃ- C:\>VOL¿

VER- এই Internal Dos Command-টোৰ দ্বাৰা আমি যিকোনো এটা অপাৰেটিং চিষ্টেমৰ ভাৰ্ছন্ নম্বৰটো চাব পাৰোঁ। ইয়াৰ সম্পূৰ্ণ নামটো হৈছ- VERSION। ইয়াক ব্যৱহাৰ কৰিবলৈ আৱশ্যক হোৱা চিনটেক্সটো হ’ল-

<dr.name>VER¿

উদাহৰণঃ- C:\>VER¿

COPY- এই কমাণ্ডটোৰ জৰিয়তে আমি যিকোনো এটা ফাইলৰ প্ৰতিলিপি এটা বনাব পাৰোঁ। ইয়াৰ জৰিয়তে আমি ফাইলটোৰ নকলটো আন ডিস্ক্ বা ফ্ল’পী এখনত বনাব পৰাৰ উপৰিও একেটা বা অইন ড্ৰাইভৰ ভিতৰতো বনাব পাৰোঁ। ইয়াৰ ফলত মূল ফাইলটো একেই থাকি যাব, মাথোঁ ইয়াৰ হুবহু নকল এটাহে তৈয়াৰ হ’ব। অৱশ্যে কপি কমাণ্ডে এবাৰত এটাকৈহে ফাইল কপি কৰিব পাৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ তলত দিয়া চিনটেক্সটো প্ৰয়োজন হয়-

<dr.name>COPY b <Old File Name> b <New File Name>¿

উদাহৰণঃ- C:\>COPY SOFTECH SOFTEK¿

বিঃদ্ৰঃ- ‘b’ মানে এটা খালী ঠাই বুজাইছে, যাক স্পেচ্ বাৰ্ কী-টো প্ৰেচ্ কৰি দিয়া হয়। ইয়াত SOFTECH-টো ইতিমধ্যে মেম’ৰীত সঞ্চিত হৈ থকা ফাইলটো, আনহাতে,  SOFTEK-টো হ’ল আমি ফাইলটোৰ প্ৰতিলিপি বনাব খোজা ফাইলৰ নামটো।

এটা ড্ৰাইভৰ পৰা আন এটা ড্ৰাইভলৈ যদি ফাইল এটাৰ প্ৰতিলিপি বনাব লাগে, তেন্তে, তাক ব্যৱহাৰৰ বাবে আৱশ্যক হোৱা চিনটেক্সটো হ’ল-

<dr.name>COPY b <Old File Name> b <Target Drive>¿

উদাহৰণঃ- C:\>COPY SOFTECH A:¿

এটাতকৈ অধিক ফাইল এবাৰতে কপি কৰিবলৈ তলত দিয়া চিনটেক্সটো ব্যৱহাৰ কৰা হয়। তেনেস্থলত, আমি কপি কৰা সকলোবোৰ ফাইল নতুন নামৰ ফাইলটোৰ অধীনত একেলগে দেখা যাব।

<dr.name>COPY b <Old File Name1> b + <Old File Name2> b....b <New File Name>¿

উদাহৰণঃ- C:\>COPY SOFTECH+SOFTEK INFOED¿

TYPE -  Internal Dos Command শ্ৰেণীৰ অন্তৰ্গত এই কমাণ্ডটোৰ দ্বাৰা আমি কোনো এটা ফাইলৰ ভিতৰত লিখা তথ্যখিনি পঢ়ি  চাব পাৰোঁ। ইয়াৰ চিনটেক্সটো হ’ল-

<dr.name>TYPE b <File Name>¿

উদাহৰণঃ- C:\>TYPE SOFTECH¿

DEL (or ERASE)- এই Internal Dos Command-টোৰ দ্বাৰা আমি কোনো এটা অপ্ৰয়োজনীয় ফাইলক কম্পিউটাৰৰ মেম’ৰীৰ পৰা স্থায়ীভাৱে মচি দিব পাৰোঁ। ইয়াৰ সম্পূৰ্ণ নামটো হৈছে- DELETE। ব্যৱহাৰৰ বাবে আৱশ্যক হোৱা ইয়াৰ চিনটেক্সটো হ’ল-

<dr.name>DEL b <File Name>¿

উদাহৰণঃ- C:\>DEL SOFTECH¿

নাইবা,

<dr.name>ERASE b <File Name>¿

উদাহৰণঃ- C:\>ERASE SOFTECH¿

বিঃদ্ৰঃ- যিহেতু DEL বা ERASE কমাণ্ডটোৰ জৰিয়তে মচি দিয়া ফাইলটো কম্পিউটাৰৰ মেম’ৰীৰ পৰা স্থায়ীভাৱে নোহোৱা হৈ যায়, সেয়েহে, ইয়াক ব্যৱহাৰৰ আগে আগে আমি এইটো নিশ্চিত কৰি লোৱা ভাল যে উক্ত ফাইলটো আমাক সঁচাকৈয়ে প্ৰয়োজন নাইটো! অন্যথাই, গুৰুত্বপূৰ্ণ ফাইল এটা DEL বা ERASE কৰিলে ভৱিষ্যতে কোনো পৰিস্থিতিতেই পুনৰাই তাক ওভোতাই অনাটো অসম্ভৱ হৈ পৰিব।

REN (or RENAME)- এই Internal Dos Command-টোৰ দ্বাৰা আমি কোনো এটা ফাইলৰ নামটো (কেৱল মাত্ৰ নামটোহে) সলনি কৰি এটা নতুন নাম প্ৰয়োগ কৰিব পাৰোঁ। ইয়াৰ ফলত অৱশ্যে ফাইলটোৰ ভিতৰৰ তথ্যখিনিৰ কোনো ধৰণৰ সালসলনি বা পৰিৱৰ্ত্তন নহয়। ইয়াৰ সম্পূৰ্ণ নামটো হৈছে- RENAME। ব্যৱহাৰৰ বাবে আৱশ্যক হোৱা ইয়াৰ চিনটেক্সটো হ’ল-

<dr.name>REN b <Old File Name> b <New File Name>¿

উদাহৰণঃ- C:\>REN SOFTECH GUWAHATI¿

নাইবা,

<dr.name>RENAME b <Old File Name> b <New File Name>

উদাহৰণঃ- C:\>RENAME SOFTECH GUWAHATI¿

বিঃদ্ৰঃ- ইয়াত SOFTECH নামৰ ইতিমধ্যে মেম’ৰীত থকা ফাইলটো GUWAHATI নামেৰে নতুনকৈ নামাকৰণ কৰা হৈছে। নতুনকৈ নামাকৰণ কৰাৰ পাছত আমি ফাইলৰ তালিকাখন চাবলৈ DIR নামৰ কমাণ্ডটো ব্যৱহাৰ কৰিলে পূৰ্ব্বৰ SOFTECH নামৰ ফাইলটোৰ ঠাইত GUWAHATI নামৰ ফাইল্ নেমটোহে দেখা পাম। কিন্তু, GUWAHATI নামৰ ফাইলটোত SOFTECH নামৰ ফাইলটোত লিখা থকা তথ্যসমূহেই পূৰ্ব্বৰ দৰে মজুত থাকিব। কিয়নো, REN বা RENAME কমাণ্ডে ফাইলটোৰ নামটোহে সলনি কৰিব পাৰে, ইয়াত লিখা তথ্যখিনি হুবহু একেই থাকে।

COPY CON- এই Internal Dos Command-টোৰ দ্বাৰা আমি DOS-ৰ অধীনত এটা নতুন ফাইলৰ সৃষ্টি কৰিব পাৰোঁ। ব্যৱহাৰৰ বাবে আৱশ্যক হোৱা চিনটেক্সটো হ’ল-

<dr.name>COPY CON b <File Name>¿

উদাহৰণঃ- C:\>COPY CON INFOED¿

বিঃদ্ৰঃ- ফাইলত তথ্য যোগানৰ কাম শেষ হ’লে উক্ত ফাইলটো মেম’ৰীত স্থায়ীভাৱে জমা (ষ্ট’ৰ) ৰাখিবলৈ আমি ^Z(Ctrl+Z) কমাণ্ডটো প্ৰয়োগ কৰোঁ। ইয়াৰ বাবে কণ্ট্ৰ’ল কী-টো প্ৰেচ্ কৰি থাকি Z এল্ফাবেটটো প্ৰেচ্ কৰা হয়। এটা বিশেষ মন কৰিবলগীয়া কথা এইয়ে যে- COPY CON কমাণ্ডৰ জৰিয়তে ফাইল সৃষ্টি কৰিলে আমি ফাইলটোৰ অধীনত কোনো ধৰণৰ সালসলনি বা সংশোধন কৰিব নোৱাৰোঁ। ইয়াত কেৱল তথ্য যোগানহে সম্ভৱ। সালসলনি বা সংশোধনৰ বাবে আমি EDIT কমাণ্ডটোৰ আশ্ৰয় ল’ব পাৰোঁ।

EDIT- Internal Dos Command-ৰ অন্তৰ্গত এই কমাণ্ডটোৰ দ্বাৰা আমি ইতিপূৰ্ব্বে উল্লেখ কৰাৰ দৰে DOS-ৰ অধীনস্থ ফাইল এটাত প্ৰয়োজন সাপেক্ষে যিকোনো ধৰণৰ সালসলনি বা সংশোধন কৰিব পাৰোঁ। ইয়াৰ চিনটেক্সটো হ’ল-

<dr.name>EDIT b <File Name>¿

উদাহৰণঃ- C:\>EDIT INFOED¿

বিঃদ্ৰঃ- EDIT Mode-ত ফাইল খুলিলে DOS Screen-খন কিছু পৰিমাণে পৰিৱৰ্ত্তন হৈ যায়। কিছুমান কমাণ্ডৰ তালিকা এখন EDIT Mode-ৰ স্ক্ৰীণখনত দৃশ্যমান হয় আৰু আমি উক্ত কমাণ্ডসমূহ ব্যৱহাৰ কৰি প্ৰয়োজনীয় সংশোধনখিনি ফাইলটোত প্ৰয়োগ কৰিব পাৰোঁ।

EXIT- Internal DOS Command-ৰ অন্তৰ্গত এই কমাণ্ডটোৰ দ্বাৰা আমি DOS Mode-ৰ পৰা Windows Mode-লৈ উভতি যাব পাৰোঁ। অৱশ্যে, কম্পিউটাৰটো নিশ্চয়েই Windows-ৰে বুট্ কৰা থাকিব লাগিব। এনেক্ষেত্ৰত, এই কমাণ্ডে DOS-টো সম্পূৰ্ণৰূপে বন্ধ কৰি আমাক পুনৰ Windows Mode-লৈকে ঘূৰাই লৈ যায়। ইয়াৰ চিনটেক্সটো হ’ল-

<dr.name>EXIT¿

উদাহৰণঃ- C:\>EXIT¿

(২) External DOS Command

FORMAT- এই External DOS Command-টোৰ দ্বাৰা আমি কোনো এখন ডিস্ক বা ফ্ল’পীৰ অন্তৰ্গত তথ্যসমূহ মচি দি তাক সম্পূৰ্ণ খালী কৰি নতুনকৈ তথ্য জমা ৰখাৰ বাবে তাক উপযোগী কৰি তুলিব পাৰোঁ। উল্লেখযোগ্য যে, কম্পিউটাৰৰ ডিস্ক বা ফ্ল’পীত লগা কিছুমান ভাইৰাচ্ আমি FORMAT কমাণ্ডৰ জৰিয়তে কিছু পৰিমাণে নোহোৱা কৰিব পাৰোঁ। ইয়াক ব্যৱহাৰৰ বাবে আমি তলত দিয়া চিনটেক্সটো ব্যৱহাৰ কৰিব পাৰোঁ।

<dr.name>FORMAT b <Target Drive/Disk>¿

উদাহৰণঃ- C:\>FORMAT A:¿

DISKCOPY- এই External DOS Command-টোৰ দ্বাৰা আমি কোনো এখন ডিস্ক বা ফ্ল’পীৰ অন্তৰ্গত সমগ্ৰ ফাইলকেই এখন নতুন ডিস্ক বা ফ্ল’পীলৈ কপি কৰি লৈ যাব পাৰোঁ। চাবলৈ গ’লে ই COPY-নামৰ Internal DOS Command-টোৰ নিচিনাই কাম কৰে। কিন্তু COPY-ৰ জৰিয়তে আমি এবাৰত এটাকৈহৈ ফাইল কপি কৰিব পাৰিছিলোঁ; পিছে, DISKCOPY-ৰ জৰিয়তে আমি এখন ডিস্ক বা ফ্ল’পীৰ অন্তৰ্গত সামগ্ৰিক তথ্যখিনিকেই নতুনকৈ আৰু এবাৰতেই কপি কৰিব পাৰি। সেয়েহে, DISKCOPY ব্যৱহাৰ কৰিলে আমি কোনো এটা বিশেষ ফাইলকহে কপি কৰাৰ সুবিধাকণ নাপাওঁ; যিহেতু, DISKCOPY-এ এবাৰতে গোটেই ডিস্ক বা ফ্ল’পীখন কপি কৰি দিয়ে। ইয়াক ব্যৱহাৰৰ বাবে আমি তলত দিয়া চিনটেক্সটো ব্যৱহাৰ কৰিব পাৰোঁ-

<dr.name>DISKCOPY b <Source Drive/Disk> b <Target Drive/Disk>¿

উদাহৰণঃ- C:\>DISKCOPY A: B:¿

বিঃদ্ৰঃ- ইয়াত A: -ত মূল তথ্য সন্নিবিষ্ট ডিস্ক বা ফ্ল’পীখন আছে আৰু B:-ত আমি প্ৰতিলিপি বনাব খোজা খালি ডিস্ক বা ফ্ল’পীখন আছে।

LABEL- এই External DOS Command-টোৰ মাধ্যমেৰে আমি কোনো এটা চেকেণ্ডেৰী ষ্ট’ৰেজ ডিভাইচৰ Volume-নামটো পৰিৱৰ্ত্তন বা সলনি কৰিব পাৰোঁ। এটা LABEL Name সৰ্ব্বমুঠ ১১ (এঘাৰ) টা কেৰেক্টাৰ পৰ্য্যন্ত দীঘল হ’ব পাৰে। আনহাতে, যদি উক্ত LABEL Name-টো সলনি কৰিব নিবিচাৰোঁ, তেন্তে, আমি মাথোঁ এণ্টাৰ্ কী-টো প্ৰেচ্ কৰি দিলেই হ’ল। তেনেক্ষেত্ৰত, ই পূৰ্ব্বৰ LABEL Name-টোৱেই সলনি নকৰাকৈ ৰাখি থ’ব। ইয়াক ব্যৱহাৰৰ বাবে আমি তলত দিয়া চিনটেক্সটো ব্যৱহাৰ কৰিব পাৰোঁ-

<dr.name>LABEL b <Target Drive/Disk>¿

উদাহৰণঃ- C:\>LABEL A:¿

PRINT- এই External DOS Command-টোৰ মাধ্যমেৰে আমি কোনো এটা ফাইলক DOS Mode-তেই পোনপটীয়াকৈ প্ৰিণ্টাৰৰ মাধ্যমেৰে প্ৰিণ্ট্ কৰিব পাৰোঁ। ইয়াক ব্যৱহাৰৰ বাবে আমি তলত দিয়া চিনটেক্সটো ব্যৱহাৰ কৰিব পাৰোঁ-

<dr.name>PRINT b <File Name>¿

উদাহৰণঃ- C:\>PRINT INFOED¿

TREE- এই ড্ৰাইভত ভালেসংখ্যক ডাইৰেক্ট’ৰী আৰু চাব্-ডাইৰেক্ট’ৰী থাকিব পাৰে। এই External DOS Command-টোৰ মাধ্যমেৰে আমি উক্ত ডাইৰেক্ট’ৰী বা চাব্-ডাইৰেক্ট’ৰীৰ অন্তৰ্গত সকলোবোৰ ফাইলক প্ৰণালীবদ্ধভাৱে চাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াক ব্যৱহাৰৰ বাবে আমি তলত দিয়া চিনটেক্সটো ব্যৱহাৰ কৰিব পাৰোঁ-

<dr.name>TREE¿

উদাহৰণঃ- C:\>TREE¿

বিঃদ্ৰঃ- যদিহে কোনো এটা বিশেষ চাব্-ডাইৰেক্ট’ৰীৰ অন্তৰ্গত ফাইলসমূহ চাবলৈ বিচৰা হয়, তেন্তে, আমি তলত দিয়া চিনটেক্সটোহে ব্যৱহাৰ কৰিব লাগিব।

<dr.name>TREE b <Sub-Dir.Name>¿

C:\>TREE ACCOUNT¿

আনহাতে, যদিহে সমগ্ৰ ফাইলবোৰ পৃষ্ঠা অনুযায়ী চাবলৈ বিচৰা হয়, তেন্তে, আমি তলত দিয়া চিনটেক্সটোহে ব্যৱহাৰ কৰিব লাগিব।

<dr.name>TREE ½ MORE¿

উদাহৰণঃ- C:\>TREE ½ MORE¿

CHKDSK- এটা চেকেণ্ডেৰী ষ্ট’ৰেজ ডিভাইচত থকা ফাইল আদিৰ সম্পূৰ্ণ বিৱৰণ, যেনে- ডিস্ক বা ফ্ল’পীখনৰ সৰ্ব্বমুঠ ঠাই কিমান, ফাইলসমূহে কিমান ঠাই আগুৰিছে বা খালি ঠাই বৰ্ত্তমান কিমান বাকী আছে....ইত্যাদি ইত্যাদি কথাবোৰ জানিবলৈ আমি এই External DOS Command-টো ব্যৱহাৰ কৰোঁ। ইয়াৰ চিনটেক্সটো হ’ল-

<dr.name>CHKDSK b <Target Drive/Disk>¿

উদাহৰণঃ- C:\>CHKDSK A:¿

SCAN- এই কমাণ্ডটোৰ জৰিয়তে আমি কোনো এখন ডিস্ক বা ফ্ল’পী বা হাৰ্ড ডিস্ক এটা ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈছে নেকি তাক চাব পাৰোঁ। অৰ্থাত্, এই কমাণ্ডে কোনো এখন ডিস্ক বা ফ্ল’পী বা হাৰ্ড ডিস্ক এটা ভাইৰাচৰ পৰা মুক্ত হয় নে নহয়- তাক পৰীক্ষা কৰে আৰু যদিহে সঁচাকৈয়ে ই কোনো ধৰণৰ ভাইৰাচৰ দ্বাৰা আক্ৰান্ত, তেন্তে তাক কি কৰা উচিত তাৰ বিষয়ে পৰামৰ্শ দিয়ে। ইয়াৰ চিনটেক্সটো হ’ল-

<dr.name>SCAN b <Target Drive/Disk>¿

উদাহৰণঃ- C:\>SCAN A:¿

UNDELETE- এই কমাণ্ডটোৰ জৰিয়তে আমি কম্পিউটাৰৰ মেম’ৰীৰ পৰা স্থায়ীভাৱে মচি দিয়া কোনো এটা ফাইল পুনৰুদ্ধাৰ কৰিবলৈ সমৰ্থ হওঁ; যদিহে উক্ত ফাইলটো মচি দিয়াৰ সময়তো দীৰ্ঘকালীন নহয়। পুনৰুদ্ধাৰৰ বাবে কম্পিউটাৰে সদায় মচি দিয়া ফাইলটোৰ নামৰ প্ৰথম কেৰেক্টাৰটো বিচাৰে। যদিহে ১ম কেৰেক্টাৰটো দিয়া নাযায়, তেন্তে ই ফাইলটো উদ্ধাৰ কৰিবলৈ অপাৰগ হয়। এইখিনিতেই উল্লেখ কৰিব পাৰি যে এই কমাণ্ডটো অৱশ্যে DOS-ৰ কেতবোৰ বিশেষ ভাৰ্চনতহে প্ৰযোজ্য হয়। DOS-ৰ সকলো ভাৰ্চনে ডিলিটেড্ ফাইল এটা UNDELETE কৰিবলৈ সমৰ্থ নহয়। ইয়াক ব্যৱহাৰৰ বাবে আৱশ্যক হোৱা চিনটেক্সটো হ’ল-

<dr.name>UNDELETE b <File Name>¿

উদাহৰণঃ- C:\>UNDELETE INFOED¿

নাইবা,

<dr.name>UNDELETE¿

উদাহৰণঃ- C:\>UNDELETE¿

SUB-DIRECTORY :

চাব্-ডাইৰেক্টৰী হ’ল মূল ডাইৰেক্টৰী এটাৰ অধীনত থকা একো একোটা শাখা। মূল ডাইৰেক্ট’ৰীটোক আমি ৰুট্ ডাইৰেক্ট’ৰী বুলি কওঁ। এই ৰুট্ ডাইৰেক্ট’ৰীৰ অধীনত থকা চাব্-ডাইৰেক্ট’ৰীবোৰে বিভিন্ন চফ্টৱেৰৰ অন্তৰ্গত ফাইলবোৰ জমা ৰাখে আৰু প্ৰয়োজন সাপেক্ষে এই ফাইলৰ নামসমূহক তালিকাবদ্ধ তথা শৃংখলাবদ্ধভাৱে দেখুৱায়। তেনেস্থলত কম্পিউটাৰ এটাৰ বাবে ফাইলসমূহ পুনৰুদ্ধাৰ কৰাটো সহজ হৈ পৰে। সেয়েহে, আমি চাব্-ডাইৰেক্ট’ৰী এটা বিভিন্ন চফ্টৱেৰৰ ফাইলবোৰ প্ৰণালীবদ্ধভাৱে আৰু শ্ৰেণীগতভাৱে জমা ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। এটা চাব্-ডাইৰেক্ট’ৰী আমি আমাৰ প্ৰয়োজনমতে বনাই ল’ব পাৰোঁ। ইয়াৰ বাবে আমাক প্ৰয়োজন হয় তিনিটা কমাণ্ডৰ। এই কমাণ্ড তিনিটা Internal DOS Command শ্ৰেণীৰ অন্তৰ্গত। ইহঁত হ’ল-

MD বা MKDIR: Sub-Directory এটা সৃষ্টি কৰিবলৈ (তৈয়াৰ কৰিবলৈ)।

CD বা CHDIR:  Sub-Directory এটা খুলিবলৈ আৰু বন্ধ কৰিবলৈ।

RD বা RMDIR: Sub-Directory এটা স্থায়ীভাৱে মেম’ৰীৰ পৰা মচি দিবলৈ।

MD বা MKDIR-এই কমাণ্ডটোৰ জৰিয়তে আমি ৰুট্ ডাইৰেক্টৰীৰ অধীনত কোনো এটা চাব্-ডাইৰেক্ট’ৰী নিজস্বভাৱে বনাই ল’ব পাৰোঁ। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে- MakeDirectory। ইয়াক ব্যৱহাৰৰ বাবে আৱশ্যক হোৱা চিনটেক্সটো হৈছে-

<dr.name>MD b <Sub-Dir.Name>¿

উদাহৰণঃ- C:\>MD PM5¿

নাইবা,

<dr.name>MD\<Sub-Dir.Name>¿

উদাহৰণঃ- C:\>MD\PM5¿

বিঃদ্ৰঃ- ‘b’-ৰ ঠাইত আমি এটা ‘\’ (বেক্ স্লেচ্)-ও দিব পাৰোঁ আৰু MD-ৰ পৰিৱৰ্ত্তে MKDIR নামৰ কমাণ্ডটোও ব্যৱহাৰ কৰিব পাৰি। যেনে- MKDIR\PM5.

CDCHDIR- এই Internal DOS Command-টোৰ জৰিয়তে আমি কোনো এটা চাব্-ডাইৰেক্ট’ৰী খুলি, তাৰ ভিতৰত প্ৰৱেশ কৰাৰ উপৰিও উক্ত চাব্-ডাইৰেক্ট’ৰীটোক বন্ধ কৰি পুনৰ ৰুট্ ডাইৰেক্ট’ৰীলৈকে উভতি আহিব পাৰোঁ। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে- ChangeDirectory। ইয়াক ব্যৱহাৰৰ বাবে আৱশ্যক হোৱা চিনটেক্স দুটা হৈছে-

(১) খুলিবলৈঃ-

<dr.name>CD b <Sub-Dir.Name>¿

উদাহৰণঃ- C:\>CD PM5¿

নাইবা,

<dr.name>CHDIR\<Sub-Dir.Name>¿

উদাহৰণঃ- C:\>CHDIR\PM5¿

বিঃদ্ৰঃ- চাব্-ডাইৰেক্ট’ৰী এটা খোলাৰ পাছত ইয়াৰ নামটো <dr.name>-ৰ ঠিক পাছফালে দেখা পোৱা যায়। অন্যথাই আমি গম পাম যে উক্ত চাব্-ডাইৰেক্ট’ৰীটো এতিয়াও খোলা হোৱা নাই। যেনে, ওপৰৰ উদাহৰণটোৰ ক্ষেত্ৰত ই এনে ধৰণেৰে দেখা যাব- “C:\PM5”.

(২) বন্ধ কৰিবলৈঃ- চাব্-ডাইৰেক্ট’ৰী এটা বন্ধ কৰিবলৈ দুটা প্ৰক্ৰিয়া আছে। এটাৰ দ্বাৰা আমি চাব্-ডাইৰেক্ট’ৰীবোৰ এটা এটাকৈ একাদিক্ৰমে বন্ধ কৰিব পাৰোঁ। ইয়াৰ বাবে আৱশ্যক হোৱা চিনটেক্সটো হ’ল-

<dr.name\sub-dir.name 1\sub-dir. Name 2\sub-dir. Name 3>CD\¿

উদাহৰণঃ- c:\PM5>CD¿

আনহাতে, এটাতকৈ অধিক চাব্-ডাইৰেক্ট’ৰী একেবাৰতে বন্ধ কৰিবলৈ আমি তলত দিয়া চিনটেক্সটো ব্যৱহাৰ কৰিব লাগে-

<dr.name\sub-dir. Name 1\sub-dir. Name 2\sub-dir. Name 3>CD\>¿

C:\>PM5\LEGAL\WIDE>CD\¿

RDRMDIRDOS Command-টোৰ জৰিয়তে আমি কোনো এটা চাব্-ডাইৰেক্ট’ৰী স্থায়ীভাৱে মচি দিব পাৰোঁ। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে- RemaoveDirectory বা ReMoveDIRectory। ইয়াক ব্যৱহাৰৰ বাবে আৱশ্যক হোৱা চিনটেক্স দুটা হৈছে-

<dr.name>RD b <Sub-Dir.Name>¿

উদাহৰণঃ- C:\>RD PM5¿

নাইবা-

<dr.name>RMDIR\<Sub-Dir.Name>¿

উদাহৰণঃ- C:\>RMDIR\PM5>¿

বিঃদ্ৰঃ-চাব্-ডাইৰেক্ট’ৰী এটা বন্ধ কৰাৰ সময়ত আমি দুটা নিয়ম মানি চলিব লাগে-

(১) মচি দিবলগীয়া চাব্-ডাইৰেক্ট’ৰীটো নিশ্চয়েই বন্ধ থাকিব লাগিব, অৰ্থাত্ যিটো চাব্-ডাইৰেক্ট’ৰী মচিব খোজা যায়, উক্ত চাব্-ডাইৰেক্টৰীটো “CD”-কমাণ্ডেৰে বন্ধ কৰি আমি ৰুট্ ডাইৰেক্ট’ৰী বা তাৰ আগৰ চাব্-ডাইৰেক্ট’ৰীটোত উপস্থিত থাকিব লাগিব।

(২) মচি দিব খোজা চাব্-ডাইৰেক্টৰীটো নিশ্চয়েই খালি থাকিব লাগিব। অৰ্থাত্, কোনো ধৰণৰ ফাইল বা ফ’ল্ডাৰ ইয়াৰ ভিতৰত থাকি যাব নোৱাৰিব।

কম্পিউটাৰৰ সাধাৰণ সমস্যাৰাজি আৰু ইহঁতৰ সমাধান

যিহেতু কম্পিউটাৰটো এটা যন্ত্ৰ, বিভন্ন সময়ত ইয়াৰ বিভিন্ন সমস্যা উদ্ভৱ হ’ব পাৰে। ইয়াৰ কিছুমান সমস্যা গুৰুতৰ আৰু কিছুমান সাধাৰণ। সাধাৰণ সমস্যাৰাজি উদ্ভৱ হ’লে আমি নিজে নিজেই কেতবোৰ ব্যৱস্থা হাতত লৈ তাক পুনৰ স্বাভাৱিক অৱস্থালৈ লৈ গৈ কাৰ্য্যক্ষম কৰিব পাৰোঁ। তাৰবাবে মাথোঁ প্ৰয়োজন হয় ব্যৱহাৰকৰ্ত্তাজনৰ ধৈৰ্য্য আৰু স্থিতপ্ৰজ্ঞতাৰ। হঠাতে উদ্ভৱ হ’ব পৰা এই সমস্যাৰাজিত বিতত নহৈ, আমি সাধাৰণ কিছু প্ৰক্ৰিয়াৰে কম্পিউটাৰটো পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিব পাৰোঁ। তলত এনে কিছুমান সমস্যাৰ সমাধান থুলমূলকৈ দাঙি ধৰা হ’ল-

(১) কেতিয়াবা চুইচ্ অন্ কৰাৰ পাছতো যদি কম্পিউটাৰটোত বিদ্যুত্ শক্তি পৰিবাহিত নহয়, তেন্তে ভালদৰে ইয়াৰ সকলো Connection পৰীক্ষা কৰিব লাগে। কেতিয়াবা মনিটৰটোও অফ্ হৈ থাকিব পাৰে। তেনেক্ষেত্ৰত মনিটৰটোৰ পাৱাৰ চুইচটো অন্ কৰি ল’লেই কাম সিদ্ধি হ’ব।

(২) কেতিয়াবা যদি কম্পিউটাৰৰ স্ক্ৰীণখনত Windows স্ক্ৰীণৰ পৰিৱৰ্ত্তে C:\> টো আৰু স্ক্ৰীণখন ব্লেঙ্ক হৈ থকা দেখা যায়, তেন্তে Win বুলি লিখি এণ্টাৰ কী-টো প্ৰেচ্ কৰিব লাগে।

(৩) কেতিয়াবা কোনো এটা প্ৰোগ্ৰাম চলি থাকোঁতে কিবা আভ্যন্তৰীণ খেলিমেলিৰ বা বিসংগতিৰ বাবে কম্পিউটাৰটোৱে প্ৰত্যুত্তৰ দিয়াত অসমৰ্থ হয়। ইয়াক আমি হেং হোৱা বুলি কওঁ। তেনেক্ষেত্ৰত মাউচটোৱেও কোনো ধৰণৰ কাম কৰিবলৈ অপাৰগ হয়। তেতিয়া আমি কী-বোৰ্ডত থকা Ctrl আৰু Alt কী দুটা টিপি ধৰি থাকি এবাৰ Del কী-টো প্ৰেচ্ কৰি কম্পিউটাৰটো ৱাৰ্ম বুটিঙৰ মাধ্যমেৰে ৰিষ্টাৰ্ট কৰি ল’ব লাগে। এনে কৰিলে এটা মেচেজ বক্স স্ক্ৰীণখনত আৱিৰ্ভাৱ হ’ব আৰু তাত লিখা থকা End Task বা Shut Down নামৰ Option দুটাৰ যিকোনো এটাত আমি কাম কৰি থকা প্ৰোগ্ৰামটোৰ নামটো বাছি লৈ লেফ্ট ক্লিক্ কৰিব লাগে। তেনে কৰিলেও যদি উক্ত প্ৰোগ্ৰামটো বন্ধ নহয়, তেন্তে পুনৰ এবাৰ আগত উল্লেখ কৰা মতে Ctrl+Alt কী কেইটা প্ৰেচ্ কৰি ধৰি ৰাখি Del কী-টো দুবাৰ প্ৰেচ্ কৰিব লাগে। যদি ইয়াতো কম্পিউটাৰটো ৰিষ্টাৰ্ট নহয়, তেন্তে চি.পি.ইউ.-ত থকা ৰিচেট্ চুইচটো প্ৰেচ্ কৰি দিলেই কম্পিউটাৰটো ৰিষ্টাৰ্ট হ’ব।

(৪) কেতিয়াবা আমি কাম কৰি থকাৰ ভিতৰতে চফ্টৱেৰগত সমস্যাৰ বাবে উক্ত প্ৰোগ্ৰামটোৰ ওপৰত এটা মেচেজ বক্স দেখা পোৱা যায়। ইয়াত Close আৰু Ignore বুলি লিখা থাকে। যদিহে Ignore-ত লেফ্ট ক্লিক্ কৰাৰ পাছতো উক্ত মেচেজ বক্সটো আঁতৰি নাযায়, তেন্তে Close নামৰ Option-টোত লেফ্ট ক্লিক্ কৰিব লাগে। এনে কৰিলে উক্ত প্ৰোগ্ৰামটো বন্ধ হৈ যায়।

(৫) কেতিয়াবা কম্পিউটাৰটো বুট্ কৰাৰ পাছত কিছুমান অইন প্ৰোগ্ৰাম ‘ফ্লাই আউট মেনু’ খোল খোৱা দেখা পোৱা যায়। এই মেনুবোৰ নোহোৱা কৰিবলৈ আমি উক্ত মেনুখনৰ একেবাৰে সোঁফালে ওপৰৰ কোণত থকা Close Button-ত বা OK নামৰ Icon-টোত লেফ্ট ক্লিক্ কৰিব লাগে।

(৬) কম্পিউটাৰটো বুট্ কৰাৰ সময়ত কেতিয়াবা অজানিতে যদি Del কী-টোত প্ৰেচ্ কৰা যায়, আমি কম্পিউটাৰৰ Hardware Settings Configuration-ত সোমাই যাম। তেতিয়া ভয় নাখায়, বিতত নহৈ মাথোঁ F10 নামৰ কী-টো প্ৰেচ্ কৰি এণ্টাৰ কী-টো প্ৰেচ্ কৰি দিলেই আমি স্বাভাৱিক পৰ্য্যায়লৈ ঘুৰি আহিব পাৰোঁ

(৭) যদি কেতিয়াবা কম্পিউটাৰটো সঠিকভাৱে Shut Down কৰা নাযায়, তেন্তে দ্বিতীয়বাৰ ইয়াক বুট্ কৰাৰ সময়ত নিজে নিজে স্কেনিং হোৱা দেখা যায়। তেতিয়া বিতত নহৈ, ক্ষন্তেক অপেক্ষা কৰিলেই কম্পিউটাৰে তাৰ কাৰ্য্যসমূহ শেষ কৰি সকলোবোৰ প্ৰক্ৰিয়া স্বাভাৱিক কৰি তুলিব।

কম্পিউটাৰৰ প্ৰতিপালন

যিহেতু কম্পিউটাৰটো এটা অতি স্পৰ্শকাতৰ ধাৰণা বা ইয়াৰ বিভিন্ন অংশসমূহ অতি সুক্ষ্ম, সেয়েহে এই অংশসমূহৰ বিশেষ প্ৰতিপালন অতি জৰুৰী। তলত কম্পিউটাৰ এটাৰ প্ৰতিপালনৰ কিছুমান নিয়ম উল্লেখ কৰা হ’লঃ-

(১) ধূলিকণাই হ’ল কম্পিউটাৰৰ প্ৰধান শত্ৰু। ইয়াৰ পৰা সেয়েহে কম্পিউটাৰটো যথাসম্ভৱ ৰক্ষা কৰি ৰাখিব লাগে। ব্যৱহাৰ নকৰা সময়ত যদি কম্পিউটাৰটো ডাষ্ট ক’ভাৰেৰে ঢাকি ৰাখিব পৰা যায়, তেনেহ’লে ই বহুদিনলৈ ভালে থাকিব আৰু সঘনাই আক্ৰান্ত হোৱাৰ পৰা বিৰত থাকিব। অৱশ্যে ব্যৱহাৰ কৰাৰ প্ৰায় ১৫/২০ মিনিটমান পিছতহে ডাষ্ট ক’ভাৰটো পিন্ধাই দিব লাগে। অন্যথাই মনিটৰ আৰু চি.পি.ইউ.-ৰ ভিতৰত হোৱা অত্যধিক উত্তাপে কম্পিউটাৰটো নষ্ট কৰিব পাৰে বা ডাষ্ট ক’ভাৰটো গলি যোৱাৰ সুযোগ থাকে।

(২) আনহাতে, কম্পিউটাৰটো প্ৰতিদিনে পৰিষ্কাৰ কৰি ৰাখিব লাগে। তাৰবাবে আমি কোমল কাপোৰ এটুকুৰা, ভাল ব্ৰাচ্ এডাল, কোনো ভাল পৰিষ্কাৰক বা ভেকুৱাম্ ক্লিনাৰ আদি ব্যৱহাৰ কৰিব লাগে।

(৩) কম্পিউটাৰটো বন্ধ কৰাৰ সময়ত আমি তাৰ নিৰ্দ্দিষ্ট নিয়মাৱলী পালন কৰিব লাগে।

(৪) কম্পিউটাৰ চলি থকা সময়ত বিজুলী শক্তি বন্ধ হৈ গ’লে আমি ইউ.পি.এছ.-ৰ শেষ সংকেত শুনালৈকে ৰৈ নাথাকি লগে লগে কম্পিউটাৰটো বন্ধ কৰা উচিত, কিয়নো ইউ.পি.এছ.-ত সঞ্চিত হৈ থকা বিদ্যুতখিনি জৰুৰীকালীন অৱস্থাত সহায়ক হ’ব পাৰে।

(৫) চি.ডি. ড্ৰাইভৰ ভিতৰত একেলগে দুখন চি.ডি. বা ফ্ল’পী ড্ৰাইভৰ ভিতৰত জোৰকৈ ফ্ল’পিখন ভৰাবলৈ যত্ন কৰা উচিত।

(৬) আনহাতে, চি.ডি. বা ফ্ল’পিখন ভৰাওতে ইয়াৰ নাম বা ষ্টিকাৰ্ থকা ফালটো ওপৰমুৱাকৈ ৰাখিহে ড্ৰাইভত ভৰোৱা উচিত।

(৭) কী-বোৰ্ডৰ কী-সমূহত মৃদুভাৱে হেঁচা প্ৰয়োগ কৰি ডাটা এণ্ট্ৰি কৰিব লাগে। কিয়নো, কম্পিউটাৰৰ কী-বোৰ্ডখন ফিদাৰ টাচ্ বুলি কোৱা হয়। অৰ্থাত্, লাহেকৈ প্ৰেচ্ কৰিলেই এই কী-সমূহে কাম কৰিব।

(৮) মনিটৰটো কেতিয়াও ভিজা কাপোৰেৰে পৰিষ্কাৰ কৰিব নালাগে। পাৰিলে শুকান কাপোৰেৰে ধূলিকণাবোৰ জোকাৰি দিব লাগে।

(৯) মাউচ্ পেডখন নিতৌ পৰিষ্কাৰ কৰা উচিত, কিয়নো ইয়াত লাগি থকা ধূলিকণাবোৰে মাউচ্ বলটোৰে সোমাই গৈ মাউচটোক কাম কৰাত অসুবিধা দিব পাৰে।

(১০) মাউচৰ তলপিনে থকা বলটো মাজে-সময়ে খুলি লৈ এখন শুকান কাপোৰেৰে ভালদৰে পৰিষ্কাৰ কৰি থাকিব লাগে।

(১১) কম্পিউটাৰটোৰ বাহিৰফালে যদি কোনো ধৰণৰ দাগ লাগে, তেনেহ’লে লিকুইড্ ক্লিনাৰ ব্যৱহাৰ কৰি দাগ আঁতৰ কৰাৰ পাছত এখন শুকান কাপোৰেৰে কম্পিউটাৰটো ভালদৰে মচি দিব লাগে।

(১২) ফ্ল’পি আৰু চি.ডি.-বোৰ ভাঁজ কৰিবলৈ কাহানিও চেষ্টা কৰিব নালাগে।

(১৩) ইহঁতক ব্যৱহাৰ নকৰা সময়ত সদায় পৰিষ্কাৰ তথা ধূলিৰহিত ঠাইত এটা বন্ধ বাকচ বা প্লাষ্টিকৰ বেগত সোমাই ৰাখিব লাগে।

(১৪) ইহঁতৰ ওপৰত কেতিয়াও গধূৰ বস্তু ৰাখিব নালাগে আৰু ইয়াৰ ওপৰত কিবা লিখিব লগা হ’লে সদায় মাৰ্কাৰ পেন বা স্কেচ্ পেন-হে ব্যৱহাৰ কৰা উচিত। বল্ পেন কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।

(১৫) ফ্ল’পি বা চি.ডি.-ৰ ওপৰত হাতৰ চাপ আৰু আঙুলিৰ দাগ লগাব নালাগে। ইহঁতক সদায় দাঁতিত ধৰিহে ডঙা-মেলা কৰিব লাগে। মাজৰ জিলিকি থকা অংশত ভূলতেও কেতিয়াও ধৰিব নালাগে।

(১৬) কম্পিউটাৰটো চাফা কৰা সময়ত সদায় বৈদ্যুতিক সংযোগটো ব্যাহত কৰি ল’ব লাগে।

(১৭) ধূপ-ধুনা তথা চিগাৰেটৰ ধোঁৱা কম্পিউটাৰটোৰ বাবে যথেষ্ট ক্ষতিকাৰক। ইয়াৰ পৰা যথাসম্ভৱ কম্পিউটাৰটো ৰক্ষা কৰিব লাগে।

(১৮) কম্পিউটাৰৰ ওচৰত খোৱা-বোৱা কৰিব নালাগে। ইয়াৰ ফলত খাদ্যবস্তুৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশসমূহ কী-বোৰ্ডৰ কী-সমূহৰ ফাঁকত সোমাই গৈ কী-বোৰ্ডখন নষ্ট কৰিব পাৰে।

(১৯) কম্পিউটাৰ থকা কোঠাটোৰ উত্তাপ খুব বেছি বা নিচেই কম কোনোটোৱেই হ’ব নালাগে।

(২০) চলি থকা অৱস্থাত বৈদ্যুতিক সংযোগ ব্যাহত কৰিবলৈ প্লাগ আদি স্পৰ্শ কৰিবলৈ চেষ্টা নকৰাই ভাল।

(২১) চি.ডি. পৰিষ্কাৰ কৰিবলৈ সদায়েই এখন কোমল কপাহী কাপোৰ ব্যৱহাৰ কৰা উচিত। ইয়াক জোৰকৈ কেতিয়াও ঘঁহিব নালাগে।

লেখক: প্ৰণৱ জ্যোতি ঠাকুৰীয়া।

উৎস: অসমীয়াত প্ৰাথমিক কম্পিউটাৰ শিক্ষা।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate