অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম্পিউটাৰ আৰু ইন্টাৰনেটৰ লগত জড়িত কিছু শব্দাৰ্থ

কম্পিউটাৰ আৰু ইন্টাৰনেটৰ লগত জড়িত কিছু শব্দাৰ্থ

অপ্টিকেল কেৰেক্টাৰ ৰিকগ্‌নিছন

কাগজত লিখিত কোনো আখৰ, বাক্য আদিক কম্পিউটাৰে ব্যৱহাৰ কৰিব পৰাবিধৰ গঠনলৈ পৰিৱৰ্তন কৰাৰ এক কৌশল। কিতাপ, আলোচনী, বাতৰি কাকত, নথি-পত্ৰ আদিৰ একোটা পৃষ্ঠাক ইয়াৰ যোগেদি কম্পিউটাৰ ফাইললৈ পৰিৱৰ্তন কৰিব পাৰি।

অপটিকেল স্কেনাৰ

ছপা আখৰ বা ছবি আদিক ‘পঢ়িব’ পৰা আৰু তাক কম্পিউটাৰে ব্যৱহাৰ কৰিব পৰা গঠনলৈ পৰিৱৰ্তন কৰিব পৰা এক আলোকীয় কৌশল।

আই এছ ডি এন

পূৰ্বৰে পৰা থকা টেলিফোন লাইনৰ মাজেদিয়েই বেছি তথ্য প্ৰেৰণ কৰা এক পদ্ধতি। আই এছ ডি এন কেইটামান ইংৰাজী শব্দৰ প্ৰথমৰ আখৰকেইটা লগ লগাই সজা হৈছে। Tntegrated services Digital Network- এই কথাখিনি চমুকৈ ISDN বুলি লিখা আৰু কোৱা হয়। এক ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে, এই পদ্ধতিত একে সময়তে কম্পিউটাৰৰ তথা, ছবি, শব্দ আদি বিভিন্ন তথ্যৰ আদান-প্ৰদান কৰা হয়।

আই এছ পি

ঘৰুৱা বা ব্যক্তিগত বা ব্যৱসায়িক ব্যৱহাৰৰ বাবে ইণ্টাৰনেটৰ সংযোগ প্ৰদান কৰা প্ৰতিষ্ঠানৰ সামূহিক নাম। ইংৰাজী Internet Service Provider শব্দকেইটা সংক্ষেপে ISP বুলি লিখা আৰু কোৱা হয়। ভাৰতৰ সৰ্ববৃহৎ আই এছ পি টো হৈছে BSNL।

আই চি

ইন্টিগ্ৰেটেড চাৰ্কিট শব্দৰ সংক্ষিপ্ত ৰূপ। আই চি দৰাচলতে ছিলিকনৰ অতি পাতল টুকুৰা, যাৰ ওপৰত অতি ক্ষুদ্ৰ ট্ৰেনজিষ্টৰ, ৰেজিষ্টাৰ আদি বহুওৱা থাকে। কম্পিউটাৰ আৰু তেনেধৰণৰ আন ইলেক্ট্ৰনিক সামগ্ৰীত আই চি ৰ ব্যৱহাৰ বহুল।

আউটছোৰ্চিং

বাহিৰা কোনো সংস্থাৰ দ্বাৰা তথ্য-প্ৰযুক্তি সম্পৰ্কিত কাম বা আন কাম কৰোৱা এক পদ্ধতি। সেই বাহিৰা সংস্থা বা লোক দেশৰ ভিতৰৰ বা বাহিৰৰো হ’ব পাৰে আৰু তেওঁলোকৰ প্ৰতি মূল প্ৰতিষ্ঠানটোৰ বিশেষ দায়বদ্ধতা নাথাকে।

আপলোড

কোনো কম্পিউটাৰৰ পৰা নেটৱৰ্কৰ ছাৰ্ভাৰলৈ তথ্য বা প্ৰগ্ৰেম ট্ৰেন্সফাৰ বা পৰিবহণ কৰা কাৰ্য।

ইউ আৰ এল

ইন্টাৰনেটৰ কোনো ৱেবছাইট নামকৰণ কৰাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বই গ্ৰহণ কৰা পদ্ধতি বিশেষ। ইংৰাজী Uniform Resource Locator শব্দকেইটাক সংক্ষেপে URL বুলি লিখা আৰু কোৱা হয়। ইন্টাৰনেট তথ্যৰ মহাসাগৰ। এই মহাসাগৰত থকা প্ৰতিটো তথ্যকে একো একোটা একক বা অদ্বিতীয় ঠিকনাৰ দ্বাৰা চিহ্নিত কৰা হয়, যাতে নিৰ্দিষ্ট ঠিকনাৰ দ্বাৰা সঠিক তথ্যটো বিচাৰি পাব পৰা যায়। এই অদ্বিতীয় ঠিকনাই হ’ল ইউ আৰ এল। উদাহৰণস্বৰূপে www.google.com.htp.microsoft.com আদি একো একোটা ইউ আৰ এল।

ইউ এছ বি

কোনো এডপটাৰ, কাৰ্ড আদি নোহোৱাকৈ বা ছাট ডাউন নকৰাকৈ কম্পিউটাৰত নতুন ডিভাইছ সংযুক্ত কৰি ল’ব পৰা পদ্ধতি। কম্পিউটাৰ হাৰ্ডৱেৰত মাউছ, মডেম, কী বোৰ্ড আদিক সংযোগ কৰাৰ ক্ষেত্ৰত ই এক বিশ্ব স্বীকৃত পদ্ধতি। ইংৰাজী Universal Serial Bus শব্দকেইটাক সংক্ষেপে USB বুলি লিখা আৰু কোৱা হয়। ইউ এছ বিৰ মূল উদ্দেশ্যে আৰু কাম হ’ল অতি কম পৰিসৰত ডাটা বা তথ্য ট্ৰেন্সফাৰ কৰা কেব্‌লৰ সংযোগ সাধন।

ই-কমাৰ্চ

বৈদ্যুতিক বা ইলেক্ট্ৰনিক ব্যৱস্থাৰ সহায়ত তথ্য আদান-প্ৰদানৰ যোগেদি কৰা বাণিজ্যিক লেন-দেন। Electronic commerce শব্দ দুটাক সংক্ষেপে E-commerce বুলি লিখা আৰু কোৱা হয়। ইয়াৰ দ্বাৰা কম্পিউটাৰৰ সহায়ত ঘৰতে বহি কোনো বস্তু ক্ৰয় কৰিব পাৰি। ই-কমাৰ্চৰ বাবে বিভিন্ন ব্যৱসায়িক লেন-দেন কৰা হয়। ইন্টাৰনেটৰ জৰিয়তে এই ঠিকনাত যোগাযোগ কৰি নিৰ্দিষ্ট মূল্যৰ বিনিময়ত (নগদ ধন বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে) গ্ৰাহকে কোনো পণ্য ঘৰতে ক্ৰয় কৰিব পাৰে। ইয়াৰ উপৰি টেলিফোনৰ বিল, বিদ্যুতৰ বিল, স্কুলৰ মাচুল আদিও ই-কমাৰ্চ পদ্ধতিৰে পৰিশোধ কৰিব পাৰি। ই-কমাৰ্চৰ জৰিয়তে বিশ্বজুৰি গঢ় লৈ উঠা এনে উপযোগী বজাৰখনক ই-বিজনেছ বা ই-বিজ বুলি কোৱা হয়।

ইনপুট

কম্পিউটাৰক নির্দেশ দিয়া বা ইয়াত তথ্য ভৰোৱা আহিলাৰ সামূহিক নাম। কীবোর্ড আৰু মাউচ কম্পিউটাৰৰ মুখ্য ইনপুট আহিলা। ইয়াৰ উপৰি ডিজিটেল কেমেৰা, ৱেবকেম, মাইক আদিও কিছুমান ইনপুট আহিলাৰ উদাহৰণ।

ই-প্ৰকাশন

প্রচাৰ মাধ্যমৰ যিকোনো প্রকাৰক ডিজিটেল ৰূপত প্রকাশ। ই-প্রকাশন সাধাৰণ ছপা ৰূপৰ প্ৰকাশনৰ দৰেই, পিছে এই ক্ষেত্ৰত বিভিন্ন ষ্টোৰেজ কৌশল আৰু কম্পিউটাৰ নেটৱৰ্ক ব্যৱহাৰ কৰি বহুল প্ৰচাৰ কৰা হয়।

ইমটআইকন

কম্পিউটাৰ যোগাযোগ ব্যৱস্থাত আৱেগ প্রকাশ কৰিবলৈ ব্যৱহৃত সংকেত বা চিত্র। ইংৰাজী Emotion (আৱেগ) আৰু Icon (প্রতিকৃতি,চিত্র) শব্দ দুটাৰ পৰা এই শব্দটোৰ সৃষ্টি হৈছে।

ই-মেইল

ইলেকট্ৰনিক মেইল (electronic mail, সংক্ষেপে e-mail)। চিঠি-পত্র,বা-বাতৰি, অন্যান্য নথি-পত্ৰ কম্পিউটাৰৰ মাধ্যমেৰে কেইটামান ছেকেণ্ডৰ ভিতৰতে প্রেৰণ, গ্রহণ, সংৰক্ষণ আৰু বিতৰণ কৰিব পৰা অত্যাধুনিক ব্যৱস্থা। বিভিন্ন ঠাইৰ বিভিন্ন কম্পিউটাৰৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত এনে ‘ডাক-ব্যৱস্থা’ ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে। ইয়াৰ ঠিকনাটো সাধাৰণতে ডাক সেৱাতকৈ কিছু সুকীয়া। এনে এটি ই-মেইল ঠিকনা হ’ল santanu_kausik@rediffmail.com ই-মেইল ঠিকনাত @ (উচ্চাৰণ এট) চিনটোৱে নির্দিষ্ট একাউন্ট হোলডাৰৰ ডাটাবেছ থকা ছাৰ্ভাৰ বা গ্রাহক সেৱাৰ বিষয়ে নির্দিষ্টকৈ জনায়। অর্থাৎ সেই ই-মেইল একাউন্ট হোলডাৰৰ ডাটাবেছ থকা ছাৰ্ভাৰটো ক’ত আছে সেই বিষয়ে আমি জানিব পাৰোঁ। উদাহৰণস্বৰূপে santanu_kausik@rediffmail.com নামৰ ই-মেইল ঠিকনাটোৰ @ চিনটোৱে ই-মেইল একাউণ্ট ব্যৱহাৰকাৰীৰ নাম(santanu kausik) আৰু গ্ৰাহক মূৰৰ (receiving end)নাম (এইক্ষেত্ৰত jediffmail, য’ত ডাটাবেছ ৰখা হৈছে) পৃথক কৰিছে। ইন্টাৰনেটৰ ৱৰ্ক ইনফৰমেচন চেন্টাৰৰ  (Internet work Information Centre) সিদ্ধান্ত অনুসৰি @ আৰু এনেধৰণৰ আন চিনবোৰক সমগ্র বিশ্বতে একেটা অৰ্থত ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। এনে ই-মেইল ঠিকনাৰে পৃথিৱীৰ যিকোনো ঠাইৰ অনুৰূপ ঠিকনাৰ লগত কম্পিউটাৰৰ জৰিয়তে নিমিষতে সংযোগ স্থাপন, বার্তা-বিনিময়, ছবি আদি প্রেৰণ-গ্রহণ কৰিব পাৰি।

কনফিগাৰেছন

কম্পিউটাৰৰ ছফ্টৱেৰ আভ্যন্তৰীণ যন্ত্রদি আৰু যন্ত্ৰৰ উপাদানবোৰৰ বন্টন তথা বিন্যাস পদ্ধতি। ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ, – দুয়োটাৰে কনফিগাৰ কৰা হয়।

কম্পিউটাৰ ভাইৰাছ

প্রচলিত কথাত ভাইৰাছ শব্দটো আহিছে ৰোগ জীৱাণুৰ পৰা। যিবোৰ জীৱাণুৰ উপস্থিতিত মানৱদেহ সংক্রমিত হয়, সেইবোৰকে ভাইৰাছ বোলে। কিন্তু এই জীৱাণুৰ লগত কম্পিউটাৰ ভাইৰাছৰ কোনো সম্পর্ক নাই। কম্পিউটাৰ জগতত VIRUS হ’ল Vital information Resources Under seize, অর্থাৎ, একধৰণৰ প্ৰগ্ৰেম,যি কম্পিউটাৰৰ স্বাভাৱিক তথ্য আদানপ্রদানক বিঘ্নিত কৰে।

পৃথিৱীত কিছুমান মানুহে আছে যিসকল আনৰ ক্ষতি কৰি ভাল পায়। এনে এচাম মানুহেই কেতবোৰ প্ৰগ্ৰেম বা ছফটৱেৰ নিৰ্মাণ কৰে, যাৰ প্ৰভাৱত আনৰ কম্পিউটাৰ বিকল হৈ পৰে, নষ্ট হয় সংৰক্ষিত তথ্য, আনকি প্রগ্রেমো। কম্পিউটাৰ ভাইৰাছে নিজৰ প্ৰতিলিপি সৃষ্টি কৰিব পাৰে আৰু এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ব্যৱহাৰকাৰীয়ে নজনাকৈয়ে বিস্তৃতি লাভ কৰিব পাৰে। কিছুমান ভাইৰাছ তুলনামূলকভাৱে কম অপকাৰী, কিন্তু আন কিছুমানে কম্পিউটাৰৰ সঞ্চিত তথ্যবোৰ নষ্ট কৰি পেলাব পাৰে। অসৎ উদ্দেশ্যত কোনো অচিনাক্ত আৰু অভিজ্ঞ প্রগ্রেমাৰে এই ভাইৰাছ প্রগ্ৰেমবোৰ সৃষ্টি কৰে আৰু টেলিফোন লাইন বা চি ডিৰ সহায়ত সেইবোৰক বিয়পাই দিয়ে। অৱশ্যে আজিকালি এন্টি-ভাইৰাছ ছফ্টৱেৰ কিছুমানে বিকশিত হৈছে আৰু সেইবোৰে বিখ্যাত ভাইৰাছবোৰ ধৰা পেলাই নষ্ট কৰি পেলাব পাৰে। কিন্তু নন ভাইৰাছ ওলায়েই আছে আৰু এনে ভাইৰাছবোৰৰ ক্ষেত্ৰত সেই এন্টি-ভাইৰাছ ছফ্টৱেৰে কাম নকৰিবও পাৰে। বৰ্তমানেও বহু মাৰাত্মক ধৰণৰ ভাইৰাছৰ আক্রমণ কম্পিউটাৰ জগতত হৈয়েই আছে।

কী-বোৰ্ড

বিভিন্ন প্ৰয়োজনীয় প্ৰতীক (A B C আদি, 1,2,3 আদি; +,-,@ আদি),নিৰ্দেশ আদি সূচাবলৈ কম্পিউটাৰত থকা ছবিৰ সজ্জা বা ফলক।

গুগ্‌ল

ইন্টাৰনেটত কোনো বিষয় বিচাৰি দিব পৰা আৰু মেইলৰ সুবিধাও প্রদান কৰা আটাইতকৈ জনপ্রিয় ছাৰ্চ ইঞ্জিন।

চাইবাৰ স্পেচ

সাধাৰণতে চাইবাৰ স্পেচ আৰু ইন্টাৰনেটৰ মাজত বিশেষ পাৰ্থক্য নাই যদিও চাইবাৰ স্পেচৰ প্রকৃত অর্থ হ’ল, ইলেক্ট্রনিক যোগাযোগ ব্যৱস্থাৰ এক কল্পিত স্থান বা স্পেচ অধিক সৰলকৈ ক’বলৈ হ’লে, চাইবাৰ স্পেচ  হ’ল এক কল্পিত শূণ্য স্থান, য’ত এটা কম্পিউটাৰৰ লগত আন এটা কম্পিউটাৰৰ যোগাযোগ হয়।

চি ডি-ৰ'ম

একধৰণৰ কমপেক্ট ডিস্ক, য’ত বিপুল পৰিমাণৰ দৃশ্য, পাঠ্যতথ্য আদি সন্নিৱিষ্ট হৈ থাকে আৰু কম্পিউটাৰত তাক চাব তথা পঢ়িব পাৰি। এই তথ্যবোৰক অৱশ্যে কোনো ধৰণে সালসলনি কৰিব বা মচি পেলাব নোৱাৰি। ইংৰাজী compact Disc (Disk) Read Only Memory শব্দকেইটা। সংক্ষেপে CD-ROM বুলি লিখা আৰু কোৱা হয়।

চিপ

ছিলকন বা আন অৰ্ধ পৰিবাহীৰ টুকুৰা, য’ত জটিল ইলেক্ট্ৰনিক বৰ্তনী আই চি হিচাপে গঢ়ি তুলিব পাৰি। ছিলকন হৈছে ছেমি কণ্ডাক্টৰ বা অৰ্ধ পৰিবাহী, অৰ্থাৎ ই বিদ্যুৎৰ পৰিবাহী, আনহাতে অপৰিবাহীও। বিশুদ্ধ ছিলকনৰ পাতল টুকুৰাৰ ভিতৰত নানা ধৰণৰ ‘ভেজাল’ কণা অতি সূক্ষ্ম জোখত ভৰাই ইয়াক এনেদৰে প্ৰস্তুত কৰা হয়, যাৰ ফলত ইয়াৰ কিছু অংশত বিদ্যুৎ চলাচল কৰিব পাৰে আৰু কিছু অংশত নোৱাৰে। এই সকলো মিলি এটা জটিল ইলেক্ট্ৰনিক চাৰ্কিট বা বৰ্তনী তৈয়াৰ হয়, য’ত হাজাৰ হাজাৰ চিপ বা কেৱল চিপ। এই চিপবোৰৰ আকাৰ নিচেই সৰু যদিও ইয়াতে বহু হাজাৰ উপাংশ ভৰাই থ’ব পাৰি। দীঘলে-বহলে এক চেণ্টিমিটাৰমানৰ এটা চিপত এহাজাৰমান ট্ৰেনজিষ্টৰ, ৰেজিষ্টৰ, কেপচিটৰ আদি উপাংশ সুমুৱাই থ’ব পাৰি। এনে চিপ তৈয়াৰ কৰোঁতে কৰাৰ সময়ত নষ্ট হৈ যায়। আই চি আৰু চিপৰ ব্যৱহাৰৰ লগে লগে কম্পিউটাৰৰ গতি তথা নিৰ্ভৰযোগ্যতা অভাৱনীয়ভাৱে বাঢ়িল, আনহাতে ইয়াৰ নিৰ্মাণ ব্যয় কমি আহিল।

ছফ্টৱেৰ

হাৰ্ডৱেৰ আৰু ছফটৱেৰ চাওক

মূলতঃ কম্পিউটাৰৰ লগত সম্পর্কিত এটা নতুন শব্দ। কুৰি শতিকাৰ মাজভাগ মানৰ পৰা শব্দটোৰ ব্যৱহাৰ হৈছে। কম্পিউটাৰৰ বিন্যাস বা ব্যৱহাৰত কোনো ত্ৰুটি বা সমস্যা দেখা দিলে তাক বিচাৰি উলিওৱা আৰু সংশোধন বা সমাধান কৰাকে সাধাৰণভাবে ট্ৰাবল ছুটিং বোলা হয়।

ডব্লিউ ডব্লিউ ডব্লিউ

ডব্লিউ ডব্লিউ ডব্লিউ আখৰকেইটা সম্পূৰ্ণকৈ লিখিলে হয় ৱৰ্ল্‌ড ৱাইড ৱেব। কুৰি শতিকাৰ নব্বৈৰ দশকত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত ইউৰোপিয়ান চেন্টাৰ ফৰ নিউক্লিয়াৰ ৰিছাৰ্চ’ত এই শব্দটো প্রথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বিজ্ঞানীসকলে তেওঁলোকৰ দ্বাৰা সংগৃহীত তথ্যসমূহ পৰম্পৰে পৰস্পৰক জনোৱাৰ পৰিৱেশক এই শব্দটোৰে বুজোৱা হৈছিল। এতিয়া এই শব্দ সমষ্টি ইন্টাৰনেটৰ ক্ষেত্ৰত বহুলভাৱে ব্যবহৃত হয়। ইণ্টাৰনেটত যিকোনো ঠিকনা বুজাবৰ বাবে  প্ৰথমে এই তিনিটা বর্ণ ব্যৱহাৰ হয়। দৰাচলতে ডব্লিউ ডব্লিউ ডব্লিউ য়ে সমগ্ৰ বিশ্বৰ নিৰ্দিষ্ট কম্পিউটাৰ আৰু কম্পিউটাৰক ব্যৱহাৰকাৰীক সামৰি এক অদৃশ্য জালিকাৰ সৃষ্টি কৰিছে। সকলো ইন্টাৰনেট ব্যৱহাৰকাৰী এই জালিকাৰ এক অংশ। ডব্লিউ ডব্লিউ ডব্লিউ নামৰ এই সাংকেতিক বৰ্ণকেইটাই এতিয়া যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। ইন্টাৰনেটত তথ্যৰ আদান-প্ৰদানৰ বাবে  বর্তমান ‘ডব্লিউ ডব্লিউ ডব্লিউ’ৰ বিকল্প নাই।

ডাউনলোড

ইন্টাৰনেট যোগে দুৰৱতী কোনো কম্পিউটাৰৰ পৰা বা তাতকৈ সহজভাৱে ক’বলৈ গ’লে কোনো ৱেবছাইটৰ পৰা ব্যৱহাৰকাৰীৰ কম্পিউটাৰলৈ তথ্য, চিত্ৰ, ছফটৱেৰ বা তেনেধৰণৰ আন কোনো দৰকাৰী বিষয়বস্তু সম্বলিত ফাইলৰ একোটা কপি অনা কাৰ্য। কোনো কম্পিউটাৰৰ পৰা তথ্য আৰু প্ৰগ্ৰেম আন ডিস্কলৈ প্ৰেৰণ কৰা কামটোৰো নাম ডাউনলোড। ডাউনলোডৰ ঠিক বিপৰীত পৰিঘটনাটো হৈছে আপলোড। এইক্ষেত্ৰত ব্যৱহাৰকাৰীৰ কম্পিউটাৰৰ পৰা এটা ফাইল ইন্টাৰনেট যোগে দুৰৱতী কোনো কম্পিউটাৰলৈ পঠিওৱা হয়।

ডাটাবেছ

কম্পিউটাৰত পদ্ধতিগতভাবে সংগৃহীত আৰু সংৰক্ষিত তথ্য-পাতিৰ (যাতে ক্ষিপ্ৰতাৰে এনে তথ্যৰ ব্যৱহাৰ বা সালসলনি কৰিব পাৰি) সাধাৰণ নাম। কম্পিউটাৰত ব্যবহাৰপযোগী তথ্য যদি প্রয়োজনত সহজেই ব্যৱহাৰ কৰিব পৰাকৈ বিন্যস্ত কৰা হয়, তেতিয়া সেই তথ্যৰ ভাণ্ডাৰ বা সমাহাৰক ডাটাবেছ বুলি কোৱা হয়।

ডি টি পি

ইংৰাজী Desktop Publishing শব্দ দুটাক সংক্ষেপে DTP বুলি লিখা আৰু কোৱা হয়। ডেস্কটপ হ’ল ডেস্ক বা টেবুলৰ ওপৰত কাম কৰিব পৰা সৰু কম্পিউটাৰ। কম্পিউটাৰৰ সহায়ত আখৰ সজোৱা বা কম্পোজ কৰা আৰু কাকত-আলোচনী-কিতাপ আদিৰ অংগসজ্জা বা লে-অডিটৰ কামত ডিটিপিৰ ব্যৱহাৰ বহুল।

ডি ভি ডি

তথ্য, সংগীত, ভিডিঅ’ আদি ষ্টোৰ কৰি ৰাখিব পৰা এক জনপ্রিয় আলোকীয় ডিস্ক। ইংৰাজী Digital Video শব্দকেইটাক সংক্ষেপে DVD বুলি লিখা আৰু কোৱা হয়। ডিভিডিৰ আকাৰ আৰু কৰ্ম পদ্ধতি কমপেক্ট ডিস্ক বা চিডিৰ সৈতে প্ৰায় একে যদিও চিডিতকৈ ডিভিডিত ছগুণৰো বেছি তথ্য, সংগীত, ভিডিঅ আদি ৰেকর্ড কৰি ৰাখিব পাৰি। উদাহৰণস্বৰূপে এখন হিন্দী ছবি ৰেকৰ্ড কৰিবলৈ কমেও দুখন চিডিৰ আৱশ্যক। কিন্তু এখন ডিভিডিতে চাৰিখন (কেতিয়াবা তাতকৈও বেছি) পূৰ্ণ দৈৰ্ঘ্যৰ ছবি ৰেকৰ্ড কৰি থ’ব পাৰি। এনে অনন্য বৈশিষ্ট্যৰ বাবে ডিভিডিয়ে সমগ্ৰ বিশ্বতে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে।

তথ্য প্ৰযুক্তি

কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু টেলি সংযোগ বিজ্ঞানৰ সহায়ত তথ্য, সংবাদ আদি সংগ্ৰহ আৰু বন্টন সম্পর্কে তাত্বিক পাঠ তথা তাৰ ব্যবহাৰিক প্রয়োগ। কম্পিউটাৰ, মাইক্ৰো প্ৰচেছৰ আদি ইলেক্ট্ৰনিক আহিলাৰ অভূতপূৰ্ব অগ্ৰগতিৰ ফলত কম্পিউটাৰ, যোগাযোগ ব্যৱস্থা, ব্যৱহাৰিক ইলেক্ট্ৰনিকছ, ৰেডিঅ’, টেলিভিছন আদিৰ হাৰ্ডৱেৰ-ছফটৱেৰক লৈ গঢ়ি উঠা প্ৰযুক্তি। সম্প্ৰতি বিশ্বজুৰি তথ্য প্ৰযুক্তিয়ে এক বিপ্লৱৰ সূচনা কৰিছে।

নেটৱৰ্ক

নেটৱৰ্ক শব্দটোৰ কেইবাটাও অৰ্থ আছে। ইয়াৰ সাধাৰণ অৰ্থ, পৰস্পৰ-সংযুক্ত নানান বিষয়ৰ সমন্বয়। কোনো ব্যক্তিৰ নেটৱৰ্ক বুলিলে বুজায় যোগাযোগ ব্যৱস্থা বা সংযোগ ব্যৱস্থা বা বহু লোকৰ লগত সংযোগ। ইলেক্ট্ৰনিক সম্প্ৰচাৰ মাধ্যমত ইয়াৰ অৰ্থ, বহু পৰস্পৰ-সংযুক্ত সম্প্ৰচাৰ কেন্দ্ৰৰ মাজত সমন্বয়। কম্পিউটাৰ বিজ্ঞানত নেটৱৰ্কৰ অৰ্থ, একাধিক কম্পিউটাৰৰ মাজত তথ্য আৰু প্ৰোগ্ৰাম আদান-প্ৰদানৰ বাবে সংযোগ ব্যৱস্থা। নেটৱৰ্কৰ শেষোক্ত অৰ্থটোৱেই সৰ্বাধিক প্ৰচলিত আৰু জনপ্ৰিয়।

নেটিকেট

কোনো অনলাইন ছাৰ্ভিচত, বিশেষকৈ, ইন্টাৰনেটৰ ই-মেইল বা মেছেজ দিওঁতে জানিবলগীয়া ভদ্ৰতাসূচক নিয়ম-নীতি। ইলেক্ট্ৰনিক নীতি মনাত আৰু মেইল আদিত সৌজন্যতা ৰক্ষা কৰাত ই সহায় কৰে। ইংৰাজী Internet আৰু Etiquette শব্দ দুটাৰ সংমিশ্ৰণত শব্দটো সৃষ্টি কৰা হৈছে।

নেটিজেন

আধুনিক তথ্য প্ৰযুক্তিৰ যুগত নিয়মীয়াকৈ ইন্টাৰনেট ব্যৱহাৰ কৰা যিকোনো নাগৰিক বা লোক। ইংৰাজী Internet আৰু Citizen শব্দ দুটাৰ সংমিশ্ৰণত শব্দটো সৃষ্টি কৰা হৈছে।

পি টি এছ

কম্পিউটাৰৰ সহায়ত আখৰ সজোৱা বা কম্পোজ কৰা এটা অত্যাধুনিক পদ্ধতি। ইংৰাজী Photo Type selting শব্দকেইটাক সংক্ষেপে PTS বুলি লিখা আৰু কোৱা হয়। পি টি এছ পদ্ধতিত কম্পিউটাৰৰ সহায়ত সজোৱা আখৰবোৰ অবিকল ৰূপ এক বিশেষ প্ৰক্ৰিয়াৰে ব্লোমাইড পেপাৰত জিলিকি উঠে। উল্লেখ্যযোগ্য যে ফটো বা আলোকচিত্ৰও এই ব্লোমাইড পেপাৰতে ছপোৱা হয়; ছপোৱা পদ্ধতিও বহু পৰিমাণে একে। সেয়েহে এই পদ্ধতিৰ নাম ফটো টাইপ ছেটিং। অৱশ্যে পি টি এছ পদ্ধতিত ব্যৱহাৰ কৰা ব্ৰোমাইড পেপাৰ আলোকচিত্ৰত ব্যৱহৃত ব্ৰোমাইড।

বিট

সাধাৰণতে কম্পিউটাৰৰ প্ৰসংগত ০ বা ১ -ক বিট বুলি কোৱা হয়। ইংৰাজী Binary Digit ক সংক্ষেপে BIT বুলি লিখা আৰু কোৱা হয়। ডিজিটেল আহিলাসমূহে সাধাৰণতে ‘০’ আৰু ‘১’ অংক দুটাৰ বাদে আন একো বুজি নাপায়। ইহঁতক যিয়েই নিৰ্দেশ দিয়া নহওঁক অথবা ইয়াত যি তথ্যই সংৰক্ষণ কৰিব খোজা নহওঁক, ইবিলাক তৎমূহুৰ্ততে ‘০’ অথবা ‘১’ ৰূপলৈ পৰিৱৰ্তন কৰি লোৱা হয়। ডিজিটেল আহিলাসমূহত স্মৃতি ভঁৰালৰ ক্ষুদ্ৰতম অংশক যদি কোষ বুলি ভবা হয় তেন্তে ‘০’ ই বুজাব যে সেই বিশেষ কোষটোত বিদ্যুৎ নাই আৰু ‘১’ এ বুজাব বিদ্যুৎ আছে। এইদৰে ‘০’ আৰু ‘১’ ৰ দ্বাৰা যিকোনো ধৰণৰ তথ্য অথবা আকৃতিৰ প্ৰতিৰূপ ডিজিটেল ৰূপলৈ নিব পৰা যায় আৰু প্ৰয়োজন সাপেক্ষে পুনৰ ইবিলাক আগৰ ৰূপলৈ ঘূৰাই আনিব পৰা যায়। ডিজিটেল স্মৃতি ভঁৰালসমূহ বিভিন্ন ধৰণৰ হ’ব পাৰে। আমাৰ পৰিচিত এনে কেইটামান আহিলা ‘০’ আৰু ‘১’ ৰ ভিত্তিত যিদৰে তথ্য সংৰক্ষণ কৰা হয়, তাৰ আটাইতকৈ ক্ষুদ্র একক হৈছে বিট।  এটা কোষত ০ অথবা ১ যিকোনো এটাহে থাকিব পাৰে। এই দুটা অংকৰ যিকোনো এটাই অধিগ্রহণ কৰা এটা কোষক ১ বিট বুলি কোৱা হয়। উল্লেখযোগ্য যে এটা আখৰৰ বাবেও একাধিক বিটৰ প্রয়োজন হ’ব পাৰে।  সেয়ে এলেক্ষেত্ৰত বিটৰ উপৰি আন কিছুমান একক ব্যৱহাৰ কৰা হয়, যেনে:

৪ বিট = ১ নিবিল            ৮ বিট/২ নিবিল = ১ বাইট

১০২৪ বাইট = ১ কিলোবাইট (KB)     ১০২৪ কিলোবাইট = ১ মেগাবাইট (MB)

১০২৪ মেগাবাইট = ১ গিগাবাইট (GB)   ১০২৪ গিগাবাইট = ১ টেৰাবাইট (TB) আদি।

ব্লগ

এনে এক ৱেবছাইট য’ত সন্নিৱিষ্ট বিষয়বস্তু ইয়াৰ গৰাকীৰ ৰুচিৰ ভিত্তিত সঘনে পৰিৱর্তন বা নৱীকৰণ (update) কৰা হয়। ৱেব লগ (weblog) নামেৰেও পৰিচিত। কিছুমান ব্লগত আন আন ৱেবছাইটৰ পৰা বা-বাতৰি সংগ্ৰহ কৰি সেয়া ইয়াৰ গৰাকীজনৰ ইচ্ছা অনুসৰি তেওঁৰ দৃষ্টিকোণৰ পৰা ন-কৈ উপস্থাপন কৰা হয়। আকৌ আন কিছুমান ব্লগত ইয়াৰ দর্শনার্থীসকলৰ মন্তব্য আৰু বিভিন্ন বিষয় সম্পর্কে তেওঁলোকৰ অভিমত প্ৰকাশৰ ব্যৱস্থা আছে। সর্বসাধাৰণ ৰাইজৰ বাবে নিজৰ মতামত প্রকাশ বা প্রচাৰৰ বাবে একোটা ৱেবছাইট খুলি লোৱাটো সম্ভৱ নহয়। এনেক্ষেত্ৰত ব্লগসমূহে ব্যৱহাৰকাৰীক নিজৰ মতামত প্ৰকাশৰ বাবে আৰু কোনো কোনো ক্ষেত্ৰত প্ৰচাৰৰ বাবে বিনামূলীয়াকৈ যি সুবিধা প্ৰদান কৰিছে তাৰ বাবে সাম্প্ৰতিক কালত ইবিলাক অতিকৈ জনপ্ৰিয় হৈ উঠিছে।

ব্লগ শব্দটো ইংৰাজী ৱেব লগ (weblog) শব্দটোৰ অপভ্রংশ। সাধাৰণ কথাত ক’বলৈ গ’লে ব্লগে এক অনলাইন ডায়েৰী হিচাপে বেছিভাগ ক্ষেত্ৰত কাম কৰে। সঞ্চিত তথ্যৰ ভিত্তিত ব্লগ কেইবাপ্ৰকাৰৰ হ’ব পাৰে। যেনে: আর্ট ব্লগ (ছবিৰ ওপৰত ভিত্তি কৰি), ফটো ব্লগ (ফটোগ্ৰাফ জমা ৰাখিলে), স্কেচ ব্লগ, ভি ব্লগ বা ভগ (ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি), এম পি থ্ৰী ব্ৰগ (গান) আদি। ই-মেইলৰ লগত ব্লগৰ পাৰ্থক্য আছে। ই-মেইল সকলোৱে চাব নোৱাৰে। কিন্তু ব্লগ সকলোৰে বাবে মুকলি। ইয়াত যিকোনো ব্যক্তিয়ে কৰোৱাৰ লেখা পঢ়িব, মতামত জনাব পাৰে।

মডিউল

কম্পিউটাৰৰ বিশেষ কোনো ছফ্টৱেৰৰ নানা অংশ।

মডেম

কম্পিউটাৰৰ চিষ্টেম আৰু টেলিফোন লাইনক সংযুক্ত কৰা সঁজুলি। মডেমৰ জৰিয়তে এটা কম্পিউটাৰৰ পৰা টেলিফোন লাইনৰ যোগেদি আন এটা কম্পিউটাৰলৈ তথ্যাদিৰ দ্রুত সৰবৰাহ ঘটে। মডেমে এনালগ তথ্যক ডিজিটেল আকাৰলৈ নিব পাৰে আৰু লগতে তাৰ বিপৰীত কামটোও কৰিব পাৰে। ইংৰাজী মডুলেটৰ (Modulator) আৰু ডিমডুলেটৰ- এই শব্দ দুটাৰ সংমিশ্ৰণত মডেম শব্দটো সৃষ্টি হৈছে। ইন্টাৰনেট সংযোগ ব্যৱস্থাত মডেমৰ বিশেষ ব্যৱহাৰ আছে।

মাইক্রোকম্পিউটাৰ

মাইক্ৰোপ্ৰচেছৰ ব্যৱহাৰ কৰি সজা কম্পিউটাৰ। প্ৰথম মাইক্ৰোকম্পিউটাৰটো সাজি উলিয়াইছিল Intel сorporation নামৰ কোম্পানী এটাই ১৯৭১ চনত। ইয়াৰ নাম আছিল INTEL 4004. বৰ্তমান সময়ত সাধাৰণতে ব্যৱহাৰ হোৱা প্রায়বোৰ কম্পিউটাৰেই মাইক্রোকম্পিউটাৰ।

মাডাৰবোর্ড

কম্পিউটাৰত ব্যৱহৃত প্ৰিন্টেড চার্কিট বোর্ড। ইয়াৰ ভিতৰত চেটেল প্রচেছিং ইউনিট, আন প্ৰচেছৰ ডিভাইচ কণ্ট্ৰোলাৰ, এক্সপানশ্বন শ্লট আদি থাকে।

মাল্টিমিডিয়া

কম্পিউটাৰৰ মাধ্যমত লেখাৰ (Text) লগতে সচল চিত্র, স্থিৰ চিত্র, সংগীত, গ্রাফিক্স, ৰেখাচিত্র ইত্যাদিৰ সৃষ্টি কৰি তাক বিনোদন, শিক্ষা ইত্যাদিৰ কামত ব্যৱহাৰ কৰা এক প্ৰক্ৰিয়া বা উপায়। সাম্প্রতিক কালত চলচ্চিত্ৰৰ নানান ৰোমাঞ্চকৰ দৃশ্যাৱলী (special effect) ৰচনাত মাল্টিমিডিয়াই বিশেষ ভূমিকা পালন কৰে। কম্পিউটাৰত ছবি বা প্রতিকৃতিৰ বিৱৰ্বন (enlargement) আদিৰ কামতে মাল্টিমিডিয়াৰ বিশাল ভূমিকা আছে।

মেগা পিক্সেল

ইংৰাজী Picture আৰু Elementশব্দ দুটাৰ সমন্বয়ত Pixel শব্দটোৰ সৃষ্টি হৈছে। কম্পিউটাৰে মনিটৰৰ যোগে প্রদর্শন কৰা ছবি,নক্সা আদি (image) অথবা প্রিন্টাৰৰ দ্বাৰা ছপা কৰা, নক্সা দুয়োক্ষেত্ৰতে কিছুমান ক্ষুদ্ৰাতি ক্ষুদ্র বিন্দুৰ দ্বাৰা ইহঁতক গঢ়ি তোলা হয়। এই বিন্দু সমূহ যিমানে ক্ষুদ্ৰ হ’ব, প্ৰদৰ্শিত ছবি, নক্সাও সিমানে নিখুত হ’ব। এনে একো একোটা বিন্দুক এটা পিক্সেল বুলি কোৱা হয়। কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শন কৰিব লগা বা ছপা কৰিব লগা আখৰ, ছবি, ফটো আদিৰ ক্ষেত্ৰত এনে অসংখ্য বিন্দু বা পিক্সেল লগ লগায়েই মূল আকৃতিটো গঢ় দিয়া হয়। পিক্সেল হৈছে একোখন ছবি বা একোটা নক্স গঠিত হোৱা উপাদানসমূহৰ ক্ষুদ্রতম একক। এনেকুৱা দহ লাখ (মিলিয়ন) পিক্সেলক একেলগে মেগা পিক্সেল বুলি কোৱা হয়। সম্প্ৰতি ডিজিটেল কেমেৰা, স্কেনাৰ, কম্পিউটাৰ মনিটৰ ইত্যাদিৰ দ্বাৰা কিমান নিখুত মানৰ ছবি, নক্সা লাভ কৰিব পৰা যায় সেয়া বুজাবলৈ এই মেগা পিক্সেল, চমুকৈ এমপি নামৰ এককটো ব্যৱহাৰ কৰা হয়।

ৱাই-ফাই

ৱাই-ফাইৰ অৰ্থ হ’ল তাঁৰবিহীনভাৱে সম্পূৰ্ণ সংযোগ। ইংৰাজী Wireless Fidelity শব্দ দুটাক সংক্ষেপে Wi-fi বুলি লিখা আৰু কোৱা হয়। ই দৰাচলতে কম্পিউটাৰ- ইন্টাৰনেটত ব্যৱহৃত এক পদ্ধতি। ৱাই-ফাইৰ জৰিয়তে কোনো তাৰ নোহোৱাকৈ এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ তথ্য সৰবৰাহ কৰিব পাৰি।

ৱেবছাইট

ইন্টাৰনেটত তথ্যজমা ৰখা একস্থান। ৱেবছাইট কোনো এটা কম্পিউটাৰত সংৰক্ষিত তথ্যৰাজি। ইন্টাৰনেটৰ যোগেদি মুকলি কৰি দিবলৈ গ্রহণ কৰা বর্তমান কালৰ আটাইতকৈ সহজ ব্যৱস্থা৷ ৱেবছাইটক ইন্টাৰনেটৰ যোগে প্রচৰিত এখন কিতাপ বা আলোচনীৰ সৈতে তুলনা কৰিব পাৰি। এই ৱেবছাইটসমূহ গঠন কৰা হয় বহু ৱেবপেজৰ সমন্বয়ত। ৱেব ব্রাউজাৰ নামৰ গ্ৰন্থ প্ৰগ্ৰেমৰ দ্বাৰা ইন্টাৰনেটৰ যোগে প্রচৰিত ৱেবছাইটসমূহ চাব পৰা যায়।

হাৰ্ডৱেৰ আৰু ছফটৱেৰ

কম্পিউটাৰৰ দুটা প্রধান অংশ। কম্পিউটাৰৰ শৰীৰটোক বা তাৰ অংশবোৰক হার্ডবেৰ বোলে। ইনপুট, আউটপুট, চি পি ইউ, বাহিৰৰ স্মৃতি বা ভঁৰাল শাখা এইবোৰ হ’ল কম্পিউটাৰৰ হাৰ্ডৱেৰ। সাধাৰণতে লো, তীখা, প্লাষ্টিক, ৰবৰ আদিৰে হার্ডৱেৰ অংশ গঠিত। আনহাতে কম্পিউটাৰক দিয়া নির্দেশ বা প্ৰগ্ৰেমবোৰক ছফটৱেৰ বোলা হয়। ছফটৱেৰৰ সহায়ত কম্পিউটাৰে তাৰ কামবোৰ কৰে। বিভিন্ন ধৰণৰ কামৰ বাবে বিভিন্ন ছফটৱেৰ ৰচনা কৰি তাক ব্যৱহাৰ কৰা হয়।

হার্ডৱেৰ আৰু ছফটৱেৰৰ সমষ্টিটোহে এটা কাৰ্যক্ষম কম্পিউটাৰ। এটাই অকলে কোনো কাম কৰিব নোৱাৰে। হার্ডৱেৰ আৰু ছফটৱেৰৰ সহজ চিনাকিটো হ'ল: কম্পিউটাৰৰ হার্ডৱেৰ অংশ (যেনে : কম্পিউটাৰত থকা টিভিৰ নিচিনা স্ক্রীনখন) হাতেৰে চুব পাৰি (Tangible), কিন্তু কম্পিউটাৰৰ ছফটৱেৰ অংশ (যেনে কম্পিউটাৰৰ প্রগ্রেম) হাতেৰে চুৰ কৰিব নোৱাৰে।

হেকাৰ

হেকাৰ হ’ল এজন (বা একাধিক) ব্যক্তি, যি সুদক্ষ কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু যাৰ কম্পিউটাৰ ছফটৱেৰৰ যথেষ্ট জ্ঞান আছে। হেকাৰসকল কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ ক্ষেত্ৰত প্রায় যাদুকৰ। খুব কম সময়তে তেওঁলোকে প্রগ্রেম তৈয়াৰ কৰিব পাৰে আৰু নিত্য-নতুন প্রপ্রেম উৎসাহেৰে সৃষ্টি কৰিয়েই থাকে। পিছে প্রায়বোৰৰ ক্ষেত্ৰতে হেকাৰে তেওঁলোকৰ প্ৰতিভা আৰু বিশেষ প্ৰগ্ৰেমবোৰ ভাল উদ্দেশ্যত ব্যৱহাৰ নকৰে। তেওঁ আন প্ৰগ্ৰেমবোৰত ব্যাঘাতহে সৃষ্টি কৰে আৰু বহুসংখ্যক কাম তথা প্রপ্রেম নষ্ট কৰি পেলায়।

অৱশ্যে হেকাৰৰ প্রধান কাম তথা উদ্দেশ্য হ'ল আন কম্পিউটাৰত সঞ্চিত গুপুত তথ্যসমূহ চুৰি কৰা তথা ফাদিল কৰা। বিভিন্ন সাংকেতিক কোডেৰে সেই তথ্য আৰু । প্রশ্ৰেমবোৰ সুৰক্ষিত কৰি ৰখা হলেও হেকাৰে তেওঁলোকৰ সৃষ্ট বিশেষ প্ৰগ্ৰেমৰ জৰিয়তে সেই কোডবোৰ অতিক্রম কৰি নির্দিষ্ট কম্পিউটাৰটোত প্রৱেশ কৰে আৰু গুপ্ত তথ্যসমূহৰ পাঠোদ্ধাৰ কৰে।

লেখক: শান্তনু কৌশিক বৰুবা।

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, নতুন জানানে।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate