অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম্পিউটাৰ এটা কিনাৰ আগতে

কম্পিউটাৰ এটা কিনাৰ আগতে আজিকালিৰ এই লাগতিয়াল অত্যাধুনিক সজুলিবিধৰ বিষয়ে অলপ জানি লওঁক৷মুলতে গণনাৰ কাৰণে আৱিষ্কাৰ হোৱা এইবিধ সজুলি এতিয়া আৰু সেই গণনা কামত আৱদ্ধ হৈ থকা নাই৷দৈনন্দিন জীৱনৰ এনেকুৱা এটা অংশ নাই যত কম্পিউটাৰৰ প্ৰভাৱ নাই৷কম্পিউটাৰ বুলি কলে ডেক্সটপ আৰু লেপটপ দুয়োধৰণৰ কম্পিউটাৰ সজুলিকে বুজায়৷কম্পিউটাৰ এটা কিনাৰ আগতে জানিবলগীয়া কথাখিনি চমুকৈ হ'ল এনে ধৰণৰ

প্ৰথমে সিদ্ধান্ত লওঁক লেপটপ কিনিব নে ডেক্সটপ কিনিব৷দামৰ পাৰ্থক্য থকাৰ উপৰিও দুয়োটাৰে বেলেগ বেলেগ সুবিধা আছে৷যদি আপুনি একেৰাহে দীঘলীয়া সময়ৰ বাবে আৰু ডাঙৰ চফ্টৱেৰত (যেনে ডিজাইনিং চফ্টৱেৰ) কাম কৰিব বিচাৰে আৰু বিদ্যুৎৰ যোগান ভাল তেন্তে ডেক্সটপ কিনক৷নহলে লেপটপ কিনাই ভাল, যতে ততে লৈ যোৱাৰ সুবিধাৰ ওপৰিও লেপটপত থকা বেটাৰিয়ে বিদ্যুৎ নথকা সময়ত কাম চলাই যাব৷এতিয়া আহো কম্পিউটাৰ কিনাৰ আগতে কি কি কাৰিকৰী কথা জানিলে আপোনাৰ পৰিশ্ৰমৰ টকা অথলে নাযায়৷ তিনিটা বস্তু ভালদৰে চাই ল'ব-

(ক) প্ৰচেছৰ (CPU)

প্ৰচেছৰ হ'ল কম্পিউটাৰৰ মগজু৷ আমাৰ মগজুয়ে যি দুটা প্ৰাথমিক কাম কৰে- গণনা আৰু তথ্য সঞ্চয় কৰা, তাৰে গণনাৰ (দেখাত যদিও কম্পিউটাৰে বিভিন্ন ধৰণৰ কাম কৰে, কিন্তু মুলতঃ কম্পিউটাৰে 0 আৰু 1 ৰ গণনা কৰে) কামখিনি RAM ৰ সহায়ত কৰি হাৰ্ড দিস্কত সঞ্চয় কৰে৷ প্ৰচেছৰৰ ক্ষমতা যিমানে বেছি হব আপুনি ডাঙৰ কাম সিমান দ্ৰুতগতিত কৰিব পাৰে৷ বজাৰত বৰ্তমানে উপলব্ধ প্ৰচেছৰ সমুহ হ'ল এনেধৰণৰ Intel Core i7, Intel Core i5, Intel Core i3, Intel Core 2 Duo, Intel Pentum Dual Core, Intel Celeron etc.(AMD ৰো কিছুমান প্ৰচেছৰ আছে কিন্তু সাধাৰণ ব্যৱহাৰকাৰীৰ মাজত সিমান জনপ্ৰয় নহয়) ইয়াৰ আগতে পুৰণা কম ক্ষমতাৰ প্ৰচেছৰৰ কথা লিখিলো৷ইয়াৰে Intel Core i7 একেবাৰে শেহতীয়া আৰু ইয়াৰ গতি বেছি লগতে এই প্ৰচেছৰ থকা কম্পিউটাৰৰ দামও বেছি৷ কমদামী, কম ক্ষমতাৰ হ'ল Intel Celeron প্ৰচেছৰ৷ প্ৰচেছৰৰ গতি GHz (Giga Hertz) ত জোখা হয় যেনে ২.0 GHz, ২.৫ GHz ইত্যাদি৷

(খ) RAM (Random Access Memory)


ৰেম হ'ল কম্পিউটাৰৰ ক্ষণস্থায়ী স্মৃতি৷যিমান সময় বিদ্যুৎ সংযোগ থাকে সিমান সময়লৈ ৰেমত তথ্য জমা থাকে৷আগতেই উল্লেখ কৰামতে প্ৰচেছৰে ৰেমৰ সহায়ত যাবতীয় কাম কৰে৷প্ৰচেছৰে অস্থায়ীবাবে তথ্য ৰেমত জমা কৰি ৰাখে আৰু দৰকাৰ অনুযায়ী সেয়া ব্যৱহাৰ কৰে৷ সেয়ে ৰেম যিমানে বেছি হব কম্পিউটাৰৰ গতি সিমানে বেছি হব৷ ৰেমৰ ক্ষেত্ৰত দুটা কথা বিবেচনা কৰিব লাগে- অস্থায়ীবাবে তথ্য জমা ৰাখিব পৰা ক্ষমতা আৰু ৰেমৰ গতি৷ৰেমৰ ক্ষমতা Megabyte (MB) বা বেছি ক্ষমতাৰ হ'লে Gigabyte (GB) ত জোখা হয়৷ যেনে ৫১২ MB, ১ GB, ২GB ইত্যাদি৷বজাৰত উপলব্ধ এটা ৰেমৰ টুকুৰাৰ ক্ষমতা বৰ্তমান সৰ্বোচ্ছ ৪ GB. লেপটপ বিলাকত সাধাৰণতে ২ GB, ৪ GB বা ৮ GB ৰেম থাকে৷ ডেক্সটপৰ মেইন বৰ্ডে (Motherboard) যদি সমৰ্থন কৰে তেন্তে অতি সহজে ৰেম বঢ়াব পাৰি৷ৰেমৰ ক্ষেত্ৰত আন এটা কথা মন কৰিব লাগে, সেয়া হল ৰেমৰ গতি, ৰেমৰ গতি Mega Hertz ত হিচাপ কৰা হয়,যেনে ৫৩৩ MHz, ৬৬৭ MHz, ১৩৩৩ MHz ইত্যাদি৷

নতুন ৰেম হ'লে ক্ষমতাৰ লগতে গতিও বেছি হয়৷ ৰেমৰ গতি যিমানে বেছি হব প্ৰচেছৰে সিমান বেছি গতিৰে ৰেমত তথ্য সঞ্চয় আৰু ব্যৱহাৰ কৰিব পাৰিব৷

(গ) হাৰ্ড ডিক্স (Hard Disk Drive)


হাৰ্ড ডিক্স হ'ল কম্পিউটাৰত স্থায়ী তথ্য সঞ্চয় কৰাৰ ঠাই৷প্ৰচেছৰে ৰেমৰ সহায়ত যি কাম কৰিলে সেয়া সংৰক্ষণ (Save)ত ক্লিক কৰিলে হাৰ্ড ডিক্সত জমা হয়৷লগতে কম্পিউটাৰ চলিবলৈ যি অপাৰেটিং চিষ্টেমৰ দৰকাৰ হয় সেয়াও হাৰ্ড ডিক্সতে থাকে৷হাৰ্ড ডিক্সে যিহেতু তথ্য জমা ৰাখিব সেয়ে ইয়াৰ তথ্য জমা ৰখাৰ ক্ষমতা কিমান হব সেয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব৷হাৰ্ড ডিক্সৰ ক্ষমতা Gigabyte (GB) ত জোখা হয়৷সাধাৰণতে বজাৰত ২৫০ GB, ৩২০ GB, ৫০০ GB, ১TB (Terabyte), ২ TB ক্ষমতাৰ হাৰ্ড ডিক্স পোৱা যায়৷ৰেমৰ নিচিনা হাৰ্ড ডিক্সৰও ক্ষমতা আৰু গতিৰ কথা বিবেচনা কৰিব লাগে৷হাৰ্ড ডিক্সৰ গতি RPM (Round Per Minute) ত জোখা হয়৷যেনে ৫৪০০ RPM, ৭২০০ RPM, ১০,০০০ RPM ইত্যাদি৷হাৰ্ড ডিক্সৰ গতি যিমানে বেছি হব প্ৰচেছৰে সিমানে বেছি গতিত হাৰ্ড ডিক্সত তথ্য জমা আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰিব৷

ওপৰত উল্লেখ কৰা তিনিটা প্ৰধান অংগৰ ওপৰিও মেইন বোৰ্ডৰ ওপৰতো কম্পিউটাৰৰ গতি নিৰ্ভৰ কৰে৷যদি সকলো মিলি যায় তেন্তে আপোনাৰ কম্পিউটাৰৰ পৰা সৰ্বোচ্ছ সুবিধা লব পাৰিব৷লেপটপবিলাক আৰু কিছুমান ডেক্সটপ নিৰ্মাণকাৰী কম্পেনিবিলাকে প্ৰচেছৰ,ৰেম,হাৰ্ড ডিক্স ইত্যাদি নিজে এটা কম্পিউটাৰত লগাই ৰাখে,আপুনি সেয়া সালসলনি কৰিব নোৱাৰিব৷কিন্তু যিবিলাক মডেলত আপোনাৰ চাহিদা পুৰণ কৰিব পৰাকৈ বস্তুবিলাক লগোৱা আছে সেয়া কিনিব পাৰে৷ডেক্সটপ যদি কিনে আপুনি অৰ্ডাৰ দিয়ামতে বনাই দিব কিন্তু তাতো কিছুমান সীমাবদ্ধতা আছে৷যেনে Intel Celeron Processor এটাৰ লগত ২ TB হাৰ্ড ডিক্স আৰু ৮ GB ৰেম লগালে প্ৰচেছৰে সেয়া বহন কৰিব নোৱাৰিব৷ডেক্সটপ কিনিলে মনিটৰ কিনাত সাৱধানতা অৱলম্বন কৰিব৷আগতে আছিল CRT (Cathode Ray Tube) মনিটৰ, পিছত আহিল LCD (Liquid Crystal Display) আৰু এতিয়া আহিল LED (Light Emitting Diode) মনিটৰ৷CRT মনিটৰে বিদ্যুৎ বেছি ব্যৱহাৰ কৰাৰ ওপৰিও বিকিৰণ কৰা ৰশ্মিয়ে চকুৰ ক্ষতি কৰে, LCD মনিটৰে বিকিৰণ কম কৰে আৰু বিদ্যুৎ কম খৰছ কৰে৷ LED মনিটৰ সকলোতকৈ বেছি নিৰাপদ আৰু আনবোৰৰ তুলনাত বিদ্যুৎ খৰছ কমকৈ কৰে৷
মন কৰিবলগীয়াঃ

প্ৰচেছৰৰ তথ্য জমাৰ ক্ষমতাৰ এককসমুহঃ-

  • ১ Bit = Binary Digit
  • ৮ Bits = ১ Byte
  • ১০২৪ Bytes= ১ Kilobyte
  • ১০২৪ Kilobytes = ১ Megabyte
  • ১০২৪ Megabytes = ১ Gigabyte
  • ১০২৪ Gigabytes = ১ Terabyte


হাৰ্ড দিক্সৰ তথ্য জমা ৰখাৰ এককসমুহঃ

  • ১ Bit = Binary Digit
  • ৮ Bits = ১ Byte
  • ১০০০ Bytes = ১ Kilobyte
  • ১০০০ Kilobytes = ১ Megabyte
  • ১০০০ Megabytes = ১ Gigabyte
  • ১০০০ Gigabytes = ১ Terabyte


মঃ আফতাৰ হুছেইন চৌধুৰী

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate