অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্লাউড কম্পিউটিং

ক্লাউড কম্পিউটিং

কৰ্মবাহিনী ক্ষেত্ৰত হোৱা জনগাঁথনিৰ সালসলনিয়ে অৰিহণা যোগাইছে প্ৰত্যাশিত পৰিৱৰ্তনত যে ব্যৱসায়ে  কিদৰে গ্ৰাহক আৰু কৰ্মচাৰীক সুবিধা প্ৰদান কৰিব। শেহতীয়াকে বৃহত ডেটা, ক্লাউড, মবিলিটী, সামাজিক প্ৰতিষ্ঠান আৰু এপ্লিকেশ্বনসমূহৰ সুবিধা আদি বিভিন্ন উদ্ভাৱনীমূলক শৈলীয়ে অনুষ্ঠানসমূহক তেওঁলোকৰ বৰ্তমানৰ ব্যৱসায়িক অনুশীলনৰ পৰ্যালোচনা কৰিবলৈ বাধ্য কৰিছে এয়াই নিশ্চিত কৰিবলৈ যে আগবাঢ়ি যাবলৈ আৰু প্ৰতিযোগিতাত আগুৱাবলৈ তেওঁলোকে সঠিক প্ৰযুক্তিগত আহিলাকেই ব্যৱহাৰ কৰি আছে।

মাইক্ৰ’ছফটে অদ্বিতীয়ভাৱে ইয়াৰ ব্যৱহাৰকাৰীক সহযোগিতা আগবঢ়াবলৈ অৱস্থান গ্ৰহণ কৰিছে ত্বৰিত গতিত সলনি হৈ অহা ব্যৱসায়িক আৰু প্ৰযুক্তিগত প্ৰেক্ষাপটত খাপ খোৱা আৰু উন্নীতকৰণত। এই ক্ষেত্ৰ আমি নিশ্চিত কৰিবলৈ প্ৰয়াস কৰিছো যে গ্ৰাহকসকলৰ এপ্লিকেশ্বন প’ৰ্টফলিঅ’ই তেওঁলোকৰ পৰিৱৰ্তিত ব্যৱসায়ৰ সৈতে গতি মিলাই আগবাঢ়ে, গুপ্ত ডেটাসমূহকো শক্তিশালী ব্যৱসায়িক অন্তৰ্দৃষ্টিলৈ পৰিৱৰ্তন কৰিব পাৰে, আৰু আমাৰ গ্ৰাহকসকলক ভৱিষ্যতত লক্ষ্য ৰাখিবলৈ সুবিধা দি  কাৰ্যকৰীভাৱে ক্লাউড ব্যৱস্থাৰে সন্ধান লাভত সহায় কৰে যে তেওঁলোকৰ ব্যৱসায়ৰ বাবে আটাইতকৈ প্ৰযোজ্যসমূহ।

ক্লাউড কম্পিউটিং হৈছে আমাৰ গ্ৰাহকসকলে ভাল ব্যৱসায়িক প্ৰগতি, অৰ্থনৈতিক আৰু ব্যৱহাৰৰ অভিজ্ঞতা লাভৰ ক্ষেত্ৰত সহায় কৰিবলৈ আমাৰ আন এঢাপ গুৰুত্বপূৰ্ণ খোজ। এইটোও প্ৰণিধানযোগ্য যে বৰ্তমানৰ চিআইঅ’ আৰু প্ৰযুক্তিৰ নেতৃত্ব বহনকাৰীসকলৰ বাবে ক্লাউডে বাণিজ্যিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তিবিদ্যাই পেলোৱা প্ৰভাৱ সম্পৰ্কে নতুনকৈ ভাবিবলৈ সুবিধা দিছে। কিয়নো ব্যৱসায় কিদৰে চলে আৰু প্ৰতিযোগিতাত অংশ লয় সেই বিষয়ে ইয়াৰ প্ৰাথমিকভাৱে সলনি কৰিব পৰা শক্তি, প্ৰতিষ্ঠানসমূহৰ বাবে ক্লাউড হৈছে এক গেম চেঞ্জাৰ।

ক্লাউড ব্যৱস্থা প্ৰদান কৰা যিকোনো প্ৰতিষ্ঠানত তুলনাত গ্ৰাহক তথা বাণিজ্যলৈ মাইক্ৰ’ছফটে অতি ব্যাপক ক্লাউডেৰে ব্যৱসায়ৰ সৈতে কাম অব্যাহত ৰাখিছে তেওঁলোকৰ তথ্য-প্ৰযুক্তিৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ। ক্লাউড ডেটা চেণ্টাৰসমূহত আমাৰ আন্তঃৰাষ্ট্ৰীয় বৃহত বিনিয়োগ, সহযোগী আৰু ডেভেলপাৰসকলৰ বিশাল ইক’ছিষ্টেম আৰু ব্যৱহাৰকাৰীয়ে ভাল পোৱা আহিলাসমূহ ক্লাউডত প্ৰদান কৰাৰ সামৰ্থ্যৰে অদ্বিতীয়ভাৱে মাইক্ৰ’ছফট ক্লাউড সেৱাই মানসিক সন্তুষ্টিও প্ৰদান কৰি আহিছে।

প্ৰযুক্তিগত সৃজনীশিলতা প্ৰদান কৰিবলৈ মাইক্ৰ’ছফট বদ্ধপৰিকৰ যিয়ে প্ৰতিষ্ঠানসমূহক সহায় কৰিব শক্তিৰ চাহিদা হ্ৰাসকৰণ, শক্তি বøৱস্থাপনা তথা পৰিৱেশ-পদাংকৰ ক্ষেত্ৰত আৰু পৰিৱেশৰ ওপৰত কম প্ৰভাৱ পেলোৱাৰ বাবে ব্যৱসায় পদ্ধতি নতুনকৈ চিন্তা কৰিবলৈ তথা বটম-লাইন উন্নত কৰিবলৈ। আমাৰ লক্ষ্য হৈছে তথ্য-প্ৰযুক্তিবিদ্যাৰ দক্ষতা বৃদ্ধি আৰু আমাৰ গ্ৰাহকসকলক ব্যৱসায়ত ধাৰণক্ষমতা বৃদ্ধিৰ বাবে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ সহায় কৰা।

সহযোগিতা, যোগাযোগ আৰু/অথবা বাণিজ্য সেৱা দক্ষতাত ক্লাউড সেৱা নমুনালৈ পৰিৱৰ্তন কৰাৰ ফলত— আৰু ইয়াৰ পিছত পূৰ্বতে ব্যৱহাৰ কৰি অহা সেৱা যি আপোনাৰ তথ্য কেন্দ্ৰত একেই কাৰ্য সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল সেয়া  বন্ধ কৰাৰ ফলত আপুনি ৩০-৯০ শতাংশ কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব পাৰিব।

ক্লাউড কম্পিউটিঙে প্ৰয়োজনীয় কম্পিউটিং আৰু ষ্ট’ৰেজৰ সুবিধা আগবঢ়ায়, আপোনাক হাৰ্ডৱেৰ  ক্ৰয় আৰু আন্তঃগাঁথনিৰ সৈতে জড়িত খৰচ ৰাহি কৰাত সহায় কৰে, শক্তিক্ষয় কমায় আৰু আপোনাৰ কাৰ্বন ফুটপ্ৰিণ্টো হ্ৰাস কৰে।

মাইক্ৰ’ছফটে বিশ্বাস কৰে যে সাধাৰণ আৱিষ্কাৰতকৈ সফল আৱিষ্কাৰসমূহ বেছি অৰ্থৱহ। ইয়াৰ উপৰি সঁচা আৱিষ্কাৰে সহায় কৰে প্ৰতিষ্ঠানৰ দক্ষতাত, সেয়া হয়তো প্ৰত্যক্ষভাৱে আয় বৃদ্ধিত অৰিহণা যোগাই অথবা নতুন দক্ষতা প্ৰদান কৰি যিয়ে ব্যৱসায়ৰ প্ৰতিযোগিতামূলক উন্নয়ন ঘটায়। প্ৰযুক্তিয়ে এক মুখ্য ভূমিকা পালন কৰে—আৰু আমি আপোনাক সহায় কৰিব পাৰো আপোনাৰ ব্যৱসায়ত নতুনত্ব আনিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে উদ্গনি যোগাবলৈ আৰু সহযোগ কৰিবলৈ।

ক্লাউড, বৃহৎ তথ্য, গতিশীলতা, ছ’চিয়েল কম্পিউটিং, আৰু নেচাৰেল ইউজাৰ ইণ্টাৰফেচৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যা উদ্ভাসিত হৈ উঠাৰ ফলত আপোনাক নতুন সুযোগৰ সন্ধান দিছে পদ্ধতিৰ পুনৰ চিন্তা, গ্ৰাহকক নতুন অভিজ্ঞতা প্ৰদান কৰা আৰু প্ৰতিযোগিতামূলক সুযোগ লাভ কৰিবলৈ। মাইক্ৰ’ছফটৰ ফালৰ পৰা আমি এই আটাইবোৰ খণ্ডত গভীৰভাৱে বিনিয়োগ কৰিছো, আৰু নতুন ব্যৱসায়িক নমুনা প্ৰস্তুতি আৰু আয়ৰ ধাৰাত নতুন প্ৰযুক্তিৰ সুযোগ গ্ৰহণ কৰিবলৈ আমি আপোনাক সহায় কৰিব পাৰো।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate