অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেন ড্ৰাইভৰ পৰা উইণ্ডজ 7 ইনষ্টল

পেন ড্ৰাইভৰ পৰা উইণ্ডজ 7 ইনষ্টল

পেন ড্ৰাইভৰ পৰা উইণ্ডজ 7 ইনষ্টল কৰিব পাৰি৷ যদি আপোনাৰ কম্পিউটাৰত চিডি ড্ৰাইভ নাথাকে বা বেয়া হ'ল বা আপুনি দ্ৰুতগতিত উইণ্ডজ 7 ইনষ্টল কৰিব বিচাৰিছে তেন্তে পেন ড্ৰাইভৰ পৰা ইনষ্টল কৰিব পাৰে৷

ইয়াৰ বাবে এটা উইণ্ডজ ৱিষ্টা বা উইণ্ডজ 7 থকা কম্পিউটাৰ, 4 জিবি বা তথোধিক ক্ষমতাৰ এটা পেন ড্ৰাইভ, উইণ্ডজ 7 ৰ ডিভিডি লাগিব৷

ইয়াৰ পিছত তলত দিয়া পদ্ধতি অনুসৰণ কৰক৷

1. প্ৰথমে পেন ড্ৰাইভটো FAT32 বা NTFS দি ফৰ্মেট কৰক৷

2. Start>All Program > Accessories > Command prompt চলাওঁক৷ বা উইণ্ডজ ল'গ কি +R কি টিপিলে RUN বক্স আহিব তাত CMD type কৰক৷

3. CMD ৱিনডত DISKPART লিখক

4. নতুন উইণ্ডজ আহিব তাত LIST DISK লিখক৷ আপোনাৰ পিচত লাগি থকা HDD আৰু পেন ড্ৰাইভ দেখুৱাব, HDD 0, HDD 1 এনেদৰে দেখুৱাব৷

5. SELECT DISK 1 লিখক, ধৰি লৈছো আপোনাৰ পেন ড্ৰাইভ HDD 1 হিচাপে ওলাইছে৷

6. এতিয়া SELECT PARTITION 1 লিখক

7. ACTIVE লিখক৷

8. দুবাৰ EXIT লিখক৷

এতিয়া আপোনাৰ ডিভিডিৰ পৰা ৱিনদজৰ সকলো ফাইল পেনড্ৰাইভলে কপি কৰক৷ আপোনাৰ পেন ড্ৰাইভ সাজু৷

এতিয়া আপোনাৰ পিচিৰ USB ত পেন ড্ৰাইভটো লগাই পিচি অন কৰক৷ বুট বিশেষ কি (F12, F9 Esc) টিপক৷ মেনুৰ পৰা USB HDD, USB Storage বাচি লৈ Enter টিপক৷ ৱিনডজ ইনষ্টল আৰম্ভ হব৷

মঃ আফতাৰ হুছেইন চৌধুৰী

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate