অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেনড্ৰাইভ বা মেম’ৰি কাৰ্ডত সঠিক ঠাই আছেনে নাই সেইটো কেনেকৈ জানিব?

পেনড্ৰাইভ বা মেম’ৰি কাৰ্ডত সঠিক ঠাই আছেনে নাই সেইটো কেনেকৈ জানিব?

এটা কম্পিউটাৰ বা তেনেধৰণৰ যিকোনো আহিলাৰ পৰা আন এটা আহিলালৈ বৃহৎ পৰিমাণৰ তথ্য আদান প্ৰদানৰ মাধ্যম হিচাপে আমি সাধাৰণতে পেনড্ৰাইভ বা মেম’ৰি কাৰ্ড আদি ব্যৱহাৰ কৰোঁ। এনে আহিলা ব্যৱহাৰকাৰীসকলে বহুত সময়ত এনে এটা অভিজ্ঞতাৰ সন্মুখীন হৈছে যে প্ৰকৃততএ পেনড্ৰাইভ বা মেম’ৰি আহিলাটোত যিমান ঠাই থকা বুলি কোৱা হয় সিমান নেদেখুৱায়। উদাহৰণস্বৰূপে, ধৰক আপোনাৰ পেনড্ৰাইভটোৰ ঠাই আছে ৮ গিগাৱাইট। কিন্তু যেতিয়াই আপুনি কম্পিউটাৰত পেনড্ৰাইভটো সংযোগ কৰিব তেতিয়া ইয়াত মুঠ ঠাই দেখুৱাব ৭.৭৫ বা আন কিবা এটা। কম্পিউটাৰৰ অপাৰেটিঙ চিষ্টেম পেনড্ৰাইভৰ ফাইল চিষ্টেম এই বোৰে পেনড্ৰাইভৰ ওপৰত প্ৰভাৱ পেলোৱাৰ বাবে এনে হয়।

কিন্তু বুটিষ্ট (Bootice) নামৰ এটা সৰু প্ৰগ্ৰেম ফাইল ডাউনলোড কৰি ল’লে ই পেনড্ৰাইভৰ সঠিক আকাৰ দেখুওৱাত সহায় কৰিব পাৰে। এই চফটৱেৰটো http://goo.gl/NMbguu ৰ পৰা ডাউনলোড কৰি ল’ব পাৰিব।

এই প্ৰ’গ্ৰেমটো বহনযোগ্য বা পৰ্টেবল অৰ্থাৎ ইয়াক যিকোনো মেমৰি আহিলাক লৈ ব্যৱহাৰ কৰিব পাৰে। সহজ কথাত ইয়াক ইনষ্টল কৰাৰ প্ৰয়োজনীয়তা নাথাকে। কম্পিউটাৰৰ ইউএছবি পোৰ্টত পেনড্ৰাইভটো লগাই এই প্ৰগ্ৰেমটোৰ ওপৰত দুবাৰ ক্লীক কৰি প্ৰগ্ৰেমটো আৰম্ভ কৰিব পাৰিব। যদি পেনড্ৰাইভত কিবা প্ৰয়োজনীয় তথ্য থাকে সেইসমূহ আগতেই আন ঠাইত সংৰক্ষণ কৰি ল’ব লাগিব। বুটিষ্টৰ ফিজিকেল ডিক্স বুটামৰ পৰা ডেচটিনেশ্যন ডিক্সৰ তালিকাত আপোনাৰ পেনড্ৰাইভটো নিৰ্বাচন কৰক। এনে স্বয়ং কাৰ্য্যত অকমান সাৱধানতা অৱলম্বন কৰাৰ দৰকাৰ আছে। কাৰণ ভুলতে আন হাৰ্ড ডিক্স বা আন কোনো মেমৰি আহিলা চয়ন কৰিলে সমস্যা হ’ব পাৰে।

ইয়াৰ পিছত তলত দৃশ্যমান হোৱা পাৰ্টচ মেনেজ বুটামত টিপক। লগে লগে পেনড্ৰাইভ বা মেম’ৰি আহিলাৰ পাৰ্টিছনসমূহ দৃশ্যমান হ’ব। ইয়াত দেখা পোৱা প্ৰথম পাৰ্টিছনটো চয়ন কৰি ৰি-পাৰ্টিছন বুটামত ক্লিক কৰিব লাগিব। লগে লগেই ৰিমোভেৱল ডিক্স ৰিপাৰ্টিছনিং বাকচ এটা আৰম্ভ হ’ব। আৰু ইয়াত আপুনি দেখা পোৱা ডিক্স মুডত ইউএছবি-এইচডিডি মুড (single partition) চয়ন কৰক। এতিয়া ফাইল চিষ্টেমত Fat-32 চয়ন কৰক। Vol label বাকচত আপুনি মেম’ৰি আহিলাটোত দিব খোজা যিকোনো নাম এটা লিখি দিয়ক।

এতিয়া Start LBA বাকচত 1 লিখি Resevered Secs বাকচত 32 লিখি OK বুটামত ক্লিক কৰক। ইয়াৰ পিছত আগৰ পাৰ্টিছন বিলাক আৰু মেম’ৰি আহিলাটোত থকা সমূহ তথ্য মোহাৰি পেলাই নতুনকৈ পাৰ্টিছন কৰাৰ এটা সতৰ্কতামূলক বাৰ্তা দৃশ্যমান হ’ব। ইয়াত OK বুটামত টিপক। কিছু বেলিৰ পিছতেই Congratution! Formating was Successful বুলি এটা বাৰ্তা দৃশ্যমান হ’ব আৰু আপোনাৰ কামটোও সম্পন্ন হ’ব। ইয়াত OK বুটামত ক্লিক কৰি এতিয়া আপোনাৰ মেম’ৰি আহিলাৰ ঠাই কিমান আছে চাওক। প্ৰকৃততে থকা পেনড্ৰাইভ বা মেম’ৰি আহিলাৰ ঠাই দেখিবলৈ পাব। যদিহে সঠিক ঠাই নেদেখুৱাই তেতিয়া বুজিব লাগিব যে উক্ত মেম’ৰি আহিলাটো প্ৰস্তুত কৰোঁতে বেমেজালি থাকি গৈছে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate