অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফাইল হিষ্টৰীৰ জৰিয়তে ইউজাৰ ফাইল সংৰক্ষণ

ফাইল হিষ্টৰীৰ জৰিয়তে ইউজাৰ ফাইল সংৰক্ষণ

ফাইল হিষ্টৰী হৈছে এক বেকআপ এপ্লিকেশ্যন যিয়ে লাইব্ৰেৰী, ডেস্কটপ আৰু কনটেক্ট ফ’ল্ডাৰত সংৰক্ষিত ফাইলবোৰ সুৰক্ষিত অৱস্থাত ৰাখে। সময়ে সময়ে ই ফাইল পদ্ধতি স্কেন কৰে পৰিৱৰ্তনসমূহৰ বাবে আৰু পৰিৱৰ্তিত ফাইলৱোৰ আন স্থানত সংৰক্ষণ কৰে। ই ফাইলত হোৱা পৰিৱৰ্তনৰ সম্পূৰ্ণ ইতিহাস প্ৰস্তুত কৰে।

মাইক্ৰ’ছফটে সক্ৰিয়ভাৱে চেষ্টা কৰি আহিছে ডেটাৰ সুৰক্ষা সহজ কৰাৰ বাবে যি উইণ্ড’জ-৮ৰ যিকোনো ব্যৱহাৰকাৰীয়ে ইয়াক সক্ৰিয় কৰি ল’ব পাৰে, বেক আপ আৰম্ভ আৰু ব্যৱহাৰৰ জটিলতা পৰিহাৰ কৰি।

বেকআপ স্বয়ংক্ৰিয় কৰি লওক, ই এক নীৰৱ সেৱা যিয়ে ইউজাৰ ফাইল সুৰক্ষিত কৰি ৰখাৰ বাবে পশ্চাত্পটত গুৰুদায়িত্ব বহন কৰে।

কণ্ট্ৰ’ল পেনেলৰ ফাইল হিষ্টৰী এপলেট খোলক আৰু বাহ্যিক ড্ৰাইভৰ সৈতে সংযুক্ত কৰি ৰিফ্ৰেছ কৰক আৰু টাৰ্ণ অনত ক্লিক কৰক।

 

আৰু ইয়াৰ পিছত  Configure this drive for backup ত ক্লিক কৰক।

ইয়াৰ পিছত ফাইল হিষ্টৰীয়ে যিকোনো সালসলনিৰ বাবে পৰীক্ষা কৰিব লাইব্ৰেৰী, ডেস্কটপ আৰু কনটেক্ট। যদি ই কোনো সালসলনি ঘটা ফাইল লাভ কৰে, তেন্তে স্বয়ংক্ৰিয়ভাৱে ই এইবোৰ কপী কৰিব ফাইল হিষ্টৰী ড্ৰাইভলৈ। এই ৰিষ্ট’ৰ এপ্লিকেশ্যনে পুনৰুদ্ধাৰ কৰাত।

পুৰণি বেকআপ মডেলৰ বিপৰীতে ফাইল হিষ্টৰীয়ে ব্যৱহাৰকাৰীৰ ব্যক্তিগত ফাইলৰ ওপৰত দৃষ্টিপাত কৰি ডেটা সুৰক্ষাৰ ক্ষেত্ৰত নতুন অভিগমনৰ সৃষ্টি কৰিছে।

প্ৰদৰ্শনৰ বাবে অনুকূল

ফাইল হিষ্টৰী-এ এনটিএফএছ পৰিৱৰ্তিত জাৰ্ণালৰ সুবিধা গ্ৰহণ কৰিছে যিয়ে সকলো ধৰণৰ সংৰক্ষিত ফাইলক সালসলনিক পঞ্জীভুক্ত কৰে। ফাইল হিষ্টৰীয়ে ইয়াক অ’পেন কৰি ক্ষিপ্ৰতাৰে স্কেন কৰে। এই তথ্যৰ ভিত্তিত ই সালসলনি ঘটা ফাইলৰ এখন তালিকা প্ৰস্তুত কৰে আৰু যিবোৰ কপী কৰাৰ প্ৰয়োজন হয়। এই প্ৰক্ৰিয়াটো অতি ক্ষিপ্ৰ আৰু সুদক্ষ।

সহজসাধ্য কৰিছে সন্ধান কৰা, প্ৰিভিউ, ফ’ল্ডাৰ আৰু উইণ্ড’জ এক্সপ্ল’ৰাৰ ব্ৰাউজ কৰাৰ ক্ষেত্ৰত আৰু এটা বা একাধিক ফাইল
ফাইল হিষ্টৰীয়ে ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে যেতিয়া এটা ছীষ্টেম শ্লীপ মোডত থাকে, এজন ব্যৱহাৰকাৰীয়ে লগ অফ কৰে। এয়া ডিজাইন কৰা হৈছিল পিচি আৰু টেবলেটত ভালদৰে কাম কৰিবৰ বাবে। ছীষ্টেমৰ দক্ষতা, বেটাৰী স্থায়িত্ব আৰু সামগ্ৰিক প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ লাঘৰ কৰিবলৈ ই ব্যৱহাৰ কৰে ছীষ্টেম ৰিছ’ৰ্ছ।

কাৰ্যৰ চাপ

অন্য প্ৰক্ৰিয়াৰ উপস্থিতিত ফাইল হিষ্টৰীৰ ডিস্ক ব্যৱহাৰ

পুৰ্ণ নিয়ন্ত্ৰণ

ফাইল হিষ্টৰীয়ে প্ৰতিগৰাকী ব্যৱহাৰকাৰীক পূৰ্ণ নিয়ন্ত্ৰণ প্ৰদান কৰে। ব্যৱহাৰকাৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কেতিয়া ফাইল হিষ্টৰী ড্ৰাইভলৈ।অন কৰিব আৰু কোনটো বাহ্যিক ড্ৰাইভ ব্যৱহাৰ কৰিব।
পিচি ব্যৱহাৰকাৰীয়ে বিবিধ উন্নত সুবিধা গ্ৰহণ কৰিব পাৰে বিভিন্ন প্ৰেক্ষাপটৰ নিয়ন্ত্ৰণ কৰিবলৈ, যেনে—ছবিত দেখুওৱা ধৰণে ফ’ল্ডাৰ বহিষ্কৰণ।

এটা ফ’ল্ডাৰ বহিষ্কৰণৰ বাবে নিৰ্বাচন কৰক  Exclude foldersত। Add বুটামত ক্লিক কৰক আৰু বহিষ্কৰণ কৰিবলগীয়া ফ’ল্ডাৰটো নিৰ্বাচন কৰক। এই ফ’ল্ডাৰটোত থকা ফাইলবোৰ পৰৱৰ্তী বেকআপ শৃংখলৰ সময়ত বেকআপ কৰা নহয়।

Advanced Settings পৃষ্ঠাত উন্নত ছেটিং উপলব্ধ।

উইণ্ড’জ-৮ত আৰম্ভ কৰা নতুন সংৰক্ষণ বৈশিষ্ট্যসমূহো ফাইল হিষ্টৰীয়ে সমৰ্থন কৰে। যিসকল ব্যৱহাৰকাৰীৰ বহুত ডেটা বেকআপ কৰাৰ প্ৰয়োজন হয়, তেওঁলোকে  Storage Spaces ব্যৱহাৰ কৰিব পাৰে অফ-দ্য-ছেলফ ইউএছবি ড্ৰাইভৰ ব্যৱহাৰেৰে স্থিতিস্থাপক সংগ্ৰহৰ পুল প্ৰস্তুত কৰিবলৈ।

ফাইল হিষ্টৰী আৰু স্কাই ড্ৰাইভ

ফাইল প্ৰণালীৰ সৈতে স্কাইড্ৰাইভ সংযুক্ত কৰিলে ফাইল হিষ্টৰীয়ে স্থানীয় স্কাইড্ৰাইভ ফ’ল্ডাৰত সংৰক্ষিত ফাইল স্বয়ংক্ৰিয়ভাৱে সুৰক্ষিত কৰিবলৈ আৰম্ভ কৰিব।

উৎস: ভাষা ইণ্ডিয়া

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate