অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেকৰ বাবে মাইক্ৰ'ছফ্ট আউটলুক এক্সপ্ৰেছ

মেকৰ বাবে মাইক্ৰ'ছফ্ট আউটলুক এক্সপ্ৰেছ

মাইক্ৰ’ছফ্ট অফিছৰ এক নতুন, দ্ৰুততৰ, উন্নত সংস্কৰণ আহি আছে। ই হৈছে মেকিণ্টোছ কম্পিউটাৰৰ বাবে। . জনপ্ৰিয় ইমেইল, কেলেণ্ডাৰ আৰু সম্পৰ্কৰ প্ৰ'গ্ৰামটো শেষত মেকলৈ এনে এক সংস্কৰণত আহি আছে যি উইণ্ড’ছ সংস্কৰণটোৰ দৰে একে দেখি আৰু একে ধৰণে কাম কৰে। অফিছ ফৰ মেক 2011-ত এক শক্তিশালী, সম্পূৰ্ণ সুবিধাযুক্ত আউটলুক ফৰ মেক একমাত্ৰ নতুন বস্তু নহয়, কিন্তু ই এক গুৰুত্বপূৰ্ণ কথা, বিশেষকৈ মেক ব্যৱহাৰকাৰী সকলৰ বাবে, বা যিসকলে মেকলৈ সলনি হব বিচাৰে, যি এনে কোম্পানীত কাম কৰে য'ত আউটলুক হৈছে মানদণ্ড।

নতুন অফিছ 2011-য়ে উইণ্ড’ছ সংস্কৰণটোৰ দৰে একে ফাইল সজ্জা ব্যৱহাৰ কৰে। ই কোনো ৰূপান্তৰণ বা অনুবাদ অবিহনে অফিছ ফাইল পঢ়িব আৰু লিখিব পাৰে, গতিকে ৱৰ্ড ফৰ মেক-ত প্ৰস্তুত কৰা ডকুমেণ্ট এখন, উইণ্ড’ছ ৱৰ্ডৰ ব্যৱহাৰকাৰী এজনে পঢ়িব পাৰিব, এয়া নজনাকৈ যে ইয়াক এক মেক কম্পিউটাৰত প্ৰস্তুত কৰা হৈছিল- আৰু তাৰ বিপৰীত।

মেক অফিছ ব্যৱহাৰকাৰী সকলে নতুন 2011 সংস্কৰণটোৰ বিষয়ে মন কৰিবলগা প্ৰথম কথাটো হৈছে গতি। 2008 সংস্কৰণটো ইয়াৰ পূৰ্বৰ সংস্কৰণবোৰতকৈ দ্ৰুত আছিল, এই শেহতীয়া সংস্কৰণটো নাটকীয়ভাৱে ক্ষিপ্ৰ। বৃহৎ সুবিধাটো হৈছে উইণ্ড’ছ ডকুমেণ্টৰ সৈতে সামঞ্জস্যতা। যিহেতু উইণ্ড’ছ আৰু মেক অপাৰেটিং চিষ্টেমবোৰ পৃথক, সামঞ্জস্য সম্পূৰ্ণ সঠিক নহয়, কিন্তু এই নতুন সংস্কৰণত ই যথেষ্ট উন্নত। ই বিশেষকৈ এক্সেলত লক্ষণীয়, য’ত কেতিয়াবা জটিল স্প্ৰেডশ্বীটত চাৰ্ট আৰু সজ্জাবোৰ অটুট নাথাকে।

নতুন মেক সংস্কৰণে উইণ্ড’ছ সংস্কৰণত থকা একে মেক্ৰো প্ৰণালী পুনৰ্স্থাপন কৰিছে, গতিকে অগ্ৰণী ব্যৱহাৰকাৰী আৰু কোম্পানীবোৰে উইণ্ড’ছ ডকুমেণ্টত সৃষ্টি কৰা স্বয়ংক্ৰিয় ক্ৰিয়াবোৰ এতিয়া মেক সংস্কৰণত ব্যৱহাৰ কৰিব পাৰি।

আউটলুকে ঠাই লৈছে এণ্টাউৰেজ নামৰ মেক অফিছৰ এক মাইক্ৰ’ছফ্ট ইমেইল, সম্পৰ্ক আৰু কেলেণ্ডাৰ প্ৰ’গ্ৰামৰ, যি কেইবছৰ মানৰ আগতে মেকৰ বাবে আউটলুকৰ এক অতি সীমিত সংস্কৰণৰ ঠাই লৈছিল। বহু ব্যৱহাৰকাৰীয়ে এণ্টাউৰেজক অব্যৱস্থিত আৰু জটিল অনুভৱ কৰিছিল, আৰু ই উইণ্ড’ছৰ আউটলুকৰ পৰা পোনপটীয়াকৈ ডাটা আমদানি কৰিব নোৱাৰিছিল। নতুন আউটলুকে উইণ্ড’ছৰ দৰে একে ধৰণে দেখাব আৰু কাম কৰিবলৈ মাইক্ৰ’ছফ্টে কঠোৰ পৰিশ্ৰম কৰিছে।

কিন্তু মাইক্ৰ’ছফ্টে এতিয়াও এপলৰ আইকেল প্ৰ’গ্ৰামৰ সৈতে চিংক কৰাৰ বাবে কাম কৰি আছে, আৰু আউটলুক কেলেণ্ডাৰে গুগল কেলেণ্ডাৰৰ সৈতে চিংক কৰিব নোৱাৰে। লগতে, যদিও নতুন মেক আউটলুকে উইণ্ড’ছ আউটলুক ডাটা আমদানি কৰিব পৰে, ই এতিয়াও ইয়াৰ ডাটা উইণ্ড’ছলৈ ৰপ্তানি কৰিব নোৱাৰে। মাইক্ৰ’ছফ্টে কৈছে যে ই ইয়াৰ ওপৰতো কাম কৰি আছে। মেকত আউটলুক দ্ৰুত আৰু দক্ষ প্ৰমাণিত হৈছে। ই ঠিক উইণ্ড’ছ সংস্কৰণটোৰ দৰে কাম নকৰে, কিন্তু উইণ্ড’ছ ব্যৱহাৰকাৰী সকলে ইয়াত বহু মিল দেখিব। আৰু ইয়াক মেক-বিশেষ বিশেষত্ব আছে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate