অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অম্বিকাগিৰী ৰায়চৌধুৰীৰ সোঁৱৰণত:

অম্বিকাগিৰী ৰায়চৌধুৰীৰ সোঁৱৰণত:

 

আজি কিছুদিনৰ পৰা ফেচবুক, হোৱাটছআপৰ দৰে বিভিন্ন সামাজিক মাধ্যমসমূহত ‘আমি অসমীয়া’, ‘অসমীয়াগিৰি চলিবই’, ধৰণৰ কিছুমান মন্তব্য সততে পৰিলক্ষিত হৈ আহিছে। ছচিয়েল মিডিয়া বৰ্তমান সময়ত মুক্তচিন্তা প্ৰকাশৰ অতিকৈ শক্তিশালী মাধ্যম। অসমীয়া পজাতিৰ অস্তিত্ব ৰক্ষাৰ এই সন্ধিক্ষণত এইধৰণৰ জাতীয়তাবাদী চিন্তাধাৰা নিশ্চয়কৈ প্ৰয়োজনীয়, কিন্তু প্ৰশ্ন হয় অন্তঃকৰণেৰে আমি সঁচাকৈ জাতিটোৰ প্ৰতি কিমান দায়বদ্ধ? আজিৰ যুৱপ্ৰজন্ম সঁচাকৈ ভৱিষ্যতৰ দিনবোৰত অসমীয়া জাতিক জীয়াই ৰখাৰ বাবে সচেতননে? এই প্ৰশ্নবোৰৰ উত্তৰ হয়তো কিছু পৰিমাণে যোগাত্মক। অসমৰ বৰ্তমান প্ৰজন্মৰ কিছুসংখ্যকে হ’লেও জাতিটোৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখুৱাই আহিছে। ই জাতিটোৰ বাবে শুভ লক্ষণ। এটা অভিযোগ সততে পৰিলক্ষিত হয় যে অসমীয়া জাতিৰ স্বাভিমান ধানখেৰৰ জুইৰ দৰে, হঠাৎ উঠলি উঠে কিন্তু লাহে লাহে হেৰাই যায়। অথচ এই অসমতে প্ৰকৃত জাতীয়তাবাদী চিন্তাৰে পৰিপুষ্ট বিভিন্ন মহান মনীষীয়ে জন্মগ্ৰহণ কৰি আহিছে। তেনে এজন প্ৰকৃত জাতীয়তাবাদী মহান পুৰুষ আছিল অসম কেশৰীখ্যাত সিংহপুৰুষ অম্বিকাগিৰী ৰায়চৌধুৰী। ১৮৮৫ চনৰ ১৮ ডিচেম্বৰত অসমৰ পৱিত্ৰ সত্ৰ নগৰী বৰপেটাত জন্মগ্ৰহণ কৰা এইজন অসম মাতৃৰ সুযোগ্য সন্তানৰ অসমীয়া জাতিটোৰ প্ৰতি আছিল অগাধ ভালপোৱা। তেওঁ বিচাৰিছিল অসমীয়া জাতিয়ে অনন্ত কালৰ বাবে নিজৰ গৌৰৱধ্বজা উৰুৱাই ৰাখক। ছাত্ৰাৱস্থাৰ পৰা অগাধ দেশপ্ৰেম আৰু জাতীয়তাবাদী ভাবধাৰাৰে পৰিপুষ্ট অম্বিকাগিৰীয়ে দেশৰ স্বাধীনতা আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ইংৰাজৰ শাসনৰ পৰা দেশ মাতৃক মুক্ত কৰাৰ হেতু তেওঁ বহুবাৰ ইংৰাজ বিৰোধী আন্দোলনত জঁপিয়াই পৰিছিল আৰু ফলস্বৰূপে তেওঁক ইংৰাজ চৰকাৰে ৮ বছৰৰ বাবে বৰপেটাৰ নিজা গৃহত গৃহবন্দী কৰি ৰাখিছিল।

শৈশৱ অৱস্থাতে অম্বিকাগিৰীয়ে মাকৰ পৰা বৈষ্ণৱী ধৰ্মীয় গীত-পদ, বৰগীত, লোকগীত আদি শিকিছিল। তাৰ উপৰি তেওঁ শাস্ত্ৰীয় সংগীতৰো চৰ্চা কৰিছিল। শৈশৱৰ সেই শিক্ষাৰ পৰাই অনুপ্ৰাণিত হৈ বৰপেটাত গৃহবন্দী হৈ থকাৰ সময়ছোৱাতেই তেওঁ এখন সনাতন সংগীত বিশ্ববিদ্যাল্য খুলিছিল আৰু বাঙালী গীত-পদ চৰ্চাৰ পৰিৱৰ্তে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগতে অসমীয়া নামঘোষা, কীৰ্ত্তন পদ, বৰগীত আদিৰ চৰ্চা কৰিছিল। সেই সময়ত যিহেতুকে অসমত বাঙালী ভাষাৰ প্ৰচলন অধিক আছিল সেয়ে অম্বিকাগিৰীয়ে থলুৱা গীত-মাত প্ৰচাৰত অধিক গুৰুত্ব দিছিল। ইয়াৰ উপৰি অসমীয়া যুৱকসকলৰ মাজত শৰীৰ চৰ্চাৰ অভ্যাস গঢ়ি তোলাৰ কাৰণে ‘শংকৰদেৱ চাৰ্কাছ পাৰ্টী’ নামেৰে এটি দল গঠন কৰি শৰীৰ চৰ্চা জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিছিল। বৰপেটাত থকা সময়ছোৱাতে তেওঁ ‘বীণা’ আৰু ‘তুমি’ নামৰ দুখন কবিতা পুথি ৰচনা কৰিছিল। ইয়াৰ উপৰি ‘কাব্য’, ‘আহুতি’, ‘অনুভূতি’, ‘বন্দো কি ছন্দৰে’ আৰু ‘বেদনাৰ উল্কা’ তেওঁৰ উল্লেখযোগ্য সৃষ্টিৰাজি। ১৯৫০ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ লগতে ১৯৬৫ চনত সাহিত্য সভাৰ সভাপতি হোৱাৰ লগতে সংৰক্ষণী সভা’ আৰু ‘অসম জাতীয় মহাসভা’ৰ তেখেতে প্ৰতিষ্ঠাপক আছিল। অসমীয়াৰ জাতীয় চেতনা আৰু দেশপ্ৰেমক উদ্বুদ্ধ কৰি তুলিব পৰাকৈ ১৯১৮ চনত স্বাধীনচিতীয়া অম্বিকাগিৰীয়ে ‘চেতনা’ নামেৰে জাতীয়তাবাদী মতাদৰ্শৰে সমৃদ্ধ এখন আলোচনী প্ৰকাশ কৰি উলিয়ায়। ‘চেতনা’ আলোচনীত তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰাম, মহাত্মা গান্ধীৰ আদৰ্শসমূহৰ উপৰি অসমীয়া জাতিয়ে সন্মুখীন হোৱা জন প্ৰব্ৰজন, অসমীয়া জনসংখ্যাৰ অল্পতা, মৈমনচিঙীয়াসকলৰ আগ্ৰাসন আদি অসমৰ বিবিধ সমস্যাৰ কথা আলোচনা কৰি অসমীয়া জাতিৰ মাজত দেশপ্ৰেমৰ জোৱাৰ জগাই তুলিবলৈ চেষ্টা কৰিছিল। অসমীয়াৰ কৰ্ম বিমুখতা, সুচিন্তিত পৰিকল্পনাৰ অভাৱ আদিয়ে যে অসমীয়া জাতিক অধঃপতনৰ মুখলৈ ঠেলি দিব তাকো তেওঁ সকীয়াই দিছিল। ১৯২১ চনত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ জে’ললৈ যাবলগীয়াও হয়। কাৰাবাসত থকা সময়ছোৱাত স্বাভিমানী অম্বিকাগিৰীয়ে কেতিয়াও বশ্যতা স্বীকাৰ নকৰিছিল, যাৰ ফলত তেওঁ বহুবাৰ শাস্তিৰো সন্মুখীন হৈছিল। এই সময়ছোৱাতে তেওঁ বহু গীতি কবিতা ৰচনা কৰে।

‘আৰু কি দেখাবি ভয় কাৰাগাৰৰ

আৰু কি দেখাবি ভয়

তোৰ ৰঙা চকু

সিমানেই মোৰ জয়’

প্ৰবল আত্মসন্মানবোধ থকা অম্বিকাগিৰীয়ে কেতিয়াও নিজৰ বিবেকৰ পৰাজয় হ’বলৈ দিয়া নাছিল। দেশৰ বাবে তেওঁৰ জীৱন অহৰহ উৎসৰ্গিত আছিল। অসম মাতৃক গৌৰৱেৰে জীয়াই ৰাখিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁৰ বাবে দেশসেৱা আছিল ঈশ্বৰ সেৱাৰ দৰে। ১৯৬৭ চনৰ ২ জানুৱাৰীত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যু হয়।

বৰ্তমান সময়ত তেওঁৰ সৃষ্টিৰাজিসমূহৰ অধ্যয়ন অতি প্ৰাসংগিক হৈ পৰিছে, যিসমূহৰ জৰিয়তে তেওঁ তাহানিতে অসমীয়া জাতিক অনুপ্ৰাণিত কৰি থৈ গৈছিল জাতিটোক ভাল পাবলৈ, নিজকে এজন স্বাভিমানী অসমীয়া হিচাপে মূৰ তুলি ঠিয় দিবলৈ। আচলতে তেওঁ কথাৰে নহয়, কামেৰে কৰি দেখুৱাইছিল জাতিটোক ভাল পাবলৈ তথা ভাষাটোক জীয়াই ৰাখিবলৈ।

লেখক: ৰূপম গোস্বামী(ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 2/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate