মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / অসমীয়া প্ৰথিতযশা সাহিত্যিকসকল:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া প্ৰথিতযশা সাহিত্যিকসকল:

অসমীয়া প্ৰথিতযশা সাহিত্যিকসকলৰ বিষয়ে লিখা হৈছে

 

মহাপুৰুষ শংকৰদেৱ:

 

সৰ্ব গুণাকৰ মহাপুৰুষ শংকৰদেৱৰ জন্ম হয় ১৪৪৯ চনত। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা। শংকৰদেৱ সৰুতে ঘাট মাউৰা হয় আৰু বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন-পালন কৰে। বাৰবছৰ বয়সত বুঢ়ীমাকে তেওঁক মহেন্দ্ৰ কন্দলি নামৰ অধ্যাপক এজনৰ টোলত পঢ়িবলৈ পঠিয়ায়। তাতে তেওঁ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি সেইবোৰত পাৰ্গত হৈ উঠে। শিক্ষা সমাপ্ত কৰি সূৰ্যৱতীক বিবাহ কৰাই তেওঁ গৃহাশ্ৰম ধৰ্ম পালন কৰে। এটা কন্যা সন্তান জন্ম দিয়াৰ পাছত সূৰ্যৱতীৰ মৃত্যু হয়। পত্নীৰ মৃত্যুৰ পাছত তেওঁ বাৰবছৰ ধৰি ভাৰতৰ তীৰ্থসমূহ পৰ্যটন কৰে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাধু-সন্তবিলাকৰ সংস্পৰ্শলৈ আহে। ইয়ে শংকৰদেৱৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলায়।

তীৰ্থভ্ৰমণৰ অভিজ্ঞতাৰে ভক্তিধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰৰ প্ৰতি মনোযোগ দি শংকৰদেৱে কৰ্ম জীৱন আৰম্ভ কৰে। বৰদোৱাত থাকোতেই জগদীশ মিশ্ৰই টীকাসহ ভাগৱত গ্ৰন্থ তেওঁক অৰ্পণ কৰে এয়ে তেওঁক ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত নতুন পদক্ষেপ ল’বলৈ প্ৰেৰণা যোগায়।

ষোড়শ শতাব্দীৰ দ্বিতীয় দশকত কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি তেওঁ ভূঞাসকলৰ সৈতে পলাই আহি আহোম ৰাজ্যৰ উত্তৰ পাৰে গাংমৌ আৰু তাৰ পাছত ধুৱাহাট বেলগুৰি বসতি কৰিবলৈ লয়। ইয়াতে মাধৱদেৱৰ লগত তেওঁৰ মিলন হয় আৰু দুয়োৰে সহযোগত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন সমুজ্জ্বল হৈ উঠে।

অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান অপৰিসীম। পুৰণি অসমৰ ইমূৰৰ পৰা সিমূৰ পৰিভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্মৰ ডোলেৰে তেওঁ বিভিন্ন জাতি সত্তাৰ মাজত ঐক্য আৰু সংহতি স্থাপন কৰে। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে শংকৰদেৱে নানা বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ জীৱনৰ প্ৰ্থমছোৱা বাৰভূঞা ৰাজ্যত, দ্বিতীয়ছোৱা অসম ৰাজ্যৰ সংযোগত ধুৱাহাট, বেলগুৰি আদিত, আৰু শেষছোৱা কোচ ৰাজ্যত কটায়। এই তিনিছোৱা কালৰ ভিতৰত গুৰুজনাই অমূল্য গ্ৰন্থৰাজি ৰচনা কৰে। ৰচনাৰাজী বা ৰূপ অনুসৰি শংকৰদেৱৰ ৰচনাৱলীক ছটা ভাগত বিভক্ত কৰিব পাৰি সেইবোৰ হ’ল-

ক)অনুবাদমূলক: ইয়াৰ ভিতৰত দশমখনেই সৰ্বশ্ৰেষ্ঠ। ইয়াৰ বাহিৰেও তেওঁ ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধ অনুবাদ কৰে। মাধৱ কন্দলিৰ আধৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰাকাণ্ড তেওঁ অনুবাদ কৰে।

খ)কাব্য: শংকৰদেৱৰ ৰচিত কাব্য হ’ল হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, অজামিল উপাখ্যান, গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ, অমৃত মন্থন, বলিছলন আৰু কুৰুক্ষেত্ৰ।

গ)নাট: শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। সংস্কৃত নাট আৰু প্ৰাচীন অসমীয়া ওজাপালি অনুষ্ঠানৰ আৰ্হিত এক অংকযুক্ত নাট ছয়খন ৰচনা কৰে। নাটবোৰ হ’ল পত্নীপ্ৰ্সাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।

ঘ)গীত-ভটিমা: শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল। বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত এবিধ অতি গাম্ভীৰ্যপূৰ্ণ ভাৱৰ গীত। ভটিমাবোৰো স্তুতি আৰু প্ৰশস্তিমূলক গীত।

ঙ)নাম-প্ৰসঙ্গ সম্পৰ্কীয় গ্ৰন্থ: কীৰ্ত্তনঘোষা এই ধৰণৰ এখন সুন্দৰ গ্ৰন্থ। আকৰ্ষণীয় বিষয়বস্তু আৰু শুৱলা বৰ্ণনাৰ বাবে কীৰ্ত্তনখন ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে বাবে অতি প্ৰিয়। লালিত্য, ছন্দৰ ঝংকাৰ, সৌন্দৰ্য, লাৱণ্য, ভাৱৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে কীৰ্ত্তন ৰচিত।

‘গুণমালা’ ভাগৱতৰ সাৰ সংগ্ৰহ কৰি ছয় আখৰীয়া কুসুম মালা ছন্দত ৰচা এখন মনোৰম পুথি।

চ)ভক্তি আৰু তত্ত্বমূলক গ্ৰন্থ: শংকৰদেৱৰ এনে গ্ৰন্থবোৰ হ’ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদি পাতন, নিমি নৱসিদ্ধ সংবাদ।

সাহিত্য-সংস্কৃতিৰে অসমীয়া জাতিক সমুজ্জ্বল কৰি থৈ গ’ল এই মহাপুৰুষজনাই।

 

মাধৱদেৱ:

 

উত্তৰ লক্ষ্মীমপুৰৰ নাৰায়ণপুৰ অঞ্চলৰ কাচিকটা নদীৰ পাৰৰ হৰিশিঙা বৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনত। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম মনোৰমা। তেওঁ সৰুতে বন্দুকালৈ গৈ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা লাভ কৰে আৰু কালত সৰ্বশাস্ত্ৰ বিশাৰদ হৈ উঠে। তেওঁ ঘোৰ শাক্ত আছিল আৰু পূজাত বলি-বিধানৰ পোষকতা কৰিছিল।

মাধৱদেৱে তেওঁৰ বৈনায়েক ৰামদাসৰ মুখে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মহিমা শুনি শংকৰদেৱৰ সৈতে চিনাকি হোৱা মানসেৰে তেওঁৰ ওচৰ চাপে। সেই সময়ত শংকদেৱ ধুৱাহাট নামৰ ঠাইত আছিল। তেওঁ গৈ বাৰভূঞা বিষয়ৰ শংকৰদেৱক দেখা কৰাৰ সময়ত প্ৰণাম জনালে। তাৰ পাছত দুয়োৰে মাজত শাস্ত্ৰ আলোচনা হ’ল আৰু শংকৰদেৱে ভাগৱতৰ শ্লোক মাতি নিৰ্গুণ ভাগৱতী ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰিলে। মাধৱদেৱে শংকৰদেৱৰ যুক্তিত হাৰ মানি তেওঁক সেৱা জনালে। ইয়াৰ পাছত মাধৱদেৱে শংকৰদেৱৰ একান্ত অনুৰক্ত শিষ্য হৈ পৰে আৰু নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত তেওঁ গুৰুৰ সোঁহাত স্বৰূপ হৈ পৰে।

শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত মাধৱদেৱে তেওঁৰ কবি প্ৰতিভাৰ সম্যক প্ৰতিভা গুৰুৰ আগত দাঙি ধৰিছিল। এবাৰ শংকৰদেৱৰ সৈতে নাৰায়ণ দাস ঠাকুৰ, জন্তিৰ মধাই আৰু মাধৱদেৱ ফুৰিবলৈ গৈছিল। এজন গৰখীয়া ল’ৰাই কৃষ্ণ নাম গোৱাত সেই ঠাইডোখৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উপযুক্ত ঠাই হ’ব বুলি শংকৰদেৱে বিবেচনা কৰি তাতে তিনিওজনকে কবিতা লেখিব দিলে। মহাপুৰুষ মাধৱদেৱে লেখা ‘জয় গুৰু শংকৰ’ কবিতাটো পঢ়ি শংকৰদেৱ বিমুগ্ধ হৈ যায় আৰু তেওঁক কবিতা লেখাৰ বাবে অনুপ্ৰাণিত কৰে। গুৰুৰ অনুপ্ৰেৰণা লাভ কৰি তেওঁ কাব্য ৰচনাত প্ৰবৃত্ত হয়। আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য, নামঘোষা আদি অনুপম কাব্য ৰচনা কৰাৰ উপৰি তেওঁ অতি জনপ্ৰিয় বৰগীতসমূহ ৰচনা কৰে। দাস্য আৰু বাৎসল্য ৰসৰ শ্ৰেষ্ঠ প্ৰকাশক হিচাপে বৰগীতসমূহৰ মূল্য অপৰিসীম। নামঘোষাতো দাস্যভাবৰ অফুৰন্ত প্ৰকাশ কাব্যিক সুষমাৰে প্ৰকাশিত হৈছে। মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ ভাবত গভীৰতা, দাস্যভাবত আত্মসমৰ্পণ, আত্মলঘিমা আৰু গুৰুৰ প্ৰতি অবিচল ভক্তি এই গ্ৰন্থত সুন্দৰভাৱে প্ৰকাশ পাইছে।

মাধৱদেৱৰ বৰগীতসমূহত ভক্তৰ ভক্তিভাৱ মৰ্মস্পৰ্শী আৰু সংযত ভাষাৰে প্ৰকাশিত হৈছে। বাৎসল্য আৰু বিৰহৰ ভাবেই ইয়াত মুখ্য স্থান পাইছে। তেওঁৰ বৰগীতসমূহৰ বিষয়ে ড° বাণীকান্ত কাকতিয়ে অতি চমু কথাত এনেদৰে কৈছে, ‘তেওঁৰ বেছি ভাগ গীততেই শিশু কৃষ্ণৰ বাল্য জীৱনৰ ৰং-বিৰঙৰ চিত্ৰ ফুটি ওলাইছে। বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব। গীত, পদ, নাট সকলোতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশু চৰিত্ৰ সজীৱ কৰি তুলিছে।

নাট্যকাৰ হিচাপেও মাধৱদেৱে নিজস্ব প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। শংকৰদেৱৰ দৰে অতি প্ৰতিভাশালী নাট্যকাৰক অনুকৰণ নকৰি তেওঁ নিজস্ব দৃষ্টিভংগীৰে নাটসমূহ ৰচনা কৰাত সেইবোৰৰ বিষয়বস্তু আৰু কলা-কৌশল বৈশিষ্ট্যপূৰ্ণ্ হৈ উঠিছে। তেওঁৰ নাটসমূহ হ’ল চোৰধৰা, পিম্পৰা গুচোৱা, দধিমথন, ভূমিলেটোৱা, ভোজন বিহাৰ আদি। নাটকবোৰত শিশু কৃষ্ণৰ যোগেদি বাৎসল্য ৰসৰ সৃষ্টি কৰি পাঠক আৰু দৰ্শকৰ অন্তৰ বিগলিত কৰিছে। সৰ্বসাধাৰণ দৰ্শকে বুজি পাবলৈ তেওঁ নাটকত সংস্কৃত শ্লোকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া নাছিল।

মাধৱদেৱে তত্ত্বমূলক গ্ৰন্থ ৰচনা কৰি বৈষ্ণৱ ধৰ্মৰ দাৰ্শনিক তথা তাত্ত্বিক ভেটিক সুদৃঢ় কৰি তোলে। এই ক্ষেত্ৰত নামঘোষা তেওঁৰ বিশেষ উল্লেখযোগ্য গ্ৰন্থ। ইয়াত তেওঁ দাস্যভক্তিৰ পৰাকাষ্ঠা প্ৰকাশ কৰিছে। জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা আদি তেওঁৰ আন আন তত্ত্বমূলক গ্ৰন্থ। সেইবোৰৰ উপৰি গুপ্তমণি, অমূল্যৰত্ন, গুপ্তসাৰ আদি গ্ৰন্থ তেওঁৰ দ্বাৰা ৰচিত বুলি উল্লেখ কৰা হৈছে যদিও গ্ৰন্থৰ জনপ্ৰিয়তা বৃদ্ধিৰ কাৰণেই তেওঁৰ নাম তাত সংযোগ কৰা বুলি অনুমান কৰিব পাৰি।

মহাপুৰুষ শংকৰদেৱৰ একশৰণ নামধৰ্ম মাধৱদেৱে যত্ন সহকাৰে লালন-পালন কৰি যদিও তেওঁৰ দিনতে এই ধৰ্মত ভিন্ন সম্প্ৰদায়ৰ সৃষ্টি হৈ ইয়াত ফাট মেলিবলৈ আৰম্ভ কৰে। কিন্তু মাধৱদেৱে গুৰুৰ বাক্য সুৱৰি তাক ৰক্ষা কৰিবলৈ সচেষ্ট হয়।

গতিকে অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰত শংকৰদেৱৰ যিমান অৱদান মাধৱদেৱৰো সিমানে অৱদান। সেয়ে ইজনক সিজনৰ পৰিপূৰক বুলি ক’ব পাৰি।

 

লক্ষ্মীনাথ বেজবৰুৱা:

 

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ১৮৬৪ চনত। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা। হাকিম পিতৃৰ লগত বিভিন্ন ঠাইত ঘূৰি ফুৰি তেওঁ বিভিন্ন স্কুলত শিক্ষা লাভ কৰে। শিৱসাগৰ স্কুলৰ পৰা এন্ট্ৰেঞ্চ পাছ কৰি কলিকতাৰ ৰিপন কলেজত বি.এ পঢ়ে। বি.এ পাছ কৰি বি.এল পৰ্যন্ত শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ ব্যৱসায়ৰ লগতে জড়িত হৈ পৰে ভোলানাথ বৰুৱাৰ ৱাৰ্ড কোম্পানীৰ লগত। কলিকতাত থাকোতে তেওঁ সাহিত্যৰ লগত বিশেষভাৱে জড়িত হৈ পৰে আৰু “জোনাকী”, “বাঁহী” আদি কাকত উলিয়ায়। ১৯২৪ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ তেওঁ সভাপতি হয়।

বেজবৰুৱাৰ সাহিত্য জীৱনৰ আৰম্ভণি হয় “জোনাকী”ত প্ৰকাশিত “লিতিকাই” নামৰ নাটকেৰে। ইয়াৰ পিছত তেওঁ সাহিত্যৰ বিভিন্ন দিশত হাত বুলাই একুৰি পাঁচখন গ্ৰন্থ ৰচনা কৰে। তেওঁৰ উল্লেখনীয় ৰচনাসমূহ হ’ল- “কামত কৃতিত্ব লভিবৰ সংকেত”, ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘পদুম কুঁৱৰী’(উপন্যাস), ‘কৃপাবৰ বৰুৱাৰ ওভটনি’, ‘দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত’, ‘সুৰভি’, ‘সাধুকথাৰ কুকি’(গল্প), ‘শংকৰদেৱ’, ‘বুঢ়ি আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘কদম কলি’(কবিতা), ‘জোনবিৰি’(চুটিগল্প), ‘জুনুকা’(গল্প), ‘পাচনি’(নাটক), ‘নোমল’(নাটক), ‘চিকৰ পতি নিকৰ পতি’(নাটক), ‘বাখৰ’, শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ’, ‘ভাগৱত কথা’, ‘চক্ৰধ্বজ সিংহ’(নাটক), ‘বেলিমাৰ’(নাটক), ‘জয়মতি’(নাটক), ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’, “History of Vaisnavites in India, Rasalila & Sri Krishna”, “Border State Lecture”, ‘মোৰ জীৱন সোঁৱৰণ’, ‘কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, ‘তত্ত্বকথা’, ‘কৃপাবৰ বৰুৱাৰ বুলনি’, ‘শ্ৰীকৃষ্ণ কথা’ Religion & Devotion ‘পত্ৰলেখা’, ‘দিনলেখা’ আদি।

‘জোনাকী’ কাকতে অসমীয়া কাব্য ইতিহাসৰ গতিলৈ নৱ ৰূপান্তৰ আনে আৰু এই ক্ষেত্ৰত যি ত্ৰিমূৰ্তিয়ে বিশেষ ভূমিকা পালন কৰিছিল তাৰ অন্যতম হ’ল লক্ষ্মীনাথ বেজবৰুৱা। চন্দ্ৰ্কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী আছিল আন দুজন ৰূপকাৰ। ‘জোনাকী’ কাকতৰ কাব্য জীৱনৰ পাতনি মেলা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কদমকলি’ প্ৰথম কাব্যসংকলন। তেওঁৰ নিজৰ কথামতে এই কথাখিনি ‘কবিতা হয় যদি হওক নহয় যদি নহওক’ বুলিয়ে তেওঁ ৰচনা কৰিছিল। কিন্তু ইয়াৰ প্ৰায়ভাগ কবিতাতে কবিৰ নিজস্ব শৈলী প্ৰকাশ পোৱাত সেইবোৰ হৈ পৰিছে বৈশিষ্ট্যপূৰ্ণ।

নাট্যকাৰ হিচাপে বেজবৰুৱাই প্ৰহসনত হাত দিয়ে। সেই প্ৰহসনবোৰক নিভাঁজ হাস্যৰসে সঞ্জীৱিত কৰিছে। সৰল আৰু নিৰ্বোধ চহা চৰিত্ৰৰ ব্যৱহাৰ আৰু কথা-বৰ্তাৰ হাস্যাস্পদ ৰূপ নাটকেইখনত দাঙি ধৰিছে। তেওঁ ‘জয়মতি কুঁৱৰী’, ‘বেলিমাৰ’ বিয়োগান্তক নাটক আকৌ ‘চক্ৰধ্বজ সিংহ’ সুখান্তক ঐতিহাসিক নাটক।

তত্ত্বমূলক গ্ৰন্থৰেও তেওঁ অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে। ‘তত্ত্বকথা’ এই প্ৰসংগত উল্লেখযোগ্য সৃষ্টি। হাস্যমূলক ৰচনাৰে অসমীয়া সাহিত্যত তেওঁ ‘ৰসৰাজ’ নামেৰে পৰিচিত হৈছে।

 

পদ্মনাথ গোহাঞিবৰুৱা:

 

পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হয় উত্তৰ লক্ষ্মীমপুৰৰ নকাৰি গাঁৱত ১৮৭১ খ্ৰীষ্টাব্দত। পিতাক ঘিনাৰাম বৰুৱা মৌজাদাৰ আছিল। স্কুলীয়া শিক্ষা লক্ষ্মীমপুৰত আৰম্ভ কৰি শিৱসাগৰত শেষ কৰে। কলিকতাৰ কলেজত কিছুদিন অধ্যয়ন কৰে, কিন্তু এফ.এ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি উলটি আহি কোহিমা আৰু যোৰহাটৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষকতা কৰে। কেইবছৰমান পিছত চাকৰি এৰি তেজপুৰত নিগাজীভাৱে বসতি কৰিবলৈ লয়। তেওঁ তেজপুৰ মিউনিচিপালিটিৰ কেবাবছৰো চেয়াৰমেন আছিল। তাৰ বাহিৰেও অসম কাউন্সিলৰ মেম্বাৰ, আহোম এছোছিয়েচনৰ সভাপতি আদি ভালেখিনি ৰাজহুৱা কামত লিপ্ত আছিল। সাহিত্য-চৰ্চাৰ কাৰণে তেখেতে অসম চৰকাৰৰ পৰা এটি আজীৱন বৃত্তিও ভোগ কৰিছিল।

কলিকতাৰ অ.ভা.উ.সা. সভাৰ প্ৰধান উদ্যোক্তা আৰু পঢ়ি থকা অৱস্থাতে তেওঁ বেণুধৰ ৰাজখোৱা, কৃষ্ণপ্ৰসাদ দুৱৰা আদিৰ লগত সংযোগ হৈ ১৯৮০ চনত ‘বিজুলী’ নামে মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। ‘বিজুলী’ৰ প্ৰথম বছৰত সম্পাদক আছিল কৃষ্ণপ্ৰসাদ দুৱৰা আৰু দ্বিতীয় তৃতীয় বছৰৰ সম্পাদক আছিল পদ্মনাথ গোহাঞিবৰুৱা। অশেষ কষ্ট স্বীকাৰ কৰি তেওঁ তিনিবছৰ ‘বিজুলী’ চলাবলৈ সমৰ্থ হয়। ‘জোনাকী’ৰ লগতে ‘বিজুলী’য়েও অসমীয়া সাহিত্যলৈ এটা নতুন উদ্দীপনাৰ ধল অনাত সহায় কৰিছিল। এই ‘বিজুলী’তে ১৮৯০-৯১ চনত তেওঁৰ ‘ভানুমতী’ উপন্যাস প্ৰকাশ পায়। তাৰ লগে লগেই তেওঁ দ্বিতীয় উপন্যাস ‘লাহৰী’ লিখি উলিয়ায়। প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত ব্যক্তিগত দাম্পত্য-জীৱনৰ ঘটনা লৈ ‘লীলা’ কাব্য ৰচনা কৰে। ইয়াৰ এবছৰ পিছত খণ্ড কবিতাৰ পুথি ‘জুৰণি’ প্ৰকাশ পায়। তেওঁ আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি।

 

চন্দ্ৰকুমাৰ আগৰৱালা(১৮৬৭-১৯৩৭):

 

জোনাকীৰ প্ৰথম সম্পাদক আৰু অসমীয়া সাহিত্যত গীত-কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক চন্দ্ৰকুমাৰৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। তেওঁ হৰিবিলাস আগৰৱালাৰ পুত্ৰ আছিল। কলিকতাতে তেওঁ স্কুলীয়া আৰু কলেজীয়া শিক্ষা লাভ কৰে, কিন্তু বি.এ পৰীক্ষা নিদি ব্যৱসায়ত ধৰে। তেওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি ১৮৮৯ খ্ৰীষ্টাব্দত ‘জোনাকী’ কাকত উলিয়ায়। ১৯১৮ চনত সাদিনীয়া বাতৰি ‘অসমীয়া’ উলিয়ায়। এই কাকতেই পিছত তিনিদিনীয়া আৰু শেষত ‘দৈনিক অসমীয়া’ত ৰূপান্তৰিত হয়। বেজবৰুৱাৰ ‘বাঁহী’খনো শেষৰ কেইবছৰ তেওঁৰ ছপাখানাতে ছপা হৈ সাহিত্যৰ যোগান ধৰিছিল। গুৱাহাটী ‘নিউ প্ৰেছ’ আৰু কেইবাখনো চাহ বাগিচা থকাটো এওঁৰ ব্যৱসায় পটুতাৰ পৰিচায়ক। ১৯৩৭ চনত গুৱাহাটীৰ নিজা ঘৰত তেওঁৰ মৃত্যু হয়।

‘জোনাকী’ৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীত-কবিতাটিৰেই আধুনিক কবিতাৰ শুভাৰম্ভ। জোনাকীত প্ৰকাশ পোৱা কবিতাৰ সমুজ্জ্বল হ’ল ‘প্ৰতিমা’(১৯১৩)। বেজবৰুৱাই উক্ত পুথিৰ আলোচনা প্ৰসঙ্গত লিখিছিল- ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ’। তেওঁৰ দ্বিতীয় কবিতাৰ পুথি ‘বীণ-বৰাগী’(১৯২৩)। ‘বাঁহী’ত প্ৰকাশ পোৱা কবিতাৰ সমষ্টিয়েই ‘বীণ-বৰাগী’। সংখ্যাত তাকৰ হ’লেও এই দুখন কবিতাৰ পুথিয়ে চন্দ্ৰকুমাৰৰ উচ্চ আৰু সূক্ষ্ম কবি প্ৰতিভাৰ পৰিচয় দিয়ে। ড° সত্যনাথ শৰ্মাৰ ভাষাত তেওঁৰ(চন্দ্ৰকুমাৰ) কবিতাৰ বিষয়বস্তুত দৰ্শনৰ গুৰু-গাম্ভীৰ্য আৰু প্ৰকাশভঙ্গীত লোকগীতৰ লয়লাস ভঙ্গী পোৱা যায়। সৌন্দৰ্যৰ সন্ধান, মানৱপ্ৰীতি, বৈদান্তিক প্ৰভাৱ বা অদ্বৈতদৃষ্টি, বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্যভাৱৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজৰ আহ্বান আৰু সবল আশাবাদ চন্দ্ৰকুমাৰৰ কবিতাৰ বিশেষত্ব। তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ প্ৰভেদ নাই। তেওঁৰ দৃষ্টিত ‘মানুহেই দেৱ, মানুহেই সেৱ, মানুহেই পৰাৎপৰ’। মানৱৰ নীচতা আৰু স্বাৰ্থপৰতা দেখি ‘ক্ৰধসংৰক্তনয়ন’ হ’লেও মানৱৰ অসীম সম্ভাৱনা সম্পৰ্কে আস্থা হেৰুৱা নাই। দিব্যদৃষ্টিৰে কবিয়ে দেখা পাইছে মুকলি আকাশ, মুকলি বতাহৰ তলত মানৱৰ অকলঙ্ক মধুৰিমা। মুকলি মনৰ দাপোণত প্ৰতিবিম্বিত হৈছে মানুহৰ মহত্ত্ব আৰু দেৱত্ব।

 

হেম বৰুৱা:

 

হেম বৰুৱাৰ জন্ম হয় ১৯১৫ চনত তেজপুৰত। তেওঁৰ দেউতাকৰ নাম আছিল বিনন্দিৰাম বৰুৱা আৰু মাকৰ নাম আছিল পদ্মালোচনী দেৱী। তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় যোৰহাটত। তাৰ পিছত ক্ৰমে কটন কলেজৰ পৰা বি.এ আৰু কলিকতাৰ পৰা ইংৰাজী সাহিত্যত এম.এ পাছ কৰে। প্ৰথমে যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত অধ্যাপকৰূপে কাম কৰাৰ পিছত বি.বৰুৱা কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। তাৰ পৰাই তেওঁ লোকসভাৰ সদস্য নিয়োজিত হয়।

হেম বৰুৱাই অসমীয়া কবিতাক আধুনিকতাৰ ৰূপ দিয়ে বুলি ক’ব পাৰি। তেওঁৰ ‘বান্দৰ’ নামৰ কবিতাটি তাৰেই এক নিদৰ্শন। ‘মন ময়ূৰি’ আৰু ‘বালিছন্দা’ তেওঁৰ ৰচিত দুখন প্ৰখ্যাত কবিতাৰ পুথি। তেওঁ এগৰাকী সুসমালোচক আছিল।

হেম বৰুৱাই পৃথিৱীৰ বহুতো ঠাই যেনে- ইংলেণ্ড, আমেৰিকা, ৰাছিয়া, থাইলেণ্ড আদি পৰিভ্ৰমণ কৰি তাৰ অভিজ্ঞতাৰে কেবাখনো গ্ৰন্থ ৰচনা কৰে। তাৰ ভিতৰত সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলো আদি উল্লেখযোগ্য গ্ৰন্থ। The Real River and the Blue Hill, August Revolution in Assam, Assamese Literatureকে আদি কৰি ইংৰাজীতো কেইখনমান উৎকৃষ্ট গ্ৰন্থ ৰচনা কৰি থৈ যায়।

 

ড° ভবেন্দ্ৰ নাথ শইকীয়া:

 

স্বাধীনোত্তৰ কালৰ এজন উল্লেখযোগ্য সাহিত্যিক ড° ভবেন্দ্ৰ নাথ শইকীয়া মূলত গল্পকাৰ আৰু ঔপন্যাসিক। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত তেওঁ বিশ্ববিদ্যালয় পাঠ্যপুঠি প্ৰস্তুতি সমিতিৰ সচিব নিযুক্ত হয়। তাৰ পাছত তেওঁ চাকৰি এৰি লিখাত মনোনিবেশ কৰে আৰু অসমীয়া সাহিত্যলৈ গল্প, উপন্যাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়ায়। গল্পকাৰ হিচাপে ড° ভবেন্দ্ৰ নাথ শইকীয়া ব্যক্তি চৰিত্ৰৰ বৈচিত্ৰ্যময়, প্ৰাত্যহিক জীৱনৰ একোটি মুহূৰ্ত বা অভিব্যক্তি, সামাজিক জীৱনৰ পৰিস্থিতি চিত্ৰগণ নিপুণ। ‘প্ৰহৰ’, ‘গহ্বৰ’, ‘সেন্দূৰ’, ‘শৃংখল’, ‘তৰঙ্গ’, ড° শইকীয়াৰ প্ৰকাশিত গল্প সংকলন। তেওঁ উপন্যাস ৰচনাৰ দিশতো মনোনিবেশ কৰে। ‘অন্তৰীপ’ তেওঁৰ উল্লেখযোগ্য উপন্যাস।

গল্প, উপন্যাস ৰচনাৰ উপৰি তেওঁ বোলছবিৰ পৰিচালক ৰূপেও সুখ্যাতি লাভ কৰে। ‘সন্ধ্যাৰাগ’ তেওঁৰ এখন উল্লেখযোগ্য বোলছবি। বোলছবিৰ পৰিচালক হিচাপে তেওঁ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। তেওঁ এজন সফল নাট্যকাৰো। ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁ কেইবাখনো নাটক ৰচনা কৰি কৃতিত্বৰ পৰিচয় দিয়ে। তেওঁ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰে।

 

ড° নিৰ্মলপ্ৰভা বৰদলৈ:

 

ড° নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী বিশিষ্ট কবি। জন্ম হয় ১৯৩৩ চনত। মানুহৰ মনোজগত আৰু তেওঁৰ চাৰিওফালৰ জগতখন কবিৰ আলোচনাৰ বিষয়। মুক্তক ছন্দ তেওঁৰ কাব্যৰীতিৰ নিৰ্মাণ কৌশল। মধ্যবিত্ত জীৱনৰ প্ৰতিকূল পৰিবেশ, অৰ্থনৈতিক তাড়না, নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু নগৰ সভ্যতাৰ স্ন’বাৰি আৰু প্ৰতাৰণা তেওঁৰ কবিতাৰ উপভোগ্য সামগ্ৰী। তেওঁ ৰচনা কৰা কবিতাপুথিসমূহ হ’ল- ‘বন ফৰিঙৰ ৰং’, ‘দিনৰ পিছত দিন’, ‘অন্তৰঙ্গ’, ‘সুদীৰ্ঘ দিন আৰু ৰাতি’, ‘শব্দৰ ইপাৰে শব্দৰ সিপাৰে’, ‘নিৰ্বাচিত কবিতা’ আদি। কবিতাৰ উপৰি তেওঁ তত্ত্বমূলক গ্ৰন্থও ৰচনা কৰে। তেওঁ অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনৰ সভাপতি পদ অলংকৃত কৰে। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ তত্ত্বসমৃদ্ধ গ্ৰন্থবোৰ হ’ল ‘দেৱী’, ‘সূৰ্য’ আদি। অসমীয়া কাব্য সাহিত্য সম্পৰ্কে তেওঁ বহুতো মূল্যৱান গ্ৰন্থ ৰচনা কৰে। ‘জলপদ্ম’ নামৰ উপন্যাসখন মাজুলীৰ পটভূমিত লিখা। এওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰি অসমীয়া কাব্য সাহিত্যক গৌৰাৱোজ্জ্বল কৰি তোলে।

 

প্ৰশ্নোত্তৰ:

 

১)কোনখন গ্ৰন্থ মাধৱ কন্দলিৰ ৰচনা নহয় বুলি সন্দেহ হয়?

উত্তৰ: দেৱজিৎ।

২)শংকৰদেৱে কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি প্ৰথমে ক’ত আশ্ৰয় লয়?

উত্তৰ: গাং মৌ।

৩)শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন?

উত্তৰ: জগদীশ মিশ্ৰ।

৪)ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি?

উত্তৰ: অনুবাদমূলক।

৫)ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি?

উত্তৰ: গুণমালা।

৬)শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি?

উত্তৰ: হৰিশ্চন্দ্ৰ উপাখ্যান।

৭)শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল সেইবোৰ হ’ল-

উত্তৰ: গীত আৰু ভটিমা।

৮)শংকৰদেৱৰ ভক্তি-তত্ত্বমূলক গ্ৰন্থ কোনখন?

উত্তৰ: ভক্তিপ্ৰদীপ।

৯)মাধৱদেৱৰ পিতৃৰ নাম কি আছিল?

উত্তৰ: গোবিন্দগিৰি ভূঞা।

১০) ‘গুণমালা’ কাব্য কি ছন্দত ৰচা?

উত্তৰ: কুসুমমালা।

১১) ‘কীৰ্ত্তন’ৰ ৰচক কোন?

উত্তৰ: মহাপুৰুষ শংকৰদেৱ।

১২)মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা?

উত্তৰ: নামঘোষা।

১৩)শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

উত্তৰ: একশৰণ নামধৰ্ম।

১৪)মাধৱদেৱৰ ৰচনা লৈ সন্দেহজনক গ্ৰন্থখন কি?

উত্তৰ: গুপ্তসাৰ।

১৫)মাধৱদেৱৰ নাটবোৰক কি বোলে?

উত্তৰ: ঝুমুৰা।

১৬)মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ কি?

উত্তৰ: জন্ম ৰহস্য।

১৭)চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি?

উত্তৰ: জোনাকী।

১৮)চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কাকতখন কেতিয়া উলিয়ায়?

উত্তৰ: ১৯১৮।

১৯)চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰ: প্ৰতিমা।

২০)চন্দ্ৰকুমাৰ আগৰৱালা সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য?

উত্তৰ: প্ৰথম ৰোমান্টিক কবি।

২১)অ.ভ.উ.সা. সভাৰ এজন প্ৰধান উপদেষ্টা কোন-

উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱা।

২২)’ভানুমতী’ উপন্যাসৰ ৰচক কোন?

উত্তৰ:পদ্মনাথ গোহাঞিবৰুৱা।

২৩)বিজুলী কাকতৰ সম্পাদক কোন আছিল?

উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱা।

২৪)লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি?

উত্তৰ: দীননাথ বেজবৰুৱা।

২৫)লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি?

উত্তৰ: পদুম কুঁৱৰী।

২৬)লক্ষ্মীনাথ বেজবৰুৱা কোনখন সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হয়?

উত্তৰ: গুৱাহাটী অধিবেশনৰ।

২৭)লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰ: তত্ত্বকথা।

২৮)ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম-

উত্তৰ: বনফৰিঙৰ ৰঙ।

২৯)কোন চনত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হয়?

উত্তৰ: ১৯৩৩ চনত।

৩০)ড° ভবেন্দ্ৰ নাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম-

উত্তৰ: অন্তৰীপ।

উৎস: সহায়ক হাতপুথি টেট

 

 

 

 

 

3.04444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top