অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জ্যোতিৰ জ্যোতি

জ্যোতিৰ জ্যোতি

প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে অমৰ হৈ জীয়াই থকা কেইগৰাকীমান অসমীয়াৰ কথা মনলৈ আনিলে যি কেইগৰাকী মহান ব্যক্তিৰ নাম আহে তেওঁলোকৰ ভিতৰত চিৰকালৰ শ্ৰেষ্ঠ অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম ।মহান আত্মা আগৰৱালাদেৱৰ জন্ম হয় ১৯০৩চনৰ ১৭জুনত মাতৃ কিৰণময়ী আগৰৱালাৰ গৰ্ভত আৰু পিতৃ পৰমানন্দ আগৰৱালাৰ ঔৰষত । আগৰৱালা দেৱে ডিব্ৰুগড় জৰ্জ হাইস্কুল, নেচনেল কলেজ  (কলিকতা), এডিনবাৰ্গ বিশ্ববিদ্যালয় আদি শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণেৰে শিক্ষিত হৈ উঠিছিল। তেওঁ ১৯৩৬চনত দেৱযাণী ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

এতিয়া আমি তেখেতৰ ব্যক্তিগত জীৱনৰ পৰা কিছু ফালৰি কাটি আহিছো কাৰণ এই প্ৰবন্ধৰ মূল উদ্দেশ্য হৈছে আজিৰ এই ক্ষণত তেখেতৰ বহুমূখী প্ৰতিভাৰ বিষয়ে আলোচনা কৰাহে । অসমৰ সাহিত্য -কৃষ্টিৰ কথা কবলৈ গলেই স্বত: স্ফুত ভাবে মনলৈ আহে আগৰৱালা দেৱৰ নাম । ইয়াৰ মূল কাৰণ হল তেখেতৰ বহুমূখী প্ৰতিভা ।তেখেত আছিল একাধাৰে নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক, কবি, গীতিকাৰ, সুৰকাৰ, নৃত্য বিশাৰদ, বোলছবি নিৰ্মাতা ।
১৮৫৭ চনত অৰুণোদয়ৰ পাতত খণ্ড খণ্ডকৈ প্ৰকাশ পোৱা আৰু পৰৱৰ্তী সময়ত পুথিৰ আকাৰে প্ৰকাশ হোৱা গুনাভিৰাম বৰুৱাৰ “ৰাম নৱমী ” নাটকে যদিও আধুনিক অসমীয়া নাটকৰ শুভাৰম্ভ কৰে। তথাপিওঁ সেই সময়ত অসমীয়া নাটকৰ আশাপ্ৰদ বিকাশ হোৱা নাছিল। অৱশ্যে এই সময়ত অসমীয়া নাটক যে লিখা হোৱা নাছিল তেনে নহয়। কিন্তু আগৰৱালা দেৱৰ মতে “সেই সময়ত অসমীয়া নাট্য সাহিত্য আৰু সংগীতৰ ওপৰত বঙলা নাটক আৰু সংগীতৰ প্ৰচণ্ড প্ৰভাৱ। আমাৰ মঞ্চবোৰত বেছি ভাগেই অনুবাদ কৰা বঙলা নাটক আৰু সেই নাটকত বঙলা গীত সুৰ চলিছিল” (পাতনি; শোণিত কুঁৱৰী, ২য় তাঙৰণ )। জ্যোতিপ্ৰসাদে অসমীয়া নাটকক তেনে প্ৰভাৱৰ পৰা মুক্ত কৰিবৰ বাবেই নাটক লিখিবলৈ আৰম্ভ কৰে আৰু অসমীয়া নাট্য সাহিত্যৰ ভড়াললৈ “শোণিত কুঁৱৰী”, “কাৰেঙৰ লিগিৰী”, “লভিতা, “ৰুপালীম”, “নিমাতী কইনা”, “সোণপখিলী”, “খনিকৰ”, “কনকলতা”, আৰু “সুন্দৰ কোঁৱৰ”, এই নখন নাটক উপহাৰ দিয়ে।

পুৰাণৰ উষা অনিৰুদ্ধৰ মিলন কাহিনীৰ আধাৰত আগৰৱালা দেৱে তেখেতৰ প্ৰথম নাটক “শোণিত কুঁৱৰী” ৰছনা কৰিছিল । উল্লেখ্য যে নাট্যকাৰে নাটকৰ বিষয়বস্ত পুৰাণৰ পৰা সংগ্ৰহ কৰিলেও নাটকখন সজাই তুলিছিল স্বকীয় আদৰ্শৰে। পুৰাণৰ কাহিনীত বাণ ৰজাৰ বীৰত্ব অধিক প্ৰকাশ পোৱাৰ বিপৰীতে তেখেতৰ নাটকত উষা -অনিৰুদ্ধৰ প্ৰেমে অধিক গুৰুত্ব লাভ কৰে। তেখেতৰ দ্বিতীয়খন নাটক “কাৰেঙৰ লিগিৰী”ৰ বিষয়বস্ত প্ৰাচীন সামন্ত সমাজৰ পৰা অনা হৈছে আৰু বিভিন্ন দ্বন্দ্বৰ মাজেৰে বিফল প্ৰেমৰ এখন সফল চিত্ৰ অংকন কৰিছে । “লভিতা” নাটকত বিয়াল্লশৰ আন্দোলন, দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ বৰ্ণনা কৰিছে। নৃত্য গীত সমাহিত “ৰূপালীম” এখন উপভোগ্য নাটক। এটি সাধুৰ আধাৰত ৰচনা কৰা “নিমাতী কইনা” নাটকখনক শিশু নাটিকা বলি কলেও ই যথেষ্ট গভীৰ অৰ্থ বহন কৰিছে। দুখৰ বিষয় এয়ে যে “সোনপখিলী” “কনকলতা” আৰু “সুন্দৰ কোৱঁৰ” নাটক কেইখন অসম্পূৰ্ণ হৈ ৰ’ল । তেখেতৰ “খনিকৰ” নাটকখন বিদেশৰ অভিজ্ঞতাৰ প্ৰভাৱেৰে ভিন্ন স্বাদৰ হৈ উঠিছে। জ্যোতি প্ৰসাদৰ নাটক সমূহ স্বকীয় বৈশিষ্ঠৰে মহিমা মণ্ডিত।

আগৰৱালাদেৱৰ কলমত প্ৰাণ পাই উঠিছে ৯ টা গল্পই। সেই কেইটা হল- “ৰূপহী, বগীতৰা, সোনতৰা, সোনটিৰ অভিমান, যুঁজাৰু, সতীৰ সোঁৱৰণি, সন্ধি, প্ৰত্নতাত্ত্বিকৰ কলাঘুমটি, নীলা চৰাই । ইয়াৰে ৰূপহী, বগীতৰা, সোনতৰা, যুঁজাৰু সতীৰ সোঁৱৰণি এই গল্প কেইটাৰ মূল বিষয়বস্ত হল প্ৰেম । অৱশ্যে আগৰৱালা দেৱে গল্প ৰছনাৰ ক্ষেত্ৰত বিশেষ সফল হোৱা নাছিল ।

উপন্যাসৰ জগতখনত আগৰৱালা দেৱ এজন বিফল উপন্যাসিক ।তেখেতে এখনেই মাথো উপন্যাসৰ কাম হাতত লৈছিল যাৰ নাম দিছিল “আমাৰ গাওঁ”। পৰিতাপৰ বিষয় যে তেওঁ সেই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে ।উপন্যাসখনৰ প্ৰধান চৰিত্ৰ অভিনৱ বৰুৱাৰ চৰিত্ৰ বিশ্লেষণ কৰিলে অনুভৱ হয় যেন এই চৰিত্ৰটো তেখেতৰ জীৱনৰে চিত্ৰায়ন ।

সংখ্যাত তাকৰ হলেও বাৰটা কবিতাৰ মাজেৰে তেওঁ শিশু সাহিত্যিক বুলি স্বীকৃতি লাভ কৰিছিল। ভূত পোৱালি, অক’মান লৰা,অক’মানিৰ প্ৰাৰ্থনা আদি উল্লেখযোগ্য শিশু কবিতা। শিশুৰ বাবে উপযুগী কৰি লিখা হলেও এই কবিতা সমূহে বিশেষ অৰ্থ বহন কৰিছে । জ্যোতি ৰামায়ন হ’ল তেখেতৰ শিশু সাহিত্যলৈ অনন্য অৱদান য’ত লেখকে কবিতাৰ মাধ্যমেৰে ৰামায়নৰ কাহিনী প্ৰচাৰ কৰিছে ।তেনেদৰে “ঘোৰা ডাঙৰী”য়াত ঘোৰা আৰু গাধৰ মাজেৰে মানৱীয় চৰিত্ৰ অৱতাৰণা কৰিছে আৰু সিহতৰ কথা বাৰ্তাৰ মাজেৰে শিশু সকলৰ বাবে নীতি কথা আগবঢ়াইছে ।

অসমৰ কাব্য জগতত আগৰৱালাদেৱ চিৰকালৰ বাবে উজ্বল নক্ষত্ৰ ।তেখেতৰ কবিতা সমূহত প্ৰকাশ পাইছে জাতীয়বাদী ভাৱধাৰা, বিপ্লৱী ভাবধাৰা, মানৱতাৰ চেতনা, আধুনিক চেতনা আদি. “ৰূপান্তৰে জগত সুন্দৰ কৰে” এই বাণীত বিস্বাসী আগৰৱালাদেৱৰ কবিতাট দেখিবলৈ পাওঁ ৰূপান্তৰৰ আকাংক্ষা । সেয়ে তেওঁ লেখিছে…
হে নতুন! নমস্কাৰ
যুগে যুগে আহ তই
দেশে দেশে হাঁহ তই
ভোঁহাৰি বিদাৰি ফালি পুৰণি সংস্কাৰ
হে নতুন, নমস্কাৰ
(নতুন)

জ্যোতিপ্ৰসাদৰ গীত সমূহ জ্যোতি সংগীত নামেৰে পৰিচিত। তেখেতৰ কবিতাৰ দৰে গীত সমূহৰ মাজতো দেখিবলৈ পাওঁ শিল্প চেতনা স্বদেশ প্ৰীতিৰ আভা। তেখেতৰ নাটক সমূহ আছিল গীত সমাহিত । তেনদৰে তেখেতৰ উপন্যাস গল্প ভাষণৰ মাজতো গীতৰ সমাবেশ লক্ষনীয় । তেখেতৰ গীত সমূহৰ বাবে নতুন সুৰ সৃষ্টিৰে এজন সফল সুৰকাৰৰ পৰিচয় দিছিল।

আগৰৱালা দেৱে কেৱলকলমেৰে সাহিত্য সৃষ্টি কৰি গীত পৰিবেশন কৰিয়েই ক্ষান্ত থকা নাছিল। তেওঁ নৃত্য সংস্কৃতিত এক নতুনত্ব প্ৰদান কৰি জাপী নৃত্য, পদুমকলিৰ নাচ আদি প্ৰচলন কৰিছিল। ভাৰতবৰ্ষত প্ৰথম সবাক বোলছবি নাৰ্মাণ হোৱাৰ মাত্ৰ তিনি বছৰৰ পিছতে জয়মতী নিৰ্মাণ কৰি অন্য এক প্ৰতিভাৰ পৰিছয় দিছিল। স্থানীয় বস্তুৰে আটক ধুনীয়া চিত্ৰবন ষ্টুডিঅ প্ৰতিষ্ঠা কৰি নতুন যুগৰ আৰম্ভ কৰিছিল।

এইজনা মহান মনীষাই ৰূপান্তৰৰ শলিতা জ্বলাই ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুৰ সন্মুখত হাৰ মানি নশ্বৰ দেহ ত্যাগ কৰে। আতৰি গ’ল কলা-সংস্কৃতিৰ পৰা কিন্তু দি গ’ল অফুৰন্ত সম্ভাৰ। তেখেতৰ এই মৃত্যুৰ দিনা তেখেতলৈ জনাইছো সহস্ৰ প্ৰণাম।

দিব্যজ্যোতি শইকীয়া

2.90322580645
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top