মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / ভক্তি আন্দোলন আৰু শ্ৰীমন্ত শংকৰদেৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভক্তি আন্দোলন আৰু শ্ৰীমন্ত শংকৰদেৱ

ভক্তি আন্দোলন আৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা হৈছে ।

অসমৰ জনসাধাৰনক এক ঈশ্বৰ মুখী কৰাৰ বাবে মহাপুৰুষ শঙ্কৰদেৱে নৱ-বৈষ্ণৱ ভক্তি আন্দোলনৰ পাতনি মেলিছিল। পোন্ধৰ-ষোল শতিকাত যি ভাগৱতী নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰবাহ অসমৰ বুকুৱেদি প্ৰবাহিত হৈছিল তাৰ মূলতেই আছিল শঙ্কৰদেৱ আৰু ভক্তি ধৰ্মৰ উত্থান।

আজিৰ পৰা পাঁচশ বছৰৰো অধিক কাল পূৰ্বে ভক্তি আন্দোলনে সকলোশ্ৰেণীৰ লোককেই আকৰ্ষন কৰিছিল। ভক্তি ধৰ্মৰ মূল-মন্ত্ৰ হ’ল শ্ৰৱন কীৰ্ত্তন।

এই ধৰ্মৰ সকলোৱে একে লগে বহি নাম কীৰ্ত্তন কৰি কৃষ্ণ ভগৱানৰ প্ৰতি শ্ৰদ্ধা-ভক্তি সেৱা আগবঢ়াব পাৰে।

মহাপুৰুষ শঙ্কৰদেৱৰ সান্নিধ্যত থাকি মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, নাৰয়াণ ঠাকুৰ, গোপালদেৱ, ভট্টদেৱ আদি বহুকেইজন সন্ত-মহন্ত পুৰুষে ভক্তি ধৰ্মৰ জ্যোতি সকলো ঠাইলৈ কঢ়িয়াই নিছিল।

তাৰ চিনস্বৰূপে অসমত আজিও পাঁচশখনৰ অধিক সত্ৰানুষ্ঠান আৰু প্ৰতিখন গাৱঁত থকা নামঘৰে হৰিনামৰ ধ্বনিৰে আকাশ মুখৰিত কৰি ভক্তিধৰ্ম পালন কৰি আছে।

ঈশ্বৰৰ প্ৰতি অনুৰক্ত ভাবেই হ’ল ভক্তি। ভক্তি ধৰ্মৰ পালনৰ বাবে শ্ৰদ্ধাৰ আৱশ্যক। কায়-বাক্য মনে ঈশ্বৰৰ প্ৰতি একান্ত মনে আনুগত্য প্ৰকাশ কৰিলেই ভক্তি আহি পৰে।

মহাপুৰুষ শঙ্কৰদেৱৰ ভক্তি ধৰ্মৰ মূল পুথি চাৰিখন কীৰ্ত্তন আৰু দশম আৰু মাধৱদেৱ প্ৰণীত নামঘোষা আৰু ভক্তি ৰত্নাৱলী।

শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰকাশ আৰু প্ৰবৰ্ত্তন কৰা একশৰন ভক্তিধৰ্মৰ মূল কথা হ’ল -

ভক্তিৰ স্থান :

যি ক্ষেত্ৰত হৰি কীৰ্ত্তনৰ ধ্বনি অহৰহ বাজি থাকে, তাত ব্ৰহ্মা, হৰি, শিৱ সকলো দেৱতা উপস্থিত থাকে। কীৰ্ত্তনৰ মহিমা অপাৰ। কীৰ্ত্তন বন্দনাৰ পৰা পৰম আনন্দ লাভ কৰে। সেই ঠাইৰ মহিমা অদ্ভুত। যি ঠাইত পৰম ভক্ত সকলে ভগৱানৰ নাম কীৰ্ত্তন কৰে, সেই ঠাইৰ প্ৰতি নমস্কাৰ কৰি মানুহে নিজেই ঈশ্বৰ পৰায়ণ হৈ পৰে।

গুৰুশিষ্য :

ভক্তি লাভ কৰা নানা উপায় আছে। তাৰ প্ৰথমটো হ’ল শৰণ। শ্ৰেষ্ঠ ভাগৱতৰ ভক্তি লাভ কৰিবলৈ হ’লে গুৰুৰ জৰিয়তে শৰণ লব লাগে।

সদগুৰু হ’ল সেইজন, যি জন ব্যক্তি পৰম তত্বজ্ঞানী আৰু শব্দ ব্ৰহ্ম আৰু পৰমব্ৰহ্ম সম্পৰ্কে যাৰ যথেষ্ট জ্ঞান আছে। তত্বজ্ঞানী গুৰুৱে শৰণৰ সকলো দিশ বুজাই দিব পাৰে। শিষ্যসকলৰ বাবে গুৰু তিনিজন আদ্যগুৰু পিতা, দ্বিতীয় শিক্ষক যাৰ পৰা বিদ্যা অধ্যয়ন আদি হয় আৰু তৃতীয় গুৰু হ’ল ব্ৰহ্মজ্ঞান দিয়া গুৰু।

শৰণ :

এক শৰণ ধৰ্মত সকলো ধৰ্ম পৰিত্যাগ কৰি কেৱল ভগৱন্তৰ ওচৰত শৰণ লব লাগে। শ্ৰুতি, স্মৃতি, বাধা নিষেধ সকলো ত্যাগ কৰি একমাত্ৰ অন্তৰ্যামী দৃষ্টিৰে উপলব্ধি কৰি শৰণ লবলৈ কোৱা হৈছে।

ভক্তি সাধনৰ আৰু উত্তম ফল লাভৰ বাবে সদগুৰুৰ আৱশ্যক। শ্ৰেষ্ঠ ভাগৱতৰ ভক্তি লাভ কৰিবলৈ হ’লে গুৰুৰ জৰিয়তে শৰণ ল’ব লাগে।

সত্‍সঙ্গ -

ভাগৱতী বৈষ্ণৱ ধৰ্মৰ মূল কথা হ’ল নামধৰ্ম। একশৰণৰ বাবে নাম কীৰ্ত্তনেই ঘাই উপায় বুলি কোৱা হৈছে।

  • নামত কীৰ্ত্তন,
  • শ্ৰৱণ,
  • স্মৰন,
  • বন্দন এই চাৰিবিধ ভক্তি একত্ৰিত হৈ আছে।

নাম কীৰ্ত্তনৰ ভিতৰেদি বিষ্ণুৰ অপৰূপ আৰু গুণ প্ৰকাশ পায়। এই ভক্তি ধৰ্মৰ আচৰনৰ বাবে সত্‍সঙ্গৰ অতি প্ৰয়োজন।

কৃষ্ণভক্ত সকলৰ দৰ্শনো মহাপূণ্যৰ কথা, কৃষ্ণ ভক্তসকলৰ দৰ্শন, আলাপ আদিয়ে জগত পৱিত্ৰ কৰে।

শ্ৰৱণ কীৰ্ত্তন -

অসমীয়া ভাগৱতী বৈষ্ণৱ ধৰ্মত শ্ৰৱণ কীৰ্ত্তন মূল বস্তু। শ্ৰৱণ কীৰ্ত্তনৰ মাজেৰে ভক্তিৰ পূৰ্ণতা প্ৰকাশ পায়।

শ্ৰৱণ কীৰ্ত্তনৰ মহত্ত্ব প্ৰকাশৰ বাবে ভাগৱতত ভগৱানৰ চৰিত্ৰৰ কথা উচ্চাৰন কৰা হয়। তাৰ দ্বাৰা মন নিৰ্মল হয় আৰু ভগৱানৰ দৰ্শন লাভ কৰে।

  • কথাৰে ভগৱানৰ গুণ কীৰ্ত্তন,
  • হাতেৰে ভগৱানৰ অৰ্চনা,
  • মনেৰে স্মৰণ,
  • কানেৰে শ্ৰৱন কৰি ভগৱানৰ ৰূপ দৰ্শন লাভ কৰিব পাৰি।

কীৰ্ত্তন -

ভগৱানৰ নাম লোৱাই হ’ল কীৰ্ত্তন। নামৰ ভিতৰতে কীৰ্ত্তন, স্মৰণ, বন্দন, শ্ৰৱণ এই চাৰি বস্তু থাকে আৰু তাৰ মাজেৰে প্ৰকাশ পোৱা অপৰূপ মাধুৰীয়ে ভগৱন্তৰ গুণ প্ৰকাশ কৰে।

[১] নাম উচ্চাৰণ

[২] স্ততি পাঠ

[৩] কথা ব্যাখ্যা

[৪] গীতা পাঠৰ মাজেৰে কীৰ্ত্তনৰ পূৰ্ণাংগ ৰূপ প্ৰকাশ পায়।

শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা এক শৰণ নামধৰ্মই আজি আমাৰ সমাজত যথেষ্ঠ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।

এই ভক্তিধৰ্মই দেশে-বিদেশেও প্ৰতিধ্বনিত হৈছে। এই প্ৰবাহে আমাৰ আজিৰ সমাজক এক যোগাত্মক দিশত আগুৱাই য়োৱাত আৰু সমাজত সকলোৰে মাজত প্ৰেমাকুল ভাৱ গঢ়ি তোলাত সহায় কৰিছে।

লেখক: দুলাল বৰুৱা

উৎস: সাহিত্য.অৰ্গ

2.9
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top