মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ ভাষা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ ভাষা :

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ ভাষাৰ বিষয়ে লিখা হৈছে ।

 

‘স্বদেশৰ আৰু স্বজাতিৰ উন্নতি আৰু মংগল-মন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা’ বুলি যি গৰাকী মহান মনীষীয়ে মাতৃভাষাৰ সেৱাত নিজকে উছৰ্গা কৰি আধুনিক অসমীয়া ভাষাৰ অপূৰঠ বৃক্ষজুপিত প্ৰাণ-প্ৰতিষ্ঠা কৰি ‘জোনাকী’ৰ পোহৰত সেই বৃক্ষ ডালে-পাতে, ফলে-ফুলে জাতিষ্কাৰ কৰি গ’ল, সেই গৰাকী অসম-হিতৈষী অসাধাৰণ ব্যক্তিত্বসম্পন্ন প্ৰতিভাশালী লেখক হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷

‘অসমীয়া ভাষাৰ উন্নতি অসমীয়া সাহিত্যৰ উন্নতিৰ প্ৰথম ঢাপ’ বুলি কৈ সাহিত্যৰ বিচিত্ৰ ৰূপৰ মাজেৰে অসমীয়া ভাষাক নজহা-নপমা ৰূপ দিয়া লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষাৰ এগৰাকী সুদক্ষ কাৰিকৰ৷

কি কবিতা, কি গদ্য- সকলো শ্ৰেণীৰ ৰচনাৰ মাজেৰে বেজবৰুৱাই অসম, অসমীয়া আৰু মাতৃভাষা অসমীয়াৰ জয়গান গোৱাৰ লগতে তেওঁৰ বিশাল আৰু বিচিত্ৰ সাহিত্যৰাজিৰ মাজত অসমৰ জাতীয় জীৱনক প্ৰতিফলিত কৰা এতা সবল, সাৱলীল আৰি শক্তিশালী জাতীয় ভাষা সৃষ্টি কৰিছিল৷

লক্ষ্মীনাথ বেজবৰুৱাই যি সময়ত হাতত কলম তুলি লৈছিল, সেই সময়ছোৱা আছিল অসমীয়া জাতীয় জীৱনৰ লগতে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ সৰ্বাংগীন উন্নতি আৰু বিকাশৰ যুগ৷ ব্ৰাউন-ব্ৰন্সন প্ৰমুখ্যে আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলে তেওঁলোকৰ নিজা নিজা সৃষ্টি আৰু প্ৰথম অসমীয়া বাৰ্তালোচনী অৰুনোদইৰ জৰিয়তে প্ৰকাশ কৰা বিচিত্ৰ বিষয়ৰ লিখনি আৰু পিছত আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪) আৰু হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬) প্ৰমুখ্যে ডেকা অসমীয়া সাহিত্যিকসকলৰ ৰচনাই আধুনিক অসমীয়া ভাষা-সাহিত্যক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ সময়তে লক্ষ্মীনাথ বেজবৰুৱাই (১৮৬৪-১৯৩৮) ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ‘আসাম নিউচ’ (১৮৮৩-১৮৮৫) পঢ়ি ‘তাৰ অসমীয়া লিখাৰ গঢ়ৰ ফালে ভালকৈ মন দি অসমীয়া ভাষাৰ ৰচনা লিখিবলৈ আৰম্ভ কৰে৷’

সম্ভৱতঃ গুণাভিৰাম বৰুৱাৰ ‘আসাম বন্ধু’ (১৮৮৫-৮৬) আৰু আউনীআটি সত্ৰৰ শ্ৰীধৰ বৰুৱাৰদ্বাৰা সম্পাদিত ‘আসাম তৰা’তে (১৮৮৬-৯০) বেজবৰুৱাই পোনতে লিখিবলৈ আৰম্ভ কৰে৷

‘অৰুনোদই’ৰ পৰা আৰম্ভ কৰি ‘আসাম তৰা’লৈকে প্ৰায় এঘাৰখন কাকত-আলোচনীয়ে অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধি আৰু বিকাশত অৰিহণা যোগাইছিল যদিও বেজবৰুৱাৰ মতে ‘অসমীয়া ভাষাৰ মহাৰথীদ্বয়ৰ আসাম নিউচ আৰু আসাম বন্ধুৱেই আধুনিক আৰ্হিত অসমীয়া গদ্য আৰু পদ্য সাহিত্যৰ সৃষ্টিৰ অৰ্থে spade work, কোৰৰ কাম কৰে, অৰ্থাত মাটি কুৰি চহাই দিয়ে৷ …অসমীয়া ভাষাত সকলো অসমীয়াৰ মনোৰঞ্জন কৰি সুললিত, সৰল, ৰসাল অথচ ওখ শ্ৰেণীৰ গদ্যৰ ৰচনা যে হ’ব পাৰে, এইটো আসাম নিউচ আৰু আসাম বন্ধুৱেই প্ৰথমতেই দেখুৱালে৷’

আসাম নিউচ আৰু আসাম বন্ধুৱেই হাবি-বন কাটি চহাই উৰ্বৰা কৰা মাটিতেই চন্দ্ৰ কুমাৰ আগৰৱালা-লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী, অসমীয়া নৱন্যাসৰ এই ত্ৰিমূৰ্তিৰ চেষ্টাত আৰু চন্দ্ৰ কুমাৰ আগৰৱালাৰ বলিষ্ঠ নেতৃত্ব আৰু সম্পাদনাত ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত ‘জোনাকী’ আলোচনীৰ জন্ম হয়৷

১৮৮৮ চনৰ ২৫ আগষ্টত জন্ম হোৱা অ ভা উ সাৰ সভাৰ মুখপত্ৰস্বৰূপ জোনাকীয়ে সভাৰ উদ্দেশ্যকে সৰোগত কৰি ‘আন্ধাৰৰ বিপক্ষে যুঁজি’ অসম, অসমীয়া জাতি আৰু ভাষা-সাহিত্যলৈ জোনাকীস্বৰূপ ইউৰোপীয় নৱন্যাস আন্দোলনৰ ঢল বোৱাই আনে৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘অভিন্ন হৃদয়’ বেজবৰুৱাই মনত অজুত হাতীৰ বল আৰু কলমত প্ৰতিভাৰ বিদ্যুৎ লৈ এটা আন্দোলনৰ ৰূপত ‘জোনাকী’ত আত্মপ্ৰকাশ কৰিলে৷

‘জোনাকী’ৰ পাতত প্ৰহসন, কৃপাবৰী ৰচনা, সাধুকথা, চুটি গল্প, ঐতিহাসিক উপন্যাস আদি সাহিত্যৰ ন ন ৰূপ সৃষ্টি কৰি এহাতেদি তেওঁ সিবোৰৰ পথ-প্ৰদৰ্শক হৈ পৰিল আৰু আনহাতেদি চন্দ্ৰ কুমাৰ আগৰৱালাৰ বনকুঁৱৰী, বীণ ব’ৰাগী আদি, হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি আদি আৰু তেওঁৰ নিজৰো ভ্ৰম, প্ৰিয়তমাৰ সোন্দৰ্য আদি কবিতাই অসমীয়া সাহিত্যলৈ সুৱাগগুৰি তুলি অনা নৱন্যাস সাহিত্যৰ আন্দোলনটোৰো তেওঁ মধ্যমণি হৈ পৰিল৷ কেৱল জোনাকীত লিখি আৰু তাৰ সম্পাদনা কৰিয়েই নহয়, ১৯০৯ চনত নিজে ‘বাঁহী’ উলিয়াই তেজস্বী লিখনিৰে তেওঁ ‘অসমীয়া সাহিত্যৰ মহাৰথীৰূপে কেন্দ্ৰীয় ব্যক্তি হৈ পৰিছিল৷

তেওঁৰ সাহিত্যিক ব্যক্তিত্বই আধুনিক অসমীয়া সাহিত্যক ঐক্য প্ৰদান কৰিছিল আৰু নিজৰ মনোৰম লেখাবোৰৰ যোগে সেই সাহিত্যক এটা পেটাৰ্ন দিছিল৷ তেওঁ এফালে যেনেকৈ ধৰ্ম, দৰ্শন, থলুৱা ৰাজনীতি আদি চৰ্চাৰ যোগেদি আমাৰ চিন্তা-নেতা হৈছিল, আনফালে সেইদৰে অসমীয়া ভাষা আৰু সাহিত্যৰ শত্ৰু দমন কৰাৰ বেলিকা সকলোৱে তেওঁক নেতাৰূপে পাইছিল৷

ভাষা বা আন সিদ্ধান্তৰ বিষয়ত তেওঁলৈকে সকলো সাহিত্যিকে অনুপ্ৰেৰণা আৰু অনুশাসনৰ বাবে মূৰ তুলি চাইছিল৷ যদি কোনোবাই তেওঁৰ অনুশাসন অমান্য কৰিবৰ যত্ন কৰিছিল, তেওঁৰ ওচৰত সেই অনুশাসন কিবা নহয় কিবা প্ৰকাৰে কঠোৰ হৈ বৰ্তিছিল৷’

মুঠতে বেজবৰুৱাৰ ব্যক্তিত্ব আৰু সাহিত্য প্ৰচেষ্টাই থুলমূলভাৱে ১৮৯০ চনৰপৰা ১৯৪০ চনলৈকে এই প্ৰায় পাঁচোটা দশকক নৱবৈষ্ণৱ সাহিত্যক শংকৰদেৱৰ জীৱন আৰু ৰচনাই দিয়াৰ দৰে এক উজ্জ্বল ঐক্য প্ৰদান কৰিছিল৷ সেই কাৰণে প্ৰায় অৰ্ধ শতিকাজোৰা আধুনিক অসমীয়া সাহিত্যৰ যুগটোক বেজবৰুৱাৰ যুগ আখ্যা দিয়া হৈছে৷

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিভা আছিল বহুধা-বিভক্ত৷ পঢ়াশালীৰ শিক্ষা বঙলা ভাষা আৰু কলেজীয়া শিক্ষা ইংৰাজী ভাষাৰ মাধ্যমত সমাপ্ত কৰি, পাৰিবাৰিক জীৱনতো বঙলা ভাষাৰে ভাবৰ আদান-প্ৰদান কৰি জীৱনৰ প্ৰায় শেষ বয়সলৈকে অসমৰ বাহিৰত চাহাবী আৰু বঙলুৱা পৰিৱেশত থাকি সাহিত্যৰ লগত তেল-পানীৰ সম্বন্ধ – কাঠৰ ব্যৱসায় কৰিও বেজবৰুৱাই ‘বংশৰ প্ৰভাৱ, স্বকীয় প্ৰতিভা আৰু জীৱনব্যাপী সাধনাৰ বলত’ অসমীয়া সাহিত্যৰ প্ৰায় সকলো শাখাতে তেওঁৰ বহুমুখী প্ৰতিভাৰ সোণালী স্বাক্ষৰ ৰাখি থৈ গৈছে৷

তেওঁ আছিল একেধাৰে প্ৰহসন সৃষ্টি, চুটি গল্পৰ উদ্ভাৱক, সাধুকথাৰ সংগ্ৰাহক আৰু ৰচক, কৃপাবৰ বৰুৱা চৰিত্ৰৰ স্ৰষ্টা আৰু সেই চৰিত্ৰৰ জৰিয়তে হাস্য-ব্যংগ ৰসাত্মক সাহিত্য-প্ৰণেতা, প্ৰথম ঐতিহাসিক উপন্যাস স্ৰষ্টা, নাট্যকাৰ, গীতিকাৰ, কবি, সমালোচক, প্ৰবন্ধকাৰ, জীৱনী আৰু আত্মজীৱনী লেখক, অনুবাদক, কাৰ্টুনিষ্ট, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰথম গৱেষক আৰু প্ৰচাৰক, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক বহিঃ আক্ৰমণৰপৰা মুক্ত কৰি সুৰক্ষা প্ৰদান কৰোঁতা সজাগ প্ৰহৰী ইত্যাদি৷

সুদূৰ কলিকতা আৰু সম্বলপুৰত থাকিও বেজবৰুৱাই প্ৰায় দুকুৰিৰো অধিক গ্ৰন্থ আৰু সহস্ৰাধিক প্ৰবন্ধ, চিঠি-পত্ৰ, দিনলেখা, পত্ৰলেখা আদি লিখিছিল৷

শিশুৰপৰা বৃদ্ধলৈকে নিৰক্ষৰজনৰপৰা বিদগ্ধ পণ্ডিতজনলৈকে সকলো শ্ৰেণীৰ লোকক আকৰ্ষণ কৰিব পৰা তেওঁৰ অধিকাংশ ৰচনাই আছিল ঘাইকৈ প্ৰয়োজনৰ তাগিদাত অৰ্থাত অসমীয়া ভাষা-সাহিত্যৰ অভাৱ পূৰণ কৰি ইয়াক পূৰ্ণাংগ আৰু সমৃদ্ধৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে লিখা৷

চক্ৰধ্বজ সিংহ নাটকৰ ভূমিকাত লিখা ‘এই কিতাপ ৰচনা কৰা মোৰ ঘাই উদ্দেশ্য – অসমৰ অতীত গৌৰৱ কাহিনী নাটৰ আকাৰেৰে আজিকালিৰ অসমীয়াৰ আগত প্ৰচাৰ কৰাটোহে, নাট লিখি যশ আনিবলৈ যোৱাটো নহয়৷’ – এই কথাখিনিয়ে প্ৰমাণ কৰে যে বেজবৰুৱাই যশঃ প্ৰাৰ্থী হৈ একো লিখা নাছিল; লিখিছিল অসমীয়া ভাষা-সাহিত্যক সুদৃঢ় প্ৰতিষ্ঠা দি আত্মবিস্মৃত অসমীয়াৰ প্ৰাণত জাতীয় চৈতন্য জগাই তুলিবলৈ৷

সেয়েহে বেজবৰুৱাৰ সমগ্ৰ সাহিত্যৰ মাজতে নিহিত হৈ আছিল স্বদেশ আৰু স্বজাতিৰ প্ৰতি গভীৰ অনুৰাগ আৰু প্ৰেম৷

সাহিত্য ৰচনাত হাত দিয়াৰ আগতে বেজবৰুৱাই তেওঁৰ পূৰ্বসুৰী আধুনিক অসমীয়া সাহিত্যিকসকলৰ ৰচনাৰ লগতে প্ৰাচীন আৰু মধ্যযুগীয় অসমীয়া সাহিত্য গভীৰভাৱে অধ্যয়ন কৰিছিল৷

দৰাচলতে বেজবৰুৱাৰ সকলো ধৰণৰ অসমীয়া সাহিত্যৰ লগত নিবিড় পৰিচয় আছিল৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ লগত থকাৰ দৰে প্ৰাশ্চাত্য সভ্যতা, ইংৰাজী ভাষা-সাহিত্য আৰু বঙলা ভাষা-সাহিত্যৰ লগতো তেওঁৰ ঘনিষ্ঠ পৰিচয় আছিল৷

‘বেজবৰুৱাৰ সময়ত অসমীয়া ভাষাই যেনে স্থান পাব লাগিছিল, তেনে স্থান নোপোৱাৰ কাৰণে তেওঁ অন্তৰত গভীৰ দুখ অনুভৱ কৰিছিল৷ সেয়েহে বেজবৰুৱাই জীৱনজুৰি চেষ্টা কৰিছিল অসমীয়া ভাষাক চহকী কৰিবলৈ, যাতে অসমীয়া ভাষাই বঙলা ভাষাৰ লগত সমান ঠাই অধিকাৰ কৰিব পাৰে৷’

অসমীয়া ভাষাৰ উন্নতিৰ স্বপ্নই বেজবৰুৱাক অসমীয়া ভাষাৰ প্ৰায় সকলো দিশতে হাত দিবলৈ বাধ্য কৰিছিল৷ সেয়েহে তেওঁৰ কাপেৰে নিগৰি আহিছিল অসমীয়া সাহিত্যৰ বিচিত্ৰ ৰূপ, মন কৰিবলগীয়া যে বেজবৰুৱাৰ বিভিন্ন বিষয়ৰ সমগ্ৰ ৰচনাৰাজিক ঐক্য প্ৰদান কৰিছিল তেওঁৰ অননুকৰণীয় ভাষা আৰু জঁতুৱা প্ৰকাশভংগীয়ে৷

সময়ৰ লগে লগে মানুহে হয়তো বেজবৰুৱাৰ সাহিত্যৰ মূল কথাবোৰ পাহৰি যাব, কিন্তু তেওঁৰ অমৃত বৰষা জঁতুৱা অসমীয়া ভাষাই চিৰদিন মানুহৰ স্মৃতিত দোলা দি থাকিব৷

বেজবৰুৱা অকল সাহিত্যিক নাছিল, তেওঁ আছিল অসমীয়া ভাষাৰ এগৰাকী সুদক্ষ কাৰিকৰোঁ৷ ওপৰত উল্লেখ কৰা বিশাল সাহিত্য সম্ভাৰৰ জৰিয়তে তেওঁ এটি সমৃদ্ধিশালী ভাষা গঢ় দি তুলিছিল, যিটো ভাষা সকলো ধৰণৰ ভাব-চিন্তা প্ৰকাশ কৰিবৰ কাৰণে সক্ষম আছিল৷

সংক্ষেপে ক’বলৈ গ’লে বেজবৰুৱাৰ ভাষাই অৰুনোদই আৰু হেমেচন্দ্ৰ বৰুৱা-গুণাভিৰাম বৰুৱাই গঢ় দি থৈ  যোৱা আধুনিক অসমীয়া ভাষাক অধিক প্ৰকাশক্ষম, শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিলে৷ পাশ্চাত্য সভ্যতা-সংস্কৃতিৰ লগে লগে অসমীয়া জাতীয় জীৱন আৰু সাহিত্যলৈ এনে ন ন ভাৱধাৰাৰ আমদানি হ’বলৈ ধৰিলে যে, সেইবোৰ অসমীয়া ভাষাৰে যথোপযুক্তভাৱে প্ৰকাশ কৰাটো সেই সময়ত অসমীয়া ভাষাৰ কাৰণে এটা সমস্যা হৈ পৰিছিল৷

এনে এটি সন্ধিক্ষণত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষাক এক বলিষ্ঠ গতি দিছিল৷ বেজবৰুৱাৰ আছিল নিজৰ মাতৃভাষা অসমীয়াৰ লগতে বঙলা, হিন্দী আৰু ইংৰাজী ভাষাত বিশেষ দক্ষতা৷ বেজবৰুৱাৰ এই বিচিত্ৰ ভাষাৰ ভাষাজ্ঞানক প্ৰখৰতা দান কৰিছিল সংস্কৃত ভাষাত থকা অগাধ বুৎপত্তিয়ে৷

এনে বহুমুখী ভাষাজ্ঞানে বেজবৰুৱাক ন ন বিষয়ৰ ভাব অসমীয়াত প্ৰকাশ কৰাত সহায় কৰিছিল৷ এগৰাকী প্ৰকৃত ভাষা বৈজ্ঞানিকৰ দৰে বেজবৰুৱাই ভাষাৰ ধাৰ কৰা নীতি মানি লৈছিল৷ তেওঁৰ মতে যদি কোনো ভাব থলুৱা বা মাতৃভাষাৰে যথোচিতভাৱে প্ৰকাশ কৰিব নোৱাৰি, তেন্তে প্ৰয়োজন অনুসৰি তেনে ভাব প্ৰকাশক সহজ শব্দ আন বিদেশী ভাষাৰপৰা ধাৰ কৰি লোৱা উচিত৷

এনে ধাৰ কৰা নীতিয়ে মাতৃভাষাটো নিঃস্ব নকৰি সমৃদ্ধহে কৰে৷ মন কৰিবলগীয়া, বেজবৰুৱাই কেৱল শব্দই নহয়, আৱশ্যকমতে বিদেশী ভাষাৰ পৰা বাক্যবিন্যাস ৰীতিও ধাৰ কৰিছিল৷ কেতিয়াবা পোনপটীয়াকৈ আৰু কেতিয়াবা অনুবাদৰ ৰূপত৷ জোনাকী যুগৰে পৰা অ ভা উ সা সভাৰ বেজবৰুৱা প্ৰমুখ্যে ডেকা সাহিত্যিকসকলে অসমৰ সকলো অঞ্চলতে এটা মাত্ৰ লিখিত ভাষাৰ সৃষ্টি কৰিবলৈ বিশেষ যত্ন কৰিছিল৷

এনে দৃষ্টিভংগী লৈয়ো বেজবৰুৱাই এগৰাকী প্ৰকৃত ভাষাবিদৰ দৰে মত প্ৰকাশ কৰিছিল যে উপ-ভাষাৰপৰাও মান্যভাষাই প্ৰয়োজন সাপেক্ষে শব্দ গ্ৰহণ কৰিব পাৰে৷

তেওঁ কৈছিল- ‘অসমীয়া ভাষা উজনিৰো অকলশৰীয়া ভাষা নহয়, ভাটিৰো অকলশৰীয়া ভাষা নহয়৷ সি গোটেই অসমৰ ভাষা৷ …উজনিৰ প্ৰাধান্য থকা ভাষাইও ভাটিৰপৰা শব্দ সম্পদ ল’বই লাগিব৷’

সাহিত্যত কেনে ভাষা প্ৰয়োগ কৰা উচিত, এই প্ৰসংগতো তেওঁ নিজা অভিমত দাঙি ধৰিছিল৷ অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত কোৱা ‘সাহিত্যত মৌখিক ভাষা আৰু সাধুকথা দুয়োটালৈ স্থান আছে৷

প্ৰতিভাবান লেখকে যেতিয়া যিটোক অন্তৰৰ প্ৰেৰণাৰ উপযোগী যেন দেখে, সেইটোকে ব্যৱহাৰ কৰে৷ প্ৰতিভাশালী লেখকৰ হাতত দুয়োটাৰ সন্মিলন ঘটি মনোহৰ সাহিত্যৰ সৃষ্টি হয়৷’ এনে কথাই ভাষাৰ বিষয়ত বেজবৰুৱাৰ বহল, উদাৰ আৰু সুক্ষ্ম দৃষ্টিভংগীৰ পৰিচয় দিয়ে৷

বেজবৰুৱাই নিজেও তেওঁৰ বিশাল গদ্য ৰচনাত প্ৰয়োজন মতে তৎসম, তদ্ভৱ, দেশী, বিদেশী আৰু উপ-ভাষাৰ শব্দ যথোপযুক্তভাৱে ব্যৱহাৰ কৰি গদ্যৰ ভাষাক শক্তিশালী আৰু গতিশীল ৰূপ দিছিল৷

বেজবৰুৱাই তেওঁৰ গদ্যত ব্যৱহাৰ কৰা এনে কিছুমান শব্দ হ’ল – কাপ, মৈলাম, তুলাপাত, বদলি, দখল, মদত, পয়দা, ক্ষুদ্ৰ, সৰু, কাথি, পিৰালি, বোকা চাউল, কোমল চাউল, ইত্যাদি৷ কেতিয়াবা প্ৰয়োজনবশতঃ ইংৰাজী শব্দ আৰু বাক্যাংশৰ সমতুল্য ৰূপে কিছুমান শব্দ আৰু বাক্যাংশ নতুনকৈ নিৰ্মাণ কৰি লৈছিল৷

তেনে কিছুমান ৰূপ হৈছে – উদ্যম শক্তি (energy), তাৰিখৰ কাকত (date calendar), অংকবিদ্যা (Mathematics), বিশেষকৈ কৈ দিলে, দঢ়াই ক’লে বা দঢ়াই দঢ়াই ক’লে (specially instructed), আৰু এখোজ আগবাঢ়ি (One step further) ইত্যাদি৷ কেতিয়াবা বেজবৰুৱাই ইংৰাজী শব্দটোৰ সমতুল্য অসমীয়া শব্দ নাপালে অসমীয়াত সেই ভাবটো বুজাবলৈ একাধিক শব্দ প্ৰয়োগ কৰিছিল৷

যেনে – তিনি ভাগত দুভাগ পানী (adulterated), মজলীয়া বিধৰ (of mediocre ability), আদি৷ কেতিয়াবা অনূদিত ৰূপটো ব্যৱহাৰ নকৰি মূল ইংৰাজী শব্দটোকে হয় ইংৰাজী হৰফত নহয় অসমীয়া হৰফত ব্যৱহাৰ কৰিছিল৷

যেনে- club, brother-in-low, ৰিট্ৰিট (retreat) ইত্যাদি৷ মাজে মাজে আকৌ ইংৰাজী শব্দটো ব্যৱহাৰ কৰি তাৰ পিছতে ‘অৰ্থাত লিখি তাৰ পোনপটীয়া প্ৰতিশব্দ বা ব্যাখ্যা দাঙি ধৰিছিল৷

যেনে – Unpleasant অৰ্থাত অপ্ৰীতিকৰ কাৰ্য, Opium Commission অৰ্থাত কানি প্ৰচলন ৰহিতৰ বিষয়ে তদন্ত কৰিবলৈ কমিটী আদি৷

মুঠতে বেজবৰুৱাৰ সমগ্ৰ সাহিত্যত ইংৰাজী শব্দই এক বিশেষ স্থান অধিকাৰ কৰি আছে৷ মাজে মাজে বক্তব্য বিষয়ক অধিক স্পষ্ট আৰু ৰসাল কৰিবলৈ সংস্কৃত, ইংৰাজী, বঙলা, হিন্দী আদি ভাষাৰূপক শব্দ বা বাক্যাংশ একোটা উদ্ধৃত কৰিছিল আৰু কেতিয়াবা ৰামায়ণ-মহাভাৰতৰ পৰা ঘটনা বা চৰিত্ৰ একোটা উপমা হিচাপে ব্যৱহাৰ কৰিছিল৷

বেজবৰুৱাৰ সমগ্ৰ সাহিত্যৰাজিৰ মূল প্ৰকাশিকা শক্তি আছিল তেওঁৰ বিচিত্ৰ শব্দৰাজি৷ উল্লিখিত শব্দসম্ভাৰৰ উপৰি পুনৰুক্তি, ধ্বন্যাত্মক শব্দ আদিয়েও বেজবৰুৱাৰ অসাধাৰণ ভাষাজ্ঞানৰ পৰিচয় দিয়ে৷

বেজবৰুৱা শব্দৰো এগৰাকী নিপুণ কাৰিকৰ৷ তেওঁৰ সমগ্ৰ ৰচনাৱলীৰ মাজত নিজে নতুনকৈ সৃষ্টি কৰি লোৱা শব্দৰাজিয়ে তেওঁৰ ভাষাক এক অনবদ্য ৰূপ দিছে৷ তেনে শব্দ কিছুমান হৈছে – গৰুৱালি, ছাতৰীয়া, মেকুৰীত্ব, মটৰাৰোহন, নিপনীয়া গাখীৰ, পখিলা ল’ৰা, পিত্তাল মানুহ, ভেকুৰীকটীয়া যুঁজাৰু, বৰটোপীয়া বৰষুণ আদি৷

ইয়াৰ উপৰি ন ন মিশ্ৰ শব্দ (যেনে- মেছবাসী, হাইকোৰ্টীয়া আদি), সমাসবদ্ধ শব্দ (যেনে- পদূলিশুঙা, অমৰাকটীয়া, পোৱা-পুই আদি) অৰ্থবহ প্ৰয়োগ বেজবৰুৱাৰ সুদক্ষ ভাষাবিদৰ ৰূপটো স্পষ্ট কৰি তোলে৷

বিভিন্ন অৰ্থ প্ৰকাশক জতুৱা-ঠাঁচ আৰু ফকৰা-যোজনা, প্ৰবাদ বাক্যৰ সফল প্ৰয়োগেও বেজবৰুৱাৰ ভাষাক জাতীয় বৈশিষ্ট প্ৰকাশক কৰি তুলিছে৷ মন কৰিবলগীয়া যে বেজবৰুৱাই অকল অসমীয়া প্ৰবাদ বাক্যকে নহয়, out of evil cometh goodৰ দৰে ভালেমান ইংৰাজী প্ৰবাদ বাক্যও প্ৰয়োগ কৰিছিল৷

ইচ্ছাকৃতভাৱে শব্দৰ ভুল প্ৰয়োগ বেজবৰুৱাৰ ভাষাৰ আন এটি মন কৰিবলগীয়া বিশেষত্ব৷ কৃপাবৰী ৰচনাসমূহত হাস্য আৰু ব্যংগ ৰস সৃষ্টি কৰিবৰ কাৰণে ধ্বনি সাদৃশ্য থকা কিছুমান শব্দ বেজবৰুৱাই ভুলকৈ প্ৰয়োগ কৰিছিল৷

আধুনিক ধ্বনিবিজ্ঞানত এনে প্ৰক্ৰিয়াক শব্দ-বিভ্ৰম (Malapoopoism) বোলা হয়৷ উদাহৰণ স্বৰূপে, haveৰ ঠাইত hape, reformৰ ঠাইত inform, begৰ ঠাইত bag লিখি বেজবৰুৱাই তৎকালীন অসমত নতুনকৈ ইংৰাজী শিকি মই বৰ ভাৱ দেখুওৱা ডেকাক এহাতেদি ব্যংগ কৰিছিল আৰু আনহাতেদি হাস্যৰসৰ সৃষ্টি কৰি মানুহক নিৰ্মল আনন্দ দিছিল৷

ইয়াৰ উপৰি ইংৰাজী বিষয়া আৰু চাহ জনগোষ্ঠীৰ লগতে অন্যান্য জনজাতীয় মানুহৰ মুখত উচ্চাৰিত হেনাহুচা শব্দ (যেনে- গৰত (ঘৰত), পুৰিছ (ফুৰিছ), হুনিছে (শুনিছে), হামি (আমি), কুজিছে (খুজিছে)), কামৰূপী উপভাষা, উৰিয়া, বঙলা আদি ভাষাৰ শব্দ, লোক ভাষাৰ শব্দ ইত্যাদি বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা শব্দ চাৰিত্ৰোচিত আৰু পৰিৱেশ উপযোগীকৈ ব্যৱহাৰ কৰি বেজবৰুৱাই তেওঁৰ সাহিত্যৰ ভাষা বাৰেবৰণীয়া কৰাৰ লগতে সেই ভাষা ৰসভোগ্য কৰি তুলিছে৷

বেজবৰুৱাৰ সাহিত্যৰ ভাষাৰ বাক্যবিন্যাস ৰীতিও আছিল চমকপ্ৰদ৷ তেওঁ এটা শব্দৰ নিচেই চুটি বাক্যৰপৰা ৫৩৪ টা শব্দযুক্ত আটাইতকৈ দীঘল বাক্যও ৰচনা কৰিছিল৷ দীঘল বাক্যবোৰ ভালেসংখ্যক খণ্ডবাক্যৰ সমষ্টি৷ এনে বাক্যৰ মাজে মাজে কেতিয়াবা শংকৰদেৱৰ নাটকৰ পৰা, কেতিয়াবা লোকগীত বা কবিৰ কবিতাৰপৰা একো একোটা শাৰী বা খণ্ডবাক্য উদ্ধৃত কৰি নিজৰ ভাষাৰ লগত সংগতিপূৰ্ণভাৱে প্ৰয়োগ কৰি তেওঁৰ ভাষাক চমৎকাৰিত্ব প্ৰদান কৰিছিল৷

বেজবৰুৱাৰ ভাষাক অধিক আকৰ্ষণীয়, অৰ্থবহ আৰু অন্যান্য সাধাৰণ ৰূপ দিছিল তেওঁৰ খাটি অসমীয়া জঁতুৱা প্ৰকাশভংগীয়ে৷ অনুপ্ৰাস, ৰূপক, উপমা, উৎপেক্ষা, সাৰ, যমক, শ্লেষ, বক্ৰোক্তি, অতিশায়োক্তি আদি কাব্যালংকাৰৰ যথাযথ অৰ্থবহ প্ৰয়োগে আৰু প্ৰবাদ-প্ৰবচনৰ লগতে জঁতুৱা অসমীয়া মাত-কথা, যোজনা-পটন্তৰৰ সঘন প্ৰয়োগ আৰু জনবিশ্বাস আদিৰ উল্লেখে বেজবৰুৱাৰ ভাষাক স্পষ্ট, প্ৰাণৱন্ত, প্ৰত্যয়যুক্ত আৰু ৰসাল কৰি তুলছিল৷ বিষয়ৰ পৰা বিষয়ান্তৰলৈ গমন তেওঁৰ গদ্য ভাষাৰ এটি বৈশিষ্ট্য৷ এনে ৰীতিয়ে তেওঁৰ ভাষাক বহুবল্কী ৰূপ দিছিল৷ মুঠতে বেজবৰুৱাৰ সাহিত্যৰ ভাষাৰ শৈলী ‘জীৱন্ত, জঁতুৱা, বহুবল্কী আৰু বিষয়ানুগ; অনেক থলতে সি চিত্ৰধৰ্মী, সংগীতধৰ্মী; অনেক ঠাইত আকৌ হাস্যৰসসিক্ত বা ব্যংগাত্মক; ঠায়ে ঠায়ে তৰ্কাত্মক, সকলো ক্ষেত্ৰতে তেওঁৰ ভাষা সজীৱ-সপ্ৰাণ, অৱলীলযুক্ত, এজন সদানন্দময় পুৰুষৰ ভাষা৷ এনেবোৰ গুণ লগলাগি তেওঁৰ ভাষাক অননুকৰণীয় কৰি পেলাইছে৷’ বেজবৰুৱাৰ আছিল এক জাগ্ৰত স্বদেশ প্ৰেম৷ তেওঁৰ ভাষাৰ প্ৰতিটো শব্দ আৰু বাক্যৰ মাজেদি যেন নিগৰি ওলাইছিল সেই অখণ্ড স্বদেশ প্ৰীতি৷ Literature in an expression of personality বেজবৰুৱাৰ ভাষাও যেন তেওঁৰ বিশাল আৰু মোহনীয় ব্যক্তত্বৰে এক সুন্দৰ প্ৰকাশ৷

লেখিকা: ড° লীলাৱতী শইকীয়া বৰা

উৎস: সাহিত্য.অৰ্গ

 

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top