মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / কেৰিয়াৰ সম্পৰ্কে কিছু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেৰিয়াৰ সম্পৰ্কে কিছু কথা

কেৰিয়াৰ সম্পৰ্কে কিছু কথা লিখা হৈছে

অগ্নি অভিযান্ত্ৰিক আৰু অভিযান্ত্ৰিক ব্যৱস্থাপনা


‘অগ্নি অভিযান্ত্রিক আৰু নিৰাপত্তা ব্যৱস্থাপনা’ বা “ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফটি মেনেজমেণ্ট’ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰি। ‘অগ্নি অভিযান্ত্রিক আৰু নিৰাপত্তা ব্যৱস্থাপনা’ত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – কলেজ অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্‌টি মেনেজমেণ্ট, ঔৰংগাবাদ www.cfesm.org, কলেজ অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্‌টি মেনেজমেন্ট, ঔৰংগাবাদ আৰু পুনে www.fireengg.in, দিল্লী ইনষ্টিটিউট অৱ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং , নাগপুৰ (www.ifse.org) ইনষ্টিটিউট অৱ ফায়াৰ ইঞ্জিনিয়াৰছ, নাগপুৰ httpE.ütife.org.in  নেচনেল ইনষ্টিটিউট অৱ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং Tri (httpE.ütiwww.nifse.in), ইনষ্টিটিউট অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফটি মেনেজমেণ্ট, বিশাখাপট্টনম (www.nifsindia.net) নেচনেল ইনষ্টিটিউট অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফটি মেনেজমেন্ট, জয়পুৰ আৰু উদয়পুৰ (www.nifesmindia.net), পৰমানন্দ কলেজ অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফটি মেনেজমেণ্ট, ঔৰংগাবাদ (www.firesafetyc.com)আদি। এই শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পাঠ্যক্ৰমত নাম ভর্তিৰ বাবে প্রয়োজন হোৱা ন্যূনতম নম্বৰ তথা শিক্ষাগতৰ অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্ৰমত নাম ভর্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।

ৰাষ্ট্ৰীয় বৃত্তিমূলক আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদে ‘অগ্নি অভিযান্ত্ৰিক আৰু নিৰাপত্তা ব্যৱস্থাপনা’ত বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰে।

‘অগ্নি অভিযান্ত্ৰিক আৰু নিৰাপত্তা ব্যৱস্থাপনা’ৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে|

নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল — ফায়াৰ এলাৰ্ম টেকনিছিয়ান, ফায়াৰ অফিচাৰ, ফায়াৰ প্ৰটেকচন টেকনিছিয়ান, ফায়াৰ ছুপাৰভাইজাৰ, ফায়াৰমেন, ছেফ্‌টি এনালিষ্ট, ছেফ্‌টি এক্সিকিউটিভ, ছেফ্‌টি ইঞ্জিনিয়াৰ, ছেফ্‌টি ইন্সপেক্টৰ, ছেফ্‌টি মেনেজাৰ, ছেফ্‌টি ছুপাৰভাইজাৰ, ছেফ্‌টি অফিচাৰ আদি।

মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

স্নাতক উত্তীৰ্ণৰ পিছত কেৰিয়াৰৰ নতুন দিশ


স্নাতক উত্তীৰ্ণৰ পিছত সদায়েই ছাত্র-ছাত্ৰীসকলক এটা চিন্তাই জুমুৰি ধৰে যে এতিয়া কোনটো বিষয়ত অধ্যয়ন কৰিব বা উচ্চ শিক্ষাৰ বাবে কি বিষয় নির্বাচন কৰিব। যিটোৱে তেওঁৰ কেৰিয়াৰ জীৱনৰ গতি নির্ণয় কৰিব। কিন্তু তেওঁৰ স্নাতক উত্তীৰ্ণৰ পিছত অন্তৰ্ভুক্ত হ’ব পৰা পাঠ্যক্ৰমৰ বিষয়ে অত্যধিক জ্ঞান নাথাকে। কিন্তু এতিয়া তেওঁলোকৰ চিন্তাৰ কোনো কাৰণ নাই, কিয়নো বি এ, বি কম আৰু বি এছ চিৰ পিছত কিছুমান আকর্ষণীয় পাঠ্যক্ৰমৰ বিষয়ে আজি আমি আপোনালোকক অৱগত কৰিম।— যি আপোনাৰ কেৰিয়াৰ জীৱনত সহায়ক হিচাপে কাম কৰিব।

বি এৰ পাছত কি কৰিব পাৰে ?

আপুনি যি বিষয়তে স্নাতক উত্তীর্ণ হ’ব তাৰে এটা বিষয়ত এম এ কৰিব পাৰে। ইয়াৰ বাহিৰেও বিএড, এমবিএ, আইন, হোটেল মেনেজমেন্টৰ ওপৰত ডিগ্ৰীৰ পাঠ্যক্রম গ্রহণ কৰিব পাৰে। লগতে আপুনি চিনেমাৰ প্ৰযোজক/নির্মাতা, সাংবাদিকতা, এনিমেচন, ফেছন, চুলিৰ বিশেষজ্ঞ, বিউটিচিয়ান, পিজিডিচিএৰ ডিপ্লমাৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব পাৰে।

বি এৰ পাছত ইংৰাজী সাহিত্য, দর্শন শাস্ত্ৰ, ভূগোল, অর্থশাস্ত্ৰ, সমাজশাস্ত্ৰ, ৰাজনীতিবিজ্ঞান, মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী কৰি সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে। বি.এ কৰাৰ পিছত এম এ মনোবিজ্ঞানত কৰি মনোবিজ্ঞানীও হ’ব পাৰে। মেজিকৰ আৰু স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰসমূহত মনোবিজ্ঞানীৰ যথেষ্ট আৱশ্যক।

ফাইন আর্ট ক্রিয়েটিভ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব খোজা শিক্ষার্থীসকলে এই কেৰিয়াৰত অন্তর্ভুক্ত হ’ব পাৰে। পেইণ্টিঙৰ জৰিয়তে এই ক্ষেত্ৰখনত এটি সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে।

চিভিল ছাৰ্ভিচ, জাৰ্নেলিজম, ফৰেইন লেংগুৱেজ, অনুবাদক (হিন্দু-ইংলিছ), লাইব্ৰেৰী আৰু ইনফ্‌ৰমেচন ছাইন্সৰ পাঠ্যক্ৰম কৰিব পাৰে।

বি কমৰ পাছত কি কৰিব পাৰে

বি কমৰ পিছত আপুনি সেইটোৱে পাঠ্যক্রম অধ্যয়ন কৰক- যিটোৱে আপোনাৰ কেৰিয়াৰ গঢ়াত সহায় কৰে। যদি কৰ্প’ৰেট ছেক্টৰত কাম কৰিব বিচাৰে তেতিয়া এমবিএ কৰাটো অত্যন্ত প্রয়োজনীয়। যদি শিক্ষকতা বৃত্তিত জড়িত হ’ব বিচাৰে তেন্তে বি কমৰ পিছত বিএড কৰিব পাৰে। বি কমৰ পিছত যদি আপুনি এম কম, এমফিল, পিএইচডি কৰে আৰু লগতে যদি নেট পৰীক্ষাত উত্তীর্ণ হয়, তেন্তে আপুনি অধ্যাপক পদৰ বাবে আবেদন কৰিব পাৰিব। আপুনি ইনকাম টেক্স অফিচাৰ, চি এ, চি এছ আই চি ডব্লিউৰ কষ্ট একাউণ্টৰ দৰে পাঠ্যক্রমো কৰিব পাৰে। ইয়াৰ বাহিৰেও বেংক পি অ’, স্কেন আৰু ৰে’লৱেত আবেদন কৰিব পাৰিব। কমার্চ বা বাণিজ্য শাখাৰ শিক্ষার্থীয়ে টেক্সেচন, কম্পিউটাৰ ছাইন্স, ফৰেইন ট্ৰেড, ইঞ্চুৰেঞ্চু, কম্পিউটাৰ এপ্লিকেচন আদি বিষয়ত ডিগ্রী লৈ ইয়াত স্নাতকোত্তৰ ডিগ্ৰী গ্রহণ কৰি এটি আকর্ষণীয় কেৰিয়াৰ গঢ়িব পাৰে।

বি.এছচিৰ পাছত কি কৰিব পাৰে

বি.এছচিৰ পিছত স্নাতকোত্তৰৰ বাবে বহুতো বিকল্প আছে| আপুনি নিজ ইচ্ছানুসৰি নির্বাচন কৰিব পাৰে বা প্রথমতেই চাকৰিত সোমাই আপোনাৰ প্ৰতিভাসমূহ আগুৱাই নিব পাৰে।

দৰাচলতে বিএছচি ৰসায়ন বিজ্ঞান, পদার্থ বিজ্ঞান, গণিত, জীৱ বিজ্ঞানতেই সীমিত নহয়। বহুতো অন্য বিষয়ো আছে, যি আপোনাক কেৰিয়াৰ গঢ়াত সহায় কৰে।

যদি আপুনি বিএছচিৰ পাছত স্নাতকোত্তৰ কৰিব বিচাৰে, তেতিয়াও এইটো প্রয়োজনীয় নহয় যে আপুনি এমএছচি য়ে কৰিব। আপুনি এমবিএ কৰি মেনেজমেণ্টৰ ক্ষেত্ৰখনত পদার্পণ কৰিব পাৰে। এমচি-এ কৰি আই টি ক্ষেত্ৰতো যাব পাৰে বা বিএড কৰি শিক্ষকতাৰ বৃত্তিতে নিজৰ কেৰিয়াৰ গঢ় দিব পাৰে।

ইয়াৰ বাহিৰেও যদি আপুনি বিচাৰে তেন্তে কম সময়ৰ বাবে টেকনিকেলৰ পাঠ্যক্ৰম কৰিব পাৰে। যেনে- এছএপি জাবা, এক্সুৱেল, ফাইনেন্সিয়েল একাউণ্টিংত অধ্যয়ন কৰি কেৰিয়াৰ আগুৱাই নিয়াত সহায় কৰিব পাৰে।

 

এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং


এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং বা কৃষি অভিযান্ত্রিক পাঠ্যক্রম পঢ়ি ছাত্র-ছাত্ৰীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে। এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং বা কৃষি অভিযান্ত্রিক পাঠ্যক্ৰমত বৈজ্ঞানিক সূত্র প্রয়োগ কৰি প্ৰযুক্তিবিদ্যা পদ্ধতিৰে গুণগত মান অটুট ৰাখি কৃষিজাত সামগ্ৰী উৎপাদনৰ সমস্যা সমাধানৰ বিষয়ে জ্ঞান প্রদান কৰে। এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ ছাত্র-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়সহ উত্তীর্ণ হ’ব লাগে। স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হয়। এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতকোত্তৰ আৰু পিএইচডি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in/)ত এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ আৰু পিএইচডি পাঠ্যক্রম অধ্যয়ন কৰিব পৰাৰ সুবিধা আছে। যোৰহাটত অৱস্থিত ‘প্রিন্স অৱ ৱেল্‌ছ অভিযান্ত্ৰিক আৰু প্রযুক্তি প্রতিষ্ঠান (http://www.powietjrt.org/) ত এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা পাঠ্যক্ৰমত অধ্যয়ন কৰিব পৰাৰ সুবিধা আছে। পলিটেকনিক এডমিছন টেষ্ট (Polytechnic Admission Test (PAT) নামৰ এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্ৰমত নামভৰ্তিৰ সুবিধা আছে। এই পৰীক্ষাত বহিবৰ বাবে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত ন্যূনতম চল্লিশ শতাংশ, অনুসূচিত জাতিৰ প্রার্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রার্থীয়ে ৩৩ শতাংশ নম্বৰসহ উৰ্ত্তীর্ণ হ’ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ এক আগষ্টত সাধাৰণ শ্রেণীৰ প্রার্থীৰ বয়স বিছ বছৰৰ ভিতৰত হ’ব লাগে আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্ৰাৰ্থীৰ বয়স ২৩ বছৰৰ ভিতৰত হ’ব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আবেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল- www.dleassam.in । এই প্ৰৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ নম্বৰ এশ থাকে আৰু প্রশ্নসমূহ বস্তুনিষ্ঠ ধৰণৰ।

এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল— অন্ধ্ৰ প্রদেশ কৃষি বিশ্ববিদ্যালয় (http:/www.angrau.ac.in), এলাহাবাদ কৃষি প্ৰতিষ্ঠান(http://shiats.edu.ac.in), কলেজ অৱ এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজী (http://caet.ac.in) জুনাগড় কৃষি বিশ্ববিদ্যালয় (http://www.jau.in), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান খড়গপুৰ (http:// www.agri.iitkgp.ernet.in), কেৰালা কৃষি বিশ্ববিদ্যালয় (http:// www.kau.in), পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (http://www.pau.edu./)আদিI এই শিক্ষানুষ্ঠানবোৰত এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নামভর্তি প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী ভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে। এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং বা কৃষি অভিযান্ত্রিক পাঠ্যক্রম সমাপ্ত হোৱাৰ পিছত চৰকাৰী-বেচৰকাৰী খণ্ডত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে। কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ কৃষি বিভাগ, ভাৰতীয় খাদ্য নিগম, ভাৰতীয় কৃষি গৱেষণা পৰিষদ, ভাৰতীয় বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, কৃষি সঁজুলি উৎপাদন উদ্যোগ আদিত কৃষি অভিযান্ত্ৰিকৰ পাৰদৰ্শীসকলে নিযুক্তি লাভ কৰা দেখা যায়। কৃষিৰ লগত জড়িত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ এনজিঅ’বোৰেও কৃষি অভিযন্তাসকলক নিযুক্তি দিয়ে। কৃষি বিষয়ৰ গৱেষণা প্রতিষ্ঠানবোৰতো নিযুক্তি লাভ কৰিব পাৰে। কৃষি মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

 

ইমেজ কনছালটেণ্ট


বহুতো মানুহক নিজক লৈ বহুত চিন্তিত দেখা যায়। তেওঁ প্রত্যেক সময়তে নিজৰ কেৰিয়াৰৰ বিষয়েই চিন্তাত মগন হৈ থাকে। তেওঁ কেতিয়াও এনেকুৱা কাম কৰিবলৈ নিবিচাৰে, যিবোৰে তেওঁৰ জগতখনত তেওঁৰ ওপৰত আঙুলি উঠাব পাৰে। ইয়াৰ বাবে তেওঁ নিজতকৈ বিশেষজ্ঞক নিয়োগ কৰে। যদি আপোনাৰ লগত মানুহক সুপ্রতিজ্ঞ কৰাৰ কৌশল আছে তেন্তে আপুনিও বিশেষজ্ঞ হৈ নিজৰ কেৰিয়াৰৰ জীৱন আৰম্ভ কৰিব পাৰে। ইয়াৰ বাবে আপুনি মাত্র ছমহীয়া এটা প্ৰফেছনেল ক'ৰ্ছ কৰিব পাৰে বা এবছৰীয়াকৈও আপুনি এই ক'ৰ্ছটো কৰি প্ৰফেছনেল ইমেজ কনছালটেণ্ট হ’ব পাৰে। আমি আপোনাক ক’বলৈ বিচাৰিছো যে কেনেকৈ আপুনি এই সুন্দৰ বিষয়টোত নিজকে অন্তর্ভুক্ত কৰিব।

  • ইমেজ কনছালটেন্ট বিষয়ৰ ওপৰত আপোনাৰ ৰাপ থাকিব লাগিব।
  • আপুনি নিজেই আপোনাৰ থকা, কথা কোৱাৰ ধৰণ, কাপোৰ পিন্ধাৰ সতৰ্কতা, মানুহ লগত সংযোগ আদিৰ ওপৰত যথেষ্ট ধান দিয়াটো প্রয়োজন।

কেনেকৈ অন্তৰ্ভুক্ত হ’ব?

  • এই বিষয়টোত পদার্পণ কৰিবৰ বাবে কোনো বিশেষ ডিগ্ৰীৰ প্রয়োজন নাই। দ্বাদশ বা স্নাতক ডিগ্ৰীধাৰীৰ পিছতেই আপুনি এই বিষয়টোত অন্তৰ্ভুক্ত হ’ব পাৰে।
  • এই বিষয়টোৰ লগত সংযুক্ত শিক্ষা বার্তাৰ বাবে আপুনি এটা ছমহীয়া পাঠ্যক্ৰম বা এবছৰীয়া ডিপ্লমাৰ পাঠ্যক্রম কৰিব পাৰে।
  • পাঠ্যক্রম শেষ হোৱাৰ পিছত ট্ৰেইনিঙৰ জৰিয়তে আপুনি আপোনাৰ শিক্ষাক উন্নীত কৰিব পাৰিব।

কি কৰিব লাগিব

ইমেজ কনছালটেন্টগৰাকীয়ে নিজৰ উপভোক্তাগৰাকীৰ ব্যক্তিগত বা ৰাজ্যিক দিশটোত আগুৱাই নিয়াত সহায় কৰে, যদি কোনো এগৰাকী উপভোক্তাই নতুন প্রতিষ্ঠানত নিয়োগ হয়, তেতিয়া তেওঁৰ সাজ-পাৰৰ বিষয়ে, কথা কোৱাৰ ধৰণ, মানুহৰ লগত সংযুক্ত হোৱাৰ কৌশল আদিৰ বিষয়ে অৱগত কৰিব লাগে।

ইমেজ কনছালটেন্টগৰাকীৰ ৰঙৰ বিষয়ে ষ্টাইল বা পৰিচৰ্যাৰ বিষয়ে ব্যক্তিগত বজাৰ আদিৰ বিষয়ে জ্ঞান থাকিব লাগিব।

প্ৰফেছনেল পাঠ্যক্রম কৰাৰ পিছত আপুনি ইমেজ কনছালটেন্ট বার্ডচোৰ কলছালটেন্ট, ফেছন ষ্টাইলিষ্ট, ফেছন কনছালটেন্ট, গ্ৰুমিং অফিচাৰৰ নিযুক্তিও পাব পাৰে।

ফেছন, মিডিয়া মনোৰঞ্জন আদিৰ লগতে কৰ্প’ৰেট কোম্পানী/প্রতিষ্ঠানত ইমেজ কনছালটেন্টক নিয়োগ কৰা হয়।

আপুনি ব্যক্তিগতভাৱেও এই কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপুনি ইণ্ডাষ্ট্ৰীৰ বাবে ফ্ৰীলেন্সো কৰিব পাৰে।

১৮ৰ পৰা ৭০ বছৰৰ মানুহ এই কেৰিয়াৰত নিয়োজিত হোৱা দেখা গৈছে। যদি আপোনাৰো এই কেৰিয়াৰৰ প্রতি মন আছে বা আপুনি আগ্রহী হয়, তেন্তে আপুনিও ইয়াত অন্তর্ভুক্ত হ’ব পাৰে। দিনটোৰ আধা সময়ৰ বাবে আপুনি এই কাম কৰিব পাৰে।

এই সুন্দৰ কেৰিয়াৰটোৰ বাবে আপুনি ক’ত পাঠ্যক্রম গ্রহণ কৰিব পাৰিব

ইমেজ কনছালটেণ্ট বিজনেছ ইনষ্টিটিউট, মুম্বাই- ইম্পেক্ট-ইমেজ, ষ্টাইল এণ্ড এটিকেট কনছালটেন্টছ, গুড়গাঁও।

ফাৰ্ছ ইম্প্রেছন, ভূৱনেশ্বৰ

ষ্টলিং ষ্টাইল একাডেমী, মুম্বাই

অনলাইনতো এই পাঠ্যক্রম উপলব্ধ www.fashionStylistinstitute.com, www.imagemakerl.com

উৎস: গণ অধিকাৰ।

3.32
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top