মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / কৃষিভিত্তিক কেৰিয়াৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষিভিত্তিক কেৰিয়াৰ

কৃষিভিত্তিক কেৰিয়াৰৰ বিষয়ে লিখা হৈছে

 

ভাৰত মূলতঃ এখন কৃষিপ্ৰধান দেশ। ভাৰতৰ প্ৰায় ৬৩ শতাংশ লোকেই কৃষিকৰ্মৰ সৈতে জড়িত। এক অৰ্থত ক’ব পাৰি যে ভাৰতৰ মানুহৰ জীৱন নিৰ্বাহৰ অন্যতম এক পথ হৈছে কৃষি। অতীজৰেপৰা দেশৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাত কৃষিখণ্ডই যথেষ্ট অৱদান আগবঢ়াই আহিছে।

কৃষি অভিযন্তা

 


প্ৰত্যাহ্বানপূৰ্ণ এই কৃষি অভিযন্তাৰে কেৰিয়াৰৰ প্ৰতি সম্প্ৰতি প্ৰায়সংখ্যক যুৱচামেই আগ্ৰহী হোৱা দেখা যায়। কৃষিক্ষেত্ৰত ব্যৱহৃত অত্যাধুনিক সা-সৰঞ্জামসমূহ নিৰ্মাণৰ দায়িত্বত থাকে এনে কৃষি অভিযন্তাসমূহ। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এনে সা-সৰঞ্জাম তথা যন্ত্ৰপাতিসমূহৰ ব্যৱহাৰৰ ফলত কৃষিক্ষেত্ৰত উৎপাদন অতি সহজ হৈ উঠে। অভিযান্ত্ৰিক সৰঞ্জামসমূহ নিৰ্মাণৰ লগতে কিছুসময়ত দেখা দিয়া বিজুতিৰো সমাধান কৰে। পৰিৱেশ সুৰক্ষাৰ সজাগতাৰ ধাৰণা মানুহৰ মাজত বৃদ্ধি পাব ধৰাৰেপৰা আৰু কৃষি উদ্যোগৰ পৰিসৰ বৃদ্ধি পাবৰেপৰা কৃষি অভিযন্তাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। যিসকলে কৃষি অভিযন্তা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব খুজিছে, তেওঁলোকে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়ত দক্ষ হ’ব লাগিব।

অৰ্হতা


কৃষি অভিযন্তা হিচাপে কেৰিয়াৰ গঢ়িবলৈ হ’লে বি টেক, এম টেক ডিগ্ৰীৰ লগতে লেণ্ডস্কেপিং, প্লেনেটচন অৱ ভেজিটেবলছ্, ফল-মূল ইত্যাদি ক্ষেত্ৰত ন্যূনতম ৩-৪ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। কৃষি অভিযন্তা বিষয়ত বি টেক ডিগ্ৰী অৰ্জন কৰিবলৈ হ’লে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। দেশৰ আগশাৰীৰ কৃষি শিক্ষা প্ৰতিষ্ঠানসমূহত অধ্যয়নৰ সুযোগ লাভ কৰিবলৈ হ’লে ভাৰতীয় কৃষি গৱেষণা পৰিষদে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। অৱশ্যে এ আই ই ই ই আৰু জে ই ই পৰীক্ষাত উত্তীৰ্ণসকলেও কিছু শিক্ষা প্ৰতিষ্ঠানত অন্তৰ্ভূক্তি লাভ কৰিব পাৰে।

সংৰক্ষণৰ সুবিধা


কৃষি অভিযন্তাসকলে দেশৰ ৰাজহুৱা খণ্ড বা ব্যক্তিগত খণ্ড দুয়োটাতে সংস্থাপনৰ সুবিধা পাব পাৰে। এই দুই খণ্ডৰ বিভিন্ন বিভাগত অভিযন্তাসকল সংস্থাপিত হব পাৰে। যেনে- কৃষিভিত্তিক যন্ত্ৰপাতি নিৰ্মাণ, পানী আৰু মাটি সংৰক্ষণ, শস্য উত্‍পাদন, দুগ্ধজাত সামগ্ৰী পৰিচালনা, জৈৱিকভাৱে পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰী, কৃষিজাত সামগ্ৰীৰ সংশোধীকৰণ ইত্যাদি। সংস্থাপন লাভ কৰিব পৰা বিভিন্ন খণ্ডসমূহ হ’ল -কৃষি বাণিজ্যিক পাম, ফুড প্ৰচেছিং আৰু খুচুৰা উদ্যোগ, গৱেষণা সংস্থা আৰু পৰীক্ষাগাৰ, বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান, বিক্ৰী আৰু পৰিচালনা ইত্যাদি।

শিক্ষা প্ৰতিষ্ঠান


(১) আচাৰ্য এন জি কৃষি বিশ্ববিদ্যালয়, কলেজ অৱ্ এগ্ৰিকালচাৰেল ইঞ্জিনীয়াৰিং, অন্ধ্ৰপ্ৰদেশ।

(২) আলিগড় কলেজ অৱ্ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজি, আলিগড়।

(৩) কলেজ অৱ্ ইঞ্জিনীয়াৰিং, চেন্নাই।

কৃষি অৰ্থনীতি


মানুহৰ জীৱন-যাপন প্ৰক্ৰিয়াত কৃষিৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। কৃষিৰ প্ৰয়োজনীয়তা সকলো মানুহৰে আছে, লাগিলে সেয়া পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক। ভাৰততো কৃষি ক্ষেত্ৰখনৰ গুৰুত্ব অপৰিসীম। যিহেতু ভাৰত হৈছে এখন কৃষিভিত্তিক দেশ। দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো কৃষিয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ২৩ শতাংশই কৃষিক্ষেত্ৰখনৰ অৱদান। কিয়নো দেশৰ প্ৰায় ৬২ শতাংশ লোক এই ক্ষেত্ৰখনৰ সৈতে জড়িত। কৃষিৰ সৈতে বিভিন্ন বিষয় জড়িত হৈ আছে। যাৰ ভিতৰত উল্লেখযোগ্য এক বিষয় হৈছে – কৃষি অৰ্থনীতি। এই কৃষিভিত্তিক অৰ্থনীতিয়ে কৃষিৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অধ্যয়ন কৰে। ই খাদ্য উৎপাদনৰ উপাদানসমূহ আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা গ্ৰহণ কৰে। এই ক্ষেত্ৰখনৰ সৈতে জড়িত বিশেষজ্ঞসকলক কৃষি অৰ্থনীতিবিদ বুলি কোৱা হয়। তেওঁলোকে উৎপাদনকাৰী প্ৰতিষ্ঠান আৰু বিক্ৰী প্ৰতিষ্ঠানসমূহৰ মাজত যোগসূত্ৰ স্থাপন কৰে। শেহতীয়াকৈ কেৰিয়াৰ হিচাপেও এই ক্ষেত্ৰখনৰ চাহিদা বৃদ্ধি পাব ধৰিছে। বহু শিক্ষাৰ্থীয়ে এই ক্ষেত্ৰখনকে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰ হিচাপে গ্ৰহণ কৰিছে।

অৰ্হতা


যিসকল শিক্ষাৰ্থীয়ে কৃষি অৰ্থনীতি বিষয়ত কেৰিয়াৰ গঢ়িব বিচাৰিছে তেওঁলোকে উদ্ভিদ বিদ্যা, পদাৰ্থবিদ্যা, ৰসায়নবিদ্যা আৰু গণিত বিষয়ত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শাখাত উত্তীৰ্ণ হ’ব লাগে। অসম তথা ভাৰতৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে এই বিষয়ত স্নাতক, স্নাতকোত্তৰ, ডিপ্ল’মা পাঠ্যক্ৰম প্ৰদান কৰে। কৃষি অৰ্থনীতি বিষয়ত স্নাতক পাঠ্যক্ৰমৰ বাবে বিজ্ঞান শাখাত ৫০ শতাংশ নম্বৰসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। এই পাঠ্যক্ৰমৰ সময়সীমা প্ৰায় ৪ বছৰ। আনহাতে এই বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে স্নাতক ডিগ্ৰীৰ উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়। এই পাঠ্যক্ৰমৰ সময়সীমা ২ বছৰ।

ব্যক্তিগত অৰ্হতা


কৃষি অৰ্থনীতি বিষয়ত কেৰিয়াৰ গঢ়িব বিচাৰিলে বিভিন্ন গুণৰো প্ৰয়োজন হয়। যেনে –

(১) বিশ্লেষণৰ ক্ষমতা

(২) গৱেষণাৰ ক্ষমতা

(৩) সংগঠক হিচাপে দক্ষতা থাকিব লাগে

(৪) কঠোৰ পৰিশ্ৰম কৰিব পাৰিব লাগে

(৫) কথোপকথনৰ দক্ষতা

(৬) কম্পিউটাৰ শিক্ষা

নিযুক্তিৰ সুবিধা


এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাসকলৰ নিযুক্তিৰ সুবিধা অনেক। কৃষি ব্যৱসায়ৰ লগত বিভিন্ন লোক জড়িত থাকে। যেনে – উৎপাদনকাৰী, বিতৰক, বিক্ৰেতা আৰু উপভোক্তা। বিভিন্ন চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানত কৃষি অৰ্থনীতি অধ্যয়ন কৰাসকলে নিযুক্তিৰ সুবিধা লাভ কৰিব পাৰে। নিযুক্তিৰ সুবিধা থকা বিভিন্ন ক্ষেত্ৰসমূহ হ’ল-

(১) বিক্ৰীৰ ক্ষেত্ৰ

(২) পৰিচালনা ক্ষেত্ৰ

(৩) গৱেষণা ক্ষেত্ৰ

(৪) জনসম্পৰ্ক ক্ষেত্ৰ

(৫) বিতৰণ ক্ষেত্ৰ

বিভিন্ন শিক্ষা প্ৰতিষ্ঠান


(১) ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ, নতুন দিল্লী – ৱেবছাইট – www.iari.res.in

(২) ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়, ছত্তীশগড় – ৱেবছাইট -www.igav.edu.in

(৩) কৃষি বিশ্ববিদ্যালয়, বাংগালুৰু – ৱেবছাইট – www.vasbangalore.edu.in

(৪) অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট, অসম – ৱেবছাইট www.aau.ac.in

কৃষি বিজ্ঞান


কৃষি সম্পৰ্কে বিস্তৃত অধ্যয়ন কৰাকে কৃষি বিজ্ঞান বুলি কোৱা হয়। কৃষিৰ লগত বিভিন্ন বিষয়সমূহ যেনে উৎপাদনৰ বাবে প্ৰয়োজনীয় কাৰিকৰী প্ৰযুক্তি, ব্যৱসায় আদি অধ্যয়ন কৰা হয় কৃষি বিজ্ঞানৰ বিশেষীকৰণ কৰিব পৰা বিভিন্ন ক্ষেত্ৰসমূহ হ’ল – খাদ্য বিজ্ঞান, প্ৰকল্প বিজ্ঞান,  জীৱ বিজ্ঞান ইত্যাদি। কৃষি বিজ্ঞানৰ লগত জড়িত বিশেষজ্ঞসকলক কৃষি বিজ্ঞানী বুলি কোৱা হয়। এই কৃষি বিজ্ঞানীসকলে দেশৰ কৃষি ব্যৱস্থাৰ উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। কৃষি ক্ষেত্ৰখনত গৱেষণা, উন্নয়ন আৰু অন্যান্য বিষয়সমূহৰ ওপৰত অধ্যয়ন চলায়। শেহতীয়াকৈ কেৰিয়াৰ হিচাপেও এই ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰিছে। অসমতো কৃষি বিজ্ঞানৰ ক্ষেত্ৰখনৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে। বহু শিক্ষাৰ্থীয়ে কৃষি বিজ্ঞানত অধ্যয়ন কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

অৰ্হতা


যিসকল শিক্ষাৰ্থীয়ে কৃষি বিজ্ঞান বিষয়ত কেৰিয়াৰ গঢ়িব বিচাৰে তেওঁলোকে বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰিব লাগে। কৃষি বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰম যেনে – স্নাতক, স্নাতকোত্তৰ, ডিপ্ল’মা আৰু পি এইচ ডি গ্ৰহণ কৰি শিক্ষাৰ্থীসকলে কেৰিয়াৰ গঢ়িব পাৰে। এই বিষয়ত স্নাতক পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থীসকল বিজ্ঞান শাখাত পঞ্চাশ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগে। আনহাতে, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থীসকল স্নাতক পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়।

নিৰ্বাচন প্ৰক্ৰিয়া


কৃষি বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ভাৰতৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে প্ৰৱেশ পৰীক্ষাৰ আয়োজন কৰে। ভাৰতীয় কৃষি গৱেষণা সংস্থাই স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে পৃথকে পৃথকে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। ইয়াৰোপৰি ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিছাৰ্ছ ইন্সটিটিউটেও পৃথকৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।

নিযুক্তিৰ সুবিধা


কৃষি বিজ্ঞানত স্নাতকসকলে বিভিন্ন ক্ষেত্ৰত নিযুক্তিৰ সুবিধা লাভ কৰে। নিযুক্তিৰ সুবিধা থকা বিভিন্ন ক্ষেত্ৰসমূহ হ’ল-

(১) চৰকাৰী কৃষি বিভাগ

(২) বেচৰকাৰী খণ্ডৰ কৃষি প্ৰতিষ্ঠান

(৩) কৃষি গৱেষণা সংস্থা

(৪) কৃষি বিত্ত নিগম

(৫) ৰাষ্ট্ৰীয়কৃত বেংক

(৬) কৃষি বিজ্ঞান কেন্দ্ৰ

(৭) কৃষি বিশ্ববিদ্যালয়

(৮) কৃষিভিত্তিক বিভিন্ন প্ৰকল্প

(৯) কৃষিভিত্তিক উদ্যোগ

(১০) ফুড প্ৰচেছিং উদ্যোগ

কৃষি গৱেষণা বিজ্ঞানী

কৃষিভিত্তিক বিভিন্ন সামগ্ৰীৰ সংৰক্ষণ তথা কৃষিভূমিত উত্‍পাদন বৃদ্ধিৰ বাবে ন ন কৌশল উদ্ভাৱনৰ দায়িত্ব থাকে কৃষি গৱেষণা বিজ্ঞানীসকল। প্ৰতি বছৰে বৃদ্ধি পাই অহা ভাৰতৰ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সামগ্ৰী উৎপাদনৰ বাবে কৃষিক্ষেত্ৰৰ উৎপাদন বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে। যাৰ বাবে বিভিন্ন গৱেষণাৰ জৰিয়তে কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ বাবে নতুন কৌশল, ব্যৱস্থা অৱলম্বন কৰাটো নিশ্চতভাৱেই জৰুৰী হৈ পৰিছে। কৃষিক্ষেত্ৰত ইতিমধ্যে ব্যৱহৃত হৈ অহা বিভিন্ন উৎসৰো মান উন্নত কৰাটো গুৰুত্ব দিবলগীয়া হৈছে। দেশৰ অৰ্থনৈতিক উন্নয়নত যিহেতু অতীজৰেপৰা কৃষিভিত্তিক উদ্যোগসমূহে এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে গতিকে এনে কৃষিভিত্তিক উদ্যোগসমূহ জীয়াই ৰাখিবলৈ কৃষিক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ইয়াৰ   উৎপাদন ক্ষমতা বৃদ্ধি কৰিবই লাগিব।

অৰ্হতা

কৃষি গৱেষণা বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হ’বলৈ হ’লে উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষাৰ্থীজন বিজ্ঞান শাখাত ন্যূনতম ৫০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ পিছৰ পৰ্যায়ত শিক্ষাৰ্থীজনে এই কৃষি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী অৰ্জনৰ বাবে আবেদন কৰিব পাৰে। কৃষি বিজ্ঞান বিষয়ত বি ই, বি টেক ডিগ্ৰী অৰ্জনৰ পিছত স্নাতককোত্তৰ ডিগ্ৰী আৰু তাৰ পিছত ডক্টৰেট ডিগ্ৰীৰ বাবে আবেদন কৰিব পাৰিব।

দেশৰ বিভিন্ন বিশ্ববিদ্যালয়, আই আই টিৰ দৰে আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানসমূহ নিজাববীয়াকৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। য’ত উত্তীৰ্ণৰ পিছত শিক্ষাৰ্থীসকলে এই বিষয়ত বি টেক, এম টেক ডিগ্ৰী অৰ্জন কৰি পিছলৈ কৃষি গৱেষণা বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ সুযোগ পাব পাৰে। ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত কৃষি গৱেষণা বিজ্ঞানী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে এ আৰ এছ-নেট পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। কৃষি গৱেষণা বিজ্ঞান পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষখণ্ডৰ লগতে ফুড প্ৰচেচিং উদ্যোগসমূহতো সংস্থাপন লাভ কৰিব পাৰিব। তদুপৰি আন্তঃৰাষ্ট্ৰীয় কৃষি সংস্থাসমূহৰ লগতো কাম কৰাৰ সুযোগ পাব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা আৰু উন্নয়ন বিভাগো হ’ব পাৰে অন্যতম কৰ্মস্থলী।

উদ্যান শস্যৰ কেৰিয়াৰ

হৰ্টিকালচাৰ বা উদ্যানশস্যৰ বিষয়টো যথেষ্ট পুৰণি যদিও ইয়াক কেৰিয়াৰ হিচাপে লোৱাটো সম্পূৰ্ণ নতুন। এই বিষয়টো সম্পূৰ্ণ কৃষিৰ লগত জড়িত বিষয়। কৃষিৰ লগত যিসমূহ কেৰিয়াৰে সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত এই হৰ্টিকালছাৰ বিষয়টোও অন্যতম। সাধাৰণতে এই বিষয়টোত ঔষধীয় উদ্ভিদৰপৰা আৰম্ভ কদৰি ফল-মূল, শাক-পাচলিকে আদি কৰি সকলোধৰণর উদ্ভিদ সম্পৰ্কে জ্ঞান প্ৰদান কৰা হয়। ইয়াৰ লগতে এনে ফল-মূল, শাক-পাচলি, ফুল আদিৰ বাবে উপযুক্ত হ’ব পৰা পৰিৱেশ, মাটিৰ গঠন, উদ্ভিদৰপৰা হ’বপৰা বিভিন্ন ৰোগ, ৰোগ নিৰাময়ৰ উপায় আৰু প্ৰতিজোপা গছৰ পৰা লাভ কৰিব পৰা আৰ্থিক লাভালাভ আদি সম্পৰ্কে বিশদ জ্ঞান তথা প্ৰশিক্ষণ প্ৰদান কৰা হয়।

প্ৰয়োজনীয় অৰ্হতা

সাধাৰণতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত হৰ্টিকালছাৰ বিষয়ত অধ্যয়ন কৰিব পাৰি। ইয়াৰ উপৰি এই বিষয়তে স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰিবৰ বাবে স্নাতক ডিগ্ৰী লাভ কৰাটো বাঞ্ছনীয়। হৰ্টিকালছাৰ বিষয়ত পাঠ্যক্ৰম আগবঢ়োৱা বিভিন্ন শিক্ষানুষ্ঠানে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। ইফালে কোনো কোনো শিক্ষানুষ্ঠানত আকৌ শিক্ষাৰ্থীৰ মেধাৰ ভিত্তিত নামভৰ্তি কৰোৱা হয়।

নিযুক্তিৰ সুবিধা

হৰ্টিকালচাৰ হ’ল এনেকুৱা এখন কেৰিয়াৰ ক্ষেত্ৰ য’ত সম্প্ৰতি যথেষ্ট নিযুক্তিৰ সৃষ্টি হৈছে। চৰকাৰীভাৱেই হওক বা বেচৰকাৰীভাৱেই হওক এই বিষয়ত যথেষ্ট চাকৰিৰ সৃষ্টি হোৱা দেখা গৈছে। আমাৰ দেশত অৱশ্যে এতিয়াও চৰকাৰী ক্ষেত্ৰখনেই নিযুক্তিৰ বিশাল ক্ষেত্ৰ। যেনে- হৰ্টিকালছাৰ অফিচাৰ। কিন্তু সম্প্ৰতি বিভিন্ন ধৰণৰ বৃহৎ হৰ্টিকালছাৰ ৰিটেইল প্ৰতিষ্ঠানসমূহ মুকলি হোৱাত নিযুক্তিৰ ক্ষেত্ৰ হিচাপে ব্যক্তিগত খণ্ডও সমানে উজ্বলি উঠিছে। অসমতো মানুহবোৰে হৰ্টিকালছাৰ দিশত গুৰুত্ব প্ৰদান কৰিবলৈ লোৱাৰ ফলস্বৰূপে উত্‍পাদন বৃদ্ধি পোৱাৰ লগতে অসংখ্য নিবনুৱায়ো সংস্থাপনৰ মুখ দেখিবলৈ সক্ষম হৈছে। অসমৰ বাহিৰত বৃহৎ ৰিটেইলাৰ যেনে- ৰিলায়েন্স, ৱালমাৰ্ট আদিতো যথেষ্ট হৰ্টিকালছাৰৰ বিশেষজ্ঞৰ প্ৰয়োজন হয়। সেইদৰে বৃহৎ ভিত্তিত উত্‍পাদন কৰিবলৈ লৱা ঔধষি উদ্ভিদ, ব্যৱসায়িক উৎপাদনৰ ফুল, ফল-মূল আদিবোৰৰ ক্ষেত্ৰতো হৰ্টিকালচাৰ শিক্ষাৰে শিক্ষিত ব্যক্তিৰ চাহিদা অধিক।

কৃষি অভিযান্ত্ৰিক

কৃষি ভাৰতৰ প্ৰধান জীৱিকা। দেশৰ অধিকাংশ লোক এই জীৱিকাৰ লগত জড়িত। উৰ্বৰ শস্যভূমি আৰু সুন্দৰ জলবায়ুৱে কৃষিজীৱী মানুহক সৰ্বদা সহায় কৰি অহা দেখা গৈছে। সম্প্ৰতি ন ন বিজ্ঞানসন্মত উপায়ৰ যোগেদি কৃষি মাটিত অধিক উৎপাদনৰ ব্যৱস্থা কৰা হৈছে। আমাৰ দেশ ভাৰতবৰ্ষতো তেনে কিছুমান উপায় ইতিমধ্যে গ্ৰহণ কৰা হৈছে যাতে কম মাটিতে অধিক উৎপাদন হয়। এই কৃষিভূমিত পানী যোগান, ভূমি সংৰক্ষণ, নলা নক্সা প্ৰস্তুতকৰণ, নলীনাদ নিৰ্মাণ, উৎপাদন সঁজুলি আদি বিষয়বোৰে ক্ৰমাৎ গুৰুত্ব পাইছে। এই সকলোবোৰৰ বাবেই গঢ় লৈ উঠিছে এক অভিযান্ত্ৰিক পাঠ্যক্ৰম বা শিক্ষা, যাক কোৱা হয় কৃষি অভিযান্ত্ৰিক বা এগ্ৰিকালছাৰেল ইঞ্জিনীয়াৰিং।

শিক্ষাগত অৰ্হতা

এই পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে প্ৰাৰ্থীজনৰ শিক্ষাগত অৰ্হতা ন্যূনতম উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। ইয়াৰ উপৰি উচ্চতৰ মাধ্যমিক পৰ্যায়ত পদাৰ্থবিদ্যা, গণিত, ৰয়াসন বিদ্যা বিষয়সহ উত্তীৰ্ণ হ’ব লাগে।

নিযুক্তিৰ সুবিধা

কৃষি অভিযান্ত্ৰিক বিষয়ত পাঠ্যক্ৰম সমাপ্তিৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন চৰকাৰী সংস্থাত অতি সহজে নিযুক্তি লাভ কৰিব পাৰে। এইক্ষেত্ৰত নিযুক্তিৰ সুবিধা থকা বিভিন্ন বিভাগসমূহ হৈছে-চৰকাৰী কৃষি অভিযান্তিক বিভাগ, ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প, কৃষি সঁজুলি উৎপাদন কৰা কাৰখানা, বীজ নিগম, নাবাৰ্ড, কৃষি ঋণৰ বিভাগ, ভাৰতীয় খাদ্য নিগম, কৃষি গৱেষণা সংস্থা, কৃষি বিশ্ববিদ্যালয়, বেংক, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ ইত্যাদি। ইয়াৰ উপৰি এই পাঠ্যক্ৰমত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠান বা সংস্থাতো নিযুক্তি পাব পাৰি।

লিখক: অৰূপ ডেকা।

2.81481481481
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top