অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাকৰি নে ব্যৱসায়?

আমি এটা কথা লক্ষ্য কৰিছোঁ যে শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত বিভিন্ন কাৰণত ৰাজ্যখনৰ বহুতো যুৱক-যুৱতীয়ে চৰকাৰী

বিৱৰণ

আমি এটা কথা লক্ষ্য কৰিছোঁ যে শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত বিভিন্ন কাৰণত ৰাজ্যখনৰ বহুতো যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি পাবলৈ সক্ষম নহয় । ফলত ৰাজ্যখনত নিবনুৱা সমস্যা এটা প্রধান সমস্যা হৈ পৰিছে । আমি সকলোৱে বুজি পোৱা উচিত যে চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা কেতিয়াও সম্ভৱ নহয় । কিন্তু ,চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰি নিজে জীৱিকা উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰি । এই বিষয়ে চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান,স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠনবোৰে ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু সা-সুবিধাবোৰৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানবোৰৰ বিষয়ে বিতংকৈ জনাব লাগে । বাতৰি কাকত আৰু আলোচনীবোৰেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলে ভাল হয় । চৰকাৰী চাকৰি অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন আৰু জীৱিকা নিৰ্বাহ যে কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি ।

কেৰিয়াৰত ১০০শতাংশ সন্তুষ্ট হ’ব নোৱাৰা কাৰণবোৰ

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে কোনেও যিকোনো বিভাগৰ কোনোবিষয়ৰ কেৰিয়াৰত কেতিয়াও ১০০শতাংশ সন্তুষ্ট হ’ব নোৱাৰে। সন্তুষ্ট হ’ব নোৱাৰা কাৰণবোৰৰ কিছুমান হ’ল – কোনোবাই হয়তো দৰমহা লৈ সন্তুষ্ট নহ’বপাৰে, কোনোবাই হয়তো কৰ্মস্থলীলৈ সন্তুষ্ট নহ’ব পাৰে,কোনোবাই হয়তো সহকৰ্মীকলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি গতিকে ,যিকোনো বিভাগৰ যি বিষয়তে কেৰিয়াৰ গঢ়ক লাগিলে ,তাতেমন-কাণ দি কাম কৰিলে ভাল হয়। লগতে আৰু এটা কথা কোৱা ভাল আমাৰ ৰাজ্যখনৰ বহুতে চৰকাৰী খণ্ডত চাকৰি কৰা সকলক যি দৃষ্টি ভংগীয়ে চায়, সেই একে দৃষ্টি ভংগীয়ে অসমত ব্যক্তিগত খণ্ডত চাকৰিকৰা বা ব্যৱসায়-বাণিজ্য কৰা সকলক নাচায় । কিন্তু সেইসকলৰে বহুতে আকৌ অসমৰ বাহিৰত যিকোনো খণ্ডতে চাকৰি বা ব্যৱসায়-বাণিজ্য কৰা সকলক একে দৃষ্টি ভংগীয়ে চায় । এতিয়া কথা হ’ল যোগ্যতা থাকিলেও বিভিন্ন কাৰণত অসমত সকলোৱে চৰকাৰী চাকৰি নাপায় বা বহুতে চৰকাৰী চাকৰি বিভিন্ন কাৰণত কৰিব নিবিচাৰে । যিসকলে অসমত চৰকাৰী খণ্ডত চাকৰিকৰা আৰু ব্যক্তিগত খণ্ডত চাকৰিকৰা বা ব্যৱসায়-বাণিজ্য কৰা সকলক বেলেগ বেলেগ দৃষ্টি ভংগীয়ে চায় , সেইসকলে সকলোকে একে দৃষ্টি ভংগীয়ে চাবলৈ চেষ্টা কৰা উচিত যিহেতু সকলোৰে দক্ষতা থকা বাবেহে কাম কৰি জীৱন ধাৰণ কৰে ।ব্যক্তিগত খণ্ডত সৎ ভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকা সকলে চৰকাৰী খণ্ডত চাকৰি কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয় ।

উদ্যোগী আৰু চাকৰিয়ালৰ মাজত থকা কিছুমান পাৰ্থক্য

এইখিনিতে উদ্যোগী আৰু চাকৰিয়ালৰ মাজত থকা কিছুমান পাৰ্থক্য বিষয়ে উল্লেখ কৰিব বিছাৰিছোঁ । উদ্যোগী আৰু চাকৰিয়ালৰ মাজত থকা পাৰ্থক্য বোৰ হ’ল -উদ্যোগীসকলে নিজে জীৱিকা উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰে ।চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমানে যত্ন কৰে সিমানে উপাৰ্জন বৃদ্ধি হয়।চাকৰিয়ালসকলে সদায় সীমাৰ মাজত কাম কৰিব লাগে কিন্তু উদ্যোগীসকলৰ কোনো সীমা নাই। উদ্যোগীসকলে নতুন নতুন দিশৰ পিনে কাম সম্প্রসাৰিত কৰিব পাৰে । চাকৰিয়াল এজন কৰ্মচাৰী মাথোন , কিন্তু উদ্যোগী এজন মালিক। মালিকৰ পদমৰ্যাদা সদায় ওপৰত। উদ্যোগী এজনে নিজে অৱসৰ নল’লে আনে তেওঁক অৱসৰ দিব নোৱাৰে । কাৰণ , তেওঁ উদ্যোগৰ মালিক হয়, কৰ্মচাৰী নহয় । সাধাৰণতে চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱা সম্ভৱ নহয়, কিন্তু সৎ উপায়েৰে উদ্যোগ গঢ়ি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ । চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্ম সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্রত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে । এতিয়া কথা হ’ল, ছাত্র-ছাত্রী তথা শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি কৰা নে উদ্যোগ গঢ়া কথা ভাবিব,সেয়া সকলোৰে ব্যক্তিগত কথা ।

ব্যৱসায়-বাণিজ্যৰ বাবে  বিভিন্ন ধৰণৰ ঋণ

ব্যৱসায়-বাণিজ্য বা উদ্যোগ গঢ়িবলৈ হ’লে বিভিন্ন ধৰণৰ ঋণ আৰু সাহায্য আঁচনিৰ বিষয়ে দিহা-পৰামৰ্শ দিবলৈ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রকে আদি কৰি চৰকাৰী বিভাগ অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ উপৰিও ৰাষ্ট্রীয় আৰু ৰাজ্যিক বিভিন্ন বিত্তীয় অনুষ্ঠান,ৰাষ্ট্রীয়কৃত বেংকবোৰ আছে । ইয়াৰ ভিতৰৰ কিছুমান হ’ল- ৰাষ্ট্রীয় ঔদ্যোগিক বৃত্তীয় নিগম, ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক, ৰাষ্ট্রীয় লঘু উদ্যোগ নিগম , ৰাষ্ট্রীয় কৃষি আৰু গ্রামীণ উন্নয়ন বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ঔদ্যোগিক ঋণ আৰু বিনিয়োগ নিগম, নেডফি  , অসম বিত্তীয় নিগম, অসম ঔদ্যোগিক নিগম, অসম লঘু উদ্যোগ নিগম, ভৈয়াম জনজাতি উন্নয়ন নিগম , অনুসূচিত জাতি উন্নয়ন নিগম ,অন্যান্য পিছপৰা জাতি উন্নয়ন নিগম আদি। সেইদৰে ৰাষ্ট্রীয়কৃত বেংক যেনে-ষ্টেট বেংক অৱ ইণ্ডিয়া, এলাহাবাদ বেংক , অন্ধ বেংক ,বেংক অৱ ব’ৰডা,বেংক অৱ ইণ্ডিয়া , বেংক অৱ মহাৰাষ্ট্র ,কানাড়া বেংক, ক’পৰেচন বেংক ,চেণ্ট্রেল বেংক অৱ ইণ্ডিয়া , ডেনা ইণ্ডিয়ান বেংক, ইণ্ডিয়ান ওভাছিয়াছ বেংক, পাঞ্জাৱ নেচনেল বেংক,পাঞ্জাৱ এণ্ড সিন্দ বেংক, সিণ্ডিকেট বেংক ,ইউনিয়ন বেংক অৱ ইণ্ডিয়া,ইউনাইটেড বেংক অৱ ইণ্ডিয়া, অৰিয়নটেল বেংক অৱ কৰ্মাচ , ইউকো বেংক ,বিজয়া বেংক আদিৰ নিজা নিজা কিছুমান ঋণ আৰু সাহায্য আঁচনি আছে।

ব্যৱসায়-বাণিজ্য বা উদ্যোগ গঢ়িবলৈ প্রশিক্ষণ দিবলৈ অসমত থকা কেইটামান প্রতিষ্ঠানবোৰ হ’ল :

১। ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠান

২। আই. আই. ই.

৩। চিপেট

৪। নিটকো

৫। ভাৰতীয় উদ্যোগী বিকাশ প্রতিষ্ঠান

৬। আইডিয়া  ইত্যাদি ।

মহিলাৰ কৰ্মসংস্থাপন

মন কৰিব লগা কথা যে যোগ্যতা থাকিলেও বিভিন্ন কাৰণত কিছুমান মহিলাই চাকৰিনাপায় বা বহুতো মহিলাই বিভিন্ন কাৰণত চাকৰি কৰিব নিবিচাৰে । সেইসকল মহিলাৰ কিছুমানে নিজৰ নিজৰ ভাল লগা বিষয়ত উদ্যোগ স্থাপন তথা ব্যৱসায় কৰা কথা ভাবি চাব পাৰে । অসমত মহিলাই স্থাপন কৰিব পৰা কিছুমান উদ্যোগ তথা ব্যৱসায় হ’ল- বিউটি পাৰ্লাৰ, নাৰ্চাৰী,অসমীয়া গহনা বিক্রীৰ প্রতিষ্ঠান, শাৰীৰ ফলচ ,ৰুমাল প্রস্তুত , কম্পিউটাৰৰ প্রয়োজনীয় সামগ্রী যোগান, টিভি মেৰামতি , কুকুৰা ফাৰ্ম ,ছাগলী ফাৰ্ম ,গৰু ফাৰ্ম ,কুকুৰ পোৱালী বিক্রী কেন্দ্র,কুৰিয়াৰ ছাৰ্ভিচ , কিতাপ,আলোচনী আদি বন্ধা ,মাছৰ একুৰিয়াম, কেটাৰিং ছাৰ্ভিচ ,মটৰ ড্রাইভিং স্কুল , কেৰিয়াৰ কাউন্সেলিং ,স্কুল আৰু কলেজৰ ছাত্র-ছাত্রীৰ ইউনিফৰ্ম,এম্ব্রইডাৰি বিছনা চাদৰ আৰু গাৰু,পুতলা নিৰ্মাণ,বুক বাইণ্ডিং ,ফটোষ্টেট আৰু লেমিনেচন, ডি.টি.পি., ভিডিঅ’ ৰেকৰ্ডিং,ট্রেভেল এজেন্সি,পৰ্যটন সেৱা কেন্দ্র, ভাড়াত গাড়ী দিয়া, পেকেজিং উদ্যোগ, আচাৰ আৰু জাম-জেলী প্রস্তুত, কাঠফুলাৰ খেতি, ফুলৰ বাগিচা, বাঁহ-বেতৰ উদ্যোগ, গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন সামগ্রী, ফাষ্ট ফুড ৰেস্তোৰাঁ,টেণ্ট হাউচ, মৰাপাটেৰে তৈয়াৰী বিভিন্ন সামগ্রী, আইচক্রীম, বেকাৰী, পিঠা আৰু লাডু প্রস্তুত, ক্রেচ, ছবি অঁকা স্কুল ,গানৰ স্কুল আদি ।

আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বহুতে কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যায়। ইয়াৰে কিছুমানে বহিঃৰাজ্যত গৈ এনেকুৱা কিছুমান কাম কৰি আছে যিবোৰ কাম বহিঃৰাজ্যৰ পৰা অহা সকলে আমাৰ ৰাজ্যখনত কৰি আছে । অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱা সলনি নিজ ৰাজ্যতে কোনো লাজ-সংকোচ নকৰাকৈ সেই কামবোৰ কৰিবলৈ আগ বাঢ়ি আহিলে ভাল হয়। এই কামবোৰৰ কিছুমান কাম আমাৰ ৰাজ্যখনতে কৰাৰ ফলত শাৰীৰিক,মানসিক তথা আৰ্থিকভাৱেও যে লাভৱান হ’ব, এই বিষয়ে নিবনুৱা যুৱক-যুৱতীসকলক বুজাবলৈ অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান,চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় ।

সহায়ক দুটা ৱেবছাইট

এইখিনিতে দুটা ৱেবছাইট আৰু এটা ব্ল’গৰ বিষয়ে উল্লেখ কৰিব বিছাৰিছোঁ । এটা হ’ল কেৰিয়াৰ আনুষঙ্গিক ৱেবছাইট “সমিধান(http://www.xomidhan.org)”। এই ৱেবচাইটৰ যোগেদি ছাত্র-ছাত্রী তথা অভিভাৱকসকলে যিকোনো বিষয়ত কেৰিয়াৰ সম্পর্কীয় প্রশ্ন সুধিব পাৰে । এই ৱেবচাইটতোৰ জৰিয়তে বিনামূলীয়াকৈ কেৰিয়াৰ সম্পর্কীয় প্রশ্নৰ উত্তৰ লাভ কৰিব পাৰে । আনটি হ’ল “চাকৰি (www.sakori.org)” । “চাকৰি”ত বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপনবোৰ, যিবোৰ স্থানীয়সংবাদপত্র, বিভিন্ন কোম্পানীৰ নিজস্ব ৱেবছাইট আৰু নিযুক্তি সম্পর্কীয় ৱেবছাইটবোৰত প্রকাশ হয়, সেইবোৰ একত্রিত কৰি উপলব্ধ কৰা হয়। ইয়াত বিভিন্ন চাকৰি তথা প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন ,এই পৰীক্ষাৰবোৰৰ বাবে কেনেকৈ প্রস্তুতি চলাব লাগে তথা আৰ্হি প্রশ্নবোৰ উপলব্ধ কৰা হয়। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা যদি কোনো আগ্রহী যুৱক-যুৱতী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত আমাৰ লগত ফোনত(০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে ।

লেখক - ড° বুলজিৎ বুঢ়াগোহাঁই,

উৎস:- জোনাকীৰ বাটেৰে (ই-আলোচনী)

2.90476190476
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top