মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / কেৰিয়াৰ সম্পৰ্কে কিছু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেৰিয়াৰ সম্পৰ্কে কিছু কথা

কেৰিয়াৰ সম্পৰ্কে কিছু কথা লিখা হৈছে

চি এছ আই আৰ নেইষ্টৰ তিনিমহীয়া প্ৰশিক্ষণ:-

 

অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু আই আই টি পাঠ্যক্ৰম সম্পন্ন কৰা শিক্ষাৰ্থীৰ বাবে নিয়োগ তথা স্ব-সংস্থাপনৰ সুযোগ থকা তিনিমহীয়া এক প্ৰশিক্ষণ কাৰ্যক্ৰম গ্ৰহণ কৰা হৈছে। চি এছ আই আৰৰ সংহত দক্ষতা উদ্যোগৰ আৰু নেইষ্টৰ(NEIST) তৎপৰতাত যোৰহাটত অনুষ্ঠিত হ’ব লগা এই প্ৰশিক্ষণ ল’ব খোজাসকলে এক নিৰ্দিষ্ট আৰ্হিৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। উল্লেখ্য যে আগষ্টৰ পৰা অক্টোবৰলৈ হ’ব লগা তিনিমহীয়া প্ৰশিক্ষণৰ ভিতৰত আছে ২০ খনকৈ অসমৰ ৱেলডিং, ফিচিং প্লাবিং, ৪০ খন আসনৰ ৱেডিং, ৫ খন আসনৰ গ্লাছ ব্লৱিং(Glass Blowing)। এই বুনিয়াদী প্ৰশিক্ষণৰ উপৰি দহখন আসনৰ চি এন চি মেচিনিং আৰু উচ্চ ৱেলডিঙৰ প্ৰশিক্ষণৰ সুবিধা আছে। এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে ওপৰৰ বুনিয়াদী প্ৰশিক্ষণৰ ক্ষেত্ৰত প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। আনহাতে ৱেভিং প্ৰশিক্ষণৰ ক্ষেত্ৰত মহিলা প্ৰাৰ্থীক নিশ্চিতভাৱে অগ্ৰাধিকাৰ দিয়া হ’ব। সেইদৰে ১০ খন আসনযুক্ত দুই শিতানৰ উচ্চ প্ৰশিক্ষণ ল’ব খোজা প্ৰাৰ্থী ৱেলডিঙত আই টি আই উত্তীৰ্ণ হোৱা প্ৰয়োজন। অৱশ্যে উচ্চ ৱেলডিঙৰ বাবে মেকানিকেল অথবা সমযোত্ৰীয় বিষয়ত ডিপ্ল’মাধাৰী হোৱা দৰকাৰ। অনুৰূপধৰণে চি এন চি মেচিনিঙৰ বাবে প্ৰাৰ্থী মেচিনিষ্ট/টাৰ্নাৰত আই টি আই উত্তীৰ্ণ, মেকানিকেল অথবা সমগোত্ৰীয় বিষয়ত ডিপ্ল’মাধাৰী হ’ব লাগিব। বুনিয়াদী প্ৰশিক্ষণৰ বাবে আবেদনকাৰীয়ে প্নামভৰ্তিৰ মাচুলৰূপে তিনি হেজাৰ টকা আৰু উচ্চ প্ৰশিক্ষণৰ নামত পাঁচ হেজাৰ টকাৰ দিব লাগিব। কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰাৰ্থীৰ মাচুল নাই। আবেদনকাৰীৰ বয়স ৩৮ বছৰ(চৰকাৰী বিধি মতে ৰেহাইৰ ব্যৱস্থাৰ অধিক হ’ব নালাগিব। বুনিয়াদী প্ৰশিক্ষণৰ বাবে অহা ১৮ জুলাইত সাক্ষাৎকাৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব। সাক্ষাৎকাৰৰ তস্থান যোৰহাটৰ CSIR-NEIST। উচ্চ প্ৰশিক্ষণৰ সাক্ষাৎকাৰো একে স্থানত আৰু একে সময়ত অনুষ্ঠিত হ’ব পাচদিনা, অৰ্থাৎ ১৯ জুলাইত। আনহাতে, ৱেভিঙৰ প্ৰশিক্ষণৰ সাক্ষাৎকাৰ ২০ জুলাইত হ’ব। ‘স্নেহপদ’ নামৰ এন জি অ’ৰ সহযোগত। উল্লেখ্য, সাক্ষাৎকাৰলৈ আহোতে প্ৰাৰ্থীসকলে আৱশ্যকীয় সকলো মূল নথি-পত্ৰ লগত আনিব লাগিব। উক্ত নথি-পত্ৰৰ স্বপ্ৰত্যায়িত প্ৰতিলিপি একোটাকৈ ছেট জমা দিব লাগিব। আবেদনকাৰীয়ে আবেদঞ্জ পত্ৰত নিজৰ নাম, পিতৃ/অভিভাৱকৰ নাম, বৰ্গ(জাতি), জন্মৰ তাৰিখ, ঠিকনা(স্থায়ী), যোগাযোগৰ ঠিকনা, শিক্ষাগত অৰ্হতা, বি পি এলৰ নেকি? ফোন নং, ই-মেইল(যদি আছে) আদি উল্লেখ কৰিব লাগিব। উত্তৰ-পূৰ্বাঞ্চলত কাম কৰি থকা চি এছ আই আৰৰ গৱেষণাগাৰ চি এছ আই আৰ নেইষ্টৰ উক্ত প্ৰশিক্ষণ কাৰ্যক্ৰমৰ বিষয়ে কিবা জানিবলগা থাকিলে ০৩৭৬-২৩৭০১১৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। ৰো সহায় ল’ব পাৰে।

উৎস: অসমীয়া প্ৰতিদিন

ভূ-বিজ্ঞান শিক্ষাৰ পৰা লাভালাভ:-

 

পৃথিৱীখনৰ জন্ম কেনেকৈ হ’ল, ইয়াৰ বয়স কিমান, ইয়াৰ অন্তৰ্ভাগত কি আছে, সাগৰ-মহাসাগৰ আৰু দেশ-মহাদেশৰ জন্মনো কেনেকৈ হ’ল ইত্যাদি কথা ভূ-বিজ্ঞানীসকলে অধ্যয়ন কৰিব লাগে। এই গোটেইবোৰ হৈছে প্ৰাকৃতিক ঘটনা প্ৰৱাহ। গতিকে এনে প্ৰাকৃতিক ঘটনা প্ৰৱাহ প্ৰাকৃতিক ভূ-বিজ্ঞান(Physical Geology) শাখাত অধ্যয়ন কৰা হয়। ইয়াৰ উপৰি পৃথিৱীখনৰ উপৰি ভাগৰ গঠন সম্পৰ্কে ভূ-বিজ্ঞান(Geomorphology)ত অধ্যয়ন কৰা হয়।

পৃথিৱীৰ খোলাটোত বিবৃতি ঘটাৰ ফলত সৃষ্টি হোৱা ভ্ংগ(fold), চ্যুতি(fault) আদি সংৰচনাসমূহৰ বিতং অধ্যয়ন কৰা শাখাটোৰ নাম হ’ল সংৰচনাত্মক ভূ-বিজ্ঞান(Structural Geology)। ইয়াত ভূ-আন্দোলন আদিৰ ফলত পৰিৱৰ্তন হোৱা আকৃতিগত গঠন অধ্যয়ন কৰা হয়।

পৃথিৱীখনত গেদীয় শিলকে আদি কৰি কিছুমান শিল কাল অনুসৰি স্তৰে স্তৰে পোৱা যায়। এই স্তৰসমূহৰ বুৰঞ্জীমূলক অধ্যয়ন আৰু বিৱৰণ ভূ-বিজ্ঞানত দাঙি ধৰা হয়। এইবোৰ ভূ-বিজ্ঞানৰ যিটো শাখাত অধ্যয়ন কৰা হয়, সেই শাখাটোৰ নাম বিন্যাস বিজ্ঞান(Stratigraphy)। স্তৰসমূহৰ বুৰঞ্জীমূলক অধ্যয়ন কৰা হয় হেতুকে ইয়াত ঐতিহাসিক ভূ-বিজ্ঞান(Histrocal Geology) নামেৰেও জনা যায়। ভূ-বিজ্ঞানৰ আন এটা উল্লেখযোগ্য শাখা হ’ল অভিযান্ত্ৰিক ভূ-বিজ্ঞান(Engineering Geology)। এই শাখাটোত বান্ধ, সুৰংগ, ৰাস্তা-ঘাট আদি কেনেকুৱা ঠাইত সাজিব পাৰি, সেই সম্পৰ্কে আগতীয়াকৈ ভূবিজ্ঞানত অধ্যয়ন কৰি তাৰ পাছত স্থান নিৰ্ণয় কৰা হয়। সেয়েহে এনেধৰণৰ নিৰ্মাণকাৰ্যত উপযুক্ত স্থান নিৰ্ণয় কৰা হয়। সেয়েহে এনেধৰণৰ নিৰ্মাণকাৰ্যত উপযুক্ত স্থান নিৰ্ণয়ন আদিৰ বিষয়ে এই ভূ-বিজ্ঞান শাখাত আলোচনা কৰা হয়।

খনি অঞ্চলৰ পৰা খনিজ পদাৰ্থ উদঘাটন কৰা, ভূমিকম্প, বানপানী আদি সংঘটিত হোৱাৰ ফলত পৰিৱেশ কিছু পৰিমাণে বিনষ্ট আৰু দূষিত হোৱা দেখা যায়। বিশেষকৈ খনি অঞ্চলত পৰিৱেশ কিছু পৰিমাণে বিনষ্ট হয়। ইয়াৰ প্ৰভাৱ মানৱ জীৱনত তথা জীৱজগতত যথেষ্টখিনি পৰিছে। পৰিৱেশ বিনষ্ট হোৱাৰ ফলত প্ৰাকৃতিক ভাৰসাম্যও বিনষ্ট হয়। গতিকে এইবোৰ অধ্যয়ন কৰিবলৈ ভূ-বিজ্ঞানৰ এটা শাখা খোলা হৈছে আৰু ই হ’ল পৰিৱেশিক ভূ-বিজ্ঞান(Environment Geology)। ইয়াত পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰি ই কেনেকৈ বিপৰ্যস্ত হৈছে, তাৰ ছবি দাঙি ধৰা ৰক্ষা পোৱাৰ উপায় সম্পৰ্কে আলচ কৰা হয়।

ভূ-বিজ্ঞানৰ বেলেগ বেলেগ বিভাগৰ লগত সম্পৰ্ক ৰাখি দোপতদোপে আগবাঢ়ি যোৱা দেখা যায়। বিজ্ঞানৰ বেলেগ বেলেগ বিভাগৰ সম্পৰ্ক থকা শাখাবোৰ হ’ল ভূ-পদাৰ্থ বিজ্ঞান(Geophysics), ভূ-ৰসায়ন বিজ্ঞান(Geochemistry), পুৰা উদ্ভিদ বিজ্ঞান(Palaeobotany), পুৰা ভূগোল বিজ্ঞান(Palaeogeography) আদি। সেইবাবে ভূ-বিজ্ঞানক ভূ-তাত্ত্বিক বিজ্ঞান(Geological Sciences) গণ্য কৰিব পাৰি।

শেহতীয়াকৈ পাৰমাণৱিকপ ভূ-বিজ্ঞান(Neclear Geology), কম্পিউটাৰ ভূ-বিজ্ঞান(Computer Geology), ভূ-জলবিজ্ঞান(Hidro- Geology), চিকিৎসা ভূ-বিজ্ঞান(Medical Geology), ৰত্ন বিজ্ঞান(Gemmology)কে আদি কৰি ন ন শাখা খোলা হৈছে।

সম্প্ৰতি ভূ-বিজ্ঞান অধ্যয়নৰ বাবে নানা ধৰণৰ উচ্চ স্তৰৰ কাৰিকৰী দিশ সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰত আছে Remote sensing, GPS, GIS, High resolution microscopy, Advanced core recovery system আদি।

কমসংখ্যক মহাবিদ্যালয়ত ভূ-বিজ্ঞানৰ পাঠ্যক্ৰম আছে যদিও ভাৰত তথা উত্তৰ-পূবৰ বেছিভাগ বিশ্ববিদ্যালয়ত আৰু ভাৰতৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহত উচ্চস্তৰৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আছে। এই পাঠ্যক্ৰম শেষ হোৱাৰ পাছত এজন ব্যক্তিয়ে চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানসমূহত চাকৰি পাব পাৰে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ভূ-তাত্ত্বিক জৰীপ বিভাগ(Geological Survey of India)ত প্ৰায় বছৰি বছৰি চাকৰি ওলায়। প্ৰাৰ্থীৰ বাবে কেন্দ্ৰীয় চৰকাৰত লোকসেৱা আয়োগে প্ৰতিবছৰে পৰীক্ষা পাতে। প্ৰত্যেক ৰাজ্যত থকা ৰাজ্য চৰকাৰৰ খনি আৰু ভূ-তাত্ত্বিক বিভাগেও ভূতত্ত্ববিদসকলক মাজে মাজে চাকৰিত মকৰল কৰে। কেন্দ্ৰীয় চৰকাৰৰ জলজ বিভাগতো মাজে মাজে চাকৰি ওলায়। চৰকাৰী আৰু বেচৰকাৰী তেল কোম্পানীসমূহত যেনে- তেল আৰু গেছ কোম্পানী, ভাৰতীয় তেল নিগম আদিতো ভূতত্ত্ববিদসকলৰ বাবে চাকৰি ওলাই থাকে। লগতে মণিক নিগম, খনি-বিভাগ, কোল ইণ্ডিয়া লিমিটেড, বাহিৰেও নানা অনুষ্ঠান-প্ৰতিষ্ঠান আদিতো ভূতত্ত্ববিদসকলৰ চাকৰি ওলাই থাকে। আনকি আৰব দেশসমূহৰ তেল কোম্পানীসমূহতো যথেষ্টসংখ্যক ভূতত্ত্ববিদসকলে চাকৰি কৰি আছে।

লেখক: ড° প্ৰদীপ কুমাৰ দাস(শিক্ষা বাৰ্তা)

সাংবাদিকতাৰে কেৰিয়াৰ গঢ়িব বিচাৰে নেকি?

 

গণসংযোগ আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত দিনক-দিনে নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি পাইছে। বহুসংখ্যক যুৱক-যুৱতীয়ে এই ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী যদিও অসমত এই ক্ষেত্ৰত সঠিকভাৱে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠানৰ অভাৱ। সেই অভাৱ পূৰণৰ উদ্দেশ্যে গুৱাহাটীত আত্মপ্ৰকাশ ঘটিছে টাৰ্নিং পইণ্ট ইনষ্টিটিউট অৱ মিডিয়া এণ্ড ক্ৰিয়েটিভ স্কিলছ নামৰ শিক্ষানুষ্ঠানখনৰ। শিক্ষানুষ্ঠানখনে টিভি সাংবাদিকতা, ফেশ্বন ডিজাইন, টেক্সটাইল এণ্ড বিজনেছ, ইণ্টিগ্ৰেটেড মাৰ্কেটিং কমিউনিকেচন, ডিজিটেল ফিল্ম মেকিং এণ্ড টিভি প্ৰডাকচন আৰু গ্ৰাফিক্স ডিজাইন এণ্ড এনিমেচনৰ শিক্ষাদান কৰিব। ছমহীয়া পাঠ্যক্ৰম ভিডিঅ’গ্ৰাফী, ভিডিঅ’ এডিটিং, টিভি এংকৰিং, টিভি কণ্ট্ৰ’ল ৰুম ট্ৰেইনিং, বাস্তৱিক টেলিভিছন সাংবাদিকতা, ফটোগ্ৰাফী, ফেশ্বন ডিজাইন, পাব্লিক ৰিলেচনছ এণ্ড কৰ্প’ৰেট কমিউনিকেচন, এডভাৰটাইজিং ডিজাইন এণ্ড বিজনেছ, গ্ৰাফিক্স ডিজাইন আদি পাঠ্যক্ৰমসমূহৰ নামভৰ্তি চলি আছে। পাঠদানৰ মাধ্যম অসমীয়া আৰু ইংৰাজী। এই শিক্ষানুষ্ঠানখনত পাঠদান কৰাব ছৈয়দ জাৰিৰ হুছেইন, ৱাছবিৰ হুছেইন, অধ্যাপক উজ্জ্বল কুমাৰ চৌধুৰীৰ দৰে বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিয়ে। ব্যৱহাৰিক শিক্ষাত গুৰুত্ব দিয়া টাৰ্নিং পইণ্টত পূৰ্ণাংগ ষ্টুডিঅ’, ৰাষ্ট্ৰীয় আৰু স্থানীয় সংবাদ মাধ্যমৰ অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষক, গৱেষণাৰ সুবিধা, হায়দৰাবাদৰ ৰামজী ফিল্ম চিটীত হ্ৰস্বম্যাদী পাঠ্যক্ৰম আৰু নিউজ লাইভত ইণ্টাৰ্নশ্বিপৰ সুবিধা প্ৰদান কৰা হ’ব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি সম্পৰ্কীয় তথ্যৰ বাবে অধিক জানিবলৈ ৭০৮৬৫-১২৩৪৬, ০৩৬১-২৫২৫২৫৭ নম্বৰত যোগাযোগ কৰিব পাৰে নতুবা www.turningpointguwahati.com ৱেবছাইটত চাব পাৰে। নহ’লে ৰাজগড় মেইন ৰোডস্থিত মহানগৰ কাৰ্যালয়ত উপস্থিত হৈও সবিশেষ তথ্য লাভ কৰিব পাৰে।

উৎস: শিক্ষা বাৰ্তা

চেণ্ট্ৰেল ইনষ্টিটিউট অৱ প্লাষ্টিকছ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজীত বিনামূলীয়া প্ৰশিক্ষণ:

অসমৰ অ’বিচি জাতিৰ নিবনুৱা যুৱকসকলৰ বাবে নেচনেল বেকৱাৰ্ড ক্লাছেছ ফাইনেঞ্চ ডেভেলপমেণ্ট কৰ্প’ৰেচনৰ সৌজন্যত চিপেট গুৱাহাটীয়ে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। পাঠ্যক্ৰমৰ নাম- মেচিন অপাৰেট এছিছটেণ্ট-প্লাষ্টিক প্ৰচেছিং। তিনিমহীয়া পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। বয়সৰ সময়সীমা ১৮-৩৫ বছৰ। শিক্ষাগত অৰ্হতা থকা প্ৰাৰ্থীয়ে সত্য প্ৰত্যায়িত নথি-পত্ৰ যেনে- পৰিচয় পত্ৰ(পেন কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেঞ্চ/ আধাৰ কাৰ্ড), শেহতীয়া শিক্ষাগত অৰ্হতাৰ নম্বৰ তালিকা, উত্তীৰ্ণ প্ৰমান পত্ৰ, আয় আৰু বাসস্থানৰ প্ৰমান-পত্ৰ, বেংকৰ জমাবহী আৰু চাৰিখন ৰঙীন ফটো পঠিয়াব লাগিব। কি পাঠ্যক্ৰমৰ বাবে আবেদন কৰিছে সেয়া লেফাফাৰ ওপৰত স্পষ্টকৈ উল্লেখ থাকিব লাগিব। আবেদন পত্ৰ মেইলৰ জৰিয়তেও প্ৰেৰণ কৰিব পাৰে। ই-মেইল আইডি: vtccipetghy@gmail.com । যোগ্য প্ৰাৰ্থীক সাক্ষাৎকাৰ/বাছনিৰ বাবে টেলিফোন/এছএমএছৰ জৰিয়তে মতা হ’ব। কোনো টিএ/ডিএ প্ৰদান কৰা নহ’ব। আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ১৫ জুলাই, ২০১৭। প্ৰ-পত্ৰ পঠিয়াবলৈ ঠিকনা- চেণ্ট্ৰেল ইনষ্টিটিউট অৱ প্লাষ্টিকছ ইঞ্জিনীৰিং এণ্ড টেকন’লজী(চিপেট), গুৱাহাটী, ডাক-চাংসাৰি, জিলা-কামৰূপ, পিন-৭৮১১০১।

অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে ৮৮১১০-৮৩২৯৫ নম্বৰত।

কেৰিয়াৰ গঢ়াত শিক্ষা বিষয়ৰ ভূমিকা:

 

জগতত সভ্যতাৰ সূচনা হোৱাৰ পৰাই মানুহে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে শিক্ষা আৰহণ কৰি পৰিৱৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই লোৱাৰ যত্ন কৰি আহিছে। শিক্ষাৰ গুণতে মানুহে পশু জগতৰ পৰা পৃথক হৈ পৃথিৱীত নিজৰ শ্ৰেষ্ঠতা প্ৰতিষ্ঠা কৰিব পাৰিছে। প্ৰকৃত অৰ্থত শিক্ষা মানুহৰ জীৱনজোৰা অভিজ্ঞতা আহৰণৰ এক অবিৰত প্ৰক্ৰিয়া, যাৰ উৎস কেৱল শিক্ষানুষ্ঠানেই নহয়, সমগ্ৰ প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশেই ইয়াৰ উৎস। গতিকে শিক্ষানুষ্ঠানতে আদি কৰি সমাজ জীৱনৰ সকলো অভিজ্ঞতাৰ প্ৰভাৱত মানৱ আচৰণৰ সংশোধন আৰু প্ৰগ্ৰতিশীল বিকাশৰ প্ৰক্ৰিয়াই শিক্ষা। শিক্ষাৰ বিকাশৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ পৰিকল্পনা দেশসমূহে হাতত লয়। বৰ্তমান দেখা যায় যে দেশসমূহে শিক্ষা ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি দেশৰ বাবে কেনেধৰণৰ শিক্ষাক প্ৰকাশ, কি শিক্ষাত কিমান খৰচ কৰিব, কোনে খৰচৰ দায়িত্ব ল’ব, বিভিন্ন শিক্ষিত লোকৰ জ্ঞান আৰু কৌশল কেনে ধৰণেৰে দেশৰ উন্নতিৰ ক্ষেত্ৰত কামত লগাব আদি বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ বিশ্লেষণ কৰি দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াইছে।

ভাৰতীয় শিক্ষা আয়োগে কৈছিল- ‘Education and productivity can thus constitute a rising spiral whose different parts sustain and support one another’. অৰ্থাৎ শিক্ষা আৰু উৎপাদন উভয়ে এনে এক স্তম্ভ গঢ়ি তোলে যাৰ প্ৰত্যেক অংশই আন অংশটোক সহযোগ কৰে। গতিকে শিক্ষাৰ বাবে উৎপাদন দৰকাৰ আৰু উৎপাদনৰ বাবেও শিক্ষাৰ দৰকাৰ।

বৰ্তমান সময়ত মহাবিদ্যালয় পৰ্যায়তো শিক্ষা(গুৰু) বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। এই বিষয়ৰ অধ্যয়নৰ জৰিয়তে ভৱিষ্যতে এজন ছাত্ৰই স্বাৱলম্বী হৈ উঠিব পাৰে। শিক্ষা(গুৰু) বিষয়ৰ লগত সংলগ্ন হৈ থকা দিশসমূহে ছাত্ৰ-ছাত্ৰীক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন ক্ষেত্ৰত বিভিন্ন জ্ঞান দাঙি ধৰে। তলত ইয়াৰ বিষয়ে কম পৰিমাণে আলোচনা কৰা হ’ল-

  • শিক্ষাৰ লগত জড়িত বিকাশৰ পাঠ্যক্ৰমৰ অধ্যয়নৰ যোগেদি এজন ছাত্ৰই শিশুসকলক জনাৰ উপৰি ছাত্ৰজনে আৰ্থিকভাৱে সচ্ছল হ’বলৈ বিভিন্ন ধৰণৰ প্ৰকল্প প্ৰস্তুত কৰি চৰকাৰৰ সহযোগত বিভিন্ন ধৰণৰ শিশু বিকাশমূলক আঁচনি যুগুত কৰি উলিয়াব পাৰে।
  • শিক্ষাৰ জৰিয়তে শিশুৰ শিক্ষাৰ অধিকাৰসমূহৰ বিষয়ে ভালদৰে জ্ঞান আয়ত্ত কৰিব পাৰে। শিশুৰ অধিকাৰৰ সিদ্ধান্তত অস্তিত্ব, বিকাশ, সুৰক্ষা আৰু অংশগ্ৰহণ- এই চাৰিটা মূল বিষয়ৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এইসমূহ অধ্যয়ন কৰি তথ্য যুগুতাই ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ বাবে কাম পকৰিব পাৰে আৰু ওকালতি বিষয়ৰ বাবেও মনোনিৱেশ কৰিব পাৰে।
  • বৰ্তমান সময়ত ‘পৰিচলনা’(Management) এক ডাঙৰ বিষয়। শিক্ষাৰ(গুৰু) বিষয়ৰ জৰিয়তে বিভিন্ন ধৰণৰ পৰিচালনা যেনে- সময় পৰিচালনা, অনুষ্ঠান পৰিচালনা, খেল পৰিচালনা আদি বিষয়সমূহৰ ওপৰত জ্ঞান লাভ কৰিব পাৰিব আৰু ভৱিষ্যতে এজন সুদক্ষ পৰিচালক হিচাপে সমাজত থিয় দিব পাৰিব।

শিক্ষা(গুৰু) বিষয়ৰ লগত সংলগ্ন হৈ থকা সমাজশাস্ত্ৰ আৰু মনোবিজ্ঞানেও ছাত্ৰ-ছাত্ৰীক সেই বিষয় দুয়োটা স্বানকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰিবলৈও বিশেষভাৱে আগবঢ়াই লৈ যাব পাৰে, যাতে তেওঁলোক পিছলৈ সমাজৰ সংস্কাৰক, নিৰ্দেশনা আৰু পৰামৰ্শদানৰ এগৰাকী সৎ ব্যক্তি হিচাপে নিজকে প্ৰতিপন্ন কৰিব পাৰে।

  • অতীতত সৃষ্টি কৰি থৈ যোৱা নীতিসমূহ বৰ্তমান সময়ত কেনেদৰে প্ৰচলন হৈ আছে, নতুন কি কি শিক্ষানীতি সমাজলৈ আহিছে, সেইসমূহৰ তুলনামূলক অধ্যয়ন কৰি ভৱিষ্যতেও সমাজখনৰ বাবে এগৰাকী মহান শিক্ষা বিষয়া হিচাপে থিয় দিব পাৰে।
  • সমগ্ৰ বিশ্বতে প্ৰচলিত নাৰী সবলীকৰণৰ ধাৰণাটো বৰ্তমান এক বিশেষ আলোচ্য বিষয়। শিক্ষা(গুৰু) বিষয়ৰ লগত ওতপ্ৰোতভাৱে জড়িত। এই বিষয়েও ছাত্ৰ-ছাত্ৰীসকল অধিক সজাগ হ’ব লাগে, যাতে বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাৰ সহযোগত চৰকাৰৰ লগত আলোচনা কৰি পিছপৰা মহিলাসকলক শিক্ষিত কৰি তুলিব পাৰি। উদাহৰণস্বৰূপে- গুৱাহাটী বিশ্ববিদ্যালয়ত নামৰ এটা বিভাগ আছে। ইয়াত অধ্যয়ন কৰিও সমাজৰ মহিলাসকলৰ বাবে উপযুক্ত কাম কৰি যাব পাৰি।
  • M.Ed. , B.Ed, D.El.Ed এই ডিগ্ৰী আৰু ডিপ্ল’মাবোৰ গ্ৰহণ কৰিবলৈও শিক্ষা(গুৰু) বিষয়টোৰ তাৎপৰ্য অতি উল্লেখনীয়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা শিক্ষক নিযুক্তিৰ পৰীক্ষা CTET, TET আদিৰ বাবেও শিক্ষা(গুৰু) বিষয় অধিক গ্ৰহণযোগ্য।

শিক্ষাই এক প্ৰক্ৰিয়া হিচাপে অনুসন্ধিৎসাক পোষণ কৰে, নৈতিকতা আৰু ব্যক্তিগত অখণ্ডতা পালন কৰে আৰু শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীল আৰু আত্মনিৰ্দেশিত হ’বলৈ সহায় কৰে।

লেখক: হৃদয়ানন্দ বৰা(নিয়মীয়া বাৰ্তা)

NEET পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি চলাব:

 

বৰ্তমানৰ প্ৰতিযোগিতামূলক সময়ত HS পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেলৰ বাছনি পৰীক্ষা NEETত ভাল নম্বৰ আৰু ভাল স্থান পোৱা প্ৰতিগৰাকী বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ তসপোন। কিন্তু বহুতেই পৰীক্ষাৰ পিছত এবছৰ কৰিও আসন লাভ কৰিবলৈ সক্ষম নহয়। NEET পৰীক্ষাৰ প্ৰস্তুতি আগমুহূৰ্তত –জনাওঁ যে NEET(National Eligibility and Entrance Test) হৈছে সৰ্বভাৰতীয় বাছনি পৰীক্ষা, যাৰ জৰিয়তে ভাৰতৰ চৰকাৰী মেডিকেল কলেজবোৰত MBBS/BDS পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰি। এতিয়া NEET অসমীয়া ভাষাতো উপলব্ধ। NEET পৰীক্ষাৰ বাবে সাধাৰণ আৰু প্ৰয়োজনীয় নিয়মাৱলীবোৰ তলত উল্লেখ কৰা হ’ল-

১)পৰীক্ষাৰ্থীয়ে HS পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানত অতি কমেও ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। একেদৰে এছচি/এছটিৰ ছাত্ৰ-ছাত্ৰীয়ে ৪০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।

২)পৰীক্ষাৰ্থীগৰাকীয়ে প্ৰথমবাৰত বিফল হ’লেও দ্বিতীয় আৰু তৃতীয়বাৰৰ বাবে পৰীক্ষা দিবলৈ সুযোগ লাভ কৰিব।

৩)প্ৰশ্নকাকতখনত ১৮০টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বাবে ৪ নম্বৰ লাভ কৰিব। অৰ্থাৎ মুঠ নম্বৰ ৭২০।

৪)প্ৰতিটো প্ৰশ্নৰ লগত ৪টা উপায়ন্তৰ বা উত্তৰ থাকিব যিটো শুদ্ধ উত্তৰ তাত শুদ্ধ চিন বা নিৰ্বাচন কৰিলেহে ৪ নম্বৰ লাভ কৰিব। অন্যথা প্ৰতিটো ভুল উত্তৰৰ বাবে ১ নম্বৰ কটা যাব।

৫)পৰীক্ষাৰ মুঠ সময় ৩ ঘন্টা।

৬)জীৱবিজ্ঞান বিভাগত ৯০টা, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিভাগত ৪৫টা প্ৰশ্ন থাকিব। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ভিত্তিত এই প্ৰশ্নসমূহ আধাৰিত হ’ব।

১৮০ মিনিটত ১৮০টা প্ৰশ্ন কৰিবলৈ হ’লে এজনৰ কঠোৰ পৰিশ্ৰমৰ লগতে জিজ্ঞাসু মনোভাবৰ প্ৰয়োজন। প্ৰশ্নটোলৈ লক্ষ্য কৰোঁতেই তাৰ সমাধান বা সমাধানৰ উপায় মনত উদ্ভৱ হ’ব লাগিব। তাতোকৈ বেছি প্ৰয়োজনীয় কথাটি হ’ল সময়ৰ ব্যৱহাৰ। প্ৰতিভাৰে পৰিপূৰ্ণ বহুতো শিক্ষাৰ্থী কৃতকাৰ্য নোহোৱাৰ মূল কাৰণটো হ’ল সময়ৰ সু-ব্যৱহাৰ কৰিব নোৱাৰাটো(Time Management)। ইয়াৰ উপৰি তাত ঋণাত্মক(Negative) নম্বৰৰো ব্যৱস্থা আছে। গতিকে জ্ঞান আৰু সময়ৰ যথাযথ ব্যৱহাৰিতাইহে এগৰাকী ভাল ডাক্তৰ হোৱাত সহায় কৰিব।

গতিকে NEET পৰীক্ষাৰ প্ৰস্তুতি কিদৰে চলোৱা উচিত হ’ব? সকলোৱে ৰাজস্থানৰ কোটত গৈ কোচিং কৰিব নোৱাৰে বা সামৰ্থ্য নাথাকে। আজিকালি গুৱাহাটীত বিভিন্ন কোচিং ইনষ্টিটিউট গঢ় লৈ উঠিছে। গতিকে তাৰ পৰাই যিকোনো এটা কোচিং ইনষ্টিটিউটত নামভৰ্তি কৰি প্ৰ্স্তুতি চলাব প্পাৰি। কিন্তু নিজৰ অধ্যৱসায় বা কঠোৰ পৰিশ্ৰম বা একাগ্ৰতা নহ’লে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। প্ৰথমতে, নিজকে দৃঢ় মনোভাবেৰে গঢ়ি তুলি এগৰাকী ভাল ডাক্তৰ হোৱাৰ পথত অগ্ৰসৰ হ’বলৈ(সজ্জিত কৰিব লাগিব) লক্ষ্য বান্ধি ল’ব লাগিব।

কঠোৰ অনুশীলন:

‘Practice makes you perfect’ অৰ্থাৎ কঠোৰ অনুশীলনৰ দ্বাৰাহে NEET পৰীক্ষাত সফল হ’ব পাৰি। ইয়াৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্নকাকত(পূৰ্বতে অনুষ্ঠিত হোৱা পৰীক্ষা)বোৰৰ সমাধান কৰিব লাগিব। সকলো কেৱল এজন ভাল ডাক্তৰ হোৱাৰ লক্ষ্য বান্ধি সজাগতাৰে পৰিশ্ৰম কৰিব লাগিব।

পূৰ্বৰ ২০ বছৰৰ প্ৰশ্নকাকত সংগ্ৰহ কৰি তাৰ পৰ্যালোচনা আৰু সমাধান:

NEETৰ নিচিনা পৰীক্ষা এটাৰ দ্বাৰা নিজৰ সপোন পূৰ্ণ কৰিবলৈ হ’লে প্ৰথমে NEET পৰীক্ষাটোক বুজা দৰকাৰ। কেনে ধৰণৰ প্ৰশ্নবোৰৰ অনুশীলন বা কি প্ৰকাৰে বিষয়বস্তু আয়ত্ত কৰিব লাগে? এই সকলো সমাধানৰ বাবে যোৱা ২০ বছৰৰ মেডিকেল পৰীক্ষা AIPMTৰ প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰি তাৰ সমাধান খুচৰি উলিয়াব লাগিব। নিজৰ শিক্ষক-শিক্ষয়ত্ৰীৰ সহযোগৰ উপৰি বিভিন্ন Websiteতো এইবোৰৰ সমাধান পাব পাৰি।

Group discussion:

সৰ্বভাৰতীয় পৰীক্ষাত ভাল নম্বৰ পাবলৈ আটাইতকৈ ভাল মন্ত্ৰটো হ’ল- Group discussion;Group discussion মানে হ’ল নিজৰ বন্ধু বা বান্ধৱীৰ লগত কৰা আলোচনা। বন্ধু-বান্ধৱীৰ সৈতে কুইজ প্ৰতিযোগিতা বা আলোচনাৰ জৰিয়তে পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ৰ জ্ঞান শক্তিশালী কৰি তুলিব পাৰি। ইয়ে ছাত্ৰ-ছাত্ৰীসকলক ঊৰ্ধ্বমুখী কৰাত সহায় কৰে।

প্ৰয়োজনীয় কিতাপ:

প্ৰথমতে ছাত্ৰ-ছাত্ৰীসকলে NCERT কিতাপকেইখন ভালদৰে আয়ত্ত কৰিব লাগিব। জীৱবিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত NCERT কিতাপখনৰ প্ৰতিটো বাক্যই প্ৰয়োজনীয়। পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত NCERTৰ উপৰি Concept of Physics বা অন্য ধৰণৰ আগশাৰীৰ কিতাপ অধ্যয়ন কৰাটো প্ৰয়োজনীয়। ইয়াৰ উপৰি Objective Typeৰ কিতাপো ক্ৰয় কৰিব পাৰি(পাঠ্যক্ৰমৰ ভিত্তিত)।

Online Mock Test:

Internetত আজিকালি যিকোনো পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আৰ্হিকাকত উপলব্ধ। এমাহৰ বাবে যিকোনো Websiteত গৈ বিনামূলীয়াকৈ বা মূল্যৰ বিনিময়তেই হওক এনেধৰণৰ অনলাইন পৰীক্ষাসমূহ খুবেই প্ৰয়োজনীয়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দুৰ্বলতাসমূহ উপলব্ধি কৰি সেইবোৰ আঁতৰ কৰাৰ বাবে চেষ্টা কৰিব পাৰে। তদুপৰি পৰীক্ষা হলৰ চাপৰ পৰা মুক্ত হয়। লগতে সময়ৰ উপযুক্ত ব্যৱহাৰৰো জ্ঞান বৃদ্ধি হয়।

মূল লক্ষ্য জীৱবিজ্ঞান:

গোটেই প্ৰশ্নকাকতখনত ৫০ শতাংশ জীৱবিজ্ঞানে স্থান অধিকাৰ কৰি আছে। ভাল নম্বৰ গোটাবলৈ জীৱবিজ্ঞানক প্ৰথম উদ্দেশ্য হিচাপে ল’ব লাগিব। NCERT কিতাপৰ সম্পূৰ্ণ জ্ঞান থাকিলে প্ৰশ্নকাকতৰ ৯০টা প্ৰশ্নৰ ৮০টা প্ৰশ্নৰেই উত্তৰ কৰিব পাৰি। ইয়ে NEETত স্থান লাভ কৰাত সহজ কৰি তুলিব। ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিষয়ত নম্বৰ গোটাবলৈ প্ৰতিদিন অনুশীলন কৰিব লাগিব। এনেদৰে এটা দুটা বিষয়ত ৪৫টা প্ৰশ্নৰ ভিতৰত ৩৫টা প্ৰশ্নৰ উত্তৰ সহজতে কৰিব পাৰি। পদাৰ্থ বিজ্ঞান বিষয়টো বাকী দুটা বিষয়ৰ তুলনাত কিছু কঠিন। সেয়ে ইয়াত পাৰদৰ্শিতা দেখুৱাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

মনত ৰাখিব লাগিব যে ১ দিনত ২ নম্বৰেই ৩৬৫ দিনত ৭২০ নম্বৰ হৈ পৰিব। অসমৰ বহুতো পৰীক্ষাৰ্থীয়ে ৬০০+ পাইছে। গতিকে তুমি কিয় নোৱাৰিবা? Facebook আৰু Whatsappত অত্যধিক অযথা সময় নিদি আঁতৰি আহা। দেখিবা তুমি নিজৰ উদ্দেশ্যত উপনীত হ’বাই।

লেখক: উৎপল ৰাজবংশী(নিয়মীয়া বাৰ্তা)

অৱতীৰ্ণ হ’বলৈ কিদৰে সাজু হ’ব:

 

আমি সকলোৱে জানো যে শিক্ষক বৃত্তি পৃথিৱীৰ সবাতোকৈ মহৎ বৃত্তি। শিকন প্ৰক্ৰিয়া এক জটিল শিল্প। এই শিল্পত নিয়োজিত হ’বলৈ গভীৰ চিন্তাধাৰা আৰু কঠোৰ প্ৰয়াসৰ প্ৰয়োজন হয়। শিক্ষণ বৃত্তি আহৰণ কৰিবলৈ হ’লে এজন ব্যক্তিয়ে শিক্ষণ শিল্পৰ প্ৰশিক্ষণ আনুষ্ঠানিকভাৱে প্ৰদান কৰা অনুষ্ঠানটি হৈছে ‘শিক্ষক শিক্ষা প্ৰতিষ্ঠান’। শিক্ষক শিক্ষা এক বহল বিষয়। শিক্ষক শিক্ষাই সাঙুৰি লোৱা এক গুৰুত্বপূৰ্ণ শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰম হৈছে বি এড অৰ্থাৎ Bechlor of Education। ভাৰতবৰ্ষৰ অসমকে ধৰি প্ৰায় সকলো ৰাজ্যতে শিক্ষক বৃত্তিত নিয়োজিত হোৱাৰ এক গুৰুত্বপূৰ্ণ অৰ্হতা হৈছে এই B.Ed. ডিগ্ৰী।

আমাৰ অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহে যোৱা দুবছৰৰ পৰা বি এড পাঠ্যক্ৰমত ভৰ্তি হ’বলৈ প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। প্ৰতিবছৰৰ দৰে এইবছৰো অন্য বিশ্ববিদ্যালয়ৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ অন্তৰ্গত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়সমূহত এই বিশেষ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে জুলাই মাহৰ(সম্ভৱতঃ) মধ্য পৰ্যায়ত প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰে। এতিয়া বহুতো ছাত্ৰ-ছাত্ৰীৰ মনত এটাই প্ৰশ্নৰ সৃষ্টি হ’ব-

শিক্ষক শিক্ষাৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুত হওঁ কিদৰে? তাৰ উত্তৰ চমুকৈ তলত দিয়া হ’ল।

মুঠ ১০০ নম্বৰৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰয়োজন হোৱা বিষয়সমূহ তলত উল্লেখ কৰা হ’ল-

সাধাৰণ ইংৰাজী(২০ নম্বৰ): বিদ্যালয় পৰ্যায়ত প্ৰয়োজন হোৱা কিছুমান গুৰুত্বপূৰ্ণ ইংৰাজী ব্যাকৰণ যেনে- Tense, Voice, Narration, Preposition, Correction of Sentence আদি অনুশীলনৰ প্ৰয়োজন। নৱম-দশম শ্ৰেণীৰ ইংৰাজী ব্যাকৰণৰ পাঠ্যপুথিয়ে বিশেষ সহায় কৰিব।

সাধাৰণ জ্ঞান(২০ নম্বৰ): যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূলতে হৈছে সাধাৰণ জ্ঞান। বি এড প্ৰৱেশিকা পৰীক্ষাৰ ক্ষেত্ৰতো নিজকে প্ৰস্তুত কৰি তুলিবলৈ প্ৰয়োজন হ’ব সাধাৰণ জ্ঞান- বিশেষভাৱে ভাৰতীয় ইতিহাস, ভাৰতীয় ৰাজনীতি, সাধাৰণ বিজ্ঞান আৰু বৰ্তমানে ঘটি থকা ঘটনা-পৰিঘটনাসমূহৰ সাধাৰণ জ্ঞান। কুইজমূলক পাঠ্যপুথি অথবা বাতৰিকাকত-পত্ৰই এই বিষয়ত বিশেষ সহায় কৰিব।

গাণিতিক ধাৰণা আৰু মানসিক সক্ষমতা(১৫ নম্বৰ): আমি জানো যে জীৱনৰ প্ৰতিটো খোজতে আগুৱাই যোৱাৰ ক্ষেত্ৰত ন্যূনতম গাণিতিক জ্ঞানৰ সকলোকে প্ৰয়োজন। বি এড প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ’বলৈও সাধাৰণ গাণিতিক জ্ঞানৰ জ্ঞানেৰে নিজকে প্ৰস্তুত কৰিব লাগিব। কম-বেছি পৰিমাণে গাণিতিক জ্ঞানেৰে সকলোৱে সমৃদ্ধ। গাণিতিক যুক্তিসংগত সমস্যাৰ অনুশীলনে বিশেষ সহায় কৰিব। সংখ্যা প্ৰণালী, বীজ গণিত ইত্যাদিৰ জ্ঞান এইক্ষেত্ৰত প্ৰয়োজন।

শিক্ষণীয় অভিক্ষমতা(২০ নম্বৰ): বি এড প্ৰৱেশিকা পৰীক্ষাৰ উদ্দেশ্য হৈছে শিক্ষণ বৃত্তিৰ প্ৰতি থকা আগ্ৰহ অভিক্ষমতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ এই শিক্ষক প্ৰশিক্ষণৰ বাবে বাছনি কৰা। সেয়েহে ছাত্ৰ-ছাত্ৰীয়ে শিকণ প্ৰক্ৰিয়াৰ কিছু চমু আভাস গ্ৰহণ কৰিব লাগিব। যেনে- শিকনৰ ধাৰণা, বৈশিষ্ট্য আৰু শিক্ষণৰ লগত থকা ইয়াৰ সম্পৰ্ক, শিক্ষকৰ ভূমিকাসমূহ কি কি? শিকনৰ সঁজুলিসমূহ আৰু মূল্যায়ন(পৰীক্ষণ) প্ৰক্ৰিয়া। স্নাতক পৰ্যায়ৰ শিকনৰ(Teaching Skill)ৰ শিক্ষা বিষয়ৰ পাঠ্যপুথিয়ে এইসমূহৰ চমু আভাস লোৱাত সহায় কৰিব।

প্ৰচলিত ভাৰতীয় শিক্ষা(২৫ নম্বৰ): এনেকুৱা এক শিক্ষাৰ বিষয়ত এক গুৰুত্বপূৰ্ণ ডিগ্ৰী আহৰণ কৰিবলৈ হ’লে শিক্ষাৰ ব্যৱস্থা, নীতিসমূহৰ বিষয়ে জনাটো অত্যন্তই জৰুৰী। সেয়েহে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হ’লে ভাৰতবৰ্ষত প্ৰচলিত শিক্ষা ব্যৱস্থা, নীতি, আয়োগসমূহৰ জ্ঞান থকাটো প্ৰয়োজনীয়।

ভাৰতীয় শিক্ষাৰ তিনিটা পৰ্যায়ৰ বিশেষভাৱে কিছুমান গুৰুত্বপূৰ্ণ নীতি যেনে- ১৯৮৬ চনৰ জাতীয় শিক্ষাৰ নীতি, প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ, শিক্ষাৰ অধিকাৰ আইন, সৰ্বশিক্ষ অভিযান। মাধ্যমিক শিক্ষা পৰ্যায়ত যেনে- ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান(RMSA), মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ, অপাৰেচন ব্লেকবোৰ্ড আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সমতা, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান(RUSA), NAACৰ ভূমিকা, জাতীয় জ্ঞান কমিটী(National Knowledge Commission), ২০০৯ৰ য়াচপাল কমিটীৰ প্ৰতিবেদন আৰু দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ব ভিতৰত মাধ্যমিক আৰু উচ্চ শিক্ষাৰ আভাস।

এই বিষয়সমূহৰ চমু আভাস পাবলৈ ছাত্ৰ-ছাত্ৰীসকলে স্নাতক বৰ্ষৰ শিক্ষা বিষয়ৰ(গুৰু) অন্তৰ্ভুক্ত শিক্ষাৰ ইতিহাস আৰু শিক্ষা বিষয়ক সমস্যাৰ পাঠ্যপুথিৰ সহায় ল’ব পাৰে।

ওপৰোক্ত বিষয়সমূহৰ চমু জ্ঞান অৰ্জনে ছাত্ৰ-ছাত্ৰীসকলৰ বি এড প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তুলিব। উল্লেখ্য যে প্ৰৱেশিকাৰ প্ৰশ্নসমূহ Multiple choice অৰ্থাৎ বহুবিকল্পধৰ্মী আৰু Objective type অৰ্থাৎ বস্তুনিষ্ঠ। মূলতঃ ছাত্ৰ-ছাত্ৰীৰ মনোবল আৰু শিক্ষক হোৱাৰ একান্ত ইচ্ছাই তেওঁলোকক এদিন তেওঁলোকৰ শিক্ষাগুৰুৰ বৃত্তিত নিয়োজিত কৰিব। গতিকে এই বিষয়সমূহৰ জ্ঞানেৰে নিজকে সমৃদ্ধ কৰি শিক্ষাৰ বহল পৃথিৱীত আগুৱালে বাঞ্ছিত ফলাফল লাভ কৰিব।

লেখিকা: অৰ্চনা অধিকাৰী বৰা(নিয়মীয়া বাৰ্তা)

এক্সপ’ৰ্ট-ইম্প’ৰ্ট মেনেজমেন্টৰ কেৰিয়াৰ:

 

বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এক্সপ’ৰ্ট(ৰপ্তানি-আমদানি) মেনেজমেন্ট এটা অতি প্ৰয়োজনীয় কেৰিয়াৰ বিষয় হিচাপে পৰিগণিত হৈছে। বৰ্তমান সমগ্ৰ বিশ্বত এনে কোনো এখন দেশ নাই যে যিখনে আন এখন বা ততোধিক দেশলৈ বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি বা আমদানি নকৰে। এই ধৰণৰ সামগ্ৰী ৰপ্তানি আৰু আমদানি কৰা কাৰ্যক ইন্টাৰনেচনেল ট্ৰেড বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বুলি কোৱা হয়। এই ধৰণৰ ইন্টাৰনেচনেল ট্ৰেড একোটা পৰিচালনা কৰিবলৈ সাধাৰণভাৱে বি এ বা এম এ নতুবা এম কম বা এম এছ চি আদি পাছ কৰিলেই নহ’ব, ইয়াৰ বাবে এই বিষয়ত একোটা স্পেচিয়েলাইজ ন’লেজ বা বিশেষ জ্ঞান থাকিব লাগিব। কাৰণ ইন্টাৰনেচনেল ট্ৰেড একোটা সূক্ষ্মভাৱে পৰিচালনা কৰিবলৈ কেইটামান বিশেষ কথা বা বিষয়লৈ যেনে- এক্সপ’ৰ্ট-ইম্প’ৰ্ট ক’ড নাম্বাৰ, ফৰেইন এক্সচেঞ্জ, ৰিক্স মেনেজমেন্ট এক্সপ’ৰ্ট প্ৰাইচিং, ডকুমেন্টেচন, লজিষ্টিক মেনেজমেন্ট, ইন্টাৰনেচনেল মাৰ্কেটিং, পেকেজিং এণ্ড ইনভইচিং আদি বিভিন্ন এনে ধৰণৰ বিশেষ কিছুমান বিষয়ত জ্ঞান থকা প্ৰয়োজন।

এই বিষয়ত অধ্যয়ন কৰিব বিচৰা প্ৰাৰ্থীগৰাকীৰ আন কিছুমান গুণ থকা প্ৰয়োজন। এইবোৰৰ ভিতৰত ঘাইকৈ- উদ্যমী, একনিষ্ঠতা, ধৈৰ্য, সুন্দৰ যোগাযোগৰ দক্ষতা, কষ্ট কৰাৰ মানসিকতা, সুক্ষ্ম পৰ্যবেক্ষণ আদি। এই ধৰণৰ ইন্টাৰনেচনেল মাৰ্কেটিং বা এক্সপ’ৰ্ট-ইম্প’ৰ্ট মেনেজমেন্ট দু ধৰণে পঢ়িব পাৰি। ইয়াৰে প্ৰথমবিধ হৈছে এই বিষয়ত দুবছৰীয়া এম বি এৰ বিশেষ পাঠ্যক্ৰম আৰু দ্বিতীয় বিধ হ’ল এই বিষয়ত একোটা এবছৰীয়া বা ছমহীয়া এটা ডিপ্ল’মা বা চাৰ্টিফিকেট ক’ৰ্ছ কৰা। দুবছৰীয়া বা এবছৰীয়া পাঠ্যক্ৰম যিকোনো এটাত পাছ কৰিব পাৰিলে একোটা ভাল চাকৰি আশা কৰিব পাৰি, বিশেষকৈ একোটা নাম থকা অনুষ্ঠানত দুবছৰীয়া ইয়াৰ পাঠ্যক্ৰম কৰিব পাৰিলে চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানত চাকৰি এটা যে পাবই সেইটো ধুৰুপ। তদুপৰি এই বিষয়ত দুবছৰীয়া বা এবছৰীয়া আৰু ছমহীয়া এই এক্সপ’ৰ্ট-ইম্প’ৰ্টত ডিগ্ৰী বা ডিপ্ল’মা একোটা কৰিব পাৰিলে(কোনো কোনো অনুষ্ঠানত এমহীয়া বা পষেকীয়া পাঠ্যক্ৰমো কৰিব পাৰিলে) নিজাকৈ এক্সপ’ৰ্ট বা ইম্প’ৰ্টৰ ব্যৱসায়ো কৰিব পাৰি।

ভাৰতবৰ্ষৰ বহুতো চহৰ-নগৰত এই বিষয়ত পঢ়াৰ সুবিধা আছে। ইয়াৰ ভিতৰত নতুন দিল্লীত থকা Indian Institute of Foreign Trade(IIFT) নামৰ অনুষ্ঠানটোৱেই আটাইতকৈ ডাঙৰ আৰু প্ৰতিষ্ঠিত অনুষ্ঠান বুলি ক’ব পাৰি। ১৯৬৩ চনত নতুন দিল্লীত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত(Under Ministry of Commerce and Industry) এই অনুষ্ঠানটোত ইন্টাৰনেচনেল মাৰ্কেটিং বিষয়ত বহুকেইটা পাঠ্যক্ৰম আছে। ইয়াৰ ভিতৰত কেইটামান পাঠ্যক্ৰম হৈছে-

  1. Two Years Residential M.B.A
  2. Three years part time M.B.A(International Business)
  3. Post Graduate in International Business Strategy.
  4. Certificate Course in Export Management.
  5. Three years Part time M.B.A in International Trade(নতুন দিল্লী আৰু কলকাতা) আদি পাঠ্যক্ৰম আছে। ওপৰত উল্লেখ কৰা দুই বছৰীয়া পাঠ্যক্ৰমৰ বাবে একোজন প্ৰাৰ্থী যিকোনো বিষয়ত স্নাতক হোৱাৰ লগতে শতকৰা ৬০ নম্বৰ পোৱা হ’ব লাগিব আৰু এক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। IIFTৰ বাহিৰেও এই ধৰণৰ পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা আগবঢ়োৱা কেইখনমান শিক্ষা প্ৰতিষ্ঠান হ’ল-
  6. Indian Institute of Foreign Trade(IIFT), IIFT Bhavan B-21, Qutab Institutional Area, New Delhi- 110016, Phone(011) 26965124.
  7. Symbiosis Institute of Foreign Trade, 1068 Model Colony, Gohale Cross Road, Pune- 411016. Phone-(o20) 5651207.
  8. Gitam Institute of Foreign Trade Gandhinagar, Visakhapatanam, 530045, (Andhra Pradesh).
  9. International Institute of Foreign Trade & Research, Commerce House, 7-Redcross Road, Indore-452001, Phone- (0731) 272636.
  10. Indian Institute of Commerce & Trade, IICT, 5/28- Vikas Nagar, Lucknow- 226602.
  11. Indian Institute of Export & Import Management Mumbai.
  12. S.P. Jain institute of Management, Mumbai.
  13. Jaypee Business School, Noida, NCR(8) Asia Pacific Institute of Management, New Delhi.
  14. Institute of International Trade, EN-27, Salt lake city, sector-5, Kolkata- 700094, Phone- (033) 30566049, (033) 30566049.

লেখক: ড° সুনীল কুমাৰ শইকীয়া(অসমীয়া প্ৰতিদিন)

 

2.7037037037
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top