অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৌলিক আৰু মানৱ অধিকাৰ হিচাপে শিক্ষা

প্ৰত্যেক ভাৰতীয় নাগৰিকৰে শিক্ষাৰ অধিকাৰ আছে | শিক্ষাগত প্ৰাথমিক নীতিসমূহ হৈছে সাৰ্বজনীন শিক্ষা |প্ৰাথমিক স্তৰৰ বাবে বিশেষকৈ মুক্ত আৰু সাৰ্বজনীন শিক্ষা বাধ্যতামুলক হ'ব,কাৰীকৰি আৰু বৃত্তিমুলক শিক্ষা সহজ উপলব্ধ হ'ব আৰু যোগ্যতাৰ ওপৰত ভিত্তি কৰি উচ্চ শিক্ষাৰ দুৱাৰ সমানে মুকলি থাকিব |

ব্যক্তিৰ ব্যক্তিত্বৰ সম্পূৰ্ন বিকাশ আৰু মৌলিক স্বাধীনতা আৰু মানৱাধিকাৰ প্ৰতি সন্মান সৱল কৰিবৰ বাবে শিক্ষা দিয়া হ'ব |কেনেধৰণৰ শিক্ষা শিশুক প্ৰদান কৰা হ'ব মাক দেউতাকৰ পচণ্ডই মূখ্য ভূমিকা লাভ কৰিব |

সকলোৰে বাবে শিক্ষা

সকলোৰে বাবে শিক্ষা আন্দোলন হৈছে এক গোলকীয় ব্যৱস্থা যাৰ যোগেদি শিশু ,যুৱক আৰু প্ৰাপ্ত বয়স্কলৈ গুণগত শিক্ষা দিয়া হ'ব |১৯৯০ চনৰ ওৱৰ্ল্ড কনফাৰেন্স  অত সকলোৰে বাবে শিক্ষা আন্দোলন আৰম্ভ কৰা হৈছিল|

১০ বছৰ পাছতো বহুতো দেশে এই লক্ষ্যত উপনীত হোৱাৰ পৰা বহুত পিছ পৰি ৰ’ল |২০১৫ চনৰ ভিতৰত সকলোৰে বাবে শিক্ষা দিয়া হ'ব বুলি স্থিৰ সিদ্ধান্ত দাকাৰ,চেনেগাল আদি দেশে লৈছে |উক্ত দেশবোৰে ছটা শিক্ষাৰ উদ্দেশ্য চিনাক্ত কৰিছে যাতে সকলো শিশু ,যুৱক আৰু প্ৰাপ্তৱয়স্কই ২০১৫ চনলৈ শিক্ষা পাব পাৰে|

ইউনেস্ক্’ৱে আন্তৰ্জাতিক ক্ষেত্ৰত,শিক্ষাৰ গতিশীলতা আৰু সামঞ্জস্যপূৰ্ণ কৰি সকলোৰে বাবে শিক্ষা সমন্বয় স্থাপন কৰিবলৈ মূখ্য সহায়ক হিচাবে কাম কৰিছে |চৰকাৰ,বিভিন্ন বিকাশমূলক সংগঠন ,অসামৰিক সমাজ,বেচৰকাৰী সংগঠন আৰু প্ৰচাৰ মাধ্যম সমূহে এই লক্ষ্যত উপনীত হ'বৰ বাবে বিভিন্ন কাম কৰি আহিছে|

সকলোৰে বাবে মূক্ত শিক্ষাৰ ৱ্যৱস্থাৱলীয়ে মিলেনিয়াম দেভেলপমেন্ত গ’ল  ক্ষেত্ৰতো অৱদান যোগাইছে | বিশেষকৈ ২০১৫ চনলৈকে এম ডি জি ২  ৰ সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ ওপৰত এম ডি জি ৩ ৰ সমতা শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদানেৰে গোলকীয় প্ৰাপ্তিত অৰিহণা যোগাই অহা হৈছে |

ছটা নিৰ্দিষ্ট শৈক্ষিক লক্ষ্য

  • অতি দূৰ্বল গোটসমূহ আৰু অনগ্ৰসৰ শিশুসকলক বিশেষভাৱে লৈ পূৰ্ব শৈশৱ যত্ন আৰু শিক্ষা প্ৰসাৰিত কৰা আৰু সামগ্ৰিকভাৱে উন্নত কৰি তোলা।
  • ২০১৫ চনৰ ভিতৰত দেশৰ সকলো শিশু, বিশেষকৈ ছোৱালী আৰু যিসকলে বিভিন্ন পৰিস্থিতিত পৰি বা সংখ্যালঘু সম্প্ৰদায়ৰ সকলো শিশুকে সম্পূৰ্ণ, বিনামূলীয়া আৰু বাধ্যতামূলক উন্নতমানৰ প্ৰাথমিক শিক্ষা প্ৰদান নিশ্চিত কৰা।
  • সকলো যুৱ আৰু প্ৰাপ্তবয়স্ক লোকৰ বাবে যথোপযুক্ত শিক্ষা আৰু জীৱন ধাৰণৰ দক্ষতা বৃদ্ধিৰ কাৰ্য্যসূচী নিশ্চিত কৰা।
  • ২০১৫চনৰ ভিতৰত প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত ৫০ শতাংশ সাফল্য লাভ কৰা আৰু বিশেষকৈ মহিলাৰ লগতে প্ৰাথমিক আৰু অবিৰত শিক্ষা সকলো প্ৰাপ্তবয়স্কৰ বাবে সমানে আগবঢ়োৱা।
  • ২০১৫ চনৰ ভিতৰত প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত লিংগৰ বৈষম্যতা আতঁৰোৱা আৰু ছোৱালীৰ বাবে উন্নত মানৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ আৰু সমভাৱে উপলব্ধ কৰাৰ লক্ষ্য আগত ৰাখি ২০১৫ চনত লিংগ বৈষম্যহীন শিক্ষা আগবঢ়োৱা।
  • শিক্ষাৰ সকলো গুনগত মানদণ্ড উন্নত কৰা আৰু সাক্ষৰতা, সংখ্যাজ্ঞান আৰু অত্যাৱশ্যকীয় জীৱনশৈলীৰ দক্ষতা যাতে উন্নত মানৰ হয় তাৰ ব্যৱস্থা কৰা।

সকলোৰে বাবে শিক্ষা কিয় গুৰুত্বপূৰ্ণ

সকলোৰে বাবে শিক্ষাৰ লক্ষ্যসমূহত উপনীত হ’বলৈ সু-স্থিৰ গতিত আগবঢ়া হৈছে। কিয়নো এই ক্ষেত্ৰত বৰ্তমান বহু ধৰণৰ প্ৰত্যাহ্বান আছে। এতিয়াও বহু সংখ্যক বিদ্যালয়লৈ যাব লগা বয়সৰ শিশুৱে অৰ্থনৈতিক, সামাজিক বা আন শাৰিৰীক প্ৰত্যাহ্বান যেনে, অত্যাধিক শিশু জন্ম, এইছআইভি/এইডছ আৰু বিভিন্ন সংঘাতৰ বলি হৈ বিদ্যালয়ৰ পৰা আতঁৰি থাকিব লগা হৈছে।

 

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate