অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আকাশৰ সিপাৰে..

আকাশৰ বিষুয়ে কিছু কথা লিখা হৈছে

আকাশৰ বিষয়ে:-

জন্মৰেপৰাই দেখি আহিছোঁ সুন্দৰ সূৰ্য্যটো, যাৰ সোণালী কিৰণে উদ্ভাসিত কৰে নৈ, বিল, পাহাৰ, ভৈয়াম আদি। শুক্ল পক্ষত আকাশত জিলিকি উঠে জোনটি, যাৰ স্নিগ্ধ পোহৰে উজলাই তোলে আমাৰ বিনন্দীয়া ধৰাখন। পৰিষ্কাৰ এন্ধাৰ ৰাতি আকাশলৈ চাই পঠিয়ালে দেখোঁ চিকমিকাই থকা অজস্ৰ তৰাৰ সমাৱেশ। প্ৰকৃতিৰ এই মোহনীন ৰূপ দেখি অভিভূত হৈছিলোঁ। মনত কৌতূহল জন্মিছিল, বহু কথাৰ সমিধান বিচৰা মনটো অস্থিৰ হৈ উঠিছিল। পিছলৈ অৱশ্যে ভূগোল আৰু বিজ্ঞানৰ কিতাপত পঢ়িবলৈ পাইছিলোঁ সৃষ্টিৰ ৰহস্যৰ কথা। একোটা তৰাই আমাৰ সূৰ্যটোতকৈও হেনো বহুগুণে ডাঙৰ। সৌৰজগতখন হেনো হাতীপটিৰ এটি অতি ক্ষুদ্ৰ স্থানত অৱস্থিত আমাৰ পৃথিৱীখন সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ তুলনাত এটি ধূলিকণাৰ সমান।

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কেতিয়া, কেনেকৈ হৈছিল, সি ক্ৰমবৰ্দ্ধমান ৰূপ কিদৰে পালে, ইয়াৰ সম্ভাব্য ধ্বংস কেনেকৈ হ’ব, কেতিয়া হ’ব ইত্যাদি এশ একুৰি প্ৰশ্নৰ উত্তৰ বিচাৰি যুগ যুগ ধৰি বিজ্ঞানীসকলে চেষ্টা চলাই আহিছে আৰু কিছু পৰিমাণে হ’লেও কৃতকাৰ্যও হৈছে।

আমি বৰ্তমান জ্যোতিবিজ্ঞানৰ সোণালী যুগ এটাত বাস কৰি আছোঁ। কেইদশকমান পূৰ্বে মহাকাশত বিচৰণ কৰি থকা হাবল স্পেচ টেলিস্কোপৰ কথা কল্পনাও কৰিব পৰা নাছিলোঁ।

হাবল স্পেচ টেলিস্কোপ:

হাবল স্পেচ টেলিস্কোপ হ’ল শক্তিশালী প্ৰতিফলন টেলিস্কোপ। পৃথিৱী পৃষ্টৰ ওপৰত ৬০০ মাইল উচ্চতাত ই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে। ইয়াৰ পৰিবৰ্দ্ধন ক্ষমতা সাধাৰণ টেলিস্কোপৰ তুলনাত দহগুণে বেছি। ১৯৯০ চনত ইয়াক কক্ষপথত প্ৰক্ষেপ কৰা হৈছিল। ইয়াৰ প্ৰক্ষেপণৰ সময়ত দেখা দিয়া দোষ-ট্ৰটীসমূহ দূৰীকৰণ কৰে ১৯৯৩ চনত স্থাপিত এক স্পেচ ছাইট মিশনে।

বিগত ৫০ বছৰ মানৰপৰা কম্পিউটাৰৰ উদ্ভাৱনে বৈজ্ঞানিক তথ্য উদঘাটনৰ ক্ষেত্ৰত যি বৰঙণি যোগাই আহিছে আৰু নভোবিজ্ঞানৰ ক্ৰমবিকাশত সমল যোগাইছে,সি অভূতপূৰ্ব।

আমাৰ পৃথিৱীখনৰ কথাকেই কওঁ।পৃথিৱীৰ ব্যাস ৮০০০ মাইলমান হ’ব। সূৰ্যৰপৰা প্ৰায় ৯৩,০০০,০০০ মাইল আঁতৰত থাকি সূৰ্য্যৰ চাৰিওফালে সি পৰিভ্ৰমণ কৰি আছে। সূৰ্য্যক কেন্দ্ৰ কৰি থকা পৃথিৱীকে ধৰি নটা গ্ৰহ, উপগ্ৰহ সমম্বিতে সৌৰজগতখনৰ সৃষ্টি হৈছে। সৰভাগ গ্ৰহৰে উপগ্ৰহ আছে। আমাৰ অতি চিনাকি চন্দ্ৰটোৱে আমাৰ লগে লগে সূৰ্য্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে। আমাৰপৰা প্ৰায় আঢ়ৈ লাখ মাইলমান আঁতৰত অৱস্থিত জোনটি তুলনামূলকভাৱে আমাৰপৰা ওচৰত আছে। সেইবাবেই তাক যথেষ্ট ডাঙৰ আকাৰত দেখিবলৈ পাওঁ। জোনৰ পোহৰ প্ৰতিফলিত ৰশ্মিহে।

সৌৰজগতখন বিশ্বব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰ অংশহে। আমাৰ হাতীপটিত অতি কমেও দহ হেজাৰ কোটি নক্ষত্ৰ আছে। এই নক্ষত্ৰসমূহৰ ভিতৰত বহুসংখ্যক নক্ষত্ৰৰে সংশ্লিষ্ট গ্ৰহ, উপগ্ৰহও আছে। এই নক্ষত্ৰসমূহ আমাৰপৰা কিমান দূৰৈত আছে, সি কল্পনাৰো অগোচৰ। এই দূৰত্বসমূহৰ মান ইমানেই বেছি যে কিলোমিটাৰ বা মাইলৰ হিচাপত তাক প্ৰকাশ কৰাটো অসম্ভৱ। সেয়েহে এই দূৰত্বসমূহ পোহৰ-বছৰৰ(Light Year) হিচাপত প্ৰকাশ কৰা হয়। পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত ১,৮৬,০০০ মাইল। গতিকে এক পোহৰ বছৰ= ১,৮৬,০০০*৬০*৬০*২৪*৩০*১২। পোহৰ-বছৰ সময়ৰ একক নহয় দূৰত্বৰহে একক। এক পোহৰ বছৰৰ সমতুল্য দূৰত্ব প্ৰায় ৬ লাখ কোটি মাইল। সূৰ্য্যৰ সিফালে থকা নক্ষত্ৰটোৰ দূৰত্ব মাত্ৰ ৪ পোহৰ বছৰ। এতিয়ালৈকে আৱিষ্কৃত অসীম দূৰত্বত অৱস্থিত নক্ষত্ৰটো আমাৰপৰা ১২০০ কোটি পোহৰ-বছৰৰো অধিক আঁতৰত। পৃথিৱীৰপৰা নিৰীক্ষণ কৰিলে নক্ষত্ৰসমূহ একোএকোটা উজ্জ্বল বিন্দু হিচাপে পৰিলক্ষিত হয়। নক্ষত্ৰসমূহৰ সৰহভাগেই আমাৰ সূৰ্য্যৰ তুলনাত বহুগুণে উজ্জ্বল আৰু সিহঁতৰ আকাৰো বহুগুণে বেছি। উদাহৰণস্বৰূপে অ’ৰিয়ন তাৰকামণ্ডলত থকা বিটেল গ’ক্স নামৰ নক্ষত্ৰটো প্ৰায় ৩০০ পোহৰ বছৰ দূৰত্বত অৱস্থিত। ইয়াৰ আকাৰ অতি বৃহৎ। ৰাতিৰ আকাশত জিলিকি থকা ছিৰিয়াচ নামৰ নক্ষত্ৰটো আমাৰ সূৰ্য্যতকৈ প্ৰায় ২৬ গুণে অধিক শক্তিশালী। ই ৮.৬ পোহৰ বছৰ দূৰত্বত, অৰ্থাৎ প্ৰায় ৫০ লাখ কোটি মাইল আঁতৰত অৱস্থিত। ধ্ৰুৱ তৰাটি আমাৰপৰা প্ৰায় ৪০০ পোহৰ বছৰ আঁতৰত অৱস্থান কৰি আছে। তাৰমানে, এই মুহূৰ্তত আমাৰ দৃষ্টিগোচৰ হোৱা ধ্ৰুৱ তৰাটোৰপৰা বিকিৰিত হৈ অহা পোহৰ ১৬১৬ চনতহে নিগৰিত হৈছিল।

কুৰি শতিকাৰ পূৰ্বে কোনোৱেই থিৰাংকৈ ক’ব পৰা নাছিল, বিশ্বব্ৰহ্মাণ্ডখন প্ৰসাৰিত হৈ আছে নে সংকুচিত হৈ আছে। সৰ্বসাধাৰণে ধাৰণা কৰি লৈছিল যে সি অনন্ত কালৰপৰাই অপৰিৱৰ্তনীয় অৱস্থাত আছে। কিন্তু ১৯২৯ চনত এডউইন হাবল নামৰ আমেৰিকান বিজ্ঞানী এগৰাকীয়ে যুক্তি দৰ্শাই এনেদৰে মত পোষণ কৰে যে দূৰৈৰ নক্ষত্ৰপুঞ্জ(Galaxies)বোৰ আমাৰপৰা তীব্ৰ বেগেৰে আঁতৰি গৈ আছে। এই ঘটনাই ইয়াকে সূচায় যে বিশ্বব্ৰহ্মাণ্ডখন প্ৰসাৰিত হৈ আছে। বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰসাৰণ কুৰি শতিকাৰ এক যুগান্তকাৰী আৱিষ্কাৰ। নক্ষত্ৰপুঞ্জ হ’ল অত্যধিক ভৰবিশিষ্ট শত-সহস্ৰ নক্ষত্ৰ নীহাৰিকা(Nebula) আৰু নক্ষত্ৰৰাজিৰ মাজৰ স্থানত বিস্তৃত হৈ থকা পদাৰ্থখিনিৰ সমষ্টি। সৰু সৰু একোটা নক্ষত্ৰপুঞ্জত কমেও ১,০০,০০০ মান নক্ষত্ৰ থাকে। আনহাতে বৃহৎ নক্ষত্ৰপুঞ্জসমূহত প্ৰায় ৫০০ কোটি নক্ষত্ৰৰ সমাৱেশ ঘটে। হাবলে পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰি দেখুৱাই যে আমাৰ হাতীপটিয়েই একমাত্ৰ নক্ষত্ৰপুঞ্জ নহয়। হাতীপটিৰ উপৰি আৰু বহুতো নক্ষত্ৰপুঞ্জ আছে, যিবোৰ ইমান বেছি দূৰত্বত অৱস্থিত যে সেইবোৰ স্থিৰভাৱে থকা যেন লাগে। হাবলে সেইবোৰৰ দূৰত্ব জুখিবলৈ এক পৰোক্ষ পদ্ধতি ব্যৱহাৰ কৰে। এডউইন হাবলে বিভিন্ন নক্ষত্ৰপুঞ্জৰ আমাৰ দূৰত্ব গণনা কৰি উলিয়ায়। আধুনিক টেলিস্কোপৰ সহায়ত আমাৰ নক্ষত্ৰপুঞ্জৰ উপৰি শত-সহস্ৰ কোটি নক্ষত্ৰৰ উপস্থিতিত কথা ইতিমধ্যে জুখিব পৰা হৈছে। আমাৰ সূৰ্য্যটো হাতীপটিৰ সৰ্পিল বাহু(Spiral Arm) এটাৰ দাঁতিত থকা এটা সাধাৰণ মজলীয়া আকাৰৰ হালধীয়া নক্ষত্ৰহে মাথোঁন।

অলপতে অষ্ট্ৰেলিয়াৰ কমনৱেলথ ছাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ অৰ্গেনাইজেছন(CSIRO) নামৰ সন্থা এটাই ৰেডিঅ’ টেলিস্কোপৰ জৰিয়তে আমাৰ হাতীপটিৰ সিফালে থকা ৮৮৩ সংখ্যক নক্ষত্ৰপুঞ্জ আৱিষ্কাৰ কৰিছে। দূৰত্বৰ মান যিদৰে আমাৰ কল্পনাৰো অগোচৰ, সময়ৰ মান সমানেই কল্পনাতীত। নানান পৰীক্ষা-নিৰীক্ষাৰপৰা জানিব পৰা গৈছে যে পৃথিৱীৰ বয়স প্ৰায় ৪৬০ কোটি বছৰ। বিশ্ব ব্ৰহ্মাণ্ডৰ বয়স প্ৰায় ১৩৭০ কোটি বছৰ।

এতিয়া প্ৰশ্ন হ’ল, বিশ্ব ব্ৰহ্মাণ্ডখন অহৰহ প্ৰসাৰিত হৈয়ে থাকিব নেকি? নে ই প্ৰসাৰিত হ’বলৈ এৰি সংকুচিত হ’বলৈ ধৰিব। এই প্ৰশ্নৰ উত্তৰ পাবলৈ হ’লে বিশ্ব ব্ৰহ্মাণ্ডৰ বৰ্তমানৰ প্ৰসাৰণৰ হাৰ আৰু ইয়াৰ বৰ্তমান গড় ঘনত্বৰ কথা বিশেষ সংকটমানৰ(critical value) তুলনাত কম হয়, তাৰ মাধ্যাকৰ্ষণিক বল ইমানেই দুৰ্বল হৈ পৰিব যে সি প্ৰসাৰণ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাব। আনহাতে, যদিহে ঘনত্ব সংকটমানতকৈ বেছি হৈ যায়, তেন্তে মহাকৰ্ষণ বলে ইয়াৰ প্ৰসাৰণত বাধা দিব আৰু বিশ্ব ব্ৰহ্মাণ্ডখন ভাগি-ছিগি চূৰমাৰ হৈ যাব। এই ঘটনা ঘটিবলৈ কমেও এক কোটি বছৰ আছে। অৱশ্যে এই দৃশ্যৰ চাক্ষুষ দৰ্শন কৰিবলৈ মানৱ জাতিৰ অস্তিত্বই নাথাকিব, কিয়নো ইতিমধ্যে সূৰ্য্যই পৃথিৱীখন সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলাব।

উৎস:দৈনিক অসম(ড° অমৰেন্দ্ৰ নাথ তালুকদাৰ)

3.0625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top