মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / আবৃত্তি- এক সংক্ষিপ্ত পৰ্য্যালোচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আবৃত্তি- এক সংক্ষিপ্ত পৰ্য্যালোচনা

আবৃত্তি- এক সংক্ষিপ্ত পৰ্য্যালোচনা

আবৃত্তি হৈছে শস্ত্ৰোল্লেখিত চৌষষ্ঠি কলাৰ ভিতৰত এক অন্যতম্ কলা । হেমকোষৰ মতে আবৃত্তি শব্দৰ অৰ্থ হ’ল অভ্যাস, আলোচনা, মূখস্থ পাঠ, আওৰাই লৈ কোৱা (Repetation as of a passage for learning by heart, a reading a recitation)।এই আবৃত্তি হৈছে মুলতঃ, কোনো এটা গদ্য নাইবা কবিতাৰ ভাৱ প্ৰকাশ হোৱাকৈ, প্ৰত্যেকে শুনিব আৰু তাৰ ভাবক বুজিব পৰাকৈ, মানাভূতিক জোকাৰি যোৱাকৈ, কলাত্মক প্ৰয়োগেৰে মূখস্থ পাঠ কৰা।

আবৃত্তিৰ বিষয়লৈ যোৱাৰ আগতে কলাৰ বিষয়ে কিছু কথা জানি লোৱাটো অতি প্ৰয়োজন । ‘কলা’ হৈছে প্ৰধানতঃ মানুহৰ আত্মিক ধাৰণা, পৰিমাৰ্জিত আবেগ, সূক্ষ্ম ভাবানুভূতি আৰু মনোৰম ভাৱৰ পৰিশীলিত আৰু পৰিশোধিত বহিঃপ্ৰকাশ । ইয়াৰ বিস্তৃতি বিশাল, প্ৰকাশো ভিন্ন । ই মানৱাত্মাৰ অভিজ্ঞতাৰ বিভিন্ন সুঁতিৰ পৰা বহিৰ্গত হ’ব পাৰে । এই কলা বা আৰ্ট প্ৰকৃতাৰ্থত মানুহৰ জীৱনৰ প্ৰতিটো স্তৰতে বাহ্যিক আৰু আন্তৰিক, প্ৰতিটো কৰ্মতে প্ৰকাশ হ’বলগীয়া ধৰ্ম । মানুহৰ জীৱনৰ সুৰ-বৰ প্ৰতিটো কামতেই সূক্ষ্ম কলাসূলভ অনুভূতিৰ প্ৰকাশ ঘটিব পাৰে । ডমহেশ্বৰ নেওগদেৱে কলা প্ৰসংগত কৈছিল-“সকলো আৰ্টেই সত্য আৰু সৌন্দৰ্য্যৰ ভিতৰেদি মানৱতাক বিকাশ দিয়ে, জীৱনৰ বাস্তৱ পদাৰ্থবোৰক নানা ৰূপ দিয়ে । আৰ্ট, আমাৰ সৌন্দৰ্য্যবোধ আৰু আন ভাৱধাৰাৰ আদান-প্ৰদানৰ আলম । চৌষষ্ঠি কলাৰ ভিতৰত ভাস্কৰ্য্য, স্থাপত্য, চিত্ৰবিদ্যা, সংগীত আৰু কবিতা- এই পাঁচোটিৰে এটি শ্ৰেণী কৰি সিবোৰক ললিত কলা বা সুকুমাৰ কলা নাম দিয়া হৈছে । কঁহাৰ, কুমাৰ, বাঢ়ৈ, তাঁতী আদিৰ কাৰুকাৰ্য্য নিম্ন শিল্প । ললিত কলা আৰু নিম্ন কলাৰ পাৰ্থক্য ইমানেই যে, নিম্ন শ্ৰেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰ যোগান ধৰে, কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সঁফুৰাক আমাৰ কাষ চপাই দিয়েহি ।…..আৰ্টৰ সাৰ্থকতা,জীৱনৰ লগত তাৰ সম্বন্ধহে ।” মানুহৰ কল্যাণ সাধন কৰি মানৱ হৃদয়ত সৌন্দৰ্য্যবোধ জগাই তুলিব পৰাটোতেই কলাৰ সাৰ্থকতা নিৰ্ভৰ কৰে বুলি ঋষি টলষ্টয়েও কৈ গৈছে । কলাৰ ওপৰত লিখা তেওঁৰ ‘হোৱাট ইজ আৰ্ট’ এখন বিশ্ববিখ্যাত গ্ৰন্থ । এই কলা একেধাৰে মানুহৰ এক সুকোমল প্ৰবৃত্তি, তথা বিভিন্ন বিদ্যাত পাৰ্গতালি, ধ্যানৰ সমল আৰু অৰ্থকৰী বৃত্তি ।

প্ৰাচীন শাস্ত্ৰোল্লেখিত চৌষষ্ঠি কলাসমূহ হৈছে যথাক্ৰমে- ১)সংগীত, ২)বাদ্য, ৩)ৰীণা-ডম্বৰুবাদ্য, ৪)উদক, ৫)নৃত্য, ৬)নাট্য, ৭)চিত্ৰ, ৮)নেপথ্য প্ৰয়োগ, ৯)কৰ্ণপত্ৰভংগ, ১০)ভূষণ-যোজনা, ১১)মালা গ্ৰন্থ বিকল্প, ১২)শেখৰ কাপীড় যোজনা, ১৩)বিশেষক ছেদ্য, ১৪)গন্ধ যুক্তি, ১৫)দশন বসনাংগৰাগ, ১৬)বস্ত্ৰগোপন, ১৭)তণ্ডুপ-কুসুম বলি বিকাৰ, ১৮)পুষ্পাস্তৰণ, ১৯)শয়ন ৰচনা, ২০)মণি ভূমিকা কৰ্ম, ২১)পুষ্প শকটিকা, ২২)আস্বাদ্য, ২৩)পাণক ৰস ৰাগাসৰ যোজনা, ২৪)বাস্তু বিদ্যা, ২৫)সূচী-বয়ন কৰ্ম, ২৬)পট্টিকা-বেত্ৰ বাণ বিকল্প, ২৭)তৰ্কু-তক্ষ কৰ্ম, ২৮)তক্ষক কৰ্ম, ২৯)মন্ত্ৰ মাতৃকা, ৩০)ৰূপ্য ৰত্ন পৰীক্ষা, ৩১)ধাতু বিদ্যা, ৩২)মণিৰাগ, ৩৩)আঁকৰজ্ঞান, ৩৪)বৃক্ষায়ুৰ্ৱেদ যোগ, ৩৫)ইন্দ্ৰবাল বিদ্যা, ৩৬)সূত্ৰক্ৰীড়া, ৩৭)হস্ত লাঘৱ, ৩৮)ছলিতক যোগ, ৩৯)কৌচুমাৰ যোগ, ৪০)চিত্ৰযোগ, ৪১)নিমিত্তজ্ঞান, ৪২)শুক-সাৰিকা প্ৰলাপন, ৪৩)মেষ-কুক্কুট শাৱক যুদ্ধ বিধি, ৪৪)দ্যুতবিশেষ, ৪৫)আকৰ্ষ ক্ৰীড়া, ৪৬)প্ৰহেলিকা, ৪৭)প্ৰতিমালা, ৪৮)দুৰ্বাচক যোগ, ৪৯)কাব্য সমস্যা-পূৰণ, ৫০)সম্পাঠ্য, ৫১)মানসী, ৫২)বালক্ৰীড়নক, ৫৩)কাব্য ক্ৰিয়া, ৫৪)ক্ৰিয়াকৰ, ৫৫)ক্ৰিয়াবিকল্প, ৫৬)অভিধান কোষ, ৫৭)ধাৰণ-মাতৃকা, ৫৮)ছন্দজ্ঞান, ৫৯)পুস্তক বাচন, ৬০)অক্ষৰ মুষ্টিকা কথন, ৬১)উৎসাদন, ৬২)কেশমৰ্দন, ৬৩)বৈজয়িকী আৰু ৬৪)বৈনয়িকী । প্ৰাচীন কালৰে পৰা বিভিন্ন ধৰণে এই কলাসমূহ প্ৰয়োগ হৈ আহিছে আৰু এতিয়াও এই ধাৰা অব্যাহত ।

কবিতা বা কাব্য এবিধ উৎকৃষ্ট কলাকাৰ্য্য । কবিতা আবৃত্তি হৈছে এই কলাৰেই অন্যৰূপ, ই মানুহক অন্যান্য কলা সমূহৰ দৰেই আনন্দ আৰু তৃপ্তি যোগায় । সকলো কথা বা কামৰেই আবৃত্তি কৰিব পাৰি যদিও  কবিতা বা নাটকীয় উক্তিৰ আবৃত্তিহে কলাত্মক দিশত বিশেষভাৱে প্ৰচলিত আৰু প্ৰয়োজনীয় । “গদ্যতো কাব্যিকতা থাকিব পাৰে, যি অংশই তাৰ তড়িৎ স্পৰ্শৰ দ্বাৰাই মানাভূতিক জোকাৰি যায় ।” অবশ্যে কবিতাৰ শব্দ বুলিও কোনো আছুতীয়া শব্দ নাই- প্ৰয়োগৰ তাৰতম্যৰ ফলতে সকলোৱে জনা শব্দও নতুন ৰূপত জীৱন্ত হৈ উঠে কবিতাত আৰু ই প্ৰকাশ পায় প্ৰকৃত আবৃত্তিৰ জৰিয়তে । আবৃত্তিৰ ক্ষেত্ৰত গদ্য বা কবিতাৰ ভাব, শব্দাৰ্থবোধ, যতি-বিৰতিৰ জ্ঞান, শব্দ-প্ৰক্ষেপন আদিৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হোৱাৰ প্ৰয়োজন ।

উদাত্ত, অনুদাত্ত আৰু স্বৰিত এই তিনিটা প্ৰধান সুৰক কেন্দ্ৰ কৰি তাহানিৰ লোক-সাহিত্যৰ অন্তৰ্গত মন্ত্ৰবোৰ নাইবা ঋক্, সাম আদি বেদৰ শ্লোকসমূহ আবৃত্তি কৰা হৈছিল, যিবোৰ আজিও হয় । পিছৰ যুগত গ্ৰীচীয় নাটক আৰু গীতি-কবিতাৰ উদ্ভৱৰ সময়তো মহাকাব্য পাঠৰ ৰীতি ত্যাগ কৰা নাছিল । কিন্তু এই পাঠক আবৃ্ত্তি বুলিব নোৱাৰি । কাৰণ কবিতা বা কাব্য আবৃত্তিৰ ক্ষেত্ৰত আৰু কিছুমান কথালৈ বিশেষ ভাৱে মন দিয়া হয় । কবি নৱকান্ত বৰুৱাদেৱে কৈছে- “প্ৰতিটো কবিতাত এটা বা তাতোধিক মানসিক অৱস্থাৰ সংকেত থাকে । তাৰ উপৰিও থাকে এটা Jonal quality এইবোৰ উপেক্ষা কৰি কেৱল নাটকীয়ভাৱে সফল যেন লাগিলেও তেনে আবৃত্তি প্ৰকৃত আবৃত্তি নহয় ।…….আধুনিক কবিতাৰ ক্ষেত্ৰত যান্ত্ৰিকভাৱে বা অতি নাটকীয়ভাৱে আবৃত্তি কৰিলে নচলে ।……সম্পূৰ্ণ কবিতাতো এবাৰতে অৰ্থব্যঞ্জকভাৱে পাঠ বা আবৃত্তি কৰিলেহে কবিতাটোৰ সঠিক ৰসাস্বাদন সম্ভৱ হয় ।” সেইবাবেই আবৃ্ত্তিকাৰৰ দায়িত্ব বহুত । তেওঁ পোনতে নিজে কবিতাটোৰ ৰসাস্বাদন পূৰা মাত্ৰাই কৰিব নোৱাৰিলে কবিতাৰ ৰসৰ ভাগ শ্ৰোতা-দৰ্শকক দিয়াটো ব্যৰ্থ হ’ব । আবৃত্তিকাৰৰ দায়িত্ব হ’ল কবিৰ কবিতা নিজৰ কণ্ঠস্বৰৰ মাধ্যমেৰে মানুহৰ কাণৰ মাজেৰে হৃদয়লৈ লৈ যোৱা ।

আজিকালি স্কুল-কলেজ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰদ্বাৰা কবিতা আবৃত্তিৰ প্ৰতিযোগিতা পতা হয় । কবিতা আবৃত্তিৰ ক্ষেত্ৰত, বিশেষকৈ প্ৰতিযোগিতা আদিৰ ক্ষেত্ৰত কবিতা আবৃত্তিত অৱতীৰ্ণ হোৱাৰ আগে আগে সংশ্লিষ্ট অনুষ্ঠানটোৰ ধৰা-বন্ধা নীতি-নিয়মবোৰ পালন কৰাৰ লগতে আবৃত্তিকাৰে ব্যক্তিগত হিচাপে পালন কৰিব লগীয়া কিছুমান নিয়ম থাকে । এই নিয়মবোৰৰ ভিতৰত প্ৰথম কথাটোৱেই হ’ল, আবৃত্তিকাৰে নিজকে আবৃত্তিৰ বাবে প্ৰস্তুত কৰি লোৱা । যিকোনো এটা বিষয়ত আমি সাৰ্থকতা পাবলৈ হ’লে আমি পোনপ্ৰথমে বিষয়টো আন্তৰিকতাৰে ভাল পোৱা উচিত আৰু সাধনাৰ অবিহনে কোনো এটা কলাই উৎকৃষ্ট কলা হ’ৱ নোৱাৰে । কবিতা আবৃত্তি প্ৰস্তুতিৰ প্ৰধান নিয়ম সমূহ এনে ধৰণৰ…..

(১) প্ৰথমতে, আবৃত্তিকাৰীয়ে যিটো কবিতা আবৃত্তি কৰিব, সেই কবিতাটো সঠিকভাৱে নিৰ্বাচন কৰাটো এটা গুৰুত্বপূৰ্ণ কথা । কাৰণ, ইয়াৰ ওপৰত তেওঁৰ আবৃত্তি কুশলতাৰ কথা নিৰ্ভৰ কৰে । তেওঁৰ প্ৰিয়, অন্তৰানুভূতিৰ লগত মিলা আৰু আয়ত্তৰ ভিতৰত থকা কবিতাকহে তেওঁৰ আবৃত্তিৰ ক্ষেত্ৰলৈ অনা ভাল । অৱশ্যে অনুশীলন কৰিলে অচিনাকি বা আচহুৱা কবিতাও আয়ত্তাধীন নোহোৱাকৈ নাথাকে ।

(২) দ্বিতীয়তে, কবিতাটো নিৰ্বাচন কৰোঁতে সেইটো পুৰুষকণ্ঠত আবৃত্তি কৰিলে শুৱায় নে নাৰী কণ্ঠত আবৃত্তি কৰিলে শুৱায়, তাকো বিবেচনা কৰি লোৱা উচিত ।

(৩) তৃতীয়তে, আবৃত্তিকাৰীৰ বয়স অনুযায়ী খাপ খোৱাকৈ কবিতাটো নিৰ্বাচন কৰা প্ৰয়োজন । কিয়নো, কবিতাটিৰ ভাব, ৰস, কথা আদি উপলব্ধি কৰিব পৰা আৰু হৃদয়েৰে তাক গ্ৰহণ কৰিব পৰা আবৃত্তিকাৰেহে কবিতাটো প্ৰাণ ঢালি আবৃত্তি কৰিবলৈ সক্ষম হয় ।

(৪) চতুৰ্থতে, আবৃত্তিকাৰৰ আন এটা প্ৰধান কথা হ’ল আবৃত্তি কৰিবলৈ লোৱা কবিতাটো প্ৰথমেই নিৰ্ভূলভাৱে উচ্চাৰণ কৰি পাঠ কৰিবলৈ সক্ষম হোৱা । পাঠ ক্ৰুটীমুক্ত ন’হলে আবৃত্তি ক্ৰুটীমুক্ত হ’ব নোৱাৰে । পঠনৰ ক্ষেত্ৰত মন কৰিবলগীয়া তিনিটা কথা হ’ল- (ক) উচ্চাৰণৰ স্পষ্টতা আৰু শুদ্ধতা, (খ) স্বাসাঘাতৰ ওপৰত গুৰুত্ব আৰু (গ) যতি-চিহ্নৰ ওপৰত গুৰুত্ব। শব্দৰ ভিন্নধৰ্মী উচ্চাৰণে তাৰ অৰ্থৰ মাহাত্ম্য পৃথক কৰে। তাৰ বাবে আপোন মনোযোগ আৰু জিভাৰ পাক-ঘূৰণিৰ ওপৰত বিশেষ সতৰ্কতা অবলম্বন কৰিব লগা হয়। অভিধান অধ্যয়ন আৰু বিভিন্ন ভাষাৰ ভিন ভিন বিষয়ক পুথি অধ্যয়নে জিভাৰ আড়স্ততা দূৰ কৰি উচ্চাৰণৰ স্পষ্টতা আৰু শুদ্ধতা আনিব পাৰে। লগতে, শব্দত শ্বাসাঘাত কেতিয়া, ক’ত দিব লাগে তাক জনাটো অতিব প্ৰয়োজন, ন’হলে বাক্যৰ অৰ্থ ভিন্ন হয়। সেয়েহে আবৃত্তিকাৰে আবৃত্তি কৰোঁতে শব্দ অথবা বাক্যৰ উপযুক্ত ঠাইত শ্বাসাঘাত পেলোৱা আৰু বাক্য গাঠঁনিৰ ওপৰত মনোযোগ দিয়া প্ৰয়োজন।

(৫) পঞ্চমতে, ছন্দযুক্ত কবিতাই হওক বা ছন্দমুক্ত কবিতাই হওক,আবৃত্তিকাৰে কবিতাৰ ভাব উদঘাটন কৰিবলৈ সমৰ্থ হৈ তাক আবৃত্তিৰ জৰিয়তে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰাটো আন এক অপৰিহাৰ্য কৰ্তব্য। সাধাৰণতে ছন্দযুক্ত কবিতা শিশুসকলৰ আবৃত্তিৰ বাবে অধিক উপযোগী। সেই বুলি এইটোও ক’ব নোৱাৰি যে কোনো শিশুৱেই ছন্দমুক্ত কবিতাৰ সফল আবৃত্তি কৰিব নোৱাৰিব। ছন্দযুক্ত কবিতাৰ আবৃত্তিত অৰ্থবোধ নহ’লেও আনন্দবোধ আছে। কিন্তু ছন্দমুক্ত কবিতাৰ আবৃত্তিৰ বেলিকা ভাব-প্ৰকাশৰ ক্ষেত্ৰত স্বৰৰ উঠা-নমা আৰু সাংগীতিক লয় নিৰ্ণয় কৰি,তাক সঠিক ভাৱে প্ৰক্ষেপন কৰা বাঞ্ছনীয়।

(৬) আবৃত্তি কৰোঁতে লয়ৰ উঠা-নমাৰ ওপৰত চকু ৰখাটো আবৃত্তি শিল্পীৰ ষষ্ঠটো প্ৰয়োজনীয় কাম। কোন শব্দ টানি উচ্চাৰণ কৰিব লাগিব, কোন শব্দ নালাগে, কোন শব্দত কম্পন সৃষ্টি কৰিব লাগিব, ক’ত নালাগিব, কোনখিনিত শব্দকোষৰ সমতা ৰক্ষা কৰিব লাগিব, কোনটো স্বৰ উচ্চ আৰু কোনটো স্বৰ অনুচ্ছ হ’ব, তাৰ প্ৰতিও অধিক সচেতন হোৱা প্ৰয়োজন।

(৭) সপ্তমতে, আবৃত্তি কৰোঁতে আন এটা মন কৰিবলগীয়া কথা হ’ল- আবৃত্তিকাৰীয়ে কবিতাৰ লক্ষ্য বা সুৰ ৰক্ষিত কৰিব পাৰিছেনে নাই। কিয়নো, কবিতাৰ ছন্দৰ নিয়মিত লয়ে কাণৰ মাজেদি গৈ শ্ৰোতাৰ মনটো অভিভূত কৰি এক প্ৰকাৰ জাগ্ৰত অথচ তুৰীয় অৱস্থালৈ লৈ যায় আৰু সেই মানসিক স্তৰতেই কবি আৰু পাঠকৰ মনৰ সংযোগ গভীৰতৰ হয়। ই যেন এক প্ৰকাৰ সন্মোহিনী শক্তি, যি শক্তিৰ প্ৰভাৱেৰে কবিয়ে পাঠকৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে।……….কবিতাৰ লয়ে অৰ্থ, ভাব আৰু বাচ্যক বৰ্জন কৰিব নোৱাৰে।

(৮) আবৃত্তিৰ ক্ষেত্ৰত আবৃত্তি কৰিব লগীয়া কবিতাটো মুখস্থ থকাটো ভাল। কাগজ বা কিতাপত চাই চাই আবৃত্তি কৰিলে কবিতাটোৰ লগত একাত্মতা আন্তৰিকতাৰে স্থাপন হোৱা বুলি ক’ব নোৱাৰি। তাৰোপৰি ই দৃষ্টিকটুও। আন এটা কথা হ’ল, আবৃত্ত কবিতাটোৰ দ্বাৰা দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ তেওঁলোকেৰে পোনপটীয়া চাক্ষুস যোগাযোগ সাধন কৰি আবৃত্তিৰ দ্বাৰা উৎসাহিত অনুভৱ-অনুভূতিৰে দ্ৰবিত কৰি হৃদয় জয় কৰি হ্লাদিত কৰিবলৈ হ’লে কবিতাটো মুখস্থ হোৱাটো নিতান্তই প্ৰয়োজন।

(৯) নৱমতে, মন কৰিবলগীয়া যে, আবৃত্তি কৰোঁতে শৰীৰৰ বিভিন্ন অংগৰ ভঙ্গি প্ৰদৰ্শন অপৰিহাৰ্য্য নহয়। মুখ-মণ্ডলৰ বাহিৰে আন অঙ্গৰ সঞ্চালন পাৰ্য্যমানে নকৰাই ভাল। কাৰণ, আবৃত্তি বাচিক কলাহে। ৰস সৃষ্টিৰ অনুকূলে চকু, মুখ, দাঁত, ভ্ৰূ, ওঁঠ আদিৰ সুদৃশ্য সংকোচন-প্ৰসাৰণ দোষযুক্ত নহয়।

(১০) দশমতে, আবৃত্তিকাৰীৰ মূল আৰু প্ৰাথমিক গুৰুত্বপূৰ্ণ মূলধনটো হ’ল আবৃত্তিকাৰীৰ কণ্ঠ। স্পষ্ট, আঁহ নলগা, গলগলীয়া কণ্ঠৰ অধিকাৰী গৰাকীৰ যি আবৃত্তি, সিয়ে সকলোকে মুগ্ধ কৰিবলৈ বাধ্য, যদিহে তেওঁ ওপৰত উল্লেখিত কথাবোৰত গুৰুত্ব প্ৰদান কৰি আবৃত্তি-কৰ্মলৈ আগবাঢ়ে। কস্তিৱালা, খেলুৱৈ, ধ্ৰুপদী সংগীতৰ সাধক সকলে যেনেকৈ শৰীৰ-চৰ্চ্চা আৰু কণ্ঠ-চৰ্চ্চা অব্যাহত ৰাখে, আবৃত্তিকাৰীয়েও তেনেকৈ আবৃত্তিৰ মূল সম্পদ তেওঁৰ কণ্ঠস্বৰৰ চৰ্চ্চা নকৰিলে আবৃত্তিত ভাল ফল দেখুওৱা টান। কণ্ঠস্বৰ ভালে ৰাখিবলৈ প্ৰয়োজন হ’লে ভেষজ দ্ৰব্যগুণৰ লগতে কণ্ঠস্বৰৰ কিছু নিৰ্দিষ্ট ব্যামৰ সহায় ল’বও পাৰে।

সদৌ শেষত, আবৃত্তিকাৰীয়ে মঞ্চত আবৃত্তিৰ উপস্থাপন আৰু মঞ্চ ত্যাগৰ সময়ত নম্ৰতা প্ৰদৰ্শনেৰে শ্ৰোতা-দৰ্শকৰ লগতে বিচাৰকৰো মন জয় কৰিবলৈ সমৰ্থ হ’ৱ পাৰে।

সকলো কলা, অধ্যয়ন, চিন্তন, মননৰ যেনে উপকাৰিতা আছে, সেইদৰে আবৃত্তি অনুশীলনৰো যথেষ্ট প্ৰয়োজন আৰু উপকাৰিতা আছে। আবৃত্তিৰ অনুশীলনে মানুহৰ কণ্ঠস্বৰৰ উন্নতি সাধন কৰে। ই জিভাৰ জড়তা দূৰ কৰি শব্দোচ্চাৰণ স্পষ্ট কৰি তোলে। লগতে আবৃত্তি অনুশীলনে ছাত্ৰ-ছাত্ৰীৰ স্মৃতি শক্তিও বৃদ্ধি কৰাত সহায় কৰে। ই কলাৰ তথা মানুহৰ ভাবাবেগৰ লগত নিজকে একীভূত কৰি সহমৰ্মিতা আৰু সহানুভূতিৰে মানৱ-চিত্তক বুজাত সহায় কৰে। ই যিহেতু এক পবিত্ৰ কলা, ইয়ে মনক পৰিশুদ্ধ কৰি আপোন আহ্লাদ লাভ কৰাৰ লগে লগে, তাৰ ভাৱ প্ৰক্ষেপনেৰে আনকো হ্লাদিত কৰি তোলে। প্ৰতিবিধ কলাৰ দৰে আবৃত্তি কলাইও শ্ৰোতাক মোহিত কৰি তাৰ বাণীৰে মানুহক হৃদিস্থিত পুৰুষানুভূতিক জাগ্ৰত কৰি সামাজিক মানাভূতি সৃষ্টিত অৰিহণা যোগায়। মুলতঃ ই ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজ হিতকৰ এবিধ অন্যতম কলা হিচাপে পৰিগণিত হয়। সম্প্ৰতি আমাৰ দেশত ঠায়ে ঠায়ে আবৃত্তি প্ৰশিক্ষণৰ বাবেও বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি উঠিছে। ব্যক্তিগত হিচাপেও বহু বিজ্ঞলোকে নিজৰ বা আন পৰিয়ালৰ ল’ৰা-ছোৱালীক আবৃত্তিৰ জ্ঞান প্ৰদান কৰা পৰিলক্ষিত হৈছে। আবৃত্তি শুদ্ধ অধ্যয়নৰ এক অপৰিহাৰ্য অংগ বুলি ধৰি ল’লে আমাৰ মহৎ উপকাৰ হ’ব। মাতৃভাষাৰ উপৰিও আন ভাষাৰ ক্ষেত্ৰতো এই কথা সমানে প্ৰযোজ্য ।।

( বিঃ সংশ্লিষ্টঃ- এই আবৃত্তি মোৰো অতিকৈ প্ৰিয়। ঘৰুৱা পৰিবেশৰ বাবেই হওঁক অথবা নিজা কিছু প্ৰচেষ্টাৰ বাবেই হওঁক, দ্বিতীয় শ্ৰেণীৰ পৰাই আজি পৰ্য্যন্ত বিভিন্ন ঠাইৰ বিভিন্ন মঞ্চত আবৃত্তি কৰি অহা এই সময়চোৱাৰ ক্ষুদ্ৰ জ্ঞানৰ এক আলোকপাত, গ্ৰন্থপঞ্জীৰ কিছু সহায়েৰে )

সুনয়ন শইকীয়া

2.98181818182
জ্যোতিৰেখা মুদৈ,লখিমপুৰ Mar 07, 2019 01:55 PM

আপোনাৰ লিখনিটো পঢ়ি বহুত উপকৃত হ'লো৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top