মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / আবৃত্তি শিল্প আৰু ইয়াৰ প্ৰয়োগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আবৃত্তি শিল্প আৰু ইয়াৰ প্ৰয়োগ

আবৃত্তি শিল্প আৰু ইয়াৰ প্ৰয়োগ

আবৃত্তি শিল্প আধুনিক কালৰ সৃষ্টি যেন লাগিলেও প্ৰাচীন কালতো এইবিধ কলাৰ চৰ্চাৰ উদাহৰণ পোৱা যায়। প্ৰাচীন কালত প্ৰায়বোৰ কাব্য মুখে মুখেই ৰচিত আৰু সংৰক্ষিত হৈছিল। গুৰু গৃহত থাকি শিষ্য সকলে শাস্ত্ৰাদি অধ্যয়ন কৰিছিল আৰু সেইদৰে সংৰক্ষিতও হৈছিল। ভৰত মুণিৰ নাট্য শাস্ত্ৰতো আবৃত্তি কলাৰ বিষয়, নীতি, ছন্দ, অলংকাৰ, ভাৱৰস আদিৰ বিষয়ে আলোচনা কৰা হৈছে। ৰজা-মহাৰজা সকলেও আবৃত্তিক উচ্চ আসন দিয়াৰ লগতে আবৃত্তিকাৰ সকলকো সন্মান দিছিল।

অসমত সত্তৰৰ দশকৰ পৰা বিশেষভাৱে প্ৰচাৰ হোৱা আবৃত্তি কলাই প্ৰয়োজনীয় প্ৰসাৰ হয়তো এতিয়াও লাভ কৰিব পৰা হোৱা নাই। অন্য  দেশত বিশেষকৈ বঙ্গদেশত আবৃত্তিয়ে সমাজ সংস্কাৰ আৰু সামাজিক পৰিৱৰ্ত্তনৰ সহায়ক ৰূপে স্বীকৃত হোৱাৰ উপৰিও সাধাৰণ মানুহৰ হৃদয়তো কাব্যপ্ৰীতিৰ ভাৱ জগাবলৈ সক্ষম হৈছে। মাইকেল মধুসূদন দত্ত, ৰবীন্দ্ৰনাথ ঠাকুৰ, কাজী নজৰুল ইছলাম আদিয়ে আবৃত্তিক জনমানসত প্ৰতিষ্ঠা কৰি গৈছে। পিছৰ ফালে নজৰুল ইছলামৰ পুত্ৰ ‘সব্যসাচী’য়ে আবৃত্তিক প্ৰয়োগ শিল্প ৰূপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা লয়। গণনাট্য সংঘ (Indian People’s Theatre Association  চমুকৈ IPTA)ৰ অৱদানেও অসম বঙ্গ তথা ভাৰতৰ অন্য প্ৰান্ততো আবৃত্তিক জনমানসত প্ৰতিষ্ঠা কৰিলে।

অসমত চৌখিন আবৃত্তিকাৰ বহু আছিল আৰু আছে। এই ক্ষেত্ৰত উদগনি যোগোৱা ব্যক্তি হিচাপে প্ৰথমেই নাম ল’ব লাগিব বহুমুখী প্ৰতিভাৰ আকৰ দুজনা অসম সন্তান ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ। অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ সুধাকণ্ঠৰ অধিকাৰী আমাৰ সকলোৰে মৰমৰ ডঃ ভূপেন হাজৰিকাও এজন সুদক্ষ আবৃত্তিকাৰ। সত্তৰৰ দশকত আত্ম প্ৰকাশ কৰি আবৃত্তিৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা ডঃ ভূপেন হাজৰিকা, কুলদা ভট্টাচাৰ্য, ঈশান বৰুৱা, অৰুণ শৰ্মা আদি স্বনামধন্য ব্যক্তি সকলক অসমত কবিতা আবৃত্তিৰ বাহক বুলি ক’ব পাৰি।  ডঃ অমৰজ্যোতি চৌধুৰী, প্ৰাঞ্জল শইকীয়া, তপন দাস, মলয়া গোস্বামী, ডাঃ সান্তনা বৰদলৈ আদিও একো একোগৰাকী সুদক্ষ আবৃত্তিকাৰ। ইয়াৰ উপৰিও আৰু বহু সুদক্ষ আবৃত্তিকাৰ অসমত আছে। সেই সকলৰ নাম এই সময়ত আমাৰ মনলৈ নহাত আমি দুঃখিত।

মনৰ তীব্ৰ অনুভূতিৰ স্বতঃস্ফূৰ্ত আৰু উন্মুক্ত প্ৰকাশেই হ’ল কবিতা। এই কবিতাৰ সুন্দৰ আবৃত্তিয়ে মানুহৰ মনত আনন্দ দিয়ে। সঙ্গীতৰ দৰেই কবিতাৰ সুন্দৰ আবৃত্তিয়েও জীৱনৰ খলা-বমাত সঞ্জীৱনী সুধাৰ দৰে কাম কৰিব পাৰে। কবিতাৰ বিষয়বস্তু ভালদৰে হৃদয়ঙ্গম কৰিলৈ স্পষ্ট, বিশুদ্ধ উচ্চাৰণ, লয়, ছন্দ, যতি আদিৰ প্ৰতি লক্ষ ৰাখি স্বৰৰ প্ৰয়োজনীয় উঠা-নমাৰ প্ৰতি সজাগ হৈ, সুন্দৰ কণ্ঠস্বৰ আৰু লগতে সংযত আবেগ, আত্মিক প্ৰকাশভঙ্গীৰে পৰিবেশন কৰি যেতিয়া শ্ৰোতাৰ হৃদয়ত বিষয়বস্তুত নিহিত হৈ থকা ভাৱ আৰু ৰসৰ সঞ্চাৰ কৰিব পাৰি তাকেই কোৱা হয় প্ৰকৃতাৰ্থত আবৃত্তি। শুদ্ধ উচ্চাৰণেৰে কৰা আবৃত্তিয়ে যেতিয়া শ্ৰোতাৰ মনত দোলনি দিবলৈ সক্ষম হয়, তেতিয়াই নিবিড়ভাৱে সংযুক্ত হৈ পৰে কবি আবৃত্তিকাৰ আৰু শ্ৰোতা। এই ক্ষেত্ৰত জনপ্ৰিয় কবি হীৰুদাই কোৱা এষাৰ কথা এইখিনিতে উল্লেখ কৰিব পাৰি- “কবিতা কবিৰ শ্ৰাব্য কল্পনা। শব্দৰ শিল্প কবিতাৰ ছপা আখৰতেই আবদ্ধ নহয়। ই যে কণ্ঠৰো শিল্প”।

আবৃত্তিকাৰে যি ভাষাত আবৃত্তি কৰে সেই ভাষাৰ ব্যাকৰণৰ পৰিভাষা যেনে– বৰ্ণ, ধ্বনি, ছন্দ, যতি, বিৰাম, পংক্তি, মাত্ৰা, লয় আদিৰ শুদ্ধ আৰু স্পষ্ট জ্ঞান আয়ত্ব কৰি লোৱাতো অতি প্ৰয়োজন। শব্দৰ স্পষ্ট আৰু শুদ্ধ উচ্চাৰণৰ লগতে শ্বাস-প্ৰশ্বাস আদিৰ প্ৰতি সজাগ হ’ব লাগে। পূৰ্ণযতি, অনুযতি, চলন, গতি আদিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।

আবৃত্তিকাৰে ভাৱ আৰু ভাষাক সৌহাদ্যপূৰ্ণ কৰি স্বৰৰ উত্থান পতনৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তাৰ বাবে লাগিব স্বৰৰ সাধাৰণ জ্ঞান আৰু সাধনা। সঙ্গীতৰ দৰে আবৃত্তিতো উপযুক্ত স্থানত গমক, মীড় আদিৰ ব্যৱহাৰে শ্ৰুতিমধুৰ কৰি তোলে। সফল আবৃত্তিকাৰ হ’বলৈ হ’লে সঙ্গীতৰ সাধাৰণ জ্ঞানখিনি আহৰণ কৰি লৈ হাৰমণিয়ামৰ লগত কণ্ঠ সাধনা কৰা উচিত। এনে কৰিলে কণ্ঠৰ জড়তা আৰু কৰ্কশতা দূৰ হ’ব। আবৃত্তিকাৰে কবিতাৰ বিষয়বস্তুত থকা অনুভূতিৰ ধৰণ আৰু বৈচিত্ৰ অনুযায়ী কণ্ঠস্বৰেৰে বিভিন্নতা প্ৰকাশ কৰিব পাৰিব লাগিব। সেয়েহে স্বৰৰ উঠা-নমা,স্থায়ীত্বৰ কম-বেছি আদিৰ জ্ঞান অতি প্ৰয়োজন।

আবৃত্তিকাৰে শৰীৰৰ অন্য কোনো অংগ সঞ্চালন নকৰাকৈ কেৱল কণ্ঠস্বৰ আৰু মুখমণ্ডলৰ পৰাই কবিতাৰ ভাৱ, অভিব্যক্তি আদি প্ৰকাশ কৰি পাৰিব লাগে। হতাশা, বিষাদ, বিমৰ্ষতা, আনন্দ, উল্লাস, বিষ্ময়, গৰ্ব, উদ্বেগ, ক্লান্তি, মৰম, ভালপোৱা, লজ্জা আদি বিভিন্ন ভাৱৰ অভিব্যক্তি কণ্ঠ আৰু মুখ,চকু আদিৰে ফুটাই তুলিব পাৰিব লাগে। সেয়েহে এজন সুদক্ষ আবৃত্তিকাৰ হ’বলৈ হ’লে পৰিশীলিত কণ্ঠৰ গৰাকী হ’বই লাগিব। নিয়মিতভাৱে স্বৰ বা কন্ঠ সাধনা কৰাৰ লগতে কৰিব লাগিব মুখমণ্ডলৰ ব্যায়াম। ওঁঠ, জিভা, গাল আদিৰ বিভিন্ন ব্যায়াম আৰু বেছি সময়লৈ নিশ্বাস ধৰি ৰাখিব পৰা ব্যায়াম, প্ৰাণায়াম আদি কৰিব লাগে। এনে কৰিলে ওঁঠ,জিভা আদিৰ জড়তা দূৰ হ’ব। ইয়াৰ উপৰিও উচ্চাৰণত উজুতি নাখাবৰ বাবে তলত দিয়া ধৰণৰ বাক্য প্ৰথমে লাহে লাহে পিছত খৰকৈ মাতিবলৈ অভ্যাস কৰিব লাগে।

ক)  লাও পুলি লৰাই ৰুলোঁ ৰুলোঁ লৰাই লফা ।

খ)  তপতালে তপতাবি নতপতালে নতপতাবি ।

গ)  ৰ’দত লাওপুলি লেৰেলেনে নেলেৰেলে ।

ঘ)   Red bulb blue bulb

আবৃত্তিকাৰে প্ৰতিটো শব্দ শ্ৰুতিমধুৰভাৱে উচ্চাৰণ কৰাৰ লগতে শব্দৰ ভাৱ আৰু অৰ্থ প্ৰকাশৰ প্ৰতি লক্ষ্য ৰখা উচিত। ছেদ চিহ্ন, যতি চিহ্ন, শব্দৰ আসক্তি আদিলৈও ধ্যান দিব লাগে। উচ্চাৰণৰ দিশত মন দিবলগীয়া আন এটা কথা হ’ল-আবৃত্তিকাৰে ভাষাৰ লিখিত ৰূপৰ প্ৰতি ধ্যান দিয়া। সকলো ভাষাৰে দুটা ৰূপ থাকে। এটা কথিত আৰু আনতো হ’ল লিখিত বা মান্য ভাষা। সেয়েহে আবৃত্তিকাৰে ভাষাৰ লিখিত ৰূপৰ প্ৰতি সচেতন হোৱা উচিত।

কবিতাত থকা শব্দৰ আকাঙ্খা,আসক্তি আৰু যোগ্যতাৰ বিষয়ে আবৃত্তিকাৰৰ ধাৰণা থাকিব লাগিব। শব্দই যোগ্যতা হেৰুৱাই যাতে বিকৃত অৰ্থ প্ৰকাশ নকৰে তাৰ প্ৰতি সজাগ হোৱা উচিত। বিভিন্ন বৰ্ণ আৰু স্বৰধ্বনিৰ উচ্চাৰণৰ পাৰ্থক্যসমূহৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিব লাগে। কিয়নো বৰ্ণ আৰু ধ্বনিৰ উচ্চাৰণেহে ভাষা আৰু ভাৱৰ পূৰ্ণ অভিব্যক্তি প্ৰকাশ কৰিব পাৰে। ছন্দ অবিহনেও আবৃত্তি শ্ৰুতিমধুৰ হ’ব নোৱাৰে। সেয়ে আবৃত্তিকাৰৰ ছন্দ আৰু তাৰ প্ৰয়োগ সম্পৰ্কে জ্ঞান থকাতো দৰকাৰ, কিয়নো ছন্দৰ জ্ঞানেহে কবিতা এটাৰ সুৰ আৰু গতি নিৰ্ণয় কৰিব। তাৰ বাবে আবৃত্তিৰ শিক্ষা আৰু চৰ্চাৰ প্ৰয়োজন।

আবৃত্তিৰ ক্ষেত্ৰত আৰু এটা মন কৰিব লগীয়া কথা হ’ল যে নাটকৰ সংলাপ কোৱা আৰু আবৃত্তিৰ অতি ওচৰ সমন্ধ হ’লেও আবৃত্তিকাৰে সদায় নাটকৰ সংলাপ আৰু কবিতাৰ আবৃত্তিৰ মাজত এটা পাৰ্থক্য বজাই ৰাখিব লাগে। কিয়নো অধিক নাটকীয়তাৰ প্ৰভাৱত কবিতাৰ স্বকীয় ছন্দ, ব্যঞ্জনা আদি হেৰোৱাৰ ভয় থাকে।

আবৃত্তিত বৈচিত্ৰ আনিবৰ বাবে স্বচ্ছতা,বিশুদ্ধতা আৰু সমন্বয় ৰক্ষা কৰি সঙ্গীতৰো ব্যৱহাৰ কৰিব পাৰি। তাৰ বাবে সঙ্গীত শিল্পী আৰু আবৃত্তি শিল্পী দুয়োৰে আবৃত্তিৰ জ্ঞান থাকিব লাগিব। ছন্দোবদ্ধ কবিতাত তবলা আদিও ব্যৱহাৰ কৰিব পাৰি। সঙ্গীতৰ সফল সহযোগে আবৃত্তিক অধিক সৌন্দৰ্যমণ্ডিত কৰি তুলিব পাৰে।

কবিতা চাই আবৃত্তি কৰাতকৈ মুখস্থ কৰি আবৃত্তি কৰাটোহে বেছি গ্ৰহণযোগ্য। কিয়নো চাই আবৃত্তি কৰিলে কবিতাৰ বিষয়বস্তুৰ স্বতঃস্ফূৰ্ত অভিব্যক্তি প্ৰকাশ কৰাত অসুবিধা হয়। আনহাতে মুখস্থ হ’বলৈ বাৰে বাৰে পঢ়াৰ ফলত কবিতাৰ বিষয়বস্তুৰ গভীৰতালৈ যাব পাৰি আৰু মুক্ত মনেৰে আবৃত্তি কৰিব পাৰি। সেইবাবে আবৃত্তিৰ বাবে বাছি লোৱা কবিতাটো বাৰে বাৰে পঢ়ি স্মৃতিত ধাৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। আবৃত্তিৰ ক্ষেত্ৰত মনত ৰাখীবলগীয়া আৰু কিছুমান সৰু সৰু কথা হ’ল– আবৃত্তিৰ বাবে স্থান,কাল পাত্ৰ চাই কবিতা নিৰ্বাচন কৰিব লাগে। পোছাক, ৰুচিবোধ, আচৰণ আদিৰ প্ৰতি ধ্যান দিব লাগে। দৃষ্টিকটু পোছাক বা আচৰণ বিধিয়ে যাতে শ্ৰোতাক বিচলিত কৰিব নোৱাৰে তাৰ বাবেও সজাগ হোৱা উচিত। আবৃত্তি কৰোতে মাইক্ৰ’ফোন ব্যৱহাৰৰ নিয়ম আদি মানি চলিব লাগে। উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰাৰ লগতে মুখৰ পৰা মাইক্ৰ’ফোনৰ দূৰত্ব আদিৰ প্ৰতিও লক্ষ্য ৰখা উচিত।

শুদ্ধ উচ্চাৰণ,স্বৰৰ মাধুৰ্য আদি ৰক্ষা কৰিব নোৱাৰিলে সি কেতিয়াও কলাসন্মত আবৃত্তি হ’ব নোৱাৰে। সেইবাবে আবৃত্তি কলাৰ প্ৰতি আগ্ৰহী সকলে আবৃত্তিৰ বিষয়ে অধ্যয়ন, অনুশীলন আদি কৰা উচিত। আবৃত্তিৰ কৰ্মশালা সমূহত যোগদান কৰিও বহু কথা শিকিব পাৰি। বিশেষকৈ আমি আমাৰ উঠি অহা চামক এই ক্ষেত্ৰত উৎসাহ যোগোৱাৰ লগতে তেওঁলোকৰ বাবে সঘনাই কৰ্মশালা আদিৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। আবৃত্তিৰ উপস্থাপন,কলাৰ বিকাশ আৰু বিভিন্ন কলা-কৌশল এই কৰ্মশালা সমূহত শিকোৱা হয়।

আবৃত্তি এবিধ কলা। আবৃত্তিৰ ব্যাকৰণ, নিয়ম-নীতি আদি বন্ধা থাকিলেও এই সকলোবোৰ প্ৰধানতঃ আবৃত্তিকাৰৰ আবেগ, অনুভূতি, অন্তঃদৃষ্টি হৃদয়ঙ্গম কৰাৰ ক্ষমতা, প্ৰক্ষেপণ কৌশল আদিৰ ওপৰত নিৰ্ভৰশীল। কলা হিচাপে আবৃত্তিৰ প্ৰাচীন উপকৰণ সমূহ গ্ৰহণ কৰাৰ উপৰিও আধুনিক যুগৰ নাটক, চিত্ৰ, সঙ্গীত আদিৰ বিভিন্ন উপকৰণ গ্ৰহণ কৰি তাৰ মাজেৰে আবৃত্তি শিল্পক মানুহৰ জীৱন যাত্ৰাৰ ওচৰ চপাই নিব পাৰি। আমি সকলোৱে মনত ৰখা উচিত যে আবৃত্তি এক সহজ সৰল অথচ শক্তিশালী গণসংযোগ মাধ্যম।

লেখিকা: নিবেদিতা হাজৰিকা।

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top