অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংবিধানৰ শাসন ব্যৱস্থা

সংবিধান

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান গৃহীত আৰু কাৰ্যকৰী হয়। ইয়াৰ আগতে ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ গণ পৰিষদ (Constituent Assembly) গঠিথয়। ১৯৪৭ চনৰ ১৫ আগষতত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতৰ গণ পৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান খনৰ চূড়ান্ত ৰুপ দিয়া হায় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়। সেই দিনাৰ পৰাই ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক গতণৰাজ্য (Sovereign Democratic Republic) ৰুপে ঘোষণা কৰা হৈছে। ভাৰতৰ সংবিধান খন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ সংবিধান। বৰ্তমান ইয়াত মুঠ ৩৯৫ টা অনুবন্ধ, ১২ টা অনুসূচী আৰু ২২ টা অধ্যায় আছে।

সংবিধানৰ প্ৰস্তাৱনা

ভাৰতৰ সংবিধান খনৰ প্ৰস্তাৱনাতেই ভাৰতৰ সংবিধানৰ লক্ষ্য, উদ্দেশ্য, ৰাষ্ট্ৰীয় সমতাৰ উৎস আদি বিষয়ৰ উল্লেখ আছে। ভাৰতীয়ৰ জনগণৰ নামত লিপিবদ্ধ আৰু উৎসৰ্গিত এই সংবিধান খনৰ প্ৰস্তাৱনাত কোৱা হৈছে : “আমি ভাৰতৰ জনগণে সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰুপে ভাৰতক গঢ়ি তুলিবলৈ আৰু ইয়াৰ সকলো নাগৰিকে যাতে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় বিচাৰ পায় : চিন্তাৰ মত প্ৰকাশৰ, বিশ্বাসৰ, ধৰ্মৰ আৰু উপাসনাৰ স্বাধীনতা লাভ কৰে : সমমৰ্যাদা আৰু ব্যক্তিৰ সুযোগ-সুবিধাৰ অধিকাৰ লাভ কৰে আৰু ব্যক্তিৰ্ত মৰ্যাদা আৰু ৰাষ্ট্ৰৰ সংহতি তথা ঐক্য সুনিশ্চিত কৰিবৰ কাৰণে সকলোৰে মাজত যাতে ভ্ৰাতৃত্ববোধ বাঢ়ে আৰু বাবে নিষ্ঠা সহকাৰে সংকল্প গ্ৰহণ কৰি আমাৰ সংবিধান সভাত আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ইয়াৰ দ্বাৰা এই সংবিধান গ্ৰহণ কৰিছো, বিধিবদ্ধ কৰিছো আৰু নিজকে অৰ্পণ কৰিছোঁ।“

সংবিধানৰ বৈচিষ্ট্য

বিশ্বৰ ভিতৰত বৃহত্তম লিখিত সংবিধান ভাৰতৰ সংবিধানখনৰ ৰচয়িতা সকলে বিভিন্ন দেশৰ সগ্বিধানৰ আৰ্হিত ভাৰতৰ সংবিধান ৰচনা কৰিছিল। সংবিধান খনৰ কেইবাটাও উল্লেখযোগ্য বৈশিষ্ট্য আছে।

ভাৰতৰ সংবিধানৰ বৈশিষ্ট্য হিচাপে মৌলিক অধিকাৰ বিশেষ স্থান দিয়া হয়। সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, সাংবিধানিক প্ৰতিবিধানৰ অধিকাৰ হ’ল মৌলিক অধিকাৰ। আগতে মৌলিক অদিকাৰৰ ভিতৰত সম্পত্তিৰ অধিকাৰো আছিল শদিও সংবিধানৰ ৪৪ ত্ম সংশোধনৰ জৰিয়তে ইয়াক বাদ দিয়া হয়। বৰ্তমান সম্পত্তিৰ অধিকাৰ বিধিসন্মত অধিকাৰ (statutory right)।

সংবিধানৰ প্ৰস্তাৱনাত যি আদৰ্শৰ উল্লেখ আছে, তাৰেই সম্প্ৰসাৰিত ৰুপ নিৰ্দেশাত্মক নীতি ভাৰতৰ সংবিধানৰ এক গুৰুত্বপূৰ্ণ অংচ। এই নীতি সমূহ আদালতৰ দ্বাৰা প্ৰয়োগযোগ্য নহ’লেও ৰাষ্ট্ৰৰ প্ৰশাসন পৰিচালনাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

ভাৰতৰ সংবিধানে নমনীয় আৰু অনমনীয়তাৰ মাজত সমন্বয় সাধন কৰিছে। সংবিধান খনৰ সকলো অংশ সংশোধনৰ বাবে একে পদ্ধতি অনুসৰণ কৰা নহয়। সংবিধান সংশোধন কৰিবৰ বাবে সংসদৰ যিকোনো সদনত বিল উত্থাপন কৰা হয়।

ভাৰতৰ সংবিধান খন এখন লিখিত সংবিধান। অৱশ্যে ইয়াত সাংবিধানিক ৰীতি-নীতিৰ প্ৰভাৱ সুস্পষ্ট। ৰাজ্যৰ ৰাজ্যপালৰ ক্ষমতা প্ৰয়োগৰ পদ্ধতি মূলতঃ শাসনতান্ত্ৰিক ৰীতি-নীতিৰ দ্বাৰা নিয়ন্ত্ৰিত।

ভাৰতৰ সংবিধানৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল জৰুৰী অৱস্থা সংক্ৰান্ত ঘোষণাৰ সংযোজন। জৰুৰী অৱস্থা সম্পৰ্কিত ঘোষণাক তিনি ভাগত ভাগ কৰা হয়: যুদ্ধ, বহিঃ আক্ৰমণ আৰু সশস্ত্ৰ্বিদ্ৰোহ জনিত জৰুৰী অৱস্থা, ৰাজ্যৰ সাংবিধানিক অচলাৱস্থা আৰু আৰ্থিক জৰুৰী অৱস্থা। বিভিন্ন সময়ত, বিভিন্ন অৱস্থাৰ পৰিপেক্ষিতত, বিভিন্ন প্ৰসংগত ভাৰতৰ সংবিধান খনৰ বিভিন্ন অনুচ্ছেদ বা বিভিন্ন অংশ সমূহ সাল-সলনি বা সংশোধন কৰা হৈছে। ভাৰতীয় সংবিধানৰ এই সংশোধনী সম্পন্ন কৰাৰ বাবে কিছুমান বিশেষ বিধি অনুসৰণ কৰা হয় যদিও সমস্ত অংশকে একেই পদ্ধতিতে বা একেবাৰে নীতি-নিয়মৰ আধাৰত সংশোধন বাপ্পৰিৱৰ্তন কৰা নহয়। সূচী বা অনুসূচী সমূহৰ গুৰুত্ব অনুযায়ী বিভিন্ন অংশৰ সংযোধন বিভিন্ন পদ্ধতিৰে কৰা হয়। ২০০৪ চনলৈকে ভাৰতৰ সংবিধান খন ৯২ বাৰ সংশোধন কৰা হৈছে।

শাসন ব্যৱস্থা

ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলিত। ইয়াত ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে পৰোক্ষভাৱে ৰাইজৰ হৈ শাসনকাৰ্য পৰিচালনা কৰে। শাসনৰ সুবিধাৰ্থে আমাৰ দেশ খনক ৰাজ্য আৰু প্ৰদেশত ভাগ কৰি সমগ্ৰ দেশৰে শাসন ক্ষমতা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য সমূহত থকা ৰাজ্য চৰকাৰৰ মাজত ভাগ কৰি দিয়া হৈছে। ৰাষ্ট্ৰপতি হ’ল এই শাসন ব্যৱস্থাৰ মুৰব্বী।

ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি হ’ল ৰাষ্ট্ৰৰ প্ৰধান, জাতিৰ নেতা। ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য ৰাষ্ট্ৰপতিৰ দ্বাৰা পৰিচালিত হয়। শাসন পৰিচালনাত ৰাষ্ট্ৰপতিক প্ৰধান মন্ত্ৰীৰ নেতৃত্বত গঠিত এখন মন্ত্ৰী পৰিষদে সহায় কৰে। ৰাষ্ট্ৰপতি দেশৰ নিয়মতান্ত্ৰিক শাসক মাত্ৰ। ৰাষ্ট্ৰপতিৰ নামত মন্ত্ৰী পৰিষদে শাসন কাৰ্য চলায়। একক হস্তান্তৰযোগ্য ভোটৰ দ্বাৰা সমানুপাতিক প্ৰতিনিধিত্বৰ ভিত্তিত ৰাষ্ট্ৰপতিক জনসাধাৰণৰ পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰ।

ভাৰতৰ শাসন ব্যৱস্থাৰ সকলো ক্ষমতাই ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত যদিও কোনো ক্ষত্ৰতে মন্ত্ৰীসভাৰ পৰামৰ্শ অবিহনে তেওঁ কোনো কাম কৰিব নোৱাৰে। ভাৰতৰ ৰাষ্ট্ৰপতি

(ক) জল, স্থল আৰু বিমান বাহিনীৰ প্ৰধান; ৰাষ্ট্ৰপতিয়ে

(খ) কেন্দ্ৰৰ প্ৰধান মন্ত্ৰী, আৰু অন্যান্য মন্ত্ৰী, ৰাজ্যপাল, ৰাষ্ট্ৰদূত, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিকে ধৰি বিভিন্ন উচ্চপদস্থ বিষয়া সকলক নিযুক্তি দিব আৰু পদচ্যুত কৰিব পাৰে; ৰাষ্ট্ৰপতিয়ে

(গ) সংসদৰ অধিবেশন আহ্বান, স্থগিত বা লোকসভা ভংগ কৰিব পাৰে; ৰাষ্ট্ৰপতিয়ে

(ঘ) কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মাৰ্জনা বা হ্ৰাস কৰিব পাৰে;

(ঙ) বহিঃশত্ৰুৰ আক্ৰমণ বা আভ্যন্তৰীণ সংকটৰ সময়ত ৰাষ্ট্ৰপতিয়ে দেশৰ কোনো এটা এলেকাত বা সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে।

সংবিধান অৱমাননাৰ অপৰাধত লোকসভাৰ দুই-তৃতীয়াংশ ভোটত ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰি।

উপ-ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতিৰ অবৰ্তমানত, অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে বা মৃত্যু হ’লে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ কাৰ্য পৰিচালনা কৰে। ইয়াৰ উপৰি উপ-ৰাষ্ট্ৰপতি ৰাজ্য সভাৰ অধ্যক্ষ। উপ-ৰাষ্ট্ৰপতিৰো কাৰ্যকাল পাঁচ বছৰ।

মন্ত্ৰী পৰিষদ

ৰাষ্ট্ৰপতিক শাসন কাৰ্যতসহায় কৰিবৰ বাবে আৰু পৰামৰ্শ দিবৰ বাবে এখন মন্ত্ৰী পৰিষদ থাকে। লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পাছত সংখ্যাগৰিষ্ঠ (বৃহত্তম) দলৰ নেতা জনক ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদ গঠন কৰিবলৈ আহ্বান জনায়। দলৰ নেতা গৰাকী প্ৰধান মন্ত্ৰী হয়। প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ ক্ৰমে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ আন সদস্য সকলক নিযুক্তি দিয়ে। মন্ত্ৰী পৰিষদত তিনি শ্ৰেণীৰ মন্ত্ৰী থাকে:

(ক) কেবিনেট মন্ত্ৰী,

(খ) ৰাজ্যিক মন্ত্ৰী,

(গ) উপ-মন্ত্ৰী। মন্ত্ৰী পৰিষদেই হ’ল দেশৰ প্ৰধান শাসক।

প্ৰধান মন্ত্ৰী

সংসদৰ সংখ্যা গৰিষ্ঠ দলৰ নেতা জনকে ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধান মন্ত্ৰী ৰুপে নিযুক্ত কৰে। প্ৰধান মন্ত্ৰী হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত শাসক। তেওঁ মন্ত্ৰী পৰিষদে, লোকসভা আৰু শাসনাধিষ্ঠ দলৰো নেতা। প্ৰধান মন্ত্ৰীৰ পদত্যাগে মন্ত্ৰী পৰিষদৰো পতন ঘটায়।

কেন্দ্ৰীয় সংসদ

ভাৰতৰ কেন্দ্ৰীয় সংসদ দ্বিকক্ষীয় বা দুটা সদন লৈ গঠিত। উচ্চ সদনক ৰাজ্যসভা আৰু নিম্ন সদনক লোকসভা বোলে। দুয়োটা সদন পৃথকভাৱে মিলিত হয় আৰু গঠন প্ৰণালীৰ ক্ষেত্ৰতো সুকীয়া নীতি প্ৰয়োগ কৰা হয়।

ৰাজ্যসভা

ৰাজ্যসভা হ’ল ভাৰতীয় সংসদৰ স্থায়ী সদন। ইয়াৰ সৰ্বোচ্চ সদস্য সংখ্যা ২৫০ হ’ব পাৰে। ইয়াৰ ২৩৮ জন প্ৰতিনিধিক বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ বিধান সভাৰ সদস্য সকলে আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতিত নিৰ্বাচিত কৰে। বাকী ১২ জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। সাধাৰণতে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক মনোনীত সদস্য কৰা হয়। প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে ৰাজ্যসভাৰ এক-তৃতীয়াংশ সদস্যই অৱসৰ গ্ৰহণ কৰে। বৰ্তমান ৰাজ্য সভাৰ সদস্য সংখ্যা ২৪৫। ইয়াৰে ২৩৩ জন নিৰ্বাচিত আৰু ১২ জন মনোনীত।

লোকসভা

ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা জনগণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত সদস্য সকলেৰে ভাৰতৰ লোকসভা গঠিত। কোনখন ৰাজ্যৰ পৰা কিমান জন প্ৰতিনিধি নিৰ্বাচিত হ’ব সেয়া সেইখন ৰাজ্যৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। বৰ্তমান লোকসভাৰ সদস্য সংখ্যা ৫৪৫। ইয়াৰে ৫৪৩ জন নিৰ্বাচিত আৰু ২ জন মনোনীত। লোকসভাৰ কাৰ্যকাল পাঁচ বছৰ যদিও কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতেই ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰি দিব পাৰে। সংবিধান অনুসৰি লোকসভাৰ সৰ্বোচ্চ সদস্য ৫৫২  হ’ব পাৰে।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ অধিবেশনত সভাপতিত্ব কৰে। আনহাতে লোকসভাৰ সদস্য সকলে নিজৰ মাজৰ পৰাই এজন অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচিত কৰে। অধ্যক্ষই লোকসভাৰ অধিবেশনত সভাপতিত্ব কৰে।

ৰাজ্য চৰকাৰ

ভাৰতত ২৮ খন ৰাজ্য আছে। ভাৰতৰ সংবিধান ৰাজ্য সমূহৰ বাবেও সংসদীয় শাসন ব্যৱস্থাৰ প্ৰচলন কৰিছে। জম্মু আৰু কাশ্মীৰৰ বাদে আন কোনো ৰাজ্যৰে নিজা সংবিধান নাই; দেশীয় সংবিধান মতেই ৰাজ্যসভাৰ শাসন কাৰ্য পৰিচালিত হয়। আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ বেলিকা কেন্দ্ৰই নিজেই শাসন কাৰ্য পৰিচালনা কৰে।

ভাৰতীয় সংবিধান অনুসৰি প্ৰত্যেক ৰাজ্যতে এক সদনীয় বা দ্বিসদনীয় বিধান মণ্ডলৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰে বিধান সভা খন প্ৰত্যেক ৰাজ্যতে থকাটো বাধ্যতা মূলক। কিন্ত দ্বিসদন অৰ্থাৎ বিধান পৰিষদ থকাটো বাধ্যতা মূলক নহয়। ভাৰতৰ মাত্ৰ ৬ খন ৰাজ্যতহে বিধান পৰিষদ আছে। বিধান পৰিষদৰ সদস্য সকলক পৰোক্ষ ভাৱে নিৰ্বাচন কৰা হয়। তেওঁলোকৰ কাৰ্যকাল সৰ্বাধিক ৬ বছৰ। আনহাতে বিধান সভাৰ্সদস্য সকলক জনসাধাৰণে প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচন কৰে। বিধান সভাৰ সদস্যৰ কাৰ্যকাল ৫ বছৰ।

উচ্চতম ন্যায়ালয়

ভাৰতৰ বিচাৰ ব্যৱস্থাৰ শীৰ্ষ স্থানত উচ্চতম ন্যায়ালয় অৱস্থিত। এজন মুখ্য ন্যায়াধীশ আৰু ২৫ জন অন্যান্য ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত। উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশকে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ভাৰত চৰকাৰৰ সৈতে কোনো এক বা একাধিক ৰাজ্যৰ বিবাদ হ’লে অথবা বিভিন্ন ৰাজ্যিক চৰকাৰৰ মাজত পাৰস্পৰিক মতবিৰোধ বা বিবাদ হ’লে উচ্চতম্ন্যায়ালতে ইয়াৰ ক্ষমতা প্ৰয়োগ কৰি বিবাদ নিষ্পত্তি কৰিব পাৰে।সেইদৰে উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধেও উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰে। ভাৰতৰ উচ্চতম ন্যায়ালয় নতুন দিল্লীত অৱস্থিত।

উচ্চ ন্যায়ালয়

উচ্চ ন্যায়ালয় হ’ল ৰাজ্যৰ সৰ্বোচ্চ ন্যায়ালয়। কোনো কোনো ক্ষেত্ৰত একোখন উচ্চ ন্যায়ালয়ে কেইবাখনো ৰাজ্য সামৰি লয়। এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশেৰে উচ্চ ন্যায়ালয় গঠিত হয়। উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে কৰা গোচৰৰ আপীল কৰিব পাৰে। ৰাজহ সংক্ৰান্ত বিষয়ত উচ্চ ন্যায়ালয় সমূহক মৌলিক অধিকাৰ দিয়া হৈছে।

ভাৰতৰ উচ্চ ন্যায়ালয়সমূহ

নাম

স্থাপনৰ বছৰ

সামৰি লোৱা ৰাজ্য

ক’ত অৱস্থিত

এলাহাবাদ উচ্চ ন্যায়ালয়

১৮৬৬

উত্তৰ প্ৰদেশ

এলাহাবাদ

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়

১৯৫৪

অন্ধ্ৰ প্ৰদেশ

হায়দৰাবাদ

বোম্বাই উচ্চ ন্যায়ালয়

১৮৬২

মহাৰাষ্ট্ৰ, গোৱা, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু ডিউ

মুম্বাই

কলিকতা উচ্চ ন্যায়ালয়

১৮৬২

পশ্চিমবংগ

কলকাতা

দিল্লী উচ্চ ন্যায়ালয়

১৯৬৬

দিল্লী

দিল্লী

গুৱাহাটী উচ্চ ন্যায়ালয়

১৯৪৮

অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড

গুৱাহাটী

গুজৰাট উচ্চ নায়ালয়

১৯৫০

গুজৰাট

আহমেদাবাদ

হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়

১৯৭১

হিমাচল প্ৰদেশ

ছিমলা

জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়

১৯২৮

জম্মু-কাশ্মীৰ

শ্ৰীনগৰ, জম্মু

কৰ্ণটক উচ্চ ন্যায়ালয়

১৮৮৪

কৰ্ণাটক

বাংগালুৰ

কেৰালা উচ্চ ন্যায়ালয়

১৯৫৮

কেৰালা, লাক্ষাদ্বীপ

আৰনাকুলম

মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়

১৯৫৬

মধ্য প্ৰদেশ

জব্বলপুৰ

মাদ্ৰাজ উচ্চ ন্যায়ালয়

১৮৬২

তামিলনাডু, পণ্ডিচেৰী

চেন্নাই

উৰিষ্যা উচ্চ ন্যায়ালয়

১৯৪৮

উৰিষ্যা

কটক

পাটনা উচ্চ ন্যায়ালয়

১৯১৬

বিহাৰ

পাটনা

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

১৯৭৫

পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়

চণ্ডীগড়

ৰাজস্থান উচ্চ ন্যায়ালয়

১৯৪৮

ৰাজস্থান

যোধপুৰ

ছিকিম উচ্চ ন্যায়ালয়

১৯৭৫

ছিকিম

গেংটক

উত্তৰাঞ্চল উচ্চ ন্যায়ালয়

২০০০

উত্তৰাখণ্ড

নাইনিতাল

ছত্তিছগড় উচ্চ ন্যায়ালয়

২০০০

ছত্তিছগড়

বিলাসপুৰ

ঝাৰখণ্ড উচ্চ ন্যায়ালয়

২০০০

ঝাৰখণ্ড

ৰাঁচী

 

১. আৰম্ভণিতে নাম আছিল অসম উচ্চ ন্যায়ালয়, ১৯৭১ চনৰ পৰা নতুন নাম হয় গুৱাহাটী উচ্চ ন্যায়ালয়।

২. আৰম্ভণিতে নাম আছিল মহীশূৰ উচ্চ ন্যায়ালয়, ১৯৭৩ চনৰ পৰা নতুন নাম হয় কৰ্ণাটক উচ্চ ন্যায়ালয়।

৩. আৰম্ভণিতে নাম আছিল পঞ্জাৱ উচ্চ ন্যায়ালয়, ১৯৬৬ চনৰ পৰা নতুন নাম হয় পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়।

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 7/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate